ইৰাণ-আমেৰিকা-ইজৰাইল মধ্য-প্ৰাচ্যৰ যুদ্ধ বিভীষিকা ইত্যাদি...
যোৱা ২৮ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে আমেৰিকা আৰু ইজৰাইলৰ
সন্মিলিত আক্ৰমণৰ সন্মুখীন হোৱা আৰু প্ৰত্যুত্তৰ হিচাপে ইৰাণেই ইজৰাইলত আক্ৰমণ
কৰাৰ আজি দহ দিনৰ পাছত সমগ্ৰ ইৰাণতে এক বিভীষিকাময় পৰিৱেশ বিৰাজ কৰিছে।
এই বিভীষিকাই ক্ৰমে ছানি ধৰিবলৈ আৰম্ভ কৰিছে সমগ্ৰ মধ্য-প্ৰাচ্যক!! কাৰণ ইৰাণে নিজ দেশত
হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে আমেৰিকাৰ সৈনিক চাউনী তথা যু্দ্ধাস্ত্ৰ থকা নিজৰ
চুবুৰীয়া ৰাষ্ট্ৰসমূহক নিজৰ আধুনিক ক্ষেপনাস্ত্ৰৰে আঘাত হানিবলৈ আৰম্ভ কৰাত সমগ্ৰ
মধ্য-প্ৰাচ্যত এক সংগোপন সংশয়ে গ্ৰাস কৰি আনিছে।
ইফালে বিশ্বৰ দুজন স্ব-ঘোষিত
একনায়কত্ববাদী নেতাৰ নিজা অভিলাষ পূৰণৰ স্বাৰ্থত আয়োজন চলিছে নৰ হত্যাৰ!!
আনফালে নিজস্ব অস্তিত্ব ৰক্ষা
উদ্দেশ্যে আৰু ঐতিহ্যবাহী অতীতৰ সোঁৱৰণত ইৰাণৰ মৰণ-পণ যুঁজ!!
ইৰাণৰ কঠোৰ ধৰ্মীয় নীতি-নিয়মৰ
আপুনি বিৰোধিতা কৰিব পাৰে কিন্তু পাৰস্য সভ্যতাৰ অতীত গৌৱৰক আপুনি নসাৎ কৰিব
নোৱাৰে।
কিন্তু সেই ইৰাণৰ বুকুতে আজি পনীয়া
সোণৰ স্বাৰ্থত এক ৰক্তক্ষয়ী যুদ্ধৰ বিভীষিকাই ছানি ধৰিছে দেশৰ সমগ্ৰ সাধাৰণ জনতাক।
কোন দায়ী ইয়াৰ বাবে!! সেয়া আপুনি
মই বিশ্লেষণ কৰি উলিওৱাতো ইমানো সহজ নহয়।
তথাপি মানৱীয় উচ্চাকাংক্ষা তথা
শক্তিশালী ৰাষ্ট্ৰই দুৰ্বল ৰাষ্ট্ৰৰ সাৰ্বভৌম অধিকাৰ আৰু সম্পদ কাঢ়ি লোৱাৰ
স্বাৰ্থত সমান্তৰাল প্ৰশাসন চলোৱাৰ যি এক তীব্ৰ ভোক, তাকে আমি এই সমগ্ৰ পৰিঘটনাৰ
মূল কাৰক হিচাপে বাছি উলিয়াব পাৰোঁ।
পৰিঘটনাৰ বিক্ৰিয়া হিচাপে ইৰাণে
হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ পৰৱৰ্তী ঘটনাই সমগ্ৰ বিশ্বকে অস্বস্তিত পেলাইছে
লাহেকৈ। হৰমুজ প্ৰণালী বন্ধ হোৱাৰ ফলত বিশ্বৰ তৈল বজাৰ আৰু অন্যান্য সামগ্ৰী
পৰিৱহণ কৰা জাহাজসমূহ আৱদ্ধ হৈ পৰাত বিশ্বৰ অৰ্থনীতিত ইতিমধ্যে ইয়াৰ বিৰূপ প্ৰভাৱ
পৰিবলৈ আৰম্ভ কৰিছে। উদাহৰণস্বৰূপে ভাৰত মুলুকত ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি
হোৱা, বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি আৰম্ভ হোৱা, ঘৰুৱা ৰন্ধন গেছৰ
চিলিণ্ডাৰৰ অনলাইন বুকিং নোহোৱা, চিলিণ্ডাৰ ল'বলৈ গেছ এজেন্সীৰ সন্মুখত ভাৰতবৰ্ষত
সাধাৰণ জনতাৰ দীঘলীয় লাইন আদি দৃষ্টিগোচৰ হোৱাৰ সমান্তৰালভাৱে টকাৰ মূল্য ডলাৰৰ
তুলনাত সৰ্বনিম্ন স্তৰলৈ গতি কৰিছে। ইয়াৰোপৰি খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰলত
বহুখিনি উৰ্ধগামী হোৱাত বিশ্বৰ বহু দেশত পেট্ৰ'ল, ডিজেলকে আদি কৰি ইন্ধনজাত
সামগ্ৰীৰ মূল্যৰ অস্বাভাৱিক হাৰত বৃদ্ধি হোৱা যুদ্ধৰ আৰম্ভ হোৱাৰ পৰৱৰ্তী যোৱা ১২
দিনত স্পষ্টকৈ পৰিদৃশ্যমান হৈ উঠিছে।
যুদ্ধৰ ভয়াবহতা বৃদ্ধি পোৱা আৰু
ইয়াৰ সময় সীমা যিমানেই বাঢ়ি যাব সিমানেই ক্ৰমে ক্ৰমে সমগ্ৰ বিশ্বতে পৰিদৃশ্যমান
হ'বলগীয়া সাম্ভাৱ্য বহুতো সমস্যাৰ বিষয়ে সম্প্ৰতি সকলোতে আলোচনা চলিছে।
বিশেষজ্ঞসকলেও নিজা নিজা ধৰণেৰে বিচাৰ-বিশ্লেষণ কৰি মতামত আগবঢ়াইছে। বিশ্বৰ
বহুকেইখন দেশে জনসাধাৰণৰ বাবে বিভিন্ন সামগ্ৰী ক্ৰয়ৰ সীমা নিৰ্ধাৰণ কৰি দিবলগীয়া পৰিস্থিতিৰো
উদ্ভৱ হৈছে ইতিমধ্যে।
সৰ্বোপৰি যুদ্ধৰ পৰৱৰ্তী সময়ত
সমগ্ৰ বিশ্বৰে শ্বেয়াৰ বজাৰত পতন আৰম্ভ হৈছে। বিশেষকৈ ভাৰতবৰ্ষৰ শ্বেয়াৰ বজাৰত
কেইটামান দিনৰ ভিতৰতে বহু লাখ কোটি টকা নিৱেশকসকলে হেৰুৱাব লগীয়া হৈছে। একেই
পৰিস্থিত প্ৰায় সমগ্ৰ বিশ্বতে দৃষ্টিগোচৰ হৈছে। ইয়াকে লৈ সমগ্ৰ বিশ্বৰে অৰ্থনীতিবিদসকলো
চিন্তাত পৰিছে। কোনো কোনো দেশে দুদিনমান নিজৰ জনতাক প্ৰবোধ দিবলৈ বিভিন্ন ধৰণৰ
সংবাদ বাৰ্তা প্ৰেৰণ কৰিছিল যদিও সকলো ক্ৰমে ফোটোকাৰ ফেনত পৰিণত হৈছে বৰ্তমান।
(১১ মাৰ্চ,
২০২৬)
***************
