হত্যা-হিংসা আদিৰ পৰা আঁতৰি যুক্তিবাদ আৰু মানৱতাবাদৰ সহাৱস্থানেৰে এখন শান্তিৰ পৃথিৱীৰ বাসিন্দা হোৱাৰ মন
Tuesday, 24 November 2020
তৰুণ গগৈ দেৱৰ মৃত্যুত
Monday, 5 October 2020
উত্তৰ প্ৰদেশৰ হাথ্ৰছ কাণ্ডৰ পৰৱৰ্তী চিন্তা
Saturday, 3 October 2020
গান্ধী জয়ন্তীৰ ভাৱনা
Thursday, 24 September 2020
ফিয়োদৰ দষ্টয়ভস্কি
ফিয়োদৰ দষ্টয়ভস্কি (Fyodor Dostoevsky) ৰুচ দেশৰ এজন অন্যতম শ্ৰেষ্ঠ
ঔপন্যাসিক। তেওঁৰ জন্ম হয় ১৮২১ চনত। পিতৃ আছিল মস্কোৰ পৌৰ চিকিৎসালয়ৰ এজন চিকিৎসক।
চিকিৎসক যদিও তেখেত অসৎ চৰিত্ৰৰ লোক হোৱা বাবে গাঁৱৰ প্ৰায় সকলো মানুহৰ লগতে
দষ্টয়ভস্কিয়ে নিজেও দেউতাকৰ মৃত্যু কামনা কৰিছিল। অৱশেষত গাঁৱৰ খেতিয়কসকলে তেওঁৰ
পিতাকক হত্যা কৰিছিল। এই হত্যাই দষ্টয়ভস্কিৰ মনত এক পাপবোধৰ জন্ম দিলে।
১৯৪৩ চনত তেওঁ ইঞ্জিনিয়াৰিং পৰীক্ষাত উত্তীৰ্ণ হৈ কামত যোগ দিয়ে। কিন্তু
কিছুদিনৰ পাছত লিখক হিচাপে নিজকে গঢ়ি তোলাৰ সংকল্প লৈ চাকৰিৰ পৰা ইস্তাফা দিয়ে।
চাকৰি এৰাৰ বাবে আৰ্থিক অনাটনত তেওঁ জুৰুলা হৈছিল আৰু এই অভিজ্ঞতাই তেওঁৰ উপন্যাসত
এটা সঁচা কাহিনীৰ ৰূপ পাইছিল। নিজৰ জীৱনৰ এই অভাৱ আৰু দুখ-কষ্ট তেওঁৰ Crime and Punishment শীৰ্ষক উপন্যাসত প্ৰকাশ পাইছিল।
প্ৰথমা পত্নীৰ মৃত্যুৰ পাছত দষ্টয়ভস্কিয়ে প্ৰেমৰ এক খেয়ালি জীৱন যাপন কৰে।
নাৰীৰ প্ৰেম আৰু জুৱাৰ আড্ডাত মত্ত হৈ তেওঁ নিঃসম্বল হৈ পৰিছিল। ব্যক্তিগত জীৱনৰ
অভিজ্ঞতাৰ লগতে সাহিত্য অধ্যয়নৰ অভিজ্ঞতাই তেওঁৰ সাহিত্যিক জীৱনৰ ভেঁটি সুদৃঢ় কৰি
তুলিছিল। তেওঁৰ বিশ্ববিখ্যাত উপন্যাস Crime and Punishment ত নিপীড়িত মানৱাত্মাৰ এক
চিৰন্তন ৰূপ ফুটি উলাইছে। আৰ্থিক অৱস্থা আৰু অপৰাধবোধৰ মানসিকতা সমন্ধে লাভ কৰা
অভিজ্ঞতাৰ ভেঁটিতেই তেওঁ লিখি উলিয়াইছিল এই অমৰ উপন্যাসখন। ইয়াৰ উপৰিও The Gambler, The Ediot আদি উপন্যাসসমূহেও কাহিনীৰ
বিচিত্ৰতাৰ বাবে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। নিপীড়িণ আৰু বাহ্যিক দুখ-বেদনা আৰু
কেতিয়াবা অন্তঃদ্বন্দই তেওঁৰ চৰিত্ৰবোৰক এক সুকীয়া ক্ষেত্ৰ প্ৰদান কৰিছিল। কিন্তু
তেওঁৰ লিখাৰ সাৰ্থকতা ইয়াতেই যে তেওঁৰ উপন্যাসৰ চৰিত্ৰৰ দুখ-বেদনাই সাৰ্বজনীন
