সাম্প্ৰতিক সময়ত আমি নিজৰ মন-মগজুক কষ্ট নিদিয়াকৈয়ে সকলো
মানি লৈছো যে, আমি বসবাস কৰিছো পৃথিৱী নামৰ গ্ৰহটোত
বিৰাজ কৰা বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ এক জয় জয় ময় ময় অৱস্থাত। এই গ্ৰহটোৰ
তুলনামূলকভাবে নতুন বাসিন্দা মানুহ নামৰ দুঠেঙীয়া প্ৰাণী বিধৰ অনুসন্ধিৎসু মন আৰু
মগজুৰ অবিৰত বিকাশৰ আৰু ইয়াৰ ফলশ্ৰুতিত চলা নিৰন্তৰ প্ৰচেষ্টাৰ পৰিণতিত চিকাৰী আদিম মানৱৰ পৰা মানৱ সভ্যতা নামৰ নিজে এক
যুগান্তকাৰী পৰিঘটনা আখ্যা দিয়া সময়ৰ সাক্ষী হৈ মানুহ হিচাপে আমি নিজকে নিজে যেন ভ্ৰূকুটি কৰিব লাগিছো
সৰ্বদা।
নিৰন্তৰ
গতিময়তাৰে সময় সলনি হৈছে। লগে লগে আমিও নিজকে সলনি কৰা বুলি বক্তৃতাৰ ফুলজাৰি মাৰিছোঁ, এখন নতুন পৃথিৱীৰ
সপোন ৰচিছোঁ নিজকে নিজে আভুৱা ভৰাৰ মাজেৰে। আমি জীৱনৰ বহু সময়ত ধৰি লোৱাৰ দৰে ধৰি ললোঁ যে মোৰ বক্তৃতা শুনি অন্য
এজনো যদি মোৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে তাতেই যেন মোৰ সফলতা, মোৰ জীৱনৰ সাৰ্থকতা!! এনে
এক পৰিৱেশৰ সন্মুখীন আপুনিও যে হৈছে সেয়া নিশ্চিত। আনকি জীৱন পৰিক্ৰমাত এঢাপ এঢাপকৈ ওপৰলৈ গৈয়ে যে আমাৰ মাজৰে বহুজনে গোটেই বিশ্বখনকে নিজৰ হাতৰ মুঠিত ৰখাৰ পৰিকল্পনাত মচগুল হৈ পৰে। পৰিণতিত এনে বহুজনে নিজৰ প্ৰজাতিৰে লাখ লাখ জীৱৰ জীৱন নিমিষতে কাঢ়ি লৈছে কেৱল নিজৰ স্বাৰ্থ আৰু সীমিত অভিলাষ পূৰণৰ অজুহাততে। নিজৰ অস্তিত্বৰ সংকটত ভুগা তথাকথিত ৰাষ্ট্ৰ-নায়কসকলেও বহু সময়ত নিজকে আন দহজন সম
পৰ্যায়ৰ লোকতকৈ শ্ৰেষ্ঠ বুলি জাহিৰ কৰাৰ চেষ্টাত, এসময়ত খাদ্য আৰু বাসস্থানৰ বাবে আদিম মানৱে দৈনন্দিন জীৱনত কৰা যুঁজ-বাগৰৰ
অনুৰূপে লাখ লাখ নিৰীহ মানুহৰ প্ৰাণ কাঢ়ি নিয়া বিধ্বংসী যুঁজত অৱতীৰ্ণ হৈছে। এয়াই আমাৰ তথাকথিত মানৱ সভ্যতাৰ উন্নতিৰ চৰম শিখৰ নহয় জানো!!
