Tuesday, 28 October 2025

পোহৰৰ উৎসৱ, জুবিনদাৰ মৃত্যু, ৰেলযাত্ৰাৰ অনুভৱ ইত্যাদি+

পোহৰৰ উৎসৱ, জুবিনদাৰ মৃত্যু, ৰেলযাত্ৰাৰ অনুভৱ ইত্যাদি+

ক) 
নামনিমুৱা ৰেলত কৰ্মস্থলীলৈ ৰাওনা হৈছো আজি পোহৰৰ উৎসৱ দীপাৱলীৰ দিনটোত। আগৰ বছৰবোৰৰ দৰে এই বছৰৰো মাটিৰ চাকিৰে পোহৰৰ উৎসৱৰ আয়োজন ঘৰত। আতচবাজীৰ শব্দ মই ব্যক্তিগতভাৱে আগৰে পৰা ভাল নাপাওঁ। আতচবাজী বুলিলেই শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণে ক'ব নোৱাৰাকৈয়ে মোৰ মনত জুমুৰি দি ধৰেহি। যদিওবা 'এপাচি শাকত এটা জলকীয়া'ৰ দৰে ইয়াৰ ফলাফল শূণ্যৰ ঘৰত, তথাপিওচোন মনটোৱে এই সময়খিনিত বাৰে বাৰে সকিয়াই দিয়ে মোৰ পাৰিপাৰ্শ্বিকতাত সমিল মিলেৰে বাস কৰা জীৱ-জন্তু আৰু বাৰীত থকা চৰাই-চিৰিকটিবোৰৰ অসুবিধাখিনি.. 

ল'ৰা-ছোৱালী দুটা সৰু হৈ থকা বুলি যোৱা দুবছৰমান অলপ অচৰ চাকি-বন্তিৰ লগতে জিলমিল পোহৰ দিয়া লাইটবোৰ ঘৰৰ বাৰান্দাত লগোৱাৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ উপৰিও বিকট শব্দ কৰা ফটকাৰ সলনি পোহৰ দিয়া সামগ্ৰী দুই এবিধ জ্বলাই সিহঁতক অলপমান ফূৰ্তি কৰিবলৈ দিছিলোঁ। সেয়েহে এইবাৰো ডাঙৰ ল'ৰাটোৱে তেনে সামগ্ৰী আনি দিয়াৰ বাবে মোক অনুৰোধ কৰিছিল। কিন্তু তাক জুবিনদাৰ মৃত্যুৰ বাবে এইবাৰ জ্বলাব নালাগে বুলি কোৱাত একেষাৰতে সি মানি ল'লে। কিবা এটা লাগে বুলিলে কেতিয়াবা বৰকৈ আব্দাৰ কৰা শিশু মন এটাইও কিয় হঠাতে এনেকৈ মানি ললে সেয়া মোৰ বোধগম্যতাৰ বাহিৰত!! হয়তো জুবিন গাৰ্গৰ আত্মীয়তা আমাৰ বাবে সেইখিনিতে।

