টেটোন - তামুলি
পদ্মনাথ গোহাঞি
বৰুৱা
প্ৰথম প্ৰকাশ – ১৯০৯
ইউনিক’ড ৰূপান্তৰ – যাদবেন্দ্ৰ বৰা
(১৭ নবেন্বৰ ২০১৩)
চৰিত্ৰ
পুৰুষ
টোটোন
ধনাই
মনাই
গৃহস্থ
হালোৱা
ৰজা
ফুকন
হাটৰুৱা আদি
স্ত্ৰী
চম্পাৱতী
ৰংদৈ
পোহাৰী
গঞানী আদি
টেটোন - তামুলি
আদিছোৱা
প্ৰথম অঙ্ক
প্ৰথম পট
মইনাৰ পদূলি
টেটোন : (অকলশৰে
ইফালে-সফাললৈ টহলি) আহক বাইটি মাছৰ পৰা আজি। মই,
বাপেকে এইখিনিতে
খালৈৰপৰা পোনেই বৰকাৱৈ এটা আৰু মৰঠি-পুঠি এজনী লৈ বেলেগে খৰিকাত দিমগৈ। বোপাই পথাৰৰপৰা আহি নৌ পাওঁতেই, বাপেকে, খৰিকা-দিয়া পেট পাবগৈ। আকৌ, আইৰ পৰাও আঞ্জাত দিয়াৰো ভাগ ল’ম লহয়, মই বাপেকে। আহক আজি; জাকৈয়া নাহে মানে মানে ময়ো পদূলিৰমূৰৰ পৰা নাঁতৰো নহয়। (অলপ পৰ টলকা মাৰি লৈ) অ’, ভাল মনত পৰিছে। আজি ভিনিহিকো মাতি পঠিয়াইছে নহয়। সেইটো আহি পালে, আমাৰ কাৱৈ মাছৰ মূৰ চোবোৱাটি হৈছে আৰু। আইৰ আৰু বোপাইৰ আকৌ তালৈহে ধাউতি। জোঁৱাই-ল’ৰা আহিব বুলিলেইচোন দুয়োৰে গাত ততেই নাইকিয়া হয়। আজি বাৰু আহক বাপেকে, দেখিম ময়ো।
খালৈৰপৰা পোনেই বৰকাৱৈ এটা আৰু মৰঠি-পুঠি এজনী লৈ বেলেগে খৰিকাত দিমগৈ। বোপাই পথাৰৰপৰা আহি নৌ পাওঁতেই, বাপেকে, খৰিকা-দিয়া পেট পাবগৈ। আকৌ, আইৰ পৰাও আঞ্জাত দিয়াৰো ভাগ ল’ম লহয়, মই বাপেকে। আহক আজি; জাকৈয়া নাহে মানে মানে ময়ো পদূলিৰমূৰৰ পৰা নাঁতৰো নহয়। (অলপ পৰ টলকা মাৰি লৈ) অ’, ভাল মনত পৰিছে। আজি ভিনিহিকো মাতি পঠিয়াইছে নহয়। সেইটো আহি পালে, আমাৰ কাৱৈ মাছৰ মূৰ চোবোৱাটি হৈছে আৰু। আইৰ আৰু বোপাইৰ আকৌ তালৈহে ধাউতি। জোঁৱাই-ল’ৰা আহিব বুলিলেইচোন দুয়োৰে গাত ততেই নাইকিয়া হয়। আজি বাৰু আহক বাপেকে, দেখিম ময়ো।
(ধনাইৰ প্ৰবেশ)
টেটোন :
আও। ভিনিহি, তুমি বহুত দিন জীবা দেও।
ধনাই :
হেৰ’, কি হ’ল অ’?
কোনখন মঙ্গলতনো পালি, মই বহুত দিন জীম বুলি?
টেটোন – এ, মঙ্গল নহয়, ভিনিহি,
মানুহৰ নাম লওতেই ওলালেহি হেনো তাৰ আয়ুস বাঢ়ে।
ধনাই - অ’,
তই তেন্তে মোক চৰ্চিহে আছিলি হ’বলা?
টেটোন – সঁচা, তোমাক লৈয়ে নিতৌ মোৰ
চৰ্চা বাঢ়িছে হওঁতে। ঘাইকৈ আজি এইবেলা।
ধনাই – তোৰনো কি ভাগৰ ভাত খালোঁ অ’
তাকে যে চৰ্চি থাক?
টেটোন – এ, ভাগৰ ভাত হে বুলিছা,
তাৰ লগতে মাছকেইটাও যে। ভাততকৈ মাছৰটো
ভাবনাহে আগ হৈছে।
ভাবনাহে আগ হৈছে।
ধনাই – বাৰু, তোৰ ভাত-মাছ খোৱা
কথাখন থ’ এতিয়া। কচোন, বাপেৰ ক’লৈ গ’ল।
টেটোন – (আপোনা-আপুনি) আও। ‘বাপেক!
শহুৰ বুলিবলৈ ‘বৰ মানুহৰ বেটাৰ’ লাজ
লাগে! বাৰু শিকাম বাপেৰে ময়ো, ৰবি।’ (ফুটাই) এ, ভিনিহি বোপাই পাতাল
ছিৰি তলৰ মাটি ওপৰ কৰিবলৈ গৈছে।
লাগে! বাৰু শিকাম বাপেৰে ময়ো, ৰবি।’ (ফুটাই) এ, ভিনিহি বোপাই পাতাল
ছিৰি তলৰ মাটি ওপৰ কৰিবলৈ গৈছে।
ধনাই – (আপোনা আপুনি) উঃ, কটা, ভাল
কথা সুধিলে আকৌ ই পেংলাই হে কৰে!
(ফুটাই) বাৰু, বাপেৰৰ কথা বুজিলোঁ, হেৰ’, মাৰ গ’ল ক’লৈ’?
(ফুটাই) বাৰু, বাপেৰৰ কথা বুজিলোঁ, হেৰ’, মাৰ গ’ল ক’লৈ’?
টেটোন – (ভোৰভোৰাই) উশ! শাহু
বুলিবলৈকো লাজ। মোৰ আইক শাহু বুলিলে ই
ৰজাৰ কোঁৱৰটো সৰু হ’ব। বাৰু, চাম বাপেৰে কিমান ঊধাব পাৰ।
(ফুটাই) এৰা, ভিনিহি, আয়ো নাই। আই সাদিনীয়া পঁইতা খুৱাই মৰা জীয়াবলৈ
গৈছে।
ৰজাৰ কোঁৱৰটো সৰু হ’ব। বাৰু, চাম বাপেৰে কিমান ঊধাব পাৰ।
(ফুটাই) এৰা, ভিনিহি, আয়ো নাই। আই সাদিনীয়া পঁইতা খুৱাই মৰা জীয়াবলৈ
গৈছে।
ধনাই – (আপোনা আপুনি) ঐ কটা, ল’ৰাটোৰ
ভেঙুচালিখন বাঢ়ি গৈ আছে। (ফুটাই)
হেৰ’, বায়েৰো নাই হ’বলা ঘৰত?
হেৰ’, বায়েৰো নাই হ’বলা ঘৰত?
টেটোন – (ভোৰভোৰাই) বাৰু, অলপ শাম
কাটিছে। (ফুটাই) নাই, ভিনিহি, বাইটিও নাই
ঘৰত। বাইটি সাগৰ চালি মাণিক তুলিবলৈ গৈছে।
ঘৰত। বাইটি সাগৰ চালি মাণিক তুলিবলৈ গৈছে।
ধনাই – (আপোনা-আপুনি) ই কটা বৰ
আধাকটা ল’ৰা। ভাল কথা সুধিলে সি পেংলাইহে কৰে!
বাৰু, ৰবি, ময়ো চুঙা চাই সোপা দি থও। (ফুটাই) হেৰ’, বাপেৰ আহিলে ক’বি, বুলি,
ভিনিহি আহিছিল, কাণমাৰিলৈ তহঁতৰ বৰ চপা গছজোপা কাটি নিবলৈ; পিছে ঘৰত মানুহ
নেপাই উলটি গ’ল।
বাৰু, ৰবি, ময়ো চুঙা চাই সোপা দি থও। (ফুটাই) হেৰ’, বাপেৰ আহিলে ক’বি, বুলি,
ভিনিহি আহিছিল, কাণমাৰিলৈ তহঁতৰ বৰ চপা গছজোপা কাটি নিবলৈ; পিছে ঘৰত মানুহ
নেপাই উলটি গ’ল।
টেটোন – (ভোৰভোৰাই) আও! ম’হৰ
শিঙত কঁকিলাদাৰ্। এওঁৰ বুধিৰ ল’ৰাটো অমুকাই
লগ নেপামগৈ যেন ভাবিছে! আৰু হেনো ঘৰত মানুহ নেপাইহে এওঁ এতিয়া ওলটে!
আমি এওঁৰ মানত মানুহেই নহওঁ। বাৰু, ৰবি, বাপেৰে, মানুহ নে গৰু দেখুৱাম।
(ফুটাই) এ, ভিনিহি, চপা গছৰ আশাটি এৰিলেই ভাল। আমাৰ দাঁত-খৰিকা
কৰিবলৈ বুলি সেইজোপা গছ বোপায়ে মোক কাটিবলৈ কৈ থৈছে। পিছে,
মোৰ নলীয়া কটাৰিখন ধৰাই ল’বলৈ শিল পোৱা নাই দেখিহে আজিও কাটিব
পৰা নাই; পৰ্বতলৈ শিল বিচাৰি যাওঁ বুলি হে ভাবিছোঁ।
লগ নেপামগৈ যেন ভাবিছে! আৰু হেনো ঘৰত মানুহ নেপাইহে এওঁ এতিয়া ওলটে!
