এফালে সমাজত সত্য তথা ন্যায় প্ৰতিষ্ঠাৰ
বাবে জীৱন পাত কৰাৰ কিম্বদন্তিৰে পূৰ্ণ আমাৰ লোককাহিনীৰ মেটমৰা বোজা।
কিম্বদন্তিপূৰ্ণ লোককাহিনীত সজীৱ এনে বীৰ গাথাবোৰে আমাক আমাৰ ঐতিহ্যৰ প্ৰতি কৰি
তোলে অধিক সক্ৰিয় আৰু সজাগ। আমি উগ্ৰ হৈ উঠো খন্তেকতে, এনে
একোটা কিম্বদন্তিমূলক কাহিনীৰ চুলিমানো বিচ্যুতিত। আমাৰ উৰ্বৰ মস্তিষ্কত বাস কৰা
সামাজিক চেতনাৰ এই বিশেষ অংশটোৱে আমাক যুক্তিবাদৰ আধাৰত সমাজখনক নতুনকৈ চোৱাত
প্ৰতিটো খোজতে প্ৰতিবন্ধতাৰ সৃষ্টি কৰে। সাম্প্ৰতিক সময়ত লোককাহিনীক বাদ দিলেও
আধুনিক সাহিত্যৰ গল্প, উপন্যাস আদিৰ দৰে বিভিন্ন আংগিকত বীৰ
গাথা, সামাজিক ন্যায় প্ৰতিষ্ঠা, অন্যায়ৰ
প্ৰতি কৰা বিদ্ৰোহ আৰু সততাৰে জীৱনক মহীয়ান কৰা কাহিনী ভৰপূৰ মাত্ৰাত আমাৰ বাবে
উপলব্ধ। এনেবোৰ কাহিনীৰ মাজেৰে সমাজ-বাস্তৱতাক ওচৰৰ পৰা অংকন কৰাৰ প্ৰয়াস দেখা
পোৱা যায়। কিন্তু উত্তৰ পুৰুষৰ ভৱিষ্যতৰ স্বাৰ্থত হ'লেও এই
কাহিনীবোৰত যুক্তিবাদী দৃষ্টিভংগী আৰু বিজ্ঞানমস্কতাক বিশেষ গুৰুত্ব প্ৰদান কৰা
দৃষ্টিগোচৰ নহয়। আমাৰ কিম্বদন্তি আশ্ৰিত লোককাহিনীৰ এক পৰোক্ষ প্ৰভাৱ আধুনিক
সাহিত্যৰ মাজত আজিও কম-বেছি পৰিমাণে থকাৰ ফলশ্ৰুতিতে যে পৃথিৱীৰ অন্যান্য প্ৰান্তৰ
আধুনিক সাহিত্যৰ সৈতে আমাৰ দেশৰ সাহিত্যই ফেৰ মাৰিব পৰা নাই বুলিলে বঢ়াই কোৱা নহ'ব নিশ্চয়!!
(সৰভোগ/২৫ জানুৱাৰী ২০২৩)
******
