Showing posts with label সেউজী পাতৰ কাহিনী. Show all posts
Showing posts with label সেউজী পাতৰ কাহিনী. Show all posts

Thursday, 21 July 2022

Tea-Tribes of Assam, মইনা নায়ক আৰু কিছু বিক্ষিপ্ত চিন্তা

মাকান্ত শৰ্মাৰ উপন্যাস এজাক মানুহ এখন অৰণ্যত চাহ বাগিচাত কাম কৰি নিজৰ জীৱন-যাপনৰ স্তৰ উন্নত কৰাৰ সপোন দুচকুত আঁকি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা এচাম শোষিত নিষ্পেষিত মানুহে অসমলৈ আহি কিদৰে ব্ৰিটিছ শাসন যন্ত্ৰৰ কেকোঁৰা চেপাত জীৱন পাত কৰিছিল.. অসমৰ জাতীয় জীৱনৰ সৈতে তেওঁলোক লাহে লাহে কিদৰে একাত্ম হৈ পৰিছিল.. ইত্যাদি চাহ বাগিচাৰ জনজীৱনৰ এক জীৱন্ত বৰ্ণনা পোৱা যায়।

আনহাতে চাহ বাগিচাৰ জীৱনৰে আধাৰত ৰচনা কৰা বিৰিঞ্চি কুমাৰ বৰুৱাৰ উপন্যাস সেউজী পাতৰ কাহিনী নপঢ়া ব্যক্তি হয়তো অসম মুলুকত খুব কমেই আছে। 

হয়, বহু পানী লুইতৰ বুকুৱেদি বৈ গ'ল।পৰিৱৰ্তনৰ বতাহে সকলোকে নতুনত্বৰ সোৱাদ দি থৈ গ' ল দেশৰ স্বাধীনতাৰ পৰৱৰ্তী সময়ৰে পৰা। কিন্তু অসমৰ চাহ বাগিচাৰ ভিতৰ চ'ৰাৰ খবৰ ৰখা সকলে জানে বাগানৰ বস্তিবোৰ তথা কুলী লাইনবোৰৰ অৱস্থাৰ পৰিৱৰ্তন বৰ বিশেষ হোৱা নাই.. ব্ৰিটিছ ঔপনিৱেশিক কালৰপৰা একবিংশ শতিকালৈকে হোৱা পৰিৱৰ্তনৰ প্ৰেক্ষাপটত চাহবাগিচাৰ বনুৱাসকলৰ অনুন্নত আৰ্থ-সামাজিক দিশ, শিক্ষা-খোৱাপানীৰ সমস্যা ইত্যাদিৰ প্ৰসংগবোৰে মাজে-মধ্যে মূৰ দাঙি উঠে। কিন্তু সমস্যাৰ সমাধান সূত্ৰৰ সম্ভাৱনীয়তা কিন্তু বাতৰি-কাকত, আলোচনী, বক্তৃতানুষ্ঠান কিম্বা নিৰ্বাচনী ঘোষণাপত্ৰতে সীমাবদ্ধ হৈ থাকে সদায়..

স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱ তথা দেশৰ অমৃত কাল চলি আছে বৰ্তমান। কিন্তু অসমৰ চাহ বনুৱাসকলৰ জীৱন পৰিক্ৰমালৈ সেই অমৃত কাল কিমানখিনি আহিছে সেয়া অসমৰ চাহবাগিচাৰ কুলী লাইনবোৰত এবাৰ চকু ফুৰালেই স্পষ্ট হৈ পৰিব।

এনে এক ধাৰাবাহিকতাৰে পৰিণতি মইনা নায়কৰ বৰ্তমান অৱস্থা। আজিৰ দ্ৰুত অনলাইন যোগাযোগ ব্যৱস্থা আৰু সামাজিক মাধ্যমৰ দ্ৰুততাৰ বাবে মইনা নায়কৰ খবৰটো সকলোৱে পাইছে প্ৰায় লগে লগেই। কিন্তু চাহবাগিচাবোৰত এনে বহু মইনা নায়কৰ মৃত্যু হৈ আছে অতীজৰেপৰা। বিভিন্ন ধৰণেৰে এনে বাতৰিবোৰ লোকচক্ষুৰ পৰা আঁতৰাই ৰখা হয়। তদুপৰি বাতৰি কাকতৰ কোনোবা এটা চুকত প্ৰকাশিত কোনোবা বাগানৰ বনুৱা তথা কুলীৰ মৃত্যুৰ বাতৰিয়ে তথাকথিত পঢ়ুৱৈ সমাজৰ কেইজনকনো চিন্তিত বা সচেতন কৰি তুলিবলৈ সক্ষম!! কাৰণ চাহবাগিচাৰ বনুৱা তথা আদিবাসী সম্প্ৰদায়ৰ লোকসকলক অসমীয়া সমাজৰে এজন বুলি ভাবিব পৰাকৈ আমাৰ মাজৰ কিমানজন এতিয়াও মানসিকভাৱে সক্ষম হৈছো সেইটোও এটা দৰকাৰী প্ৰশ্ন হ'ব পাৰে আজিৰ প্ৰেক্ষাপটত!!

মইনা নায়কৰ বৰ্তমান ঘটনাটোত সমস্বৰে মাত মতা আৰু চাহবাগিচাত কাম কৰা আদিবাসীসকলক সচাঁ অন্তৰেৰে আমাৰে আপোন সহোদৰ বুলি আকোঁৱালি লোৱাৰ মাজত আছে এক বিস্তৰ ব্যৱধান।

কাৰণ আজিও অসমৰ বিভিন্ন স্থানত কাৰোবাৰ ঘৰলৈ কাম কৰাৰ বাবে অন্য অজুহাত চাহবাগিচাৰ বনুৱা এজন আহিলে পিৰালিত নতুবা বাহিৰৰ পিছচোতাল কিম্বা বাৰাণ্ডাতে বহি খাবলৈ দিয়া পাত্ৰ কেইটা সততে সুকীয়া হোৱাৰ লগতে সেইকেইটা নিৰ্দিষ্ট বনুৱাজনে বা জনীয়ে ধুই থৈ যোৱাৰ দস্তুৰ নিজৰ চকুৰে প্ৰত্যক্ষ কৰাৰ উপৰিও বন্ধু-বান্ধৱৰ মুখৰ পৰাও শুনা পাওঁ। গতিকে এনেধৰণৰ মানসিকতা সমুলঞ্চে শেষ নোহোৱালৈকে মইনা নায়কৰ দৰে ঘটনাই খন্তেকীয়া আৱেগ সৃষ্টি কৰাৰ পৰিৱৰ্তে আদিবাসী সমাজলৈ বিশেষ পৰিৱৰ্তন নানে যে সেয়া খাটাং।

(২১ জুলাই ২০২২/ধেমাজি, মাছখোৱা)