Wednesday, 1 October 2014

অনন্য এক যোগাযোগ আৰু যাতায়ত ব্যৱস্থা





অসমৰ ভিতৰত বানে গৰকা জিলা হিচাপে এক সুকীয়া পৰিচয় থকা ধেমাজিৰ ভিতৰতে এটা চিনাকী  অঞ্চল হল মাছখোৱা। এসময়ত ধন-ধানে উভয় নদী এই অঞ্চলটোৰ বৰ্তমান উন্নয়ন এক প্ৰকাৰৰ স্থবিৰ বুলিবই পাৰি। সাধাৰণ দৃষ্টিত চাবলৈ গলে ঠাইখনৰ উন্নয়ন হোৱা নাই বুলিব নোৱাৰি, কাৰণ অঞ্চলটোত ক্ৰমান্বয়ে দোকান-পোহাৰৰ সংখ্যা বাঢ়িছে, ব্যৱসায়-বাণিজ্যৰ পৰিসৰো বাঢ়িছে, তদুপৰি ঘৰে ঘৰে গাড়ী-মটৰ লোৱাৰ মানুহৰ সংখ্যাও বাঢ়িছে। কিন্তু এইবোৰেও জানো অঞ্চল এটাৰ উন্নয়নৰ প্ৰকৃত ছবি! অন্য বোৰ কথালৈ নগৈ যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ প্ৰতি চকু দিলেই আমি দেখা পাও যে প্ৰকৃততে অঞ্চলটোৰ উন্নয়ন কিমান হৈছে...

অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজৰ যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ একমাত্ৰ উপায় হল পথ পৰিৱহনঅৱশ্যে বাৰিষা ব্ৰহ্মপুত্ৰত পানী বঢ়াৰ আগলৈকে মাছখোৱাৰ চিচি-কলঘৰৰপৰা দৈনিক এখন ফেৰী চলে ডিব্ৰুগড় চহৰ সংযোগী বগীবিল ঘাটলৈকে। পিছে সেই সেৱাও কেতিয়াবা কেতিয়াবা যাত্ৰীৰ অভাৱত বন্ধ হৈ থাকে। তথাপি জৰুৰী অসুখ-বিসুখ হলে সেই ফেৰীখনেই সৰ্বসাধাৰণৰ কাৰণে এক ডাঙৰ সকাহ। কাৰণ ইয়াৰে নদীখন পাৰ হব পাৰিলেই ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়খনত শেষ চেষ্টা এটা কৰি চাব পাৰি। ৰেল সেৱাৰ কথা ভবাটো পৰ্বতত কাছ কণী বিচাৰাৰ দৰে কথাহে। অদূৰ ভুৱিষ্যতেও যে এই অঞ্চলটো দেশৰ ৰেল সেৱাৰ মানচিত্ৰত সোমাব তাক আশা কৰাটোও বৰ্তমান দুৰুহ। এসময়ত দিনটোত ১০-১৫ খনকৈ ৰাজ্যিক পৰিৱহন নিগমৰ বাছ চলাচল কৰা মাছখোৱাৰ জনসাধাৰণৰ এতিয়াৰ যাতায়তৰ একমাত্ৰ ভৰসা ব্যক্তিগত সৰু-সৰু বাহন সমূহহে, মানে আজিকালিৰ অসমৰ গ্ৰামাঞ্চল আৰু চহৰাঞ্চলত সততে চকুত পৰা উইংগাৰ, মেজিক, ট্ৰেভেলাৰ, টাটা চুমু, ক্ৰুইজাৰ আদিবোৰদুবছৰ মানৰ আগলৈকে দুখনমান ব্যক্তিগত ডাঙৰ বাছ লখিমপুৰ চহৰলৈ চলিছিল যদিও পথটোৰ দুৰাৱস্থাই সেই কেইখন চলাটোও বন্ধ কৰিলে। এতিয়াও অনিয়মীয়াভাৱে এখন ব্যক্তিগত বাছ লখিমপুৰ চহৰলৈ চলে। তাতো ৰাস্তাৰ খলা-বমাবোৰৰ কাৰণে থেকেচনিৰ কোব তথা গন্তব্য স্থলত উপস্থিত হবলৈ সময় বেছিকৈ লগাত যাত্ৰীৰ অভাৱ। অঞ্চলটোৰ জনসাধাৰণে এই বাহনসমূহকে ভৰসা কৰি খৰালিৰ দিনকেইটাত কোনোমতে ধেমাজী, ঢকুৱাখনা আৰু লখিমপুৰলৈ যোৱা পথসমূহৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে যদিও বাৰিষা হোৱাৰ লগে লগেই যেন মাছখোৱালৈ অহা যোৱা কৰাৰ প্ৰায়বোৰ পথেই বন্ধ হৈ পৰে। কোনোদিনে নোযোৱা নতুন যাত্ৰীৰ কাৰণেটো মাছখোৱালৈ ইয়াৰে কোনোবা এটা পথেৰে এবাৰ যদি যাত্ৰা কৰাৰ সৌভাগ্য হৈছে তেও দ্বিতীয়বাৰ যাবলৈ হয়তো এশ বাৰ চিন্তা কৰিছে। পিছে এই পথবোৰৰ ভিতৰত কেৱল বাটমাৰী-ঘিলামৰা-গোগামুখ হৈ লখিমপুৰ চহৰলৈ যোৱা পথটোহে বাৰিষাৰ বতৰত গাড়ী মটৰ চলাচলৰ বাবে উপযুক্ত হৈ থাকে। বাকী দুটা পথ ক্ৰমে মাছখোৱাৰপৰা বৰপাক-ৰহা-গোবিন্দপুৰ হৈ ঢকুখানা চহৰলৈ যোৱা মূল পথটো আৰু বুটিকোৰ-বাটঘৰীয়া হৈ জিলা সদৰ ধেমাজি চহৰলৈ যোৱা মূল পথটো বাৰিষাৰ বতৰত বন্ধ হৈ পৰে। কাৰণ বাৰিষা লাইপুলীয়া নদী আৰু কঁঢ়া নদীয়ে এই পথ দুটাৰ ইতিমধ্যে আগৰ বানবোৰত ছিঙি থোৱা বিভিন্ন স্থানেৰে যাতায়ত কৰাটো অসম্ভৱ কৰি তোলেকাৰণ হিচাপে আগৰ বানপানীয়ে ছিঙি নিয়া অংশবোৰৰ মেৰামতিৰ নামত স্থানীয় ঠিকাদাৰে কেইগাড়ী মান মাটি আৰু সৰহখিনি বালি পোলোৱাৰ ফলত অলপমান বাঢ়নি পানীয়ে পথটো হয় উটাই নিয়ে নহয় বৰষুণৰ পানীতে সেইছোৱা পথ গাড়ী-মটৰ চলাচলৰ অনুপযুক্ত হৈ পৰে।

