Friday, 23 February 2024

দায়বদ্ধতা, অহমিকা, আত্মসন্মানবোধ ইত্যাদি..

আমাৰ সকলোৰে চিনাকী 'মিছাইল মানৱ' খ্যাত আব্দুল কালামদেৱে কৈছিল - "মোৰ অৱসৰৰ দিনটোত তোমালোকে বন্ধ ঘোষণা নকৰিবা। তাৰ সলনি এদিন বেছিকৈ কাম কৰিবা।"

এই সৰু কথাষাৰেই আমাক বুজাই দিয়ে কালামদেৱৰ দৰে ব্যক্তিয়ে নিজৰ কৰ্তব্যৰ প্ৰতি থকা দায়বদ্ধতা আৰু কৰ্মস্পৃহাক মানি চলাৰ সমান্তৰালভাৱে আনেও ইয়াক সমানে মানি চলাতো তেখেতে বিচাৰিছিল।

কিন্তু সময়ৰ কি যে পৰিহাস! দায়বদ্ধতা আৰু কৰ্তব্যবোধৰ সলনি কেৱল বাহ্যিক প্ৰদৰ্শনকামীতাই এতিয়া আমাৰ দেশৰ চৌপাশ আগুৰি ধৰিছে। আমাৰো যেন ৰাজনৈতিক নেতা-মন্ত্ৰীৰ ভুৱা আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ অনুৰূপে সকলো ক্ষেত্ৰতে নিজকে বেলেগৰ আগত মিছাকৈ হ'লেও জাহিৰ কৰাতোহে মূল কথা হৈ পৰিছে।

আনকি সমাজৰ পৰিৱৰ্তনে এনে পৰ্যায় পাইছেগৈ যে এজন ব্যক্তিৰ দুষ্কাৰ্য আৰু চাৰিত্ৰিক দিশৰ সকলো কথা জানিও আপুনি-মই চকু মুদা কুলীৰ ভাও ধৰিবলৈ লৈছোঁ।

আনকি এনেকুৱা অভিজ্ঞতাইও কেতিয়াবা আমাৰ মন-মগজুক জোকাৰি যায় যে আমি বাৰু সচাঁই মানুহে নে বুলি নিজকে সুধিবলগীয়া হয়!!

ব্যক্তিগত পৰ্যায়ত এনে ঘটনাৰ সৈতে সংস্পৰ্শিত হৈছো, যিয়ে মানুহৰ স্বাৰ্থপৰতা তথা আত্মকেন্দ্ৰিকতাক প্ৰয়োজনতকৈ বেছি মুকলিকৈ উদঙাই দিয়ে। এনে এক ঘটনাৰ অন্যতম মূল চৰিত্ৰ হ'ল মানৱ সমাজক নতুন দিনৰ বাট দেখুওৱাসকলৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ জনসমষ্টি শিক্ষক সমাজৰে এজন।

এনে শিক্ষক প্ৰতিনিধি এজনে যেতিয়া অৱসৰৰ আগতে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ সভা আয়োজন কৰি নিজৰ অৱসৰৰ দিনটোত জকমকীয়া অনুষ্ঠান আয়োজন কৰাৰ বাবে কাৰ্যপন্থা হাতত লয়, তেতিয়াই আকৌ এবাৰ যেন মানৱতাই "জোৰ যাৰ মুলুক তাৰ নীতি"লৈ আৰু এখোজ আগুৱাই যায়। ইয়াৰোপৰি শিক্ষকজনে যেতিয়া নিজৰ অৱসৰৰ উপলক্ষ্যে আয়োজিত হ'বলগীয়া সাম্ভাৱ্য সভাখনৰ বাবে ঘৰে ঘৰে গৈ নিজে দান-বৰঙণি উঠাই ফুৰে তেতিয়া আৰু ক'বলৈ কিবা বাকী থাকেগৈ নে!! কিন্তু টকা-শিকাৰ ব্যৱস্থা সম্পূৰ্ণ হোৱাৰ পিছতো সন্তুষ্ট নোহোৱা শিক্ষকজনে নিজা পৰিকল্পনাৰে প্ৰস্তুত কৰে তেখেতৰ কৰ্ম জীৱনৰপৰা আনুষ্ঠানিকভাৱে অৱসৰৰ উদ্দেশ্যে আয়োজিত সভাখনৰ প্ৰতিটো কাৰ্যসূচী। এই সচাঁ ঘটনাটোৰ সৈতে জড়িত শিক্ষকজন এহাতে ক্ষমতাত থাকোতে সকলো নিজৰ ইচ্ছামতে পৰিচালনা কৰা এজন ক্ষমতালিপ্সু, অহংকাৰী আৰু কিছুপৰিমানে নিজে খুজি কিল খোৱা ব্যক্তি। আনহাতে তেখেতক আপোনপেটীয়া বুলি কলেও নিশ্চয় ভুল নহ'ব।

