হত্যা-হিংসা আদিৰ পৰা আঁতৰি যুক্তিবাদ আৰু মানৱতাবাদৰ সহাৱস্থানেৰে এখন শান্তিৰ পৃথিৱীৰ বাসিন্দা হোৱাৰ মন
Saturday, 23 November 2019
নষ্টালজিয়া
Monday, 4 November 2019
অপ্ৰাসংগিক
Thursday, 17 October 2019
শাৰদীয় ভাৱনা
শাৰদীয় চিন্তা :
বলি-বিধান, পূজা-পাৰ্বণৰ প্ৰসংগ..
গুৰুজনাই সুদূৰ ষোড়শ শতিকাতে ৰাজ্যৰ সৰ্বত্ৰতে সংঘটিত বলি-বিধান আদিৰপৰা সৰ্বসাধাৰণ ৰাইজক আঁতৰাই আনি হৰিনামৰ জৰিয়তে সমগ্ৰ ৰাজ্যখনৰ সমাজ-সংস্কৃতিলৈ পৰিৱৰ্তনৰ নতুন জোৱাৰ আনিছিল.. সেই ৰাজ্যখনতে আজি পুনৰাই পূজা-পাৰ্বণৰ নামত বলি-বিধানৰ ব্যাপকতাই নতুন ৰূপ লৈছে..
সৰ্বসাধাৰণৰ নৈমিত্তিক কৰ্মৰ সৈতে সংপৃক্ত হৈ পৰিছে উৎসৱ-অনুষ্ঠানৰ নিত্য নতুন ৰূপবোৰ.. ১২ মাহত ১৩ উৎসৱ পালন কৰাৰ সদনাম থকা ৰাজ্যবাসীয়ে বৰ্তমান উৎসৱ পালনৰ ক্ষেত্ৰত গীনিজ বুক অৱ বৰ্ল্ড ৰেকৰ্ডচত নাম লিখাবলৈ অলপো কৃপণালি কৰা নাই.. এইক্ষেত্ৰত অতি সোনকালে কৰ্তৃপক্ষৰ ফালৰপৰা কামফেৰা সমাপন কৰিলে আকৌ এটা উৎসৱৰ বাট মুকলি হয় আমাৰ.. আমিবোৰেও হাতে-কামে লাগি সাজু হোৱাৰহে সময় এয়া..
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ভাষাপ্ৰেম..
উৎসৱ বুলিলেই সংবাদ মাধ্যম আৰু সংবাদাতাসকলৰ আকৌ গাত তত্ নেহোৱা হয়.. হাতত কলম লোৱাসকলৰ বিষয়টো একাষৰীয়া কৰিও.. মাত্ৰ কেমেৰা আৰু মাইক লৈ মৃত ব্যক্তিৰ পৰিয়াল-পৰিজনৰ মনৰ অনুভৱ সুধিবলৈ যোৱা বৈদ্যুতিন মাধ্যমৰ তথাকথিত সমাজ প্ৰহৰীসকলৰ কাৰণে উৎসৱ মানেই 'গা সাতখন আঠখন কৰে‘.. টি.আৰ.পি.ৰ লগতে সাজি পাৰি ৰাইজৰ আগত নিজৰ সুশ্ৰী চেহেৰা দেখুৱাৰ সুযোগকণতো এৰিব নোৱাৰি সহজতে.. সেয়েহে উৎসৱ আহি পোৱা মাত্ৰেই এখেকসকলৰ ব্যস্ততা বাঢ়ে..
তাৰ লগতে দুজনমানে মাতৃভাষাটোৰ শ্ৰাদ্ধ পাতি দেশী-বিদেশী ভাষাৰে ৰাইজৰ মন ভুলোৱাত লাগি যায়.. সৰ্বসাধাৰণ ৰাইজো আকৌ পৰি মৰা বিধৰ ভকত নহয়.. সমানে সমানে দেশীক বাদ দি বিদেশী ভাষাৰ বাৰ্তালাপত মগন হয়.. মাতৃভাষাতনো আজিৰ সময়ত কোনোবাই নিজৰ চিনাকী দিব পাৰেনে.. বিদেশী ভাষা নজনা মানেইটো সময়ৰ সৈতে খোজ মিলাব নোৱাৰা মনোভাৱতো বৰ্তমান গৰিষ্ঠ সংখ্যক জনতাৰে..