খ)
কৰ্মস্থলীলৈ অহাৰ উদ্দেশ্যে কানুগাঁৱৰ ঘৰৰপৰা ৰাতিৰ ৰেলত উঠিবলৈ গোলাঘাট ৰেলষ্টেচনলৈ অহা ১২ কিলোমিটাৰৰ সমগ্ৰ পথছোৱাত  মাটিৰ চাকি আৰু জিলমিল পোহৰ বিলোৱা ৰঙ-বিৰঙী লাইটবোৰৰ বাহিৰে ফটকা-আতচবাজীৰ শব্দ কেৱল দুটা-তিনিটা মানহে শুনিবলৈ পালোঁ। আনকি গোলাঘাট চহৰতো আতচবাজীৰ শব্দ সন্ধিয়া ৭ বজালৈকে প্ৰায় শূণ্যৰ ঘৰত। পিছে ৰেলষ্টেচনৰ কাষৰীয়া ঠাইখিনিত শব্দৰ আধিক্য কিছু শুনিবলৈ পালোঁ। ৰৈ ৰৈ মাজে মাজে হ'লেও দুই এটা সৰু ফটকা আৰু কাণ তাল মাৰি ধৰা  ফটকাৰ শব্দও কাণত পৰিল। লাহে লাহে ৰেলখন গন্তব্যস্থল অভিমুখে অগ্ৰসৰ হোৱাৰ লগে লগে দৃষ্টিগোচৰ হৈছে যে ৰেলপথৰ কাষৰীয়া ঠাইবোৰত চাকি আৰু লাইটবোৰ ঠিকেই জ্বলিছে। কিন্তু আতচবাজীৰ শব্দ ক'ৰবাত এটা বা দুটা মাজে মাজেহে শুনিবলৈ পাইছোঁ। পিছে কিয় ক'ব নোৱাৰো এতিয়ালৈকে পাৰ হৈ অহা সৰু বৰ ৰেল ষ্টেছনত কিন্তু আতচবাজীৰ পয়োভৰ তুলনামূলকভাৱে কিছু বেছি। কিয় সেয়া মই ক'ব নোৱাৰিম! কিন্তু ৰেলত যাত্ৰা কৰা আন যাত্ৰীসকলেও মন কৰিলে কথাটো ধৰিব পাৰিব।

গ)
পোহৰৰ উৎসৱৰ নামত চাকি আৰু ৰঙীন লাইট জ্বলোৱাৰ মই সমৰ্থক। কিন্তু আতচবাজীৰ নামত এদিনতে অতিমাত্ৰা শব্দ আৰু বায়ু প্ৰদূষণেৰে প্ৰকৃতি বিনষ্ট কৰাত আমিবোৰেই আগভাগ লোৱা বিষয়টোৰ মই বিৰোধী। সেয়েহে বৰ্তমান সময়ছোৱাত জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো মোৰ স্থিতি সেই আগৰ দৰে একেই আছে।

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ ১ মাহ পূৰণ হোৱাৰ পৰৱৰ্তী দিনটোত এইবাৰ পোহৰৰ উৎসৱ দীপাৱলীৰ আয়োজন। আমি তেখেতৰ গুণমুগ্ধ হিচাপেই নহয় তেখেত জন্মভূমিৰ বাসিন্দা হিচাপেও এইবাৰৰ পোহৰৰ উৎসৱতে আতচবাজীৰ দৰে প্ৰকৃতিৰ বাবে হানিকাৰক পৰম্পৰাটো সম্পূৰ্ণ বন্ধ কৰি আন এক নজিৰ সৃষ্টি কৰিব পাৰিলোঁহেঁতেন!! পিছে সময় আৰু পৰিস্থিতিয়ে দিয়া এই সুবিধাখিনি গ্ৰহণ কৰাৰ পৰা আমি বিৰত থাকিলোঁ।

কাৰণ আমি নিজক কিয় সলনি কৰিম প্ৰকৃতিৰ ভালৰ বাবে!!! আমাৰ ব্যক্তিগত সুখ-আনন্দখিনি জলাঞ্জলি দি প্ৰকৃতি তথা আমাৰ উত্তৰ পুৰুষৰ ভৱিষ্যত সুৰক্ষিত কৰাতো যুক্তিপূৰ্ণ কেনেকৈ হ'ব পাৰে!!!


                          *********
(২০ অক্টোবৰ ২০২৫/ফৰকাটিঙৰ পৰা সৰভোগলৈ #আলিপুৰ_দুৱাৰ_ইন্টাৰচিটি ৰেলত কৰা যাত্ৰা কালত)

Friday, 8 August 2025

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ ভাৱনা

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ ভাৱনা


পুৱাই ৰেডিঅ'ত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ৭ বাজি ১৫ মিনিটৰ আজিৰ দিনটো শীৰ্ষক অনুষ্ঠানত শুনিলোঁ যে আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস। দিৱসৰ স্বাভাৱিকতা অনুযায়ী ৰাজ্য প্ৰশাসনে আয়োজন কৰা অনুষ্ঠানৰ বিষয়েও জানিব পাৰিলোঁ।

