Wednesday, 11 December 2024

আঘোণৰ নষ্টালজিয়া

আঘোণৰ নষ্টালজিয়া+
আঘোণ যে
অসমীয়া গ্ৰামীণ জীৱনৰ প্ৰাণস্পন্দন!! 

আঘোণে গাঁৱৰ মাটি-পানীৰ সৈতে চিনাকী প্ৰতিগৰাকীকে
কৰি তোলে আবেগ-বিহ্বল

আঘোণৰ পথাৰখন দেখিলেই যেন
'লেছেৰি বুটলা' সময়ৰ কথকতাত বিলীন হয়
জীৱনৰ প্ৰাচুৰ্যময়তাৰ এখন অচিনাকী পৃথিৱী 

আঘোণে ৰিঙিয়াই মাতে মোক
মোৰ শৈশৱ-কৈশোৰ সেই সময়বোৰলৈ
য'ত জীৱনৰ অলেখ সমস্যাৰ গভীৰতাতো প্ৰতিপল জীৱন জীয়াৰ
ন-উদ্যম আৰু প্ৰেৰণাই জীপ লয় 

#শৈশৱ_কৈশোৰত আঘোণৰ পথাৰত
এনেয়ে বাগৰা, লুকা-ভাকু খেলা, মা-দেউতাহঁতলৈ পানী নি দিয়া আদি
ক'ত যে কাম নাছিল আমাৰ..

স্কুলৰ পৰা আহিয়েই পথাৰত ধান দাই থকা
মা-মাহীহঁতে সৈতে ৰবাব টেঙা, চাহ-ভাতৰ সোৱাদ ল'বলৈ দৌৰ মৰা সময়বোৰ
বাৰু ক'ত লুকাল..

সেই দিনবোৰত ধানৰ পাত আৰু নৰাই কটা হাত-ভৰিত
সন্ধিয়া পানী লাগিলে হোৱা চিট চিটনিবোৰৰ আমেজ
আজিৰ সময়ৰ নিমিলা সমীকৰণত বন্ধা.. 

চুবুৰীৰে প্ৰতিঘৰৰে 'ন খোৱা' ৰ আয়োজনত
আমাৰ দৰে কিশোৰবোৰৰ স্বেচ্ছামূলক ব্যস্ততাৰ সময়বোৰ
এতিয়া যেন কোনোবা অচিন অজানা দেশৰ #সাধুকথা

#নৰা_পেঁপা বজোৱা শৈশৱে মেলানি মাগিলে
চকুৰ সন্মুখতে ক্ৰমে সলনি হ'বলৈ ধৰিলে মোৰ বুকুৰ আপোন চিনাকী গাঁৱৰ পথাৰবোৰ

সোণগুটিৰ ভৰত দোঁ খাই থকা
আঘোণৰ পথাৰবোৰৰ যে
এতিয়া গোটেই বছৰ জুৰি উদং হোৱাৰ পাল

লাহে লাহে কৃষকৰ পথাৰবোৰত
চিনাকী অচিনাকীজনৰ চকু পৰিল
গঢ়ি উঠিছে বৃহৎ অট্টালিকা
গঢ়ি উঠিছে উদ্যোগিক প্ৰতিষ্ঠান

পৰিৱৰ্তনৰ বতাহে অসমৰ গাঁৱবোৰকো ভালকৈয়ে কোবাই গ'ল
লগত ক্ৰমান্বয়ে লৈ গৈছে আঘোণৰ প্ৰাণ চঞ্চলতাকো
আমাৰ সকলোৰে চকুৰ সন্মুখতে!!

(সৰভোগ/ ১০ ডিচেম্বৰ ২০২৪)
*******

Friday, 29 November 2024

বুলন ককাইদেউৰ মৃত্যুত...


বুলন ককাইদেউৰ মৃত্যুত সামাজিক মাধ্যমত হোৱা পাৰ্শ্বক্ৰিয়া আৰু ব্যক্তিগত ভাৱনা

 

এজন মানুহৰ মৃত্যুতো সাধাৰণ জনতা ইমান শোকাভিভূত হব পাৰে - যিটো বৰ্তমান সময়ত কল্পনা কৰিব নোৱাৰি। যি সময়ত বাতৰি-কাকত, বৈদ্যুতিন মাধ্যম আনকি চকুৰ সন্মুখতে কত মানুহৰ মৃত্যু দেখিও আমি সাধাৰণ ঘটনা হিচাপে মানি লবলৈ শিকিছোঁ, সেই সময়তে অসমৰ এখন অখ্যাত ঠাইৰ এজন প্ৰায় সাধাৰণ মানুহৰ মৃত্যুত আজিৰ দিনটোত বিশেষভাৱে সামাজিক মাধ্যমত মানুহৰ প্ৰতিক্ৰিয়া দেখি আচৰিত নহৈ নোৱাৰিলোঁ। আজিৰ দিনটোতে আকাশবাণীৰ বাতৰিৰ পৰা আৰম্ভ কৰি সংবাদ-পত্ৰৰ ইলেকট্ৰনিক সংস্কৰণ, বৈদ্যুতিন সংবাদ মাধ্যম আদিৰ সংবাদতো প্ৰত্যক্ষ কৰিলোঁ - একেজন মানুহৰ বিষয়ে বিভিন্নজনৰ শোকবিহ্বল চিন্ত-ভাৱনাবোৰ। যিজন মানুহ কোনো মন্ত্ৰী, বিধায়ক, ৰাজনৈতিক নেতা কিম্বা সমাজৰ তথাকথিত বিয়াগোম বুদ্ধিজীৱী নতুবা সমাজক জ্ঞান প্ৰদানেৰে মানৱ সম্পদ গঢ়া তথাকথিত প্ৰখ্যাত শিক্ষকো নাছিল; আনকি বহুতৰ দৰে সভা-সমিতিয়ে শিৰ ফুলাই নিজে সমাজিক কাম-কাজত বিশেষ অৱদান আগবঢ়োৱা বুলিও জাহিৰ কৰি ফুৰা নাছিল। সেয়েহে এইখিনিতে প্ৰশ্ন হয় - এই প্ৰায় সাধাৰণ মানুহজনৰ মৃত্যুত অসমৰ এচাম জনতা ইমান আৱেগিক কিয়!!

এই ব্যক্তিজন আছিল অসমৰ পূব প্ৰান্তৰৰ এখন মফচলীয়া চহৰ নাহৰকটীয়াৰ বাসিন্দা। সৰু চহৰ এখনৰ পৰা সাংবাদিকতা আৰম্ভ কৰিও নিজস্ব স্বকীয়তাৰ বাবে অসমত বিশেষ পৰিচয় গঢ়িবলৈ সক্ষম হোৱা এই ব্যক্তিগৰাকীৰ নাম আছিল বুলন কুমাৰ শইকীয়া। বৰ্তমান সময়ৰ এক সৰ্বজন পৰিচিত সামাজিক মাধ্যম ফেচবুকৰ লিখনিৰ জৰিয়তে চিনি পোৱা এই মানুহজনক ব্যক্তিগতভাৱে কোনো দিনে লগ পোৱা নাছিলো। বয়সত জেষ্ঠ্য বাবে বুলনদা বুলিয়েই ফেচবুকত সম্বোধন কৰিছিলোঁ। বুলনদাৰ বাসস্থান নাহৰকটীয়াৰ পৰা মোৰ জন্মস্থান ধেমাজিৰ দূৰত্ব বৰ বেছি নহয়, কিন্তু কৰ্মসূত্ৰে অসমৰ পশ্চিম প্ৰান্তৰত থাকিবলগা হোৱাত বন্ধত ঘৰলৈ গলে বুলনদাক লগ কৰাৰ পৰিকল্পনা কেইবাবাৰো কৰিও সময়ৰ অভাৱ, এলাহ আদি নানানটা অজুহাতত তেখেতক লগ কৰা নহলগৈ। আৰু আজি পুৱা মৃত্যুৰ সংবাদ প্ৰথমে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পুৱা ৭.৫০ বজাৰ আঞ্চলিক বাতৰিত শুনি বিশ্বাস কৰিব পৰা নাছিলোঁ। লগে লগে ফেচবুক খুলিয়েই বিভিন্নজনৰ বাৰ্তাৰোৰ দেখি মনটো থিৰেৰে ৰাখিব পৰা নাছিলোঁ। নিজকে নিজে কৈছো - কেৱল মাত্ৰ এলাহ আৰু মিছা অজুহাতৰ বাবেই মুখা-মুখিকৈ বহি বুলনদাৰ সৈতে দুআষাৰ কথা পতাৰ ইচ্ছাতো মনৰ মাজতে শেষ হৈ গল।

সাধাৰণভাৱে চাবলৈ গলে তেখেত মোৰ কোনো আত্মীয় অথবা কোনোবা ভাল বন্ধুও নাছিল। গতিকে তেখেতৰ মৃত্যুত মই বৰ বিশেষ দুখ কৰিব লগা বা মনটো অস্থিৰ হব লগা বিশেষ একো নাই। কিন্তু সামাজিক মাধ্যমত তেখেতৰ চিন্তা উদ্ৰেককাৰী লেখাসমূহ তথা ব্যঙ্গাত্মক কথাবোৰৰ মাজেৰে আমাৰ সমস্যাবোৰৰ বিষয়ে আমাকে সচেতন কৰাৰ প্ৰয়াসবোৰে নজনা-নুবুজাকৈয়ে তেখেতৰ সৈতে এক আত্মিক বান্ধোনৰ সৃষ্টি কৰিছিল। এনে এক অদৃশ্য আৰু অজানা আপোন বান্ধোনৰ মাজত সোমাই পৰা এজন ব্যক্তিৰ কায়িক মৃত্যুৱে মনলৈ দুখবোধ তথা এক বুজাব নোৱাৰা পৰিস্থিতি অনাত অস্বাভাৱিকতা নিশ্চয় একো নাই।