এইদৰেই জানো আৰম্ভ নহয় এটা ভাষা তথা এটা জাতিৰ শ্মশান যাত্ৰা!!!
(১৭ অক্টোবৰ ২০১৮)
Tuesday, 8 October 2019
দূৰ্গা পূজাৰ বেবেৰিবাং চিন্তা
পূজা মণ্ডপৰ নামত ৰাজ্যৰ সকলোতে এতিয়া অঘোষিত প্ৰতিযোগিতা.. পিছে এই প্ৰতিযোগিতা কাৰ লগত আৰু কিয়!!
সমাজক কিবা এটা আদৰ্শ দেখুৱাব পৰাকৈ কৰিব পৰা তথা সমাজলৈ প্ৰয়োজনীয় বাৰ্তা প্ৰেৰণ কৰিবলৈ বহু পথ আমাৰ বাবে খোলা থকাৰ পিছতো আমি পূজা বা অন্যান্য উৎসৱসমূহলৈ অপেক্ষা কৰি থাকো কিয়!!
পূজাৰ বতৰত যোৱা কিছু বছৰৰ পৰা দেখিবলৈ পোৱা কিছুমান কৰ্ম-কাণ্ডই সততে মনলৈ বিভিন্ন চিন্তাৰ ধল বোৱাই আনে। বিশেষকৈ পূজাৰ এমাহ মান আগৰে পৰা ৰাজ্যৰ বৈদ্যুতিন সংবাদ মাধ্যমৰ কৃপাত পুৱাৰ পৰা গধূলিলৈকে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ পূজাবোৰৰ ইতিহাসৰ আঁতি-গুৰি মাৰি কৰা বৰ্ণনা তথা পূজাৰ কেইদিন বিভিন্ন পূজা মণ্ডপবোৰৰ চকু চাট মাৰি ধৰা কাৰু-কাৰ্য দেখি আমাৰ দৰে গঞাঁবোৰ অবাকটেড হৈ পৰোঁ।
পৰিবৰে কথা, কিয়নো যিখন ৰাজ্যত প্ৰতি বছৰে বান-গৰাখহনীয়াৰ নামত হোৱা প্ৰাকৃতিক ধ্বংসলীলাকে প্ৰতিৰোধ কৰাৰ বাবে আজিকোপতি কোনো ব্যৱস্থা না প্ৰশাসন তথা চৰকাৰৰ পৰা নোলাল না ৰাইজৰ ফালৰ পৰা কোনো ফলপ্ৰসূ ব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে!! কেৱল কপাল চপৰিয়াই চৰকাৰক গালি পৰাতেই কাম শেষ আমাৰ!! গাঁৱৰ বাট-পথবোৰ উন্নত হৈছে আগৰ তুলনাত বহু বেছিকৈয়ে। কিন্তু তাতো এটা কিন্তু নিহিত হৈ আছে। ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথক বাদ দিলে গ্ৰামাঞ্চলৰ প্ৰায় ভাগ পথ স্থানীয় ঠিকাদাসকলৰ দ্বাৰাই নিৰ্মিত হয়। পিছে পথ নিৰ্মাণত যি অনিয়ম আগতে সংঘটিত হৈছিল সেয়া কিন্তু বৰ্তমান ৰাজ্য চৰকাৰখনৰ "দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতা" নীতিৰ জয় জয় ময় ময় অৱস্থাটো বৰ এটা বিশেষ পৰিবৰ্তন ঘটা নাই। আৰু আজিও এইদৰে কাম কৰি সম্পদশীল আৰু প্ৰতিপত্তিশীল হোৱা ব্যক্তিসকলৰে একছেটীয়া সম্পত্তি হৈ আছে গ্ৰামাঞ্চলৰ পূজাবোৰ!!