এইক্ষেত্ৰত প্ৰায় দুই দশকতকৈও বেছি সময়ৰ মূৰকত মাছখোৱাৰপৰা বুটিকোৰ-বাটঘৰীয়া হৈ জিলা সদৰ ধেমাজিলৈ যোৱা পথটোত অৱস্থিত কঁঢ়া নদীৰ পানীয়ে ছিঙি নিয়া বুটিকোৰ ছিগাৰে যান-বাহন চলাচলৰ ব্যৱস্থা হোৱাৰ কেইটামান বছৰ পাৰ নৌহওতেই একমাত্ৰ অভিযন্তা আৰু ঠিকাদাৰৰ অৰ্কমন্যতাৰ সুবাদতে বা অভিসন্ধিৰ বলতে এতিয়ালৈকে দুবাৰকৈ পথটোৰে যাতায়ত বন্ধ হৈছে। ৪০০ মিটাৰতকৈ কম দৈৰ্ঘ্যৰ এই ছিগাটোকে পোনপটীয়াকৈ এখন দলঙেৰে সংযোগ নকৰি ঘূৰাই-পকাই নি এক কিলোমিটাৰ মান দীঘল পথ এটা নিৰ্মাণ কৰি, মাজতে ৫০ মিটাৰ দীঘল এখন দলং আৰু এটা কালভাৰ্ট নিৰ্মাণেৰে যাতায়তৰ ব্যৱস্থা কৰি দিয়া হল অৱশেষত। ৰাইজেও স্বস্তিৰ নিঃস্বাস পেলালে – যি নহওক হাতৰ মুঠিত জীৱন লৈ নাৱেৰে ঘাট পাৰ হোৱাৰ পৰা ৰক্ষা পৰিল বহুজন। যদিওবা বাৰিষাৰ সময়ছোৱাত নাৱখনেই গৰিষ্ঠ সংখ্যক মাছখোৱাবাসীৰ একমাত্ৰ লগৰী হৈ উঠে প্ৰায় প্ৰতি বছৰেই। পিছে সেই বুটিকোৰ ছিগাৰে নাৱত পাৰ হোৱাৰ পৰম্পৰা পুনৰ যেন ৰক্ষা কৰিব লগা হল মাছখোৱা বাসীয়ে, যোৱা ২০১২ৰ বানত ৫০ মিটাৰ দৈৰ্ঘ্যৰ দলঙখনৰ এটা মূৰৰ মাটি কঁঢ়া নদীৰ বাঢ়নি পানীয়ে উটাই নিয়াতকিছুদিনৰ মূৰত ৰাইজক নাৱেৰে ঘাট পাৰ হোৱাৰ অভিজ্ঞতা ৰোমন্থন কৰোৱাৰ পাছত জিলা প্ৰশাসন তথা ৰাজনৈতিক নেতা-বিষয়াৰ চেষ্টাতে পথছোৱাৰে যাতায়ত পুনৰ আৰম্ভ হল। কিন্তু সেই একে ছোৱা পথেৰে একেখন দলঙেৰে এই বছৰৰ বানত দুয়োটা মূৰৰে মাটি বাঢ়নি পানীয়ে উটাই নিয়াত আকৌ এবাৰ যাতায়ত ব্যাহত হৈ পৰিল কিছুদিনলৈ। বৰ্তমান আকৌ সেই একেই ব্যৱস্থাৰে দলঙৰ মূৰ দুটাক প্ৰথমে বাহৰ কাঠিৰে সজা দলঙেৰে সংযোগ কৰি যাতায়তৰ ব্যৱস্থা কৰাৰ পাছত এতিয়া মাটিৰে পুৰাই যাতায়তৰ ব্যৱস্থা কৰা হৈছে। পিছে এই ব্যৱস্থা কি প্ৰতি বছৰেই এইদৰেই চলি থাকিব নে কিবা স্থায়ী সমাধান সূত্ৰ ওলাব! কাৰ ভুলৰ বাবে এইদৰে নদীৰ বাঢ়নি পানীয়ে উটাই নিছে দলঙৰ মূৰৰ মাটি! কোন দায়ী ইয়াৰ বাবে! দলং নিৰ্মাণত নিয়োজিত অভিযন্তা নে প্ৰতি বছৰে ঠিকাদাৰৰ সুবিধা আদায়ৰ কৌশল হে এয়া! দলঙৰ মূৰৰ মাটি যাতে নদীৰ বাঢ়নি পানীয়ে উটাই নিব নোৱাৰে তাৰ বাবে পৰিকল্পিত ভাৱে মূৰ দুটাত একো ব্যৱস্থা লব পৰা নাযায়নে! ৰাজকোষৰ ধনৰ অপচয় এইদৰে কি একেটা কামতে বাৰে বাৰে হৈ থাকিব নে কিবা এক স্থায়ী ব্যৱস্থা লোৱা হব এই সমস্যা সমাধানৰ কাৰণে! এই ধৰণৰ কামসমূহ সঠিককৈ হৈছেনে নাই ছোৱা-চিতা কৰিবলৈ প্ৰতিখন জিলাত ৰাজ্য চৰকাৰৰ এটা চৰকাৰী বিভাগ থকা সত্বেও একেটা ভুলকে বাৰে বাৰে হৈ থাকে কিয়! তদুপৰি আমাৰ ৰাজ্যখনৰ তথা অঞ্চলসমূহৰ যিকোনো সমস্যাৰ ক্ষেত্ৰতে সততে মাত মাতি অহা আৰু সময়ে-অসময়ে প্ৰতিবাদী কাৰ্যসূচী, বন্ধ, ধৰ্ণা আদি কাৰ্যপন্থা হাতত লোৱা তথাকথিত জাতীয়তাবাদী অনুষ্ঠানসমূহ কত লুকাই পৰে এনেবোৰ কাৰ্যত সময়মতে সঠিক পদক্ষেপ লোৱাৰ বাবে! নে সাৰদাৰ দৰে বৃহৎ কোম্পানীসমূহৰপৰা লোৱা দান-বৰঙণিৰ দৰে এইবোৰ ক্ষেত্ৰতো তেওঁলোকক দান-বৰঙণিৰে মাত বন্ধ কৰি থোৱা হয়! অৱশ্যে এই সকলোবোৰৰ ওপৰত স্থানীয় ৰাইজৰ সচেতনতাহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা..

ইয়াৰোপৰি বুটিকোৰৰ পৰা নাতি দূৰৈত অৱস্থিত গগৈঘূলি নামৰ ঠাইডোখৰত থকা ৫০ মিটাৰপৰা ৭০ মিটাৰমান দৈৰ্ঘ্যৰ এটা পথাৰৰপৰা অহা পানী জমা হোৱা খালৰ ওপৰত সৰুতে দেখা কাঠৰ দলংখন নোহোৱা হোৱাৰ পাছৰে পৰা তাত এখন দলং নিৰ্মাণ হোৱা নেদেখিলো। তাৰ সলনি কাষেৰে নিৰ্মাণ কৰা শিলগুটি দিয়া পথটোৰেই যান-বাহনসমূহ চলা কৰাহে দেখা পাই আহিছো। আগে পিছে হোৱা বাৰিষাৰ বৰষুণবোৰত পথছোৱাৰ মাজডোখৰ অলপ পানীৰে বুৰাই যদিও কিছুসময়ৰ পাছতে পানী কমি যোৱাত যাতায়ত ব্যাহত নহৈছিল, কিন্তু এইবাৰ বৰষুণৰ পানীৰ পৰিমাণ বেছি হোৱাত ৰাইজে পুনৰ নাৱত উঠি ঘাট পাৰ হোৱাৰ স্মৃতিকে যেন সোঁৱৰিলে... এই পথছোৱাৰে পাৰ হৈ যাওতে প্ৰতিবাৰেই এটা প্ৰশ্নই মনত ভুমুকি মাৰেহি যে ইমান কম দৈৰ্ঘ্যৰ দলঙখন নিৰ্মাণ নকৰি ঘূৰাই-পকাই শিলগুটি দিয়া ওখোৰা-মোখোৰা পথছোৱা নিৰ্মাণৰ আঁৰৰ ৰহস্য কি! বিভাগীয় কৰ্তৃপক্ষৰ ধনৰ অভাৱ নে দলঙখন নিৰ্মাণ কৰিলে ভৱিষ্যতে বহু কেইজন চৰকাৰী-বেচৰকাৰী লোকৰ বক্ৰ পথেৰে উপাৰ্জন কৰাৰ পথ বন্ধ হোৱাৰ ভয়ত জানি-শুনিয়েই সমস্যাটোৰ স্থায়ী সমাধান কৰা হোৱা নাই! তদুপৰি এতিয়ালৈকে প্ৰতি বছৰে পথটোৰ মেৰামতিৰ নামত শিল আদি দিয়াৰ নামত যি খৰচ হল দলঙখন নিৰ্মাণ কৰিলে তাতকৈ কম খৰহে পৰিল হয় যেন মোৰ বোধ হয়। নাজানো ইয়াৰ অন্তৰালৰ প্ৰকৃত সত্যতা..