ৰেডিঅ'ত কথাতো শুনি থাকোতে গান্ধীজীয়ে দূৰ অতীতে অসম ভ্ৰমণ কালত কোৱা "অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে" বোলা উক্তিটোলৈ মনত পৰিছিল। গান্ধীজীৰ উক্তিৰ সত্যতা প্ৰমাণৰ বাবে আমি অতীতলৈ ঘূৰি যোৱাৰ সলনি বৰ্তমান সময়তো অসমৰ শিপিনীৰ পাৰদৰ্শিতা তথা সৃষ্টিশীলতাক কাষৰ পৰা দেখি আছো। বিশেষকৈ বৰ্তমান সময়ত অসমীয়া চাদৰ-মেখেলাৰ নতুন নতুন আৰ্হিৰ সমান্তৰালভাৱে অসমৰে বিভিন্ন জনজাতীয় সাজ-পাৰৰ ব্যাপক চাহিদা ৰাজ্যখনৰ লগতে দেশৰ ভিন ভিন প্ৰান্ততো বৃদ্ধি পোৱা আমি বিভিন্ন উৎসৰ খবৰবোৰৰ পৰা গম পাওঁ। একেদৰে অসমৰ পাট-মুগা কাপোৰৰ চাহিদা আৰু আকৰ্ষণও কেতিয়াবাই দেশৰ সীমা অতিক্ৰমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায় পাইছেগৈ। বৰ্তমান বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ফেছন প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীসমূহতো অসমীয়া পাট-মুগাৰ সাজ-পাৰ আৰু জনজাতীয়া সাজ পৰিধান কৰা দেশ-বিদেশৰ চেলিব্ৰিটী তাৰকাক আমি সততে দেখা পাওঁ।

এই বিশেষ দিৱসটোৰ প্ৰাসংগিকতা বুজিয়েই যেন মনটোৱে সংগোপনে মোক কৈ গ'ল বৰ্তমান অসমীয়া থলুৱা শিপিনীসকলৰ অৱস্থাটোৰ বিষয়ে। স্বাভাৱিকভাৱেই মনলৈ আহিছে অসমীয়া বিভিন্ন সাজ-পাৰৰ ক্ৰমবৰ্দ্ধমান চাহিদা আৰু সমাদৰ অনুপাতে গ্ৰামাঞ্চলৰ থলুৱা শিপিনীসকলে ইয়াৰ পৰা কিমান দূৰ আৰ্থিকভাৱে লাভান্বিত হৈছে!! শিপিনীসকলৰ প্ৰকৃতাৰ্থতে লাভান্বিত কৰিব পৰাকৈ চৰকাৰ আৰু হস্ততাঁতৰ সৈতে জড়িত চৰকাৰী বিভাগটোৱে কিবা ব্যৱস্থা লৈছেনে বাৰু!!

থলুৱা শিপিনীৰ আৰ্থিক অৱস্থা তথা সামগ্ৰিকভাৱে ৰাজ্যৰ হস্ততাঁত খণ্ডৰ চৰম হতাশজনক পৰিস্থিতিক একাষৰীয়াকৈ থৈও আজিৰ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱৰ প্ৰাক্ ক্ষণতে আকৌ এবাৰ মনলৈ আহিছে প্ৰায়ে মনত লৈ ফুৰা তলৰ প্ৰশ্নকেইটা -

Ø কিয় দুটামান টকা বেছি হোৱা বাবেই আমি অসমৰ থলুৱা শিপিনীয়ে শালত বোৱা গামোচাখনৰ সলনি বহিঃৰাজ্যৰ পৰা অহা গামোচা নামৰ কাপোৰবিধকে এতিয়াও ৰাজ্যৰ সভা-সমিতিত ব্যাপকভাৱে ব্যৱহাৰ কৰি আছো!!