গ্ৰামাঞ্চল এৰি আহো এইবাৰ ৰাজ্যৰ সৰু ডাঙৰ নগৰবোৰৰ চোকে কোণে চকু চাট মাৰি ধৰা পূজাৰ আড়ম্বৰপূৰ্ণ আয়োজনলৈ। অৱশ্যে এনে আয়োজনে বৰ্তমান গ্ৰামাঞ্চলৰ মফচলীয়া ঠাইবোৰকো চুইছেহি। এইবোৰত মোৰ দৰে গঞাঁবোৰে ইচ্ ইচাই পিছে একো লাভো নাই। তথাপি মনে নসহে। পূজাৰ নামত চহৰৰ চকু চাট মাৰি ধৰা আয়োজনবোৰে জানো ৰাজ্যবাসীৰ নামমাত্ৰও দুখ-দুৰ্দশাৰ অৱসান ঘটাব পাৰিছে! নে ব্যক্তিগত পৰ্যায়তে কাৰোবাৰ কিবা অভাৱ দূৰ কৰিবলৈ সক্ষম হৈছে?? মাত্ৰ চাৰিটা দিনৰ বাবে কেইটামান মৃন্ময় মূৰ্তিৰ কাৰু-কাৰ্য আৰু সেই কেইটাক মানুহৰ দৰ্শনৰ বাবে ৰাখিবলৈ বনোৱা মণ্ডপৰ নামত ৰাজ্যখনত কোটি কোটি টকা পানীৰ দৰে বৈ যায়। কিন্তু সেইখন ৰাজ্যতে অন্ন-বস্ত্ৰহীন কিমান মানুহে ৰাতিৰ মুকলি আকাশৰ তলত তৰা গণি জীৱন নিয়াইছে সেয়া ভাবিবলৈ আহৰি নাই আমাৰ। সচাঁই আহৰি নাইনে ভাবিব পৰাকৈ আমাৰ মগজুৰ প্ৰসাৰ হবলৈ দিয়া নাই আমাৰ সমাজে!!
পূজা-পাৰ্বণবোৰৰ যদি ইমানেই মহিমা তেন্তে কিয় দৰিদ্ৰসকলৰ দুখবোৰ কুলাই পাচিয়ে নধৰা হয় আৰু ধনীক শ্ৰেণীৰ সম্পদবোৰ থবলৈ ঠাই নোহোৱা হৈ চুইজাৰলেণ্ড পাবগৈ লগা হয়।
সমস্যাবোৰ সমস্যা হৈয়ে ৰৈছে কেৱল আমিবোৰ উৎসৱৰ ধামখুমীয়াত উটি-ভাঁহি গৈ নিজৰ স্বকীয়তাকে পাহৰি পেলাইছো। পূজা-পাৰ্বণবোৰৰ নামত চৌপাশৰ গঢ় লৈ উঠা অতিমাত্ৰা জাকজমকতাত হেৰাই গ'ল পূজা-পাৰ্বণবোৰৰ প্ৰকৃত আধ্যাত্মিক দিশটো..
পূজাৰ মৃন্ময় মূৰ্তি কেইটাৰ পৰা আৰম্ভ কৰি মণ্ডপৰ বিচিত্ৰ কাৰু-কাৰ্যলৈকে সকলোতে প্ৰয়োজন হোৱা অৰ্থৰ গৰিষ্ঠ ভাগেই ৰাজ্যৰ বাহিৰলৈ উলাই গৈছে। কেৱল প্ৰতিযোগিতাৰ নামত একেখন চহৰতে হোৱা ২০ ৰ পৰা ৪০ খন পূজাৰ বিভিন্ন কৰ্মত নিয়োজিত হোৱা কলিকতীয়া বঙালী শিল্পী তথা কাৰিকৰে কামৰ বিনিময়ত আমাৰ পৰা লৈ গৈছে এক বৃহৎ পৰিমাণৰ অৰ্থ। পিছে এই ধৰণৰ কাৰ্যবোৰে ৰাজ্যৰ অৰ্থনীতিত পেলোৱা নেতিবাচক প্ৰভাৱৰ বিষয়ে চিন্তা কৰিবলৈ আমাৰ সময় ক'ত!! কাৰণ আমিবোৰ সোৰুপা হোৱাৰ সুযোগ বেলেগেতো গ্ৰহণ কৰিবই। সেয়েহে এতিয়াও 'জুৰ পুৰি হাত পোৱাৰ' আগতেই যিখিনি হাতত সময় আছে আমি হাতে কামে লাগিবৰ হ'ল নিজক উদ্ধাৰৰ কাৰণে, লগতে সমাজক জাগ্ৰত কৰাৰ বাবেও।
(ব্যক্তিগত অনুভৱ : নিৰ্জীৱ মৃন্ময় মূৰ্তিক পূজা কৰাৰ সলনি জীৱন্ত মানুহক সহায়ৰ হাত আগবঢ়োৱাতেহে আজিৰ সময়ৰ দাবী) @
(মাছখোৱা, ধেমাজি/৭ অক্টোবৰ ২০১৯)
Thursday, 19 September 2019
চিন্তাৰ চাকনৈয়া
জীৱনে ক'ৰ পৰা ক'লৈ নিয়ে আমাক.. সপোনৰ পিছত দৌৰাৰ দিনবোৰ শেষ নহয়.. তথাপি মনৰ মাজত যে বাৰ্ধক্যৰ আঁচোৰ পৰে অজানিতে..