ঘটনাটোৰ সৈতে জড়িত শিক্ষকজনৰ বিপৰীতে একেই ৰাজনীতিবিদৰ দৰে আজীৱন ক্ষমতাৰ খঁক পুহি ৰখা আৰু অতিমাত্ৰা বেপেৰুৱা স্বভাৱৰ এচাম নোমটেঙৰ আৰু সিয়ান শিক্ষকো আমাৰ সমাজত আছে। যিয়ে সন্মান একপ্ৰকাৰে খুজিয়েই লয়। কিন্তু মগজুত অলপ বেছিকৈ থকা বুদ্ধিখিনিক, এনে ব্যক্তিয়ে আন দুজন সততে তেখেতৰ সৈতে উঠা-বহা কৰা শিক্ষক বা আন প্ৰভাৱশালী ব্যক্তিৰ জৰিয়তে এনেকৈ ব্যৱহাৰ কৰে যাতে তেখেতে খুজি লোৱা সন্মানখিনি সহজতে আন দহজনৰ দৃষ্টিত ধৰা নপৰে। কিন্তু হাঁহ চোৰৰ লক্ষণ যেনেকৈ পাখিত বুলি এষাৰ অসমীয়া প্ৰবাদ আছে ঠিক তেনেকৈ যিমান সিয়ান মানুহ হলেও যিকোনো কামতে সকলোৰে কিবা নহয় কিবা এটা প্ৰমাণ থাকি যায়।

কিন্তু ইমানৰ পিছতো যেতিয়া তেওঁতকৈ অলপ সিয়ান ব্যক্তি বা ব্যক্তি সমষ্টিৰ দ্বাৰা তেখেত অপমানিত বা উপেক্ষিত হোৱা যেন তেখেতে অনুভৱ কৰে, ঠিক তেতিয়াই তেখেতৰ আত্মসন্মানবোধ জাগি উঠে। এনে ব্যক্তিৰ আত্মসন্মানবোধ বা অহমিকাত আঘাত লাগিলেই পাহৰি যায় যে আন ব্যক্তিৰো তেখেতৰ দৰেই একেই আত্মসন্মান থাকে।

আৰু এই অহমিকা বা ইংৰাজীত EGO বস্তুটো বৰ গণ্ডগোলীয়া। কাৰণ এনে অৱস্থাত যিকোনো এজন ব্যক্তিয়ে পৰিৱেশ-পৰিস্থিতি পাহৰি নকৰিবলগীয়া বহু কিবা কিবি এই কৰি পেলোৱা সততে দৃষ্টিগোচৰ হয়।

এনেবোৰ ঘটনা সমাজৰ কোনো এজন ব্যক্তিৰ ক্ষেত্ৰতে হোৱাতো আমাৰ কাম্য নহয়। কিন্তু এই নহ'বলগীয়াবোৰেই যেতিয়া মানৱ সম্পদ বিকাশৰ জৰিয়তে সমাজ গঢ়াৰ গুৰু দায়িত্বত থকা শিক্ষক সমাজৰ ক্ষেত্ৰত ঘটা পৰিলক্ষিত হয় তেতিয়া সমাজৰ যিকোনো এজন সচেতন ব্যক্তি মাত্ৰেই চিন্তিত হৈ পৰাতো স্বাভাৱিক। আৰু তাতে আপুনি যদি শিক্ষক সমাজৰ এজন হয় তেন্তে এনেবোৰ ঘটনা যাতে আপোনাৰ পাৰিপাৰ্শ্বিকতাত নঘটে তাৰ প্ৰতি সদা সৰ্তক হৈ থকাতো অতি জৰুৰী।