Ø আকৌ উৎসৱৰ সময়ত থলুৱা গামোচাৰ বিক্ৰী বৃদ্ধি কৰাৰ উদ্দেশ্যে বহিঃৰাজ্যৰ পৰা অহা গামোচা বিচাৰি উলিওৱাৰ নামত ৰাজ্যৰ দুখনমান চহৰৰ দোকান কেইখনমানলৈ গৈ কেমেৰা আৰু সাংবাদিক লগত লৈ গৈ বাতৰি কাকতৰ সংবাদ শীৰ্ষ হোৱাৰ বাহিৰে প্ৰশাসনৰ ফালৰ পৰা সম্যাটোৰ পূৰ্ণ সমাধানৰ বাবে বিশেষ সদিচ্ছা থকা যেন নালাগে!!

Ø আনহাতে বাকী সাজ-পাৰক নিলগাই থৈও জিআই টেগ থকা ৰাজ্যখনৰ স্বকীয়তাৰ পৰিচয় বহনকাৰী বিশেষ সামগ্ৰী গামোচাখনৰে স্বকীয়তা কিয় আমি বৰ্তমান অটুট ৰাখিব পৰা নাই??

সেয়েহে নিজকে নিজে প্ৰশ্ন কৰিছো যে এনে এক পৰিস্থিতিত অসম নামৰ ৰাজ্যখনত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনৰ প্ৰাসংগিকতা কিমানদূৰ যুক্তিসংগত!!

 

(৭ জুলাই, ২০২৫/সৰভোগ)

 

*****************

Thursday, 6 March 2025

অসমৰ কলেজ শিক্ষক নিৰ্বাচনৰ সাম্প্ৰতিক বিতৰ্ক আৰু ব্যক্তিগত কথকতা

 

অসমৰ কলেজ শিক্ষকৰ নিৰ্বাচন আৰু কিছু ব্যক্তিগত কথকতা

 

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পৰৱৰ্তী বৰ্ষত গৱেষণাত নামভৰ্তি কৰিয়েই মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ বাবে জীৱনৰ ২য় সাক্ষাৎকাৰটোৱেই দিছিলোঁ অসমৰ অন্যতম এখন পুৰণি আৰু ঐতিহ্যপূৰ্ণ মহাবিদ্যালয় বি বৰুৱা মহাবিদ্যালয় বা ভোলানাথ বৰুৱা মহাবিদ্যালয়ত ২০১০ চনত। সেই সময়ত চাকৰি পাম বুলি দিয়াৰ সলনি অভিজ্ঞতা আহৰণৰ বাবেহে সাক্ষাৎকাৰত বহিছিলোঁগৈ। সাক্ষাৎকাৰৰ অভিজ্ঞতা অৱশ্যেই স্মৰণীয় আছিল। এই সাক্ষাৎকাৰটো মোৰ বাবে স্মৰণীয় আছিল এই কাৰণেই যে, স্কুলীয়া জীৱন পঢ়া আমাৰ সময়ৰ আটাইতকৈ প্ৰিয় English for Schools শীৰ্ষক ইংৰাজী ব্যাকৰণখনৰ স্ৰষ্টা টাবু টাইড ছাৰক সেই সাক্ষাৎকাৰতে প্ৰথম আৰু শেষ বাৰৰ বাবে মুখামুখিকৈ লগ পোৱাৰ সৌভাগ্য হৈছিল।

