Showing posts with label ভাৰ্চুৱেল চৰিত্ৰ. Show all posts
Showing posts with label ভাৰ্চুৱেল চৰিত্ৰ. Show all posts

Wednesday, 28 December 2022

Death of a Virtual Character আৰু সামাজিক মাধ্যমত অসমীয়াৰ আৱেগ...

 

ভাৰ্চুৱেল পৃথিৱীত ভাৰ্চুৱেল চৰিত্ৰৰ মৃত্যু-শোক

 

মানদিনে চিনাকী আত্মীয়জনৰ মৃত্যুত চকুলো টোকা এটা চিৰাচৰিত চিনাকী দৃশ্য আছিল। নতুবা চিনাকী কোনোবা এজন চুবুৰী, গাওঁ নতুবা পৰিয়াল-পৰিজনৰ দূৰ সম্পৰ্কীয়জনৰ মৃত্যুৰ বতৰাইও মানুহৰ মনক বিষাদৰ ছাঁ পেলাইছিল। কেতিয়াবা প্ৰিয় সাহিত্যিক, খেলুৱৈ, অভিনেতা বা ৰাজনীতিকৰ মৃত্যুৱেও দেশ বা সমগ্ৰ বিশ্বতে দুখৰ পৰিবেশ সৃষ্টি কৰিছিল।

লাহে লাহে সময় সলনি হল – দিনে নিশাই কাকত, টেলিভিছনৰ পৰ্দাত মৃত্যুৰ বাতৰি শুনি-দেখি মানৱ জাতি ইমানেই অভ্যস্ত হৈ পৰিল যে মৃত্যুৰ খবৰে মানুহক উদ্বীগ্ন কৰি তুলিব নোৱাৰা হল বৰ্তমান সময়ত। মৃত্যুতকৈও মানুহৰ জীৱনৰ ব্যস্ততা ইমানেই বাঢ়িছে যে কাৰোবাৰ মৃত্যুত এপলক চকুলো টুকিবলৈও কাৰোৰে সময় নোহোৱা হৈছে। আনকি বিদেশৰ কোনোবা এটা ব্যক্তিগত কোম্পানীত শকত দৰমহাৰ চাকৰি কৰি থকা পুত্ৰ বা ছোৱালীজনীৰো মাক-দেউতাকৰ মৃত্যুৰ সময়ত এখন্তেক লগ দিবলৈও সময় নোহোৱা হল। ফলশ্ৰুতিত মাক-বাপেকৰবোৰ ক্ৰমে অকলশৰীয়া আৰু নিৰুদ্বেগ, নিস্তেজ একো একোটা যন্ত্ৰলৈ পৰ্যবসিত হোৱা আৰম্ভ হৈছে মানুহ নামৰ প্ৰাণী বিধৰ মাজতে। যিয়ে সুবিধা পালেই নিজকে নিজে জীৱশ্ৰেষ্ঠ আখ্যা দিহে শান্তি অনুভৱ কৰে।

কিন্তু সময়বোৰ যে আৰু সলনি হৈ পৰিছে আমাৰ চৌপাশৰ। চুবুৰী নতুবা গাঁৱৰ খুৰা-খুৰীৰ, ৱাৰ্ড কিম্বা হাউচিং ছচাইটিৰ আংকল-আন্টীৰ নামটো জানিবলৈ আজিৰ সময়ত কাৰোৰে হাতত সময় বা আগ্ৰহ এটাও নাই। কিন্তু সেই সময় নথকা মইটোৱে কিন্তু ভাৰ্চুৱেল পৃথিৱীৰ এনে কিছুমান চৰিত্ৰৰ সৈতে একাকাৰ হৈ যাওঁ যে বহু সময়ত ঘৰখনত কথা পুতিবলৈ সময় নোপোৱা মইটোৱে কিন্তু ঠিকেই নিজৰ ব্যক্তিগত সমস্যাৰপৰা আৰম্ভ কৰি ব্যক্তিগত জীৱনৰ বহু গোপন অধ্যায় ভাৰ্ছুৱেল জগতৰ প্ৰিয় চৰিত্ৰৰ আগত বিনা চৰ্তে মুকলি কৰি দিবলৈ অলপো কুন্ঠাবোধ নকৰোঁ। চিনাকী ডাক্তৰ এজনৰ কাষলৈ গৈ সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ সলনি কেতিয়াও নেদেখা এজন অচিনাকী ডাক্তৰৰ সৈতে ভাৰ্চুৱেল পৃথিৱীৰ সুবিধা লৈ বিনা কষ্টৰে সমস্যাৰ সমাধান সূত্ৰ বিচৰাত ব্যস্ত আজিৰ পৃথিৱীৰ গৰিষ্ঠ সংখ্যকেই।

(১৪ জুন ২০২২/সৰভোগ/ড০ সুকৃতি চৌধুৰী নামৰ এতিয়ালৈকে মই জনাত আৰু বুজাত কাল্পনিক চৰিত্ৰ এটাৰ জাপানত মৃত্যুৰ খবৰে ফেচবুক তোলপাৰ লগাই থকাৰ সময়ত মনলৈ অহা অভিব্যক্তি।

পৰৱৰ্তী সময়ত চৰিত্ৰটো যে সচাঁকৈয়ে কাল্পনিক আছিল সেয়া প্ৰতিপন্ন হৈছিল।)