এতিয়া মনতে জুকিয়াই চাওঁতে দেখা পাইছোঁ যে তেখেতে সামাজিক মাধ্যমৰ লেখনিৰ জৰিয়তে যিবোৰ চিন্তা আৰু সমালোচনা ৰাইজলৈ আগবঢ়াই দিছিল সেইখিনিয়ে মোৰ দৰে বহুতৰে অন্তৰত দাগ কাটি গৈছিল। অসম আৰু অসমীয়াক অন্তঃকৰণেৰে ভালপোৱা বুলনদাৰ লেখনিৰ মাজত নিহিত হৈ থকা তীব্ৰ বাক্যবাণ, শাণিত ব্যংগ আৰু তথ্যৰ চমকপ্ৰদ উপস্থাপনে সকলোকে কথাবোৰ নকৈ ভাবিবলৈ আৰু চিন্তা কৰি চাবলৈ বাধ্য কৰাইছিল। হাতত কলম তুলি লৈয়ে জাতিটোৰ আৰু ৰাজ্যখনৰ সাম্প্ৰতিক সমস্যাবোৰ সমাধানৰ প্ৰতি তেখেতে নিজৰ সাধ্যানুসৰি কৰা কামবোৰৰ মাজেৰে নিজৰ জাতীয় দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিছিল সকলোৰে সন্মুখত। যাৰ ফলশ্ৰুতিত এনে এজন সৎ সাহসী আৰু নিজৰ আজানিত সমাজৰ সাধাৰণজনৰ বলিষ্ঠ কন্ঠ হবলৈ ধৰা এজন ব্যক্তিৰ আকস্মিক মৃত্যুৰ বাতৰিটোৱে তেখেতক জনা-নজনা প্ৰায় সকলো স্তৰৰ লোককে ব্যথিত কৰি তুলিছে। তেখেতৰ মৃত্যুৰ পিছতে সামাজিক মাধ্যমত নিজৰ মত ব্যক্ত কৰা বিভিন্নজনৰ চিন্তা-ভাৱনাবোৰ দেখি আৰু সংবাদ মাধ্যমৰ বাতৰি তথা বিভিন্ন দল-সংগঠনৰ মতামতবোৰ শুনি ভাবিবলৈ মন গৈছে যে সমাজত সততা আৰু ন্যায়ৰ পক্ষত থকা মানুহৰ সংখ্যাতো এতিয়া আগৰ দৰে গৰিষ্ঠ হৈয়ে আছে। সেয়েহে হয়তো তেখেতৰ সাহসী স্থিতি আৰু স্পষ্টবাদিতাৰ বাবে প্ৰায়ে ৰাইজৰ আগত বিপাঙত পৰিবলগীয়া হোৱা শাসক-বিৰোধী উভয় পক্ষৰে বহু ৰাজনৈতিক নেতা-মন্ত্ৰীয়েও তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

২০২২ চনৰ পৰা যকৃতৰ জটিল ৰোগত ভুগি থকা বুলন শইকীয়া নামৰ সাংবাদিক হিচাপ জনাজাত ব্যক্তিজনে সাংবাদিকতাকে কেৱল বৃত্তি হিচাপে লোৱা নাছিল, সাংবাদিকতাৰ জৰিয়তে আনক সংস্থাপন দিয়াৰ লগতে সত্য, শুদ্ধ বাতৰি পৰিৱেশনৰ বাবে তেখেতে ৰাইজৰ সহায়-সহযোগিতাৰে GROUND NEWS নামেৰে এক সংবাদ সংস্থাও গঢ়ি তুলিছিল। অৱশ্যে ৰোগটোৱে তেখেতৰ এই প্ৰচেষ্টাক বৰ বেছি দূৰলৈ প্ৰসাৰিত কৰাত বাধা হৈ থিয় দিলে। সাংবাদিকতাৰ সমান্তৰালভাৱে বিভিন্ন সামাজিক কাম-কাজতো তেখেত সক্ৰিয়ভাৱে জড়িত হৈ আছিল। দুৰ্দান্ত সাহসী, সৎ, ন্যায়-নিষ্ঠ আৰু অত্যন্ত খাদ্যৰসিক এই মানুহজনে শেহতীয়াকৈ অসমৰ থলুৱা খাদ্য-সম্ভাৰক লৈ SWAD ASSAM নামেৰে ঘৰুৱাভাৱে প্ৰস্তুত কৰা খাদ্য বিতৰণৰ এটা ক্ষুদ্ৰ ব্যৱসায়ো আৰম্ভ কৰিছিল। ইয়াৰোপৰি তেখেত সাহিত্যক হিচাপেও ৰাইজৰ মাজত জনাজাত আছিল। তেখেতে মোৰ আইৰ নাম মিলিকি বৰুৱা শীৰ্ষক কাব্য সংকলন, উত্তৰ-পূৰ্বাঞ্চলৰ ভূ-ৰাজনৈতিক পৰিস্থিত তথা সন্ত্ৰাসবাদী সমস্যাৰ গুৰি কথাবোৰক লৈ ৰচনা কৰা আৰাকান ইন্টেল শীৰ্ষক উপন্যাসখন আৰু থলুৱা খাদ্য-সম্ভাৰক লৈ ৰচন কৰা গ্ৰন্থ  আমাৰ জুতি-বুধি আদিৰ বিভিন্ন গ্ৰন্থৰ জৰিয়তে অসমীয়া সাহিত্য জগতখনতো নিজৰ স্বকীয় পৰিচয় দিবলৈ সক্ষম হৈছিল। ফেচবুকতে তেখেতে উত্তৰ-পূবৰ সন্ত্ৰাসবাদক লৈ আৰম্ভ কৰিছিলি ছেইকজিন ছাইৱাম শীৰ্ষক আন এখন উপন্যাস। সম্প্ৰতি এই বছৰৰ গ্ৰন্থমেলাতে চি-ইন-চি শিৰোনামৰ গ্ৰন্থ এখন প্ৰকাশৰ বাবে সাজু হোৱা বুলি লেখকে নিজে ব্যক্তি কৰিছিল। পিছে শেষৰ দুখন গ্ৰন্থৰ কাম আধৰুৱাকৈ এৰিয়েই তেখেতে ৰোগৰ ওচৰত হাৰ মানিলে। সততা আৰু ন্যায়ৰ পক্ষত চিৰদিন থকা এই ব্যক্তিজনে ইচ্ছা কৰা হলে বৰ্তমান সময়ৰ যিকোনো এজন তথাকথিত হাত দীঘল সাংবাদিকৰ দৰেই চৰকাৰী পক্ষৰ নেতা কিম্বা মন্ত্ৰী-বিধায়কৰ কাষলৈ গৈ নিজৰ ৰোগৰ সমাধান সূত্ৰ অতি সহজতেই উলিয়াব পাৰিলে হয়। কিন্তু অলপ বেলেগ ধাতুৰে গঢ়া এই বিশেষ ব্যক্তিজনে জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ ক্ষণ গণি থাকিও শেষলৈকে ৰাজ্যৰ শাসক তথা বিৰোধীপক্ষক নিজৰ শাণিত ব্যঙ্গ তথা কঠোৰ সমালোচনাৰে থকা-সৰকা কৰিবলৈ নেৰিলে।

বুলনদাৰ অকাল মৃত্যুত সচাঁ অৰ্থতে অসম আৰু অসমীয়াই এজন ভাল মানুহ সোনকালে হেৰুৱালে। জাতিটোৰ আজিৰ জটিল সন্ধিক্ষণত যাৰ কৰিবলগীয়া বহু কামেই আধৰুৱা হৈ থাকি গল। বুলনদা আপোনাৰ চিন্তা আৰু কৰ্মৰ নমুনা সদায় আমাৰ দৰে বহু সাধাৰণ মানুহৰ মন-মগজুত চিৰদিন থাকি যাব।

 

(২৮ নবেম্বৰ, ২০২৪/সৰভোগ)

***********


Thursday, 7 November 2024

অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি আৰু আমাৰ ভাৱনা

 

অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি আৰু আমাৰ ভাৱনা


২০২৪ চনৰ ৩ অক্টোবৰ তাৰিখে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ নিৰ্দেশ মৰ্মে মাৰাঠী
, পালি, প্ৰাকৃত আৰু বাংলা ভাষাৰ লগতে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰে। এজন অসমীয়া ভাষী হিচাপে ব্যক্তিগতভাৱে এই বিষয়টোৱে মোক গৌৰৱাম্বিত কৰিছে আৰু মই সুখী হৈছো চৰকাৰ এনে স্বীকৃতিত।

কিন্তু এই গৌৰৱ আৰু সুখেই আমাৰ ভাষাটোক ভৱিষ্যতলৈ সুৰক্ষিত কৰি ৰাখিব বুলি আমি নিজকে নিজে নিশ্চিতি দিব নোৱাৰো। সেই বাবেই আমি নিজৰ ভাষাৰ এই গৌৰৱৰ ক্ষণ আৰু সুখৰ সময়তে এটা কথা অন্তঃকৰণেৰে উপলব্ধি কৰাতো দৰকাৰ যে নিজৰ ভাষাটোৰ প্ৰয়োগত আমি সদা সচেতন হ'ব লাগে আৰু সমান্তৰালভাৱে নিজৰ ভাষাটোৰ প্ৰতি সৰ্বদা শ্ৰদ্ধাশীল হোৱাতোও অত্যন্ত জৰুৰী।

ভাৰতবৰ্ষত ভাষা এটাৰ ধ্ৰুপদী মৰ্যদাই চৰকাৰীভাৱে ভাষাটোৰ গৱেষণা, ভাষাৰ ঐতিহাসিক, সাংস্কৃতিক তথা ৰাজনৈতিক-সামাজিক সমলসমূহ সংৰক্ষণৰ ক্ষেত্ৰত আমাক সহায় কৰে। সমান্তৰালভাৱে ধ্ৰুপদী ভাষাটোৰ বিকাশ, সমৃদ্ধি আৰু প্ৰসাৰৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাত আৰ্থিক সাহাৰ্য্য লাভ কৰাৰ নিশ্চিতি, দেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত ধ্ৰুপদী ভাষাটোৰ এখন আসন প্ৰতিষ্ঠা কৰাৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে অনুৰোধ জনাব আৰু ধ্ৰুপদী ভাষাটোৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ ব্যৱস্থাও চৰকাৰে কৰিব। ইমানখিনি চৰকাৰী পৃষ্ঠপোষকতাত ভাৰতবৰ্ষত ধ্ৰুপদী ভাষাৰ ক্ষেত্ৰত লব লগা বা লোৱা ব্যৱস্থা। কিন্তু এই ব্যৱস্থাবোৰে ভাষা এটাক সুৰক্ষিত কৰিব বুলি আমি নিশ্চিত হ'ব পাৰোনে? নিশ্চয়কৈ নোৱাৰোকাৰণ ইতিমধ্যে ২০০৫ চনতে ভাৰতবৰ্ষৰ কেন্দ্ৰ চৰকাৰে ধ্ৰুপদী মৰ্যাদা প্ৰদান কৰা সংস্কৃত ভাষা আজি বিলুপ্তিৰ গৰাহত। নামমাত্ৰ জনসংখ্যাৰ মাজতহে বৰ্তমান ভাৰতবৰ্ষত সংস্কৃত ভাষাৰ প্ৰচলন আছে। আনকি যোৱা ৩ অক্টোবৰত অসমীয়া ভাষাৰ লগতে ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়া পালি আৰু প্ৰাকৃত ভাষা বৰ্তমান ভাৰতবৰ্ষত সম্পূৰ্ণ বিলুপ্ত বুলিয়েই আমি ক'ব পাৰোঁ।