আবেদন লৈ সকলো মানুহৰ সন্মুখত উপস্থিত হয়। সেয়ে তেওঁৰ ৰচনাৱলীক সময়ৰ আচোঁৰে মলিন
কৰিব পৰা নাই। বৃহৎ নগৰৰ মদৰ আড্ডা, কফিন সদৃশ কমদামী হোটেলৰ কোঠাৰ পৰা আৰম্ভ কৰি নগৰৰ সকলো শ্ৰেণীৰ মানুহ,
যেনে – দোকানী, কেৰাণী, ছাত্ৰ,
বেশ্যা, মগনীয়াৰ, বলীয়া
-এই সকলোবোৰৰ বাস্তৱ চিত্ৰ তেওঁ অংকন কৰিছে।
(৩০ অক্টোবৰ ২০০৬)
**********
Saturday, 12 September 2020
আমাৰ গাঁও (আনন্দ চন্দ্র আগৰৱালা)
শুৱনি আমাৰ ধাননি পথাৰ
ধানেৰে উপচি পৰে;
শুৱনি নদীৰ পানী ভৰা ঘাট,
মুদৈয়ে বেপাৰ কৰে।
চালত কোমোৰা, লাও, জিকা, ভোল,
ভঁৰালত জহা ধান;
গোহালিত গৰু পুখুৰীত মাছ,
বাৰীত তামোল পাণ।
গছৰ ডালত শুৱনি চৰায়ে,
শুৱনি সংগীত গায়;
শাকনিত শাক, ফুলনিত ফুল,
দেখিলে হিয়া জুৰায়।
ঘৰে ঘৰে ৰং ধেমালিৰ হাট
ঘৰে ঘৰে হাঁহি মুখ;
ঘৰে ঘৰে ভাল চেনেহা-চেনেহী,
ঘৰে ঘৰে দেখো সুখ।
ভাওনা সবাহ গীত ভাল পোৱা,
মধুৰ মুৰুলী তান;
দহোটাৰ কাম একেজনে কৰা
চহাৰ সৰল প্ৰাণ।
Thursday, 9 July 2020
ক'ভিড ১৯ আৰু অসমৰ বানপানী প্ৰসংগ
Monday, 11 May 2020
মহামাৰীৰ ভাৱনা
মহামাৰী ক'ভিড-১৯ৰ বিভীষিকাৰ সময়ত দেশৰ চিকিৎসাকৰ্মী আৰু জনতাৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় উপযুক্ত ব্যৱস্থাখিনি আজিলৈকে হোৱাগৈ নাই.. কৰ্তৃপক্ষক প্ৰশ্ন কৰিবলৈ ভয় আমাৰ!!
চিকিৎসাৰ সৈতে জড়িত ব্যক্তিসকলক শুভেচ্ছা জনাবলৈ সাধাৰণ ৰাইজক হাত চাপৰি, কাঁহী-বাটি, ঘন্টা বজাবলৈ বা মমবাতি জ্বলোৱাৰ পৰামৰ্শ দিছে আৰু আমি মানিছো.. লগতে আমাৰ মাজৰে দুজনমানে উৎসৱকে পালন কৰি দিছো অতিমাত্ৰা উৎসাহত!!পিছে চৰকাৰে চিকিৎসা সেৱাৰ কৰ্মীসকলক বায়ুসেনাৰ বিমানেৰে পুষ্পবৃষ্টি কৰা দেখি আমি যিসকলে সন্তুষ্ট হোৱা নাই সেয়া আমাৰেই দোষ!! কাৰণ চিকিৎসাকৰ্মীৰ সুৰক্ষা আৰু জনতাৰ সুৰক্ষাতকৈ ঢাক-ঢোল পিতি নিজকে আনৰ আগত জাহিৰ কৰাতোহে আচল কথা!!
দেশৰ বিভিন্ন স্থানত কপালৰ ঘাম মাটিত পেলাই দুবেলা দুমুঠি যোগাৰ কৰাৰ লগতে নিজৰ পৰিয়ালটোক পোহ-পাল দিয়া শ্ৰমিকসকল উপায়ন্তৰ ঘৰমুৱা হোৱা সময়ত কোনোবাই ৰেল, বাছৰ খুন্দাত আৰু কোনোবাই অনাহাৰে মৃত্যুক আকোঁৱালি লৈছে.. তালৈ আমাৰ ভ্ৰূক্ষেপ নাই.. সময় যেন নাই সহমৰ্মিতা প্ৰকাশ কৰিবলৈও.. কাৰণ আমাৰ নিজৰ জীৱন বচোৱাতোহে এতিয়া আচল লক্ষ্য!!