আমি এওঁৰ মানত মানুহেই নহওঁ। বাৰু, ৰবি, বাপেৰে, মানুহ নে গৰু দেখুৱাম।
(ফুটাই) এ, ভিনিহি, চপা গছৰ আশাটি এৰিলেই ভাল। আমাৰ দাঁত-খৰিকা
কৰিবলৈ বুলি সেইজোপা গছ বোপায়ে মোক কাটিবলৈ কৈ থৈছে। পিছে,
মোৰ নলীয়া কটাৰিখন ধৰাই ল’বলৈ শিল পোৱা নাই দেখিহে আজিও কাটিব
পৰা নাই; পৰ্বতলৈ শিল বিচাৰি যাওঁ বুলি হে ভাবিছোঁ।
ধনাই – (আপোনা-আপুনি) উঃ কটা। ই
শুদা-শুদি ল’ৰা নহয়। ইয়াৰে সৈতে উত্তৰা-
উত্তৰি কৰিবলৈ গ’লে আৰু লাজহে পাব লাগিব। (খং দেখুৱাই) হেৰ, বান্দৰ!
তোৰ সৈতে মই চুপতি কৰিবলৈ অহা নাই, জানিছ। কটা, কুকুৰ, ল’ৰাই
লাই পাই গললৈকে জঁপিয়াৰ দেখোন!
উত্তৰি কৰিবলৈ গ’লে আৰু লাজহে পাব লাগিব। (খং দেখুৱাই) হেৰ, বান্দৰ!
তোৰ সৈতে মই চুপতি কৰিবলৈ অহা নাই, জানিছ। কটা, কুকুৰ, ল’ৰাই
লাই পাই গললৈকে জঁপিয়াৰ দেখোন!
(উচাট মাৰি ধনাই
গুচি যায়)
টেটোন –(কাষলতি বজাই জঁপিয়ায়) আয়ুস,
আয়ুস, এতিয়াহে মোৰ গাটি শুত্ লাগিছে। আজি
এইপাটক এইদৰে নেখেদা হ’লে, মোৰ ফালে মৰঠী-পুঠি খৰিকাত দিয়াটি হৈছিল
আৰু! (ভিনিহিয়েকলৈ চাই চাই) যোৱাগৈ, বেগাই যোৱাগৈ। ঘৰত চাগৈ ৰোহপাটিখনে
বিৰহত বিনাব লাগিছে!
এইপাটক এইদৰে নেখেদা হ’লে, মোৰ ফালে মৰঠী-পুঠি খৰিকাত দিয়াটি হৈছিল
আৰু! (ভিনিহিয়েকলৈ চাই চাই) যোৱাগৈ, বেগাই যোৱাগৈ। ঘৰত চাগৈ ৰোহপাটিখনে
বিৰহত বিনাব লাগিছে!
(মনাইৰ প্ৰৱেশ)
মনাই – কি, অ, আপুটি, কি হ’ল? আজিচোন মনত বৰ ৰং?
টেটোন – এৰা, ভিনিহিৰ খংচাট্ দেখি!
মনাই – কি ভিনিহিয়েৰ আহি গ’ল
নেকি?
টেটোন – ও, সৌটো নহয়, ভিৰাই বেগ্
ধৰিছে ঘৰলৈ।
মনাই – কিয়?
কিয়?
টেটোন – কিয়? -পৰ্বতখন
যে থিয়।
মনাই – এ, দুপৰীয়া খং তুলি ন’লবি
দেই ল’ৰাই। কি হৈছিল ভাঙ্গি নকৱ কিয়?
টেটোন – ভাঙ্গিম কেনেকৈ আকৌ?
হাতেৰে ধৰিব পৰা বস্তু হ’লেহে ভাঙ্গিব পাৰো।
মনাই – কটা, মই কি ওভত্-গোৰৰ ল’ৰাটো
পালো। এনে ল’ৰা হোৱাতকৈ নোহোৱাই ভাল।
হেৰ, বোলো, মোৰ কথা কিবা কৈছিলনে ভিনিহিয়েৰে?
টেটোন – ও কৈছিলতো। সম্বন্ধত নাকটি
ছিঙ্গি কৈছিল, বোলো ‘বাপেৰ ক’লৈ গ’ল?’
মনাই – পিছে? -
তই কি সমিধান দিলি?
টেটোন –পিছে ময়ো দিলো তাক দান চাই
সমিধান যি দিব লাগে।
মনাই – কটা, গৰু! দান নহ’লে যে সমিধান দিয়ে।
তইনো কি দান পাইছিলি? তোক পালে কি
আজি?
টেটোন – পাব লাগিছে কিহে আৰু, ওভোতগোৰৰ
বুলিছাই নহয়।
মনাই – হেৰ, ভিনিহিয়েৰে বাপেৰ ক’লৈ
গ’ল বুলি সুধোঁতে তই কি বুলি ক’লি?
টেটোন – ক’লো
বোলোঁ, বোপাই পাতাল ছিৰি তলৰ মাটি ওপৰ কৰিবলৈ গৈছে।
মনাই – দেখিছা বাৰু এতিয়া!
টেটোন – বোলো, দেখিবলগীয়া বস্তু
নহয়, কথা হে। ভিনিহিক কোৱা কথা মিছা জানো? তুমি
হাল বাবলৈ নাই যোৱা জানো?
মনাই – বাৰু, আন কাৰোবাৰ কথা সোধা
নাইনে?
টেটোন – কিয় নাই সোধা?
আইৰ কথাও সুধিছিল, বাইটিৰ কথাও সুধিছিল।
মনাই – তই পিছে কি ক’লি?
টেটোন – মই সঁচা কথা ক’লো।
মনাই – হেৰ, কি সঁচা কথা ক’লি
টেটোন – ক’লো,
বোলোঁ, আই সাদিনীয়া পঁইতা খুৱাই মৰা জীয়াবলৈ গৈছে, আৰু বাইটি সাগৰ
চালি মাণিত তুলিবলৈ গৈছে।
মনাই – বাৰু, চোৱা এতিয়া।
টেটোন – বোলো চাবলগীয়া বস্তু নহয়,
কথাহে। আই ভুঁই ৰুবলৈ আৰু বাইটি জকাই বাবলৈ
যোৱা নাই জানো
মনাই – বন্দী, বাঘৰ বুকুত যোৱা,
আৰু কিবা সুধিছিলনে, তোক আজি ধুন্ দেখুৱাম বাপেৰে!
টেটোন – আজিয়েই বা কালিয়েই। কি
ধুন্ দেখুৱাবা। যে হৈছিল তাকেহে কৈছো। সঁচা ক’লে খং
উঠে যদি নকওঁ, কি আছে!
মনাই – উঃ, উপায় নাই ইয়াৰ পৰা!
বাৰু ক, আৰু কি হৈছিল কৈ যা।
টেটোন – আৰু ভিনিহিয়ে কৈছিল, বোলে,
বাপেৰ আহিলে ক’বি, তহঁতৰ বৰ চপা গছজোপা
কাণমাৰি কাটি নিবলৈ আহিছিলোঁ, পিছে –
মনাই – (হাঁহি মাৰি) পিছে, তই কি ক’লি?
টেটোন – মই ক’লো,
বোলো সিটি আশা এৰি দিয়া ভিনিহি, আমাৰ দাঁত-খৰিকা কৰিবলৈ
সেইজোপা গছ মই কাটো কাটোকৈহে আছোঁ।
মনাই – (আপোনা-আপুনি) ইয়াৰ আটাইবোৰ
পাকলগা কথা! (ফুটাই) তাৰ পিছে?
টেটোন – তাৰ পিছে, ভিনিহি দেখোন
উচাট মাৰি গুচি গৈছেগৈ!
মনাই – অ, কটা, ল’ৰাই
ইমান অতপালি কৰ! বাপুৰে, ভিনিহিক এসাঁজ খুৱাবলৈ বুলি মাতি
আনিছে, ভালকৈ
মাতি-বুলি বহিবলৈ দিও, সেইটো নাই, সি পেংলাই কৰি খেদিহে দিলে! কটা, এনে আপদীয়া ল’ৰা
কেলেই লাগিছে! তই এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যা। নহ’লে এই
হালোৱা এছাৰিৰ কোবত তোৰ ধাতু উৰুৱাম আজি!
টেটোন –বাৰু, মোৰ ধাতুটো উৰুৱাই
তোমাৰটো ধাতু পাছত উৰুৱাবলৈ ৰ’ব নেলাগে! আমি
বাৰু আপোন মনেৰেই
ওলাই যাওঁ। তুমি জী-জোঁৱাই লৈয়ে
থাকা। ওলাই নগ’লে মোৰ কল্যাণ নাই বুলি ময়ো জানি লৈছো। যাও
কাৰোবাৰ জীৰ লগত মোৰো জোঁৱাই-যোৰা মিলিলে মিলিব পাৰে।
(গা কেহেলিয়াই
কেহেলিয়াই টেটোনৰ প্ৰস্থান)
মনাই – ভাল কৰিলে বন্দী বাঘেখোৱাই!
ভিনিহিয়েকে চাগৈ বেজাৰ পাই হে গৈছে। যেনেবোৰহে
ভেঙ্গুচালি কথা
শুনিলো, কাৰনো বাৰু খং নুঠিব! কি কৰিম, এই ওভত-গোৰে নচা ল’ৰাটোৰপৰা
মই নিৰুপায়। যাওক সি, ক’ত মৰকগৈ। মই যাও ভিনিহিয়েকক
বৰাই-বুজাই আকৌ মাতি আনোগৈ, যাওঁ।
(প্ৰস্থান)
দ্বিতীয় পট
চম্পাৱতীৰ ফুলনি
(চম্পাৱতীয়ে
ফুলনিৰ ফুল তুলি লৈ, মালা গাঁথিবলৈ বহি, গুণগুণকৈ বিয়া নাম গায়)
পুখুৰীৰে চউপাশে
খাগৰিৰে বেৰা,
ৰাম ৰাম খাগৰিৰে
বেৰা।
দলি মাৰি পেলাই
দিছে স্ফটিকৰে মালা,
ৰাম ৰাম স্ফটিকৰে
মালা।।
পুখুৰীৰ চউপাশে
মৃগপহু চৰে,
ৰাম ৰাম মৃগপহু
চৰে।
তাকে দেখি
ৰামচন্দ্ৰে শৰ-ধনু ধৰে,
ৰাম ৰাম শৰ-ধনু
ধৰে।।
(ৰংদৈৰ প্ৰৱেশ)
ৰংদৈ – এ আই, আইদেৱেচোন অকলে অকলেই
বিয়াখন পাতিছে! মই তেও আঁৰে আঁৰে শুনিহে
আছিলোঁ। পিছে মূৰৰ ফাকিকেচোন এৰিলে!