 

সেয়েহে আমি একেষাৰতে ক'ব পাৰো যে বৰ্তমানৰ এটা জীৱন্ত ভাষা 'অসমীয়া ভাষা'ক পৃথিৱীৰ পৰা ক্ৰমান্বয়ে বিলুপ্ত হৈ যোৱা ভাষাসমূহৰ দৰে বিলুপ্তিৰ পৰা ৰক্ষা কৰিবলৈ হলে চৰকাৰে দিয়া ধ্ৰুপদী স্বীকৃতিয়ে বৰ এটা বিশেষ সহায় নকৰে, যদিহে আমি অসমীয়া ভাষী প্ৰত্যেকেই নিজে ভাষাটোৰ প্ৰতি শ্ৰদ্ধাশীল আৰু সচেতন নহওঁ।

বৰ্তমান প্ৰচলিত অসমীয়া ভাষাটোৰ ভৱিষ্যতক লৈ ভাষাটোৰ প্ৰতি সচেতন প্ৰতিজন ব্যক্তিয়ে শংকাত ভুগিছে। যি সময়ত প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব উন্নতি তথা সৰ্বসাধাৰণৰ মাজত ইয়াৰ প্ৰসাৰে অসমীয়া ভাষাটোৰ ব্যাপক ব্যৱহাৰ সামাজিক মাধ্যমত হোৱাতো সহজ কৰি তুলিছে। যিটো যিকোনো এটা ভাষাৰ বাবেই অতি উৎসাহব্যঞ্জক খবৰ। সেই সময়তে কিন্তু সমান্তৰালভাৱে ভাষাটোৰ প্ৰতি ই দুঃখবোৰ কঢ়িয়াই আনিছে। কাৰণ সামাজিক মাধ্যমত ব্যৱহৃত ভাষাৰ ব্যাপক ভুল ব্যৱহাৰে দিনক দিনে ভাষাটোলৈ অশনি সংকেত কঢ়িয়াই আনিছে। ভাষাটোৰ শুদ্ধ ৰূপবোৰৰ ব্যৱহাৰ ক্ৰমান্বয়ে আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। কাৰণ ইংৰাজী ভাষাৰ অগ্ৰাসানে যিদৰে পৃথিৱীৰ বহু ভাষাক মানৱ সমাজৰ পৰা বিলুপ্ত কৰি দিছে সেইদৰে ইয়াৰ ব্যাপক ব্যৱহাৰে অসমীয়া ভাষাৰ বৰ্তমান ৰূপটোক লিখিত সাহিত্যক বৰ বেছিকৈ গ্ৰাস কৰিব নোৱাৰিলেও সমাজিক মাধ্যমত ই ব্যাপক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। এনে এক প্ৰেক্ষাপটত ভাষাটোলৈ অহা বিশেষ স্বীকৃতিৰ গইনা লৈয়ে আমি প্ৰতিজন অসমীয়া তথা অসমীয়া ভাষীয়ে নিজৰ ভাষাটোৰ স্বকীয়তাৰ প্ৰতি সচেতন দৃষ্টি ৰাখি ইয়াক সৰ্বদা অক্ষত ৰখাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰাৰ বাবে পণ লোৱাৰ প্ৰয়োজন। লগতে ইংৰাজী তথা হিন্দী ভাষাৰ প্ৰভাৱৰ পৰা ইয়াক কেনেদৰে মুক্ত কৰি ৰাখিব পাৰি তাৰ বাবেও এক বিশদ তথা ফলপ্ৰসু পৰিকল্পনা যুগুত কৰাতোওঁ বৰ্তমান সময়ত অত্যন্ত প্ৰাসংগিক।

 

(৭ নবেম্বৰ ২০২৪, সৰভোগ)

************

Monday, 30 September 2024

অসমৰ ট্ৰেডিং জালিয়াতি আৰু আৰক্ষীৰ এনকাউন্টাৰ

 

অসমৰ ট্ৰেডিং জালিয়াতি আৰু আৰক্ষীৰ এনকাউন্টাৰৰ মান্যতা

 

(ক)

সাম্প্ৰতিক অসমৰ সৰ্বত্ৰতে চৰ্চিত বিভিন্ন বিষয়ৰ ভিতৰত অন্যতম প্ৰধান বিষয়টোৱেই হৈছে ট্ৰেডিং জালিয়াতি। অতি কম সময়তে নিজকে ধনী কৰাৰ মানসিকতাৰ পৰিণতিতে অসমৰ চুকে-কোণে অতি সাম্প্ৰতি গা কৰি উঠিছে ন ন ট্ৰেডিং জালিয়াতিৰ কাহিনী। পাৰিলে ৰাতিটোৰ ভিতৰতে দেশৰ নাম থকা সম্পত্তিশালী ব্যক্তি হৈ উঠাৰ কল্পনাতে মানুহে কোনো বাচ-বিচাৰ নকৰাকৈ এনে জালিয়াতিৰ ফাণ্ডত ভৰি দিছে। এনেবোৰ ফাণ্ডত ভৰি দিয়াসকলৰ গৰিষ্ঠ সংখ্যকৰে ট্ৰেডিঙৰ বিষয়ে নুন্যতম জ্ঞানো যে নাই সেয়া আপুনি মই কাষে-পাজৰে অলপ অচৰ বিচাৰ কৰিলেই উলাই পৰিব। তেওঁলোকৰ বহুতেই হয়তো ট্ৰেডিঙ খাই নে পিন্ধে সেয়াও নাজানে। তেখেতসকলে মাত্ৰ জানে যে তেওঁলোকে কোনোবা এজনক দিয়া নিজৰ উপাৰ্জনখিনি কম সময়ৰ ভিতৰতে আগতকৈ বেছি হৈ তেওঁলোকৰ হাতত আহি পৰিবহি। লাগিলে সেয়া হেজাৰ বা লাখ, যি পৰিমাণেই নহওক কিয়!

এনেকৈ জালিয়াতিৰে টকা ঘটি থকাসকলে অসমত কেৱল এতিয়াই নহয়, বহু আগৰে পৰা এনেকুৱা অন্য পদ্ধতিৰে হলেও টকা ঘটিয়েই আছে। কিন্তু ৰাজ্য চৰকাৰ বা চৰকাৰৰ প্ৰশাসন যন্ত্ৰই এনেবোৰ কাণ্ডৰ উমান কিয় আগতীয়াকৈ নাপায়!! ৰাজ্য চৰকাৰে জনসাধাৰণৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে বিভিন্ন আঁচনিৰ উদ্ভাৱন কৰাৰ লগতে নতুন নতুন পৰিকল্পনাও যুগুত কৰি উলিয়াই আছে ভিন ভিন সময়ত। কিন্তু এনেবোৰ পৰিকল্পনা আৰু আঁচনি বাস্তৱায়িত কৰিবলৈ যাওঁতে ৰাজ্যখনৰ চৌপাশ ঘটি থকা বিভিন্ন দুষ্কাৰ্যৰ সমান্তৰালভাৱে চলি থকা ট্ৰেডিং কেলংকাৰীৰ বিষয়ে নজনাটো কোনোপধ্যেই বিশ্বাস কৰিব নোৱাৰি। কাৰণ  কোনোবা এজন বা দুজন ব্যক্তিয়ে চৰকাৰ নতুবা মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে দুআষাৰ বাক্য সমাজিক মাধ্যমত মন্তব্য কৰাৰ বাবেই চৰকাৰী ৰঙাঘৰৰ ভাত খাব লগা পৰিস্থিতিৰ সৃষ্টি হোৱা ৰাজ্যখনৰ প্ৰশাসনযন্ত্ৰই ট্ৰেডিং দৰে বিষয়বোৰত চকু নিদিয়া বুলিলেও আমি মানি লমেই বা কিয়!! নহলে এনেকুৱা নহয়তো কথাবোৰ যে ৰাজ্যৰ বৃহৎ ব্যৱসায়ীক গোষ্ঠী, ৰাজনৈতিক নেতা-মন্ত্ৰী বা তেওঁলোকৰ অঙহী-বঙহীৰ বৃহৎ পৰিমাণৰ নামী-বেনামী অৰ্থ এনে নীতি বৰ্হিভূত ট্ৰেডিং ব্যৱসায়বোৰৰ সৈতে জড়িত হৈ থকা বাবেই চৰকাৰৰ ফালৰ পৰা লব লগা ব্যৱস্থাবোৰ লোৱাত হীন-দেৰী কৰি থকা হৈছে নেকি!!