কিন্তু বিদেশত বন্দী হৈ থকা দেশবাসীসকলক দেশলৈ আকাশমাৰ্গেৰে বা সাগৰীয় পথেৰে অনাৰ ব্যৱস্থা কৰা হৈছে.. তাকে দহজনৰ আগত কৈ দেশৰ গুণ-গৰিমাই যদি নাগালোঁ আমাৰ দেশপ্ৰেম ক'ত!! শ্ৰমিক মৰিছে মৰক.. তাতে আপোনাৰ মোৰ কি আহে যায়..আমি যে স্থিতপ্ৰজ্ঞ নিজৰ মতত..
#গান্ধী_পুতলাৰ দৰে আমি এই পৰিস্থিতিত মাত্ৰ
#বেয়া নাচাওঁ
#বেয়া নকওঁ
#বেয়া নুুুুুুুশুনোঁ
মনৰ মাজত অযুত প্ৰশ্ন.. কিন্তু প্ৰশ্ন কৰিম কাক আমি.. ভুল যে আমাৰেই..আপোন জন্মভূমিখনৰ প্ৰকৃত ছবি আমি দেখি-শুনি, জানি বুজিও যে বুজিবলৈ অক্ষম হৈ পৰো কাৰোবাৰ ভাষণৰ ফুলজাৰিত..
(ধেমাজি, মাছখোৱা/১১.০৫.২০২০)
Saturday, 9 May 2020
সাময়িকী -১
Wednesday, 6 May 2020
শ্ৰমিক দিৱসৰ ভাৱনা
মন যায় দেশৰ আৰ্তজনৰ দুখৰ সমভাগী হ'বলৈ..
পাৰিলে এমুঠি অন্নৰে যোগান ধৰিবলৈ সকলোকে..
মাৰ্ক্সে কোৱা সৰ্বহাৰাৰ মুক্তি আজিও কিয় সম্ভৱ হোৱা নাই.. যদিওবা পুঁজিবাদী বিশ্বত মাৰ্ক্সক অপ্ৰাসংগিক কৰাৰ প্ৰচেষ্টা সদায় বৰ্তমান..
কিয় মাৰ্ক্স, লেনিন, মাও জে দং কিম্বা ফিডেল কাষ্ট্ৰ'ৰ প্ৰাসংগিকতাই বাৰে বাৰে ভীৰ কৰেহি আধুনিক বিশ্বৰ জনমানসত..
কিয় আজিৰ সময়তো মে' দিৱস বা শ্ৰমিক দিৱসৰ দৰে দিনবোৰৰ তাৎপর্য কেৱল কেলেণ্ডাৰত ৰঙীণ হৈ থকা এটা তাৰিখতে সীমাবদ্ধ হৈ ৰৈ গৈছে আজিও!!
আধুনিক বিশ্বত শ্ৰমিকৰ সুবিধা-অসুবিধাৰ স্বাৰ্থতে হোৱা অসংখ্য আইন-কানুনৰ নিয়মেও কিয় শ্ৰমিকক আজিও সমাজৰ একেবাৰে নিম্ন পৰ্যায়ত ৰাখিছে..
সেয়েহে মন যায় বিপ্লৱৰ পথ ল'বলৈ..সমাজত সমতা আনিবলৈ..
সৰ্বহাৰা, পুঁজিবাদ আদিৰ সংজ্ঞা নোহোৱা কৰি এখন সমতাৰ ভিত্তিত বৰ্তি থকা সমাজ গঢ়িবলৈ..
কোনো ৰোমান্টিক কল্পনাৰ মাজত বিচৰণ কৰা বিপ্লৱলৈ মোৰ আকৰ্ষণ নাই..
বিপ্লৱ হ'ব লাগে মোৰ আপোন ঘৰখনৰ পৰা..
মোৰ চুবুৰীটোৰ পৰা নতুবা আপোন গাঁওখনৰ পৰা..
পিছে সাম্প্ৰতিক পৰিস্থিতিলৈ চকু দিলে নিজৰেচোন অৱস্থা কাহিল হ'বলৈ বেছি পৰ নাই.. তাৰ পিছতনো কেনেকৈ আওৰাম মাৰ্ক্সৰ দৰ্শন কিম্বা মাৰ্ক্সৰ ভবিষ্যৎ সম্পৰ্কীয় সত্য আৰু শুদ্ধ সিদ্ধান্তবোৰ..