খেল আৰু ধেমালিৰ মাজৰ সীমাৰেখাডাল ক'ব নোৱৰাকৈয়ে মনৰ মাজত দৃঢ়ৰ পৰা দৃঢ়তৰ হৈ আহে.. ভাল লগা এটা সপোন মনৰ মাজতে লীন যায়.. বিলুপ্তপ্ৰায় জগত এখনৰ কাল্পনিক দৃশ্যাৱলীত অধিক উজ্জীবিত উঠে জীৱনৰ স্বকীয়তাখিনি..
প্ৰাপ্তিৰ মাদকতাইও কেতিয়াবা চুব নোৱাৰে আত্মীয়তাৰ আব্দাৰবোৰক.. জীৱনমুখী বিচিত্ৰ গতিৰ দ্ৰুততাত ভাল লগা, ভালপোৱাৰ সংজ্ঞা সলনি হৈ আহে..
পৰিকল্পিত শৃংখলিত জীৱনটো আঁউল লাগে.. সপোনবোৰ মুখ ঠেকেচা খাই পৰেহি যাত্ৰাৰ জন্মলগ্নতে..
তাৰ পাছতো জীৱনক ভালপোৱাৰ, জীৱনক উদযাপনৰ স্বাৰ্থত জীৱনে আমাক দিয়ে জীৱন যাপনৰ অনন্য মধুৰ অভিজ্ঞতা..
(জালুকবাৰী/১৯ ছেপ্টেম্বৰ ২০১৯/পুৱতি নিশা ১ বাজি ১৫ মিনিট)
Thursday, 20 June 2019
ৰাভা দিৱসৰ চিন্তা
বহুমুখী প্ৰতিভাৰ অধিকাৰী এজন আপোনভোলা তথা সৰ্বসাধাৰণ জনতাৰ হিয়াৰ আমঠু আছিল বিষ্ণুপ্ৰসাদ ৰাভা। মোৰ ব্যক্তিগত চেতনাৰে ঢুকি পোৱাৰ ভিতৰত বৰ্তমান অসমৰ সমাজ জীৱনৰ অন্যতম প্ৰাসংগিক ব্যক্তিজনেই হ'ল বিষ্ণুপ্ৰসাদ ৰাভা।
যাৰ বিস্তৃত তথা অধ্যয়নলব্ধ কৰ্মৰাজিৰ অনুপ্ৰেণাৰে আমি দিঠকতেই গঢ়িব পাৰোঁ আমাৰ কল্পিত সাম্য-মৈত্ৰীৰ সমাজখন। অসম তথা এতিয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ বহুধা বিভক্ত সমাজ জীৱনক একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ কৰা ৰাভা দেৱৰ কৰ্ম আৰু চিন্তাই তেতিয়াই ঢুকি পাইছিল আজিৰ সমাজত গা কৰি উঠিব পৰা বিশৃংখলতা আৰু কেৰোণবোৰৰ ভয়াবহতাক।
সমাজৰ কৃষক-বনুৱাৰ সমঅধিকাৰৰ বাবে দেহে-কেহে খটা কমৰেড ৰাভাৰ উপস্থিতিয়ে প্ৰশাসনৰ যিদৰে চকুৰ টোপনি নোহোৱা কৰিছিল সেইদৰে সাধাৰণ জনতাই বিচাৰি পাইছিল তেওঁৰ মাজত আস্থা আৰু বিশ্বাসৰ এক নতুন ঠিকনা।
Saturday, 11 May 2019
অপ্ৰাসংগিক
অপ্ৰাসংগিকঃ
নিৰ্বাচনী ধুমুহা-বতাহ কিবাকৈ শাম কাটিছে অসম মুলুকত। মাজতে অৱশ্যে এজাক প্ৰাকৃতিক ধুমুহাই উৰিষ্যা, নমস্কাৰ পশ্চিমবঙ্গৰ লগতে অসমকো অলপকৈ চুই গল। নিৰ্বাচনী ধুমুহাজাকৰ এটা পৰ্ব দেশত পিছে বাকী আছেগৈ। আচল ঘূৰ্ণী বতাহজাকলৈ মাজত এতিয়াও ১১ দিন বাকী আছেগৈ। তাকে লৈ কিমানৰ যে কিমান দিন টোপনি খতি তাৰ হিচাপ কোনে ৰাখে!! সেয়া