চম্পা – মোৰ মনত নাই অ’,
ৰংদৈ! মূৰৰ ফাকিনো কি আছিল?
ৰংদৈ – এই ফাকি আছিল শুনক –
আগত দিয়া, পাছত
দিয়া পাঞ্চ আয়তীয়ে,
ৰাম ৰাম পাঞ্চ
আয়তীয়ে।
দুৰ্বা ঘাটৰ পানী
তোলে যশোদা সুন্দৰী,
ৰাম ৰাম যশোদা
সুন্দৰী।।
চম্পা – তোৰো ভাল মনত থাকে, ৰংদৈ।
ৰংদৈ – মনত নাথাকিব কিয়, মই আওৰাই
থৈছোঁ নহয়।
চম্পা – কেলৈনো আওৰাই থৈছ?
ৰংদৈ – কেলৈ?
বিয়ালৈ।
চম্পা – কাৰ বিয়ালৈ অ’,
ৰংদৈ?
ৰংদৈ – মই যাৰে বান্দী, তাৰে
বিয়ালৈ।
চম্পা – হেই এইজনী! গুচ্ ইয়াৰপৰা।
ৰংদৈ – আও! নামৰ ভাগ ল’লেও
দায় লাগেনে? নেলাগে বাৰু নামৰ ভাগ, যোজনা এটাকে দি
থও – ‘বাঁহৰ আগত বগলী নাচে, আমাৰ আইদেউৰ বিয়ালৈ এদিন-এবেলা আছে।’
থও – ‘বাঁহৰ আগত বগলী নাচে, আমাৰ আইদেউৰ বিয়ালৈ এদিন-এবেলা আছে।’
চম্পা – এই লেবীজনীয়ে কিখন বলকে!
থাক তই তোৰ যোজনা লৈ। (চাতকৰে আতৰি গুচি
যায়)
যায়)
ৰংদৈ – এ, আই ৰং কৰোঁতে খঙেই উঠিল
হ’বলা। যাওচোন, আকৌ ৰং লগাবলৈ চাওঁগৈ।
(প্ৰস্থান)
তৃতীয় পট
ধনাইৰ আগচোতাল
ধনাই –(অকলে) উঃ কটা, ল’ৰাটোৰ
ভেঙ্গুচালিখন! কটা, ওঁঠ চেপিলে গাখীৰ ওলোৱা কালিৰ
ফুকলীয়া ল’ৰাটোৰ
কেনে আঁহে আঁহে কথা। নহ’বনো কেলেই – যেনে বাপেকি, তেনে
পোৱালি! বাপেকপাটো সেই; বাপেকৰ চালত হে পুতেক চলে। মোক মাতি
নি এইদৰে লঘু কৰাটো বাপেকৰ বুধি নহ’লেনো ফুকলীয়া ল’ৰাই ইমান কথা ঢুকি পায়নে? আৰু মাকজনীও হ’ব পায় সেই একে গছৰে পাণ। জীয়েকতে তাৰ পৰিমাণ পাইছোঁ নহয়। সেইদিনা দুপৰীয়া
পথাৰৰ পৰা আহি খকা-খুন্দাকৈ শুদা ভাতগৰ্হা গিলোতে টেঁটুত লাগি মৰোঁ আৰু! তথাপি তাই
জানো কৈ দিলে, পানী এঢোক পি দিয়া বুলি। সেইহে কয়, বোলে, ‘টিক্
বলধা, ওলাই মাটি; মাক ভালেহে জীয়েক জাতি।’
মই যেনিবা নুগুণি-নেমেলি ভাল গলগ্ৰহটো চপাই ললো।
(মনাইৰ প্ৰৱেশ)
মনাই – (আতৰৰ
পৰা) এঃ দেহি! ল’ৰাটিয়ে বৰ বেজাৰ পাই
আহিল। বেজাৰ পাবৰ কথাও
হয়, বাঘেখোৱা ল’ৰাটোৰ
কথাত মোৰো খং-বেজাৰ গৈ মূৰত উঠিছিল। হেজাৰো হওক, পৰৰ ল’ৰা; পৰৰ তিতা মাত কেনেকৈ সহিব! সেইবোৰ বাৰু এৰিছোঁ এতিয়া; মই আগবাঢ়ি আহি কিন্তু ভাল কৰিলোঁ। নহ’লে
আকৌ উপযাচি আমাৰ ঘৰলৈ যাবলৈ ল’ৰাই বেয়া পালেহেঁতেন। এতিয়া মই
মিঠা মুখেৰে দু-আষাৰ ক’লেই পাহৰি যাব আটাইবোৰ কথা। (ফুটাই) এ
বোপাই, ঘৰলৈ গৈ আকৌ গুচি আহিলিনো কিয়?
ধনাই – (জ্বলি উঠি) ঔ, কটা, বিটলিয়া
সোলা! তই আকৌ কি চেলাবলৈ আহিছ? ঘৰলৈ মাতি
নি, পিতেৰৰ
হতুৱাই যি জলপান খুৱালি সেয়ে আটিছে, আকৌ বাপেৰটোও খেদি আহিছ ইয়ালৈকে নহয়নে?
মই ওলটি জলপান নৌ খুৱাওঁতেই ভালে ভালে আতৰি গুচি যা এতিয়াই।
মনাই – এ, বোপাই, কিয়নো খং কৰ?
সেইটো তোৰ ভায়েৰ নহয় জানো? নজনা ল’ৰাৰ
কথাতে লাগিব লাগেনে?
ধনাই – এৰা, নজনা ল’ৰা
– পানীকেঁচুৱা!
মনাই – বাৰু, খুলশালিয়েৰ ল’ৰা
নহয়, যেনিবা বুঢ়া; এতিয়া মোলৈ চাই তাৰ কথা এৰি পেলা
বোপাই! ব’ল ব’ল, শাহুৱেৰে বাটলৈ চাইহে আছে চাগৈ।
ধনাই – আকৌ শাহুৰ কথা! জুইত ঘিঁউ
ঢালি নল’বিদেই এতিয়া। জীয়েকতো পাইছো শাহুটিৰ
কথা! তহঁতৰ বাপেৰ
চাই পিতেৰ, আৰু মাক চাই জীয়েক, ৰজিতা খাই মিলিছে। বিধাতাই একেখন সাঁচতে ভাল মাৰিলে
তহঁত চাৰিওকো। যা যা, জীয়েৰ নে মাৰ সেইজনীক পঠিয়াই দেগৈ এতিয়াই। নহ’লে,
মই যাবলৈ পালে, তাৰে পৰা চুলিত ধৰি চোঁচৰাই আনিমগৈ।
মনাই – এৰা, ভালক ভালে নেপায় নহয়।
ধনাই – (জাঁপ মাৰি উঠি) ঐ, কটা,
লাপুং! ইমানতো আকৌ বোলে ইহে ভাল, মইহে বেয়া;
হেৰ, গতাত মূৰ নৌ চিঙ্গোতেই গুচি যা এতিয়াই ইয়াৰ পৰা।
মনাই – (আটিমুটি কৰি) অ’,
কটা, চল পাই কুকুৰে দেখোন গললৈকে জঁপিয়াব; চকুচাওতেই
ইয়াতে তাও কৰিব পাৰোঁ বুলি জনা নাইনে?
ধনাই – (চোঁচা লৈ) হয় নে লাপুং!
তোৰ ইমানতো পিতনে? হেঁচা এটাৰ বহত নহ’বি
হ’বলা।
মনাই – কটা গোলামৰ ল’ৰা,
বন্দী কটা! খোপে খোপে চৰিহে গৈছ দেখোন! কটা, গচকি পেটু
কাঢ়িব দিছ নে বাপেৰে? (খেদা মাৰি যায়)
ধনাই – (চোঁচা লৈ) সঁচাই নে বন্দী,
সোলা বান্দৰ! বৰকৈ অতপালি কৰচোন! (দুইৰো দবৰা-
দবৰিত মনাই তলত পৰে)
মনাই – (লৰালৰিকৈ উঠি) বাৰু তই
থাক, দেখুৱাম মই বাপেৰ কেনেটো! (উচাট মাৰি গুচি
যায়)
ধনাই – (মুখ বিদৰাই) বাৰু যোৱা,
আমাক বৰশিত দিবাগৈ নি! তালৈকে অমুকাই ভয় কৰিছো!
(একে চাবে ভিতৰলৈ সোমাই যায়।)
প্ৰথম অঙ্কপাত
দ্বিতীয় অঙ্ক
প্ৰথম পট –
ৰাজ-আলি
টেটোন – (অকলশৰে বহি) অহ, আজি এই
পৃথিৱীখন মোৰ ফুৰা-চকাৰ ঠাই গোটেই জগতখনেই
মোৰ বন্ধু। জোন,
বেলি, তৰা সকলোৱেই মোৰ সুখ-দুখ দেখোতা। ইমানত আৰু অমুকাৰ ভয় কি?
