ফিয়োদৰ দষ্টয়ভস্কি (Fyodor Dostoevsky) ৰুচ দেশৰ এজন অন্যতম শ্ৰেষ্ঠ
ঔপন্যাসিক। তেওঁৰ জন্ম হয় ১৮২১ চনত। পিতৃ আছিল মস্কোৰ পৌৰ চিকিৎসালয়ৰ এজন চিকিৎসক।
চিকিৎসক যদিও তেখেত অসৎ চৰিত্ৰৰ লোক হোৱা বাবে গাঁৱৰ প্ৰায় সকলো মানুহৰ লগতে
দষ্টয়ভস্কিয়ে নিজেও দেউতাকৰ মৃত্যু কামনা কৰিছিল। অৱশেষত গাঁৱৰ খেতিয়কসকলে তেওঁৰ
পিতাকক হত্যা কৰিছিল। এই হত্যাই দষ্টয়ভস্কিৰ মনত এক পাপবোধৰ জন্ম দিলে।
১৯৪৩ চনত তেওঁ ইঞ্জিনিয়াৰিং পৰীক্ষাত উত্তীৰ্ণ হৈ কামত যোগ দিয়ে। কিন্তু
কিছুদিনৰ পাছত লিখক হিচাপে নিজকে গঢ়ি তোলাৰ সংকল্প লৈ চাকৰিৰ পৰা ইস্তাফা দিয়ে।
চাকৰি এৰাৰ বাবে আৰ্থিক অনাটনত তেওঁ জুৰুলা হৈছিল আৰু এই অভিজ্ঞতাই তেওঁৰ উপন্যাসত
এটা সঁচা কাহিনীৰ ৰূপ পাইছিল। নিজৰ জীৱনৰ এই অভাৱ আৰু দুখ-কষ্ট তেওঁৰ Crime and Punishment শীৰ্ষক উপন্যাসত প্ৰকাশ পাইছিল।
প্ৰথমা পত্নীৰ মৃত্যুৰ পাছত দষ্টয়ভস্কিয়ে প্ৰেমৰ এক খেয়ালি জীৱন যাপন কৰে।
নাৰীৰ প্ৰেম আৰু জুৱাৰ আড্ডাত মত্ত হৈ তেওঁ নিঃসম্বল হৈ পৰিছিল। ব্যক্তিগত জীৱনৰ
অভিজ্ঞতাৰ লগতে সাহিত্য অধ্যয়নৰ অভিজ্ঞতাই তেওঁৰ সাহিত্যিক জীৱনৰ ভেঁটি সুদৃঢ় কৰি
তুলিছিল। তেওঁৰ বিশ্ববিখ্যাত উপন্যাস Crime and Punishment ত নিপীড়িত মানৱাত্মাৰ এক
চিৰন্তন ৰূপ ফুটি উলাইছে। আৰ্থিক অৱস্থা আৰু অপৰাধবোধৰ মানসিকতা সমন্ধে লাভ কৰা
অভিজ্ঞতাৰ ভেঁটিতেই তেওঁ লিখি উলিয়াইছিল এই অমৰ উপন্যাসখন। ইয়াৰ উপৰিও The Gambler, The Ediot আদি উপন্যাসসমূহেও কাহিনীৰ
বিচিত্ৰতাৰ বাবে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। নিপীড়িণ আৰু বাহ্যিক দুখ-বেদনা আৰু
কেতিয়াবা অন্তঃদ্বন্দই তেওঁৰ চৰিত্ৰবোৰক এক সুকীয়া ক্ষেত্ৰ প্ৰদান কৰিছিল। কিন্তু
তেওঁৰ লিখাৰ সাৰ্থকতা ইয়াতেই যে তেওঁৰ উপন্যাসৰ চৰিত্ৰৰ দুখ-বেদনাই সাৰ্বজনীন
আবেদন লৈ সকলো মানুহৰ সন্মুখত উপস্থিত হয়। সেয়ে তেওঁৰ ৰচনাৱলীক সময়ৰ আচোঁৰে মলিন
কৰিব পৰা নাই। বৃহৎ নগৰৰ মদৰ আড্ডা, কফিন সদৃশ কমদামী হোটেলৰ কোঠাৰ পৰা আৰম্ভ কৰি নগৰৰ সকলো শ্ৰেণীৰ মানুহ,
যেনে – দোকানী, কেৰাণী, ছাত্ৰ,
বেশ্যা, মগনীয়াৰ, বলীয়া
-এই সকলোবোৰৰ বাস্তৱ চিত্ৰ তেওঁ অংকন কৰিছে।
(৩০ অক্টোবৰ ২০০৬)
**********