Friday, 14 December 2018

অসমীয়াৰ ৰাজনৈতিক সচেতনতা নে নিৰ্বাচনী উৎসৱ!!

কি হৈছে আচলতে ৰাজ্যখনত!

ৰাজ্যত শাসনাধিস্থ যিখন চৰকাৰৰ বিৰুদ্ধে দল সংগঠন নিৰ্বিশেষে সকলো একত্ৰিত হৈ গৰজি উঠিছে আকৌ সেইখন চৰকাৰৰ থকা দলটোকে প্ৰথম পছন্দ কৰিছে সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত! সাধাৰণ জনতাৰ কথা আৰু কামৰ মাজৰ এই ব্যৱধানৰ আঁৰৰ ৰহস্য কি!! নে চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ পথ লবলৈ জনতাক এইক্ষেত্ৰত প্ৰতিবাৰেই বাধ্য কৰা হয় কিছু প্ৰলোভন আৰু সস্তীয়া আৱেগৰ সহায় লৈ৷ হয় মই অসম মুলুকত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰসংগতে মনলৈ অহা প্ৰথম প্ৰশ্নটো নিজকে কৰি চাইছো৷

পিছে ঠিকেইটো আছে সকলো! মইহে কিবা নকৰিবলগীয়া প্ৰশ্ন এটাত সোমাই আছো নেকি? সকলোফালেচোন চৰকাৰৰ উন্নয়নৰ ঢাক-ঢোল কোবোৱা প্ৰচাৰবোৰক বাদ দিলেও ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ ভিতৰুৱা ৰাস্তা-ঘাটবোৰৰ চেহেৰা বহুখিনি সলনি হৈছে৷ যদিওবা এই সলনিখিনি সময়ৰ দাবী তথা কেন্দ্ৰীয় চৰকাৰৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ ভিতৰুৱা অংশ!! হ'লে কি হ'ব সৰ্বসাধাৰণ জনতাৰ বুজনসংখ্যকৰ বাবে এয়াতো ৰাজ্য চৰকাৰখনৰে মহৎ প্ৰচেষ্টা৷ ৷

এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ সময়তে মনলৈ অহা আনটো প্ৰশ্ন হ'ল যে সংসদীয় বা বিধানসভাৰ নিৰ্বাচনতকৈও জাক জমককৈ অনুষ্ঠিত হোৱা এই নিৰ্বাচনটোৰ সমুদায় খৰচৰ বৃহৎ অংশ এটা ৰাজনৈতিক দলসমূহেই বহন কৰা নাই জানো? নিৰ্দলীয় প্ৰাৰ্থীসকলৰ ব্যক্তিগত খৰচৰ হিচাবটো বাদ দিও যদি এই সৰু-ডাঙৰ ৰাজনৈতিক দলসমূহৰ খৰচটোলৈ চকু দিও তেন্তে মোৰ দৰে সাধাৰণ জনতাৰ দৃষ্টিলৈ অহা বিষয়টো হ'ল - এইটো নিৰ্বাচনত ব্যাপক হাৰত খৰচ কৰা জনসাধাৰণৰে পুঁজিবোৰতো, তেওঁলোক দাতা কৰ্ণ নহয় যে দান হিচাপে দি হাত সাৱটি বহি থাকিব!! তেন্তে এইখিনি খৰচ মিলাবলৈ গাঁৱৰ উন্নয়নৰ নামত বিভিন্ন শিতানত অহা চৰকাৰী আঁচনিবোৰৰ পুঁজি নিজৰ নিজৰ দলৰ শিতানলৈ দিয়াটো দিনৰ পোহৰৰ দৰে উজ্জ্বল৷ তেনেহ'লে কথাটো এনেকুৱা নহয় জানো যে, বৰ্তমান কেন্দ্ৰীয় চৰকাৰে গাঁৱ পঞ্চায়তসমূহলৈ যোগান ধৰা পুঁজিৰ মাত্ৰধিক্যলৈ চকু দিয়েই পঞ্চায়ত নিৰ্বাচনত সকলোৱেই ৰাং কুকুৰৰ জাকৰ দৰে জপিয়াই পৰিছে!!

ইমানৰ পিছত গ্ৰামাঞ্চলৰ প্ৰকৃত উন্নয়ন কোন দিশে বাৰু! কাৰ্যকালৰ শেষত কিবা নহয় কিবা অলপ কাম হয়তো হ'বগৈ! কিন্তু যিখিনি হ'বগৈ সেয়া নহ'লেই নোহোৱাখিনি বুলি আমি মানি নললেও উপায় নাই আমাৰ হাতত৷ কাৰণ তাতকৈ বেছি দাবী কৰাৰ বা আশা কৰাৰ সামৰ্থই নাই আমাৰ! তাৰ মাজতে দুই চাৰিজন যে ব্যতিক্ৰমী নাথাকিব সেয়াও আমি নুই কৰিব নোৱাৰোঁ৷ কিন্তু সেয়াও অৰণ্যৰোদনৰ নামান্তৰহে হয়গৈ সদায়৷

উন্নয়নৰ প্ৰসংগ তথা ভৱিষ্যতৰ প্ৰসংগক বৰ্তমানে নিলগাই থলো বাৰু৷ ভৱিষ্যত সদায় আমাৰ বাবে যিদৰে প্ৰাসংগিক টিক সেইদৰে অনিশ্চিতও৷

কিন্তু যোৱা ৫ আৰু ৯ ডিচেম্বৰ ২০১৮ তাৰিখে দুটা পৰ্যায়ত ৰাজ্যখনত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ নামত ১২, ১৩ আৰু ১৪ ডিচেম্বৰ তাৰিখে তিনিটাকা দিন জনতাৰ যি সমাগম বা উৎসাহ দেখা পাইও মনলৈ প্ৰশ্ন দুটামান আহিল৷ (মনটো বৰ বেয়া বস্তুহে, কিবা এটা দেখিলেই বিভিন্ন প্ৰশ্নই জুমুৰি দি ধৰেহি অনবৰতে৷ মানৱিক প্ৰবৃত্তি নে নিজৰে সমস্যা নিজে বঢ়াই লোৱাৰহে উপায়, নিজে বুজি নাপাওঁ বহু সময়ত)

প্ৰথম কথা, নিৰ্বাচনৰ সৰু-ডাঙৰ নাই কথাটো প্ৰমাণ কৰিবলৈকে যেন পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ল'বলৈও অসমৰ জনসাধাৰণ হিল দ'ল ভাঙি উলাই আহিল ৰাজ্যৰ সকলো প্ৰান্তৰতে৷ আনকি ফলাফল ল'বলৈকে প্ৰাৰ্থীসকলৰ লগতে বৃহৎ অংশৰ উগ্ৰসমৰ্থসকলো দুটাকৈ উজাগৰী ৰাতি কটাই দিলে ভোট গণনা কেন্দ্ৰৰ বাহিৰতে৷ মনৰ মাজতে ভাবিলোঁ, এই যে প্ৰাৰ্থীসকলৰ সৈতে উজাগৰী ৰাতি কটোৱা এলেকৰ-পেলেক উগ্ৰসমৰ্থকসকলৰ ইমানটো দৰদৰ আঁৰৰ ৰহস্যটো বাৰু জয়ী হ'লে পাব পৰা সাম্ভাৱ্য লাভৰ অংকটোৱেই মূল নহয় জানো!!

তদুপৰি ফলাফলকলৈ জনসাধাৰণৰ অভূতপূৰ্ব উৎসাহে এনেকুৱা এটা পৰিৱেশৰ সূচনা কৰিলে, যেন অসমৰ গ্ৰামাঞ্চলত এক, হয় কোনো ধৰণৰ সমস্যা নাই নতুবা দুই, গাঁও পঞ্চায়তসমূহৰ কাম-কাজে গ্ৰামাঞ্চলৰ ৰাইজৰ সকলো স্তৰকে সম্পূৰ্ণ সন্তুষ্ট কৰিবলৈ সক্ষম হৈছে৷

প্ৰশ্নবোৰৰ উত্তৰ জনসাধাৰণৰ হাততে আছে৷ ইমানৰ পিছতো আশা কৰিবলৈ মন যায়, এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকলে জনসাধাৰণৰ প্ৰত্যাশা পূৰণত সফল হ'ব৷ পূৰ্বৱৰ্তী পঞ্চায়ত প্ৰতিনিধিসকলৰ নামত থকা দুৰ্নীতি-স্বজনপ্ৰীতি আদি বদনামবোৰৰপৰা আঁতৰি নতুনতকৈ নিয়োজিত হ'ব লগা জনপ্ৰতিনিধিসকলে সম্পূৰ্ণ নিজস্বতাৰে জনতাৰ কামসমূহ সম্পূৰ্ণ কৰাত বিশেষ পাৰদৰ্শীতা দেখুৱাই জনসাধাৰণৰ হেৰুৱা আস্থা ঘূৰাই আনিবলৈ সক্ষম হ'ব৷

(১৫ ডিচেম্বৰ ২০১৮/ সীতাজখলাৰ বনভোজস্থলীত)