বোপাইৰ বল নাপালেও, অমুকা তৰিব পাৰিব পায় দেখোন। কিন্তু, (অলপ পৰ টলকা মাৰি পেটৰ
উমান লৈ) ওঁ হুঁ-হঁ, গাতক বিষম! মোৰ ভেমটো নৰজিবগৈ যেন পাইছো। পুৱাৰ পঁইতা যে
পেটতে পানী হ’লেই, বাটত খোৱা আঠীয়া কল আষিৰো বল নোপোৱাত
পৰিছেগৈ। এতিয়ানো ক’ত কি পাও, পেটৰ জুইকুৰা কিহেৰে নুমাও। হওঁতে
এই পেটাৰিটো লৈহে লেঠা, নহ’লে অমুকাক পায় কোনে? (পেট মোহাৰে) এৰা, তাহানিৰ ফুল-কোঁৱৰৰ পিতেক নগৰা-জগৰাৰ দশাহে মিলিছে
মোৰো। সিহঁতে দুখত আনন্দ কৰা শুনি হেনো মেনী ম’হে গাখীৰ
পিয়াইছিল, শুকুলী হাতীয়ে পিঠিত তুলি লৈ ফুৰিছিল। মোলৈকো তেনে কোনোবা আছে বা? ময়োচোন সেই গটকে এবাৰ ধৰি চাও। - কি বুলি? (অলপ
ভাবে) এঃ যি বুলি আহে, মাৰি দিও, বাপেকে, সেই বুলিয়েই –
‘অ’, বোপায়ে খেদিলে দুপৰীয়া ভোকত,
আই নাছিলে ঘৰত।
অ’,
কোন, ক’ত আছাঁহক, এই জগতত,
এমুঠি দিয়াহি
মুখত?।।’
-সৌৱা নহয়,
বাপেকে, চাপিছেহি আনমাৰো কোনোবা। পিঠিত তুলি নি খুৱাবগৈ এতিয়া (মূৰে-কপালে হাত দি
নিটাল মাৰে)
(দুই
চোৰৰ প্ৰৱেশ)
১ম চোৰ – এঃ
গৃহস্থ সাৰ পায় বুলিহে ভয়! নহ’লে, মোৰ দৰে উমানত বস্তু বাছিব জানে
কেইটাই?
২য় চোৰ – এৰা,
মোৰ হ’লে দুৱাৰ মেলোতেই গম পায় যেন লাগি যায়! অ’, সিদিনা
আকৌ জানিছ,
বৰচাঙৰপৰা বোন্দাটো নামি অহা দেখিয়েই মানুহ বুলি বৰ ভয় খালোঁ ককাই! কিনো কম,
দুদিনলৈকে মোৰ বুকুখনে ধান বনাদি বানি আছিল। সেইহে বোলো, মোক আগ নকৰিবি, বাহিৰতে থ’বি
মুঠেই, ভাৰ ল’বৰ বেলিকা মোক বিচাৰিবি।
১ম চোৰ – অ’,
ইয়ালৈকে মতাটো হৈ উপজিছিলি? ভয়ৰ গোট ইমানটো হ’লে ইমান
ডাঙৰ কামলৈ ওলাবই
নালাগে। হেৰ, বুদ্ধি জানিলে ভয় নাই। শুন, আন একো নেপালে দুৱাৰ-চুকৰ গাঁঠিত চালৰ
কুটা গুজি লব লাগে, তেতিয়া আৰু দুৱাৰ কেৰ্ নেকেৰাই। মনত ৰাখিবি।
২য় চোৰ – এৰা,
এইদৰে বিদ্যাটো শিকাবি আকৌ, তেহে পাৰোঁ, এতিয়াৰপৰা চাবিচোন
তেন্তে। আজি ৰাতিয়েই দেখিবিচোন।
১ম চোৰ – সঁচা
হয়। মাকৰ পেটতে কোনেও শিকি নাহে। তই বাৰু মোৰ চালত চলিবিচোন,
তোক মই মানুহ কৰিহে এৰিম। নিছয় বুজিবি।
টেটোন – (আপোনা-আপুনি)
এৰা, মোৰ মন্ত্ৰফাঁকিয়ে হাতে হাতে গুণ দিলে। ইহঁতেই মোক
দুখত আনন্দ কৰাব
যেন পাইছোঁ। এতিয়া ইহঁতৰ লগৰ
এটা হৈ লব পাৰিলেই কাম সাধিলোঁ – আন নহ’লেও
তেওঁ মোৰ পোটজনাৰ জঞ্জালটো ভাঙ্গিব পৰা হ’ব। কিন্তু এই ফেৰাই
মেনী ম’হৰ গাখীৰৰহে কাম দিব; শুকুলা
হাতীৰ পিঠিত উঠা সুখ ফেৰাওতো লাগে। বাৰু, দেখা যাওক, ক’ৰ
পানী ক’লৈ যায়। আছে তাৰো উপায়! (কেঁকাই কেঁকাই) হে মোৰ কপাল!
বোলে, দৰিদ্ৰ লঙ্কালৈ যায়, লঙ্কাত জুই লাগে! – ওঁ-হুঁ-হুঁ!
২য় চোৰ – (উচাপ
খাই) ঐ ককাই, এতিয়াহে মৰিলোঁ! এইটো মানুহ! কেনি পলাও মই!
টেটোন – অ’,
নেলাগে পলাব, মইহে। বোলো, এৰি নগ’লে লগ ধৰিবহে খোজোঁ।
১ম চোৰ – হেৰ, ই
ধৰে হেনো ঔ!
টেটোন – ভয় নাই।
লগহে ধৰিব খুজিছোঁ।
১ম চোৰ – কিনো
কিয় অ’! ই আমাক চোৰ বুলি চিনিছে হবলা?
টেটোন – অ’,
নিচিমনো কিয় হেৰা? সাপেহে সাপৰ ঠেং দেখে। সেইহে লগ ধৰিব
খুজিছোঁ।
ককাইহঁত ঐ, যি
ঘৰত সোমাইছিলোগৈ! কি হ’ব ক’লে! মই অকল
দেখিহে! যিহে বস্তু বাজ কৰি লৈছিলোঁ। পিছে, কপাল!
ভাৰ কান্ধত তুলি লওঁতেই ককাঁল-মোচোকা খালোঁ। কোনোমতে বগুৱাবাই
আহি এইখিনিতে বহি আছোঁ।
২য় চোৰ – কি কথা
আছে, ভাৰ লোৱাত মই আছোঁ নহয়। ককাইটি, নকৈছিলোঁ, বোলো,
ভাৰ ল’বলৈকো এটা লাগে।
১ম চোৰ – বাৰু ৰ’বিচোন
তই! এওৰে সৈতে সোধা-পোছা কৰি চাও।
টেটোন –
সোধা-পোছাৰ সকাম নাই, আমি উঠিবহে লাগে! যাও ব’লহঁক। সৰহ দূৰৈ
নহয়,
সৌ ঢাপ-মৰা বাৰীখনেই। বৰ চহকী মানুহ দেও সেই ঘৰ।
১ম চোৰ – বেছ
কথা। ভাল ছেগ মিলিছে। উঠা তেন্তে।
টেটোন – এ, কওতেই
কলা, বোলে, যঁতৰতে শলা। উঠিবলৈ নেদেখিছা, চিপ্ মাৰি কঁকালটো
লৰাবই পৰা নাই! উস্ উস্ উস্!
২য় চোৰ – পিছে?
টেটোন – জানো,
এতিয়া কাৰ পিঠি পাও?
২য় চোৰ – কি ‘পিঠি
পাও?’
১ম চোৰ – এ, নহয়
অ’, অৰ্থাৎ তেওঁক বোকোচাত ল’ব লাগে; – নহয়নে হে?
টেটোন – হয়, ঠিক
ধৰিলা কথাটো। তোমাৰ বুধিটো বৰ চোকা।
২য় চোৰ – কিয়, মই
আছোঁ নহয়। কি কথা আছে, ময়ে ল’ম বাৰু বোকোচাত।
১ম চোৰ – বেছ
কথা। সেইটো হ’ল বাৰু, পিছে ভিতৰত
সোমাব কোনটো?
টেটোন – সেইটো
মোকে ধৰি থোৱাচোন।
১ম চোৰ – বাৰু,
সোমোৱা তুমিয়েই। কিন্তু বস্তু বাছিব জানিবা জানো?
টেটোন – সেইটো
নজনাকৈয়ে নো চোৰৰ বৃত্তিটো মূৰত লৈছোনে? তথাপি, শুনোচোন
তোমাৰ বুধিটোও।
তোমাৰ বুধিটোও।
১ম চোৰ – মই হ’লে
কৰোঁ কি, এন্ধাৰত খেপিয়াই পোৱা বস্তুবোৰ নিয়মীয়াকৈ বজাই চাও,
তেহে কেনে দৰৰ বস্তু বুজিব পাৰি।
টেটোন – উঃ ভাল
মিলি গল দেও কথাটো। ময়ো তাকে কৰোঁ।
২য় চোৰ – নিমিলিব
কেলেই, দপয়োজন পকা মানুহ।
টেটোন – এৰা,
এতিয়া আৰু পলম কৰাৰ সকাম নাই। ৰাতি ভালেখিনি হৈছে। উঠিবহে
লাগে।
১ম চোৰ – হয়,
উঠিবহে লাগে।
টেটোন – এৰা,
উঠোৱা আকৌ?
২য় চোৰ – (পিঠি
পাতি) এয়া নহয়!
