Showing posts with label অসমীয়া উপন্যাস. Show all posts
Showing posts with label অসমীয়া উপন্যাস. Show all posts

Sunday, 5 February 2023

অনুৰাধা এই পৃথিৱীৰ নাৰী হয়নে বাৰু!!!

 অনুৰাধাৰ দেশ পঢ়াৰ অনুভৱ

সমীয়া উপন্যাস সাহিত্যৰ অভিলেখ সৃষ্টিকাৰী প্রেমৰ উপন্যাস ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ 'অনুৰাধাৰ দেশ' পঢ়িলোঁ কিছু পলমকৈ হ'লেও। প্রেমক এক স্বকীয়তাৰে, নিজস্ব কলমেৰে গতানুগতিকাৰ পৰা ফালৰি উপস্থাপন কৰাত ঔপন্যাসিক সচাঁই সফল হৈছে। অৰুণাভ চৌধুৰীয়ে সমুদ্র গৰ্ভত তেলৰ সন্ধান কৰিবলৈ গৈ উৰিষ্যাৰ ভূবনেশ্বৰ, পাৰাদ্বীপ বন্দৰ আৰু বংগোপসাগৰৰ 'পেলিকান' ৰিগত সন্মুখীন হোৱা বিচিত্র অভিজ্ঞতাৰাজি তথা কলেজীয়া বান্ধৱী অনুৰাধাৰ সৈতে থকা অকৃত্রিম বন্ধুত্ব আৰু শেষত পৰিস্থিতিৰ মেৰপাক তথা প্ৰেমৰ সন্ধানত সদা উন্মুখ হৃদয়ৰ স্বতঃস্ফূট সহাঁৰিত অনুৰাধকে নিজৰ হিচাপে আকোঁৱালি লোৱাৰে সামৰণি পৰা উপন্যাসখন সচাঁই এখন হৃদয় আলোড়িত কৰা তথা জীৱনৰ সন্ধান থকা উপন্যাস। কাহিনীৰ গতিময়তাত আহি পৰা ডেনিছ, মেহৰা চাহাবকো আমি কোনো ক্ষেত্রতে এৰি চলিব নোৱাৰোঁ । তেওঁলোকৰ জীৱনৰ অতীত স্মৃতিবোৰ সঁচাই বেদনা গধুৰ বিষণ্নতাৰ যেন একোখন আন্দোলিত মেঘৰ কলা আকাশ। তাতো যে এচমকা ৰদৰ পোহৰে সাতোৰঙী ৰামধেনুৰ বোলেৰে জীৱন মহীয়ান কৰাৰ কৌশল ভাৰতীয় সকলতকৈ বিদেশী লোক এজনৰ বেছি নিজৰ তথা আয়ত্বাধীন – তাৰ উজ্জ্বল উদাহৰণ ডেনিছ। যি পূৰ্বৰ পত্নী জেৰিনৰ বিচ্ছেদৰ শোক ডালভিৰ ছায়াত পাহৰি এক পূর্ণ জীৱন আৰম্ভ কৰিছে। মৃত স্বামীৰ শোকত এক নিঃসংগ একাকী জীৱন পাৰ কৰা ডালভিকো ডেনিছে দিছে এক সজীৱ- সতেজ জীৱন চর্যা, নিজৰ পত্নী হিচাপে স্বীকৃতি দি।

আনহাতে মেহেৰা চাহাবৰো এলিনা আৰু ঋত্বিককলৈ থকা বেদনা গধুৰ স্মৃতিৰ পাহাৰ প্রমাণ বোজাৰ মাজতো থকা কর্তব্যনিষ্ঠাৰ যি নিদর্শন সেয়া ভাৰতীয় সমাজত দুর্লভ। আৰু সেই ভাৰতীয় সমাজৰে পৰম্পৰাত অতিষ্ঠ হৈ পত্নী এলিনাই মেহৰা চাহাবক শূণ্য কৰি গুছি গৈছিল জন্মভূমি ইংলেণ্ডলৈ আৰু লগত লৈ গৈছিল মেহৰা চাহাবৰ জীৱনৰ এচোৱা পুত্র ঋতুকো... এতিয়া কর্তব্যনিষ্ঠা আৰু পানীয়ই মেহৰা চাহাবৰ একমাত্ৰ সংগী।