আমি আশাবাদী যে সোনকালেই চৰকাৰ তথা প্ৰশাসনৰ চকু মুকলি হব আৰু ট্ৰেডিং জালিয়াতিৰ দৰে হঠাতে অস্বভাৱিক উপায়েৰে টকা ঘটাৰ নীতি-বৰ্হিভূত কৰ্ম-কাণ্ডৰ সৈতে জড়িত পুঠি-খলিহনাৰ লগতে ৰৌ-বৰালিকে আদি কৰি প্ৰতিজন ব্যক্তিয়েই ন্যায়ালয়ৰ জৰিয়তে উপযুক্ত শাস্তিৰ সন্মুখীন হব। সৰ্বোপৰি এনেবোৰ জালিয়াতিৰ ফান্দত ভৰি দি অসমৰ খাটি খোৱা বহু সাধাৰণ জনতা এইবাৰ যিদৰে সৰ্বস্বান্ত হৈছে, এনেবোৰ পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে ৰাইজক সজাগ কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ জৰিয়তে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰাতোও অতি দৰকাৰী হৈ পৰিছে।

 

(খ)


এসময়ত বাতৰি কাকতত সঘনে পঢ়িবলৈ পোৱা আৰু এতিয়াও মাজে মধ্যে ভাৰতবৰ্ষৰ বিহাৰ, উত্তপ্ৰদেশ, মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত সংঘটিত আৰু এসময়ত হিন্দী চিনেমাবোৰৰ সুলভ দৃশ্য, অপৰাধীক আৰক্ষীয়ে আটক কৰি আৰক্ষী থানা বা জেললৈ আনি থকা অৱস্থাত পলাবলৈ চেষ্টা কৰাৰ সময়ত ধৰিবলৈ যাওতে আৰক্ষীৰ গুলিত অৰ্থাৎ এনকাউন্টাৰত অপৰাধীৰ মৃত্যুৰ ঘটনা অসমত যোৱা কেইটামান বছৰৰ পৰা অতি স্বাভাৱিক হৈ পৰিছে।

আনকি সামাজিক মাধ্যমত এনে খবৰবোৰ পৰিৱেশন কৰাৰ পৰৱৰ্তী সময়ত এনে হত্যা বা এনকাউন্টাৰক স্বীকৃতি দি মন্তব্য কৰাৰ লোকৰ সংখ্যাতো অতি দ্ৰুত গতিত বাঢ়ি অহাতো সকলোৰে দৃষ্টিগোচৰ হৈছে। আনকি এনে হত্যাৰ সৈতে জড়িত আৰক্ষীজনক বা আৰক্ষীৰ লোকসকলক সকলোৱে সামাজিক মাধ্যত প্ৰশংসাৰে উপচায় দিয়াটোও এতিয়া এক স্বাভাৱিক পৰিঘটনা আমাৰ বাবে। তাতোতকৈ উল্লেখযোগ্য বিষয়টো হল এন ঘটনাৰ সৈতে জড়িত আৰক্ষীজনক আইন বৰ্হিভূত ঘটনাৰ বাবে বিভাগীয় তদন্ত কৰাৰ আগতেই বৰ্তমান তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিত পদোন্নতি দিয়াহে পৰিলক্ষিত হয় বহু সময়ত। আমাৰ ৰাজ্যখনৰ চৰকাৰ তথা জনতাৰ এনেবোৰ কৰ্ম-কাণ্ডই প্ৰকৃততে কি সূচায় এবাৰ নিৰপেক্ষভাৱে ভাবি-চিন্তি চাবলৈ কাৰোবাৰ আহৰি আছেনে আজিৰ তাৰিখত!!

নিশ্চয় নাই! কাৰণ আজিৰ এটা ঘটনাৰ সমৰ্থনত মই মন্তব্য প্ৰদান কৰাৰ পৰৱৰ্তী সময়তে আকৌ বহু নতুন ঘটনাই আমাৰ চৌপাশ তোলপাৰ লগালেই নহয়। আৰু লগে লগে মইও সাজু হৈ উঠিলো সেই ঘটনাটোৰ আগ-গুৰি একো নুশুনা-নজনাকৈ সেই বিষয়টোৰ বিশেষজ্ঞ হৈ উঠিবলৈ। কাৰণ সামাজিক মাধ্যমত মোৰ জনপ্ৰিয়তাই এতিয়া মূল কথা আৰু এই জনপ্ৰিয়তা বিচাৰ কৰাৰ মাত্ৰা হল আপোনাৰ মোৰ মতামতত কোনো কিমান লাইক, শ্বেয়াৰ কৰিছে বা ভিউৰ সংখ্যা। সেয়েহে আপোনাৰ বা মোৰ অন্য বন্ধুসকলে কিবা এটা কৈ বেছিক লাইক, শ্বেয়াৰ বা ভিউ কাঢ়ি লোৱাৰ আগতেই মই মোৰ মন্তব্য যেনে তেনে আগবঢ়োৱাতো যে অতি দৰকাৰী! লাগিলে সেই বিষয়টো সম্পৰ্কে মই বিশেষ একো নাজানোৱেই বা কিয়!! এয়াই হল আমাৰ ব্যক্তিগত সচেতনা তথা সামাজিক দায়বদ্ধতাৰ নমুনা। আৰু এনে দায়বদ্ধহীনতা আৰু অসচেতনতাৰ কুপ্ৰভাৱ আমাৰ সমাজৰ বিভিন্ন কৰ্ম-কাণ্ডত স্পষ্টকৈ দৃষ্টিগোচৰ হোৱা পৰিলক্ষিত হৈ উঠিছে।

 

(১৫ ছেপ্টেম্বৰ ২০২৪/সৰভোগ)

*********

Monday, 19 August 2024

পেৰিছ অলিম্পিকৰ ভাৱনা

পেৰিছ অলিম্পিকৰ ভাৱনা

 


ফ্ৰান্সৰ ৰাজধানী পেৰিছত যোৱা ২২ জুলাইৰ পৰা ১১ আগষ্ট ২০২৪লৈ অনুষ্ঠিত ২২ দিনীয়া বিশ্ব ক্ৰীড়াৰ অভূতপূৰ্ব সমাৰোহখনৰ কালি ৰাতি আনুষ্ঠানিকভাৱে সমাপ্ত হ'ল। অলিম্পিক ২০২৪ৰ সফল সমাপ্তি ঘটিল। অনাগত ৪ বছৰ অপেক্ষা কৰিব লাগিব আকৌ এখন নতুন ক্ৰীড়াৰ মহাসংগ্ৰাম উপভোগ কৰিবলৈ।

এইবাৰৰ পদক তালিকাত প্ৰথম স্থান দখলৰ যুঁজখন বিশ্বৰ দুই মহা শক্তিধৰ দেশ আমেৰিকা আৰু চীনৰ মাজত অলিম্পিকৰ শেষৰ দিনটোলৈকে অব্যাহত থাকিল। মূৰকত মহিলা বাস্কেটবলত ফ্ৰান্সৰ সৈতে হোৱা তীব্ৰ প্ৰতিদ্বন্দিতাত জয়ী হৈ প্ৰতিযোগিতাৰ শেষৰ সোণৰ পদকটো জয় কৰি আমেৰিকাই পদক তালিকাৰ প্ৰথম স্থান দখল কৰে। দুয়োখন দেশে ৪০টাকৈ সোণৰ পদক দখল কৰে যদিও ৰূপৰ পদক বেছিকৈ দখল কৰাত আমেৰিকা প্ৰথম স্থানত থাকে।

প্ৰথম বা দ্বিতীয় স্থানক বাদ দিলেই আপুনি মই বিশ্বৰ মানচিত্ৰত বিচাৰিব লগা হোৱা বহু দেশে এইবাৰৰ অলিম্পিকৰ পদক তালিকাত উচ্চ স্থান লাভ কৰি দেশবাসীক গৌৰৱান্বিত কৰিছে। অলিম্পিক ক্ৰীড়াৰ ইতিহাসত আমাৰ দেশ অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰদৰ্শন ভাল নহয় যদিও এইবাৰৰ অলিম্পিকত আগতকৈ কিছু উন্নত প্ৰদৰ্শনৰ আশা কৰা হৈছিল। এনে এক আশালৈ পেৰিছলৈ যোৱা ভাৰতীয় দলৰ পৰা আমাৰো বহুখিনি প্ৰত্যাশা আছিল। পিছে যোৱাবাৰৰ অলিম্পিকৰ তুলনাতো ভাৰতবৰ্ষই পদক তালিকাত এইবাৰ ২২টা স্থান পিছুৱাইছেহে। অৱশ্যে বহুকেইজন যোগ্য আৰু সম্ভাৱনাময় খেলুৱৈৰ পৰাও আমি শেষ মুহূৰ্তত এইবাৰ পদক লাভ কৰিবলৈ সক্ষম নহলোঁ। কিন্তু ইমানতে সন্তুষ্টি লভি কি সামাজিক মাধ্যম, কি বাতৰি-কাকত, কি দূৰদৰ্শন সকলোতে দেশৰ খেলুৱৈসকলৰ প্ৰশংসাত আমি পঞ্চমুখ হৈ পৰিছোঁ।

কিন্তু এবাৰ ভাবি চাওকচোন, জনসংখ্যাৰ দিশেৰে বিশ্বৰ প্ৰথম স্থানত থকা আপোনাৰ-মোৰ আপোন দেশখনৰ ক্ৰীড়াক্ষেত্ৰৰ অৱস্থা বিশ্ব প্ৰেক্ষাপটত আজিও ইমান পুতৌলগা হৈ আছে কিয় বাৰু!! আনহাতে ৰাজনৈতিক-অৰ্থনৈতিক দিশত বিশ্বৰ ভিতৰতে দপদপাই থকা বুলি সততে প্ৰচাৰ কৰা ভাৰতবৰ্ষই নিজৰ দেশৰ ক্ৰীড়াৰ ক্ষেত্ৰখনক কিয় ইমান গুৰুত্বহীন কৰি ৰাখিছে আজিও!! আনবোৰ দিশত দেশখনক আগুৱাই নিয়াৰ প্ৰচেষ্টা অব্যাহত থকাৰ সমান্তৰালভাৱে ক্ৰীড়াৰ দিশটোকো বিশ্বৰ প্ৰেক্ষাপটত জিলিকাই তোলাৰ বাবে আন্তৰিক প্ৰচেষ্টা আৰম্ভ হ'ব বুলি আমি আশাবাদী।

শুনিবলৈ পাইছো ২০৩৬ চনত ভাৰতবৰ্ষত অলিম্পিক ক্ৰীড়া আয়োজনৰ বাবে গুণা-গঁথা চলিছে। আশা কৰিম তাৰ আগতে মাজৰ সময়খিনিত দেশৰ ক্ৰীড়াক্ষেত্ৰখনৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন তথা প্ৰসাৰৰ বাবে লোৱা সময়োচিত পদক্ষেপ পদ্ধতিগতভাৱে কোনো কেৰোণ নলগাকৈ অনতিপলমে আৰম্ভ হ'ব। সপোন এটাই - ইয়াৰ ফলশ্ৰুতিত আমিও সোনকালেই ৰাষ্ট্ৰ সংগীতৰ সুৰে সুৰে বিশ্বৰ আগত মূৰ দাঙি নিজৰ গৌৰৱ গাঁথা গাই যাব পাৰিম।

 

(১২ আগষ্ট ২০২৪/সৰভোগ)

****************

 


Tuesday, 30 July 2024

'বিদুৰভাই' উপভোগৰ অনুভৱ

'বিদুৰভাই' উপভোগৰ অনুভৱ

মুক্তিৰ দিনটোতে চলচিত্ৰখন উপভোগ কৰাৰ পৰিকল্পনা আছিল ভাইটি জানমণিৰ  সৈতে। পিছে পৰিস্থিতি বেলেগ হোৱাত যোৱা ২৬ জুলাই তাৰিখে সপৰিয়ালে বিদুৰভাই নামৰ চলচিত্ৰখন উপভোগ কৰাৰ সুযোগ মিলিল।