পুৰণি এই সাক্ষাৎকাৰটোৰ প্ৰসংগ হঠাতে মনলৈ অহাৰ কাৰণটো হ' বৰ্তমান অসমৰ সামাজিক মাধ্যম, বাতৰি-কাকত নতুবা বৈদ্যুতিন-মাধ্যম সকলোৱে বি বৰুৱা মহাবিদ্যালয়ৰ যিগৰাকী সহযোগী অধ্যাপিকা গীতাশ্ৰী তামূলীৰ চাকৰিৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰু সাক্ষাৎকাৰক লৈ মুখৰ হৈ পৰিছে সেই চাকৰিটোৰ নিৰ্বাচন প্ৰক্ৰিয়া তথা সাক্ষাৎকাৰটোৱেই আছিল মোৰ বাবে স্মৰণীয় সাক্ষাৎকাৰটো। এই সাক্ষাৎকাৰতে নিৰ্বাচিত হৈ গীতাশ্ৰী তামুলীয়ে বি বৰুৱা মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিছিল। গীতাশ্ৰী বাইদেউৰ সৈতে ব্যক্তিগত চিনা পৰিচয় নাছিল যদিও তেখেতৰ লিখনিৰ সৈতে পৰিচয় হৈছিলোঁ তাৰ আগতেই। সেইবাবে তেখেতে চাকৰিটো পোৱা বুলি পাছত জানিব পাৰিছিলোঁ। উল্লেখযোগ্য যে, সেই সময়ৰ অসমৰ অন্য মহাবিদ্যালয়সমূহত অনুষ্ঠিত সাক্ষাৎকাৰবোৰৰ গৰিষ্ঠসংখ্যকতে হোৱাৰ দৰে এই সাক্ষাৎকাৰটোতো কিবা স্বজন-তোষণ বা দুৰ্নীতি হোৱা বুলি কিন্তু আমি শুনিবলৈ পোৱা নাছিলোঁ তেতিয়া। কাৰণ সেই সময়ত সাক্ষাৎকাৰ এটা অনুষ্ঠিত হোৱাৰ আগতেই চাকৰিটো কাৰোবাৰ বাবে আগতেই নিৰ্দিষ্ট কৰি থোৱা বা সাক্ষাৎকাৰ উপস্থিত বিশেষজ্ঞক দেখি কোনে চাকৰি পাব পৰ্যন্ত আলোচনা হৈছিল সাক্ষাৎকাৰ অনু্ষ্ঠিত হোৱাৰ দিনাই। আমিবোৰ সেই সময়ত একেবাৰে নতুন আছিলোঁ বাবে প্ৰথম অৱস্থাত সকলো দেখি শুনিও বহু সময়ত আশাবাদী মন এটা লৈ ইটোৰ পাছত সিটো সাক্ষাৎকাৰলৈ দৌৰি ফুৰিছিলোঁ।

প্ৰসংগক্ৰমে মনত পৰিছে আজিৰ পৰা ১৫ বছৰৰ আগৰ সেই সময়ৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ সাক্ষাৎকাৰবোৰত হোৱা বিভিন্ন প্ৰকাৰৰ স্বজন-তোষণৰ বিষয়বোৰলৈ। সহকাৰী অধ্যাপকৰ সাক্ষাৎকাৰত বহাৰ বাবে প্ৰয়োজনীয় যোগ্যতাক বাদ দিলে লগত প্ৰয়োজনীয় অতিৰিক্ত তথ্যখিনি এতিয়াৰ সময়ৰ সাক্ষাৎকাৰতকৈ সেই সময়ত কিছু বেলেগ আছিল আৰু প্ৰাৰ্থী বাছনিৰ বাবে ঠিক কৰা নম্বৰৰ বিভাজনটোও এতিয়াতকৈ পৃথক আছিল। ইয়াৰোপৰি বিশেষকৈ সেই সময়ত মৌখিক সাক্ষাৎকাৰত থকা বেছি নম্বৰেও বাছনি কমিটিক ইচ্ছা অনুযায়ী স্বজন-তোষণৰ অতিৰিক্ত সুবিধা কৰি দিছিল। যাৰ ফলত প্ৰায়ে মহাবিদ্যালয়সমূহত আগৰে পৰা অস্থায়ীভাৱে কৰি থকা ব্যক্তিজনক নতুবা সাক্ষাৎকাৰৰ বাছনি কমিটিৰ সৈতে চিনা-পৰিচয় থকাসকল নিৰ্বাচিত হোৱা দেখা গৈছিল।