***********

Thursday, 15 February 2024

এফ. আৰ. লিৱিছ

০ এফ. আ লিৱিছ (১৮৯৫-১৯৭৮)

 

এফ. আ. লিৱিছ অৰ্থাৎ ফ্ৰেংক ৰেমণ্ড লিৱিছে সমালোচনা জগতত ভৰি দিছিল আই.এ. ৰিচার্ডছ ব্যবহাৰিক সমালোচনাৰ বক্তৃতাৰ দ্বাৰা অনুপ্রাণিত হৈ। তেওঁ সমালোচনাই পিছলে সংস্কৃতি সম্বন্ধীয় সমালোচনাবোৰত বেছি শুৰুত্ব লাভ কৰিছিল। তেওঁৰ Mass Civilization and Minority Culture (1930), For Continuity (1933) আৰু Culture and Environment (1937) নামৰ কিতাপ কেইখনে ইংৰাজী সাহিত্য অধ্যয়নত শুৰুত্ব আৰোপ কৰে। উদ্যোগীকৰণ (মুখ্যতঃ চলচিত্র উদ্যোগীকণ আৰু বিজ্ঞাপন) আৰু Mass Culture সম্প্রসাৰণে ভেটা দিয়া সংস্কৃতিসোঁতক ৰক্ষা কৰিবলৈ হলে এই সাহিত্য ঐতিহাসিক অধ্যয়ন শুৰুত্বপূর্ণ। 'Scrutiny" নামৰ আলোচনীনত ১৯৩২ চনৰ পৰা ১৯৫৩ চনলৈ ৰিচার্ডছে এনে ধাণা সম্বলিত বহু প্রবন্ধ লিখিছি। তেওঁৰ "New Bearings in English Poetry" (1932) নামৰ কিতাপখনে ইংৰাজী সাহিত্যৰ পৰম্পৰাত পুনৰ পাঠ আম্ভ কৰে। এই পুন পাঠত তেওঁ Hopkins, Eliot, Pound আকে য়েটছক এ আধুনিকতাবাদী ম্পৰাৰ ধ্বজাবাহী হিচাপে চিহ্নিত কৰিছেEliot আৰু আই.এ. ৰিচার্ড ত্ত্বৰ সহায়ত Revaluations (1931) গ্রন্থত এই কাব্য পৰম্পৰাৰ সুন্দ বিশ্লেষণ আগবঢ়ায়। এই বিশ্লেষণত তেওঁ গীতিময়তা (Melody) আৰু বিশিষ্ঠ কাব্য ভাষাক গুৰুত্ব দিছিল। কিতাপখনত তেওঁ গীতিময়তা আৰু কথ্য-ভাষাত মিল্টনৰ দিনৰ পৰা চুইনবার্ণ (Swinburne) দিনলৈকে ফঁহিয়াই চাইছে।

‘The Great Tradition' (1948) নামৰ গ্রন্থত একে ধৰণে ঐতিহাসিক আৰু সমালোচনা দৃষ্টিভংগীৰে সাহিত্য সমালোচনা কৰি চাইছে। John Austin, জর্জ ইলিয়ট, হেনৰী জেমছ আৰু জোছেফ কনৰাডক তেওঁলোকৰ নৈতিকতামূলক বিচা ক্ষমতা বাবে লিৱিছে ভূয়সী প্রশংসা কৰিছে। ইয়াৰ বাহিৰেও তেওঁ 'Dickens the Novelist' (1970) আৰু ' D.H. Lawrence; Novelist' (1930) নামৰ কিতাপ দুখনত তেওঁৰ উপন্যাস কেন্দ্রিক চিন্তা-চর্চাৰ বিষয়ে পোৱা যায়।

