Showing posts with label #Treding_Fraud #Police_Encounter. Show all posts
Showing posts with label #Treding_Fraud #Police_Encounter. Show all posts

Monday, 30 September 2024

অসমৰ ট্ৰেডিং জালিয়াতি আৰু আৰক্ষীৰ এনকাউন্টাৰ

 

অসমৰ ট্ৰেডিং জালিয়াতি আৰু আৰক্ষীৰ এনকাউন্টাৰৰ মান্যতা

 

(ক)

সাম্প্ৰতিক অসমৰ সৰ্বত্ৰতে চৰ্চিত বিভিন্ন বিষয়ৰ ভিতৰত অন্যতম প্ৰধান বিষয়টোৱেই হৈছে ট্ৰেডিং জালিয়াতি। অতি কম সময়তে নিজকে ধনী কৰাৰ মানসিকতাৰ পৰিণতিতে অসমৰ চুকে-কোণে অতি সাম্প্ৰতি গা কৰি উঠিছে ন ন ট্ৰেডিং জালিয়াতিৰ কাহিনী। পাৰিলে ৰাতিটোৰ ভিতৰতে দেশৰ নাম থকা সম্পত্তিশালী ব্যক্তি হৈ উঠাৰ কল্পনাতে মানুহে কোনো বাচ-বিচাৰ নকৰাকৈ এনে জালিয়াতিৰ ফাণ্ডত ভৰি দিছে। এনেবোৰ ফাণ্ডত ভৰি দিয়াসকলৰ গৰিষ্ঠ সংখ্যকৰে ট্ৰেডিঙৰ বিষয়ে নুন্যতম জ্ঞানো যে নাই সেয়া আপুনি মই কাষে-পাজৰে অলপ অচৰ বিচাৰ কৰিলেই উলাই পৰিব। তেওঁলোকৰ বহুতেই হয়তো ট্ৰেডিঙ খাই নে পিন্ধে সেয়াও নাজানে। তেখেতসকলে মাত্ৰ জানে যে তেওঁলোকে কোনোবা এজনক দিয়া নিজৰ উপাৰ্জনখিনি কম সময়ৰ ভিতৰতে আগতকৈ বেছি হৈ তেওঁলোকৰ হাতত আহি পৰিবহি। লাগিলে সেয়া হেজাৰ বা লাখ, যি পৰিমাণেই নহওক কিয়!

এনেকৈ জালিয়াতিৰে টকা ঘটি থকাসকলে অসমত কেৱল এতিয়াই নহয়, বহু আগৰে পৰা এনেকুৱা অন্য পদ্ধতিৰে হলেও টকা ঘটিয়েই আছে। কিন্তু ৰাজ্য চৰকাৰ বা চৰকাৰৰ প্ৰশাসন যন্ত্ৰই এনেবোৰ কাণ্ডৰ উমান কিয় আগতীয়াকৈ নাপায়!! ৰাজ্য চৰকাৰে জনসাধাৰণৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে বিভিন্ন আঁচনিৰ উদ্ভাৱন কৰাৰ লগতে নতুন নতুন পৰিকল্পনাও যুগুত কৰি উলিয়াই আছে ভিন ভিন সময়ত। কিন্তু এনেবোৰ পৰিকল্পনা আৰু আঁচনি বাস্তৱায়িত কৰিবলৈ যাওঁতে ৰাজ্যখনৰ চৌপাশ ঘটি থকা বিভিন্ন দুষ্কাৰ্যৰ সমান্তৰালভাৱে চলি থকা ট্ৰেডিং কেলংকাৰীৰ বিষয়ে নজনাটো কোনোপধ্যেই বিশ্বাস কৰিব নোৱাৰি। কাৰণ  কোনোবা এজন বা দুজন ব্যক্তিয়ে চৰকাৰ নতুবা মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে দুআষাৰ বাক্য সমাজিক মাধ্যমত মন্তব্য কৰাৰ বাবেই চৰকাৰী ৰঙাঘৰৰ ভাত খাব লগা পৰিস্থিতিৰ সৃষ্টি হোৱা ৰাজ্যখনৰ প্ৰশাসনযন্ত্ৰই ট্ৰেডিং দৰে বিষয়বোৰত চকু নিদিয়া বুলিলেও আমি মানি লমেই বা কিয়!! নহলে এনেকুৱা নহয়তো কথাবোৰ যে ৰাজ্যৰ বৃহৎ ব্যৱসায়ীক গোষ্ঠী, ৰাজনৈতিক নেতা-মন্ত্ৰী বা তেওঁলোকৰ অঙহী-বঙহীৰ বৃহৎ পৰিমাণৰ নামী-বেনামী অৰ্থ এনে নীতি বৰ্হিভূত ট্ৰেডিং ব্যৱসায়বোৰৰ সৈতে জড়িত হৈ থকা বাবেই চৰকাৰৰ ফালৰ পৰা লব লগা ব্যৱস্থাবোৰ লোৱাত হীন-দেৰী কৰি থকা হৈছে নেকি!!

