Showing posts with label #Tibeto_Burman_language #Assamese_language. Show all posts
Showing posts with label #Tibeto_Burman_language #Assamese_language. Show all posts

Monday, 12 June 2023

অসমীয়া ভাষাত তিব্বত-বৰ্মী ভাষাৰ প্ৰভাৱ

 

অসমীয়া ভাষাত তিব্বত-বৰ্মী ভাষাৰ প্ৰভাৱ


অসমীয়া ভাষাত তিব্বত-বর্মী ভাষাৰ ধ্বনিতাত্ত্বিক প্রভাৱ -

ক. ভাষাতাত্ত্বিকসকলৰ মতে তিব্বত-বৰ্মী ভাষাৰ প্ৰভাৱতে সংস্কৃতত থকা দন্ত্য আৰু মূর্ধন্য ধ্বনি বিলোপ হৈ অসমীয়াত দন্তমূলীয় ধ্বনিৰ সৃষ্টি হৈছে।

. তিব্বত-বৰ্মী ভাষাৰ প্ৰভাৱতে মূল সংস্কৃতত নাথাকিলেও অসমীয়া ভাষাত কিছুমান ধ্বনি স্বাভাৱিকভাৱে অনুনাসিক হৈ পৰে।

গ. মূল সংস্কৃতৰ কিছুমান অল্পপ্রাণ ধ্বনি অসমীয়া ভাষাত মহাপ্রাণ ধ্বনিত পৰিণত হয় তিব্ব-বৰ্মী ভাষাৰ প্ৰভাৱতে। ইয়াকে মহাপ্ৰাণীকৰণ বোলে । উদাবৰণস্বৰূপে -

সংস্কৃত                              অসমীয়া

ত্ৰোটি                                ঠোঁট

বাষ্প                                 ভাপ

গৃহ                                  ঘৰ

অসমীয়া ভাষাৰ অন্তৰ্গত কামৰূপী উপভাষাত অল্পপ্রাণ ধ্বনি মহাপ্রাণ ধ্বনিত পৰিণত হোৱাৰ প্রণতা অতি বেছি। আনকি উজনিৰ ভাষাত যিবোৰ ধ্বনি অল্পপ্রাণ হিচাপে উচ্চাৰিত হয় কামৰূপী উপভাষাত সেইবোৰ মহাপ্ৰাণ হিচাপে উচ্চাৰিত হয়। যেনে:

উজনি                                       কামৰূপী

হাতী                                        হাথী

ভোক                                        ভখ, ভুখ

 

ঘ. অসমীয়া ভাষাত মূল সংস্কৃতৰ স্বৰবৰ্ণৰ সংখ্যা হ্রাস হোৱা, স্বৰবৰ্ণৰ হ্রস্ব-দীর্ঘৰ পাৰ্থক্যহীনতা আদি ধ্বনিতাত্ত্বিক (পার্থক্যৰ) বৈশিষ্ট্যৰ মূলতে চীন-তীব্বতীয় প্রভাৱ বুলি অনুমান কৰা হৈছে।

ঙ. সংস্কৃত ভাষাৰ তালব্য ধ্বনিসমূহ মাগধী প্রাকৃতত তালব্য-সৃষ্ট ধ্বনিত পৰিণত হয়। মাগধী প্ৰাকৃতৰ পৰা বিকশিত হোৱা আটাইবোৰ নব্য-ভাৰতীয় আৰ্য্য ভাষাতে এই ধ্বনিতাত্ত্বিক বৈশিষ্ট্য পৰিলক্ষিত হয়। একমাত্ৰ ব্যতিক্রম হৈছে অসমীয়া ভাষা। অসমীয়াত সংস্কৃতৰ তালব্য ধ্বনিসমূহ দন্ত্যমূলীয় উষ্ম হিচাপে উচ্চাৰণ হয়। অসমীয়া ভাষালৈ এই ধ্বনিতাত্ত্বিক বৈশিষ্ট্যৰ আগমন চীন-তিব্বতীয় ভাষা পৰিয়ালৰ পৰা হোৱা বুলি কব পাৰি । বড়ো-গাৰো আদি ভাষাতো তালব্য- ঘৃষ্ট ধ্বনি নাই, দন্ত্যমূলীয় উষ্ম বা দন্তমূলীয়-ঘৃষ্ট ধ্বনিহে আছে ।

