ছেবা, অসমৰ শিক্ষা ব্যৱস্থা, কৃত্ৰিম বুদ্ধিমত্তা ইত্যাদি
অসমৰ বিদ্যালয় শিক্ষাৰ একেবাৰে শেষৰ গুৰুত্বপূৰ্ণ বুলি আজিও সমাজ জীৱনে গণ্য কৰা পৰীক্ষাটোৱেই হল হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ সকলোৰে চিনাকী মেট্ৰিক পৰীক্ষা। এই পৰীক্ষাটোৱেই ২০২৩ চনতো অসম মুলুকত সুকলমে অনুষ্ঠিত কৰিব পৰাৰ সক্ষমতা নাই আজিৰ প্ৰযুক্তিবিদ্যাৰ ইমানখিনি সুবিধা থকাৰ পিছতো। যি সময়ত ইলন মাস্কৰ দৰে এজন ব্যক্তিয়ে নিজা প্ৰচেষ্টাৰে নিকট ভৱিষ্যতে মংগল গ্ৰহত মানুহৰ বসতি স্থাপনৰ বিষয়ে চিন্তা কৰিছে, সেই সময়ত অসম মুলুকত এটা সাধাৰণ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব পৰা নাই আমি!!
ইয়াৰ বাবে পৰীক্ষা আয়োজন কৰা ছেবা নামৰ পৰীক্ষা আয়োজন কৰা অনুষ্ঠানটো যিমানদূৰ জগৰীয়া, সিমানেই জগৰীয়া আমাৰ সমাজ ব্যৱস্থাও। এজন ব্যক্তিৰ ভুলৰ বাবেই কেৱল প্ৰশ্নকাকত ফাদিল যে নহয় সেয়া নিশ্চয় বহলাই ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। ছেবাৰ ভুলৰ বাবেই হওক বা বৰ্তমান আৰক্ষী, চিআইডিৰ অনুসন্ধানত ধৰা পৰা শিক্ষক-ছাত্ৰসকলেই প্ৰশ্নকাকত পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগতেই ফাদিল হোৱাৰ বাবে জগৰীয়া নহওক কিয়, সকলোৱেই এই ব্যৱস্থাটোৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত যে তাত সন্দেহ নাই!!কিন্তু
নিৰপেক্ষ দৃষ্টিভংগীৰে সূক্ষ্মভাৱে যদি আমি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ লগতে আমাৰ চৌপাশৰ
ঘটন-পৰিঘটনাবোৰলৈ লক্ষ্য কৰোঁ তেন্তে দেখা পাওঁ যে বৰ্তমান সময়ত আমাৰ মন-মগজুত এনে কিছুমান কাৰকে ক্ৰিয়া কৰিবলৈ লৈছে যে আমি প্ৰতিমুহূৰ্ততে চৌপাশৰ পাৰিপাৰ্শ্বিকতাৰপৰা
কেৱল নিজৰ সুবিধাখিনিহে আদায় কৰাৰ চেষ্টাতহে ব্ৰতী হওঁ। মোৰ নিজৰ বাবে
চিন্তা কৰি কৰা কাৰ্যটোৱে যে সমাজত কিবা
নেতিবাচক তৎমুহূৰ্ততে নহলেও ভৱিষ্যতে যে প্ৰভাৱ পেলাব পাৰে পাৰে তালৈ ঘূৰি চাবলৈ বৰ্তমান সময় নাই আমাৰ। ইমানেই
ব্যক্তিকেন্দ্ৰিক আৰু চৰম সুবিধাবাদী হৈ পৰিছে আমাৰ সমাজ ব্যৱস্থাটো।
সৰ্বোপৰি পুঁজিবাদৰ আগ্ৰাসন আৰু অতিমাত্ৰা প্ৰযুক্তিবিদ্যা নিৰ্ভৰতাই
আমাক দিনক দিনে অৰ্কমণ্য
আৰু একোটা জীৱন্ত ৰবটলৈ পৰ্যবসিত কৰি তুলিছে। কিন্তু ভালকৈ বিচাৰ কৰিলে দেখা পাম যে ৰবটবোৰ আমাতকৈ
যথেষ্ঠ বিশ্বাসী আৰু নিয়মানুৱৰ্তী। কাৰণ বৰট এটাক যি কামেই কৰিবলৈ দিয়া নহওক কিয় সি নিয়াৰিকৈ আৰু নিখুঁতভাৱে সময়মতে কাম এটা সম্পন্ন কৰিব। কিন্তু মানুহ এজনে কাম এটা নিখুঁতভাৱে কৰিলেও হয়তো সময়মতে
হৈ নুঠে নাইবা সময়মতে কামটো হৈ উঠিলেও কৰবাত খুঁত থাকি যায়। সেয়েহে বৰ্তমান প্ৰযুক্তিবিদ্যা নিৰ্মিত
অত্যাধুনিক ৰবটৰ সৈতেও মানুহৰ তুলনা কৰাতো কঠিন হৈ পৰিছে।
(২০.০৩.২০২২/সৰভোগ)