আমি আশাবাদী যে সোনকালেই চৰকাৰ তথা প্ৰশাসনৰ চকু মুকলি হব আৰু ট্ৰেডিং জালিয়াতিৰ দৰে হঠাতে অস্বভাৱিক উপায়েৰে টকা ঘটাৰ নীতি-বৰ্হিভূত কৰ্ম-কাণ্ডৰ সৈতে জড়িত পুঠি-খলিহনাৰ লগতে ৰৌ-বৰালিকে আদি কৰি প্ৰতিজন ব্যক্তিয়েই ন্যায়ালয়ৰ জৰিয়তে উপযুক্ত শাস্তিৰ সন্মুখীন হব। সৰ্বোপৰি এনেবোৰ জালিয়াতিৰ ফান্দত ভৰি দি অসমৰ খাটি খোৱা বহু সাধাৰণ জনতা এইবাৰ যিদৰে সৰ্বস্বান্ত হৈছে, এনেবোৰ পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে ৰাইজক সজাগ কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ জৰিয়তে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰাতোও অতি দৰকাৰী হৈ পৰিছে।

 

(খ)


এসময়ত বাতৰি কাকতত সঘনে পঢ়িবলৈ পোৱা আৰু এতিয়াও মাজে মধ্যে ভাৰতবৰ্ষৰ বিহাৰ, উত্তপ্ৰদেশ, মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত সংঘটিত আৰু এসময়ত হিন্দী চিনেমাবোৰৰ সুলভ দৃশ্য, অপৰাধীক আৰক্ষীয়ে আটক কৰি আৰক্ষী থানা বা জেললৈ আনি থকা অৱস্থাত পলাবলৈ চেষ্টা কৰাৰ সময়ত ধৰিবলৈ যাওতে আৰক্ষীৰ গুলিত অৰ্থাৎ এনকাউন্টাৰত অপৰাধীৰ মৃত্যুৰ ঘটনা অসমত যোৱা কেইটামান বছৰৰ পৰা অতি স্বাভাৱিক হৈ পৰিছে।

আনকি সামাজিক মাধ্যমত এনে খবৰবোৰ পৰিৱেশন কৰাৰ পৰৱৰ্তী সময়ত এনে হত্যা বা এনকাউন্টাৰক স্বীকৃতি দি মন্তব্য কৰাৰ লোকৰ সংখ্যাতো অতি দ্ৰুত গতিত বাঢ়ি অহাতো সকলোৰে দৃষ্টিগোচৰ হৈছে। আনকি এনে হত্যাৰ সৈতে জড়িত আৰক্ষীজনক বা আৰক্ষীৰ লোকসকলক সকলোৱে সামাজিক মাধ্যত প্ৰশংসাৰে উপচায় দিয়াটোও এতিয়া এক স্বাভাৱিক পৰিঘটনা আমাৰ বাবে। তাতোতকৈ উল্লেখযোগ্য বিষয়টো হল এন ঘটনাৰ সৈতে জড়িত আৰক্ষীজনক আইন বৰ্হিভূত ঘটনাৰ বাবে বিভাগীয় তদন্ত কৰাৰ আগতেই বৰ্তমান তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিত পদোন্নতি দিয়াহে পৰিলক্ষিত হয় বহু সময়ত। আমাৰ ৰাজ্যখনৰ চৰকাৰ তথা জনতাৰ এনেবোৰ কৰ্ম-কাণ্ডই প্ৰকৃততে কি সূচায় এবাৰ নিৰপেক্ষভাৱে ভাবি-চিন্তি চাবলৈ কাৰোবাৰ আহৰি আছেনে আজিৰ তাৰিখত!!

নিশ্চয় নাই! কাৰণ আজিৰ এটা ঘটনাৰ সমৰ্থনত মই মন্তব্য প্ৰদান কৰাৰ পৰৱৰ্তী সময়তে আকৌ বহু নতুন ঘটনাই আমাৰ চৌপাশ তোলপাৰ লগালেই নহয়। আৰু লগে লগে মইও সাজু হৈ উঠিলো সেই ঘটনাটোৰ আগ-গুৰি একো নুশুনা-নজনাকৈ সেই বিষয়টোৰ বিশেষজ্ঞ হৈ উঠিবলৈ। কাৰণ সামাজিক মাধ্যমত মোৰ জনপ্ৰিয়তাই এতিয়া মূল কথা আৰু এই জনপ্ৰিয়তা বিচাৰ কৰাৰ মাত্ৰা হল আপোনাৰ মোৰ মতামতত কোনো কিমান লাইক, শ্বেয়াৰ কৰিছে বা ভিউৰ সংখ্যা। সেয়েহে আপোনাৰ বা মোৰ অন্য বন্ধুসকলে কিবা এটা কৈ বেছিক লাইক, শ্বেয়াৰ বা ভিউ কাঢ়ি লোৱাৰ আগতেই মই মোৰ মন্তব্য যেনে তেনে আগবঢ়োৱাতো যে অতি দৰকাৰী! লাগিলে সেই বিষয়টো সম্পৰ্কে মই বিশেষ একো নাজানোৱেই বা কিয়!! এয়াই হল আমাৰ ব্যক্তিগত সচেতনা তথা সামাজিক দায়বদ্ধতাৰ নমুনা। আৰু এনে দায়বদ্ধহীনতা আৰু অসচেতনতাৰ কুপ্ৰভাৱ আমাৰ সমাজৰ বিভিন্ন কৰ্ম-কাণ্ডত স্পষ্টকৈ দৃষ্টিগোচৰ হোৱা পৰিলক্ষিত হৈ উঠিছে।

 

(১৫ ছেপ্টেম্বৰ ২০২৪/সৰভোগ)

*********