চ. সংস্কৃতৰ শিশ্ (শ,,স) ধ্বনিসমূহ অসমীয়া তদ্ভৱ শব্দৰ মাজত বা শেহত নিয়মিত ভাবে "হ" ধ্বনিত পৰিণত হয়। আহোম, দেউৰী আদি ভাষা আৰ প্রভাৱতে অসমীয়া ভাষাত এই বৈশিষ্ট্যৰ আত্মপ্রকাশ ঘটিছে বুলি অনুমান কৰিব পাৰি। আহোম, দেউৰী আদি ভাষাত সংস্কৃতৰ 'শিশ্' ধ্বনিৰ উচ্চাৰণ নাই।

ছ. অসমীয়া ভাষাত অর্ধ-বিবৃত '' ধ্বনিৰ উচ্চাৰণ তিব্বত-বর্মী প্রভাৱৰ ফল।

 

*********

অসমীয়া ভাষাত তিব্বত-বর্মী ভাষাৰ ৰূপতাত্ত্বিক প্রভাৱ -


ক. অসমীয়া ভাষাত সমষ্টিগত সুকীয়া শব্দ যোগ কৰি বহুবচন বুজোৱা ৰীতিৰ প্রচলন আছে। অসমীয়া ভাষালৈ এই বৈশিষ্ট্য তিব্ব-বর্মী ভাষাৰ পৰা আহিছে। বিশেষকৈ অসমীয়া ভাষাৰ বহু বচনৰ প্রত্যয় 'বোৰ' বড়ো ভাষাৰ বহু ৰচনৰ প্রত্যয় 'ফোৰ'ৰ পৰা আৰু 'বিলাক' গাৰো ভাষাৰ 'ফিলাক'ৰ পৰা আহিছে বুলি পণ্ডিতসকলে মত প্রকাশ কৰিছে।

  গাৰো - ই আৰু ঙ ফিলাক : অসমীয়া - সৌবিলাক

সংস্কৃত ভাষাত কোনো শব্দত বহু ৰচনৰ প্রত্যয় যোগ হলে শব্দটোৰ মূল ৰূপৰ আকৃতিৰ সলনি হয়। কিন্তু তিব্বত-বর্মী ভাষাসমূহত এনে নহয়।

খ. অসমীয়া ভাষাত লিংগ বাচক শব্দৰ লগত 'মতা' বা 'মাইকী' শব্দ যোগ কৰি নাইবা সম্পূর্ণ সুকীয়া শব্দ ব্যবহাৰ কৰি লিংগ ভেদ কৰাৰ যি পদ্ধতি - সেইটো নিঃসন্দেহে তিব্বত-বর্মী ভাষাসমূহৰ প্রভাৱৰে ফল। বড়ো, গাৰো, ডিমাছা, চুতীয়া, মিচিং আদি সকলো ভাষাতে এনেদৰে লিংগ নিৰূপণ কৰা হয় ।

 

বড়ো                                অসমীয়া

হিনজান্ত                              মাইকী

হোৱা                                মতা

আদা                                 ককাই (পুং)

বিঝাই                               বৌ (স্ত্ৰী)

বড়ো ভাষাৰ স্ত্রী লিংগবাচক প্রত্যয় 'শ্রী'ৰ পৰাই অসমীয়া ভাষাৰ স্ত্রী লিংগবাচক প্রত্যয় 'ৰী'ৰ উৎপত্তি হোৱা বুলি কোৱা হয় ।

