কথকতা জীৱনৰ
সঁচাক মিছা বুলি আৰু মিছাক সঁচা বুলি কোৱাৰ ধাৰণাতো বহু
পলমকৈ বুজিলোঁ..
পৰিৱেশ-পৰিস্থিতি কিম্বা পৰিয়াল-পৰিজনৰ সংস্পৰ্শতো এই
কথাবোৰ কোনোদিনে নুবুজিলোঁ।
কিন্তু জনা আৰু বুজাৰ ইচ্ছা বা আগ্ৰহো কোনোদিনে নজন্মিব যে
সেয়া বিশ্বাস আছে।
অন্ততঃ জীৱনৰ প্ৰয়োজনীয়তা পূৰাবলৈও কেতিয়া সঁচাক মিছা বা
মিছাক সঁচা বুলি ক’বলগীয়া পৰিস্থিতি এটা সৃষ্টি হ’ব বুলি মনে নকয়।
কিন্তু সম্প্ৰতি আমাৰ চৌপাশে যিকোনে ক্ষেত্ৰতে কাৰোবাৰ অনুগ্ৰহ প্ৰাৰ্থী হ’বলৈকে নতুবা কাৰোবাৰ পৰা প্ৰয়োজনীয়া সুবিধাখিনি সহজতে আদায় কৰাৰ খন্তেকীয় ব্যক্তিস্বাৰ্থত যেতিয়া কোনো এজন ব্যক্তিয়ে নৈতিকতাৰ চূড়ান্ত নিম্ন পৰ্যায়লৈ গতি কৰে, তেতিয়াই অনুভৱ হয় আমি মানুহ বুলি নিজকে চিনাকী দিয়াৰ শেষ দায়বদ্ধতাখিনিও হেৰুৱাই পেলোৱাৰ তিতা লগা বাস্তৱক। পিছে আপুনি কিম্বা মই এনেবোৰ বিষয় লৈ মন-মগজুত বৰকৈ জোৰ দিয়াৰ প্ৰয়োজনেই বা ক’ত!
কাৰণ সম্প্ৰতি সুবিধাবাদ আৰু ভুৱা প্ৰশংসা তথা আভুৱা ভৰা
বক্তৃতাৰ ফুলজাৰি মৰাতেই যে জীৱন উপভোগৰ প্ৰকৃত কলা-কুশলতাখিনি লুকাই আছে!
আপুনি-মই আন্তৰকিতাৰে তথা সততাৰে সমাজৰ বাবে কিবা এটা কৰক
নতুবা আপুনি-মই মিলি দুবেলা দুমুঠিৰ যোগাৰ কৰা অনুষ্ঠানটোৰো যদি কিবা এটা ভাল
কৰিবলৈ বিচাৰো তেন্তে প্ৰথমে সকলোৱে আদৰণি জনাব। বহু সময়ত প্ৰশংসাৰে আপোনাক উপচাইও
পেলাব পাৰে। কিন্তু ইয়াত থকা প্ৰাথমিক চৰ্তটোৱেই হ’ল যে
আপুনি-মই কৰিব খোজা কামটোৰ বাবে যাতে সমাজৰ বৰমূৰীয়াসকল তথা মই জড়িত থকা অনুষ্ঠানটোৰ মূল ব্যক্তি দুজনমানৰ
স্বাধীনচিতীয়া সজকৰ্ম তথা অপকৰ্মত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আৰু কিবা কাৰণ
এওঁলোকৰ স্বাধীনচিতীয়া মনোবৃত্তিত অলপ আঁচোৰ পৰা যেন পালেই আপুনি-মই হৈ পৰো সমাজৰ
একো একোটা অপকাৰী জীৱ। ফলত নিমিষতে ভাগি থান-বান হৈ যায় আপোনাৰ-মোৰ পৰিকল্পনাত গঢ়
লৈ উঠা সৃষ্টি, স্থিতি আৰু ব্যাপ্তিৰ নতুন সৌধতো।
হ’ব আৰু সাহিত্যৰ লালিত্য, কিম্বা ভাষাৰ
মোহিনী বাণততো আপোনাৰ দৰে মোৰো পেট নভৰে। গতিকে নৈমিত্তিক দায়িত্ব আৰু নিত্য
কৰ্মেৰে জীৱন যাত্ৰাত আগুৱাই যোৱাই সময়ৰ দাবী।
মানৱ জীৱনৰ আদৰ্শ হোৱা উচিত – নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ
সঠিক পালনেৰে নিজৰ লগতে সমাজৰ দহজনৰ উপকাৰৰ বাবে কিবা এটা কৰি যোৱাতো। আৰু আনৰ
বাবে একো কৰিব নোৱাৰিলেও অন্ততঃ কাৰোৰে অপকাৰ কেতিয়াও যাতে নহয়। মোৰ চৌপাশৰ
সমাজখনত চলি থকা অন্যায়-অনীতি চকুৰ সন্মুখত দেখিলে এতিয়াও প্ৰতীবাদ কৰিছোঁ আৰু
ভৱিষ্যতেও প্ৰয়োজনত এতিয়াতকৈ অধিক সবল আৰু শক্তিশালী ৰূপত প্ৰতিবাদ কৰি যাম।
জীৱনটো এবাৰেই পাইছো আৰু এয়া সম্পূৰ্ণৰূপে মোৰ ব্যক্তিগত
সম্পত্তি। ইয়াক কেনেকৈ পৰিচালিত কৰিম আৰু লালিত-পালিত কৰি আগুৱাই লৈ যাম সেয়াও
সম্পূৰ্ণৰূপে মোৰ ইচ্ছা আৰু মন-মগজুৰ ওপৰত নিৰ্ভৰশীল।
আশাবাদী মনে মাত্ৰ বাৰে বাৰে সোঁৱৰাই দিয়ে যে ৰাতিৰ শেষত
যেনেকৈ সদায় দিনৰ পোহৰ উলাই ঠিক তেনেকৈ আমাৰ চৌপাশৰ অন্যায়-অনীতি-বিশৃংখলতা তথা
ব্যভিচাৰো লোকচক্ষুৰ সন্মুখলৈ এদিন নহয় এদিন আহিবলৈ বাধ্য।
(৪ মে’ ২০২৪ – সৰভোগ)
**************