আদিম মানৱৰ
কিছু আচাৰ-আচৰণ যে আজিও আমি নিজৰপৰা নিলগাই চাবলৈ শিকা নাই, সেই কথা একেষাৰতে নুই কৰিব নোৱাৰি। যিমানেই
সভ্যতাৰ জখলাত আমি ওপৰলৈ বগাইছোঁ বুলি নিজকে নিজে প্ৰবোধ নিদিওঁ কিয় সিমানেই পুৰণি সময়বোৰক যেন নকৈ আকোঁৱালি লৈছো।
আদিম বন্য
উন্মাদনা আৰু মানসিকতাৰ পৰিৱৰ্তন ঘটা বুলি
গৱেষণাৰ জৰিয়তে
প্ৰমাণ কৰিলেওঁ জানো সচাঁই আমি নিজৰ মনক নিজে পতিয়ন জন্মাব পাৰিছোঁ। নহ'লেনো সমাজ জীৱনৰ
প্ৰতিটো খোজতে এজনে আনজনক পিছ পেলাই আগবাঢ়ি যোৱাৰ প্ৰতিযোগিতাখনত সদায় নিৰ্দিষ্ট কেইজনমান ব্যক্তিৰে প্ৰতিপত্তি কিয়
দিনক দিনে বাঢ়ি আহিছে! নতুনৰ উপস্থিতি ঠিক আদিম মানৱৰ দৰে শাৰীৰিক শক্তি প্ৰদৰ্শনৰ অনুৰূপে নহলেও চলে-বলে কৌশলে অৰ্থাৎ “জোৰ যাৰ মুলুক তাৰ” নীতিৰে কিয় বন্ধ কৰা হয় আজিও!!
কিয় আজিও
মানুহৰ আদিম বাসনা হঠাতে সজীৱ হৈ উঠে যেতিয়াই সুবিধাজনক পৰিৱেশ এটা উপস্থিত হয়!
উদাহৰণৰ বাবে দূৰলৈ যোৱাৰ প্ৰয়োজন নাই, আমি কোনোবা এঠাইত এজন মানুহক এটা ভীৰ একগোট হৈ প্ৰহাৰ কৰি থকা যেতিয়া দেখো
তেতিয়া কিয় আমাৰ মাজৰে গৰিষ্ঠসংখ্যকে এনে অৱস্থাত পৰা মানুহজনৰ প্ৰকৃত অৱস্থাৰ বুজ
লৈ তেখেতক সহায়ৰ হাত আগবঢ়োৱাৰ সলনি সুবিধা বুজি হঠাতে এনে ভীৰৰ মাজৰে এজন হৈ পৰোঁ!! আমাৰ ডিএনএত বৰ্তি থকা আদিম বন্য
মানসিকতাৰে প্ৰতিফলন নহয় জানো এয়া!
আমি যিমানে
আধুনিক শিক্ষাৰে শিক্ষিত আৰু আধুনিক নহওঁ কিয় আমাৰ মাজত থকা আদিম বন্য চৰিত্ৰই
সুবিধা পালে বহিঃপ্ৰকাশৰ বাবে যেন বাট বিচাৰি ফুৰে। যিসকলে জীৱন পৰিক্ৰমাত নিজকে অধিক সংযত আৰু
শৃংখলাবদ্ধ কৰিবলৈ সক্ষম হয় তেওঁলোকৰ ক্ষেত্ৰতহে এনে বন্য মানসিকতাই কিছু দূৰত
অৱস্থান কৰে।
ইয়াৰোপৰিও
কিয় সময়ৰ বিভিন্ন মুহূৰ্তত মোৰ তথা আপোনাৰ চৌপাশে বেলেগ বেলেগ স্থানত লগ পোৱা
অসহায় আৰু বিপদত পৰা ব্যক্তি এজনক আমি সহায় কৰিবলৈ আগবাঢ়ি নাযাওঁ!! তেওঁ আমাৰ মানৱ সমাজৰ এজন
প্ৰতিনিধি হোৱা সত্ত্বেও আমি কিয় তেখেতক বিপদৰ সময়ত সহায়ৰ হাতখন আগবঢ়াই দিবলৈ গৈও
কোঁচাই আনিবলগীয়া হয়!! এনেবোৰৰ পৰিস্থিতিত যাতে
কোনেও কাকো সহায়ৰ হাত আগবঢ়োৱাৰ সলনি আইনে নিজক কাম কৰিব বুলি কবলৈকে আমি আইন-কানুনৰ নানান বিধিবোৰ দেশ ভেদে বেলেগ বেলেগ ধৰণেৰে প্ৰস্তুত কৰি লৈছো
নে কি!!