ইতিহাসে এটা কথা আমাক সদায় কৈ আহিছে যে, আজিৰ অসমীয়া সমাজখন গঢ়ি উঠাত মূখ্য ভূমিকা লৈছিল এসময়ত অষ্ট্ৰিক, দ্ৰাবিড় আৰু মংগোলীয় জাতিৰ লোকসকলে। এইসকল লোক যাক আমি খিলঞ্জীয়া বাসিন্দা বুলি অভিহিত কৰি আহিছো, তেওঁলোকৰ সমন্বয় আৰু সংঘাতৰ মাজেৰেই গঢ় লৈ উঠিছিল এটা উমৈহতীয়া ভাষা আৰু এখন উমৈহতীয়া সমাজ। যাক আজি অসমীয়া নামেৰে জগতে জানিবলৈ সক্ষম হৈছে। কিন্তু সময় আগবঢ়াৰ লগে লগে ক্ৰমান্বয়ে প্ৰব্ৰজিত হোৱা কলিতা-ব্ৰাহ্মণ-মুছলমানসকলে নিজা নিজা ধৰ্মীয়-সাংস্কৃতিক-সামাজিক বিশ্বাসেৰে এই সমাজত মিলিবলৈ চেষ্টা কৰিছিল বা কৰিবলৈ বাধ্য হৈছিল। তাৰ মাজতে ‘আৰ্যসকল শ্ৰেষ্ঠ’ এই ধাৰণা প্ৰতিষ্ঠা কৰিবলৈ গৈয়েই ক্ৰমে ক্ৰমে গঢ় লৈ উঠা সমন্বয়ৰ সমাজখনত সংঘাত সৃষ্টি কৰা হল। এই সংঘাত সৃষ্টি কিন্তু নিজ স্বাৰ্থ সিদ্ধিৰ বাবে জানি-বুজিয়েই কৰা হৈছিল যে তাত বৰ্তমান কাৰো দ্বিমত নাই।
লাহে লাহে এই সমাজখনলৈ কৰ্ম-সংস্থাপন তথা ব্যৱসায়ীক সূত্ৰেও প্ৰব্ৰজিত হ'ল বিভিন্ন সময়ত বিভিন্ন জাতি, বৰ্ণ আৰু ধৰ্মৰ লোকৰ। যিসকলে এটা সময়ত সমাজখনৰ সৈতে সংপিক্ত হবলৈ আৰম্ভ কৰিও যেন এইখন সমাজৰ অভিন্ন অংগ হবলৈ অস্বীকাৰ কৰিলে। অসমীয়া সমাজতে লালিত-পালিত হৈও এইসকল লোকৰ যিসকলে কেইবাপুৰুষৰপৰা ইয়াতে স্থায়ীভাৱে বসবাস কৰি আহিছে – তেওঁলোকো কিন্তু সমাজখনৰ সৈতে এক হৈ যাব নোৱাৰিলে আজিকোপতি। এওঁলোকৰ মাজৰে আঙুলিৰ মূৰত গণিব পৰা দুই-চাৰিজনৰ বাদে বাকীসকলে অসমীয়া সমাজ-সংস্কৃতিক নিজৰ কৰি লবলৈ সন্মত নহ'ল। তেওঁলোকো যেন অসমীয়া সমাজৰ সমন্বয়ত ভাঙোন অনাৰ পৰোক্ষভাৱে সহায়ক হৈ উঠিল!!
সময় আগবাঢ়িল... কিন্তু এই সামাজিক সমন্বয় বাঢ়ক চাৰি সংঘাতহে বাঢ়িবলৈ ধৰিলে সকলোফালে। অসমীয়া সামাজিক-সাংস্কৃতিক জীৱনত আৰম্ভ হোৱা আন্দোলনমুখীতাই যেন এই সংঘাতক অন্যফালে গতি কৰালে.. আজিৰ সময়ত থিয় দি সমন্বয়ৰ অৰ্থ কেৱল যেন অভিধান, বিভিন্নজনৰ বক্তৃতা কিম্বা কিতাপৰ লেখনিৰ মাজতহে আমি বিচাৰি পাওঁ।
আমি আজিৰ প্ৰেক্ষাপটতে হওঁক বা চুকাফাৰ সময়ৰ খণ্ডিক অসমৰ প্ৰসংগলৈকে নাযাওঁ কিয়, এটা কথা দেখা পাওঁ যে সমাজ কাৰো ব্যক্তিগত অধিকাৰৰ অহিলা নহয়। এই সত্য অনুধাৱনেৰে আমি ‘আজিৰ অসমীয়া সমাজখন’ত বাচি থকাসকলে একগোট হৈ সমাজখনক সংঘাত নহয় সমন্বয়ৰ আদৰ্শেৰে ধৰি ৰখাৰ উপযুক্ত পথৰ সন্ধান কৰাহে সময়োপযোগী হিচাপে বিবেচিত হ’ব যেন মনে ধৰে।
(৯ মে' ২০১৯/নগাঁও)
.jpg)