লিৱিছে তেওঁৰ সাহিত্য বিচাত তাত্ত্বিক সংজ্ঞা দিবলৈ অস্বীকাৰিছে। ঐতিহাসিকভাৱেবলৈ গলে লিৱি স্থান মেথিউ ৰ্ণল্ড, ৰাস্কিন আদি নৈতিকতাবাদী সমালোচক শাৰীতেই। ইংৰাজী সাহিত্য সম্পর্কে কৰা তেওঁব বিশ্লেষণে সমালোচনা জগতখনক নতুন ধণে দৃষ্টি নিক্ষেপ কৰাৰ কৌশল শিকালে। যাৰ বাবে তেওঁ বিংশ শতিকাৰ এজন উল্লেখযোগ্য সমালোচক হিচাপে স্বীকৃতি পাইছে। 


***************

Wednesday, 14 February 2024

আকৌ এক নতুন কৃষক বিদ্ৰোহ

ভাৰতবৰ্ষত কৃষকৰ প্ৰতিবাদৰ প্ৰাসংগিকতা




দেশৰ জনতাক অন্ন দিওঁতা খেতিয়কসকলে ২০২০ চনৰ নবেম্বৰ মাহৰ প্ৰচণ্ড ঠাণ্ডাকো প্ৰত্যাহ্বান জনাই দেশৰ ৰাজধানী দিল্লীৰ সীমান্তৱৰ্তী এলেকাত কৰা আন্দোলনৰ সন্মুখত দেশৰ সৰ্বশক্তিমান কেন্দ্ৰীয় চৰকাৰখনো নতমস্তক হবলৈ বাধ্য হৈছিল। কৃষক বিদ্ৰোহত অংশগ্ৰহণ কৰা কৃষকসকলৰ নিষ্ঠা, একাগ্ৰতা, সক্ৰিয়তা আৰু সততাৰ ওচৰত দেশৰ সৰ্বস্তৰৰ জনগণে এবাৰলৈ হলেও অজানিতে মূৰ দোঁৱাবলৈ বাধ্য হৈছিল। কৃষক ন্যায্য দাবীৰ সন্মুখত হাৰ মানিয়েই দেশৰ সংসদত কৃষক বিৰোধী আইন বাতিল হৈছিল। কিন্তু সেই আইন বাতিলৰ ৩ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো যেতিয়া কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক সেই সময়ত প্ৰতিশ্ৰুতি দিয়াৰ ধৰণেৰে কাম কৰা নাই, তাতেই যেন আকৌ এবাৰ জাঙুৰ খাই উঠিছে দেশৰ সৰ্বস্তৰৰ কৃষক। অৱশ্যে সৰ্বস্তৰ বোলাতো কিমান দূৰ যুক্তিসংগত সেয়া খবৰ ৰখাসকলে জানেই! কাৰণ ২০২০ চনৰ কৃষক বিদ্ৰোহত যেনেকৈ পঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰেলা কৃষকসকলেহে মূলতঃ অংশগ্ৰহণ কৰিছিল। এইবাৰৰ বিদ্ৰোহতো তাৰ বিপৰীত ছবি এখন এতিয়ালৈকে দৃষ্টগোচৰ হোৱা নাই। ইয়াৰ পৰা এনে এক অনুভৱেও ক্ৰিয়া কৰে যেন দেশৰ বাকী ৰাজ্যসমূহত কৃষক বুলিবলৈ কোনো নাইয়ে নেকি! সময় আগবঢ়াৰ লগে লগে হয়তো দেশৰ সামগ্ৰিক পৰিৱেশ-পৰিস্থিতি সলনি হব! 

পিছে ২০২০ চনত যেনেকৈ কৃষকক দেশৰ আটাইতকৈ ডাঙৰ শত্ৰু জ্ঞান কৰিছিল কেন্দ্ৰীয় চৰকাৰে, এইবাৰো যেন তেওঁলোকক এসেকা দিবলৈহে টঙালি বান্ধি সাজু হৈছে চৰকাৰ তথা চৰকাৰী প্ৰশাসন। কাৰণ ইতিমধ্যে কৃষকসকলে যাতে ৰাজধানী দিল্লীলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে তাৰ বাবে পঞ্জাৱৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথত পূৰ্বৱৰ্তী সময়তকৈ আগতীয়াকৈ তথা অধিত মজুতভাৱে লোহাৰ গজাল, কাঁটা তাঁৰৰ বেৰা দিয়াৰ উপৰিও কংক্ৰীটৰ দেৱালো ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰিছে। কাৰণ আগৰবাৰ কৃষকসকল দিল্লীলৈ আহি কৰা প্ৰতিবাদে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ক্ষুদ্ৰ অংশ আৰু বিশেষভাৱে সামাজিক মাধ্যমৰ জৰিয়তে দেশৰ সাধাৰণ জনতাৰ উপৰিও বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সেয়া যাতে এইবাৰ সম্ভৱ হৈ নুঠে তাৰ বাবে চৰকাৰে আগতীয়াকৈ কাৰ্যপন্থা হাতত লৈছেই ইতিমধ্যে।