একমাত্ৰ লখিমপুৰৰ পথটোকে সাৰথি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান অৱ্যাহত থাকে বাবেই খোৱা-পিন্ধা সামগ্ৰীৰ চৰা দাম ভৰিব লগা নহয় মাছখোৱাবাসীয়ে। পিছে ডাঙৰ বান আহিলে মাছখোৱাৰ পৰা বাটমাৰীলৈকে ঠায়ে ঠায়ে মূল পথৰ ওপৰেৰে পানী বাগৰাৰ ফলত পানী নকমালৈকে এই পথেৰেও যোগাযোগ ব্যাহত হয়। সুবিধাবাদী এচাম ব্যৱসায়ীয়ে ইয়াৰ সুবিধা নোলোৱা নহয় অৱশ্যে। স্থানীয় শাক-পাচলিৰ অভাৱত ইয়াৰ মূল্য বৃদ্ধি হোৱা দেখা যায়। আপুনি কল্পনা কৰকচোন এইখিনি সময়তে কাৰোবাৰ যদি হঠাতে জৰুৰী বেজাৰ-আজাৰে দিখা দিয়ে আৰু স্থানীয় চিকিৎসালয়ৰ চিকিৎসাই কাম নিদিয়ে তেন্তে কি এটা অৱস্থাত পৰে ৰোগীৰ লগতে তেওৰ পৰিয়াল বৰ্গ। তদুপৰি পকী পথৰ নামত থকা পথৰ খলা-বমাবোৰৰ কাৰণে ৰোগীৰ অৱস্থা আধা ৰাস্তাতে কাহিল হোৱাটো আছেই। পকী পথ বোলোতেই এটা কথা মনলৈ আহিছে মাছখোৱাৰ পৰা বুটিকোৰ হৈ ধেমাজী চহৰলৈ যোৱা পথটোৰ ক্ষেত্ৰত নিজে জনা হোৱাৰ পৰা মাছখোৱাৰ পৰা বুটিকোৰলৈ এই ছোৱা পথ আজিকোপতি পকীকৰণ হোৱা নেদেখিলো। কিন্তু এই বছৰৰ পৰা পথ ছোৱা নতুনকৈ পকী কৰাৰ কাম আৰম্ভ কৰিছে। কিন্তু সেয়াও কিমান সঠিককৈ হব সময়তহে দেখা যাব! কাৰণ ইয়াৰ আগৰ উদাহৰণবোৰে ৰাইজক জনাই থৈছে যে কেৱল চৰকাৰক দুখ দিলেই সকলো শেষ নহয়... মাছখোৱাৰ লখিমপুৰ সংযোগী পথটোৰ মাছখোৱাৰ পৰা বাটমাৰী সংযোগী কেচা পথ ছোৱা যোৱা ২০০৭ চনত স্থানীয় ঠিকাদাৰৰ দ্বাৰাই পকী কৰণৰ কাম কৰোৱা হৈছিল। পিছে কি হব তিনিটা বছৰ অতিক্ৰম কৰিল নে নাই ৰাস্তাৰ সলনি প্ৰকাণ্ড পুখুৰীৰ সৃষ্টি হল পথৰ মাজত। আনকি আপুনি চাইকেল চলাই যাবলৈ চিন্তা কৰিব লাগিব - এনে এটা অৱস্থা হল। এদিনীয়াকৈ যোৱা মানুহে কলে বিশ্বায়েই নকৰিব যে এইটো পথ পকী আছিল। স্থানীয় ৰাইজে কবলৈ ললে যে পথটো কেচা থাকোতেই ভাল আছিল হে... এইবোৰ দুই এটা কাৰক হে মাথোন এনে বহু সমস্যা আৰু কাৰকেই ইয়াৰ মাজত অৰ্ন্তনিহিত হৈ আছে। এই সকলোবোৰ কাৰক মিলি মাছখোৱাৰ পৰা যিকোনো স্থানলৈ বৰ্তমান গাড়ীৰে অহা-যোৱা কৰাটো অত্যন্ত জটিল তথা খৰচী হৈ পৰিছেবাৰিষাত নাৱত ঘাট পাৰ হৈ যোৱাতোক বাদ দিলেও প্ৰতি কিলোমিটাৰত ৰাইজে দুটাকতকৈও অধিক পৰিবহন ভাড়া ভৰি যাতায়ত কৰিব লগা হয়। মাছখোৱাৰ প্ৰধান ব্যৱসায়-বাণিজ্যৰ স্থান ইয়াৰ যিটো চাৰিআলি তাৰ পৰা ধেমাজী চহৰলৈ প্ৰায় ২০ কিলোমিটাৰ দূৰত্ব আৰু সেই একেই সমান দূৰত্ব ঢকুৱাখনা চহৰলৈও। আৰু যি ঠাইলৈকে আপুনি নাযাওক কিয় সেই ২০ কিলমিটাৰ পথত প্ৰত্যেকে পৰিবহন ভাড়া ভৰিব লগা হয় ৪০ ৰ পৰা ৪৫ টকাকৈ। যদিওবা ৰাজ্যৰ পৰিবহন বিভাগৰ নিৰিখৰ লগত ইয়াৰ কোনো মিল নাই তথাপি সেই নিৰিখতে ৰাইজে যাতায়ত কৰি আছে আৰু কিমান দিনলৈ কৰিব তাৰো নিশ্চয়তা নাই। অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত আৰম্ভ হোৱা গ্ৰাম্য বাছ সেৱাই ইতিমধ্যে ৰাজ্যখনৰ বহু ভিতৰুৱা অঞ্চলক সামৰি লৈছে যদিও মাছখোৱা অঞ্চলটো সেই সুবিধাৰ পৰা আজিও বঞ্চিত হৈ আছে। যি সময়ত সমগ্ৰ দেশ তথা আমাৰ ৰাজ্যৰ প্ৰতি চুক-কোণ প্ৰধান মন্ত্ৰী গ্ৰাম্য পথ পৰিবহন যোজনাই সামৰি যাতায়ত আৰু যোগাযোগ ব্যৱস্থা ক্ষিপ্ৰতৰ কৰি তোলাৰ লগতে ইয়াক কম খৰচী কৰি তুলিছে সেই একে সময়তে মাছখোৱা অঞ্চলৰ জনসাধাৰণে প্ৰায় তিনিগুণ ভাড়া ভৰি ১৫-২০ মিনিটৰ বাট অতিক্ৰম কৰিছে একৰ পৰা ডেৰ ঘন্টা সময়লৈ। উন্নয়নৰ ইয়াতকৈ আৰু কিবা বেছি চাক্ষুষ প্ৰমাণৰ আৱশ্যক নিশ্চয় নাই আমাক...

(১৭.০৯.২০১৪)

*************

Tuesday, 30 September 2014

পূজাৰ সময়ৰ ভাৱনা...



আমাৰ চৌপাশে এতিয়া শৰতৰ আগমনিত পূজাক আদৰাৰ প্ৰস্তুতি... কি চহৰ কি গাও, সকলোতে এতিয়া পূজাৰ ব্যস্ততা... পূজাক লৈ যে ভিন্নজনৰ ভিন্ন পৰিকল্পনাৰ সময় এয়া... বেলুন – পেঁপা – পিষ্টল আৰু পুতলাৰ ৰাজ্যত বিচৰণৰো সময় এয়াই...

ভিন্ন ৰঙী বেলুন আৰু বিচিত্ৰ শব্দৰ কোলাহলৰে পৰিপূৰ্ণ এটা পৰিৱেশত চিনাকী-অচিনাকী মানুহৰ মাজেৰে পূজাৰ বজাৰত বিচৰণ কৰাৰ আমেজেই বেলেগ আছিল সেইবোৰ সময়ত... যেতিয়া আমিবোৰে শৈশৱ আৰু কৈশোৰত লৈছিলো পূজাৰ আমেজ, আমাৰ নিজস্ব ভাৱেৰে... পুৱাৰ নিয়ৰসিক্ত দূৱৰি গছকি পুৱাৰ কানি-মুনি পোহৰতে আমি সমনীয়া চাৰি পাচটা একলগ হৈ গৈছিলো পূজাৰ আৰম্ভণিৰ দিনা ৰাতিয়েই আনি থোৱা প্ৰতিমা চাবলৈ... কোচ ভৰাই বুটলা শেৱালিৰ সুবাসত আপোন পাহৰা হোৱাৰ সময় আছিল সেইবোৰ... কত লুকাল বাৰু সেই সময়বোৰ...

কলেজত ভৰি থৈ দীঘলীয়াকৈ পোৱা পূজা বন্ধৰ আমেজ লৈছিলো ঘৰতে... প্ৰায় এমাহ পৰ্যন্ত দিয়া এই বন্ধৰ সময়বোৰ কটাইছিলো নিজৰ ভাল লগা ধৰণেৰে... বন্ধু-বান্ধৱৰ ঘৰলৈ তথা সম্পৰ্কীয় জেঠাই-খুড়াহঁতৰ ঘৰলৈ ফুৰিবলৈ যোৱা আদিবোৰতো আছিলেই... লাহে লাহে সময়বোৰচোন সলনি হল...
বৰ্তমান সকলোফালে ব্যস্ততা... আগতকৈও যেন ব্যস্ততা বাঢ়িল যথেষ্ঠখিনি... কোনে কিমান জাকত জিলিকাকৈ পূজাৰ মণ্ডপ বনাব পাৰে তাৰে প্ৰতিযোগিতা এতিয়া সকলোতে... মণ্ডপত নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিব নে পুৰণি দিনলৈ উভতি গৈ মানুহক আকৰ্ষণ কৰিব তাৰে চিন্তা আয়োজক কমিটিবোৰৰ... পূজাৰ প্ৰতিমা কোনে কিমান ডাঙৰকৈ বনাইছে... কোনখন পূজাথলীত প্ৰতিমা ৰাজ্যৰ বাহিৰৰ খনিকৰৰ হতুৱাই বনাইছে তাৰে হিচাপ-নিকাচ লোৱাত ব্যস্ত সমাজৰ এচাম লোক... পূজাথলীত পতা বিচিত্ৰ প্ৰদৰ্শনীবোৰতো আছেই...

তাতে আজিকালি এইকেইটা দিনত অসমীয়া টিভি চেনেলকেইটাৰ পৰ্দাতো পূজাথলীৰ প্ৰতিমা, মণ্ডপৰ বিতং বিৱৰণী,সুন্দৰী যুৱতীৰ মাজত চেনেলসমূহে পতা প্ৰতিযোগিতা আদিৰ বাদে যেন একো খবৰেই নোহোৱা হয় ৰাজ্যখনত... উৎসৱৰ উলাহত ৰাজ্যখনৰ সকলোৱে বাউল গতিকে সংবাদ পৰিৱেশন কৰা সকলনো কিয় বাদ পৰিব পূজাৰ খবৰ যোগান ধৰাৰ পৰা... অৱশ্যে ব্ৰেকিং নিউজৰ কথাটো অলপ বেলেগ...

কিন্তু অসমৰ দৰে এখন সমস্যা বহুল ৰাজ্যত কেৱল দুটামান দিনৰ আনন্দৰ বাবেই লাখ লাখ টকাৰ শৰাধ পাতি পূজাৰ মণ্ডপ বনোৱা, বাহিৰ খনিকৰ আনি প্ৰতিমা বনোৱা, প্ৰদৰ্শনী পতা আদিবোৰ কৰাৰ কিবা জানো যুক্তি-যুক্ততা আছে... অনাহক জাক-জমকতা পৰিহাৰ কৰিওটো পূজা অনুষ্ঠিত কৰিব পাৰি... আনহাতে প্ৰদৰ্শনীবোৰত ৰাইজৰ দৃষ্টি আকৰ্ষণৰ বাবে কৰা কামবোৰ যদি বাস্তৱত কৰাৰ পদক্ষেপ পূজা কমিটিবোৰে ললে হয় নিশ্চয় কিবা অলপ সমাজৰ কামত আহিল হয়...

