মে’ দিৱসৰ ১ মিনিটীয়া চিন্তা
সমগ্ৰ বিশ্বৰ শ্ৰমিকসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত এটা বছৰত মাত্ৰ ১টা দিন উৎসৰ্গা কৰা হয়, বিশ্বাস কৰিবলৈ মন নগলেও মানুহৰ পৃথিৱীত আজিকোপতি সেয়াই সত্য। সেই দিনটোৱেই হ’ল গ্ৰেগৰিয়ান কেলেণ্ডাৰত থকা আজিৰ তাৰিখটো।
কিন্তু আমি কেইজনে শ্ৰমিকৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা অন্তঃকৰণেৰে বুজিবলৈ চেষ্টা কৰিছোঁ!
শ্ৰমিকসকলৰ ন্যায্য প্ৰাপ্তিৰ বাবে বিভিন্ন সময়ত হোৱা আন্দোলন-ধৰ্ণাবোৰলৈ আমাৰ আকুন্ঠ সঁহাৰি জানো সঁচাই আছে!!
অন্য ঠাইলৈ নগৈ আমি অসম মুলুকতে যদি সাধাৰণভাৱে চকু দিওঁ তেন্তে দেখা পাওঁ যে, সাধাৰণ দোকান এখনৰপৰা কিনি অনা যিকোনো এপদ বস্তু কিম্বা হোটেল-ৰেষ্টুৰেন্টত খোৱা খাদ্যৰ দামটো আমি কোনো ওজৰ-আপত্তি নোহোৱাকৈ সঠিকভাৱেই দিওঁ। কিন্তু দিনটো আপোনাৰ-মোৰ ঘৰত কাম কৰা শ্ৰমিক এজনৰ লগত আমি প্ৰায়ে মাহটোৰ বা দিনটোৰ বাবে দিবলগীয়া প্ৰাপ্যখিনিৰ বাবে দৰ-দাম নকৰাকৈ কেইজনে থাকোঁ!!আনহাতে ভাৰতবৰ্ষৰ যিকোনো এখন ৰাজ্যৰ সুদৃশ্য শ্বপিং মল কিম্বা অভিজাত দোকানৰপৰা কিনা পণ্য এবিধৰ মূল্য যি লিখা থাকে নতুবা বিক্ৰেতাজনে কোৱা মূল্যটোকে আমি দিবলৈ বাধ্য হওঁ। তেনেক্ষেত্ৰত সাধাৰণতেই আমাৰ কোনো ওজৰ-আপত্তি নাথাকে নাইবা আমাৰ আত্মসন্মাবোধৰ বাবেই দৰ-দাম কৰিবলৈ আমি অপাৰগতা প্ৰকাশ কৰোঁ। কিন্তু সেই একেজন মানুহে যেতিয়া দৈনিক বজাৰ এখনলৈ যায় তেতিয়া পাচলিৰ দোকানীজন নতুনা মাছ-মাংসৰ বজাৰ মাছ-মাংস বিক্ৰেতা এজনৰ লগত দৰ-দাম কৰাত অলপো ইতস্ততঃবোধ নকৰে।
এইখনেই আমাৰ দেশ আৰু ৰাজ্যসমূহত শ্ৰমৰ মূল্য বুজা আৰু শ্ৰমৰ মূ্ল্য দিব জনাৰ সাম্প্ৰতিক সময়ৰ বাস্তৱ ছবি। আৰু সেইখন দেশতে গতানুগতিকতাৰে আগৰ বছৰৰ দৰেই এই বছৰো আজিৰ দিনটো পালন কৰা হ’ল চৰকাৰী বন্ধৰ দিন।
(১ মে' ২০২৩)
*******