ঔপন্যাসিক দেৱচৌধুৰীয়ে অনুৰাধাক যি এক উজ্জ্বল তথা মহীয়ান ৰূপত অথচ এজনী সর্বসাধাৰণ ছোৱালী হিচাপে উপন্যাসখনত অংকন কৰিছে সেয়া প্রশংসনীয়। সঁচা অর্থ তেনে এজনী ছোৱালী যদি লেখকে প্রত্যক্ষ কৰিছে তেনেহলে ক'বলগীয়া নাই কিন্তু ভালদৰে অনুধাৱন কবি চাবলৈ গলে তেনে এগৰাকী বিশেষ নাৰীৰ অস্তিত্ব পৃথিৱীত নাই যেনেই বোধ হয়। সেই ফালৰ পৰা উপন্যাসখনৰ শেষৰ শাৰী বাক্য --

"অনুৰাধাৰ কোনো দেশ নাই; অনুৰাধা এই পৃথিবীৰ নাৰী 

অর্থ আমি ধৰি লব পাৰোঁ যে অনুৰাধা এই পৃথিৱীৰ সমূহ নাৰীৰে এক প্রতীকি প্রকাশ। মানি ললোঁ অনুৰাধা সচাঁই এই পৃথিৱীতে আছে, আপোনাৰ মেৰে ওচৰে-পাজৰেই বিচৰণ কৰিছে তাই - আপোনাৰ কথা নাজানো, মহ হ'লে তাইক একান্তই নিজৰ কৰিবলৈ বদ্ধপৰিকৰ...

উপন্যাসখন পঢ়ি সাগৰত তেল খনন কার্যৰ এক সম্যক আভাস, উৰিষ্যাৰ ভূবনেশ্বৰৰ মন্দিৰসমূহৰ চমু আভাস তথা পাৰাদ্বীপ বন্দৰ অঞ্চলৰ জীৱন-যাত্রাৰ বিষয়ে বহুখিনি আমি ধাৰণা কৰিব পাৰোঁ অৰুণাভৰ অনুভৱৰ মাজেৰে। অনুৰাধাৰ বাদামী চুলিৰ বতাহত উৰা বেণীৰ লয়লাসেৰে তথা নিষ্পাপ চঞ্চলতাৰে। খাৰ খোৱা অসমীয়াইও সাগৰৰ ৰেহ-ৰূপ, জীৱন প্রণালীক অনুধাৱন কৰিব পাৰোঁ। সাগৰৰ বিশালতা তথা সৌন্দর্যৰ কল্পনাত মছগুল হওঁ... বিদেশীসকলৰ কর্তব্য পৰায়নতা, জীৱন উপভোগেৰ কৌশল, কর্মনিষ্ঠা তথা সাহসৰ বিষয়ে জানিব পাৰোঁ - অনুভৱ হয় আমাৰ নিজৰ অৰ্কমণ্যতাৰ কাৰণেই কোটি কোটি টকা খৰচ কৰি বিদেশৰ মানুহ, সামগ্ৰী আনি আজি আমি ঘৰৰ কাম কৰিব লগা হৈছে। ফলত দেশৰ টকা বাহিৰলৈ যাব লাগিছে অবাধ গতিত। নিজেই নিঠৰুৱা হৈছো নিজৰ দায়িত্বশীলতা নোহোৱাৰ গুণতে আমিবোৰে। আজিও আধুনিক প্রযুক্তিৰ দিশত যেন বহু পৰিমাণে আমি আজোককাৰ দিনতে কলমটিয়াই আছো...