সেই সময়ত বিভিন্ন সাক্ষাৎকাৰত বহিবলৈ যোৱা চিনাকী-অচিনাকী প্ৰাৰ্থীসকলৰ মুখৰ পৰা অসমৰ প্ৰায় প্ৰতিটো প্ৰান্তৰৰ মহাবিদ্যালয়সমূহত সাক্ষাৎকাৰৰ নামত কেনেকুৱা কৰ্ম-কাণ্ডৰ ঘটে, সেই বিষয়ে বহু কথাই জানিবলৈ সক্ষম হৈছিলোঁ। এসময়ত ব্যক্তিগতভাৱে মোৰ মনত এনেকুৱাও ভাব হৈছিলগৈ যে কোনোবা এখন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ সাক্ষাৎকাৰৰ বাবে মতা পত্ৰখন পোৱাৰ পাছতে যেতিয়া জানিবলৈ পাইছিলোঁ যে তাত অমুকে আগৰে পৰা কাম কৰি আছে, গতিকে মিছাতে অহা যোৱাৰ টকাকেইটা খৰছ কৰিবলৈ গৈ কি হ'ব!! সেইবোৰ সময়তে কিন্তু এচামে মহাবিদ্যালয়ৰ অধ্যক্ষ, পৰিচালনা সমিতিৰ সভাপতি, স্থানীয় বিধায়ক নতুবা সাক্ষাৎকাৰৰ বাছনি সমিতিৰ সৈতে থকা আত্মীয়তা তথা চিনাকীৰ জৰিয়তে খটুৱোৱা কৰ্তৃত্বৰে চাকৰি লবলৈ সক্ষম হৈছিল। এনেবোৰ সময়ত এনেকুৱা বহু প্ৰাৰ্থীয়ে ভুৱা অভিজ্ঞতাৰ প্ৰমাণ-পত্ৰ, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ আলোচনীত প্ৰকাশিত লেখাৰেও সহকাৰী অধ্যাপকৰ চাকৰিত নিৰ্বাচিত হ'বলৈ সক্ষম হৈছিল। আনকি আমাৰ বহুতৰে চিনা-জনা নিজে প্ৰকৃতে সেই শ্ৰেণীৰ নোহোৱাৰ পাছতো ভুৱা জাতিগত প্ৰমাণ-পত্ৰেৰেও অন্যান্য পিছপৰা জাতি আৰু অনুসূচিত জাতিৰ বাবে সংৰক্ষিত পদত সহকাৰী অধ্যাপক হিচাপে মকৰল হৈ থকা বহু ব্যক্তি এইখন অসম মুলুকতে আছে।

বৰ্তমান গীতাশ্ৰী তামুলী বাইদেউ কেন্দ্ৰিক বিতৰ্কৰ অচিলাৰে যদি বৰ বেছি নালাগে আজিৰ পৰা ১৫ বছৰৰ আগতে অসমৰ বিভিন্ন মহাবিদ্যালয়ত নিযুক্তি পোৱা সহকাৰী অধ্যাপকসকলৰ যোগ্যতা আৰু নিযুক্তি প্ৰক্ৰিয়াৰ এক নিৰপেক্ষ আৰু উচিত তদন্ত হ'লহেঁতেন তেন্তে বহু জোলোঙাৰ আঁৰৰ মেকুৰী ওলাই পৰিল হয়। পিছে অসমীয়াত থকা প্ৰবচন ফাঁকিৰ দৰেই বৰ্তমান তদন্ত কৰা মানেই উদক ভেঁটা ৰখীয়া পতা দৰে নহ'বনে?? কাৰণ যিসকলে এই বিষয়টোৰ তদন্ত কৰিব তেওঁলোকো কিবা কাৰণত যদি পাল বাহিনীৰ কৃপাত ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া হিচাপে নিযুক্ত হৈছে, তেন্তে সেই তদন্ত কেনে হব সেয়া কল্পনা কৰাৰ সম্পূৰ্ণ দায়িত্ব আপোনাৰ!!

 

(২২ ফেব্ৰুৱাৰী ২০২৫ গোলাঘাট)

************

Thursday, 13 February 2025

অসম সাহিত্য সভা, বাৰ্ষিক অধিৱেশন, অৰ্থৰ অপচয় আদি কিছু বিক্ষিপ্ত ভাৱনা

 

অসম সাহিত্য সভাৰ অধিৱেশন আৰু কিছু বিক্ষিপ্ত ভাৱনা



অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্য ১৯১৭ চনতে গঠন হোৱা অসম সাহিত্য সভাৰ যোৱা কিছু বছৰৰ কাৰ্য-কলাপে অসমৰ সাধাৰণ জনতাৰ চকু কপালত উঠাইছে। সভাৰ প্ৰতি সাধাৰণ জনতাৰ আস্থা ক্ৰমে নোহোৱা হৈ আহি সম্প্ৰতি ই বিলুপ্তিৰ গৰাহত বুলি কলেও ভুল কোৱা নহব নিশ্চয়।

