ভোগালীৰ নষ্টালজিয়া আৰু সাম্প্ৰতিক চিন্তা
ভোগালী
বিহু বুলিলেই মনলৈ আহে স্কুলীয়া দিনবোৰলৈ। যিবোৰ সময়ত বিহুৰ এমাহ মান আগৰেপৰা
আমিবোৰ সাজু হৈছিলো বিহুৰ প্ৰস্তুতিৰ বাবে। আমাৰ বাবে বিহুৰ প্ৰস্তুতি মানে
স্কুলৰপৰা আহিয়েই ভাত বা জলপান যি পাওঁ তাৰে দুটামান নাকে-মুখে গুজি পথাৰলৈ বা
কাষৰে কোনোবা এখন হাবিলৈ দৌৰ মাৰিছিলোঁ।
এই
দৌৰৰ অন্তৰালত সেই কেইটামান দিনত মাত্ৰ দুটাই চিন্তাই ক্ৰিয়া কৰি আছিল আমাৰ
মন-মগজুত। আমাৰ প্ৰথম চিন্তাটো আছিল ওচৰে পাজৰে ধান দোৱাৰ পিছত থাকি যোৱা পথাৰৰ
নৰাৰ মাজৰপৰা বিচাৰি দীঘল আৰু ভাল নৰাবোৰ যিমান পাৰি সিমান বেছিকৈ কাটি থোৱা। কাৰণ
উৰুকাৰ নিশাটো কটাবলৈ বনাব লগীয়া ভেলাঘৰটো যাতে নৰা কম হোৱাৰ বাবে বনোৱাত
খেলি-মেলি নালাগে। লগতে সেইদিনা সন্ধিয়াৰপৰা ৰাতি শুৱালৈকে মাটিত পাৰিবলৈও বুজন
পৰিমাণৰ নৰাৰ প্ৰয়োজন হব আমাক। গতিকে আনে কটাৰ আগতে ভাল নৰাবোৰ কাটিব লাগিব। ভাল
নৰা মানে ইতিমধ্যে ধান দোৱা কেতিয়াবাই শেষ হোৱাত ৰ'দ-বৰষুণৰ লগতে উদঙীয়া গৰু-ছাগলীয়ে
পথাৰত ঘাঁহ বিচাৰি নৰাবোৰ খাই-মহতিয়াই নষ্ট কৰাৰ মাজৰপৰা বিচাৰি উলিওৱা নৰাবোৰৰ
কথাহে কোৱা হৈছে।
দ্বিতীয় চিন্তাটো হ'ল,
গাঁৱৰে হাবি এডৰাত সোমাই মেজিৰ বাবে খৰি কটা। আমাৰ শৈশৱ কৈশোৰৰ দিন বোৰত আমাৰ গাঁৱৰ চৌপাশে পুৰণা ডাঙৰ ডাঙৰ গছৰ আকাল নথকা বাবে কোনোবা দুই-তিনিজোপা গছৰ কেইটামান ডালেৰেই মূল মেজিটোৰ বাবে পৰ্যাপ্ত খৰি হৈও দুই তিনিটা সৰু সৰু মেজিৰ উপৰিও উৰুকাৰ ৰাতিৰ ভোজ ৰন্ধা আৰু ৰাতিটো জুই পুঁৱাবলৈও বেলেগকৈ খৰিৰ প্ৰয়োজন হোৱা নাছিল।উৰুকাৰ
দিনা মেজি জ্বলোৱাৰ আগতে কাউৰীয়ে কা নকৰোঁতেই টোপনিৰপৰা উঠি পুহ মাহৰ ঠেঁটুৱৈ ধৰা
ঠাণ্ডাতে নদীত জোবোৰা এটা মাৰি গা-ধোৱাৰ যি হেপাঁহ সেয়া ভাষাৰ বৰ্ণোৱা বৰ্তমান মোৰ
বাবে অসম্ভৱ। মেজিৰ জুইতে পুৰি খোৱা গৰম গৰম
মিঠা আলু, মোৱা আলু, কাঠ আলুৱে শৈশৱ-কৈশোৰত তালু পুৰি নিয়াৰ আনন্দকণ যে আজি
মোৰপৰা বহু যোজন নিলগত যেন কিয় লাগে বাৰু!! এতিয়াওটো মই একেই মেজিৰ জুইত পুৰি মিঠ
আলু আৰু কাঠ আলুকে ধৰি বিবিধ আলুৰ সোৱাদ নোলোৱাকৈ থকা নাই। কিন্তু ক'তা আগৰ দৰেচোন মাদকতা আৰু আগ্ৰহ এটাও বিচাৰি নাপাওঁ মই।
বিহুৰ এমাহ
মানৰ আগৰে পৰা নৰা কাটি নিজে সাজি উলিওৱা ভেলাঘৰটো পুৱা পৰম্পৰা ৰক্ষাৰ নামত
জ্বলাই দিয়াৰ সময়ত মনটোত বিষাদবোধৰ উদয় নোহোৱাকৈ থকা নাছিল। কিন্তু সেই সময়ত আমি
দুখন চালি দি তম্বু আকৃতিৰে বা বাঁহ-খেৰেৰে নিৰ্মিত সৰ্বসাধাৰণ ঘৰ এটাৰ দৰে নৰাবোৰ
বাঁহত বেত নতুবা তমালেৰে বান্ধি সাধাৰণভাৱে বনোৱা ভেলাঘৰটো জ্বলাই দিয়াৰ সময়ত আজিৰ
