Saturday, 14 October 2023

উত্তৰ-আধুনিক অমৃত-মন্থন

উত্তৰ-আধুনিক অমৃত-মন্থন

 

ক+

'মৃত' ভাৰতীয় মহাকাব্যিক কাল্পনিকতাৰ সৈতে জড়িত এক অভিন্ন সত্তা। যাৰ ব্যৱহাৰেৰে মানুহৰ দৰে শাৰীৰিক দিশত সাদৃশ্য থকা দেৱতা নামৰ আন এক শ্ৰেণীৰ কাল্পনিক সৃষ্ট প্ৰাণীকো অমৰত্ব প্ৰদান কৰে বুলি ভাৰতীয় পৌৰাণিক গ্ৰন্থসমূহে বৰ্ণনা কৰিছে। কাৰণ দেৱতাৰ বাস্তৱিক স্থিতক লৈ কোনো ধৰণৰ তথ্য-প্ৰমাণৰ আধাৰ আজিকোপতি আমি পাব পৰাকৈ নাই। কিন্তু এই অমৃত সৃষ্ট কাল্পিনকতাই ভাৰতীয় জনমানসত এনে প্ৰভূত প্ৰভাৱ বিস্তাৰ কৰিছে যে আমি এই বৃত্তৰ বাহিৰলৈ উলোৱাৰ বাট বিচাৰি নোপোৱাৰ পৰিৱেশ এটা সুদূৰ অতীতে ৰচনা কৰি দিয়া হৈছিল। যাৰ ফলশ্ৰুতিত সেই পৰিৱেশৰ পৰোক্ষ-প্ৰত্যক্ষ প্ৰভাৱৰ ফল আজিও ভাৰতীয় সমাজত বিদ্যমান হৈ থকা দৃষ্টিগোচৰ হয়।

সেই পৰিৱেশৰে সুযোগ লৈ একেই কাল্পনিকতাকৰ সহায় লোৱা হৈছে বৰ্তমান ভাৰতবৰ্ষৰ সাধাৰণ জনতাক পাকে প্ৰকাৰে আভুঁৱা ভাৰি ৰাইজক দিগভ্ৰান্ত কৰিবলৈকে নে!! দেশৰ শাসনাধিষ্ঠ চৰকাৰখনে 'অমৃত' শব্দৰ সংযোগেৰে বিভিন্ন আঁচনি জনতাৰ সৰ্বাঙ্গীণ উন্নয়নৰ জৰিয়তে দেশৰ বিকাশৰ বাবেই গ্ৰহণ কৰিছে, সেয়া আমাৰ দৰে বহু সাধাৰণ নৰ-মনিচৰ বাবে অবুজ সাঁথৰ হৈয়ে ৰৈছে আজিকোপতি। কাৰণ এনে বহুবোৰ আঁচনিৰ ফোঁপোলা স্বৰূপ সাধাৰণ জনতাৰ চকুত সততে দৃষ্টিগোচৰ হোৱাতো বৰ্তমান স্বাভাৱিক পৰিঘটনা হৈ পৰিছে।

 

খ+

সম মুলুকত 'অমৃত বৃক্ষ আন্দোলন' নামেৰে এক বিশ্বাভিলেখ সৃষ্টিকাৰী আঁচনিৰ প্ৰথম পৰ্যায় ৰূপায়ন হৈ গ'ল যোৱা ১৭ ছেপ্টেম্বৰ ২০২৩ তাৰিখে। উদ্দেশ্য বিশ্বত আমি নিজে সৃষ্টি কৰা গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰা হাত সৰাৰ বাবে আমিও সমানে হাত আগবঢ়োৱা কিন্তু সাধাৰণ গছপুলিৰ সলনি ব্যৱসায়ীক ভিত্তিত বিক্ৰী কৰিব পৰা গছপুলি ৰূপণেৰে স্বাৱলম্বী হোৱাতো। কথাবোৰৰ প্ৰসাংগিকতা আৰু কাৰ্যকাৰিতাক লৈ থকা সামাহীন প্ৰশ্নক একাষৰীয়া কৰি ভাদ মহীয়া প্ৰখৰ ৰ'দকো নেওচি ৰাজ্যবাসীয়ে চৰকাৰ বাহাদুৰৰ পৰামৰ্শ মানি সমগ্ৰ ৰাজ্যতে কোটিৰ ঘৰত গছপুলি ৰূপণ কৰিলে।

গছপুলি ৰোঁৱাৰ উপযুক্ত সময় নোহোৱাৰ পাছতো কামটো সম্পূৰ্ণ হৈ গল যেতিয়া এই গছপুলিৰ কিমানটা পূৰ্ণ পৰ্যায়ৰ গছৰ আকাৰ পাব সেয়াহে বৰ্তমান আমাৰ বিচাৰ্যৰ বিষয়। তাতে এনেদৰে ৰুবলৈ চৰকাৰৰ ফালৰপৰা যোগান ধৰা বহু গছপুলিও আকৌ পুলিৰ নামত গছৰ ডাল এটা এনেয়ে কাটি পলিথিনিৰ পেকেটত ভৰাই থোৱা মাটিত গুঁজি থোৱাও দৃষ্টিগোচৰ হৈছে। এয়াই আধুনিক সময়ৰ অসম মুলুকত সংঘটিত অমৃত বৃক্ষ আন্দোলনৰ এক ক্ষুদ্ৰ আৰ্হি!!

আনহাতে এই আন্দোলন সমাপণৰ পাছদিনাই বহু গছপুলি গৰু, ছাগলী আদি তৃণভোজী প্ৰাণীৰ আহাৰ হোৱাৰ বাতৰিও বিভিন্ন মাধ্যমেৰে প্ৰচাৰিত হৈছে। কিন্তু এইবোৰলৈ কাণষাৰ দিবলৈ সময় আৰু আহৰিয়েই বা কাৰ হাতত আছে!! চৰকাৰ তথা প্ৰশাসন আৰু বৰমূৰীয়াসকলক সন্তুষ্ট কৰাৰ উদ্দেশ্যেৰে নোৱাৰাত পৰি কৰা কামটো কৰি উঠিয়েই প্ৰায় সকলোৱেই পিঠি দিয়াতো অসম মুলুকৰ এক এৰাব নোৱাৰা বিশেষ বৈশিষ্ট্য। তাতে এই গুণটো বেছিকৈ স্পষ্ট হৈ উঠে ৰাজহুৱা তথা সমাজিক কাম-কাজবোৰৰ ক্ষেত্ৰত। ব্যক্তিগত কৰ্মৰ ক্ষেত্ৰত একা কথাটো সম্পূৰ্ণ বিপৰীত হোৱাতোও কিন্তু বিশ্লেষণযোগ্য!!


(সৰভোগ/৫ অক্টোবৰ ২০২৩)

***************