সৌ সিদিনা কৃত্ৰিম বানপানীত কক্ বকাই থকা ৰাজধানী মহানগৰীখনত যদি চকু ফুৰাও আমি দেখা পাম প্ৰায় প্ৰতি কিলোমিটাৰৰ অন্তৰতে একোখনকৈ পূজাথলী... যিখন মহানগৰীত এজাক ডাঙৰকৈ বৰষুণ আহিলেই মানুহ ঘৰৰপৰা ওলাব নোৱাৰা অৱস্থা হয় পানীৰ প্ৰকোপত... যত জনসাধাৰণৰ ব্যৱহৃত লেতেৰা পানীখিনি উলিয়াই নিবলৈ ভৰলু নদীখনৰ বাহিৰে কোনো উপযুক্ত ব্যৱস্থা নাই, জাৱৰ-জোথৰ পেলোৱা পৌৰনিগম কৰ্তৃপক্ষৰ ডাষ্টৱিনসমূহৰো যি তথৈবচ অৱস্থা... তাত আকৌ উৎসৱৰ সময়ত জনসাধাৰণৰ উল্লাস কি দেখিবা... চৰকাৰ আৰু প্ৰশাসনক গালি পৰাতেই যেন আমাৰ কাম শেষ...

গোৱালপাৰা আৰু কামৰূপ জিলাত কেইদিনমান আগতে হৈ যোৱা ভয়ানক বানপানীৰপৰা সেই অঞ্চলসমূহৰ ৰাইজে মূৰ তুলিবলৈকে আহৰি পোৱা নাই আমাৰ সকলোৰে গাত পূজাৰ বতাহ লাগিলেই... তেওলোকৰ বিষয়ে ভাবিবলৈ চৰকাৰখন এনেয়ে আছেনে... আমাৰ পইছাৰে আমি পূজা পাতিম বেলেগৰ কাৰণে কিয় খৰছ কৰিম... এয়াই যেন আমাৰ মানসিকতা...
 
(তেজপুৰ - ৩০.০৯.২০১৪)

Monday, 15 September 2014

মনৰ বতৰা...

ভাৱনাই বাট হেৰুৱাই... মনৰ আদিগন্ত বিয়পি মাজে মাজে শুকুলা মেঘৰ মাজেৰে উৰি যায় বহু সপোনৰ পানচৈ... নিঃসংগতাত বাট হেৰুৱাইও ভাল লাগে কেতিয়াবা কিছুমান মুহুৰ্তত... চিন্তাৰ পকনীয়াত পৰি বাৰে বাৰে অস্থিৰ হৈ পৰে মন... আৰু যেতিয়া পাৰত উঠো এক আশাতীত উলাহত মনৰ পৰা উলাই যায় দুৰ্ভাৱনাবোৰ কোনোবা ফালেদি... সেউজ সন্ধানী মনৰ হালধীয়াবোৰত বুলাই যায় ফাগুণৰ পছোৱাজাকে বৰদৈচিলাই মাতি অনা বসন্তৰ লহৰ... প্ৰকৃতিৰ লাৱনী পৰশত দেহ-মন সাতখন আঠখন কৰি উঠা পৰতে যেন বসন্তই দিয়ে তৃষ্ণাতুৰ প্ৰাণত মৃত সঞ্জীৱনী...


নিজান ৰাতি যেতিয়া জান-নিজানকৈ চিফুংৰ সুৰ এটা ভাঁহি আহে আচিনা-অজানা স্থানৰ পৰা... কব নোৱাৰাকৈয়ে ৰাভাদেৱৰ মুখখনে অগা-দেৱা কৰে মন চক্ষুৰ সন্মুখেদি... সুৰটোৰ পম খেদি গৈ যেন বিচাৰি উলামগৈ এখন কল্পলোকত... শান্ত-সমাহিত এখন অনন্য প্ৰদেশৰ পৰা ভাঁহি অহা এই সুৰতে মগন হৈ যেন আমি আগবাঢ়িছো অনাগত দিনৰ শুভ ক্ষণলৈ... যাক বিচাৰি হাবাথুৰি খাইছিল ৰাভা ককাইদেৱেও... বিপ্লৱৰ পথ আওৰাও জনগণৰ মুক্তিৰ গান পোৱা ৰাভা দেৱে খাতি-খোৱা জনসাধাৰণৰ মাজতে বিচাৰি পাইছিল এখন মনৰ পৃথিৱী... সেইখন পৃথিৱী... যিখন আমাৰ প্ৰত্যেকৰে মনৰ মাজত অঁকা আছে...


(১৫.০৯.২০১৪)

Friday, 22 August 2014

ব্যক্তিগত অনুভৱ...


ভাষা আন্দোলনৰ সময়তে আৰম্ভ হোৱা বন্ধ সংস্কৃতিৰ আজি অসমৰ বুকুত জয় জয় ময় ময় অৱস্থা... কথা নাই বতৰা নাই কেৱল বন্ধ... অসম বন্ধ - সৰুৰে পৰা দেখি অহা শুনি অহা এটা অতি চিনাকী শব্দ... বিদ্যালয়ত পঢ়ি থকা অৱস্থাত  শব্দটোৱে বৰ আনন্দ দিছিল... কাৰণ দেওবাৰটো নহাকৈয়ে আজি বিদ্যালয়লৈ নগলেও হব... কিমান যে মনত স্ফূৰ্তি... কিমান যে পৰিকল্পনা... সময়বোৰ বাগৰাৰ লগে অনুভৱ কৰিছিলো এই বন্ধবোৰৰ পিছত উদ্ভৱ হোৱা সমস্যাবোৰ... বন্ধবোৰৰ অন্তৰালত ক্ৰিয়া কৰা কাৰকবোৰক...

ৰাজ্যখনত সৌ সিদিনালৈকে - উচ্চ-ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়টো নিদিয়ালৈকে এনেকুৱা এটা অৱস্থা হৈছিলগৈ যে কাৰোবাৰ মুখত বন্ধ বুলি শুনিলেও মানুহে ঘৰৰ পৰা উলাবলৈ এৰিছিল... কোনে বা কিয় বন্ধ দিছে জানিবলৈ কাৰো আগ্ৰহো নাই আৰু প্ৰয়োজনো নাই... কাৰণ সকলোকে লাগে নিজৰ নিজৰ ভাগতকৈ বেছিকৈ পৰা আৰামকন... চৰকাৰী কৰ্মচাৰী সৰহসংখ্যকে লাগে দুদিন বেছিকৈ ঘৰতে শুই-বহি কটোৱাৰ আমেজ... দুই-এজন নিষ্ঠাৱানক আকৌ এনেবোৰ বন্ধৰ সময়ত সুবিধা বুজি দুষ্কাৰ্য কৰা এচামৰ সন্মুখত পৰাৰ অভিজ্ঞতাই বাৰুকৈয়ে জ্বলা-কলা খুৱাই থৈছে... ব্যৱসায়ীসকলৰ আকৌ বন্ধৰ সুযোগ চাই কেনেকৈ বেছিকৈ ঘটিব পাৰি দুপইচা তাৰ চিন্তা... মুঠতে বেষ-ভূষা ভেদে ভিন্ন জনৰ ভিন্ন চিন্তা এই বন্ধৰ সময়ছোৱাত... তথা-কথিত ৰাইজৰ ৰক্ষক দুই-চাৰিজনক তিনিআলি-চাৰিআলিয়ে বন্ধৰ সময়ত ঘটিব পৰা দুৰ্ঘটনাৰ খবৰ উৰ্ধতন কৰ্তৃপক্ষক দিবলৈহে অত তত সিচঁৰতি হৈ থকা দেখা পোৱা যায়... তেওলোকক দেখিলেই এই বন্ধৰ সময়ছোৱাত যিকোনো সৰ্বসাধাৰণ জনতাৰে পেটতে হাত-ভৰি লুকোৱা অৱস্থা হয়... কাৰণ কি ঠিক বন্ধৰ সমৰ্থক বুলি আপোনাক-মোকোতো নি থানাৰ লক-আপত ভৰাই থবগৈ পাৰে... কাৰণ তেনে উদাহৰণ যে আমাৰ চৌপাশে দেধাৰ আছে...

তাৰ মাজতে যে দিন-হাজিৰা আৰু দৈনিক ব্যৱসায় কৰি ঘৰ চলোৱা এচাম ব্যক্তিও এইখন সমাজতে আছে... সেয়া ভাবিবলৈ কাৰোৰে আহৰি নাই... ৰাতিটোৰ ভিতৰতে সংগঠনৰ জন্মদি পিছদিনা ১২ ঘন্টীয়া বা ২৪ ঘন্টীয়া অসম বন্ধৰ ঘোষণা কৰা এইখন ৰাজ্যত ইমানবোৰ ভাবিবলৈ কাৰোৰে যে গাত আজি হুঁচ নাই... কিমান যে জাতীয়তাবাদী সংগঠনে নতুনকৈ ৰাইজৰ কাম কৰাৰ পণ লৈ গা টঙাইছে তাৰো লেখ-জোখ আনকি সংবাদ মাধ্যমৰো নাম তালিকাত বিচাৰিলে পোৱাৰ সম্ভাৱনা প্ৰায় শূণ্য... ছাত্ৰ সংগঠনবোৰৰ প্ৰসংগলৈ নোযোৱাও শ্ৰেয়... কাৰণ আকৌ নাম-ধাম ভুল কৰা বুলিও বন্ধ ঘোষণা কৰিবলৈ কেতেপৰনো লাগিছে...