লেখকে অৰুণাভৰ মুখেৰে, অনুৰাধাৰ মুখেৰে, ডেনিছৰ মুখেৰে, মেহেৰা চাহাবৰ মুখেৰে উপন্যাসসনৰ বিভিন্ন স্থানত আমাৰ ব্যক্তিজীৱনৰ একান্তই চৰম সত্যক সুন্দৰভাৱে প্রকাশ কৰিছে আৰু ই আমাৰ হৃদয়তন্ত্রীত কম্পন তোলাত সফল হৈছে। তেনেবোৰ সত্যক যে অনবৰতে আমি লগত লৈ ফুৰোঁ কিতাপখন পঢ়িলেই অনুভূত হয় মন-মগজুত। তেনে কিছু সত্যতাকে আমি অনুভল কৰি থাকিও সমাজৰ সীমাবদ্ধতা তথা বিশ্বাস আৰু প্রত্যয়ৰ অভাৱতে স্বীকাৰ কৰিবলৈ সাহস নকৰোঁ। যিবোৰ সত্যক প্রকাশ কৰিলে আমাৰ মাজত থকা বহুখিনি সীমাবদ্ধতা নোহোৱা হব আৰু সমাজখন উত্তৰণৰ দিশত আগবাঢ়িব আমাৰ হাতে-হাত ধৰি। এইখিনিতে লিখকৰ সূক্ষ্ম বিচাৰ-বিবেচনা, দৃষ্টি শক্তি আৰু প্রকাশভংগীৰ সাৱলীলতা সচাঁই প্রশংসনীয়।

মোৰ ব্যক্তিগত অনুভৱে কৈছে - 'অনুৰাধাৰ দেশ উপন্যাসখনত অনুৰাধাৰ নিষ্পাপ সৰলতা, চঞ্চলতা আৰু মহানুভৱতাৰ কাষত যেন অৰুণাভৰ অনুশোচনাৰে দগ্ধ মন তথা পৌৰষত্বৰ পৰাজয় হৈছে অৱশ্যাম্ভীভাৱেই।।

(প্রেমৰ ক্ষেত্ৰত থকা মোৰ নিজৰে বহুখিনি নিজক বুজাব নোৱাৰা চঞ্চলতা আৰু অনুভৱ শান্ত হৈছে অনুৰাধা দেশৰ মাজেৰে - কিয় বা কিমান সময়লৈ নাজানো)

 

(২০ ফেব্ৰুৱাৰী ২০০৮/গুৱাহাটী)

**********

Thursday, 8 December 2022

মিকচিজিলি উপন্যাসখনৰ কাহিনীটো

 "মিকচিজিলি = চকুলো"

সমীয়া জনজাতীয় সমাজ জীৱনৰ ভেটিত ৰচনা কৰা উপন্যাস সমূহৰ ভিতৰত এখন উল্লেখযোগ্য উপন্যাস হল মিচিং সকলৰ আৰ্থ-সামাজিক জীৱনক লৈ ৰচনা কৰা যতীন মিপুনৰ মিকচিজিলি। সত্তৰৰ দশকত নিজৰ গৱেষণাৰ ক্ষেত্ৰ অধ্যয়নৰ বাবে বিভিন্ন মিচিং গাৱলৈ যাওতে ঔপন্যাসিকে লাভ কৰা অভিজ্ঞতাৰ ফচল এই উপন্যাসখন। শিৱসাগৰ জিলাৰ উত্তৰে দিচাং আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলত অৱস্থিত এক বৃহৎ মিচিং অধ্যুষিত অঞ্চল হল দিচাংমুখ। এই স্থানত মিচিং লোকসকলে কেইবা পুৰুষৰপৰা বসতি কৰি আহিছে। ঔপন্যাসিকে এই দিচাংমুখৰে ঘাইকৈ কৃষিজীৱী লোকৰ বসতি মাহফলা নামৰ মিচিং গাৱখনক উপন্যাসৰ পটভূমি হিচাপে বাচি লৈছে। আধুনিক শিক্ষা আৰু সভ্যতাৰ ছেগা-ছোৰোকা পোহৰ পৰা এই মাহফলা গাৱৰ এখিনি সহজ-সৰল মানুহে কেনেকৈ সুখে-দুখে জীৱন অতিক্ৰম কৰিছে তাকে উপন্যাসিকে ইয়াত অংকন কৰিছে। আধুনিক আমোলাতান্ত্ৰিক সমাজৰ শোষণ, ভণ্ড ৰাজনীতিকৰ ফুলজাৰি, প্ৰাকৃতিক দুৰ্যোগ, স্বজাতিৰ অবিচাৰ, শিক্ষাৰ অভাৱ আৰু সৰলতাই মিচিং মানুহখিনিক কেনেকৈ দুখৰ অথাই সাগৰত পেলাই আহিছে তাৰে জীৱনালেখ্য মিকচিজিলি।