টেটোন – মন্ত্ৰই
গুণ দিছে বাপেকে! (স্ফূৰ্তিৰে সৈতে বোকোচাত উঠে)
(টেটোনক
বোকোচাত লৈ তিনিওৰে প্ৰস্থান)
দ্বিতীয়
পট
চহকী
গৃহস্থৰ বৰঘৰ
গৃহস্থ – (বৰঘৰৰ
দুৱাৰকেইখন ভালকৈ মৰা হৈছে নে নাই পৰীক্ষা কৰি চায়।) বোলে,
হৰিণাৰ গাৰ মঙহেই
শত্ৰু। মোৰো ধন-বস্তুবোৰেই কাল হ’ল। এইবোৰ আৰ্জোতে যি দুখ পাইছিলোঁ,
ৰাখোতে এতিয়া তাৰ ষাঠিগুণ দুখ পাইছোঁ। ই মোৰ
শোৱন-খাৱন নাইকিয়া কৰিছে। ৰাতি চিলমিলকৈ টোপনি আহিলেও, মেকুৰী-নিগনিয়ে জৰজৰালেই কাণ-সাৰ
দি শুনি থাকো; বতাহত দুৱাৰে কেৰকেৰালে উঠি আহি চাও। সিদিনা ধনৰ পেৰাটো চোৰে
নিবৰপৰা মোৰ দেহত তৰণি নাই। পিছদিনাই বাকীখিনি ধন কলহত ভৰাই
নিজানে নিজানে নি বাৰীৰ-চুকত পুতি থ’লোগৈ। এই কথা কাকো কোৱা
নাই; সিজনীকো কোৱা নাই, নকওঁ, বেৰ-চালৰো কাণ আছো! নোকোৱাকৈ
মৰো যদি, ধনগুলৈয়ে পাওক; তথাপি চোৰৰ বুকুত নিদিও।
(দুৱাৰৰ-ডাংকেইটা আকৌ এবাৰ হেঁচি টানকৈ মাৰি) কিমাননো পৰ্ দিম আৰু!
শোৱা-খোটালিৰ পৰা
– আজি ৰাতিৰে-ৰাতিটো পহৰা দিয়ে থাকিবনে? শোৱাপাটীত নপৰো
বুলিয়েই লাগিছেনেকি?
বুলিয়েই লাগিছেনেকি?
গৃহস্থ – এৰা
পাটিত পৰিনো লাভ কি! তাতো কাণেৰে পহৰা দিয়াহে!
শ্ৰো – খোঃ পৰাঃ
তেন্তে, দিনত শুই ৰাতি পহৰা দিবলৈ নিয়ম কৰাই ভাল। এইদৰে টোপনি
খতি কৰিলে গা নাঠাৱৰে নহয়।
খতি কৰিলে গা নাঠাৱৰে নহয়।
গৃহস্থ – হয়,
নিয়মটো বেয়া নহয়। এতিয়াৰে পৰা তাকেহে কৰিব লাগিব। বাৰু, গৈছোঁ।
(দুৱাৰ-ঘৰ আকৌ চকু ফুৰাই চাই প্ৰস্থান)
তৃতীয় পট
বৰঘৰৰ
ভিতৰ
(শোৱা-কোঠাত চাকি
এটি মিটমিটকৈ জ্বলি আছে; চোৰ দুটাই দুৱাৰ মেলি টেটোনক ভিতৰলৈ সুমাই
দি চোৰাং চাই থাকে)
টেটোন –
(আন্ধাৰতে বগুৱাবাই বস্তু বিচাৰে) আন বস্তু মোক নালাগে;
সান্দহৰ কলহ এটা
বিচাৰি পালেই হয়
এতিয়া। (খেপিয়াই ফুৰি) অ, বহালো বাপেকে, এইটো গুৰৰ টেকেলিয়ে ধৰা দিছে! এটিয়া
সান্দহৰ কলহটো লগ পালেই মোৰ গা ৰব বাপেকে। (খেপিয়াই ফুৰে) এঃ নেপাওঁচোন! আও! এই
ঘৰৰ গৃহস্থ বৰ কটকিন মানুহ দেও! পেট মাৰি পইছা সাঁচিছে! চহকী হ’বলৈ
বৰ মন ঔ! বাৰু, অলপ ৰবি, চহকী কৰিম বাপেৰে! মোৰ পেটৰ জুইকুৰা নুমাই ল’বলৈহে চাইছোঁ। (খপিয়াই ফুৰোতে
এটা ভগা ঢোলত হাত পৰে।) অ এইবাৰ হে বহালো বাপেকে! (লুটিয়াই বগৰাই হাত ফুৰাই
চায়) এঃ নহয় হ’বলা সান্দহৰ কলহ। কিনো এইটো ঔ? অ, ভাল
কথা, লগৰীয়াই বজাই চাবলৈ শিকাইছিল নহয়। বাৰু, চাওঁচোন বজাই কিনো এইটো।
(ঢোলত
চাপৰ ধৰে)
(ঢোলৰ মাত শুনি
শোৱাচাঙৰপৰা ‘কোন’ বুলি গৃহস্থ আহি টেটোনক গবা মাৰি
ধৰে। ই দুটা চোৰে ভিৰাই ধৰি লৰ মাৰে)
গৃহস্থ –হেৰ কটা,
কোন তই?
টেটোন – কোন্ হই!
কিনো অঁকৰা ঔ! বোলে, ‘হাতত পুথি, মঙ্গলবাৰ’,
সুধিবলৈ লাগিছে নে
মই কোন?মই ৰাতিফুৰা।
মই কোন?মই ৰাতিফুৰা।
গহস্থ – কটা
বন্দী, তই চোৰ?
টেটোন –
(ভোৰভোৰাই) আৰু নো কি বুলি ভাবিছিল! (ফুটাই) বোলো, চকু নাইনে?
এই
মাজনিশা চোৰ নহৈ
আলহী সোমাইছোহিনে?চোৰ নে আলহী চিনিব পাছত; আগেয়ে মোক বাৰু সান্দহৰ কলহটো দেখুৱাই দেচোন।
গৃহস্থ – অ,
এইটোৱে কয় কি!
টেটোন – ভাল
কৈছো। পেটৰ জঞ্জালটো বোলো আগেয়ে মাৰি লও, পাছতো তোমাৰ সৈতে
মেল মাৰি থাকিম।
গৃহস্থ – কটা,
চোৰ বুলিলে ওৰ পৰে। ইয়াৰচোন মটমটনি বাঢ়িছেহে!
টেটোন – বাৰু,
মোক পাছেও ওৰ পেলাবা। আগেয়ে ওৰ পেলাও সান্দহৰ কলহ এটা,
দেখুৱাই দিয়া।
গৃহস্থ – কটা,
এইটো কৰবাৰ বলিয়া মানুহ। ই সান্দহ বলিয়া। বাৰু ৰজাক খুজি খাবিগৈ
সান্দহ কাইলৈ।
এতিয়া বান্ধি থওগৈ ব’ল। (টেটোনৰ কঁকালত পঘা লগায়) ব’ল, কটা, ব’ল।
টেটোন – বাৰু ব’লা।
কিন্তু কঁকালৰ বান্ধটো এফেৰি টানি দিয়া। নহ’লে, কাছুটিখন নৰও
নৰওকৈ ওজৰ কৰিছে। কালিৰেপৰা মোৰ পেটত লখিমীৰ সঞ্চাৰ হোৱা নাই।
গৃহস্থ – তোৰ
কেলকেলনি শুনি থাকিলে গা নৰয় আৰু। উঠ যদি উঠ, নহ’লে চোঁচৰাই নিম
এতিয়া।
টেটোন – বাৰু,
উঠিছো ব’লা। কিন্তু, মোৰ পেটজনাক পূজা এভাগি নিদিলে তোমাক পাপে
চুব, জানিবা দেই।
(প্ৰস্থান)
চতুৰ্থ
পট
পথৰুৱা
আলি
(কান্ধত
নাঙল লৈ এটা হালোৱাব প্ৰৱেশ)
হালোৱা - (কান্ধৰ পৰা নাঙ্গল নমাই থৈ) হেৰ ৰঙা, সও সও। উঃ দেখিছা এতিয়া, সি
ঢাপলিহে ধৰিছে
আকৌ! (উলটি চাই) অ, ভাল হ’ল এতিয়াহে! ইটোক খেদোতে সিটোও যায় সিফালে।
(উলটি খেদা মাৰি) হেৰ, সও, বগা সও, সও। হাই-আই, নৰয়, দেখিছা বাৰু! যক বাঘৰ বুকুত
যোৱা গৰু ক’লৈ যায়, নেবাও হাল! কি কৰিম, মই অকলে ইটোক খেদিম
নে সিটোকে খেদিম! (আঁঠুত বাহু পেলাই বহি) মই কানি-খোলাৰ পৰা নকৈছিলোঁ সিজনীক, বোলো
সাঙোৰৰ পঘাৰ খান্দৰিত গুণঠিটো ভালকৈ সুমুৱাবি। গৰু চেঙ্গা বুলি তাই নেজানে জানো! ভাল
ল! আজি ৰুবিহি দুই হাতে! (কঁকালত ৰচা লগোৱা টেটোনক লৈ গৃহস্থৰ প্ৰৱেশ)
টেটোন – ইজন বা
কোন? এওকো লগৰীয়া কৰি লোৱা হওকচোন ৰজাৰ আগলৈ।
হালোৱা –
(আথে-বেথে) হে দেউতাটি!
টেটোন – কিবা হ’ল,
বিধাতাটি?