যি নহওক ৰাস্তাই-ঘাটে নাচি-বাগি, লৰি ঢাপৰি, যুক্তিৰ কটা-কটিৰ লগে লগে সন্মুখ সমৰত লিপ্ত হৈ মেলি আজৰি হৈ সাধাৰণ জনতা এতিয়া খন্তেক বিশ্ৰামত। আনফালে নিৰ্বাচনৰ ফলাফলকেন্দ্ৰিক ভৱিষ্যতবাণীৰ বজাৰখন ৰাইজৰ মাজত এৰা ধৰাকৈ চলি থকাৰ বিপৰীতে প্ৰাৰ্থী তথা নেতা-পালিনেতাসকল ভৱিষ্যতৰ হিচাব-নিকাচত বৰ ব্যস্ত।
নিৰ্বাচনৰ লগে ভাগে অহা ৰঙালী বিহুৰ উলাহ পিছে চলিয়েই আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। বিহু কমিটিবোৰৰ মাজৰ প্ৰতিযোগিতাখন জমি আছে সকলোতে। কোনো কোনো কমিটিৰ অতিথি শুশ্ৰূষাৰ ৰাজকীয় খাদ্য তালিকাই চকু কপালত উঠাইছে আমাৰ দৰে সাধাৰণ নৰমনিচৰ। বিহু মেলা বা বহাগী উৎসৱখনৰ খৰছৰ বাজেটখন দেখিলোতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰে উপক্ৰম ঘটে। তথাপি বিহুৰ উদযাপনত ৰাইজে ক্ৰটি বিচ্যুতি ঘটিবলৈ দিয়া নাই কেতিয়াও। ঐতিহ্যপূৰ্ণ বিহুবোৰৰ কথা বাদ দিলেও আজিকালি ২০_৩০ ঘৰ মানুহৰ বসতি থকা অঞ্চলতো ১খন বিহু মেলাই ঠাইখনৰ লগতে মানুহখিনিৰ সন্মানটো কেনেকৈ বচাব! ! গতিকে অতি কমেও দুই-তিনিখনমান বিহু মেলাৰ আয়োজন। এইবোৰত ৰাইজৰো সহযোগিতা তথা দান-বৰঙণি চকুত লগা। তাতে যদি আপুনি বিষয়-বাব পালে তেন্তে আপোনাৰ হাতখন মুক্ত হস্তে দান কৰিবলৈ উদ্বাউল।
দুখজনক বা সুখজনক যিয়ে নোবোলক আপুনি, নিজৰ ঠাইৰ গৌৰৱৰ বাবে তিনি চাৰিখন বিহু উদযাপনৰ বাবেও দেহে কেহে খটা তেনেবোৰ অঞ্চল (যিটো কথা বৰ্তমান সমগ্ৰ অসমতে প্ৰযোজ্য) ৰ সৰহভাগতে এটা ৰাজহুৱা পুথিভঁৰাল বা ৰাজহুৱা উন্নয়নমূলক কামৰ বাবে সামাজিক সংস্থা এটাৰ উপস্থিতি শূণ্যৰ ঘৰত বুলিলে অলপো বঢ়াই কোৱা নহয়। সমাজ, সভ্যতা ৰসাতলে গলেও আমাৰ বাবে বৰ্তমান সন্মান আৰু গৌৰৱতকৈ সমাজ-সংস্কৃতিৰ ভৱিষ্যতৰ চিন্তা কেতিয়াও দৰকাৰী বিষয় হ'ব নোৱাৰে। তাতে এনেবোৰ অনুষ্ঠান আয়োজনৰ জৰিয়তে ব্যক্তিগত লাভৰ চিন্তা কৰা সকলতো আছেই। ৰাইজৰ কাৰণে কৰা কষ্টৰ প্ৰতিদান নলবলৈ সকলোতো দাতাকৰ্ণ নহয়
গতিকে যাওঁক সমাজ সংস্কৃতি জহন্নামে, তাত আপোনাৰ বা মোৰ কি আহে যায়!! এয়াই আজিৰ অসমীয়া বিহু উদযাপন কমিটিবোৰৰ গৰিষ্ঠ সংখ্যক বিষয়-ববীয়াৰে মনৰ কথা। গণতন্ত্ৰত যিহেতু সংখ্যাগৰিষ্ঠৰে জয় গতিকে দুই চাৰিজনৰ ব্যতিক্ৰমী চিন্তাই ইয়াত থাউনি নাপায় কৰবাত লুকাই পৰে।
