পথৰুৱা বোকা গচকা কৈশোৰে মেলানি মাগি যৌৱনৰ প্রথম খোজকেইটা সহজ সৰল তথা তথা নিজৰে জ্ঞানৰ নির্দিষ্ট পৰিমণ্ডলত ব্যাপ্ত আছিল। বুজি উঠাই নাছিলোঁ মোৰ পৰিয়াল তথা গাঁৱৰ সৰল প্ৰাণৰ মানুহখিনিৰে আগুৰা জ্ঞান-বুদ্ধিৰ পৰিসৰৰ বাহিৰত অৱস্থিত সমাজখনৰ সামগ্ৰিকতা মোৰ বুদ্ধিৰ পৰিসীমাৰ বহু বাহিৰত!! তেওঁলোকৰ বাবে সময়ৰ বৰ নাটনি মোৰ প্রাণৰ – আকুল আহ্বান শুনাৰ বাবে... পৰিস্থিতিৰ মেৰপেঁচত পৰি ক্ৰমে মোৰ সময়ে বুজাইছিল সময়ক মূল্যায়ন কৰাৰ বাবে প্রকৃত পদক্ষেপ ল’বলৈ — সময়ে হাৰ মানিবলৈ বাধ্য হৈছিল মোৰ সপোনৰ দিগন্ত প্রসাৰিত ব্যস্ততাত...
সপোনবোৰ বাস্তৱৰ কঠিনতাত আচাৰ খাই পৰক বা নপৰক – দেখাততো কোনো বাধা নাই!! সপোনৰো সঠিক মূল্যায়নৰ বাবে প্রথম প্রয়োজনীয় চর্ত - ৰূঢ় বাস্তবৰ স'তে বিচৰাবোৰৰ সমিল-মিলেবে নিজৰ ভেঁটি মজবুত কৰাতে হাতে-কামে লাগিব লাগে।দিগন্ত
প্রসাৰিত সপোন আৰু সীমিত বাস্তৱতাৰ মাজত এক সমন্বয়ৰ সেতু গঢ়িব লাগিব আমিবোৰে
নিজেই। সাপোন আৰু বাস্তৱৰ মাজত থকা ব্যৱধান কমাই এটা বাস্তৱিক সপোনেৰে জীৱন জীপাল
কৰিব লাগিবই আমি নিজেই।।
জীৱন কেৱল জী’বলৈ নহয়, আমি জীৱন জীয়াবলৈ সকলোৱে হাতে-হাত মিলাই আগবাঢ়ো
আহক।।
(২ আগষ্ট ২০০৭/গুৱাহাটী)