Tuesday, 27 November 2018

জনজাতীয় জীৱন আৰু ডেকা চাং


নজাতীয় জীৱনৰ বিভিন্ন স্বকীয় বৈশিষ্ট্যৰ ভিতৰত এটি উল্লেখযোগ্য বৈশিষ্ট্য হল – ডেকা চাং। যাৰ উপস্থিতি পৃথিৱীৰ অন্যান্য স্থানৰ দৰে অসমৰ জনজাতীয় জীৱনটো বৈচিত্ৰ্যপূৰ্ণ ৰূপত দেখা পোৱা যায়। সাংসাৰিক শিক্ষাৰ কঠিয়াতলী এই ডেকা চাঙবোৰে ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা থকা জনজাতিসকলৰ আধুনিক মনটোৰ পৰিচয় বহন কৰে। জনজাতি এটাৰ মাজত প্ৰচলিত অলিখিত নিজস্ব ৰীতি-নীতি তথা নিয়ম-কানুনবোৰ উঠি অহা প্ৰজন্মক শিকোৱাটোৱেই ডেকা চাঙৰ মূল উদ্দেশ্য। এই ডেকা চাঙবোৰৰ নাম জনজাতি ভেদে ভিন্ন হোৱাৰ লগতে নিৰ্মাণ শৈলী কিছু ভিন্ন হয় যদিও মূল বৈশিষ্ট্যসমূহত মিল দেখা পোৱাটো এক মন কৰিবলগীয়া দিশ জনজাতীয় ডেকা চাঙবোৰলৈ লক্ষ্য কৰিলে আমি নিম্নোলিখিত ধৰণৰ বৈশিষ্ট্যসমূহ দেখা পাওঁ –

* কিছুমান জনজাতিৰ ক্ষেত্ৰত ল'ৰা আৰু ছোৱালীৰ কাৰণে সুকীয়া গৃহৰ ব্যৱস্থা থকা দেখা যায়। কিন্তু বেছিভাগ ক্ষেত্ৰতে লৰা-ছোৱালীৰ কাৰণে যুটীয়া ভাৱে এটা গৃহৰে ব্যৱস্থা থাকে। উদাহৰণস্বৰূপে, 
টাংখুল নগাসকল আৰু জেলিয়াংসকলৰ লগতে অৰুণাচল প্ৰদেশৰ টাংছা জনজাতিৰ মাজত লৰা আৰু ছোৱালীৰ কাৰণে সুকীয়া ডেকা চাং আৰু গাভৰু চাঙৰ ব্যৱস্থা আছে।

* সাধাৰণতে ডেকা চাঙবোৰ গাঁৱৰ সীমামূৰীয়া ঠাইত বা মুকলি ঠাইত স্থাপন কৰা দেখা যায়। কিছুমান জনজাতিৰ ক্ষেত্ৰত আকৌ গাঁৱৰ কেন্দ্ৰ স্থলত, খেতি পথাৰৰ সমীপত আৰু গাঁৱৰ সীমামূৰীয়া বনাঞ্চলৰ কাষত থকাও দেখা যায়। গাঁৱৰ প্ৰতিৰক্ষাকেই ইয়াৰ মূল কাৰক হিচাপে আমি নিৰ্ধাৰণ কৰিব পাৰোঁ

* ডেকা চাঙৰ জীৱন নিৰ্বাহত কোনো ধৰণৰ বিভিন্নতা নোহোৱাকৈ পৰম্পাৰগত নিয়ম-নীতিসমূহ মানি চলা দেখা যায়। এই দৃষ্টিৰে ডেকা চাঙবোৰ জনজাতিসকলৰ পৰম্পৰা বৰ্তাই ৰখাৰো এক উপযুক্ত মাধ্যম।

*ডেকা চাঙৰ সদস্য ভৰ্তিৰ বয়সৰ সীমা জনজাতি ভেদে ভিন্ন হোৱা দেখা যায়। সাধাৰণতে চাৰিৰ পৰা পাঁচ বছৰৰ বয়সৰ লৰা-ছোৱালীক সদস্য হিচাপে মানি লোৱা হয়। এই সদস্য ভৰ্তিৰ ক্ষেত্ৰত আনুষ্ঠানিকভাৱে নাম লিখোৱাৰ কোনো নিয়ম নাই। কিন্তু গাওঁ এখন বা জনজাতি এটাৰ বয়স উপযোগী লৰা-ছোৱালীবোৰক আপোনা আপুনি ডেকাচাঙৰ সদস্য হিচাপে মানি লোৱা হয় তেওঁলোকৰ মাজত চলি অহা নিয়ম মানি লৈয়ে।

*জনজাতীয় ডেকা চাঙবোৰৰ সদস্যসমূহৰ ক্ষেত্ৰত দেখা পোৱা এটা অলিখিত নিয়ম হল – ডেকা চাং বা গাভৰু চাঙবোৰৰ লৰা-ছোৱালীবোৰৰ বিবাহৰ লগে লগে তেওঁলোকৰ সদস্য পদ নিজে নিজে খাৰিজ হয়।

*এই ডেকা চাঙবোৰৰ আন এটা অন্যতম প্ৰধান বৈশিষ্ট্য হল – এই ডেকা চাঙবোৰতে লৰা-ছোৱালী নিৰ্বিশেষে তেওঁলোকৰ নিজৰ নিজৰ পচন্দৰ সংগী বাছনি কৰাৰ সুযোগ দিয়া হয়। যিটো আধুনিক জীৱন যাত্ৰাত এতিয়াও পৃথিৱীৰ উন্নত দেশ কিছুমানক বাদ দি অন্যান্য দেশসমূহত বিৰল। যিমানেই আমি উন্নত জীৱন চৰ্যা, ব্যক্তি স্বাধীনতা আদি বিষয়বোৰক লৈ আলোচনা, বিতৰ্ক নকৰোঁ কিয় এটা মুকলিমুৰীয়া স্বতন্ত্ৰ জীৱন যাপনৰ বাবে আমি আজিও হামৰাও কাঢ়িব লগা হৈছে, আজিৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰে তথাকথিত উন্নত সভ্যাতাৰ যুগটো। যিটোৰ পূৰ্ণ ৰূপ এটা আমি জনজাতীয় ডেকাচাঙবোৰৰ মাজেৰে তেওঁলোকৰ মাজত প্ৰচলিত হৈ অহা দেখা পাওঁ অতীজৰে পৰা।

*জনজাতীয় ডেকাচাঙৰ নিয়ম অনুসৰি কোনো বিধবা মহিলাই যদি পুনৰ বিবাহত নবহে তেন্তে তেওঁ পুনৰ ডেকাচাং বা গাভৰু চাঙৰ সদস্য হিচাপে বিবেচিত হয়। যাৰ ফলত বিধবা মহিলা এগৰাকীয়ে স্বামীৰ মৃত্যুৰ পিছত সমাজ বা ঘৰখনৰ পৰা পাব পৰা সাম্ভাৱ্য দুখবোৰৰ পৰা অতি সহজেই পৰিত্ৰাণ পাইছিল সমাজৰ প্ৰচেষ্টাতে। ইয়াক আমি মহিলা সৱলীকৰণৰ ক্ষেত্ৰত জনজাতীয় সমাজে লোৱা এটা সৱল খোজ হিচাপে আমি চিহ্নিত কৰিব পাৰোঁ।

*সন্ধিয়া ঘৰত আহাৰ গ্ৰহণৰ কৰাৰ পিছত সকলো সদস্য ডেকা চাঙত একগোট হৈ একুৰা জুইৰ চাৰিওফালে বহি বিভিন্ন আলোচনা –বিলোচনা, সাধু কোৱাৰ লগতে নাচ-গান আদিত ভাগ লাছিল। তাৰ উপৰিও বিভিন্ন খেল-ধেমালিত ভাগ লৈ ডেকাচাঙৰ সদস্যসকলে ৰাতিটো তাতে কটায় ইয়ে তেওঁলোকৰ মাজত সামাজিক যোগ-যোগৰ মাধ্যম হিচাপে কাম কৰিছিল। কাৰণ জুইৰ গুৰিত বহি কৰা আলোচনাবোৰৰ পৰা সমাজখনৰ চৌপাশে ঘটি থকা ঘটনা-পৰিঘটনাসমূহৰ বিষয়ে তেওঁলোক সজাগ আৰু সতৰ্ক হবলৈ সুবিধা পাইছিল। সাধু কোৱা, নাচ-গান আদিৰ মাজেৰে ডেকা চাঙবোৰে সংস্কৃতি চৰ্চাৰ পৰিৱেশ এটা ৰচনা কৰাৰ লগতে সাংস্কৃতিক ৰংগমঞ্চৰ প্ৰয়োজনীয়তাও পূৰণ কৰিছিল।

*কনিষ্ঠ আৰু জেষ্ঠ্যতাৰ আধাৰত দুটা ভাগত ভাগ কৰা হয় ডেকা চাঙৰ সদস্যসকলক। দলপতিজন জেষ্ঠ্যসকলৰ মাজৰ পৰাই বাছি উলিওৱা হয়। দলপতিজনে সকলোৰে সদস্যৰ ওপৰত চকু ৰাখি তেওঁলোকৰ মাজত শৃংখলাবদ্ধতা বজায় ৰাখে। কনিষ্ঠসকলে জেষ্ঠ্যসকলৰ সকলো আদেশ মানি চলাটো ডেকাচাঙৰ অলিখিত নিয়ম। লগতে জেষ্ঠ্য সদস্যসকলৰ উপৰিও সন্ধিয়া ডেকাচাঙৰ জুইৰ কাষৰ আলোচনাত ভাগ লোৱা বয়োজেষ্ঠ্যসকলৰ পৰাও তেওঁলোকে জীৱনৰ নানান দিশৰ শিক্ষা লাভ কৰে। জনজাতীয় সমাজত প্ৰচলিত পৰম্পৰাগত গণতান্ত্ৰিক পদ্ধতিৰ নিদৰ্শন আমি এই ডেকা চাঙবোৰৰ পৰাও দেখা পাওঁ।

