পেৰিছ অলিম্পিকৰ ভাৱনা
ফ্ৰান্সৰ ৰাজধানী পেৰিছত যোৱা ২২ জুলাইৰ পৰা ১১ আগষ্ট ২০২৪লৈ অনুষ্ঠিত ২২ দিনীয়া বিশ্ব ক্ৰীড়াৰ অভূতপূৰ্ব সমাৰোহখনৰ কালি ৰাতি আনুষ্ঠানিকভাৱে সমাপ্ত হ'ল। অলিম্পিক ২০২৪ৰ সফল সমাপ্তি ঘটিল। অনাগত ৪ বছৰ অপেক্ষা কৰিব লাগিব আকৌ এখন নতুন ক্ৰীড়াৰ মহাসংগ্ৰাম উপভোগ কৰিবলৈ।
এইবাৰৰ পদক
তালিকাত প্ৰথম স্থান দখলৰ যুঁজখন বিশ্বৰ দুই মহা শক্তিধৰ দেশ আমেৰিকা আৰু চীনৰ
মাজত অলিম্পিকৰ শেষৰ দিনটোলৈকে অব্যাহত থাকিল। মূৰকত মহিলা বাস্কেটবলত ফ্ৰান্সৰ
সৈতে হোৱা তীব্ৰ প্ৰতিদ্বন্দিতাত জয়ী হৈ প্ৰতিযোগিতাৰ শেষৰ সোণৰ পদকটো জয় কৰি
আমেৰিকাই পদক তালিকাৰ প্ৰথম স্থান দখল কৰে। দুয়োখন দেশে ৪০টাকৈ সোণৰ পদক দখল কৰে
যদিও ৰূপৰ পদক বেছিকৈ দখল কৰাত আমেৰিকা প্ৰথম স্থানত থাকে।
প্ৰথম বা দ্বিতীয় স্থানক বাদ দিলেই আপুনি মই বিশ্বৰ মানচিত্ৰত বিচাৰিব লগা হোৱা বহু দেশে এইবাৰৰ অলিম্পিকৰ পদক তালিকাত উচ্চ স্থান লাভ কৰি দেশবাসীক গৌৰৱান্বিত কৰিছে। অলিম্পিক ক্ৰীড়াৰ ইতিহাসত আমাৰ দেশ অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰদৰ্শন ভাল নহয় যদিও এইবাৰৰ অলিম্পিকত আগতকৈ কিছু উন্নত প্ৰদৰ্শনৰ আশা কৰা হৈছিল। এনে এক আশালৈ পেৰিছলৈ যোৱা ভাৰতীয় দলৰ পৰা আমাৰো বহুখিনি প্ৰত্যাশা আছিল। পিছে যোৱাবাৰৰ অলিম্পিকৰ তুলনাতো ভাৰতবৰ্ষই পদক তালিকাত এইবাৰ ২২টা স্থান পিছুৱাইছেহে। অৱশ্যে বহুকেইজন যোগ্য আৰু সম্ভাৱনাময় খেলুৱৈৰ পৰাও আমি শেষ মুহূৰ্তত এইবাৰ পদক লাভ কৰিবলৈ সক্ষম নহলোঁ। কিন্তু ইমানতে সন্তুষ্টি লভি কি সামাজিক মাধ্যম, কি বাতৰি-কাকত, কি দূৰদৰ্শন সকলোতে দেশৰ খেলুৱৈসকলৰ প্ৰশংসাত আমি পঞ্চমুখ হৈ পৰিছোঁ।
কিন্তু এবাৰ
ভাবি চাওকচোন, জনসংখ্যাৰ দিশেৰে বিশ্বৰ প্ৰথম
স্থানত থকা আপোনাৰ-মোৰ আপোন দেশখনৰ ক্ৰীড়াক্ষেত্ৰৰ অৱস্থা বিশ্ব প্ৰেক্ষাপটত আজিও
ইমান পুতৌলগা হৈ আছে কিয় বাৰু!! আনহাতে ৰাজনৈতিক-অৰ্থনৈতিক দিশত বিশ্বৰ ভিতৰতে
দপদপাই থকা বুলি সততে প্ৰচাৰ কৰা ভাৰতবৰ্ষই নিজৰ দেশৰ ক্ৰীড়াৰ ক্ষেত্ৰখনক কিয়
ইমান গুৰুত্বহীন কৰি ৰাখিছে আজিও!! আনবোৰ দিশত দেশখনক আগুৱাই নিয়াৰ প্ৰচেষ্টা
অব্যাহত থকাৰ সমান্তৰালভাৱে ক্ৰীড়াৰ দিশটোকো বিশ্বৰ প্ৰেক্ষাপটত জিলিকাই তোলাৰ
বাবে আন্তৰিক প্ৰচেষ্টা আৰম্ভ হ'ব বুলি আমি
আশাবাদী।
শুনিবলৈ
পাইছো ২০৩৬ চনত ভাৰতবৰ্ষত অলিম্পিক ক্ৰীড়া আয়োজনৰ বাবে গুণা-গঁথা চলিছে। আশা কৰিম
তাৰ আগতে মাজৰ সময়খিনিত দেশৰ ক্ৰীড়াক্ষেত্ৰখনৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন তথা প্ৰসাৰৰ
বাবে লোৱা সময়োচিত পদক্ষেপ পদ্ধতিগতভাৱে কোনো কেৰোণ নলগাকৈ অনতিপলমে আৰম্ভ হ'ব। সপোন এটাই - ইয়াৰ ফলশ্ৰুতিত আমিও সোনকালেই ৰাষ্ট্ৰ
সংগীতৰ সুৰে সুৰে বিশ্বৰ আগত মূৰ দাঙি নিজৰ গৌৰৱ গাঁথা গাই যাব পাৰিম।
(১২ আগষ্ট ২০২৪/সৰভোগ)
****************