আগতে এবছৰৰ মূৰত অনুষ্ঠিত সভাৰ বছেৰেকীয়া অধিৱেশনখনি সম্প্ৰতি ২০০৭ বৰ্ষৰ পৰা ২ বছৰৰ বিৰতিত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হল যদিও বছেৰেকীয়া অধিৱেশন এভাগিও অনুষ্ঠিত হৈ আহিছে বিশেষ অধিৱেশনৰ নামত। পিছে ইয়াৰ পৰা অসমীয়া সাহিত্য বা অসমৰ জনগণ কি লাভান্বিত হৈছে সেয়াহে আমাৰ দৰে সাধাৰণ নৰমনিচৰ বাবে আজিও অজ্ঞাত হৈ ৰৈছে।

বিশেষকৈ এই বছৰৰ পাঠশালা চহৰত যোৱা ৩১ জানুৱাৰীৰ ২০২৫ পৰা ৪ ফেব্ৰুৱাৰী ২০২৫ তাৰিখলৈকে সদ্য অনুষ্ঠিত হৈ যোৱা অসম সাহিত্য সভাৰ ৭৭ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ বাজেট দেখিহে চকু কপালত উঠিছে। ইয়াৰ বাবে পৰম্পৰাগতভাৱেই অসমৰ বিভিন্ন চৰকাৰী তথা বেচৰকাৰী সংস্থা, ব্যক্তি আদিৰ পৰা অধিৱেশনৰ নামত দান-বৰঙণি উঠোৱাৰ উপৰি আশে-পাশে থকা শিক্ষানুষ্ঠানসমূহৰ পৰাও শকত পৰিমাণৰ দান-বৰঙণি সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে। এইখিনিতে মনত প্ৰশ্ন জাগিছে যে - এটা অনুষ্ঠানৰ বছেৰেকীয়া অধিৱেশন এখন আয়োজন কৰিবলৈ যদি চৰকাৰী শিক্ষানুষ্ঠানৰ পৰাও দান-বৰঙণি তুলিব লগা হয় তেন্তে তেনে অধিৱেশন আয়োজন নকৰিলেনো কি ক্ষতি হব সমাজ বা সেই বিশেষ অনুষ্ঠানটোৰ!! আৰু যদি আয়োজন কৰিব লাগেই তেন্তে ইমান এটা বৃহৎ আৰু পুৰণি অনু্ষ্ঠানে নিজে ইয়াৰ বাবে পুঁজিৰ ব্যৱস্থা কৰিব লোৱাৰ এক পন্থা গঢ়ি তোলাতো দৰকাৰী। যিহেতু সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰে প্ৰায় প্ৰতিটো প্ৰান্ততে সাহিত্য সভাৰ শাখাসমূহ আছেই। ইমানবোৰ শাখা আৰু প্ৰতিটো শাখাৰ সৈতে জড়িত অসংখ্য সদস্য থকাৰ পাছতো সভাই কিয় বেলেগৰ ওচৰত অধিৱেশন আয়োজনৰ বাবে হাত পাতিব লগা হৈছে। কিয় ৰজাঘৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত সভাৰ আযোজন চলিছে এইবাৰ!!!

আন বাদ দিও যোৱাতো কাৰ্যকালত অসম সাহিত্য সভাই অসমীয়া সাহিত্যৰ সমৃদ্ধি আৰু বিকাশৰ বাবে কি বিশেষ কাৰ্যপন্থা হাতত ললে!! লগতে ভৱিষ্যতৰ বাবে সভাই কি কি পৰিকল্পনা কৰিছে সেই বিষয়ে কিবা তথ্য সাধাৰণ জনতাই হাততে পোৱাকৈ যোগান ধৰিছেনে তেওঁলোকে আজিলৈকে!! সৰ্বোপৰি যোৱাটো কাৰ্যকালত সাহিত্য সভাই কিমান ন -পুৰণি কিতাপ প্ৰকাশ কৰিলে আৰু অন্যান্য গ্ৰন্থ প্ৰকাশক উৎসাহিত কৰাৰ বাবে কি কি কাৰ্যপন্থা সভাই ললে! - সেই বিষয়ে লিখিত নথি কিবা পোৱা যাবনে!!