(ঘৰমুৱা নৈশবাছ যাত্ৰাত/ ১০ মে' ২০১৯)
Sunday, 17 March 2019
আৰ্ণেষ্ট হেমিংৱে
আৰ্ণেষ্ট হেমিংৱে
বিংশ শতিকাত যিসকল সাহিত্যিকে বিশ্বজুৰি নিজৰ প্ৰতিভাৰে জগতবাসীক আপ্লুত কৰিব পাৰিছিল সেইসকলৰ ভিতৰত আৰ্ণেষ্ট হেমিংৱে অন্যতম। আমেৰিকাৰ ইলিনই প্ৰদেশৰ ৱাৰ্কত ১৮৯৯ চনৰ জুলাই মাহৰ ২১ তাৰিখে হেমিংৱেৰ জন্ম হয়। তেওঁৰ দেউতাক পেছাত এজন চিকিৎসক আছিল। শৈশৱ কালছোৱাত হেমিংৱে অধিক সময় কান্ধত বন্দুকটো লৈ হাবিয়ে বননিয়ে আৰু কেতিয়াবা ডাঙৰ মাছ বিছাৰি হ্ৰদ এটাত নাওঁ বায় কটাইছিল। মাথোন ১৬ বছৰ বয়সতে তেওঁ গল্প লিখিবলৈ আৰম্ভ কৰিছিল। ডিপ্লমা লোৱাৰ আগতেই তেওঁ সেনাবাহিনীত যোগ দিব বিচাৰিছিল। কিন্তু বাওঁ চকুটো বেয়া হোৱা বাবে তেওঁক সেনাবাহিনীত ভৰ্তি হবলৈ দিয়া নহল। কিন্তু পৰৱৰ্তী সময়ত এজন সাংবাদিক বন্ধুৰ সহায়ত তেওঁ সেনাবাহিনীত সোমায়।
১৯২৩ চনত হেমিংৱেৰ প্ৰথম গ্ৰন্থ ‘The stories and terms poem’ প্ৰকাশিত হয়। প্ৰথম অৱস্থাত হেমিংৱে গল্প লিখি আলোচনীলৈ পঠিয়ালেও সেইবোৰ প্ৰকাশ হোৱা নাছিল। পৰৱৰ্তী সময়ত এইজন লিখকেই ১৯৫২ চনত বিশ্ব সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাস ‘The Old man and the Sea’ ৰচনা কৰি উলিয়াই। এইখনে উপন্যাসে লাভ কৰা বিশ্বজুৰা জনপ্ৰিয়তাৰ কথা নকৈ কোৱাৰ প্ৰয়োজন নাই। ১৯৫৪ চনত এই উপন্যাসখনৰ বাবেই তেখেতে লাভ কৰে সাহিত্যৰ নোঁবেল বটা।সমালোচকসকলৰ মতে ‘The Old man and the Sea’ উপন্যাসখন গদ্যত লিখা এখন কাব্যিক উপন্যাস। হেমিংৱেৰ জীৱনৰ সমগ্ৰ অভিজ্ঞতা আৰু জীৱন দৰ্শন এই উপন্যাসখনত পৰিস্ফুট হৈছে। হেমিংৱে তেখেতৰ বৰ্ণাধ্য সাহিত্যিক জীৱনত অন্যান্য সাহিত্য কৰ্মৰ লগতে মুঠতে ১০ খন উপন্যাস, ১৯ খন চুটিগল্পৰ সংকলন ৰচনা কৰি থৈ গৈছে। নোঁৱেল বটা পোৱাৰ পিছৰ সাত বছৰ হেমিংৱে নানা ধৰণৰ শাৰীৰিক অসুখ-অশান্তিয়ে আৱৰি ধৰে। এনেদৰেই থাকিয়েই ১৯৬১ চনৰ ২ জুলাইৰ ৰাতিপুৱা তেখেতে নিজকে গুলী কৰি দিয়ে। লগে লগে বিশ্ব সাহিত্যৰ মহান সাহিত্যক গৰাকীৰ জীৱন নাটৰ অৱসান ঘটে।