*ডেকা চাঙৰ ভিতৰুৱা কথা-বাৰ্তাবোৰ নিজৰ মাজতে গোপনে ৰখাটো সদস্যসকলৰ এক অলিখিত নিয়ম তথা তেওঁলোকৰ কৰ্তব্যও। ইয়াৰ মাজেদি ডেকা চাঙৰ সদস্যসকলক কৰ্তব্য সম্পাদন আৰু কৰ্তব্যনিষ্ঠাৰ প্ৰাথমিক শিক্ষা দিয়াটো দৃষ্টিগোচৰ হয়।

* ডেকা চাঙৰ সদস্যসকলে একগোট হৈ গাঁৱৰ সৰ্বসাধাৰণ ৰাইজৰ বিভিন্ন কামত সহায়ৰ হাত আগবঢ়ায়। যেনে – কাৰোবাৰ বিবাহ অনুষ্ঠান, ঘৰ-দুৱাৰ বনোৱা বা মেৰামতি কৰা, খেতি-বাতি চপোৱা আদি বিভিন্ন কামত। তদুপৰি জনজাতিসকলৰ মাজত প্ৰচলিত পৰম্পৰাগত ঝুম খেতি, চিকাৰ কৰা আদিৰ শিক্ষাও ডেকাচাঙৰ পৰাই পাইছিল। জনজাতিসকলৰ সামাজিক কৰ্মত  সমবায় পদ্ধতিৰে অংশগ্ৰহণৰ এয়া উৎকৃষ্ট উদাহৰণ।

গাঁৱৰ বয়োজেষ্ঠ্যসকলে দিনৰ ভাগত ডেকাচাঙৰ কনিষ্ঠ সদস্যসকলক জনজাতীয় সামাজিক জীৱনৰ প্ৰয়োজনীয় বিভিন্ন বিষয়বোৰৰ উপৰিও পৰম্পৰাগত হস্ত-শিল্প, বয়ন-শিল্প আদিৰ বিষয়ে শিক্ষাদান কৰে। অনানুষ্ঠানিক শিক্ষাৰ যোগেদি জনজাতীয় লোকসকলে এইদৰে জীৱন যাপনৰ কাৰণে দৰকাৰী বিভিন্ন শিক্ষাৰ লগতে বৃত্তিমুখী শিক্ষাও ডেকা চাঙতে লাভ কৰিছিল।

* জনজাতিবোৰৰ মাজত হোৱা পুৰণি কালত সঘনে হৈ থকা বিভিন্ন ধৰণৰ সংঘাত নিৰাময়ৰ প্ৰয়োজনীয়তাতে তেওঁলোকৰ মাজত ডেকাচাঙবোৰৰ গুৰুত্ব বৃদ্ধি পাইছিল।


(১২ ডিচেম্বৰ ২০১৭- নগাওঁ)
******

জামবিলী আথন


কাৰবি পৰম্পৰাত প্ৰচলিত এক অপৰিহাৰ্য সম্পদ আৰু প্ৰতীক হল জামবিলী আথন। জামবিলী আথনৰ বুৎপত্তিগত অৰ্থ হৈছে – জামবিলী মানে জোলোঙা বা মোনা আৰু আথন মানে ৰখা ঠাই। অৰ্থাৎ জোলোঙা ৰখা ঠাই। কিন্তু এই জোলোঙা ৰখা ঠাইটোৱেই জামবিলী আথনৰ প্ৰকৃত অৰ্থ নহয়। ইয়াত নিহিত হৈ আছে এক ব্যাপক অৰ্থ।

কাৰ্বি ডেকাচাঙ জিৰছংৰ ডেকা-গাঙৰুহঁতে জুমতলীত আনুষ্ঠানিকভাৱে কৃষিকৰ্ম কৰাৰ সময়ত তামোল-পাণৰ জোলোঙা ওলোমাই ৰাখিবলৈ কাঠেৰে সজা সজুঁলিটো জুমতলীৰ কাষত পুতি থৈছিল। এই জোলোঙা ওলোমাই ৰখাৰ পৰাই ইয়াৰ নাম মোনা ৰখা সজুঁলি বা জামবিলী আথন হল। কিন্তু বৰ্তমান ই কেৱল জোলোঙা বা মোনা ৰখা নুবজায় এক ব্যাপক অৰ্থ পৰিগ্ৰহ কৰিছে। জামবিলী আথনে কাবৰিসকলৰ মনত এক মহান জাতীয় গৌৰৱৰ ঐতিহ্যমণ্ডিত প্ৰতীক হিচাপে স্বীকৃতি লাভ কৰিছে। লগতে ইয়াৰ সাংস্কৃতিক মূল্যও যে অপৰিসীম সেয়া ক্ৰমে পৰিস্ফূট হৈ উঠিছে।
কাৰবি সমাজ-সাংস্কৃতিক জীৱনৰ সৈতে বৰ্তমানে অঙ্গা-অঙ্গীভাৱে সম্পৰ্কিত হৈ পৰা জামবিলী আথনৰ ৰূপটোনো এতিয়া কি প্ৰকৃততে? জামবিলী আথন প্ৰতীকদণ্ডডাল সাধাৰণতে ৰঙা ফুল ধৰা বেংৱই বা কলমতুলা গছৰ কাঠৰে তৈয়াৰ কৰা হয়। যিবোৰ অঞ্চলত ৰঙা ফুলৰ কলমতুলা গছ দুষ্প্ৰাপ্য তাত বগা ফুলৰ কলমতুলা গছৰ কাঠ ব্যৱহাৰ কৰা হয়।

গছা আকৃতিৰ এই প্ৰতীকৰ দণ্ডডালৰ উচ্চতা প্ৰায় পাঁচ হাত। ইয়াৰ চাৰিটা ডাল ৰখা হয়। দণ্ডডালৰ শীৰ্ষত ভীমৰাজ (ৱজাৰু) চৰাইৰ কাঠৰ প্ৰতিকৃতি ৰখা হয়। ডালবোৰত ফেঁচু চৰাই (ৱৰালি) আৰু দণ্ডডালৰ গাত বাঢ়ৈটোকা (ৱলেং) চৰাইৰ প্ৰতিকৃতিৰে সজাই তোলা হয়। গোটেই প্ৰতীক দণ্ডটোক ছিবু নামৰ বনজ পাতৰ ৰসেৰে কলা ৰং দিয়া হয়। কাঠৰ চৰাইবোৰৰ ডিঙিৰ কড়িৰ মালা, মণিৰ গলপতা, ৰূপৰ মুদ্ৰা আদিৰে জামবিলী আথনটোক আটক ধুনীয়াকৈ সজাই ৰখা হয়।

জামবিলী আথনৰ ধাৰণা
জামবিলী আথন প্ৰতীকদণ্ডডালৰ জন্ম হয় ডেকাচাঙৰ মজিয়াতে। এই লোকগাথাসমূহ চালি-জাৰি চাই কব পাৰি যে প্ৰথমতে জামবিলী আথনৰ ওপৰত কোনো ভাববাদী আদৰ্শ আৰোপ নহৈছিল। ই একমাত্ৰ যুৱ সংস্কৃতিৰ অৰ্থাৎ কাৰবি ডেকাচাং জিৰছংৰ একচেটিয়া সম্পদ আছিল। পুৰণি সময়ত জিৰচং অনুষ্ঠানত এই প্ৰতীকৰ ব্যৱহাৰ অপৰিহাৰ্য আছিল। এই প্ৰতীকটো হাবিত তৈয়াৰ কৰাৰ পাছত ডেকাহঁতে পাঁচটা তামোল-পাণৰ টোপোলাৰে মান ধৰি আদৰি অনাৰ পৰম্পৰা আছিল। জামবিলী আথন জিৰছঙৰ মজিয়ালৈ আনাৰ পৰৱৰ্তী সময়ত গাঁৱৰ মুৰব্বীসকলক মাতি আনি পৰম্পাৰাগত মদ বা হৰলাঙেৰে আপ্যায়িত কৰা হৈছিল। আলহীসকলে খাওঁতে জামবিলী আথন প্ৰতীকটোক ছেৰ্ ৰূপ আমেন বুলি নামাকৰণ কৰাৰো এক ৰীতি আছিল। সময়ৰ গতিত এই প্ৰতীক ডেকাচাঙৰ মজিয়াৰ পৰা লুপ্ত হৈ গোষ্ঠীনেতাসকলৰ নিয়ন্ত্ৰণাধীন হৈ পৰে।

মধ্যযুগত কাৰবি ৰজাসকলৰ ৰাজপ্ৰতীক হিচাপে জামবিলী আথন ব্যৱহাৰ হবলৈ ধৰে। ৰজাৰ ছাতিৰ ওপৰত সৰু আকৃতিৰ জামবিলী আথন সংযোগ কৰা হৈছিল। এনে প্ৰতীকক ছাৰকু বোলা হৈছিল। এনে পৰিপ্ৰেক্ষতে জামবিলী আথনৰ প্ৰতীকৰ ভাবাৰ্থৰো অন্য ৰূপ দিয়া হল। সেয়েহে প্ৰতীকপটৰ শীৰ্ষত থকা ভীমৰাজ (ৱজাৰু) চৰাইক চৰাইবিলাকৰ ৰজা হিচাপে মান্য কৰা হয়। গতিকে ভীমৰাজ কাৰবি ৰজাৰ প্ৰতীক হিচাপে চিহ্নিত হল কালক্ৰমত। ফেঁচু চৰাইবোৰ ৰজাৰ অধীনস্থ বিষয়ববীয়া আৰু ৱলেং বা বাঢ়ৈটোকা চৰাইবোৰে যিহেতপ গছ খুটিয়াই পোকজাতীয় আহাৰ সংগ্ৰহ কৰে, সেই অৰ্থত ইয়াক প্ৰজাৰ প্ৰতীকৰূপে ধৰা লোৱা হল।

