Showing posts with label হাইস্কুল শিক্ষান্ত পৰীক্ষা. Show all posts
Showing posts with label হাইস্কুল শিক্ষান্ত পৰীক্ষা. Show all posts

Tuesday, 14 March 2023

আজিৰ দিনটোতে+

আজিৰ দিনটোতে+

ক.

জি অনুষ্ঠিত হোৱা ৯৩ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনু্ষ্ঠানত ভাৰতবৰ্ষৰপৰা দুটাকৈ বঁটা লাভেৰে দেশবাসীক গৌৰৱান্বিত কৰিছে তেলেগু ভাষাৰ চিনেমা RRR আৰু তামিল Short Documentary Film The Elephant Whisperersএ। চিনেমা উদ্যোগৰ সৈতে জড়িতসকলৰ বাবে বিশ্বৰ আটাইতকৈ সন্মানীয় বঁটা হিচাপে পৰিগণিত যিটো বঁটা আজিলৈকে ভাৰতবৰ্ষৰ আটাইতকৈ চৰ্চিত আৰু মূল সুঁতিৰ বুলি এচামে প্ৰমাণ কৰিবলৈ অহৰহ চেষ্টা কৰি থকা হিন্দী চিনেমাই লাভ কৰিবলৈ সক্ষম হোৱা নাই, সেইটো বঁটা লাভ কৰি দক্ষিণ ভাৰতীয় চিনেমাই প্ৰমাণ কৰি দেখুৱালে যে দেশে তেওঁলোকৰ পৰা শিকিবলগীয়া এতিয়াও বহুত বাকী আছে। শিক্ষা-ক্ষেত্ৰখনৰ উপৰিও স্বাস্থ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰখনতো দেশৰ ভিতৰতে আগবঢ়া দক্ষিণ ভাৰতৰ ৰাজ্যকেইখন সততে বহু ক্ষেত্ৰত দেশৰ বাবে সদায় এক আদৰ্শ হৈ আহিছে। শিক্ষাৰ ক্ষেত্ৰত লোকপিয়লৰ তথ্যত সদায়েই দেশৰ ভিতৰতে আটাইতকৈ স্বাক্ষৰ ৰাজ্য হৈ অহা ৰাজ্য কেৰেলাৰ বিষয়ে নকলোৱেই বাৰু। ভাৰতবৰ্ষৰে অংগ যিখন কেৰেলাত ১৯৭৭ চনৰ অৰ্থনৈতিক পিয়লৰ মতে - ৯৯.৭ শতাংশ গাঁৱত প্ৰতি ২ কিলোমিটাৰ দূৰত্বত এখনকৈ প্ৰাথমিক বিদ্যালয়, ৯৮.৬ শতাংশ গাঁৱত প্ৰতি ২ কিলোমিটাৰ দূৰত্বত এখনকৈ মজলীয়া বিদ্যালয় আৰু ৯৬.৭ শতাংশ গাঁৱত প্ৰতি ৫ কিলোমিটাৰ দূৰত্বত এখনকৈ উচ্চমাধ্যমিক বা উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন হৈছিল সেইখন ভাৰতবৰ্ষতে বহু ৰাজ্যৰ গ্ৰামাঞ্চলত ২০-৩০ কিলোমিটাৰ দূৰত্বটো এখন প্ৰাথমিক, মজলীয়া, উচ্চমাধ্যমিক বা উচ্চতৰ মাধ্যমিক বিদ্যালয় আজিকোপতি স্থাপন হোৱা নাই। কিন্তু সেইখন দেশেই ভাষণৰ ফুলজাৰিত বিশ্বগুৰু হবলৈ গৈ আছে আৰু সমগ্ৰ দেশতে চলি আছে আকৌ অমৃত কাল!!

কিন্তু দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত সমাজিক-সাংস্কৃতিক দিশত বৰ্তমান একো সমস্যা নাই বুলিও আমি ডাঠি কব নোৱাৰোঁ। দক্ষিণ ভাৰতীয় সমাজখন সমগ্ৰিকভাৱে শিক্ষাৰ দিশেৰে দেশৰ ভিতৰতে আগবঢ়া হলেও মূলতঃ ইয়াৰ সমাজত গভীৰভাৱে প্ৰোথিত হৈ থকা জাতিভেদ আৰু বৰ্ণ ব্যৱস্থাইও বহুক্ষেত্ৰত এক প্ৰতিবন্ধকতাৰ সৃষ্টি কৰা দেখা যায়। কিন্তু ইমানৰ পিছতো ভাষিক আৰু সাংস্কৃতিক দিশত তেওঁলোকৰ অন্তৰত নিহিত হৈ থকা জাতীয়তাবাদী ভাৱনাই দক্ষিণ ভাৰতীয় স্বকীয়তাক প্ৰতিপন্ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

 

খ.