বিপৰীতে কোটি কোটি টকাৰ বাজেটেৰে দুবছৰৰ মূৰে মূৰে দ্বিবাৰ্ষিক অধিৱেশন পাতি মানুহৰ সমাগম ঘটোৱাই যদি সভাৰ লক্ষ্য হয় তেন্তে আমাৰ কবলগীয়া বিশেষ একো নাই। সমান্তৰালভাৱে সভাৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি বিষয়ববীয়া আৰু সভা আয়োজন কৰা স্থানৰ আদৰণি সমিতিয়ে জাকত জিলিকাকৈ অধিৱেশনখনিৰ আয়োজন কৰি বাহঃ বাহঃ লোৱাৰ যি এখন পুনঃপৌণিক নাটক অসমত আৰম্ভ হৈছে, তাৰ পৰা অসমীয়া ভাষা-সাহিত্যৰ কিবা উপকাৰ হৈছে বুলি মোৰ মনে নধৰে।

ইয়াৰোপৰি দুটা বছৰৰ কাৰ্যকালত সভাপতি-সম্পাদকৰ বিভিন্ন শিতানৰ খৰছবোৰ দেখিলেতো সাধাৰণ জনতাৰ চকু কপালত উঠিব। হয়তো এনে এক উদ্দেশ্যতে সম্প্ৰতি যোৱা দুটামান বছৰৰ পৰা সাহিত্য সভাৰ সভাপতি আৰু সম্পাদক পদৰ বাবে অনু্ষ্ঠিত নিৰ্বাচনত অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। এনে এক লাভাজনক অৰ্থনৈতিক পৰিৱেশৰ উমান পায়েই অসমীয়া সাহিত্য চৰ্চাৰ সৈতে পোনপটীয়াকৈ জড়িত নথকা আনকি ব্যৱসায়ীক ব্যক্তিও অসম সাহিত্য সভাৰ সভাপতি পদত নিৰ্বাচিত হৈছে, তেখেতকৈ বহু গুণে যোগ্য ব্যক্তিক নিৰ্বাচনত পৰাজিত কৰি। কিন্তু এসময়ত অসম সাহিত্য সভাৰ সভাপতি বুলি কলে যি এক সন্মান তথা বিশেষ দৃষ্টিৰে ব্যক্তি এজনক অসমৰ ৰাইজে চাইছিল সেয়া যে চকুৰ আগতে ক্ৰমে নোহোৱা হৈ পৰিছে। আনকি বৰ্তমান সচেতন নগণ্য এচাম ব্যক্তিৰ বাদে বাকী জনতাৰ উক্ত বিষয়টোৰ প্ৰতিয়েই কোনো গুৰুত্ব নোহোৱা হৈ পৰিছে। এনেকুৱা হৈ পৰিছে যে আপোনাৰ মোৰ চুবুৰীৰ বিভিন্ন সংস্থা বা সমিতিবোৰৰ সভাপতি পদবীটো যেনে, অসম সাহিত্য সভাৰ সভাপতিৰ পদটোও যেন ঠিক একেই পদবী হৈ পৰিছে। পাৰ্থক্য আপোনাৰ মোৰ চুবুৰীৰ বা স্থানীয় অঞ্চলৰ সভাপতিজনে আপোনাৰ মোৰ কথাতো গুৰুত্ব দিয়ে কিন্তু অসম সাহিত্য সভাৰ সভাপতিয়ে আপোনাৰ মোৰ কথাত গুৰুত্ব দিয়া দূৰৰে কথা আনকি তেওঁলোকৰ আপোনাৰ মোৰ কথা শুনিবলৈ আহৰিয়েই নাই।

 

(সৰভোগ, ৭ ফেব্ৰুৱাৰী ২০২৫)

***************