মাজতে উচ্চ-ন্যায়ালয়ৰ ৰায়ৰ পিছতে অলপ হলেও শাম কটা এই বন্ধ সংস্কৃতিৰ সংক্ৰমণ আকৌ আৰম্ভ হৈছে... এইবাৰটো কিমানদিনলৈ ইয়াৰ সংক্ৰমণ চলে তাৰ কোনো ঠিকনা নাই... কাৰণ এইবাৰ সমস্যা গভীৰ... ৰাজ্যৰ সীমাকলৈ চলিছে এক ভয়ংকৰ ষড়যন্ত্ৰ... ৰাজনীতিৰ মেৰ-পেচত পৰি দিক্-বিদিক- হেৰুৱাইছে সাধাৰণ জনতাই... নে কোনোবাই সাধাৰণ জনতাক পিছফালৰ বলিৰ পাঠা সজাই আগবঢ়াই দিছে... ৰাজ্যখনৰ এটা প্ৰধান জলন্ত সমস্যা বিদেশী প্ৰব্ৰজন ৰোধৰ ক্ষেত্ৰতে কোনো সমাধান সূত্ৰ নাই কাৰোৰে হাতত এচিয়ালৈকে... তাতে এইবাৰ আকৌ ঘৰৰে মানুহৰ মাজত আৰম্ভ হৈছে সংঘাত... ৰাজ্যৰ বৰ্তমানৰ শাসকবৃন্দ নিজৰ মাজতে ক্ষমতাৰ অৰিয়া-অৰিত ব্যস্ত... বিৰোধী পক্ষৰ ভূমিকা লবলৈও ৰাজ্যখনত উপযুক্ত দল তথা নেতাৰ অভাৱ...

বিদেশী প্ৰব্ৰজনৰ সমস্যাটো সমাধানৰ গইনা লৈ ৰাজ্যৰ শাসন ভাৰ লোৱা আঞ্চলিকতাবাদী দলটোৰো আজি অস্তিত্বৰ ঘোৰ সংকটৰ সময়... সেই সময়ত ছাত্ৰ ৰাজনীতিৰ জৰিয়তে পোনে পোনে ৰাজ্যৰ শাসনৰ ভাৰ লোৱা অভিজ্ঞতাহীন সেই আঞ্চলিকতাবাদত বিশ্বাসী জাতীয়তাবাদী শিবিৰটোৰ আজি ইমান বছৰৰ পিছতো কোনো ধৰণৰ পৰিৱৰ্তন নহল... নিজৰ মাজৰ ভুলবোৰ শোধৰোৱাৰ পৰিৱৰ্তে তেওলোক ব্যস্ত এতিয়াও দলৰ ভিতৰতে ক্ষমতাকেন্দ্ৰিক ৰাজনীতিক লৈ... ৰাজ্যৰ ইমানবোৰ জলন্ত সমস্যা আজি তেওলোকৰ চকুতে নপৰা হল... ক্ষমতা দখলৰ পিছত মূল সমস্যাটোকো তেওলোকে প্ৰয়োজনীয় গুৰুত্ব নিদিলে... আঞ্চলিকতাবাদকে বিকল্প হিচাপে আকোৱালি লোৱা ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক জনতাই লাহে লাহে আস্থা হেৰুৱাই পেলালে সকলোৰে ওপৰত...

এটা চিন্তাই প্ৰায়ে সংগোপনে মোক অস্থিৰ কৰে... এখন সুষ্ঠ-সৱল অসম গঢ়াৰ বাবে বিকল্প কিবা এটা শক্তি ওলাবনে ভৱিষ্যতে বাৰু....

(২২ আগষ্ট ২০১৪)

Thursday, 21 August 2014

২১.০৮.২০১৪


কি হৈছে বাৰু আমাৰ চৌপাশে এইবোৰ ... মানুহ বোলা প্ৰাণীটোৰ আজি বাৰু বিচাৰ-বুদ্ধিৰ বিলোপ ঘটিলনে কি... একেখন দেশৰে চাৰিসীমাত থাকি সীমাৰ কাৰণে ইমানখন মহাভাৰত... পথাৰৰ মাটিৰ সীমা ঠেলা-ঠেলিক লৈতো আগতেও গাৱৰ নদাই-ভদাইহতৰ মাজত আৰিয়া-অৰি লাগিছিল... তেতিয়া আজিৰ দৰে পিছে পুলিচ-কাচাৰীৰ লেঠাও নাছিল ইমান... গাৱৰে গাওবুঢ়াই সৰ্বে-সৰ্বা আছিল... তেওৰ দুষাৰমান বুজনিতে ইতি পৰিছিল সকলোবোৰ খেলি-মেলিৰ... বৰ বেছি নামঘৰত মেল বহিছিল... আৰু মেলৰ অন্তত সকলোৰে মাজৰ সংম্পৰ্কবোৰ আগতকৈ বেছি দৃঢ়হে হৈছিল... আজিৰ দৰে দিনে দিনে অৱনতি ঘটা নাছিল... নিজৰ ভুল স্বীকাৰ কৰি ৰাইজৰ আগত আঠু লৈছিল...

আমিবোৰ যিমানেই শিক্ষিত তথা আধুনিক হবলৈ ধৰিছো সিমানেই মানৱীয়তাৰ অৱনমনহে ঘটিছে... বিশ্বৰ সকলো প্ৰান্ততে আজি হত্যা-হিংসা, লুন্ঠন-ধৰ্ষণ, চুৰি-ডকাইতি আদিবোৰৰ প্ৰকোপ দিনক দিনে বাঢ়িছেহে... দেশবোৰৰ মাজৰ আন্তৰাষ্ট্ৰীয় সীমা বিবাদটো এক পুৰণিকলীয়া বেমাৰ... অন্য দেশৰ প্ৰসংগলৈ নগৈ নিজৰ দেশখনৰ প্ৰেক্ষাপটতে চকু ফুৰালে দেখা পাও যে... চুবুৰীয়া দেশ চীনৰ লগত দেশৰ স্বাধীনতাৰ পিছৰে পৰা থকা অৰুণাচলৰ কিছু অঞ্চলক লৈ থকা বিবাদৰ আজিকোপতি কোনো ধৰণৰ সমাধানৰ চেষ্টা কেন্দ্ৰীয় চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষসমূহে কৰা পৰিলক্ষিত হোৱা নাই... সামান্তৱৰ্তী পহৰা চকীসমূহত থকা সীমান্ত সুৰক্ষা বাহিনীৰ কিমানজন জোৱান যে সেই অজান্তি মুলুকত নিজৰ জীৱন আহুতি দিছে তাৰ হিচাপ ৰক্ষাৰ দায়িত্বটো আমাৰ নহয়... আনহাতে কাশ্মীৰ সমস্যাটো আমাৰ দেশৰ এক এৰাব নোৱাৰা ব্যাধিলৈ পৰিৱৰ্তন হৈছেই... কাশ্মীৰৰ সুৰক্ষা নামত যে কিমান হাজাৰ হাজাৰ কোটিৰ প্ৰতি বছৰে পৰিকল্পনা শিতানত ধাৰ্য কৰা হয় তাৰ পিছতো আজি পৰ্যন্ত কিবা এক সমাধানৰ পথ উলাইছে... নাই সকলো ফালে কেৱল ধোৱা আৰু বাৰুদৰ গন্ধৰ মাজতে আগবাঢ়িছে ভৱিষ্যতবোৰ... তাতে আকৌ কিছুদিনৰ আগতে বাংলাদেশৰ লগত থকা কিছু সীমাৰ সমস্যা সমাধানৰ নামত আমাৰ অসমৰে মাটি বদন্যতাৰ নামত দান কৰা হল সীমান্তৱৰ্তী দেশখনক... ৰাজ্যখনৰ ৰাজনীতিকসকলে যেন ইমান দিনে সেই মহান কামফেৰালৈকেহে বাট চাই আছিল... বাকী তথাকথিত বিৰোধী পক্ষ আৰু জাতীয়তাবাদী হিচাপ নোহোৱা সংগঠনবোৰৰো টোপনি সেইকেইটা দিনতে বেছি হোৱা যেন লাগিল... অৱশ্যে দুই-এটা সংগঠনে আলোচনা-বিলোচনা চলোৱা দেখা গল শাসক-প্ৰশাসকৰ লগত... পিছে সকলোবোৰ চোৰ গলে বুদ্ধি, বৰষুণ গলে জাপিৰ দৰেহে হল... কিবা যে ফল ধৰিব সেয়াও সুদূৰ পৰাহত....

Saturday, 28 June 2014

শৈশৱ বুটলি


শৈশৱৰ নামত এটা কবিতা বা কিছু টুকুৰা স্মৃতি বোটলাৰ হাবিয়াহ জাগে প্ৰায়ে... পিছে পিছমূহুৰ্ততে মই যে নিজৰ ওচৰতে মুক বধিৰ হৈ ৰও... স্মৃতিয়েও যেন মোক প্ৰতাৰণা কৰে... চোতালত বালিঘৰ সাজি পোৱা বিশ্ব জয় কৰাৰ সমান আনন্দ আৰু মূহুৰ্ততে ভাঙি পৰাৰ দুখবোধটোত বিচলিত হৈ পৰা মনটো বাৰু আজিও জীয়াই আছেনে সংগোপনে মোৰ একোণত...

