Monday, 24 June 2024

দেশৰ সাধাৰণ নিৰ্বাচন আৰু সাধাৰণ জনতা

 ভাৰতবৰ্ষৰ সাধাৰণ নিৰ্বাচন আৰু সাধাৰণ জনতাৰ হিচাব-নিকাচ

                                       


বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে পৰিগণিত ভাৰত বৰ্ষৰ বৰ্তমান কেন্দ্ৰত শাসনাধিস্থ চৰকাৰৰ কাৰ্যকাল শেষ হবলৈ লোৱাত নতুন চৰকাৰ গঠনৰ বাবে সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰা কাৰ্য ইতিমধ্যে সম্পন্ন হৈ গল। এতিয়া গতানুগতিতভাৱেই ৰাইজ সাজু নতুন চৰকাৰ গঠন কৰিবলৈ।সমান্তৰালভাৱে নিৰ্বাচনী অধিসূচনা জাৰী হোৱাৰ লগে লগে ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ দলৰ চৰকাৰ গঠনৰ বাবে সাজু হৈছে। টকা-সিকা-ছান্দাৰ জৰিয়তে বিভিন্ন ৰাজনৈতিক দলৰসমূহৰপৰা মনোনীত প্ৰাৰ্থীসকলক জয়ী কৰোৱাৰ উদ্দেশ্যে আৰম্ভ কৰা পৰম্পৰাগত ভাওনাখনৰো আঁৰ-কাপোৰ উঠাৰ লগে লগে ৰং বিৰঙী সাজ-সজ্জাৰে বহুৱাসকলৰ বহুৱালি আৰম্ভ  হৈ গৈছে দেশৰ প্ৰতিটো চুক-কোণত। দেশৰ সাধাৰণ ৰাইজৰ গৰিষ্ঠ সংখ্যকৰে ব্যক্তি স্বাৰ্থৰ প্ৰতি থকা আওকণীয়া মনোভাৱৰে পৰিণতিত বছৰ বছৰৰ ধৰি একেখন ভাওনাৰে পুনৰাবৃত্তি সম্ভৱ হৈ উঠিছে দেশৰ সৰ্বত্ৰতে। সম্প্ৰতি নিৰ্বাচনী ভাওনাৰ প্ৰেমত আকন্ঠ মজ্জিত ৰাইজক বহু কথা ব্ৰেকেটৰ ভিতৰত ৰাখি প্ৰকান্তৰে এই বিশেষ ভাওনাখনৰ ভাৱৰীয়া কেইজনৰো পাৰ্টকেইটা চিৰস্থায়ী কৰাৰ নতুন কৌশল অৱলম্বন কৰিছে ভাওনাৰ মূল আয়োজক পক্ষই। যদিওবা তেওঁলোকে সভাই সমতিয়ে ভাওনা আয়োজনৰ ১০০ শতাংশ কৃতিত্ব সাধাৰণ জনতাক দিবলৈকে প্ৰতি মুহূৰ্ততে উদ্বাউল হৈ থাকে!!

