মণিপুৰৰ ভাতৃঘাতী সংঘৰ্ষৰ আঁৰৰ পৃষ্ঠভূমি
মোৰ চুবুৰীয়া ৰাজ্য মণিপুৰ যোৱা মে’ মাহৰ
পৰা অগ্নিগৰ্ভা হৈ আছে। শৈশৱৰে পৰা চকুৰ চিনাকী মণিপুৰীসকলৰ আৱাসভূমি মণিপুৰ।
যদিওবা আজিলৈকে মণিপুৰত ভৰি থোৱাৰ সৌভাগ্য হোৱা নাই তথাপি মণিপুৰলৈ যোৱাৰ হেঁপাহ
এটাই অনবৰতে মনৰ মাজত ক্ৰিয়া কৰি আছে। বৰ্তমানৰ এই পৰিস্থিতিৰ পিছতো কিন্তু মণিপুৰলৈ যোৱাৰ হেঁপাহটোৰ
অলপো হেৰ-ফেৰ হোৱা নাই। এটা সময় বিদ্যালয়ৰ পাঠ্যপুথিত পঢ়া নেতাজী সুভাষ চন্দ্ৰ
বসুৰ আজাদ হিন্দ ফৌজৰ মণিপুৰ দখল ইতিহাসেও মণিপুৰৰ প্ৰতি থকা আগ্ৰহক নতুন মোৰ
দিছিল।
আনহাতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ঈয়াৰুইঙ্গমৰ পঠনে মণিপুৰৰ আগ্ৰহতো আৰু বঢ়াই তুলিলে। নতুনকৈ জানিছিলোঁ যে মণিপুৰৰ জনসংখ্যাৰ এক বৃহৎ অংশ নগাসকলেও আগুৰি আছে। সেইখন মণিপুৰৰে জনগাঁথনিৰ বিশেষত্বৰ বিষয়ে জনাৰ আগ্ৰহতে কিছু কিতাপৰ পাত লুটিয়াইছিলোঁ। জানিবলৈ সক্ষম হৈছিলো কোনোদিনে নজনা ৰাজ্যখনৰ বহুখিনি ইতিহাস।
মহাকাব্য মহাবভাৰতৰ পৃষ্ঠাইও আমাক মণিপুৰৰ বিষয়ে জানিবলৈ দিয়ে। কাহিনী অনুসৰি
যুধিষ্ঠিৰে আয়োজন কৰা অশ্বমেধ যজ্ঞৰ ঘোঁৰা বান্ধি ৰাখিছিল মণিপুৰৰ যুৱৰাজ
বব্ৰুৱাহনে। সেই বব্ৰুৱাহন আছিল তৃতীয় পাণ্ডৱ অৰ্জুনৰে পুত্ৰ। মণিপুৰী
ৰমণী চিত্ৰাঙ্গদাৰ সৈতে অৰ্জুনৰ প্ৰণয় আৰু বব্ৰুবাহনৰ জন্মৰ কাহিনী সৰুকালতে পঢ়িছিলোঁ। যি নিজৰ দেউতাকৰ সৈতে যুঁজত অৱতীৰ্ণ হোৱাৰ
বিষয়ে মহাভাৰতৰ কাহিনীয়ে আমাক কয়। আৰু আজি সেই চিত্ৰাঙ্গদাৰ দেশ মণিপুৰৰ বুকুত গঢ়
লৈ উঠা ভাতৃঘাতী সংঘৰ্ষই আপোনজনৰ তেজেৰে নিজ দেশৰে বুকু ৰঞ্জিত কৰি
তুলিছে।
আপোনজনৰ মাজত গঢ় লৈ উঠা ভুল বুজা-বুজিতে আজি মণিপুৰৰ
বুকুত মানৱতা ভুলুন্ঠিত হৈছে। একেখন ৰাজ্যত সমিল মিলেৰে বসবাস কৰা খিলঞ্জীয়া দুটা
বিশেষ নৃগোষ্ঠীৰ সাধাৰণ জনতাৰ মাজত গঢ়ি তোলা হৈছে অবিশ্বাস আৰু সংশয়ৰ এখন
দুৰ্ভেদ্য প্ৰাচীৰ। এনে পৰিস্থিতি এদিনতে গঢ় লৈ উঠা নাই যে সেয়া নিশ্চিতভাৱে
সত্য।
কিন্তু ৰজাৰ শাসনৰ দিনৰে পৰা একেলগে বসবাস কৰি অহা অতি
প্ৰাচীন নৃগোষ্ঠী মেইটে আৰু কুকিসকলৰ মাজত ক্ৰমে ক্ৰমে বাঢ়ি অহাৰ দূৰত্বৰ বিষয়ে
কি ইমান দিনে প্ৰশাসন তথা জনতাৰ দ্বাৰা নিৰ্বাচিত চৰকাৰসমূহে একোকে উমান পোৱা
নাছিল নে!!
আনহাতে নিৰ্বাচিত জনপ্ৰতিনিধি কিনা-বেচা কৰি প্ৰতিষ্ঠিত চৰকাৰকে
নিজৰ ইচ্ছা অনুসৰি ভঙা-পতা কৰা তথাকথিত ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতাসকলেও ইয়াৰ ভূ
নাপালেনে একো!!
সময়ৰ গতিময়তাত এদিন মনৰ সকলো দুৰ্ভাৱনা আৰু সংশয় হেৰাই যাব।
কিন্তু নিজৰ চকুৰ আগতে এনেকুৱা অমানৱীয় আৰু জঘন্য কাণ্ড দেখিও আমিবোৰ কিয় মৌন আৰু
মুক-বধিৰ হৈ পৰিছো বাৰু সাম্প্ৰতিক প্ৰেক্ষাপটত!!
কম্পিউটাৰতকৈও দ্ৰুতগতিত কাম কৰিব পৰা মগজু থকা প্ৰাণী হৈও
হিচাপে আমাৰ কৰণীয়খিনি কি আজিৰ প্ৰযুক্তিবিদ্যা নিৰ্ভৰ জীৱনে আমাৰ পৰা কাঢ়ি লৈ
গৈছে সম্পূৰ্ণৰূপে!!
অতিসম্প্ৰতি কেৱল ৰীল, ইনষ্টাগ্ৰাম, ফেচবুক আৰু টুইটাৰত
কেইটামান কমেন্ট, লাইক, শ্বেয়াৰ তথা ভিউৰ ওপৰতে আমাৰ জীৱনচক্ৰ নিৰ্ভৰশীল হৈ পৰিছে নে কি বাৰু!!
(১০ আগষ্ট ২০২৩/সৰভোগ)
************