হাঁহি-খিকিন্দালিৰে পূৰ্ণ ঘৰখনত মোৰ বাবেই খন্তেকতে সাধাৰণতে কান্দোনৰ ৰোল উঠা নাছিল... কাৰণ শৈশৱৰ প্ৰতিটো পলেই আছিল মোৰ বাবে নিত্য-নতুনত্বৰে ভৰা একোটা অধ্যায় জীৱনৰ... ভাতৰ পাতত বহি মাৰ কোলাৰ পৰা নামি নিৰ্দিষ্ট কাঁহীখনৰ সলনি মজিয়াৰ পৰাহে বুটলি খোৱাৰ আগ্ৰহ ক'ৰ পৰা জানো জন্মিছিল... কোনেওটো মোক শিকোৱা নাছিল সেয়া... হয়তো এয়াই শৈশৱৰ আমনি... জীৱনৰ প্ৰাচুৰ্য যে ইয়াতে লুকাই থাকে...

মুখ ওন্দোলাই বা ঠেহ-পেছ পাতি থাকি জিকিবলৈ নিশিকিলোঁ তেতিয়াও-এতিয়াও... সময়ৰ সৈতে ক'ব নোৱাৰাকৈয়ে বহু দূৰ আগুৱাই আহিলো... পাছত মাৰ মুখেৰে শুনিছিলো মোৰ জন্মৰ পিছৰ কথকতা... বিশ্বাস কৰিবলৈ মন নগৈছিল... পিছে বুজন হোৱাত এজন অচিনাকী ভদ্ৰলোকৰ মুখত শুনিহে আকৌ মাৰ পৰা শুনিছিলো কথাবোৰ... এইবাৰ মনোযোগেৰে... কেৱল চিকিৎসকৰ চেষ্টাতহে যে আজিৰ অৱস্থাত উপনীত হলোঁ বিশ্বাস হৈছিল... ঘৰৰ মানুহবোৰৰ বিশ্বাসেই হেৰাইছিল বোলে... তথাপি জীৱনৰ সতে যুঁজিয়ে যেন জয়ী হৈ আজিৰ মইটো হৈ উঠিলো...

(২৮ জুন ২০১৪ - দিনৰ ১২ বাজি ৩৮ মিনিট) 

Sunday, 8 June 2014

ভাৱ বিলাসিতা...



...সময়ৰ গতিশীলতাত কেতিয়াবা বাকৰুদ্ধ হৈ পৰো...সকলোতে যে গতিৰ কি এক তীব্ৰ প্ৰতিযোগিতা... কিছু অলীক কল্পনাত মচগুল হৈ যেন মই ৰৈ গৈছো একে ঠাইতে... বহু দূৰ আগুৱাই গৈছে সমাজখন... নতুন প্ৰজন্মৰটো কথা কোৱাই নিষ্প্ৰয়োজন... নিজৰ ওপৰত থকা সকলো বিশ্বাস যেন হেৰাই যায় খন্তেকৰ কাৰণে... পাৰ হৈ যায় তীব্ৰ গতিৰে ৰাস্তাৰ ধূলি উৰুৱাই কেতিয়াও নাম নুশুনা নতুন গাড়ীৰ সমদল এটা... সভ্যতাৰ জয়গান গাই যায় নে সমাজৰ গৰিষ্ঠ সংখ্যকৰ দৰিদ্ৰতাক উপহাস কৰি যায় বুজিব নোৱাৰো... 

কিবা এটা নতুন সৃষ্টিশীলতাৰ অপেক্ষাত থৌকি বাথৌ দেহ-মন... কিন্তু চৌপাশলৈ চকু দিলেই চোন হতাশাত মনটো কোছ খায় আহে... সমস্যা আৰু আশা-ভংগৰ সীমাহীন বিষাদ গাথাঁৰে পৰিপূৰ্ণ মোৰ পাৰিপাৰ্শ্বিকতা... এই সমস্যাবোৰ বাৰু কেৱল মোৰ মনে কোৱা সমস্যাহে নে... আনসকলৰ দৃষ্টিত এই সমস্যাবোৰৰ কোনো গুৰুত্বই নাইনে কি... কৰবাত বাৰু আৱদ্ধ হৈ পৰিছে নেকি বাৰু আমাৰ মানবীয়তাৰ সংজ্ঞা... আজিকালি যে আমি কিছুমান নিৰ্দিষ্ট নতুন এক কেন্দ্ৰিক বৃত্তৰ পাকচক্ৰত সোমাই পৰিছো নিজৰ অজানিতেই...

নিজৰে ৰাজ্যখনত বানপানীৰ সমস্যা... অনুপ্ৰৱেশৰ সমস্যা... নিবনুৱা সমস্যা... যাতায়াত-যোগাযোগ ব্যৱস্থাৰ দুখ লগা অৱস্থা... নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দিনক দিনে হৈ থকা চৰা দাম... চৰকাৰৰ নিৰুদ্বেগ মানসিকতা তথা ভৱিষ্যতৰ কাৰণে কোনো পৰিকল্পনা নোহোৱা আদি এশ-এবুৰি সমস্যাৰ মাজতো মানুহে যুজি গৈছে জীৱনৰ প্ৰতিটো পল... সপোনৰ বাটত খোজ পেলাইও দিঠকক মহীয়ান কৰি তুলিছে বিভিন্নজনে নিজা প্ৰতিভা আৰু অধ্যব্যৱসায়েৰে...

ইমানৰ পিছতো আমি আওৰাও অৰ্থনীতি -সমাজনীতিৰ নিত্য নতুন সংজ্ঞা... ব্যৱহাৰিক জীৱনত পুজিবাদৰ জয়গান গাই দহজনৰ ওচৰত সাম্যবাদৰ ওপৰত বক্তৃতা দি ভাল পাও আমিয়েই... ডাচ্ কেপিটেল খায় নে পিন্ধে নজনাকৈও আমি মাৰ্ক্সবাদৰ হৈ উকালতি কৰো বন্ধুৰ সতে হোৱা আড্ডাত... নাজোনো মাৰ্ক্স, লেনিন, মাও চে ডংৰ নিঃস্বাৰ্থ ত্যাগ আৰু সাধাৰণজনৰ কাৰণে দেখা সপোনবোৰৰ বাস্তৱিকতা আজিৰ বিশ্বায়নৰ যুগত কিমান দূৰ যুক্তি সংগত... 


(৮ জুন ২০১৪)

Sunday, 25 May 2014

জালুকবাৰীৰ স্মৃতি...

কৃষ্ণচূড়াৰ দেশ জালুকবাৰী আনুষ্ঠানিকভাৱে এৰি অহা কেইবাটাও বসন্ত পাৰ হৈ গল চকুৰ পচাৰতে... এতিয়াও কৃষ্ণচুড়াৰ উজ্জ্বলতাই নষ্টালজিক কৰি তোলে প্ৰায়ে... ৰঙৰ উজ্জ্বলতা সকলোতে যে একেই হলেও মনবোৰ ভিন্ন আমাৰ... তথাপি আমি কোনোবাখিনিত এক হৈ পৰো নিজৰ অজানিতেই... একতাৰ এনাজৰীডালৰ অদৃশ্য আত্মীয়তাত মগন হও আমি আমাৰ মাজতে...

এতিয়া সকলোতে যে ৰঙৰ সমাহাৰ... গছৰ ডাল-পাত ঢাকি ফুলা ৰঙা আৰু ৰঙা... মাজে মাজে সোণাৰুৰ হালধীয়া হাঁহিত আপোন পাহৰা হও আমি... তলসৰা ফুলেৰে চৌপাশ ৰঙীণ হোৱাৰো সময় এয়াই... যদিওবা জালুকবাৰীৰ কৃষ্ণচূড়াবোৰক বয়সে চুই গৈছে তথাপি স্তব্ধ হৈ যোৱা নাই তাৰ উন্মাদনা... নতুন দিনৰ নতুন পুৰুষৰ জীৱন আৰু যৌৱনৰ সংগ্ৰামত সদায়েই মুখৰ কৃষ্ণচূড়াৰ দেশৰ পদূলি...

Tuesday, 29 April 2014

প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি – মাধৱ কন্দলীৰ এক চমু পৰিচয়