সময়ৰ অগ্ৰগতিত ভাৰতবৰ্ষৰ সাধাৰণ জনতা হিচাপে আপুনি-মই দিনক দিনে শিক্ষা ন ন আধুনিক সা-সুবিধা লাভ কৰা ফলশ্ৰুতিতে শিক্ষাৰ নতুন নতুন দিশত প্ৰসাৰ লাভ সম্ভৱ হৈ উঠিছে আৰু যাৰ বাবে চৰকাৰে প্ৰকাশ কৰা দেশৰ স্বাক্ষৰতাৰ শতকৰা হাৰত সংখ্যাৰ দিশেৰে প্ৰতি বছৰে আমাৰ দেশখন আগুৱাই গৈয়ে আছো। কিন্তু বহু দিশত এতিয়াও আমাৰ চিন্তাধাৰাৰ বৰ বিশেষ কিবা পৰিৱৰ্তন হোৱা বুলি আমি কব পৰা হোৱাগৈ নাই। নিৰ্বাচনৰ নামত আমি ভোটদানৰ অধিকাৰেৰে এখন সুস্থ-সৱল আৰু নিকা, কেৱল জনতাৰ স্বাৰ্থত কাম কৰা চৰকাৰ গঠনৰ বাবে নিজকে কিমান দূৰ সাজু কৰিব পাৰিছো আজিৰ সময়তো!! যি সময়ত কৃত্ৰিম বুদ্ধিমত্তাই ছেকেণ্ডতে আমি বিচৰা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বহু উদ্যোগৰ কাৰিকৰী কাম নিখুঁতভাৱে কৰা, আপোনাৰ-মোৰ বাহনখন চলোৱাৰ পৰা ঘৰুৱা কাম-কাজ কৰালৈকে জীৱন-যাপন প্ৰণালীৰ এশ-এবুৰি সমস্যাৰ সমাধান পলকতে কৰি আমাৰ জীৱন-যাত্ৰা সহজ কৰি তুলিছে, সেই সময়তো আমি প্ৰকৃতাৰ্থতে জনতাৰ সেৱা কৰিব বিচৰা ব্যক্তিসকলক ভোটদান কৰি জয়ী কৰাৰ দৰে এটা গুৰুত্বপূৰ্ণ কাৰ্যৰ বাবে আমাৰ মন-মগজুক সজাগ-সচেতন কৰি তুলিবলৈ সক্ষম হোৱা নাই। আনকি এতিয়াও আমাৰ দেশত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে নাগৰিক এজনৰ কোনো এক ধৰা-বন্ধা অৰ্হতাৰ প্ৰয়োজন নাই। যি সময়ত এইখন দেশত সাধাৰণ যিকোনো এটা চৰকাৰী বা বেচৰকাৰী চাকৰিৰ বাবে আবেদন কৰিবলৈকে আপুনি নিৰ্দিষ্ট কেইটামান শ্ৰেণীলৈকে শিক্ষা সাং কৰাকে আদি কৰি বাধ্যতামূলক নীতি-নিৰ্দেশনা থাকে সেই সময়ত জনতাৰ সেৱা তথা দেশৰ জনতাৰ বাবে গুৰুত্বপূৰ্ণ আইন প্ৰণয়ন আদি কাম-কাজত জড়িত ব্যক্তিসকলৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজনবোধ দেশৰ চৰকাৰী-বেচৰকাৰী সংস্থাসমূহে আজিকোপতি নকৰাতো, আনকি সংবিধানেও তেনে কোনো নীতি-নিৰ্দেশনা নিৰ্দিষ্ট কৰি নিদিয়া কথাটোৱেও আমাৰ মানসিক দৈন্যতাকে প্ৰকাশ কৰা যেন মোৰ বোধ হয়।

আমি তথাকথিত উচ্চশিক্ষিত জনা-বুজা আৰু চৰকাৰৰ কাম-কাজৰ প্ৰকৃত ছবিখনৰ মৰ্মাৰ্থ ভিতৰৰ পৰা প্ৰত্যক্ষ কৰাসকলে যিমানেই চৰকাৰ এখনৰ কাম-কাজত অসন্তুষ্ট নহও কিয়, গৰিষ্ঠ সংখ্যক নেতা-বিধায়কৰ দুৰ্নীতি-ব্যভিচাৰৰ প্ৰকৃত স্বৰূপ উদঙাই তেওঁলোকক সামাজিক মাধ্যমত তুচ্চ-তাচ্ছিল্য নকৰো কিয়, শেষত গৈ আজিও সাধাৰণ খাটি খোৱা জনতাৰ ভোটদানেই নিৰ্ণায়ক হিচাপে বিবেচিত হৈ আছে ভাৰতবৰ্ষৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত। সেয়েহে যিমান দিনলৈকে দেশত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা জনতা সংখ্যাগৰিষ্ঠ হৈ থাকিব আৰু শিক্ষাৰ মূল লক্ষ্য সামাজিক সজাগতা আৰু জনতাক নিজৰ আধিকাৰ আদায়ৰ প্ৰতি সচেষ্ট কৰাৰ বিপৰীতে কেৱল চাৰ্টিফিকেট আৰু ডিগ্ৰী প্ৰদান কৰাহে হৈ থাকিব, সিমান দিনলৈকে দেশৰ প্ৰকৃত উন্নয়ন অলীক কল্পনা হৈয়ে ৰব। এনে প্ৰেক্ষাপটত যিকোনো এখন চৰকাৰে উন্নয়নৰ ঢাক-ঢোল যিমানেই নবজাওক কিয় ভাৰতবৰ্ষই উন্নয়শীল দেশৰ শাৰীৰ পৰা এখোজো আগলৈ উধাব যে নোৱাৰে সেয়াও কিন্তু ধুৰূপ।


(২১ মাৰ্চ ২০২৪)

***********