কাৰবি পৰম্পৰা অনুসৰি ৰজাসকলেই জামবিলী আথনৰ প্ৰতীকৰ ব্যৱহাৰৰ অধিকাৰী। ৰজাৰ প্ৰতিনিধি স্বৰূপে হাবেসকলৰ ভিতৰত হাবেপিক এই প্ৰতীক ব্যৱহাৰৰ অনুমতি দিয়া হয় সামান্য সাল-সলনিৰ জৰিয়তে। এই ক্ষেত্ৰত প্ৰতীকদণ্ডডালৰ শাৰ্ষবিন্দুত হাবেপিএ ভীমৰাজ চৰাইৰ সলনি মইনা চৰাইৰ প্ৰকৃতিহে ব্যৱহাৰ কৰিব পাৰে।

এসময়ত জিৰচংৰ অপৰিহাৰ্য অংগ হিচাপে থাকি ৰাজকীয় প্ৰতীকৰ মৰ্যাদা লাভ কৰা জামবিলী আথন পৰৱৰ্তীকালত আহি কাৰবিসকলৰ পৰলৌকিক কাৰ্যৰ অপৰিহাৰ্য অংগলৈ পৰিগণিত হৈ পৰিছে। কিছুমান ভাববাদী লোকগাথাৰ আখ্যানৰ প্ৰভাৱত এই প্ৰতীক দাৰ্শনিকভিত্তিক হৈ পৰে। ফলশ্ৰুতিত জামবিলী আথন ইহলোক আৰু পৰলোকৰ যোগসূত্ৰ স্থাপনৰ মাধ্যম বুলি লোকবিশ্বাস গঢ় লৈ উঠে।

কাৰবিসকলৰ মাজত প্ৰচলিত এটি আখ্যানৰ মতে থিৰেংৱাংৰেঙে স্বৰ্গৰ পৰা নামি আহি লখন নামৰ ডেকা এজনক দহাৰ সকামৰ বাবে জামবিলী আথন তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিয়ে। লখনে থিৰেংৱাৰেঙৰ নিৰ্দেশক্ৰমে হাবিলৈ গৈ বেংৱই গছৰ কাঠেৰে এই প্ৰতীকদণ্ডডাল সাজি উলিয়ায়। কিন্তু হাবিৰ পৰা সেই প্ৰতীকদণ্ডডালক আদৰি আনিব কোনে? ডেকাদলৰ দলপতিক দায়িত্ব দিয়া হল আৰু তেওঁ সেই মৰ্মে সজাই আনিবলৈ সূতা, কড়ি, মণিৰ মালা, ছিবুৰ পাতৰ ৰসেৰে কলা ৰং লৈ হাবিলৈ গল। থিৰেংৱাংৰেঙে যমপুৰীত দেখি অহা জামবিলী আথনৰ আৰ্হিৰেই এই প্ৰতীকদণ্ডডাল হুবহু সাজি উলিওৱা হৈছিল বুলি কাৰবি সমাজত বিশ্বাস কৰা হয়।


(৫ ছেপ্টম্বৰ ২০১৮/ নগাওঁ)

মানসিক বিভ্ৰান্তি নে উত্তৰ আধুনিকতাৰ চৰম সত্যতা

মনে মিলা কাৰোবাৰ সৈতে পতা সংসাৰখনো আজিৰ সময়ত এক চুক্তিলৈ পৰ্যবসিত হৈছেনে কি... নে মইহে আধুনিক সময়ৰ সৈতে তাল মিলাব পৰা নাই... মোৰ মতে কথা-কামবোৰ নোহোৱাত মই দিক্ বিদিক্ হেৰুৱাই উন্মাদ হৈ পৰিছো নেকি বাৰু...

নিজে পতা সংসাৰখনত সদস্যৰ সংখ্যা বাঢ়িল যেন নামতহে... কতোৱেইচোন মোৰ বিশেষ প্ৰয়োজনীয়তা নাই... মোৰ মতে বা তোৰ-মোৰ বা আমাৰ মতে একোৱেই নহয়গৈচোন... সকলোতে বেলেগ কোনোবা এজনৰ মতেহে যেন সকলো হব...

মই মোৰ মাজতে থাকিও যেন তোৰ মাজত ব্যাপ্ত হবগৈ পৰা নাই... এনে লাগে মাজে মাজে যেন ইমানদিনৰ সম্পৰ্কবোৰে আমাক পৰস্পৰক চিনিবলৈ সুবিধাই নিদিলে... নে মইহে তোক চিনিব নোৱাৰিলো নে তইহে মোক তিনিবলৈ সক্ষম নহলি... এটা অত্যন্ত জটিল প্ৰশ্নৰ চাকনৈয়াত পৰি দিকভ্ৰান্ত হৈ পৰিছো... কেওদিশে যে মোৰ বাবে এতিয়া কেৱল সংশয় আৰু অনিশ্চয়তাৰ মেটমৰা বোজা...

বুজি বুজিও অবুজন মনৰ আব্দাৰত দিশহাৰা হৈ পৰোঁ মই... বুজন পৰিমাণৰ বিশ্বাস বুকুত বান্ধি আগুৱাইছো নতুন দিনৰ নতুন বতৰা লবলৈ বুলি...

Wednesday, 24 October 2018

বেবেৰিবাং চিন্তা

চুবুৰীয়া মাওৰ দেশ ৰঙা চীনৰ ভুল-ক্ৰটিৰ যিমানেই আমি আলোচনা নকৰোঁ কিয়!! তলৰ লিংকটোত দিয়া ধৰণৰ কাম-কাজৰ প্ৰতিও আমি সচেতনভাৱে চকু দিয়াটো নিশ্চয় প্ৰয়োজনীয়..
https://www.bbc.com/news/world-asia-china-45937924

১৯৮৫ চনৰ এখন বিশেষ চুক্তি অনুসৰি এখন কংক্ৰিটৰ ক্ষুদ্ৰ দলং ভাৰতবৰ্ষ নামৰ এই মুলুকৰ এখন ৰাজ্যৰ ৰাইজক উপহাৰ দিয়া হয়, তাকো এটা আন্দোলনৰ পৰিসমাপ্তিতহে.. সেয়াও ৰঙা ফিটাৰ মেৰপাকত পৰি আজি এজনে কাইলৈ এজনে কৰি গা এৰা দিয়া মনোভাৱেৰে পূৰ্ণৰূপত আৰম্ভ হবলৈ অপেক্ষা কৰিব লগা হয় ১৭টাকৈ বছৰ.. শেষ হয়গৈ মানে কিমান সময়ৰ প্ৰয়োজন হ'ব সেয়া সৰ্বসাধাৰণ জনতাৰো জ্ঞাত হৈ পৰে আৰম্ভণিতেই.. অৱশেষত সূদীৰ্ঘ অপেক্ষাৰ অন্তত এই বিশেষ দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হল ঠিকেই.. পিছে ১৬ বছৰৰ পিছতো কাম সমাপ্ত নহয়হে নহয়!! বৰ্তমানো দলংখনৰ অন্তিম পৰ্যায়ৰ নিৰ্মাণ কাৰ্য চলিয়েই আছে..

এয়াই বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ কৰ্ম-সংস্কৃতিৰ নমুনা!! বিশ্বৰ শক্তিশালী দেশসমূহৰ সৈতে ফেৰ মাৰিবলৈ কঁকালত টঙালি বন্ধা মোৰেই আপোন দেশখনে, এইদৰে ফোপোলা স্বৰূপ এটা লৈ আৰু কিমান দূৰ আগুৱাব সেয়া বৰ্তমান সময়ত এটা ডাঙৰ প্ৰশ্নবোধক..

কিন্তু ভাৰতবৰ্ষৰ উপৰোক্ত দলংখনতকৈ ১১ গুণ দীঘল দলং এখন মাত্ৰ ৯ বছৰৰ ব্যৱধানত নিৰ্মাণ শেষ কৰি ৰাইজৰ যাতায়তৰ বাবে মুকলি কৰি দিয়া হৈছে আমাৰে চুবুৰীয়া দেশ চীনত.. যিখন দেশত ৫ কিলোমিটাৰ দীঘল দলং এখন নিৰ্মাণত দুটাকৈ দশকৰ প্ৰয়োজন হয়, সেইখন দেশত আমি কি নতুনত্ব আশা কৰিব পাৰোঁ.. ভাৰতবৰ্ষৰ গণতন্ত্ৰ জানো আজি ৰাজতন্ত্ৰ-আমোলাতন্ত্ৰলৈ পৰ্যবসিত হোৱা নাই..

(# মাজে মধ্যে এনে ভাব হয়, ১৯৬২ চনত চীনা সৈন্যই বিজয় অভিযান সামৰি অৰুণাচলৰপৰা ঘূৰি যোৱাতকৈ দেশৰ প্ৰধানমন্ত্ৰীৰ অনাতাঁৰ বক্তব্যৰ আঁত ধৰি ইয়াতে নিগাজিকৈ থাকি যোৱা হলেও হয়তো আমাৰ যাতায়ত, যোগাযোগ আদি ব্যৱস্থাৰ আওপুৰণি  দিশবোৰত আমি ইমান পিছপৰি নাথাকিলো হয় আজিলৈকে)
(নগাঁও, ২৪ অক্টোবৰ ২০১৮)

Monday, 10 September 2018

নদী.. নাৱ.. ইত্যাদি

নদী আৰু নাৱৰ অবিচ্ছেদ্য সম্পৰ্কত উপঙি ৰয় বহু ইতিহাস...