যিকোনো আধুনিক ভাৰতীয় আঞ্চলিক ভাষাতে সুদূৰ চতুৰ্দশ শতিকাতে বাল্মিকী ৰামায়ণৰ অনুবাদ কৰি সৰ্বভাৰতীয় পৰ্যায়ত এক উল্লেখনীয় কৃতিত্বৰ অধিকাৰী হোৱা মাধৱ কন্দলী অসমীয়া কাব্য সাহিত্যৰ আদি বৈষ্ণৱ যুগৰ প্ৰধান কাণ্ডাৰী। তেখেতৰ হাততে অসমীয়া কবিতাৰ প্ৰবাহে এক সুনিৰ্দিষ্ট তথা স্বকীয় গতিময়তা লাভ কৰে। সেয়েহে অসমীয়া কাব্য সাহিত্যৰ পৰম্পৰাত মাধৱ কন্দলী আৰু তেওৰ ৰামায়ণে সদায় স্মৰণীয় ভূমিকা পালন কৰিছে।
এইজনা কবিৰ জীৱন আৰু কৃতিৰ বিষয়ে বিচাৰ কৰিবলৈ গলেও আমি কোনো তথ্যভিত্তিক সঠিক পৰিচয় আজিকোপতি পোৱা নাই। তেও নিজে ৰামায়ণত এৰি যোৱা ভণিতাৰ বাদে বিতং কোনো সমল পোৱা নাযায়। এটি ভণিতাত তেও কৈছে –
কবিৰাজ কন্দলীযে   আমাকেশে বুলি কয়
        বিৰচিলা পদে ৰাম কথা।
ইয়াৰ পৰা এই কথাও আমি কব পাৰো যে – কবিৰাজ উপাধিটো সম্ভৱতঃ সেই সময়ৰ সমাজৰ পৰা লাভ কৰা।
আকৌ লংকা কাণ্ডৰ শেষত তেও এনেধৰণৰ ভণিতা কৰিছে –
ৰামায়ণ সুপয়াৰ      শ্ৰীমহামাণিক্য যে
       বৰাহ ৰজাৰ অনুৰোধে।
এই ভণিতাত উল্লেখ থকা কন্দলীৰ পৃষ্ঠপোষক এই মহামাণিক্যৰ ইতিহাস সঠিককৈ যুগুতাব পাৰিলেই কন্দলীৰ ইতিহাসো উলাই পৰিব জল্ জল্ পট্ পট্ কৈ। বৰাহী ৰজাৰ শাসনকাল আৰু স্থানৰ সঠিক বিৱৰণে এই ক্ষেত্ৰত প্ৰধান ভূমিকা লব পাৰে যদিও ইয়াক লৈ পণ্ডিতসকলৰ মাজত মতানৈক্য ঘটা দেখা যায়।
শংকৰদেৱে উত্তৰাকাণ্ডত দিয়া ভণিতাৰ পূৰ্ব কবি উদ্ধৃতিৰ পৰা মহামাণিক্য আৰু মাধৱ কন্দলী উভয়কে সন্দেহাতীত ভাৱে চৈধ্য শতিকাৰ যেন অনুমান হয়। কিন্তু আহোমসকলে পৰাভূত কৰা উজনিৰ বৰাহী কছাৰী ৰজাসকলৰ ভিতৰত মহামাণিক্যৰ নামৰ কোনো উল্লেখ নথকালৈ চাই মধ্য অসমৰ ৰজা যেনহে যুক্তি উলায়। লক্ষণীয় যে মাধৱ কন্দলীৰ ভণিতাযুক্ত ৰামায়ণৰ সাঁচিপতীয়া প্ৰতিলিপিৰ কাণ্ডকেইটা মধ্য অসম অঞ্চলত পোৱালৈ চাই মধ্য অসম বুলিয়েই ভাৱিব পাৰি।
কনকলাল বৰুৱাই Early History of Assam - ত মহামাণিক্যক ত্ৰিপুৰাৰ শেষ চতুৰ্দশৰ ৰজা বুলি কৈছে। দেৱেন্দ্ৰনাথ বেজবৰুৱাই আকৌ মহামাণিক্যক নামধাৰী জয়ন্তীয়া ৰজা বুলি কলেও ড ডিম্বেশ্বৰ নেওগে যুক্তি খণ্ডন কৰিছে কাৰণ জয়ন্তীয়া সকল ষোড়শ শতিকাতহে ক্ষমতালৈ আহে। বুৰঞ্জীত উল্লেখিত বাণপুৰ আৰু সোণাপুৰ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিক্ৰমাদিত্যৰ পুত্ৰকে মহামাণিক্য বুলি পোৱা যায় কিন্তু বৰাহ বুলি উল্লেখ নাই।
বৰাহীসকল হল হিন্দুধৰ্মী কছাৰীসকলৰ এটি ঠাল। হেমচন্দ্ৰ গোস্বামীৰ মতে এই বৰাহী কছাৰীসকলে ব্ৰহ্মপুত্ৰৰ দক্ষিণৰ এক বিস্তৃত এলেকাত ৰাজত্ব কৰিছিল। কছাৰী বুৰঞ্জীত পোৱা এই মহামাণিক্যই কন্দলীৰ পৃষ্ঠপোষক নোহোৱাৰ কোনো যুক্তি নাই। মহামণিফৰ বুলি থকা এইজনৰ নাম মহামাণিক্য হোৱাত হয়তো লিপিকাৰৰ অসাৱধানতাৰ পৰিনাম বুলি ড মহেশ্বৰ নেওগে উদ্বেগ প্ৰকাশ কৰিছে।
কবিৰাজ কন্দলী'ৰ কন্দলী উপাধি নহৈ তেখেতৰ পাণ্ডিত্যৰ পৰিচয় জ্ঞাপক বিশেষণো হোৱাৰ যুক্তি নোহোৱা নহয়। কাৰণ অনন্ত কন্দলীয়ে কন্দলী উপাধিটো তৰ্ক-বিদ্যাৰ নৈপুণ্যতাৰ বাবে লাভ কৰা বুলি উল্লেখ কৰিছে। আকৌ কন্দলী উপাধিধাৰী লোক অসমত পোৱা যায় বিশেষকৈ মধ্য অসমত। মধ্য অসমৰ নগাঁৱত কন্দলী নামাকৰণেৰে এটা মৌজাও আছে।
ইতিহাসৰ ইমানবোৰ গুণা-গঁথা, জল্পনা-কল্পনা, অনিশ্চয়তাৰ মাজত ড বাণীকান্ত কাকতিয়ে ভাষাতাত্ত্বিক দৃষ্টিভংগীৰে বিচাৰ কৰি মাধৱ কন্দলী মধ্য অসমৰ আছিল বুলি দৃঢ়ভাৱে কোৱা কথাটোক গুৰুত্ব দি লগতে Assamese Its Formation and Development ত উল্লেখিত – চতুৰ্দশ শতিকাৰ অসমত মাধৱ কন্দলীৰ ভাষা হয় পশ্চিম, নহয় মধ্য অসমৰ হোৱা বুলি ভবাটো অতি যুক্তিযুক্ত কথা। এনেদৰে ভাষাতাত্ত্বিক দৃষ্টিৰে পোৱা সময়ৰ ধাৰণাটোৱেই কন্দলীৰ কাব্য চৰ্চাৰ ইতিহাসৰ ক্ষেত্ৰত পোৱা এট দৃঢ় খোপনি।
অসমৰ জনসমাজত প্ৰচলিত কথ্যভাষাক কাব্য ভাষা হিচাপে প্ৰতিষ্ঠা কৰাত মাধৱ কন্দলীৰ কৃতিত্ব অতুলনীয়। কবিৰ অতুলনীয় কাব্যিক প্ৰতিভাৰ পৰিচয় ৰামায়ণৰ পাতে পাতে পোৱা যায়। কন্দলীৰ কাব্য প্ৰতিভাৰ আলোচনা বেলেগকৈ কৰাৰ প্ৰয়োজনেই নাই কাৰণ অসমীয়া জাতীয় জীৱনৰ অন্যতম পুৰোধা ব্যক্তি তথা সাহিত্য জগতখনো যাক বাদ দি সম্পূৰ্ণ নহয়, সেইজনা ব্যক্তি মহাপুৰুষ শংকৰদেৱে কন্দলীৰ কাব্য প্ৰতিভাক স্বীকৃতি দিছে এইদৰে –
    পূৰ্বকবি অপ্ৰমাদী মাধৱ কন্দলী আদি
       বিৰচিলা পদে ৰাম কথা।
    হস্তীৰ দেখিয়া লাদ    শশা যেন ফাৰে মাৰ্গ
       মোৰ ভৈল তেহ্নয় অৱস্থা।।
কন্দলীৰ কাব্য প্ৰতিভাৰ ৰহণ চৰিত্ৰ চিত্ৰণ, প্ৰকৃতি বৰ্ণন, নগৰৰ বৰ্ণনা, স্থানীয় ৰহণ, অলংকাৰ, ৰস, শব্দ প্ৰয়োগ, চৰিত্ৰৰ মুখৰ ভাষা আদিৰ মাজেদি বিয়পি পৰিছে। কবিৰ দক্ষ হাতৰ পৰশত প্ৰতিটো চৰিত্ৰই – লাগে সেয়া ৰামেই হওক বা হনুমানেই হওক, সীতা, কৈকেয়ী, কুঁজী আদি সকলো কবিৰ লোক ব্যৱহাৰে আদৰ্শৰে প্ৰাণ পাই উঠিছে। মূল ৰাম চৰিত্ৰটোক আদৰ্শবান ৰূপত দেখুৱাবলৈ গৈ কন্দলীয়ে ৰামক দেৱত্বৰ শাৰীত থোৱা নাই, লগতে অন্যান্য চৰিত্ৰসমূহকো লোক সমাজৰ চিনাকী একো একোটা চৰিত্ৰ হিচাপে উপস্থাপন কৰিছে। এই চৰিত্ৰসমূহৰ মুখত ব্যৱহৃত লোক সমাজৰ ভাষা প্ৰয়োগে তেওলোকক আমাৰ একান্তই আপোন কৰি পেলাইছে আৰু ইয়ে কন্দলীৰ কাব্য প্ৰতিভাৰ চানেকী ধৰিবলৈ যথেষ্ট।