অসমীয়া চলচিত্ৰ চাবলৈ যিসময়ত অসমৰ চিত্ৰগৃহসমূহত দৰ্শকৰ অভাৱ সেই সময়ত #বিদুৰভাই চাবলৈ গৈ অনলাইনত টিকেট আগতীয়াকৈ সংৰক্ষণ কৰা বাবে টিকেট কাটিবলৈ নহ'লেও চিত্ৰগৃহৰ ভিতৰত সোমাবলৈ যোৰহাটৰ চিত্ৰগৃহত শাৰী পাতিবলগীয়া হোৱা কথাটোৱে আৰম্ভণিতে মনত অলপ হলেও সন্তুষ্টি দিলে।

চলচিত্ৰখনৰ বিষয়ে ইতিমধ্যে বহুতে বহু ধৰণৰ আলোচনা কৰিছে। গতিকে বিশেষ আলোচনালৈ নগৈ মনৰ কথা দুটামানহে ব্যক্ত কৰিব বিচাৰিছোঁ। বিভিন্নজনে  ব্যক্ত কৰাৰ দৰে অসমীয়া চলচিত্ৰৰ ইতিহাসৰ পথ পৰিক্ৰমাত এই চলচিত্ৰখনে বৰ বিশেষ কিবা স্বকীয় উপস্থিতি দাবী কৰিব পাৰিব বুলি মইও অনুভৱ নকৰোঁ।  কিন্তু চলচিত্ৰখনৰ কাহিনীৰ মাধ্যেমেৰে পৰিচালক আৰু চিত্ৰনাট্যকাৰে যি এক বাৰ্তা সমাজলৈ আগবঢ়াব বিচাৰিছে, সেয়া আজিৰ সামাজিক-ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতিত অন্য দহজন পৰিচালকে কৰিবলৈ সাহস কৰিব বুলি মই ব্যক্তিগতভাৱে ভাবিব পৰা নাইচোন।

চলচিত্ৰখনত আন নহ'লেও সাধাৰণ যেন লগা আমাৰ চৌপাশে ঘটি থকা বহু সামাজিক অন্যায়, চৰকাৰী আঁচনিৰ দুৰ্নীতি, চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ পঁয়ালগা অৱস্থাৰ কাৰক আৰু নেতা-পালিনেতাৰ দুৰ্নীতি তথা জনতাক টকাৰে কিনাৰ চেষ্টা আৰু এই সকলোৰে মাজত দুলি থকা সমাজৰ নিম্নমধ্যবিত্ত তথা দৰিদ্ৰ শ্ৰেণীৰ জীৱনচক্ৰক ২ ঘন্টীয়া কাহিনী এটাৰ মাজেৰে অতি শক্তিশালী ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে অসমীয়া গ্ৰাম্য সমাজৰ ৰীতি-নীতি আৰু বিশ্বাসকো চলচিত্ৰখনৰ ঠাই বিশেষে উপস্থাপন কৰিছে।

চিনেমাখনৰ সমগ্ৰ কাহিনীটোত আমাৰ সমাজত থকা নানান সমস্যাত পিষ্ট হোৱা, জীৱন-জীৱিকাৰ চিন্তাত নিৰুপায় অৱস্থাত পৰা তথা নিজৰ জীৱনচৰ্যাক উন্নত কৰা সপোন দেখা সাধাৰণ জনতাক বিশেষভাৱে চিনেমাৰ মূল চাৰিটা চৰিত্ৰৰ মাজেৰে অতি সাৱলীল ৰূপত প্ৰকাশ কৰাত পৰিচালক সফল হৈছে। এই চৰিত্ৰ চাৰিটাই পৰিস্থিতিৰ তাগিদাত পৰি কৰা অনৈতিক কামকো আপুনি চিনেমাখন উপভোগ কৰি থাকোতে সমৰ্থন কৰিবলৈ কোনোবাখিনিত বাধ্য হৈ পৰিব।

অসমীয়া চলচিত্ৰ উদ্যোগৰ বাবে আটাইতকৈ উৎসাহজনক বিষয়টো হ'ল - এই চলচিত্ৰখনত অভিনয় কৰা শিল্পীসকলৰ প্ৰসংগটো। আমি সততে দেখা পাওঁ যে গ্লেমাৰ থকা তথা সকলোৱে চিনি পোৱা অভিনয় শিল্পীৰ প্ৰতি থকা দৰ্শকৰ আগ্ৰহেহে বহু সময়ত দৰ্শকক চিত্ৰগৃহলৈ টানি নিয়ে। তাৰ বিপৰীতে' বিদুৰভাই' চলচিত্ৰখনত কেইজনমান নৱাগত অভিনয় শিল্পীয়ে মন-প্ৰাণ ঢালি কৰা অভিনয়ে দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে সকলোৰে অভিনয় চৰিত্ৰৰ সৈতে খাপ খাই পৰাত ই চলচিত্ৰখনৰ আন এক শক্তিশালী দিশ হৈ উঠিছে।

'বিদুৰভাই' নামটোৰ তাৎপৰ্যক লৈও সামাজিক মাধ্যমত প্ৰশ্ন উঠিছে। কিন্তু তাৎপৰ্য বিচাৰ নকৰাকৈও মোৰ দৃষ্টিৰে এই বিশেষ নামটোৱেও বহু দৰ্শকক চিত্ৰগৃহলৈ মাতি আনিছে।

শেষত ক'বলৈ মন গৈছে যে ২০২২ চনত' বুম্বা ৰাইড' নামৰ অসমীয়া-মিচিং দ্বিভাষিক চলচিত্ৰখনে দেশ-বিদেশত বহু পুৰস্কাৰ লাভ কৰাৰ পিছতো মাত্ৰ ১২-১৫ জন দৰ্শকেৰে আমি চিত্ৰগৃহত উপভোগ কৰিছিলোঁ। সমাজলৈ বিশেষ বাৰ্তা দিয়া এই চলচিত্ৰখন আপুনি উপভোগ নকৰিলে নাই কিন্তু' বিদুৰভাই' উপভোগ কৰি অভিনয়, সংলাপ, কেমেৰা কিম্বা সম্পাদনাত যে বিশেষ নিৰাশ নহয় সেয়া খাটাং।


**************

Monday, 24 June 2024

দেশৰ সাধাৰণ নিৰ্বাচন আৰু সাধাৰণ জনতা

 ভাৰতবৰ্ষৰ সাধাৰণ নিৰ্বাচন আৰু সাধাৰণ জনতাৰ হিচাব-নিকাচ

                                       


বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে পৰিগণিত ভাৰত বৰ্ষৰ বৰ্তমান কেন্দ্ৰত শাসনাধিস্থ চৰকাৰৰ কাৰ্যকাল শেষ হবলৈ লোৱাত নতুন চৰকাৰ গঠনৰ বাবে সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰা কাৰ্য ইতিমধ্যে সম্পন্ন হৈ গল। এতিয়া গতানুগতিতভাৱেই ৰাইজ সাজু নতুন চৰকাৰ গঠন কৰিবলৈ।সমান্তৰালভাৱে নিৰ্বাচনী অধিসূচনা জাৰী হোৱাৰ লগে লগে ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ দলৰ চৰকাৰ গঠনৰ বাবে সাজু হৈছে। টকা-সিকা-ছান্দাৰ জৰিয়তে বিভিন্ন ৰাজনৈতিক দলৰসমূহৰপৰা মনোনীত প্ৰাৰ্থীসকলক জয়ী কৰোৱাৰ উদ্দেশ্যে আৰম্ভ কৰা পৰম্পৰাগত ভাওনাখনৰো আঁৰ-কাপোৰ উঠাৰ লগে লগে ৰং বিৰঙী সাজ-সজ্জাৰে বহুৱাসকলৰ বহুৱালি আৰম্ভ  হৈ গৈছে দেশৰ প্ৰতিটো চুক-কোণত। দেশৰ সাধাৰণ ৰাইজৰ গৰিষ্ঠ সংখ্যকৰে ব্যক্তি স্বাৰ্থৰ প্ৰতি থকা আওকণীয়া মনোভাৱৰে পৰিণতিত বছৰ বছৰৰ ধৰি একেখন ভাওনাৰে পুনৰাবৃত্তি সম্ভৱ হৈ উঠিছে দেশৰ সৰ্বত্ৰতে। সম্প্ৰতি নিৰ্বাচনী ভাওনাৰ প্ৰেমত আকন্ঠ মজ্জিত ৰাইজক বহু কথা ব্ৰেকেটৰ ভিতৰত ৰাখি প্ৰকান্তৰে এই বিশেষ ভাওনাখনৰ ভাৱৰীয়া কেইজনৰো পাৰ্টকেইটা চিৰস্থায়ী কৰাৰ নতুন কৌশল অৱলম্বন কৰিছে ভাওনাৰ মূল আয়োজক পক্ষই। যদিওবা তেওঁলোকে সভাই সমতিয়ে ভাওনা আয়োজনৰ ১০০ শতাংশ কৃতিত্ব সাধাৰণ জনতাক দিবলৈকে প্ৰতি মুহূৰ্ততে উদ্বাউল হৈ থাকে!!

