অসম মুলুকত ডাক্তৰ দম্পত্তিৰ শিশু নিৰ্যাতনৰ বিতৰ্ক ওৰ নৌপৰোতেই এইবাৰ মহিলা আৰক্ষী বিষয়া এগৰাকীৰ ৰহস্যজনক মৃত্যুৰ খবৰত চৌদিশ উখলমাখল। আৰক্ষী বিষয়াগৰাকী নিশা মটৰ দূৰ্ঘটনাত মৃত্যু হোৱা বুলি বাতৰি কাকতত ছবিসহ প্ৰকাশ পোৱাৰ পিছতো কোনেও মানি লবলৈ ৰাজি নহয় বৰ্তমান!! চৰকাৰী ভাষ্য অনুসৰি আৰক্ষী বিষয়াগৰাকীৰ মৃত্যু প্ৰকৃত কাৰণৰ অনুসন্ধান অব্যাহত আছে। সমান্তৰালভাৱে এই ঘটনাৰ গইনা লৈ অসম মুলুকৰ বহু অখ্যাত কিন্তু সাধাৰণ জনতাৰ বাবে অচিনাকী কুখ্যাত দিশো ছাঁ-পোহৰৰ মাজেৰে লোকচক্ষুৰ সন্মুখলৈ আহিবলৈ ধৰিছে।
সময়বোৰ ইমানেই বিচিত্ৰ আৰু অসংলগ্ন হৈ পৰিছে যে নিজৰ সমস্যাতকৈ আমি কোনোবা সংগীতা-জোনমণিহঁতৰ খবৰবোৰক লৈ বেছি উদ্বিগ্ন আৰু কৌতূহলী। আনহাতে সামাজিক মাধ্যম আৰু বৈদ্যুতিন মাধ্যমৰ অতিমাত্ৰা ভীৰৰ মাজত আমাৰ ব্যক্তিগত সমস্যা তথা খবৰবোৰ আজিকালি ব্যক্তিগত হৈ নথকা পৰ্যায়লৈ উত্তীৰ্ণ হৈছে।
আজিৰপৰা আকৌ কিছুদিন ধৰি অসমৰ ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যম ব্যস্ত থাকিব এটা বিশেষ পৰীক্ষাৰ ফলাফলক লৈ। যিটো পৰীক্ষাৰ ফলাফলে ছাত্ৰ জীৱনৰ পৰৱৰ্তী স্তৰৰ ধাৰাবাহিকতা আৰু জীৱনৰ সামগ্ৰিক সফলতাত প্ৰভাৱ পেলোৱাটো এক প্ৰকাৰৰ সাম্ভাব্যতাৰ ওপৰত নিৰ্ভৰশীল। কিন্তু এই ফলাফলক লৈয়ে অসম মুলুকত বৰ্তমান চলিব এক উৎসৱ মুখৰ পৰিৱেশ তথা অতিমাত্ৰা হৈ চৈৰ। হয় যোৱা ২২ মে'ত ঘোষণা কৰা মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ বিষয়েই ক'বলৈ বিচৰা হৈছে ইয়াত।
বিপৰীতে এই পৰীক্ষাটোত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি ফলাফল ঘোষণাৰ পৰৱৰ্তী সময়ত দায়বদ্ধতা প্ৰদৰ্শন কৰাৰ প্ৰতি কাৰো আগ্ৰহ নথকা দিশটো কিন্তু বৰ বিশেষ চৰ্চালৈ নাহে। অনুত্তীৰ্ণসকলৰ মাজৰ দুই চাৰিজনে আত্মহত্যা কৰাৰ বাতৰি আমি বাতৰি কাকত আৰু বৈদ্যুতিন মাধ্যমৰ জৰিয়তে সময়ৰ লগে লগে জানিবলৈ পাম। আমাৰ মাজৰে কোনো কোনোৱে হয়তো এনে খবৰবোৰ শুনি-পঢ়ি গভীৰ নিঃশ্বাস পেলাম। এনবোৰ ঘটনা প্ৰতি বছৰে সংঘটিত হৈ থকাৰ পাছতো আমি আজিকোপতি এনেবোৰ ঘটনা ৰোধ কৰাৰ বাবে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা ল'ব নোৱাৰাতোও কিন্তু আমাৰ বাবে চিন্তনীয় বিষয় হৈ উঠা নাই ।
(সৰভোগ, ২৩ মে' ২০২৩)
*******