কন্দলীৰ কাব্য প্ৰতিভাৰ পৰিচয়ৰ স্বকীয়ত্ব লুকাই আছে চৰিত্ৰৰ মনোভাৱ প্ৰকাশত তেওৰ দক্ষতাৰ ক্ষেত্ৰত। সীতাৰ মনোভাৱৰ বৰ্ণনাত –
    কমন অঙ্গত মোক হীন দেখিলাহা।
    কি কাৰণে প্ৰভূ মোক উপেশিয়া যাহা।।
এনেদৰে চৰিত্ৰৰ মনোভাৱ প্ৰকাশক বৰ্ণনাৰ মাজেদি কবিয়ে উপযুক্ত শব্দ সম্ভাৰৰ বিপুল প্ৰয়োগ কৰিছে। ঘৰুৱা চুটি চুটি বাক্যই ব্যক্ত প্ৰসংগক ৰমণীয় কৰিছে এইদৰে –
    শুষিনী নাগিনী নিকৰুণী সংহাৰিনী।
    নিৰ্দয়িনী ৰাক্ষসনী বাঘিনী দাৰুনী।।
 ঘৰুৱা প্ৰকাশভংগীৰ কাৰণে ফকৰা-যোজনা, পটন্তৰেৰে বৰ্ণনীয় বিষয় প্ৰভাৱশালী, প্ৰসাৰৰ লগত খাপ খুৱাই পৰিস্থিতি অনুসৰি আৰু বক্তা-শ্ৰোতাৰ স্তৰ অনুযায়ী লোক-ব্যৱহাৰৰ ভাষা প্ৰয়োগকে কন্দলীয়ে সুষম ৰূপত প্ৰয়োগ কৰিছে। বৃদ্ধৰ তৰুণী ভাৰ্যা, কৈকেয়ীৰ অষ্টমীৰ ছাগ আদিৰ লগতে তেখেতে ব্যৱহাৰ কৰা লোক ভাষাৰ উদাহৰণ হল –
    বুঢ়া শালিকাৰ যে চক্ষু ভ্ৰৱ কাঢ়া
এনেধৰণৰ প্ৰতিভাৰ বাবেই শংকৰদেৱে তেওক অপ্ৰমাদী আখ্যা দিছে। ড মহেশ্বৰ নেওগে – কন্দলীৰ লেখাত ৰাংঢালী প্ৰকৃতিৰ পৰিচয় পোৱা যায় বুলিছে।
পৰিস্থিতি জ্ঞাপক ভাৱব্যঞ্জনাৰ ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত কবিৰ প্ৰতিভাৰ পৰিচয় তলত স্পষ্ট –
ভাইৰ সন্তাপে ৰাম দশ গুণে চণ্ড।
শৰীৰ মাংসক কৰিলা খণ্ড বিখণ্ড।।
উপযুক্ত ধ্বনি বিন্যাসৰ দ্বাৰা ইয়াত ৰামৰ প্ৰচণ্ড ক্ৰোধ যিদৰে ব্যঞ্জিত হৈছে, সেইদৰে সুকুমাৰত্বও দেখা যায় –
    ৰাজহংস দেখা সীতা তোমাৰ গমন।
    চক্ৰবাক যুগল তোমাৰ দুই তন।।
প্ৰকৃতিৰ বৰ্ণনা, নগৰৰ বৰ্ণনা আদিৰ মাজেদিও আমি তেওৰ বহুমুখী প্ৰতিভাৰ পৰিচয় পাও –
    বসন্ত সময়ে কাম ৰজাৰ পয়ান।
    পুষ্পৰ ধনুত আৰোহিয়া পঞ্চবান।।
প্ৰিয়া আৰু প্ৰকৃতিকো একাকাৰ কৰি তুলিছে এইদৰে –
    জনকৰ জীউ দেখা নদী মন্দাকিনী।
    তোমাৰ সদৃশ সুশোভিত মধ্যক্ষিণী।।
অযোধ্যা নগৰীৰ বৰ্ণনাৰ লগতে ৰাৱণৰ লংকাপুৰীৰো অনুপম ৰূপৰ মনোমোহা বৰ্ণনাৰে পাঠকক মানসিক খোৰাকৰ যোগান ধৰিছে –
    হাসো হাসো কৰি অযোধ্যা সম্প্ৰতি।
    নৃত্য গীত বাদ্য যেন দেখি অম্ৰাৱতী।।
কন্দলীৰ কাব্য প্ৰতিভাৰ মৌলিকত্ব হল অনুবাদৰ মাজত উপযুক্ত ভাৱে দিয়া স্থানীয় ৰহণ। তেও ইয়াৰ মাজত সমসাময়িক অসমীয়া লোকসমাজক প্ৰতিফলিত কৰি এক সৌষ্ঠৱপূৰ্ণ স্বকীয়তা দান কৰিছে। অসমীয়া লোক-সমাজত বৃদ্ধলোকৰ উপদেশ মানি চলা হয় –
    মোহোৰ সমান বৃদ্ধ নাহি নিৰন্তৰ।
আমি কথা কও শুনা যুৱত কালৰ।।
চিত্ৰকূট বনৰ তথা স্বৰ্ণলংকাৰ চৰাই-চিৰিকতি, গছ-গছনিৰ মাজত কবিয়ে অসমৰ চৰাই-চিৰিকতিকে দেখিছে –
    সুৱৰ্ণৰ হংস লড়ু আলি চক্ৰবাক।
    সুৱৰ্ণৰ শৰালি উৰয় জাকে জাক।।
বিভিন্ন বিধ উপমা, ৰূপক, উৎপ্ৰেক্ষা আদি অলংকাৰৰ প্ৰয়োগৰ লগতে প্ৰায় সকলোবিধ ৰসৰ সোৱাদেই আমি কন্দলীৰ ৰামায়ণত পাও। অলংকাৰ প্ৰয়োগত কবি সিদ্ধহস্ত –
    দশৰথ সাগৰ তৰং নদী আই।
অলপতে শুখাই যাইবি জানিলোহো মই।।
এইদৰে স্বকীয় মৌলিকত্বৰে মাধৱ কন্দলীয়ে ৰামায়ণৰ অনুবাদেৰে অসমীয়া ভাষা-সাহিত্যক মহীয়ান কৰি তোলাৰ লগতে নিজকে এগৰাকী অসাধাৰণ প্ৰতিভাধৰ কবি হিচাপেও প্ৰতিষ্ঠা কৰি থৈ গল।
কবি কন্দলীৰ কাব্য প্ৰতিভাৰ বিচাৰত তেওৰ ভণিতাযুক্ত অন্যখন গ্ৰন্থ দেৱজিতৰ কথাও আলোচনা কৰাতো প্ৰয়োজন। দেৱজিতত কন্দলীৰ এনেদৰে ভণিতা আছে –
    মাধৱ কন্দলী ৰচিলন্ত ইটো পদ।
    তাকে শুনি এৰা সবে দুৰ্ঘোৰ আপদ।।
ৰামায়ণৰ তুলনাত ইয়াৰ কাব্যসুলভ গুণ নিম্ন মানৰ হোৱা হেতুকে ইয়াক কন্দলীৰ ৰচনা বুলি মানিবলৈ পণ্ডিতসকল সন্মত নহয়। তথাপি মাধৱ কন্দলীৰ ভণিতা থকালৈ চাই উপযুক্ত তথ্য নোহোৱাকৈ এটা সিদ্ধান্তলৈ অহাটো সমীচীন নহব।
দেৱজিত কাব্যত কৃষ্ণৰ বন্দনাকে মুখ্য কৰি কাহিনীভাগ পল্লৱিত ৰামায়ণৰ ৰাম চৰিত্ৰৰ নিচিনাকৈ। কাব্যখনত যুদ্ধৰ বৰ্ণনাৰ লগতে দ্বাৰকাৰ নিৰ্মাণ আৰু বৈভৱৰ বৰ্ণনা চকুত লগা –
    কৃষ্ণৰ নগৰ জলে হুয়া মহা জৌতি।
    সাখ্যাতে জলয় যেন ইন্দ্ৰ অম্ৰাৱতী।।
    সাগৰ মধ্যত কৃষ্ণ পাতিলন্ত গ্ৰাম।
    সেহিশে কাৰণে ভৈলা দ্বাৰকা জে নাম।।
এই কথা ঠিক যে দেৱজিত কাব্যৰ গুণগত মানদণ্ড ৰামায়ণৰ তুলনাত নিম্ন। কন্দলীৰ ৰামায়ণত থকা শব্দ চয়নৰ নিপুণতা, সাংগিতীক লয়, ছন্দ-অলমকাৰৰ প্ৰাঞ্জল প্ৰকাশতা আৰু ৰসৰ গভীৰ ব্যঞ্জনা দেৱজিত কাব্যত নাই। ফলস্বৰূপে ইয়াক লৈ প্ৰশ্ন উঠাটো স্বাভাৱিক।
মুঠতে মাধৱ কন্দলীৰ কবি পৰিচয় আৰু কাব্য প্ৰতিভাৰ এটি থূলমূল আভাস দাঙি ধৰাৰ চেষ্টাহে ইয়াত কৰা হল। ভৱিষ্যতে তেখেতৰ ৰামায়ণ আৰু দেৱজিত কাব্যৰ বিষয়ে অধিক গৱেষণাৰ জৰিয়তে আৰু ন ন দিশ উন্মোচিত হোৱাৰ যথেষ্ঠ থল আছে।

 ***********
গ্ৰন্থপঞ্জী
ফুকন, কবীন – অসমীয়া কবিতাৰ প্ৰৱাহ, ষ্টুডেন্টচ্ ষ্টৰচ্, গুৱাহাটী, প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ১৯৯৫
হাজৰিকা, বিশ্বেশ্বৰ (সম্পা.)- অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ২০০৩
ভট্টাচাৰ্য, বসন্ত কুমাৰ – মাধৱ কন্দলীৰ ৰামায়ণ (সুন্দৰাকাণ্ড) – এটি সমীক্ষা, কিতাপ ঘৰ, নলবাৰী, জানুৱাৰী, ২০০৩