ব্ৰহ্মপুত্ৰৰ বানে বছৰি দুৰ্যোগৰ সৃষ্টি কৰা দিচাংমুখৰ মাহফলা গাৱৰ গাওবুঢ়া বলোৰাম য়েইন অঞ্চলটোৰ ভিতৰতে প্ৰভাৱশালী ব্যক্তি। ঢকুৱাখনা, ঘিলামৰা, ধেমাজি, লখিমপুৰ, শিৱসাগৰ আদি বিভিন্ন ঠাইৰ মানুহৰ লগত বন্ধুত্ব থকা বলোৰাম য়েইন দিচাংমুখৰ এজন নামজ্বলা আৰু সা-সম্পত্তিৰে প্ৰতিপত্তিশালী লোক। তেখেতৰ মাটি-বাৰীৰ লেখ-জোখ নাই, কেইবাশ খীৰতী মহ আৰু তিনি-চাৰিটা চাকৰ-নাকৰেৰে বলোৰাম অঞ্চলটোৰ ভিতৰতে চহকী। তেওলোকৰ গাওখনকো বানপানীয়ে জুৰুলা কৰে যদিও তেওৰ ওখ চাংঘৰক বানপানীয়ে স্পৰ্শ কৰিব নোৱাৰে। চহৰৰ হাকিম, পুলিচ বিষয়া, বিধায়ক, ইঞ্জিনিয়াৰ, চাপ্লাই ইন্সপেক্টৰ, লাটমণ্ডল আদিক মাঘ-বহাগ বিহুত মহৰ এঠা দৈ, মাছ-মাংস খুৱাই হাত কৰি ৰখাত সিদ্ধহস্ত এই বলোৰামৰ মহখুটিৰপৰাই দিনৌ শিৱসাগৰ চহৰত শ শ লিটাৰ পানী মিহলি গাখীৰ যোগান ধৰা হয়। সোঁৱে-বাৱে টকা ঘটি চহকী আৰু ক্ষমতাশালী হোৱা বলোৰাম য়েইনৰ চৰিত্ৰ সম্পৰ্কে গাঁৱত বহুতো বদনাম। একমাত্ৰ ধন-সম্পত্তিৰ জোৰতে তেখেতে বিয়াৰ আগতে আৰু পৰৱৰ্তী কালতো বিভিন্ন নাৰীৰ লগত সম্পৰ্ক ৰাখি নিজৰ গাৱতো যৌনতাৰ এক বেহা নিৰ্বিবাদে চলাই আছিল। নিজৰ দুজনী পত্নী থকাৰ উপৰিও তেও শ্বিলঙত এজনী খাচিয়া উপ-পত্নীও ৰাখিছে। এনে সম্পৰ্কৰ বাবেই তেওৰ বিয়াৰ পূৰ্বেই কাংকান নামৰ গাভৰুজনীৰ ফালৰপৰা দেউৰামৰ জন্ম হয়। ৰলোৰামে কিন্তু নিজৰ প্ৰতিপত্তিৰ জোৰত মাক-পুতেক দুয়োকে প্ৰতাৰণা কৰিলে। কাংকানকো তেও বিয়া নকৰালে আৰু দেউৰামকো পিতৃ-মাতৃৰ পৰিচয় নিদিলে। বলোৰামৰ বিবাহিতা পত্নী দুগৰাকীৰ ভিতৰত প্ৰথম গৰাকী কাবুলীৰ লৰা দুটা – জয়ন্ত আৰু অনন্ত আৰু সৰুমাইৰ এজনী ছোৱালী অৰুণা। তদুপৰি খাছিয়াজনীৰ ফালৰপৰা হোৱা লৰা এটাও শ্বিলঙতে থাকে। এইদৰে বিভিন্ন দোষৰ সমাহাৰ ঘটা বলোৰামৰ সকলো কীৰ্তি-কলাপৰ কথা মাহফলা গাৱৰ লোকেই নহয় সমগ্ৰ দিচাংমুখবাসীয়েই জানে, কিন্তু মুখ খুলি প্ৰতিবাদ কৰিব নোৱাৰে। কাৰণ-