সময়ৰ অগ্ৰগতিত ভাৰতবৰ্ষৰ সাধাৰণ জনতা হিচাপে আপুনি-মই দিনক দিনে শিক্ষা ন ন আধুনিক সা-সুবিধা লাভ কৰা ফলশ্ৰুতিতে শিক্ষাৰ নতুন নতুন দিশত প্ৰসাৰ লাভ সম্ভৱ হৈ উঠিছে আৰু যাৰ বাবে চৰকাৰে প্ৰকাশ কৰা দেশৰ স্বাক্ষৰতাৰ শতকৰা হাৰত সংখ্যাৰ দিশেৰে প্ৰতি বছৰে আমাৰ দেশখন আগুৱাই গৈয়ে আছো। কিন্তু বহু দিশত এতিয়াও আমাৰ চিন্তাধাৰাৰ বৰ বিশেষ কিবা পৰিৱৰ্তন হোৱা বুলি আমি কব পৰা হোৱাগৈ নাই। নিৰ্বাচনৰ নামত আমি ভোটদানৰ অধিকাৰেৰে এখন সুস্থ-সৱল আৰু নিকা, কেৱল জনতাৰ স্বাৰ্থত কাম কৰা চৰকাৰ গঠনৰ বাবে নিজকে কিমান দূৰ সাজু কৰিব পাৰিছো আজিৰ সময়তো!! যি সময়ত কৃত্ৰিম বুদ্ধিমত্তাই ছেকেণ্ডতে আমি বিচৰা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বহু উদ্যোগৰ কাৰিকৰী কাম নিখুঁতভাৱে কৰা, আপোনাৰ-মোৰ বাহনখন চলোৱাৰ পৰা ঘৰুৱা কাম-কাজ কৰালৈকে জীৱন-যাপন প্ৰণালীৰ এশ-এবুৰি সমস্যাৰ সমাধান পলকতে কৰি আমাৰ জীৱন-যাত্ৰা সহজ কৰি তুলিছে, সেই সময়তো আমি প্ৰকৃতাৰ্থতে জনতাৰ সেৱা কৰিব বিচৰা ব্যক্তিসকলক ভোটদান কৰি জয়ী কৰাৰ দৰে এটা গুৰুত্বপূৰ্ণ কাৰ্যৰ বাবে আমাৰ মন-মগজুক সজাগ-সচেতন কৰি তুলিবলৈ সক্ষম হোৱা নাই। আনকি এতিয়াও আমাৰ দেশত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে নাগৰিক এজনৰ কোনো এক ধৰা-বন্ধা অৰ্হতাৰ প্ৰয়োজন নাই। যি সময়ত এইখন দেশত সাধাৰণ যিকোনো এটা চৰকাৰী বা বেচৰকাৰী চাকৰিৰ বাবে আবেদন কৰিবলৈকে আপুনি নিৰ্দিষ্ট কেইটামান শ্ৰেণীলৈকে শিক্ষা সাং কৰাকে আদি কৰি বাধ্যতামূলক নীতি-নিৰ্দেশনা থাকে সেই সময়ত জনতাৰ সেৱা তথা দেশৰ জনতাৰ বাবে গুৰুত্বপূৰ্ণ আইন প্ৰণয়ন আদি কাম-কাজত জড়িত ব্যক্তিসকলৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজনবোধ দেশৰ চৰকাৰী-বেচৰকাৰী সংস্থাসমূহে আজিকোপতি নকৰাতো, আনকি সংবিধানেও তেনে কোনো নীতি-নিৰ্দেশনা নিৰ্দিষ্ট কৰি নিদিয়া কথাটোৱেও আমাৰ মানসিক দৈন্যতাকে প্ৰকাশ কৰা যেন মোৰ বোধ হয়।

আমি তথাকথিত উচ্চশিক্ষিত জনা-বুজা আৰু চৰকাৰৰ কাম-কাজৰ প্ৰকৃত ছবিখনৰ মৰ্মাৰ্থ ভিতৰৰ পৰা প্ৰত্যক্ষ কৰাসকলে যিমানেই চৰকাৰ এখনৰ কাম-কাজত অসন্তুষ্ট নহও কিয়, গৰিষ্ঠ সংখ্যক নেতা-বিধায়কৰ দুৰ্নীতি-ব্যভিচাৰৰ প্ৰকৃত স্বৰূপ উদঙাই তেওঁলোকক সামাজিক মাধ্যমত তুচ্চ-তাচ্ছিল্য নকৰো কিয়, শেষত গৈ আজিও সাধাৰণ খাটি খোৱা জনতাৰ ভোটদানেই নিৰ্ণায়ক হিচাপে বিবেচিত হৈ আছে ভাৰতবৰ্ষৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত। সেয়েহে যিমান দিনলৈকে দেশত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা জনতা সংখ্যাগৰিষ্ঠ হৈ থাকিব আৰু শিক্ষাৰ মূল লক্ষ্য সামাজিক সজাগতা আৰু জনতাক নিজৰ আধিকাৰ আদায়ৰ প্ৰতি সচেষ্ট কৰাৰ বিপৰীতে কেৱল চাৰ্টিফিকেট আৰু ডিগ্ৰী প্ৰদান কৰাহে হৈ থাকিব, সিমান দিনলৈকে দেশৰ প্ৰকৃত উন্নয়ন অলীক কল্পনা হৈয়ে ৰব। এনে প্ৰেক্ষাপটত যিকোনো এখন চৰকাৰে উন্নয়নৰ ঢাক-ঢোল যিমানেই নবজাওক কিয় ভাৰতবৰ্ষই উন্নয়শীল দেশৰ শাৰীৰ পৰা এখোজো আগলৈ উধাব যে নোৱাৰে সেয়াও কিন্তু ধুৰূপ।


(২১ মাৰ্চ ২০২৪)

***********

Sunday, 5 May 2024

কথকতা জীৱনৰ...

 

কথকতা জীৱনৰ

 

সঁচাক মিছা বুলি আৰু মিছাক সঁচা বুলি কোৱাৰ ধাৰণাতো বহু পলমকৈ বুজিলোঁ..

পৰিৱেশ-পৰিস্থিতি কিম্বা পৰিয়াল-পৰিজনৰ সংস্পৰ্শতো এই কথাবোৰ কোনোদিনে নুবুজিলোঁ।

কিন্তু জনা আৰু বুজাৰ ইচ্ছা বা আগ্ৰহো কোনোদিনে নজন্মিব যে সেয়া বিশ্বাস আছে।

অন্ততঃ জীৱনৰ প্ৰয়োজনীয়তা পূৰাবলৈও কেতিয়া সঁচাক মিছা বা মিছাক সঁচা বুলি কবলগীয়া পৰিস্থিতি এটা সৃষ্টি হব বুলি মনে নকয়।

কিন্তু সম্প্ৰতি আমাৰ চৌপাশে যিকোনে ক্ষেত্ৰতে কাৰোবাৰ অনুগ্ৰহ প্ৰাৰ্থী হবলৈকে নতুবা কাৰোবাৰ পৰা প্ৰয়োজনীয়া সুবিধাখিনি সহজতে আদায় কৰাৰ খন্তেকীয় ব্যক্তিস্বাৰ্থত যেতিয়া কোনো এজন ব্যক্তিয়ে নৈতিকতাৰ চূড়ান্ত নিম্ন পৰ্যায়লৈ গতি কৰে, তেতিয়াই অনুভৱ হয় আমি মানুহ বুলি নিজকে চিনাকী দিয়াৰ শেষ দায়বদ্ধতাখিনিও হেৰুৱাই পেলোৱাৰ তিতা লগা বাস্তৱক। পিছে আপুনি কিম্বা মই এনেবোৰ বিষয় লৈ মন-মগজুত বৰকৈ জোৰ দিয়াৰ প্ৰয়োজনেই বা কত!

কাৰণ সম্প্ৰতি সুবিধাবাদ আৰু ভুৱা প্ৰশংসা তথা আভুৱা ভৰা বক্তৃতাৰ ফুলজাৰি মৰাতেই যে জীৱন উপভোগৰ প্ৰকৃত কলা-কুশলতাখিনি লুকাই আছে!

আপুনি-মই আন্তৰকিতাৰে তথা সততাৰে সমাজৰ বাবে কিবা এটা কৰক নতুবা আপুনি-মই মিলি দুবেলা দুমুঠিৰ যোগাৰ কৰা অনুষ্ঠানটোৰো যদি কিবা এটা ভাল কৰিবলৈ বিচাৰো তেন্তে প্ৰথমে সকলোৱে আদৰণি জনাব। বহু সময়ত প্ৰশংসাৰে আপোনাক উপচাইও পেলাব পাৰে। কিন্তু ইয়াত থকা প্ৰাথমিক চৰ্তটোৱেই হল যে আপুনি-মই কৰিব খোজা কামটোৰ বাবে যাতে সমাজৰ বৰমূৰীয়াসকল তথা মই জড়িত থকা অনুষ্ঠানটোৰ মূল ব্যক্তি দুজনমানৰ স্বাধীনচিতীয়া সজকৰ্ম তথা অপকৰ্মত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আৰু কিবা কাৰণ এওঁলোকৰ স্বাধীনচিতীয়া মনোবৃত্তিত অলপ আঁচোৰ পৰা যেন পালেই আপুনি-মই হৈ পৰো সমাজৰ একো একোটা অপকাৰী জীৱ। ফলত নিমিষতে ভাগি থান-বান হৈ যায় আপোনাৰ-মোৰ পৰিকল্পনাত গঢ় লৈ উঠা সৃষ্টি, স্থিতি আৰু ব্যাপ্তিৰ নতুন সৌধতো।

ব আৰু সাহিত্যৰ লালিত্য, কিম্বা ভাষাৰ মোহিনী বাণততো আপোনাৰ দৰে মোৰো পেট নভৰে। গতিকে নৈমিত্তিক দায়িত্ব আৰু নিত্য কৰ্মেৰে জীৱন যাত্ৰাত আগুৱাই যোৱাই সময় দাবী।

মানৱ জীৱনৰ আদৰ্শ হোৱা উচিত – নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ সঠিক পালনেৰে নিজৰ লগতে সমাজৰ দহজনৰ উপকাৰৰ বাবে কিবা এটা কৰি যোৱাতো। আৰু আনৰ বাবে একো কৰিব নোৱাৰিলেও অন্ততঃ কাৰোৰে অপকাৰ কেতিয়াও যাতে নহয়। মোৰ চৌপাশৰ সমাজখনত চলি থকা অন্যায়-অনীতি চকুৰ সন্মুখত দেখিলে এতিয়াও প্ৰতীবাদ কৰিছোঁ আৰু ভৱিষ্যতেও প্ৰয়োজনত এতিয়াতকৈ অধিক সবল আৰু শক্তিশালী ৰূপত প্ৰতিবাদ কৰি যাম।

জীৱনটো এবাৰেই পাইছো আৰু এয়া সম্পূৰ্ণৰূপে মোৰ ব্যক্তিগত সম্পত্তি। ইয়াক কেনেকৈ পৰিচালিত কৰিম আৰু লালিত-পালিত কৰি আগুৱাই লৈ যাম সেয়াও সম্পূৰ্ণৰূপে মোৰ ইচ্ছা আৰু মন-মগজুৰ ওপৰত নিৰ্ভৰশীল।

আশাবাদী মনে মাত্ৰ বাৰে বাৰে সোঁৱৰাই দিয়ে যে ৰাতিৰ শেষত যেনেকৈ সদায় দিনৰ পোহৰ উলাই ঠিক তেনেকৈ আমাৰ চৌপাশৰ অন্যায়-অনীতি-বিশৃংখলতা তথা ব্যভিচাৰো লোকচক্ষুৰ সন্মুখলৈ এদিন নহয় এদিন আহিবলৈ বাধ্য।