সন্ধিয়াৰ ৰাঙলী বেলিয়ে নদীৰ বুকুত ডুব দিয়াৰ যো- যা চলোৱাৰ পৰতে যে ভাঁহি আহে জীৱন সংগ্ৰামৰ চিনাকী বিমূৰ্ত সুৰবোৰ নাৱৰীয়াৰ অন্তৰ ভেদি ...

প্ৰকৃতিৰ সমাহিত গতিত যেতিয়া আহি পৰে বাধা তেতিয়াই যেন প্ৰকৃতিয়ে ৰুদ্ৰ মূৰ্তি ধৰে...

সলনি হয় ইতিহাস - জীৱনৰ স্বাভাবিক গতিময়তাত আহি পৰে স্থবিৰতা ...

তথাপি আমি দেখো অযুত সপোন ...
অধীৰ অপেক্ষা আমাৰ অনাগত দিনৰ মধুময ক্ষণলৈ...

(১০ ছেপ্টেম্বৰ ২০১৪)

Wednesday, 5 September 2018

ইউনিক'ড বিতৰ্ক আৰু ব্যক্তিগত অভিমত

ম্ভৱতঃ ২০১২ কিম্বা ১৩ চনত নিজাকৈ লেপটপটো ক্ৰয় কৰাৰ কিছুদিনৰ পিছতে অসমীয়া ইউনিক'ডত লিখিবৰ বাবে ইয়াক সাজু কৰি লৈছিলো আৰু সেই দিন ধৰি আজিকোপতি ৯০ শতাংশ অসমীয়া লিখা মেলাৰ কামেই মই ইউনিক'ডতে কৰোঁ৷ যিমানদূৰ সম্ভৱ হৈছে, প্ৰয়োজনৰ খাতিৰত হাতেৰে লিখাৰ বাদে প্ৰায়খিনিয়েই ইউনিক'ডেৰে লিখাৰ প্ৰয়াস কৰি আহিছো৷ দেখি আহিছো তেতিয়াৰে পৰা যে অসমীয়া বুলি লেপটপটত ইনবিল্ট ভাষাৰ ব্যৱস্থাটো থকাৰ বাদে আন সকলোতে কেৱল বাংলা বুলিয়েই উপলব্ধ ৷ আনকি আখৰৰ কোনো নিৰ্দিষ্ট অসমীয়া ফন্টেই ৱৰ্ডত পাবলৈ নাই৷ যি এটা ফন্ট থাকে কম্পিউটাৰত, ভিন্দা নামৰ সেইটোও বাংলা ফন্টেই৷
যিমানখিনি সম্ভৱ হৈছে ইউনিক'ডৰ ব্যৱহাৰৰ কথা চিনাকী কম্পিউটাৰ ব্যৱহাৰকাৰীক কৈছো আৰু ব্যৱহাৰ কৰিবলৈ সম্ভৱপৰখিনি শিকাই আহিছো৷ বহুতৰে লেপটপটত অসমীয়া ইউনিক'ডৰ চেটিংছখিনি কৰি দিছোঁ থাওকতে পাওঁতেই৷ আৰু ব্যৱহাৰ কৰিবলৈও কৈ আহিছো যিমান পাৰোঁ৷ পিছে এইখিনি সময়ত এবাৰো কোনোজনকে এয়া বাংলা ইউনিক'ডহে যে ব্যৱহাৰ কৰি আহিছো কোৱা নাই৷ কোৱাৰ প্ৰয়োজনবোধো কৰা নাছিলো৷ যদিওবা নিজে জানিছিলো যে আমি প্ৰকৃততে ইউনিক'ড কনচৰ্টিয়ামে নিৰ্দিষ্ট কৰি দিয়া বাংলা ইউনিক'ডৰ ৰেঞ্জকে সামান্য সাল-সলনিৰেহে ব্যৱহাৰ কৰি আছো৷ কিন্তু বৰ্তমানৰ বিতৰ্কই সকলোবোৰ যেন উলট পালট লগাই দিলে৷

(২৬ জুন ২০১৮/ নগাঁও)

Monday, 3 September 2018

ৰেল যাত্ৰা.. বগীবিলৰ সপোন.. ইত্যাদি

যদিওবা বিহুগীতত গোৱা 'ধেমাজি লখিমপুৰ নহয় যে বেছি দূৰ'ৰ গূঢ়াৰ্থটো কি বুজাইহে বুজে.. ঠিক সেইদৰে ধেমাজি লখিমপুৰলৈ অসমৰ বিভিন্ন স্থানৰপৰা যাত্ৰা কৰাসকলেহে বুজে আচলতে কম বা বেছি দূৰত্বৰ এই ঠাই দুখনলৈ উপলব্ধ যোগাযোগ ব্যৱস্থাৰ সুচলতাৰ কথা.. ৰাষ্ট্ৰীয় ঘাইপথৰ নামত এসময়ত থকা খালবোৰ আজিকালি বহু পৰিমাণে কমিছে যদিও খালবোৰ সমূলঞ্চে নোহোৱা হৈ যোৱা নাই..
সুখৰ বতৰা হিচাপে যোৱা দুটামান বছৰৰপৰা ৰেল যোগাযোগে অলপ গা টঙাইছে ইয়াত.. ব্ৰিটিছ যুগৰ মিটাৰ গজ ৰেল লাইনবোৰ ব্ৰড গজলৈ সলনি হৈছে সৌ সিদিনাহে.. তাকো দেশৰ স্বাধীনতাৰ ৭০ বছৰৰ পৰৱৰ্তী কালতো নিৰ্দিষ্ট তিনিখন ৰেল মাত্ৰ ইয়াত চলাচল কৰে.. উত্তৰ-পূব সীমান্ত ৰেলৰ এই খণ্ডৰ শেষ ষ্টেচন ধেমাজি জিলাৰ মুৰ্কংচেলেকৰ পৰা যাত্ৰা আৰম্ভ কৰা এই ৰেলকেইখনে এই খণ্ডৰ মানুহক সংযোগ কৰে তেজপুৰ, ৰঙিয়া আৰু গুৱাহাটীৰ সৈতে.. তথাপি ৭০ বছৰৰ অপেক্ষাৰ অন্তত 'নাই মোমাইতকৈ কণা মোমায়ে ভাল' বোলাই যুগুত আমাৰ বাবে নে কি!!
বগীবিলৰ সপোন বাৰু পৰ্বতত কাছ কণী বিচৰাৰ অনুৰূপ নেকি!!
১৯৯৭ চনতে আৰম্ভ হোৱা উজনি অসমৰ এই সপোনটো বাস্তবায়িত হবলৈ হয়তো আৰু মাত্ৰ দুটা বা তিনিটা মাহ বাকী.. ৰাজনীতিৰ মেৰ-পেচত পৰি ক্ৰমে নিঃশেষ হবলৈ লোৱা সপোনটোৰ উকমুকনিত ব্ৰহ্মপুত্ৰৰ বক্ষ ভেদি ধেমাজি আৰু ডিব্ৰুগড় জিলাক সংযোগ কৰা এই দলংখন আজি নিৰ্মাণৰ প্ৰায় শেষ পৰ্যায়ত বুলিব পাৰি.. নিৰ্মাণৰ শেষ পৰ্যায়ৰ কাম কিছু বাকী আছে.. তথাপি প্ৰশাসন তথা চৰকাৰৰ বক্তব্যৰ পৰা এই বছৰতে দলংখনেৰে যাতায়ত সম্ভৱ হবগৈ যেন বোধ হৈছে..
সপোন দেখিছে ধেমাজি, লখিপুৰৰ জনসাধাৰণে.. উচ্চ শিক্ষাৰ গ্ৰহণৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ ঘৰতে ভাত সাঁজ গ্ৰহণ কৰি কৰা যাত্ৰা.. দিন-ৰাতি নিৰ্বিশেষে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ যাত্ৰা মাত্ৰ কেইটামান ঘন্টাৰ বাট হ'ব.. বাৰিষাৰ বিপদসংকুল ফেৰী যাত্ৰাৰ ভয়ে আৰু কাকো নেখেদিব.. কাৰোৰে খেদ নাথাকি অলপ আগতীয়াকৈ অভিজ্ঞ চিকিৎসকৰ কাষলৈ আত্মীয়জনক আনিব পৰা হলে হয়তো কিবা এটা হ'লহেঁতেন ধৰণৰ হা-হুমুনিয়াহ কঢ়াৰ..
ব্যৱসায়-বাণিজ্যইও নতুন গতি লাভ কৰিব.. ব্যৱসায়ীসকলৰ মাজৰ প্ৰতিযোগিতাৰ লাভ আদায় কৰিব পাৰিব সৰ্বসাধাৰণ গ্ৰাহকে.. কৃষকসকলে কৃষিজাত সামগ্ৰী উচিত মূল্যত বিক্ৰী কৰি আৰ্থিকভাৱে স্বচ্ছল হোৱাৰ সুযোগ আহিব.. এনেবোৰ অযুত তিৰবিৰ সপোনৰ ভিৰ চৌদিশে..
সপোনবোৰ সৈতে অজানা ভয় এটাইও সকলোকে বেঢ়ি ধৰিছেহি.. নগৰীয়া যান্ত্ৰিকতাৰ সঘন কাষৰীয়া সংযোগে গ্ৰামাঞ্চলৰ ৰৈ যোৱা কৃষ্টি-সংস্কৃতিকো বিপদাপন্ন কৰিব নেকি বাৰু!! বাণিজ্যিকীকৰণে সকলোকে পণ্য সামগ্ৰী কৰি তোলা আজিৰ সময়ত কিমান দূৰলৈ সুৰক্ষিত হৈ ৰব আমাৰ গ্ৰাম্য চহা সমাজখন..
সপোনবোৰৰ সৈতে যোগ দিছো আমি আৰু কিছু নতুন আশাক.. বগীবিলৰ কোলাৰেই দ্ৰুত ৰেল যোগাযোগ ব্যৱস্থাই ধেমাজি, লখিমপুৰক অসমৰ অন্যান্য স্থানৰ লগতে সংযোগ কৰিব সমগ্ৰ ভাৰতবৰ্ষৰ সৈতে.. আশা কৰিম দ্ৰুতবেগী ৰেলবোৰে এই অঞ্চলৰ জনসাধাৰণৰ কষ্টকৰ যাতায়তক ব্যৱস্থাক সুচল কৰি তুলিব কম দিনৰ ভিতৰতে..
"ৰাজধানী", "শতাব্দী", "দূৰন্ত" আদিৰ দৰে ভাৰতীয় ৰেলৰ আটাইতকৈ দ্ৰুতবেগী ৰেলবোৰেও স্পৰ্শ কৰি যাব ৰাজ্যখনৰ এই অঞ্চলটোক.. সময়ৰ অপচয় ৰোধৰ লগতে ই কঢ়িয়াই আনিব এক যুগান্তকাৰী পৰিৱৰ্তন আমাৰ মাজলৈ.. আশা দেশৰ চৰকাৰী খণ্ডৰ বিভাগসমূহৰ ভিতৰত সৰ্ববৃহৎ ৰেল বিভাগৰ সুযোগ-সুবিধাসমূহ পলমকৈ হলেও আমি ভালদৰেই উপভোগ কৰিবলৈ পাম অনতিপলমে@