বলোৰাম য়েইনৰ প্ৰতিপত্তিত আঘাত হানিব পৰা কথা বা কাম কৰি নিজৰ বিপদ চপাই লোৱাৰ সাহস বা ইচ্ছা কাৰো নাই। (মিপুন, ১৯৯৩, পৃ. ৪)

    সময় আগবঢ়াৰ লগে লগে দেউৰামক তেৱেই নিজৰ মহখুটিৰ ৰখীয়া হিচাপে ৰাখিলে আৰু সময়ত ধুমধামেৰে দিখৌমুখৰ ৰাংঢালী ছোৱালী মনেশ্বৰীৰ লগত বিয়াখনো পাতি দিলে। কিন্তু চৰিত্ৰহীন বলোৰামে দেউৰাম খুটিত থাকোতে নিশা মনেশ্বৰীৰো সৰ্বনাশ কৰিলে। মনৰ দুখতে দেউৰাম বানপানীত উটি গৈ মৃত্যু মুখত পৰিল। মনেশ্বৰীয়ে পুতেক দীপকৰ মুখলৈ চাই আৰু বলোৰাম দ্বিতীয় পত্নী সৰুমাইৰ মৰমতে দুখে-কষ্টে জীয়াই থাকিল। বলোৰামৰ প্ৰতিপত্তি সময়ৰ পাকচক্ৰত পৰি আৰু বানপানীৰ ফলত ক্ৰমে কমি আহিবলৈ ধৰিলে। দেউৰামৰ মৃত্যু পাছত তেওৰ মহখুটি আৰু খেতি-বাতিৰ অৱস্থা বেয়ালৈ আহিল। তেও জীৱনত কৰি যোৱা ভুলবোৰৰ প্ৰতিফলন পাছলৈ পুতেক জয়ন্ত, অনন্ত আৰু জীয়েক অৰুণাৰ চৰিত্ৰত ঘটিছে। জয়ন্ত আৰু অনন্তই পঢ়া-শুনা এৰি ৰং-ৰহইচ আৰু ছোৱালীৰ পিছে পিছে ঘূৰি ফুৰিছে। অৰুণা জিলাত পঢ়ি থাকোতেই গৰ্ভৱতী হৈছে। মনৰ দুখতে অৰুণাৰ মাক সৰুমায়ে আত্মহত্যা কৰিছে। বলোৰামৰো মন আৰু স্বাস্থ্য লাহে লাহে পৰি আহিল। শেষৰ ফালে গাৱত পতা পঃৰাগ উৎসৱ খাই মনেশ্বৰীৰ পো-বোৱাৰীয়েও চহৰলৈ বিদায় ললে। তেওলোকক বিদায় দি উঠি মনটো উদং উদং লগাত মনেশ্বৰীয়ে লুইচৰ পাৰলৈ গৈ দেউৰামক প্ৰথমবাৰ বিদায় দিয়াৰ স্মৃতি ৰোমন্থন কৰি চকুলো টুকি বুকুভৰা হুমুনিয়াহ কঢ়াৰ মাজেৰে উপন্যাসখনৰ সামৰণি পৰিছে।

**********