(৪ মে ২০২৪ – সৰভোগ)

**************

Monday, 1 April 2024

‘ইলেক্টৰেল বণ্ড’ৰ ইটো-সিটো

 ভাৰতবৰ্ষৰ ইলেক্টৰেল বণ্ডৰ ইটো-সিটো


 

ভাৰতবৰ্ষৰ ন্যায়পালিকাৰ সৰ্বোচ্চ সংস্থা উচ্চতম ন্যায়ালয়ৰ কিছু সজাগ-সতৰ্ক দৃষ্টি তথা ক্ষিপ্ৰ কৰ্ম পদ্ধতিৰ বাবে কেন্দ্ৰ চৰকাৰে ৰাজনৈতিক দলসমূহৰ সুবিধাৰ বাবে বিশেষভাৱে প্ৰৱৰ্তন কৰা এক প্ৰকাৰৰ চুৰি কাৰ্য দেশৰ জনতাৰ দৃষ্টিলৈ সৌ সিদিনা আহিছে। যিখন দেশত এজন সাধাৰণ চাকৰিয়ালে বছৰৰ প্ৰতিটো মাহত কৰা নিৰ্দিষ্ট পৰিশ্ৰমৰ বিনিময়ত লাভ কৰা নিজৰ মাহেকীয়া বেতনৰ প্ৰতিটো পইচাৰ হিচাব কেন্দ্ৰীয় চৰকাৰৰ আয়কৰ বিভাগক বছেৰেকৰ মূৰত দিব লাগে, সেইখন দেশতে ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে কোটি কোটি টকাৰ আয়কৰ ফাঁকি আজিও দি আছে। তাতোকৈ ডাঙৰ কথা এনে বৃহৎ উদ্যোগপতি তথা নামী-বেনামী ব্যৱসায়ৰ মালিকসকলে চৰকাৰৰ পৰা নিজৰ সুবিধাসমূহ আদায় কৰাৰ লগতে অবৈধ উপায়েৰে আহৰণ কৰা কলা টকাসমূহ নিকা কৰাৰ বাবে প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে চৰকাৰ গঠন কৰা ৰাজনৈতিক দলটোক বিশেষভাৱে আৰু লগতে দেশৰ অন্যান্য ৰাজনৈতিক দলসমূহক টকা-সিকা দান কৰাৰ উপায় উলিয়াই দিছে ভাৰতববৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে ২০১৮ চনৰপৰা। ইলেক্টৰেল বণ্ড নামৰ এই বিশেষ পদ্ধতিটোৰ জৰিয়তে দেশৰ যিকোনো এজন ব্যক্তিয়ে ১০০০ ৰ পৰা আৰম্ভ কৰি নিজে দিব পৰা পৰিমাণৰ বৈধ-অবৈধ টকা সম্পূৰ্ণ গোপনীয়ভাৱে ৰাজনৈতিক দলসমূহলৈ দান হিচাপে আগবঢ়োৱাৰ ব্যৱস্থাটোকে আমি সাধাৰণ ভাষাত দিন-ডকাইতি আখ্যা দিব পাৰো নিশ্চয়। কাৰণ যিখন দেশত সাধাৰণ চৰকাৰী চাকৰিয়ালৰ প্ৰতিজনৰে কষ্টোপাৰ্জিত ধনৰ প্ৰতিটো পইচাৰ হিচাপ দেশৰ আয়কৰ বিভাগে লয়, সেই একেখন দেশৰে ৰাজনৈতিক দলসমূহক দিয়া দানবোৰ আয়কৰৰ আওতাৰ পৰা বাহিৰত থকাৰ উপৰিও কি এনে বিশেষ কাৰণত গোপন কৰা হৈছে সাধাৰণ জনতাৰ পৰা! আনকি ন্যায়পালিকাৰ পৰাও বিষয়টো সম্পূ্ৰ্ণ আঁতৰাই ৰখাৰ অন্তৰালৰ কাৰণটো কি!!

আনকি এইখন ভাৰতবৰ্ষতে এজন সাধাৰণ মধ্যবিত্ত লোকে বেংকৰ পৰা লোৱা ঋণ বিশেষ অসুবিধাৰ বাবেও নিৰ্দষ্ট সময়ত পৰিশোধ কৰিব নোৱাৰিলে বেংকৰ বিষয়াই আহি ব্যক্তিজনৰ ঘৰ-মাটি আদি স্থাৱৰ সম্পত্তি পৰ্যন্ত বাজেয়াপ্ত কৰি লয়। অথচ একেখন দেশতে বৃহৎ পুঁজিপতিসকলে লাখ-লাখ কোটি টকা বেংকৰ পৰা ঋণ লৈ সময়ত ঘূৰাই দিয়াৰ সলনি এওঁলোকে দেশ এৰি বিদেশত স্থায়ীভাৱে আশ্ৰয় লৈছেগৈ। কিন্তু এইক্ষেত্ৰত বেংকতো বাদেই কেন্দ্ৰীয় চৰকাৰ তথা চৰকাৰৰ সংশ্লিষ্ট বিভাগে উপযুক্ত পদক্ষেপ লবলৈ সাহস নকৰাতোৱেই স্পষ্ট কৰে দেশৰ চৰকাৰ আৰু পুঁজিপতিৰ মাজত থকা গোপন বুজা-পৰা আৰু অদৃশ্য আত্মিক-সম্পৰ্কৰ প্ৰকৃত প্ৰতিচ্ছবিখন। যত দেশ সেৱাৰ নামত চৰকাৰে চলাই অবৈধ অৰ্থ সংগ্ৰহৰ এখন ৰমৰমীয়া বেপাৰ।

ইমানৰ পিছতো আপুনি মই কেনেকৈ আশা কৰিব পাৰোঁ যে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিলে বুলিয়েই ইলেক্টৰেল বণ্ডৰ দৰে এটা স্পৰ্শকাতৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰে নিজৰ ভুলৰ বিষয়ে বিতংকৈ বিৱৰি ৰাইজক অৱগত কৰিব!!বলৈ গলে লুকাই-চুৰকৈ ডকাইতি আৰম্ভ কৰি এতিয়া দিন ডকাইতিত নমা এটা পাকৈত চোৰৰ দলে যেনেকৈ স্বীকাৰ নিজকে আমিয়েই প্ৰকৃত চোৰ বুলি মানি লবলৈ টান পাই ঠিক তেনে এক দৃশ্যপটৰে যেন ৰূপান্তৰ ঘটিবলৈ লৈছে ভাৰত বৰিষত!! তাৰ সলনি আত্মসন্তুষ্টি লভাৰ সময় এয়া যে, আমি নহয় আমাতকৈ ডাঙৰ চোৰৰ গল এইখন দেশতে আছে, গতিকে আমিতো তেওঁলোকৰ তুলনাত ধোৱা তুলসীৰ পাত।

অতি সাধাৰণভাৱে বিশ্লেষণ কৰিলেও দেখা যায় যে ভাৰতবৰ্ষত বৰ্তমান মাহে ৪০-৫০ হেজাৰ টকাৰ বেতন লাভ কৰা চৰকাৰী কৰ্মচাৰী এজনে নিজৰ ২৫-৩০ বছৰীয়া চাকৰি কালত অতি বেছিতকৈও বেছি ৩ ৰ পৰা ৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হব বুলি আমি ধৰি লব পাৰোঁ। সেইখন ভাৰততে বৰ্তমান জনতাৰ মাজত চৰ্চাত থকা ইলেক্টৰেল বণ্ডৰ নামত ৩০ কোটিৰ পৰা আৰম্ভ কৰি ১০০০ কোটি টকাৰ ইলেক্টৰেল বণ্ড এটা মাত্ৰ কোম্পানীয়ে ক্ৰয় কৰা কথাটোৱেও কাকো বৰ বেছি চিন্তিত কৰিব পৰা নাই যেন লাগে! সমান্তৰালভাৱে এনে বণ্ড ক্ৰয় কৰা ঔষধ নিৰ্মাতা দেশীয়া প্ৰতিষ্ঠানসমূহৰ অংকটোলৈ গলেই বহু কথা স্পষ্ট হৈ পৰে। মানুহৰ জীৱন ৰক্ষা কৰা ঔষধ নিৰ্মাতা এই প্ৰতিষ্ঠানবোৰে কোটি কোটি টকাৰ বণ্ড কিনিছে তাত আমাৰ চিন্তা কৰিবলগীয়া বা কব লগীয়াও একো নাই। কিন্তু তেওঁলোকে প্ৰস্তুত কৰা ঔষধবোৰৰ যে বছৰৰ ভিতৰতে দুই-তিনিবাৰকৈ মূল্যবৃদ্ধি হৈছে আৰু এনে এটা গুৰুত্বপূৰ্ণ বিষয়ত কিয় চৰকাৰৰ বৰমূৰীয়াসকল তথা ইয়াৰ সৈতে জড়িত সংশ্লিষ্ট চৰকাৰী বিভাগসমূহৰ কোনো ধৰণৰ কাণসাৰ নাই!! বিষয়টো মোৰ বাবে বৰ আকৰ্ষণীয় হৈ পৰিছে এই বাবেই যে যিখন দেশত এসময়ত পেট্ৰল-ডিজেল আৰু ৰন্ধন গেছৰ মূ্ল্য কেইটকামান বৃদ্ধি হলেই সাধাৰণ নাগৰিকে বিক্ষোভ-আন্দোলন প্ৰদৰ্শন কৰিবলৈ ৰাজপথলৈ উলাই আহিছিল, সেইখন দেশতে বৰ্তমান ৰাজনৈতিক দলৰ পুঁজিলৈ বেংকৰ জৰিয়তে গোপনে বিভিন্ন কোম্পানীয়ে কোটি কোটি টকা দান-বৰঙণি যোগাইছে ইলেক্টৰেল বণ্ড নামৰ বক্ৰ পথ এটাৰে। আৰু এই বণ্ড কিনোতাসকলেই আকৌ সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাই তেওঁলোকৰ দান-বৰঙণিৰ টকাসমূহৰ সংগ্ৰহ কৰি আছে আপোনাৰ-মোৰ পৰাই নিজৰ ব্যৱসায়ৰ জৰিয়তে। বৰ্তমান আগৰ দ-বিছ টকাৰ মূল্যবৃদ্ধিয়েও ইতিহাসৰ পাতত অৱস্থান কৰি সাধাৰণ জনতাৰ বাবে বাট মুকলি কৰি দিছে পৰিৱৰ্তনৰ সন্মুখীন হবলৈকে। বৰ্তমান কোটিৰ ঘৰত এনেদৰে মুকলিকৈ লুট-পাট চলাৰ পিছতো কি চৰকাৰৰ আত্মীয় সংবাদ মাধ্যম, কি বঁটা-বাহনেৰে সন্মানিত সমাজৰ সচেতন গণ্য-মান্য ব্যক্তি, সমাজৰ তথাকথিত সচেতন সাহিত্যিক-শিল্পীৰ দল - সকলো মূকবধিৰ হৈ পৰিছে। আনকি অলপ-অচৰ এই বিষয়বোৰৰ গম ৰখা সৰ্বসাধাৰণ জনতাও সম্পূৰ্ণ মৌন হৈ পৰিছে সম্প্ৰতি।