(৩ ছেপ্টেম্বৰ ২০১৮, নগাঁৱমুখী যাত্ৰা কালত ট্ৰেইনত)

Sunday, 2 September 2018

ভাৱনাত সময় আৰু নষ্টালজিয়াত ৰাজনীতি

ৰাজনীতিৰ  অ আ ক খৰ সৈতে হোৱা চিনাকীৰ সময়তে যিজন ব্যক্তিৰ ব্যক্তিত্বই বিশেষভাৱে আকৰ্ষিত কৰিছিল তেখেতৰ বিদায়ে মোক ব্যথিত কৰি তুলিছে ব্যক্তিগতভাৱে..
এইজনা ব্যক্তিৰ আকৰ্ষণতেই আমাৰ ঘৰখনলৈ ৰাজনীতিৰ প্ৰত্যক্ষ আগমন ঘটিছিল.. ওচৰৰ পৰা ৰাজনীতিক দেখা পাইছিলো বাস্তৱিকতা নিশিকা নুবুজাকৈয়ে.. তথাপি বুজা নুবজাৰ মাজতে ৰাজনীতিত জড়িত স্বাৰ্থপৰতা দেখিছিলো..
খোল খাইছিল মানুহৰ ব্যক্তি স্বাৰ্থৰ নিকৃষ্টতম অধ্যায়.. তথাপি এচাম মানুহৰ ত্যাগৰ মনোভাৱে মনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছিল.. সকলোৰে মনবোৰ জিললিকি উঠিছিল এজাক প্ৰত্যাশাৰ নতুন পোহৰত..
(১৬ আগষ্ট ২০১৮)

Thursday, 30 August 2018

লক্ষ্যাভিমুখী যাত্ৰাৰ মাদকতা

অজিত বৰুৱাৰ 'জেংৰাই ১৯৬৩' আওঁৰোৱাৰ বহু আগতেই জেংৰাইমুখৰ সৈতে চকুৰ চিনাকী..

সংস্থাপনৰ জৰিয়তে আৰম্ভ হোৱা এই যাত্ৰাৰ পম খেদি পৰৱৰ্তী সময়ত জীৱনৰ বিভিন্ন উপলক্ষ্যত উপস্থিত হৈছিলোগৈ জেংৰাইমুখ চাৰিআলিত..

জীৱনৰ অতি গুৰুত্বপূৰ্ণ এছোৱা সময়ত জেংৰাইৰ বুকুৱেদি পাৰ হৈ গৈছিলো অতি ব্যস্ততাৰে.. বহুদিন এপলক পিছলৈ ঘূৰি নোছোৱাকৈও যাত্ৰা কৰিবলগীয়া হৈছিল জেংৰাইৰ বক্ষইদি..

লক্ষ্যাভিমুখী যাত্ৰাবোৰত জেংৰাইত কিমান পেট্ৰল পুৰিল আৰু  মটৰ চাইকেলৰ টায়াৰ ক্ষয় গল তাৰ হিচাবো সময়ৰ গতিত হেৰাই থাকিল.. মাথো থাকি গল জেংৰাই সংযোগী পথৰ দাঁতিৰ আজাৰ, শিমলু ফুলৰ ৰঙীণ মাদকতাবোৰহে..

খেৰকটীয়াৰ ধূলিৰে জেংৰাইৰ আকাশ ছানি ধৰাৰ খবৰ আজি কোনোবাই জানো ৰাখে..

নদী দ্বীপ হিচাপে মাজুলীৰ অস্তিত্ত্ব বৰ্তি থকা খেৰকটীয়াই যেন মাজে মধ্যে জেংৰাইমুখক আত্মস্থ কৰিব খোজে দুয়োপাৰ উপচা পানীৰ ঢলেৰে.. শীতৰ সময়ত জীৰ্ণ শীৰ্ণ হৈ পৰা খেৰকটীয়াৰ বাৰিষাৰ পকনীয়াবোৰে জেংৰাইক হাত বাউলি মাতে বুকুৰ মাজলৈ..

এনে পকনীয়াত হয়তো কেতিয়াবাই বুৰ গল অজিত বৰুৱাই সোৱণশিৰীত মেলা  ৰাতিৰ নাওখনৰ অস্তিত্ত্ব.. আজিও জেংৰাইমুখত চলে সংস্কৃতিৰ নতুন প্ৰসাৰণ.. সমাহৰণ আৰু সম্প্ৰীতিৰ বিচিত্ৰতাৰে আজিও চহকী জেংৰাইৰ সমাজ-সংস্কৃতি..

গাহৰি আৰু আপংৰ জুতি লবলৈ এতিয়াও মুকলি জেংৰাইৰ কোনো মিচিং ককাই-ভাই বা বাই-ভনীৰ চাংঘৰৰ  মজিয়া বিশ্বাসী প্ৰতিজন আপোনৰ বাবে.. ক্ৰমে সেই আপোনজনৰ আত্মীয়তাত হেঙাৰ হৈ দেখা দিছে আধুনিক সভ্যতা-সমস্কৃতিৰ অগ্ৰগামী গতি..

তথাপিচোন জেংৰাই নামটোৱে কঢ়িয়াই আনে এক অনামী মাদকতা@

Thursday, 16 August 2018

ভোক

তিনিটা ধ্বনিৰ সংযোগত সৃষ্ট এটা মাত্ৰ শব্দ... শব্দ নহয় যেন এক চিৰ শ্বাশ্বতঃ বাস্তৱ সত্যতা...

পৰিধিৰ বিশালতাই সামৰি লয় জীৱ জগতৰ সমস্ততাক...

ৰূপ, ৰং আৰু ৰসৰ ভিন্নতা আহে স্থান-কাল-পাত্ৰৰ বিভিন্নতা অনুযায়ী...

কিন্তু সৰ্বশেষ সিদ্ধান্ত আৰু অৰ্ন্তনিহিত গূঢ়াৰ্থ কিন্তু একেটাই...

(২ জুন ২০১৮)

Tuesday, 14 August 2018

ভাৱনাৰ পাক লগা নিচা

১ - অবুজন মন

সকলো বুজিওচোন একো নুবুজে মনটোৱে৷ উদযাপন কৰিবলৈ গৈও বাৰে বাৰে যাপন কৰিবলগীয়া হয় জীৱনটো৷
সপোনবোৰ বাস্তৱত বিচৰাটো ভুল নহয় বুলি জানিও ভুল কৰোঁ প্ৰতি ক্ষণে৷
কামৰ মাজত মানসিক পৰিতৃপ্তি বিচাৰি হাবাথুৰি খাওঁ আমি৷

২ - নৈশ যাত্ৰা

নিৰ্জন ৰাতিৰ নীৰৱতা ভাঙি লক্ষ্যভিমুখী যাত্ৰা৷ একা বেকাঁ সৰ্পিল পথত পোহৰৰ বন্যা৷ আন্ধাৰৰ মায়াজালৰ মাজে মাজে মাদকতাময় সময়ৰ সৰৱ গতিময়তা৷ জীৱনসন্ধানী গতি, কৰ্মব্যস্ত গতি, আৱেগ-উৎকন্ঠাৰ নিৰৱচ্ছিন্ন গতি৷ ক'ৰবাত জানো স্থৱিৰ হয় সময়ৰ নিছিনা ফল্গুধাৰাৰ গতিময় বিচিত্ৰতাৰ৷

৩ - সমাজিক অস্থিৰতা

পংকিল সময়
ব্যক্তিস্বাৰ্থৰ জয়গান
গোপন বুজাবুজিৰ ৰমৰমীয়া পৰিৱেশ
স্বাৰ্থান্বেষী মহলৰ দপদপনি
সংস্কৃতিৰ নামত ব্যৱসায়
বিশ্বাসভংগৰ নতুন বেমাৰ
পলায়নবাদী মানসিকতাৰ চৰম প্ৰকাশ
ৰাজনীতি যেতিয়া হৈ উঠে সমাজৰ মূল চালিকা শক্তি
অস্থিৰ, বিবৰ্ণ আৰু ধূসৰ বাতাৱৰণে গ্ৰাস কৰে সমাজ তথা ব্যক্তি মানসিকতাক৷

Sunday, 12 August 2018

ভাৱনাৰ বেবেৰিবাং

যাত্ৰাই সামৰি লয় জীৱনক নে জীৱনৰ মাজতে যাত্ৰাৰ অগা-দেৱা.. হিচাবৰ বাহিৰৰ যাত্ৰাবোৰটো নিহিত হৈ থাকে জীৱনৰ মাদকতা.. সপোন এটাই আহি ভুমুকি মাৰেহি ভুটুংকৈ..