গ. পুৰুষ অনুযায়ী সম্বন্ধবাচক বিশেষ্যত বিভিন্ন প্রত্যয় যোগ কৰি সম্বন্ধ নিৰূপণ কৰা বীতি অসমীয়া ভাষাৰ এক বিশেষ বৈশিষ্ট্য। অসমীয়াত বোপাই, বাপেৰ, বাপেৰা, বাপেক আদিত -আই, -এৰা, -এক আদি যোগ হৈ বিভিন্ন পুৰুষ বুজোৱাৰ দৰে বড়ো ভাষাতো - আ, -নম, -বি প্রত্যয় যোগ হৈ বিভিন্ন পুৰুষ নির্দেশ কৰে। ডিমাছা, মিছিং, মণিপুৰী আদি ভাষাসমূহতো এই বৈশিষ্ট্য দেখা যায়। ড° বাণীকান্ত কাকতিৰ মতে - অসমীয়া ভাষালৈ এই বৈশিষ্ট্য অষ্ট্ৰিক ভাষাৰ পৰা আৰু গ্ৰীয়াৰ্ছন আদিৰ মতে তীব্বত-বর্মীৰ পৰা আহিছে ।

ঘ. ক্ৰিয়াৰ আগত '' যোগ হৈ নঞার্থক ভাব বুজোৱা আৰু সেই '' ক্রিয়াটোৰ প্রথম স্বৰধ্বনিৰ অনুৰূপে সমীভূত হোৱাটো অসমীয়া ভাষাৰ এটা বিশেষ বৈশিষ্ট্য। আহোম ভাষাত এই বৈশিষ্ট্য দেখা যায় ।

অসমীয়া ভাষাত -

ন - খাওঁ > নাখাওঁ

ন – যাওঁ > নাযাওঁ

               ন -দিয়ে > নিদিয়ে

               ন – পোৰে > নোপোৰে

       আহোম ভাষাত –

               মা – কিন > মিকিন

               মা – ক্যু > ম্যুকু

ঙ. বস্তুৰ আকৃতি, ধৰণ, গুণ, আদি বুজাবলৈ অসমীয়াত বিভিন্ন প্রত্যয় যোগ কৰা হয়, এইবোৰক নির্দিষ্টতাবাচক প্রত্যয় বোলা হয়। বিভিন্ন তিব্বত-বর্মী ভাষাত এনে নির্দিষ্টতাবাচক প্রত্যয় ব্যাপকভাৱে ব্যবহাৰ কৰা হয়। বড়ো ভাষাত প্ৰায় ৫০ টা, গাৰোতা প্ৰায় ৬০ টা, টাই ভাষাত প্রায় ৯০ টা এনে প্ৰত্যয়ৰ ব্যৱহাৰ দেখা যায়।

চ. অসমীয়া ভাষাৰ '', '' আদি' গঠনমূলক প্রত্যয় বড়ো ভাষাৰ পৰা অহা বুলি অনুমান কৰা হৈছে। উদাহৰণস্বৰূপে – বল্লম, পেখম, ধেপপা, ৰংচা আদি।

ছ. চেলেক, গম, জিৰা, ৰেপ, আগচ, গচক চেকুৰ, বখলিয়া, চেপ আদি ধাতুসমূহ অসমীয়া ভাষালৈ বড়ো ভাষাৰ পৰা আহিছে বুলি ড° বাণীকান্ত কাকতিয়ে মত পোষণ কৰিছে।

জ. অসমীয়া ভাষাত ৫মী বিভক্তিৰ চিন নাই। তাৰ পৰিৱর্তে সম্বন্ধ পদৰ বিভক্তি ‘ৰ’ পিছত ‘পৰা’ পৰসৰ্গ যোগ কৰি অপাদান কাৰকৰ অৰ্থ প্ৰকাশ কৰা হয়। বড়ো, ডিমাছা, মিচিং আদি ভাষাসমূহত এই ৰীতি লক্ষ্য কৰা যায়।

ঝ. প্রত্যয় নিষ্পন্ন কর্মবাচ্য গঠনৰ ঠাইত বিশ্লেষণাত্মক কর্মবাচ্য অসমীয়া ভাষাত গঠন হোৱাতো তিব্বত-বর্মী ভাষাসমূহৰ প্ৰভাৱ থাকিব পাৰে। বড়ো, দেউৰী-চুতীয়া আদি ভাষাত এনেদৰে কৰ্মবাচ্যৰ ভাব প্ৰকাশ কৰা হয়।


(২২ নবেম্বৰ ২০০৫)

**********