হয়তো এনেকুৱাও হব পাৰে বৰ্তমানৰ পৰিৱৰ্তিত ভাৰতত আপোনাৰ- মোৰ অজ্ঞাতে একে ৰাতিতে সাধাৰণ জনতাৰ এশ-এবুৰি সমস্যাৰ সকলো সমস্যাই সমাধান হৈ গল! কাৰণ বৰ্তমান সমগ্ৰ ভাৰতত, পৌৰাণিক গ্ৰন্থত বৰ্ণিত সেই যে লৰালি কালৰ অবোধ দিনবোৰত আপোনাৰ মন নগলেও মোৰ কোনোবা মুহূৰ্তত খাবলৈ মন যোৱা কাল্পনিক দ্ৰব্য অমৃতৰ সৈতে সম্পৰ্কিত অমৃত কাল চলি আছে! নে কি কয় ৰাইজ!!!

 

************

Monday, 18 March 2024

ছপা সংবাদ-মাধ্যম আৰু বিজ্ঞাপনৰ অংক

 

 ছপা সংবাদ-মাধ্যম আৰু বিজ্ঞাপনৰ অংক


 

পুৱাৰ চাহ কাপ হাতত লৈ দৈনিক বাতৰি কাকত এখন মেলি দেশ-বিদেশৰ ন ন খবৰ-বাতৰিৰ লগতে আপোনাৰ আপোন চুবুৰীটোৰো খবৰ পঢ়ি থকা চিনাকী-অচিনাকী ছবিবোৰ অ'ত ত'ত দেখি তথা গল্প-উপন্যাসতো পঢ়াৰ পৰা এটা ধাৰণা সৰুতেই গঢ় লৈছিল যে এইদৰে পুৱাতে বাতৰি কাকতখন পঢ়িবলৈ পোৱাতো কম সৌভাগ্যৰ কথানে!! এনে সৌভাগ্য পঢ়া-শুনা কৰি থকা দিনবোৰত ঘৰত নহ'লেও পুৱাই হোষ্টেলৰ কৰিডৰত টনা-আঁজোৰা লগা বাতৰি কাকতখন পঢ়িবলৈ পাইছিলো শিক্ষা লাভৰ বাবে ঘৰৰ আঁতৰি আহিহে। কাৰণ মোৰ দৰে অসমৰ বহু ভিতৰুৱা অঞ্চলত দৈনিক বাতৰি কাকতখন ৰাতিপুৱাৰ সলনি পিছবেলা বা কেতিয়াবা পিছদিনাহে গৈ গ্ৰাহকৰ হাতত পৰিছিল গৈ। গতিকে সেই অঞ্চলবোৰত পুৱাৰ চাহৰ সৈতে বাতৰি কাকত পঢ়াতো এক প্ৰকাৰৰ চৌখিনতাই আছিল। তদুপৰি সামাজিক পাৰিপাৰ্শ্বিকতাৰ দৃষ্টিভংগীৰেও মোৰ শৈশৱ-কৈশোৰৰ সময়খিনিত অসমৰ গ্ৰামাঞ্চলৰ জনসাধাৰণৰ বাবে পুৱাৰ ঘৰুৱা কাম-কাজৰ ব্যস্ততাৰ মাজত বাতৰি কাকত পঢ়াৰ বাবে যে আজৰিৰ সময় আছিল সেয়াই বিশ্বাস কৰিবলৈ টান। শুই উঠিয়েই পুৰুষে পথাৰলৈ যোৱা নতুবা বাৰীৰ শাক-পাচলিৰ যত্ন লোৱা, গোহালিৰ গৰু কেইটাৰ গাখীৰ খিৰোৱাৰ পৰা পথাৰলৈ মেলি দি গোবৰ-জাবৰ পেলোৱা। আনহাতে মহিলাসকলে চোতাল-ঘৰ সৰা, ৰন্ধা-বঢ়া কৰা আৰু তাঁত-সূতত ব্যস্ত থকাৰ মাজত ৰাতিপুৱাই বাতৰি কাকতখনত চকু ফুৰাবলৈ যে হাতত সময়ৰ অভাৱ হৈছিল সেয়া খাতাং।

 

ধৰি লৈছো মোৰ অঞ্চলত হোৱাৰ দৰে ৰ্তমান সেই অসুবিধাবোৰ সমগ্ৰ অসমতে নোহোৱা হৈছে। কিন্তু যোগাযোগ মাধ্যমৰ খৰতকীয়া গতিত আগতে আপুনি পুৱাৰ বাতৰি কাকতত অধীৰ আগ্ৰহেৰে জানিবলৈ  অপেক্ষা কৰি থকা বাতৰিবোৰ আজিকালি ছপা হৈ প্ৰকাশ হোৱালৈকে পুৰণি হৈ পৰে। তাৰ ঠাইত বহু নতুন খবৰে পুৱাই ভীৰ কৰেহি জনতাৰ মন-মগজুত। যোগাযোগ মাধ্যমৰ দ্ৰুত বিকাশ আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰে আমাৰ বাবে খবৰ সংগ্ৰহৰ নানানটা উপায় হাততে পোৱা কৰি তুলিছে। ইমানৰ পিছতো কিন্তু সাধাৰণ জনতাই ছপা ৰূপত ওলোৱা বাতৰি কাকতখনৰ মোহ এৰা নাই আজিও। ছপা আখৰকেইটা পঢ়াৰ আমেজকণ আমাৰ বাবে আজিও আটাইতকৈ প্ৰিয় হৈ আছে। 


পিছে সাধাৰণ জনতাৰ প্ৰিয় এই ছপা সংবাদ মাধ্যমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় পৃষ্ঠাটোৱেই হল প্ৰথম পৃষ্ঠা। এই পৃষ্ঠাটোৰ শিৰোনামৰ বাবেই বহু সময়ত বাতৰি কাকত এখনে গ্ৰাহকক সন্তুষ্ট কৰাৰ লগতে সংবাদ জগতৰো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখা যায়। কিন্তু দৈনিক বাতৰি কাকতখনৰ এই প্ৰথম পৃষ্ঠাটোতে যেতিয়া বাতৰিৰ সলনি গোটেই পৃষ্ঠা আৱৰা এটা বিজ্ঞাপন প্ৰকাশিত হয় তেতিয়া নিয়মীয়া গ্ৰাহক এজনে কি কৰিব!! তাতে এনে বিজ্ঞাপন যেতিয়া সঘনাই প্ৰথম পৃষ্ঠাটোত প্ৰকাশ পাবলৈ ধৰে তেতিয়া গ্ৰাহকৰ অৱস্থা কেনে হ'ব ধাৰণা কৰাৰ দায়িত্ব আপোনালৈ এৰিলোঁ। দৈনিক নিৰ্দিষ্ট মূল্যৰ বিনিময়ত ক্ৰয় কৰি থকা এজন গ্ৰাহকৰ দৃষ্টিভংগীৰে এনে সময়ত বাতৰি কাকতখনক একেষাৰতে নিজে প্ৰস্তুত কৰা সামগ্ৰীৰ প্ৰচাৰৰ বাবে বৃহৎ কোম্পানীয়ে লোৱা ভিন্ন ব্যৱস্থা তথা নগৰ-চহৰত সৰু সুৰা বয়-বস্তুৰ বিজ্ঞাপনৰ বাবে বজাৰ অঞ্চলত বাটৰুৱাক বিলাই থকা ৰঙ-বিৰঙী কাগজবোৰৰ সৈতে একেশাৰীৰে যেন বোধ হয়।

ইয়াৰ পিছত যেতিয়া বাতৰি কাকতৰ সম্পাদক এজনে তেখেতৰ কাকতৰ প্ৰথম পৃষ্ঠাত বিজ্ঞাপন প্ৰকাশ কৰাৰ সপক্ষে যুক্তি দিবলৈ যায় আৰু এইক্ষেত্ৰত যুক্তিৰ খাতিৰত তেখেতে যুক্তি দিবলৈ যায় তেতিয়াই সংবাদপত্ৰৰ প্ৰতি বাছি থকা শেষ ভাৰসাখিনিও নোহোৱা হৈ পৰে। এনে বিয়াগোম সাংবাদিক তথা সম্পাদকসকলক অন্নদাতা সংবাদগোষ্ঠীৰ মালিকসকলক সুধিবলৈ মন যায় কিয় তেওঁলোকে প্ৰথম পৃ্ষ্ঠাটোকো কেইটমান টকাৰ বাবে বিক্ৰী কৰি দিয়ে বৃহৎ কৰ্পৰেট খণ্ড আৰু চৰকাৰৰ হাতত। বিশেষকৈ দেশত বা ৰাজ্যত নিৰ্বাচনৰ বতৰ আহিলেতো কথাই নাই। এনেবোৰ দিনত বিজ্ঞাপনৰ নামত সংবাদগোষ্ঠীৰ মালিকৰ লগতে সম্পাদক তথা সাংবাদিকসকলৰ একেবাৰে গাখীৰতে মহৰ খুঁটি হৈ পৰে। দেশৰ বিভিন্ন প্ৰান্তৰৰপৰা প্ৰকাশিত দুই এখন বাতৰি কাকতক বাদ দি গৰিষ্ঠসংখ্যক দৈনিক বাতৰি কাকতেই যেন এইকেইটা দিন কেৱল চৰকাৰী বিজ্ঞাপনৰ জৰিয়তে চৰকাৰৰ জয়গান গাবলৈকে প্ৰকাশ কৰা হয়।

 (৯ মাৰ্চ ২০২৪ – সৰভোগ)

****************