এইবোৰলৈ লক্ষ্য ৰাখি এটা কথা খাটাং যে কৃষকৰ প্ৰতিবাদে এইবাৰ আগতকৈ বেছি চৰকাৰী বাধাৰ সন্মুখীন হোৱাতো খাটাং। ইতিমধ্যে কৃষকসকল দেশৰ বিভিন্ন প্ৰান্তৰত চৰকাৰী বাধাৰ সনম্মুখীন হৈছে। ঠায়ে ঠায়ে আনকি ট্ৰেইনত যাত্ৰা কৰা কৃষকসকলকো গ্ৰেপ্তাৰ কৰা দেখা পোৱা গৈছে। কিন্তু ইমানৰ পিছতো কৃষকসকলে নিজৰ মূল দাবী চৰকাৰীভাৱে নিৰ্দিষ্ট কৰা নুন্যতম সমৰ্থন মূল্যৰ নিশ্চয়তা (guaranty of Minimum Support Price) প্ৰদানৰ বিষয়টোৰ সন্দৰ্ভত নিজৰ স্থিতিত অটল হৈ আছে। আনকি কৃষকসকলে প্ৰতিবাদ দীঘলীয়া হোৱাৰ সম্ভাৱনীয়তাৰ প্ৰতি দৃষ্টি ৰাখিয়েই আগতীয়াকৈ খাদ্য-বস্ত্ৰকে আদি কৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহো পৰ্যাপ্ত পৰিমাণে লগত লৈ আহিছে। কৃষকৰ দাবীয়ে কি পৰ্যায়ত পায় গৈ বা চৰকাৰে বিষয়টো কেনেদৰে সমাধান কৰে সেয়া সময়তহে গম পোৱা যাব!!

কিন্তু দেশৰ কৃষকে প্ৰাপ্যৰ দাবীত পুনৰ আৰম্ভ কৰা এই প্ৰতিবাদে এটা কথা সকলোকে যেন সোঁৱৰাই দিছে – নিজৰ প্ৰাপ্য বিছাৰি নিজে হাতে-কামে নালাগিলে আনে মোৰ পাবলগীয়াখিনি, অনলাইন ডেলিভাৰী দিয়া ব্যক্তি এজনে ঘৰৰ দুৱাৰ মুখত দি থৈ যোৱাৰ দৰে দি নাযায়হি! যিটো ব্যৱস্থা বৰ্তমান অনলাইন বজাৰ-সমাৰ তথা আধুনিক ভোগবাদী সমাজখনে আমাৰ দেশৰ কি দৰিদ্ৰ, কি নিম্ন-মধ্যবিত্ত, কি মধ্যবিত্ত সকলো শ্ৰেণীৰ লোকৰ বাবে অতি সহজে হাতত পোৱা কৰি দিয়াত আমি সকলো তাতেই অভ্যস্ত হৈ পৰিছোঁ। কৃষকসকলে  আমাৰ সকলোৰে চকু মুকলি কৰি দিছিল আজিৰ পৰা চাৰি বছৰৰ আগতেই। কিন্তু আমি লাহে লাহে আমাৰ পৃথিৱীখনৰ বাস্তৱ সত্যতাৰ পৰা আঁতৰি যাবলৈ লোৱাত যেন পুনৰাই কৃষকসকলে ককাঁলত টঙালি বান্ধি লৈছে জনতাৰ সেৱকৰ ভাও ধৰাসকলৰ মুখাৰ আঁৰৰ মুখবোৰ সকলোৰে আগত খুলি দিবলৈকে।

 

(সৰভোগ, ১৪ ফেব্ৰুৱাৰী ২০২৪)

************