প্ৰয়োজনীয়তাৰ তাগিদাত কৰা যাত্ৰাবোৰৰ থাকে একোটা লক্ষ্য বা উদ্দেশ্য.. প্ৰতিটো যাত্ৰাৰ শেষত জানো লক্ষ্য বা উদ্দেশ্য পূৰণৰ নিশ্চিতি থাকে.. তথাপি অনিশ্চিত জীৱনক লৈ কৰা যাত্ৰাৰ শেষৰ মাদকতা থাকে লক্ষ্য স্থানত উপনীত হোৱাতেই..

প্ৰকৃতিৰ মাজলৈ কৰা মানুহৰ যাত্ৰাবোৰৰ সকলোতে জানো নিহিত হৈ নাথাকে কিবা নহয় কিবা এটা স্বাৰ্থ.. কাৰোবাৰ যদি থাকে বিলাস ভ্ৰমণৰ তাগিদা.. কাৰোবাৰ থাকে চহকী প্ৰকৃতিৰ বুকুৰ পৰা প্ৰয়োজনীয় কিবা এটা আহৰণৰ স্বাৰ্থ..

একেটা পথেৰে কৰা প্ৰতিটো যাত্ৰাই আমালৈ লৈ আনে কৌতূহল আৰু নতুনত্বৰ বিচিত্ৰ সম্ভাৰ.. প্ৰয়োজনীয়তাৰ তাগিদাত কৰা পুনঃপৌনিক যাত্ৰাবোৰৰ শেষত থাকে অভিজ্ঞতাৰ ন ন মেতমৰা সম্ভাৰ.. যাৰ সংস্পৰ্শত আমি নকৈ হৈ উঠো জীপাল..

জীৱনৰ সংস্পৰ্শত গাঢ় হৈ উঠা এনে একোটা যাত্ৰাই হয়তো সলনি কৰি দিব পাৰে আমাৰ পথ নিৰ্দেশনা.. প্ৰতিটো কৰ্মতে প্ৰয়োজনীয়তাৰ খাতিৰত চমু পথৰ সন্ধানৰত আমাৰ তথাকথিত আধুনিক মনবোৰক দিব পাৰে এনে একোটা গতানুগতিক যাত্ৰা অভিজ্ঞতাই জীৱনৰ নতুন অৰ্থ..

(১২ আগষ্ট ২০১৮/ গোলাঘাটৰ পৰা নগাঁও অভিমুখী যাত্ৰা পথত)

Thursday, 5 July 2018

হীৰুদাৰ কবিতা "জন্মদিন"



মোক ৰাতিটোৰ বাবে ওভোতাই দিয়া মোৰ ল'ৰালি,
আইৰ কোলাত আকৌ এবেলি শুম:
                       লাই হালে জাল  আবেলি বতাহে ...

মোৰ সোঁৱৰণী গুমৰি উঠে
           নিৰন্ন-সময়ৰ সুগন্ধ তেজৰ প্ৰৱাহে-প্ৰৱাহে৷

#হীৰুদাৰকবিতা #ৰচনাকাল ১৯৭২

Thursday, 7 June 2018

অনুভূতি প্ৰেমৰ...

হীৰুদাৰ ভাষাৰে ক'বলৈ মন যায় -

প্ৰেমৰ কথাটো আৰু আনক ক'ব নোৱাৰি
নিঃশ্বাসৰ দৰে নিঃশব্দে ই যেন বিচাৰি ফুৰে
শব্দ, বৰ্ণ আৰু পোহৰৰ উৎস (আৰু এটি বসন্ত)

প্ৰেমৰ উপাসক হব নোৱাৰিলেও জন্মগত স্বাভাৱিক প্ৰবৃত্তিৰেই প্ৰেমৰ অনুভূতিবোৰ কঢ়িয়াই লৈ ফুৰোঁ সময়ৰ বুকুচাত.. আপোনজনৰ সৈতে পাৰ কৰা মধুময় সময়বোৰে কৰি তোলে মোক প্ৰেমিক ফিনিক্স পক্ষী..
সময়বোৰ সৰকি গলেও সপোনবোৰ চিৰ শ্বাঃশ্বত হৈ জিলিক ৰয় মনৰ মাজত.. এমুঠি সপোন, বিশ্বাস আৰু প্ৰাপ্তিৰ মাদকতাত জীপাল হৈ উঠে প্ৰেমৰ বৰ্ণবোৰ..
শব্দৰ আতিশায্যত পোহৰে লটি ঘটি লগায়.. পোহৰৰ সাতোৰঙী ৰামধেনুৰ বোলেৰে প্ৰেম হৈ উঠে জীৱন্ত@

(৬ জুন ২০১৮/ আমোলাপট্টি, নগাঁও)

মানুহৰ মাজৰ মানুহ

মানুহ -

এবিধ আজৱ প্ৰাণী..
জীৱনৰ ৰহস্য ভেদত বাৰুকৈয়ে ব্যৰ্থ এটা জীৱ.. মগজুৰ উত্তৰণেৰে এসময়ত নিজকে নিজে জীৱ শ্ৰেষ্ঠৰ সংজ্ঞাৰে চিনাকী দিবলৈ সক্ষম হোৱা এই প্ৰাণী বিধৰ বৰ্তমান মানসিক সন্তুলন নোহেৱা হোৱাৰ উপক্ৰম ঘটিছে..

শিক্ষক -

পৰিৱৰ্তিত সময়ৰ প্ৰেক্ষাপটত এবিধ অদ্ভুট প্ৰাণীলৈ ক্ৰমবিকাশ ঘটিছে এওঁলোকৰ.. এসময়ত সমাজৰ সকলো স্তৰৰ মানুহৰে ভয় আৰু সন্মান মিহলি শ্ৰদ্ধা থকা এই বিশেষ শ্ৰেণীটোৱে আগৰ গৰিমা ৰক্ষা কৰাত বৰ্তমান ব্যৰ্থ হৈছে.. সমাজ ব্যৱস্থাৰ লগতে ইয়াৰ বাবে দায়ী এওঁলোক নিজেও..

মানুহক ব্যতিব্যস্ত কৰাটোৱেই মূল কাম হৈ পৰিছে.. নিজকে সৰ্বজ্ঞানী বুলি ভবা কথাটোৱেই সকলো অনৰ্থৰ মূল হিচাপে বৰ্তমান সময়ে দাবী কৰে..

ছাত্ৰ ছাত্ৰীৰ গৰিষ্ঠসংখ্যককে একো নজনা বুলি ভবা.. আভুৱা ভৰা কথাৰে জ্ঞান জাহিৰ কৰা.. নিজৰ সীমিত অধ্যয়নৰে জনা কথাবোৰেই শেষ কথা বুলি ভবা আদিবোৰেই যেন আজিৰ বেছিভাগ শিক্ষকৰ ক্ষেত্ৰতে খাটে.. দুই চাৰিজন ব্যতিক্ৰম এইেক্ষেত্ৰটো নথকা নহয়.. কিন্তু এপাচি শাকত এটা জলকীয়াৰ দৰে হৈ পৰে এয়া..

পাঠিক্ৰমৰ বাহিৰৰ বিষয়লৈ নোযোৱাৰ প্ৰৱণতা এটা জন্মগতভাৱেই যেন লগত লৈ আহে এওঁলোকে.. ই সোঁচৰে প্ৰজন্মৰপৰা প্ৰজন্মলৈ..

বাস্তৱ সমাজৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নথকা শিক্ষক এজনে ছাত্ৰক কি শিক্ষা দিব জীৱনৰ জগতৰ..

শিক্ষকৰ মাজত সোঁচৰা কুম্ভীলক প্ৰৱণটোৱে মাতি আনিছে শিক্ষা ব্যৱস্থালৈ এক অশনি সংকেত.. নতুন জ্ঞানৰ বাৰ্তা বিলোৱাত নিয়োজিতজনেই যদি পুৰণিটোকে নতুন বুলি প্ৰচাৰ কৰে তেন্তে নতুন কি শিকিব ছাত্ৰসকলে.. ভুল পথেৰে পৰিচালিত ছাত্ৰ সমাজৰ শিক্ষাৰ আৰম্ভণিতে লগা কেৰোণটোৰ বাবে দায়ী কোন হ'ব..

++++

অনুষ্ঠান-প্ৰতিষ্ঠানৰ মূৰব্বীসকল...

অনুষ্ঠান এটাৰ মূল মানুহজনেই যদি নতুনৰ প্ৰতি আগ্ৰহী নহয় তেন্তে কেনেকৈ আগুৱাব বাকী সকল.. জনাটোকে যদি পুনৰাবৃত্তি কৰি থাকে তেতিয়া মানুহ বিতুষ্ট হোৱাটো স্বাভাৱিক হৈ পৰে.. লগতে উদং কৰি দিয়ে তেখেতৰ জ্ঞানৰ বিস্তৃতিৰ মাপকাঠীক..

নিজকে প্ৰতিটো ক্ষেত্ৰতে শ্ৰেষ্ঠ হিচাপে বিচাৰ কৰাটো জানো মানসিক বিকৃতিৰ পৰিচায়ক নহয়.. নিজৰ মতকে সৰ্বশুদ্ধ বোলা মানুহ এজনক নতুনকৈ জানো কিবা ক'ব লগা শিকাব লগা থাকে..