হালোৱা – মোক
এফেৰি উপকাৰ কৰক দেউতাহে। ঈশ্বৰেহে মিলাইছে আপোনালোকক
ইখিনি পৰত।
টেটোন – ভাল, আমি
সাজু আছো। পৰৰ উপকাৰ কৰাটি আমাৰ পিতৃধৰ্ম। বাৰু, বাটতে ধৰম
ফেৰি আৰ্জি লও। কি কৰিব লাগে কোৱা মাথোন।
হালোৱা – হে,
দেউতা হে, লৰ মাৰি গৈ সৌ বাঘৰ বুকুলৈ যোৱা গৰুটো মাৰ এটা মাৰি ৰাখি
দিয়াগৈ দেওহে। আৰু ইগৰাকীয়ে ইটোলৈ খেদা এটা মাৰা দেউতাহে।
গৃহস্থ – অঃ
সেইটো হ’ব নোৱাৰে। মই এইটো চোৰ ধৰি ৰজাৰ আগলৈ আনিছোঁ। ইয়াক মই
এৰি দিব নোৱাৰো; ই মোৰ হাতত বন্দী।
টেটোন – এ, মই
বন্দীহে, তুমি যে আকৌ মোৰ লেজুত ধৰা বন্দীৰো বন্দী। বাৰু;
তুমি
এৰিব নোৱাৰা,
থাকা। তোমাৰতো ধৰমলৈ মতি নাই। আৰু, মোৰ পেটজনাক পূজা নিদি তুমি ঘৰতে পাপ লগাই
আহিছাই। মোৰ হ’লে পাপলৈ বৰ ভয় দেও। চাওঁ, এৰা লৰ মাৰ
ধৰম ফেৰা আৰ্জি আহোঁ। (গৃহস্থৰ হাতৰ পৰা আজোৰ মাৰি এৰাই আগবাঢ়ে)
ধৰম ফেৰা আৰ্জি আহোঁ। (গৃহস্থৰ হাতৰ পৰা আজোৰ মাৰি এৰাই আগবাঢ়ে)
গৃহস্থ – (অবাক্
হৈ ভোৰভোৰাই) উঃ কটা, চোৰৰো ধৰমলৈ মতি! মইহে অকল ধনতে
মজিছোঁ! বাৰু
ইয়াক যাবলৈ দিও। তাৰ পূণ্যৰ এভাগ কিজানি ময়ো পাম। কিয়নো, মই এৰি দিলেহে সি যাবলৈ
পাব। (ফুটাই) বাৰু যা, নপলাবি আকৌ।
টেটোন – বাৰু
সেইটিলৈ ভয় কৰিব নেলাগে। অমুকাই পলৰীয়া নাম নলয়। চাই থাকা, এটা
লৰত পূণ্য আৰ্জিমগৈ; আৰু উলটি ইটো লৰত পৰৰ গাত পাপ থ’মহি।
হালোৱা – এৰা,
যোৱা দেউতাহে, বেগাই যোৱা। গুণ নহয় তেও ধৰম হ’ব। পাকতে মই
ইটো আগচি আনোগৈ।
টেটোন – কিয়, গুণ
নো নহ’ব কিয়? মই দুইটা আৰ্জিম, চাই থাকিবা
এতিয়া – (গৃহস্থৰ
হাতৰ পৰা
টোকোনডাল টান মাৰি লৈ, লৰ মাৰি গৈ, গৰুটো একে মাৰে বধি, উলটে আহে)
হালোৱা – ক’তা,
গৰুটো ওভতাই নানিলা দেখোন?
টেটোন – তুমি
জানো আনিবলৈ কৈছিলা? ৰাখি থৈ আহিবলৈহে কৈছিলা? সৌটো নহয়,
একেটা মাৰতে ৰাখি থৈ আহিছোঁ।
হালোৱা – কি
কোৱা!
টেটোন – ভাল
কৈছো। যেনেকৈ কৈ পঠিয়াইছিলা, তেনেকৈ কৰি থৈ আহিছোঁ। চোৱাগৈ
মিছা
কৈছো যদি, জিভা মেলি দীঘল দি পৰি আছে সৌটো।
হালোৱা – ঐ কটা,
তই দেখোন মোক মৰিয়াই মাৰিলি একা?
টেটোন – অ, তোমাক
মৰিয়াই মাৰিলো আকৌ কেতিয়া? গৰুটোহে মাৰিবলৈ কৈছিলা;
তাকহে মাৰিলোঁ। তুমি নোকোৱাকৈ আকৌ তোমাক কিয় মাৰিম?
হালোৱা – অ, মই ইবোৰ-সিবোৰ
কথা নেজানো। ব’ল, ৰজাৰ আগত দিওগৈ। ময়ো এগছ
লগাও জৰী (টেটোনৰ কঁকালত জৰী লগায়)
টেটোন – ই-এ!
এইটো কেনে মানুহ ঔ! ইয়েই মাৰিবলৈ কয় গৰুটো, ইয়েই হেনো গোচৰ
দিয়েগৈ! অ’,
উচটাই গো-বধ কৰাই এতিয়া পৰাচিতৰ ধন দিব লাগে বুলি এইখন টাং-বাং কৰিছ। বাৰু, ব’ল ৰজাৰ আগলৈ। কাৰ ভাগ্যত কি আছে দেখা যাব।
এটাতকৈ বঢ়াই মাৰ মাৰিছোঁ যদি, মোৰ গাত ঘাটি।
(প্ৰস্থান)
পঞ্চম পট
হাটৰুৱা
বাট
(কল-বেঙেনা,
পাণ-তামোলৰ পোহাৰ লৈ এজনী পোহাৰী)
পোহাৰী –
(আপোনা-আপুনি) আলুল- আপচু দিবলৈ বহি! কোন্ নো বিজতৰীয়াক দেখি
আহিলো ঐ আজি!
পইছা এটাৰো কিবা বেচিবলৈ পালোঁহেঁতেন যদি! কিমাননো হাটৰুৱা-বাটৰুৱা আগেদিয়েই পাৰ
গৈ গ’লহি, চোৱাচোন ফুটাকড়ি এটাও নেবেহালে! লোণজেবাকে নো কিনি নিও
কিহেৰে আজি! কিনো কৰিম আই, ঘৰত আৰু খাৰণি সৰালেগৈহে হ’ব।
তাকো জানো পাৰোঁতে নকৰোঁ; ল’ৰা-পোৱালিটোৱে
আকৌ লোণ নহলে একোকে মুখত নিদিয়ে নহয়! (মূৰে-কপালে হাত দি টলকা মাৰি ৰয়) অ, বাৰু,
সৌৱা কোনোবা গোটাদিয়েক এই বাটেদি আহিছেচোন। (গৃহস্থ, হালোৱা আৰু টেটোনৰ প্ৰৱেশ)
টেটোন – অ’,
ৰ’বাচোনহক। মোৰ হাত আৰু ভৰি নচলাই হ’ল!
কাছুটিখনো তোমালোকৰ
বান্ধকেইটাহে
ৰাখি থৈছে। বোলো, কল-কুঁহিয়াৰ যি পোৱা অলপ কিনি কুটি খুৱাই লোৱাহঁক;
নহ’লে আৰু মোক কানতকৈ নিলেহে হ’ব।
(থপৰাই বহি পৰে)
গৃহস্থ – এ হে!
বাৰুটো অ! চোৰ আকৌ কানত উঠিহে যায় হেনো!
টেটোন – হুঃ
পিঠিত উঠি গৈ চোৰ সোমালোঁ, এতিয়া ৰজাৰ আগলৈ যাওতে কানত উঠাটো
টানহে পালানে?
হালোৱা – হেৰ
অধৰমী, মনে মনে থাক। ঘিউত জুই ঢালি নল’বি দেই এতিয়া! চোঁচৰাই
নিম বুলি জনা নাইনে?
টেটোন – জানিছো।
ঘিউত জুই ঢাল নেখায়, তোমাৰ খং-জুইকুৰাহে ঘিউত জুবুৰিয়াই দি
চেঁচানি পেলাই ল’ব খুজিছোঁ।
হালোৱা – কটা,
সচাঁই বুলিছনে? (খেদা মাৰি) হালোৱা এছাৰিৰ কোবত বেবাকৰাই পেলাম
বুলি জনা নাইনে?
বুলি জনা নাইনে?
টেটোন –
নেজানিমনো কিয় হেৰা। জানিছো দেখিতো কও বোলো, তেওঁৰ কানখনহে
বিছাৰিছোঁ, তোমাৰ
আকৌ মূৰত ভৰি থ’বলৈ নেপালে অমুকাক লৰাব পাৰিম বুলি ভাবিছো জনো? সেইটি নেচেল!
গৃহস্থ – ৰ’বা,
হেৰা। এইটো ক’ৰবাৰ অহৌ বলিয়া আধাকটা ল’ৰা।
ইয়াৰে চুপতি মাৰি কি
অন্ত পাবা? এতিয়া ইয়াক উলমূলাই কোনোমতে ৰজাৰ আগত দিবগৈ পাৰিলেই
হয়। হেৰা, আছে যদি গাঁঠিত, পইছা এটা দি সৌ পোহাৰীজনীৰ পৰা কল
দুটামানকে আনি দিয়াহে।
অন্ত পাবা? এতিয়া ইয়াক উলমূলাই কোনোমতে ৰজাৰ আগত দিবগৈ পাৰিলেই
হয়। হেৰা, আছে যদি গাঁঠিত, পইছা এটা দি সৌ পোহাৰীজনীৰ পৰা কল
দুটামানকে আনি দিয়াহে।
হালোৱা – এ, মোৰ
গাঁঠিত নাই দেও! মই পথাৰলৈ আহিছিলো, পইছা কেলেই আনিছোঁ!
গৃহস্থ – এৰা মোৰ
হাতো শুদা।
টেটোন – টোকোনা
চিকটা ককাইহঁত। বোলো, গোচৰলৈ আহিছাহঁক, হাতত পইছা এটি
নাই! তোমালোকৰ জৰী কেগছকে লেজুৱাকৈ এৰি দিয়াহঁকচোন, মোক বুধিৰ
মোনাটোকে মেলি চাওঁ।
নাই! তোমালোকৰ জৰী কেগছকে লেজুৱাকৈ এৰি দিয়াহঁকচোন, মোক বুধিৰ
মোনাটোকে মেলি চাওঁ।
হালোৱা – অঁ, অঁ,
অঁ, মই বাৰু দিছোঁ ঢিলাই।
গৃহস্থ – বাৰু,
ময়ো দিছোঁ এৰি, যক কেনেকৈ পাৰে মাৰকগৈ খঁকটো আপুনি।
পোহাৰী – এৰা তো,
ভোকত কল-বন এটা খাবলৈ এৰি দিব লাগেতো। হেজাৰ হ’লেও
মানুহৰ পোৱালীহে দেহি।
টেটোন – (পোহাৰীৰ
কাষ চাপি) ইয়ে! আমাৰ জাপৰী বাইটি দেখোন। সঁচা, বাইটি, তুমি
মোৰ দুখ নপতিয়ালে
কোনে পতিয়াব? বাইটি! কলবোৰ বাৰুনে? দিয়াচোন এটা খাই
চাওঁ। (কল ছিঙিবলৈ হাত মেলে)
পোহাৰী –
(হাত-মুখ জোকাৰি উঠি) এ-হে! বাৰুটি ঐ! বোলে, ক’ৰপৰা আহিলি ক’ত
দিলি ভৰি,
চোতালখন ফাটি গল চাঁট্ চাঁট্ কৰি। কিনক – নিকিনক ইয়াক এচোন এনেই কল খুৱাই লওঁ!