নহাতে অসম মুলুকত আজিৰ দিনটোতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগদিনা ৰাতি ১২ বজাত আৰু পুৱা সেই পৰীক্ষা বাতিল হোৱাৰ বিষয়ে জাননী জাৰি কৰিবলগীয়া হৈছে অসম মাধ্যমিক শিক্ষা পৰিষদে। ৰাজ্যখনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ এইটোৱেই প্ৰথম ঘটনা নহয়। সেয়েহে প্ৰশ্নকাকত ফাদিলৰ দৰে বিপদজনক ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে লবলগীয়া উপযুক্ত ব্যৱস্থা সময়মতে লোৱাৰ কাৰণে কৰণীয়খিনি তেওঁলোকে নকৰিলে কিয় বা কৰিছিল যদিও কিয় সফল নহল! বহু বছৰৰ অভিজ্ঞতাৰে সমৃদ্ধ অসমৰ শিক্ষা-ব্যৱস্থাৰ সৈতে জড়িত এটা চৰকাৰী প্ৰতিষ্ঠানে কিয় বছৰৰ মূৰত মাত্ৰ এবাৰ অনুষ্ঠিত কৰা পৰীক্ষা এটা কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ অনুষ্ঠিত কৰিব নোৱাৰে!! এইবোৰ প্ৰশ্নৰ মূল্য আছেনে বাৰু সচাঁই অসম মুলুকত! নে ৰাজ্যখনত প্ৰশ্নকাকত ফাদিলৰ ঘটনা প্ৰতি বছৰে সংঘটিত হৈ থাকিলেও তাক লৈ বিশেষ চিন্তিত নহয় ৰাজ্যৰ শিক্ষা বিভাগ, ৰাজ্য চৰকাৰখনৰ লগতে আপোনাৰ মোৰ দৰে ৰাজ্যৰ সাধাৰণ জনতাও!!

কিন্তু আজিৰ প্ৰযুক্তিবিদ্যা নিৰ্ভৰ যুগত পৰীক্ষাৰ প্ৰশ্নকাকত এখন পৰীক্ষা আৰম্ভ হোৱাৰ আগতেই যিকোনো উপায়েৰে ইন্টাৰনেটৰ জৰিয়তে সকলোৰে বাবে উপলব্ধ কৰা যিদৰে সহজ সেইদৰে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত ব্যক্তিসকলকো বিচাৰি উলিওৱাটো তেনেই সহজ। এইক্ষেত্ৰত প্ৰয়োজন প্ৰশাসন আৰু পৰীক্ষাৰ সৈতে জড়িত বিভাগটোৰ সদিচ্ছা আৰু সময়মতে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাতোহে। কিন্তু আমি পূৰ্বৰ অভিজ্ঞতাৰ পৰা দেখা পাইছোঁ যে এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰা ব্যক্তিজন বা ব্যক্তিসমষ্টি কিন্তু কোনোদিনেই প্ৰশাসনৰ দৃষ্টিত ধৰা নপৰে বা কৰবাত কেতিয়াবা দুই চাৰিজন ব্যক্তি ধৰা পৰিলেও আৰক্ষীয়ে আটক কৰাৰ আগতে ৰাজ্যৰপৰা অন্তৰ্ধান হৈ পৰে নতুবা আৰক্ষীয়ে আটক কৰিলেও তেনে ব্যক্তিক কি শাস্তি দিয়ে আদি বিষয়বোৰ বৰ বিশেষ চৰ্চা নহয় পৰৱৰ্তী সময়ত। পৰীক্ষা হোৱাৰ আগেয়েই প্ৰশ্নকাকতখন ফাদিল কৰাৰ দৰে এটা গুৰুতৰ অপৰাধ সংঘটিত কৰাসকলক কিয় বিচাৰি উলিয়াব নোৱাৰে শাসনত থকা চৰকাৰ এখনৰ এটা বৃহৎ প্ৰশাসন যন্ত্ৰই নতুবা ধৰা পৰা ব্যক্তিকেইজনক অপৰাধৰ বাবে শাস্তি দিয়াৰ বিষয়টোৱেই কিয় লোকচক্ষুৰ আঁৰত থাকি যায় সদায়!!

পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ আগতেই এচামৰ বাবে উপলব্ধ হোৱাৰ অন্তৰালতো সাধাৰণ জনতাৰ মুখে মুখে চলি থকাৰ দৰে প্ৰশাসন আৰু চৰকাৰৰ বৰমূৰীয়াসকলৰ মাজৰে এচাম প্ৰত্যক্ষভাৱে জড়িত থকাৰ প্ৰসংগটোও একেষাৰতে দলিয়াই পেলাব নোৱাৰি অসম মুলুকত।

(১৩ মাৰ্চ ২০২৩/সৰভোগ)

******