দৰে ভেলাঘৰ জ্বলোৱাক লৈ ৰাজ্যৰ কোনো স্থানত বিতৰ্কৰ সূত্ৰপাত হোৱা বুলি সেই সময়ত
শুনা কিন্তু মনত নপৰে। কাৰণ তেতিয়া সাজি উলিওৱা ভেলাঘৰবোৰৰ আকৃতি সাম্প্ৰতিক সময়ৰ
দৰে কোনো এক স্থায়ী
সাংস্কৃতিক, ধৰ্মীয় বা অন্য ঘৰৰ আৰ্হিৰে নিৰ্মাণ কৰাৰ প্ৰতিযোগিতা এখন সৃষ্টি
হোৱাৰ পৰিৱেশ এটা আমাৰ মাজত নাছিল। উৰুকাৰ ৰাতিটো থাকি পুৱাই জ্বলাব লগীয়া মেজিটো
পহৰা দিয়াৰ পৰম্পৰাটো ৰক্ষাৰ কৰ্তব্য পালনৰ লগতে সৰু-ডাঙৰ মিলি এৰাতি নিৰ্ভেজাল
আনন্দ-ফূৰ্তি কৰাতোতেই যেন ভেলাঘৰটো নিৰ্মাণৰ উদ্দেশ্য নিহিত আছিল তেতিয়া। অন্য দিশত নহলেও এনেবোৰ দিশত আমাৰ শৈশৱ-কৈশোৰত ওচৰ
চুবুৰীয়া গাঁওবোৰ কিন্তু ভোগালী আছিল বুলি কলেও বঢ়াই কোৱা নহ'ব নিশ্চয়।
কিন্তু
সময় সলনি হোৱাৰ লগে লগে আমাৰ শৈশৱ-কৈশোৰৰ ভোগালী বিহুৰ নিভাঁজ আনন্দখিনিও
ব্যৱসায়ীক পণ্যলৈ ৰূপান্তৰিত হল। আজি আপুনি মই বিহুৰ বতৰত অসমৰ গ্ৰামাঞ্চলত বিহুৰ
পিঠা-পনা, জা-জলপান সকলোৰে ঘৰত পাব যে তাৰ নিশ্চয়তা নাই। ভেলাঘৰ আৰু মেজিৰ আয়োজনো
আগৰ দৰে সকলো গাঁৱতে সুলভ নহয়। কিন্তু অসমৰ প্ৰতিখন সৰু-বৰ চহৰতে ভোগালী মেলাৰ
জাক-জমকীয়া আয়োজন প্ৰতি বছৰে আগৰ বছৰতকৈ চকুত লগা হৈ আহিছে। গাঁওবোৰো আকৌ কিছুমান
ক্ষেত্ৰত আধুনিকতাৰ সৈতে ফেৰ মৰাত পিছপৰি ৰোৱা নাই। বৰ্তমান কেৱল প্ৰতিযোগিতাৰ নামত আৰু
দূৰদৰ্শন, বাতৰি-কাকতত নিজকে প্ৰচাৰ কৰাৰ স্বাৰ্থতে কোনে কিমান ওখকৈ মেজিটো সাজিব পাৰে আৰু কাৰ
ভেলাঘৰটো সকলোতকৈ আটক ধুনীয়া কৰি দহজনৰ প্ৰশংসা বুটলিব পাৰে তাৰে এক অঘোষিত
প্ৰতিযোগিতা চলিছে অসমৰ গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত। ইয়াৰে গইনা লৈ সাজি উলিওৱা
ভেলাঘৰবোৰে সেয়েহে আগৰ সাধাৰণ ৰূপ এৰি আধুনিক ৰূপত উদ্ভাসিত হৈ উঠিছে ৰংঘৰ, কাৰেংঘৰ, হোৱাইট হাউছ, কুতুবমিনাৰ কিম্বা কোনোবা প্ৰখ্যাত মঠ-মন্দিৰৰ
আৰ্হিত। এনে ভেলাঘৰত উৰুকাৰ আগৰাতিটো ৰাইজ থাকক নাথাকক দূৰদৰ্শনৰ বাতৰি নাইবা বাতৰি-কাকতৰ
পৃষ্ঠাত কিন্তু ই ঠিকেই স্থান পাইছে। সেয়ে হয়তো উৰুকাৰ পুৱা পৰম্পৰা মানি মেজি জ্বলোৱাৰ
সমান্তৰালভাৱে বিভিন্ন আৰ্হিৰ এই ভেলাঘৰবোৰো জ্বলাই দিয়াৰ লগে লগে আৰম্ভ হৈছে
বিভিন্ন তৰ্ক-বিতৰ্কৰ। এনে তৰ্ক-বিতৰ্ক কৰি থকাসকলৰ বহুতে কেতিয়াও হয়তো ভেলাঘৰত এৰাতি কটোৱাৰ মাদকতা পোৱা নাই। কিন্তু
তেওঁলোকে ভেলাঘৰটো জ্বলাই দিব লাগে নে নালাগে, সেই বিষয়ৰ একো একোজন বিশেষজ্ঞ হৈ
দূৰদৰ্শনৰ অনু্ষ্ঠান আৰু সামাজিৰ মাধ্যমৰ বতাহ গৰম কৰি আছে!!
(১৫ জানুৱাৰী ২০২৩/গোলাঘাট)