নেদেখিছা। গুচ্ গুচ্ ইয়াৰ পৰা ভালে ভালে। মনত বিষাদ লাগি আছে। এতিয়ালৈকে পইছা এটাও
বহনি হোৱা নাই।
টেটোন – এ, বাইটি,
কেটেৰা-জেঙেৰানো মাৰা কিয় আকৌ? মোলৈ দেখোন তোমাৰ বৰ
মৰম! বাইটি! পাক
এটাকে দি দেখুৱাও দেই, কল এটা দিবা – (নাম গাই গাই নাচে)
খেমটা
বৰ ভাল
পাওঁ তোমাক মই,
বৰ ভাল
শুনো তোমাৰ ‘হঁই’।
হাটে-বাটে
শুনি আৰু
তোমাৰেহে
হয়-বয়,
বৰ ভাল
পাওঁ মই।।
শুনিলা? দিয়া
কল এটি এতিয়া বাইটি!
পোহাৰী – (মুখ
বিদৰাই) কেনেখন কৰে এই ভেচেলী মুৱাটোৱে! গুচ্ এতিয়া ভালে ভালে,
নহ’লে, দিম বুঢ়ীমাৰে ভালদৰে। মন-চন বেয়া লাগি আছে।
টেটোন – বাৰু
ভালদৰে দিব খুইছা যদি চাইটাও দিয়া। দিলে, আমি দহোটাও বলে পৰা হ’ব।
পোহাৰী – হেৰ,
কটাযোৱা পো, বোলো পইছাটো পেলাবি, কল আষি ল’বি, বুকুত গোৰ
মাৰি গুচি যাবি; কিহৰ আকৌ এইখন লেৰেলা সাদৰ চেলাবলৈ আহিছ?
টেটোন – বাৰু
তেন্তে তোমাৰ কথাই কথা। (মেৰ্-তলীৰ পৰা পইছা এটা উলিয়াই পাচিলৈ
দলি মাৰি দি)
হোঁ, ল, সেইটো পইছা। মোক আৰু এনে নিছলা যেন দেখিছিলিনে?
(পাচিৰ পৰা কল একাষি তুলি লৈ, পোহাৰীক বুকুত গোৰ মাৰি চিট্ খুৱাই পেলাই কল খাবলৈ
ধৰে)
পোহাৰী – (টিকচি-বিকচি
উঠি) ঔ! বন্দী চুৱাসোৱা সেকাৰসোৱা বেটীৰ ধাৰসোৱা পো!
তইচোন মোৰ কল খাই
মোকে গুৰিয়াৱ! বুঢ়ীমাৰে এতিয়াই তোকে ৰজাৰ আগত নিদিমগৈ বুলি জানিছনে?
(বাউলি হৈ টেটোনৰ কঁকালত গামোচা লগায়)
টেটোন – কিনো
বোলে ঐ! কথামতে চলিলে ইহঁতে আকৌ জগৰহে ধৰে। বাৰু, লগাই থাক্
কেইডাল হয় কঁকালত
জৰী। মোক মুঠেই পেটৰ ওজৰটো মাৰি ল’বলৈ দে। (টেটোনে চোঁচা
মাৰি গৈ কল-কুঁহিয়াৰ আৰু যি পালে খাই লৈ কাযলতি বজায়;
পোহাৰীয়ে ডেও-দোপাল পাৰি হায় ঔ-বি ঔ লগায়!)
দ্বিতীয়
অঙ্কপাত
তৃতীয়
অঙ্ক
প্ৰথম পট
ৰজাৰ
বিচাৰ চৰা
(ৰজা,
ন্যায়সোধা ফুকন, গৃহস্থ, হালোৱা, পোহাৰী, টেটোন আৰু কটোৱাল)
ৰজা – কিহৰ গোচৰ
আজি এইখন ডাঙৰীয়া?
ফুকন – গোচৰ
তিনিখন স্বৰ্গদেৱ! চুৰি, ডকাইটি আৰু গো-বধৰ গোচৰ।
ৰজা – কিন্তু,
অপৰাধী দেখোন এটাহে?
ফুকন – হৈছে,
স্বৰ্গদেৱ! সেই এটাৰ কঁকালতে তিনিটাৰ তিনিগছ জগৰৰ ডোল।
ৰজা – ইনো কেনে
কথা! একেটা মানুহেই একেবাৰতে তিনিখন গোচৰত কেনেকৈ পৰিল?
ফুকন – সঁচা,
স্বৰ্গদেৱ! এখন গোচৰত এটাৰ হাতত বন্দী হৈ, আকৌ ই দুখনত সি কেনেকৈ পৰিবলৈ
পালে সেইটো অলপ আচৰিত মানিবলগীয়া কথা। এতিয়া বিচাৰতহে ইয়াৰ তত্ত্ব পোৱা যাব।
পালে সেইটো অলপ আচৰিত মানিবলগীয়া কথা। এতিয়া বিচাৰতহে ইয়াৰ তত্ত্ব পোৱা যাব।
ৰজা – বাৰু,
সোনকালে বিচাৰ আৰম্ভ কৰাচোন।
ফুকন – ভাল,
স্বৰ্গদেৱ! হেৰ, গুচৰীয়াহঁত, এফলীয়া হৈ থিয় দে। (গৃহস্থ, হালোৱা আৰু পোহাৰীয়ে
টেটোনৰ কঁকালৰ ৰচা এৰি দি এফলীয়া হয়) বাৰু এতিয়া প্ৰথম গোচৰীয়া কোন?
টেটোনৰ কঁকালৰ ৰচা এৰি দি এফলীয়া হয়) বাৰু এতিয়া প্ৰথম গোচৰীয়া কোন?
গৃহস্থ – (আঁঠু
লৈ) দেউতা ঈশ্বৰ! মই।
ফুকন – বাৰু, তোৰ
গোচৰ কি?
গৃহস্থ –
দেউতা-ঈশ্বৰ! ই মোৰ ঘৰত ৰাতি চোৰ সোমাইছিল। পিছে মালবস্তু লৈ ওলাবলৈ
নৌ পাওতেই মই সাৰ পালোঁ। আৰু ৰাতিটো তাক বান্ধি থৈ পুৱাতে স্বৰ্গদেৱৰ
আগলৈ লৈ আহিছো। ই অতি গভাইত চোৰ দেউতা ঈশ্বৰ!
নৌ পাওতেই মই সাৰ পালোঁ। আৰু ৰাতিটো তাক বান্ধি থৈ পুৱাতে স্বৰ্গদেৱৰ
আগলৈ লৈ আহিছো। ই অতি গভাইত চোৰ দেউতা ঈশ্বৰ!
ফুকন – (টেটোনৰ
প্ৰতি) হয় নে কটা, তই গৃহস্থৰ ঘৰত চোৰ সোমাইছিলি?
টেটোন –হৈছে,
দেউতা-ঈশ্বৰ, চোৰ বুলিয়েইতো আনিছে ধৰি।
ফুকন – পিছে?
টেটোন –পিছে,
প্ৰমাণ লওক, দেউতা-ঈশ্বৰ!
গৃহস্থ – সি আৰু
কি প্ৰমাণ দিব, দেউতা-ঈশ্বৰ! হাতে হাতে ধৰি, বান্ধি লৈ আহিছোঁ, ইয়াৰ উপৰি
আৰু তাৰ কি ক’বলৈ আছে।
আৰু তাৰ কি ক’বলৈ আছে।
ফুকন – সঁচানে?
অপৰাধীৰ আৰু কিবা ক’বলৈ আছেনে?
টেটোন
–দেউতা-ঈশ্বৰ, মোৰ বেছি ক’বলৈ নাই সঁচা। কিন্তু ৰাতিৰ কাল বুলি তেৱেঁই
কৈছে,
বাহিৰত মানুহ-দুনুহ নাই তেওঁ; যে মোক বাটৰ পৰা ধৰি নি বান্ধি থোৱাহৈ নাই,
তেৱেইচোন তাৰ প্ৰমাণ দিয়ক আগেয়ে।
বাহিৰত মানুহ-দুনুহ নাই তেওঁ; যে মোক বাটৰ পৰা ধৰি নি বান্ধি থোৱাহৈ নাই,
তেৱেইচোন তাৰ প্ৰমাণ দিয়ক আগেয়ে।
ৰজা – সঁচা
এইয়াতো সম্ভৱপৰ কথা। অৱশ্যে দুয়োটাতে প্ৰমাণৰ প্ৰয়োজন।
ফুকন – বাৰু,
(গুচৰীয়াৰ প্ৰতি) তই যে বাটৰপৰা ধৰি অনা নাই, ভিতৰতহে পাইছিলি, সেইটো
কোনে কোনে দেখিছিল? সাক্ষী দিব পাৰিবিনে?
কোনে কোনে দেখিছিল? সাক্ষী দিব পাৰিবিনে?