নতুনকৈ কিবা এটা কৰিব বিচৰাজনকো যদি মুৰব্বীজনে ক্ষমতাৰ অপব্যৱহাৰেৰে শলঠেকত পেলাবলৈ উদ্যত হয় তেন্তে নতুনৰ আৰম্ভণি কেনেকৈ হ'ব.. নিজৰ সীমাবদ্ধতাক ঢাকিবলৈ যদি সৰ্বস্তৰত মান্যতা প্ৰাপ্ত হোৱা কৰ্মচাৰী এজনৰ শুদ্ধতালৈ আঙুলি টোৱাই তেন্তে কৰ্ম সংস্কৃতি গঢ়ি উঠিবনে কেতিয়াবা!!!

শূণ্যৰ পৰা আৰম্ভ হোৱা জীৱন শূণ্যতে বিলীন হৈ যায় কথাষাৰৰ মৰ্মাৰ্থ উপলব্ধি কৰাতেই নিহিত হৈ আছে জীৱনৰ প্ৰাপ্তি..

(৮ জুন ২০১৮)

Wednesday, 6 June 2018

পাক লগা চিন্তাৰ আঁত হেৰাই..

বনৰজাৰ খাদ্যৰ ভাগ লবলৈ সুযোগসন্ধানী দৃষ্টিৰে চুপ লৈ থাকে বনৰ বহু মাংসহাৰী প্ৰাণীয়ে.. স্বভাৱজাত প্ৰবৃত্তিৰ বশৱৰ্তী হৈ এই শ্ৰেণীৰ জীৱই বনৰজাৰ এৰেহা খাদ্যৰ ভাগ লয় সুবিধা বুজি.. কাৰ মাজতো চলে কিন্তু এখন অঘোষিত সুস্থ প্ৰতিযোগিতা..

তাৰেই অনুৰূপে যেন আধুনিক পৃথিৱীৰ সমস্ত জীৱকূলৰ মাজত শ্ৰেষ্ঠতৰ ৰূপে সৰ্বজনগৃহীত (তাকো নিজৰ দ্বাৰাই) মানৱে আজি যেন অৱস্থান কৰিছে নিজৰে বিভিন্ন সুবিধাজনক অৱস্থানত.. কিন্তু প্ৰতিযোগিতাৰ সুস্থ বাতাবৰণে যেন পলাই ফাট মাৰিল মানুহৰ মাজৰ পৰা.. ক্ষমতা আৰু অৰ্থলোভী মানৱৰ চকু কেৱল সুবিধাবাদতহে..

ব্যক্তি স্বাৰ্থৰ ভয়াবহতাত ক্ৰমে মানৱীয়তাৰ অপমৃত্যু ঘটিছে.. সৃষ্টি হৈছে সংঘাতৰ.. সমাজৰ লগত ব্যক্তিৰ সংঘাত.. ব্যক্তিৰ সৈতে ব্যক্তিৰ সংঘাত.. সকলোতে কেৱল সংঘাতৰ উপৰিও সংঘাত..

সাম্প্ৰদায়িক সংঘৰ্ষ.. ভাতৃঘাটি সংঘৰ্ষ.. পাৰিবাৰিক কন্দল.. সামাজিক কন্দল.. কত যে বিচিত্ৰ পৰিস্থিতিৰে সহাৱস্থান মানৱ মনৰ.. তথাপি সলনি নহয় সামাজিক অৱস্থাৰ, মানুহৰ মানসিকতাৰ.. কলিৰ আগমন নহয়টো এয়াই.. ধৰ্মীয় উন্মত্ততাৰে আক্ৰান্ত দেশ এখনত এনে মনোভাৱবোৰ মন-মগজুৰ আভ্যন্তৰত থকাটো একো অস্বাভাৱিক নহয়.. বৰঞ্চ নথকাটোহে সমাজৰ দহৰ কাৰণে চিন্তাৰ বিষয় হৈ পৰে..

সমন্বয়ৰ বাৰ্তা যেন বৰ্তমান কেৱল মানুহৰ বক্তৃতা আৰু কিতাপৰ পাততে আৱদ্ধ হৈ পৰিছে.. সমন্বয় আৰু সমাহৰণ আজিৰ মানুহৰ বাবে দুটা শব্দ মাত্ৰ.. অৰ্ন্তনিহিত ভাৱাৰ্থৰ বোধগম্যতাৰ বাবে আহৰি নাই আমাৰ..

চৰকাৰী ৰঙাফিটাৰ মেৰ-পেচত পিষ্ট আমাৰ উত্তৰণ.. পৰিৱৰ্তন আৰু উন্নয়ন কেৱল ফাইলৰ মাজতে আৱদ্ধ.. ইমানৰ পিছতো ডিঙিৰ সিৰ ফুলাই দিয়া ভাষণৰ ফুলজাৰিয়ে দেশৰ প্ৰতিচ্ছবিক উন্নত দেশসমূহতকৈও আগলৈ লৈ যায়.. পাৰিলে কোনোবাদিনা চন্দ্ৰতে স্থাপন কৰিবগৈ আমাক..

আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ দুদোল্যমানতাত নিমজ্জিত সপোনবোৰৰ আধাবাটতে গতি ৰুদ্ধ হৈ পৰে.. ইয়াৰ অন্তৰালৰ গোপন অংকৰ যোগ-বিয়োগেই নিৰ্ণয় কৰে বহু কথাৰ সত্যতা..

ব্যক্তিগত স্বাৰ্থ সিদ্ধি যেতিয়া সময়ৰ দাবী হৈ পৰে... সামাজিক উন্নয়ন সপোনৰ নামান্তৰ কেৱল.. সপোনবোৰ উলমি থাকে দিঠকৰ সীমনাত..

(৫ জুন ২০১৮/ আমোলাপট্টি, নগাঁও)

Friday, 1 June 2018

সময়ৰ ভগ্নাংশ

জীৱনৰ ঐক্য কেন্দ্ৰিকতাত বিচ্ছিন্ন হয় সময়... সময় জানো সচাঁই বিচ্ছিন্ন হ'ব পাৰে জীৱনৰ কক্ষপথৰ পৰা... ঐক্য কেন্দ্ৰিক বৃত্তৰ কেন্দ্ৰ বিন্দুৰ বিচ্চুৰিত বৰ্ণালীয়ে উমাল কৰি তোলে সান্নিধ্যৰ আৱেশখিনিক... বসন্ত, বৰ্ষা, শৰৎ কিম্বা হেমন্তই জীনো ভোকৰ সংজ্ঞা সলাব পাৰে...

সময়ৰ ক্ষুদ্ৰ ভগ্নাংশত লহৰ উঠে বিচিত্ৰতাৰ... একঘেমায়ী জীৱনৰ স্থবিৰতাত ঘটনা ক্ৰমৰ বাৰেৰহনীয়া উপস্থিতি... গূঢ়াৰ্থ নাথাকিব পাৰে প্ৰতিটো মুহূৰ্তৰ তথাপি তাৰ বুকুতেই ৰচিত সময় ভৱিষ্যতৰ বুনিয়াদ...

চিফুং বাঁহীৰ সুৰৰ মায়াজালে ৰচে নতুন আশা... জ্যোতি, বিষ্ণু আৰু ভূপেনদাৰ অনুপস্থিতিত আকাশ বতাহ নিনাদিত হয় সুৰৰ এক অনামী মাতাল নিচাত...

সময়ৰ দাবীত আমি হৈ উঠো বিদ্ৰোহী... মাৰ্ক্স, লেনিন, গুৱেভাৰা হৈ উঠে আমাৰ আদৰ্শ... সামাজিক স্থিতাৱস্থা, ৰাজনৈতিক, অৰ্থনৈতিক দিশৰ বিভিন্ন কেৰোণসমূহে আমাক কৰি তোলে উত্তপ্ত একো একোটা অগ্নিশিখা... সৃষ্টি হয় ব্যক্তি আৰু সমাজৰ সংঘাত...

(১ জুন ২০১৮, নগাঁৱ)

Sunday, 4 March 2018

বিমূৰ্ত ভাৱনা

এটাই জীৱন...
এজন মানুহ...
এখন দেশ...
পুৰণি সাধুকথাৰ কথকতাত বিলীন হয় সময়...
নিৰ্জন দুপৰীয়াৰ নিঃসংগতা...
আকৌ নিঃসংগ নিশাৰ চিফুং বাঁহীৰ মাতাল সুৰত হেৰাই বিপ্লৱী সত্ত্বা...
সেই একেই ষাঠিটা ছেকেণ্ডতে মিনিটে মেলানি মাগে...
মিনিট গুচি ঘন্টা...
আৰু সেই অনুৰূপেই দিন, বাৰ, মাহৰ মিচিলত যোগ দিয়ে ঋতুৱে... ঋতু পৰিৱৰ্তনেৰে বাগৰি যায় বছৰবোৰো...
সেই একেবোৰ সমীকৰণৰে বেহিচাপী যোগ বিয়োগত জীৱনৰ বিচিত্ৰতাৰ ন ন আদৱ কায়দা...
আজৱ পৃথিৱীৰ বহুমাত্ৰিকতাৰ নিমিলা অংক...
এটা জীৱনেই হৈ পৰে ৰূপকথাৰ নানটা চৰিত্ৰ...
সময় আৰু পৰিস্থিতিৰ যোগসূত্ৰত এই চৰিত্ৰৰ বেহুতেই গঢ়ি উঠে সম্পৰ্কৰ বহুৰঙী পৃথিৱীখন...
(৪ মাৰ্চ ২০১৮/ গোলাঘাট নগাঁৱৰ যাত্ৰা পথত)