বেমেজালিৰ আৰম্ভণি নিজৰ পৰাই হয় সদায়.. কিন্তু দোষ আমি সদায় আনলৈহে ঠেলি দিয়াৰ চিৰন্তন অভ্যাসটোনো কেনেকৈ এৰো হঠাতে!!
(১ মে' ২০২০/গোলাঘাট)
Monday, 27 April 2020
মহামাৰী আৰু বন্ধৰ অসংলগ্ন ভাৱনা
Sunday, 19 April 2020
গৰু বিহু আৰু ১০১ বিধ শাক..
Friday, 14 February 2020
ৰেল যাত্ৰাৰ অসংলগ্ন কথকতা
(ক)
জীৱনে আনি ক'ৰ পৰা ক'ত পোৱাইহি গমকে ধৰিব নোৱাৰি.. সংস্থাপনৰ তাগিদাই বহু কথা বুজিও যেন মোক বুজিবলৈ নিদিয়ে.. মোৰ ক্ষেত্ৰতে এনে হয়নে অন্য দহজনৰ ক্ষেত্ৰতো হয় হঠাতে কৈ দিব নোৱাৰিম.. তথাপি স্বচক্ষে দেখাৰ পৰা অনুভৱ হয় এনে সমস্যাত আধুনিক সভ্যতাৰ চাকৰিজীৱি শ্ৰেণীৰ মাজৰ সৰহ সংখ্যকেই আক্ৰান্ত..
(খ)
এজন ভাৰতীয় নাগৰিক হিচাপে ভাৰতীয়ৰ গড় আয়ুসৰ আধা বয়স পাৰ কৰিলোঁ এতিয়ালৈ.. পিছে জীৱনক উদযাপন কৰাতো দূৰৰে কথা আপোনজনৰ সৈতে শান্তিৰে ভালদৰে দুআষাৰ কথা পাতিবলৈকে সময়ৰ অভাৱ.. ঘৰখনত এসাঁজ লগে ভাগে খোৱাটোও লাহে লাহে বৰ কঠিন হৈ পৰিছে.. সমস্যাটা নিজে সৃষ্ট নে সৃষ্টি কৰি লৈছো, তাৰ উত্তৰো মোৰ হাতত নাই.. প্ৰশ্নটো নিজক কৰিলে বহু নতুন প্ৰশ্নই বেঢ়ি ধৰেহি মোক..সখাই কোৱাৰ দৰে সচাঁই "উত্তৰ আধুনিক সমস্যাত আক্ৰান্ত" আমিবোৰ.. তথাপিও জীৱনৰ স্বাভাবিক গতি কেতিয়াও স্থবিৰ নহয় আমাৰ.. বাৰে বাৰে সমস্যাৰ মাজৰ পৰা মূৰ দাঙি উঠি জীৱনৰ নতুন লক্ষ্য উদ্দেশ্য ঠিক কৰি লৈছো আমি প্ৰত্যেকেই নিজা ধৰণেৰে.. যেন ফিনিক্স পক্ষীৰ বাটেৰে বাট বুলিছো আমি..
(গ)
আধুনিক পৃথিৱীৰ সুসভ্য মানুহ বুলি পৰিচয় দিওঁ ব্যক্তি স্বাৰ্থৰ মেটমৰা বোজা দাঙি আমি ক্ৰমে পাহৰি পেলাইছো সামাজিক দায়বদ্ধতা.. নিতৌ জলাঞ্জলি দিছো সমাজ পাতি বাস কৰাৰ ফলশ্ৰুতিত আমাৰ মাজত গঢ় লোৱা ইতিবাচক সমাজিক নিয়ম নীতিবোৰ.. পৰিৱৰ্তে ধ্বংসমুখী নিয়ম নীতিবোৰ আকোঁৱালি লৈছো নিৰ্বিবাদে.. আধুনিক পৃথিৱীৰ বাসিন্দা আমিবোৰে অৰ্থ আৰু ভোগ-ঐশ্বৰ্যৰ পিছত দৌৰি থাকোতে ক্ৰমে ক্ৰমে পৰ্যবসিত হৈছো তেজ-মঙহৰে গঢ়া একো একোটা ৰবটলৈ.. হাঁহি আৰু কান্দোনৰ সংজ্ঞা যেন আধুনিক পৃথিৱীৰ সভ্য মানুহৰ বাবে নতুনকৈ নিৰ্ধাৰণ কৰা হৈছে..
(#লাচিত এক্সপেছ ট্ৰেইনেৰে ৰঙিয়াৰ পৰা ধেমাজিলৈ কৰা ঘৰমুৱা যাত্ৰা/১৪ ফেব্ৰুৱাৰী ২০২০)





.jpg)