গৃহস্থ – তেতিয়া
আন কোনো নাছিল, দেউতা-ঈশ্বৰ! আমাৰ সিজনীয়েহে মাথোন দেখিছিল।
ফুকন – (হাঁহি
হাঁহি) কটা, ভাল সাক্ষী বিচাৰি পালিগৈ। ঘৈণীয়েৰেতো নহয় নোবোলে।
গৃহস্থ – তেন্তে
শপতলৈকে দিয়ক, দেউতা-ঈশ্বৰ! য’তে ধৰিবলৈ কয়, মই ত’তে ধৰিব পাৰোঁ।
টেটোন – বাৰু,
সেইটো এৰিছো। দেউতা-ঈশ্বৰে সোধকচোন তেওঁনো সাৰ পালে কেনেকৈ?
ফুকন – বাৰু, গুচৰীয়া
কচোন কেনেকৈ সাৰ পালি?
গৃহস্থ -
দেউতা-ঈশ্বৰ, সি মোৰ ভিতৰত সোমাই, বেৰত আঁৰি থোৱা ভগা ঢোলটো বজাই
দিয়াত, মই সাৰ পাই উঠি চাও দেখোন, এইটো চোৰ সোমাইছে।
দিয়াত, মই সাৰ পাই উঠি চাও দেখোন, এইটো চোৰ সোমাইছে।
ৰজা – কি আচৰিত!
কাণত নোসোমোৱা কথা!
টেটোন – (মুখত
কাপোৰৰ সোপা দি হাঁহি) শুনক দেউতা-ঈশ্বৰ। স্বৰ্গদেৱ-ঈশ্বৰেও শুনিছে।
চোৰে হেনো ঢোল
বজাই গৃহস্থক সাৰ পোৱাই লয়। ইয়াৰ উপৰি কিবা প্ৰমাণ
লাগিবনে, দেউতা-ঈশ্বৰ?
লাগিবনে, দেউতা-ঈশ্বৰ?
ফুকন – নালাগে
আৰু প্ৰমাণ! গোচৰৰ কথা মোৰ মনত প্ৰলাপ যেনহে লাগিছে।
টেটোন – স্বৰূপ
কৈছে দেউতা-ঈশ্বৰ! মোৰ মনেৰে এই কিৰ্পিণ গৃহস্থই দিঠকতে সপোন
দেখিছিল। বাজ নে ভিতৰ
সেইফেৰা জ্ঞান বপুৰিৰ গাত নাছিল যেন পাও। নহ’লেনো বাটৰ বাটৰুৱাক
ঘৰি-বান্ধি ৰজাৰ আগত দিয়েহিনে? ময়ো পিছে একা নক’লো, মনে মনে বোলো, এই চলতে ৰাজদৰ্শন লাভ কৰি আহোঁগৈ।
ফুকন – উঃ হয়
দেও, এইটো শ-টকীয়া কথা!
টেটোন – ভাল,
সোইফেৰা দেউতা-ঈশ্বৰৰ অনুগ্ৰহ। নেপাহৰে যেন।
ফুকন – গুচৰীয়া
যে ভ্ৰমত পৰিছে, তাৰ বিশিষ্ট প্ৰমাণ পোৱা গ’ল। মোৰ মনেৰে গোচৰ সম্পূৰ্ণ মিছা।
স্বৰ্গদেৱৰ যি আজ্ঞা।
স্বৰ্গদেৱৰ যি আজ্ঞা।
ৰজা – অপৰাধীক
এটা গোচৰৰ পৰা মুক্তি দিয়া গ’ল।
টেটোন – (গৃহস্থৰ কাষ চাপি কাণে কাণে) এতিয়া কেনে! ভেচভেচীয়া নহ’লা!মই
নকৈছিলোঁ,
বোলো, মোৰ
পেটজনাক পূজা এভাগি নিদিয়াৰ বাবে তোমাক পাপে চুইছে।
তেতিয়া মোক বলিয়া বুলিছিলা? এতিয়া বলিয়া কোনহে?
তেতিয়া মোক বলিয়া বুলিছিলা? এতিয়া বলিয়া কোনহে?
গৃহস্থ – সঁচা,
বোপাই, মোৰ ধন-বস্তুৱেই মোক বলিয়া কৰিবগৈ যেন পাইছোঁ।
ফুকন – (হালোৱালৈ
চাই) বাৰু, কটা, এতিয়া তোৰ গোচৰৰ কথা কৱ।
হালোৱা – (আঁঠু
লৈ) দেউতা-ঈশ্বৰ! ই মোৰ হালৰ বলধী এটা মৰিয়াই মাৰি থৈ আহিছে। মই বন্দী
নিৰুপায়, দেউতা-ঈশ্বৰ!
নিৰুপায়, দেউতা-ঈশ্বৰ!
ফুকন – (টেটোনৰ
প্ৰতি) হেৰ কটা, সঁচানে?
টেটোন – সঁচা,
দেউতা-ঈশ্বৰ। সঁচা কথা কৈ কটা যাও সিও ভাল! মই কেতিয়াও মিছা
নামাতো।
ফুকন – তেনেহ’লে
তই নিজ মুখে ঘাটি। এতিয়া তই ক্ষতিপূৰণ দিলে হে হ’ব।
হালোৱা – হৈছে,
দেউতা-ঈশ্বৰ! মই সেইটো গৰু একুৰি-এটকা দি কিনিছিলোঁ।
ফুকন – (টেটোনক)
তই তেন্তে সেইখিনি ধন তাক দিব লাগিব।
টেটোন – ভাল,
দেউতা-ঈশ্বৰ, দিব লগা হয়গৈ যদি দিয়া যাব। কিন্তু, মই সঁচা কথাহে
স্বীকাৰ কৰিছো, দোষী বুলি সৈ লোৱা নাই নহয়, দেউতা-ঈশ্বৰ।
ফুকন – কিয়নো নহ’বি
দোষী? তোৰ নিজৰ কথাই তোক দোষী কৰিছে দেখোন।
টেটোন -
দেউতা-ঈশ্বৰ! তেওঁ কোৱা কথা মতে কাম কৰাৰ বাবেও মই দোষী হ’ব
লাগেনে?
ফুকন – তাৰ কথা
মতে চলিছিলি যদি, তই শলাগহে পাব লাগিছিল। পিছে, কিয়নো অপৰাধী
বুলি সি ধৰি আনিছে? বাৰু কিনো কথা ভাঙ্গি কচোন।
টেটোন – ভাল, দেউতা-ঈশ্বৰ,
শুনক তেন্তে। এই গৃহস্থই মোক ধৰি আনি আছে, এনেতে
বাটত এই হালোৱাক
আমি লগ পাও। সি হাল বাবলৈ নিয়া গৰু দুটাই সাঙোৰ ছিঙ্গি দুটা দুফালে লৰ মাৰে। পিছে
সি আথে-বেথে ক’লে, বোলে, ‘যোৱা দেউতাহে সৌ বাঘৰ বুকুলৈ
যোৱা গৰুটো মাৰ এটা মাৰি ৰাখি দিয়াগৈ।’ মই চালো, বাঘৰ বুকুলৈ
যোৱাতকৈ মাৰ এটা মাৰি ৰাখি দিয়াই ভাল। এই ভাবি, দেউতা-ঈশ্বৰ, লৰি গৈ মাৰ এটা মাথোন
মাৰি গৰুটো বাঘৰ বুকুৰ পৰা ৰাখি দিলো। এটাতকৈ সৰহ মাৰ মাৰিছো যদি, সোধক তাকে
দেউতা-ঈশ্বৰ! এই গৃহস্থই সাক্ষী।
ফুকন – (হালোৱাৰ
প্ৰতি) হেৰ কটা, সঁচানে? মাৰ এটা মাৰি ৰাখিবলৈ কোৱা হয়নে?
হালোৱা – হয়,
দেউতা-ঈশ্বৰ, সেইবুলি কোৱা হয়।
ফুকন – পিছে, সি
কেইটা মাৰ মাৰিলে?
হালোৱা – একেটা
মাৰতে মাৰি থলে, দেউতা ঈশ্বৰ!
টেটোন – এতিয়া
মোৰ গাত কিবা দায় আছেনে দেউতা-ঈশ্বৰ?
ফুকন – নাই, নাই
তোৰ গাত দোষ নাই! উঃ এইটো হেজাৰ টকীয়া কথা দেও!
টেটোন – ভাল, সেই
ফেৰাও দেউতা-ঈশ্বৰৰ কৃপাহে। মনত থাকে যেন। কিন্তু ক্ষতিপূৰণ এতিয়া
পায় কোনে? উচটাই গো-বধ কৰোৱা পৰাচিতৰ বাবে মই ক্ষতিপূৰণ নেপাওনে,
দেউতা-ঈশ্বৰ?
পায় কোনে? উচটাই গো-বধ কৰোৱা পৰাচিতৰ বাবে মই ক্ষতিপূৰণ নেপাওনে,
দেউতা-ঈশ্বৰ?
ৰজা – ঠিক কথা।
ক্ষতিপূৰণ ইহে পাৰ লাগে। গুচৰীয়াই তাক পৰাচিতৰ ধন দিব লাগিব।
টেটোন – ধইন্!
ভালেহে স্বৰ্গদেৱ-ঈশ্বৰক ধৰ্মাৱতাৰ বোলে। (হালোৱাৰ কাষ চাপি কাণে
কাণে) ব’ল আজি ঘৰলৈ, তোৰ ইয়োটো গৰু বেছিমগৈ, বাপেৰে।
হালোৱা – অ,
শুনিছে, দেউতা-ঈশ্বৰ, ই এতিয়া কি কয়!
ফুকন – (পোহাৰীৰ
প্ৰতি) বাৰু, এতিয়া তোৰ গোচৰ কি? কৈ যা।
পোহাৰী – দেউতা
ঈশ্বৰ! ই কটাযোৱাই মোৰ পাচিৰে কল খায়, আকৌ মোকে বুকুত
গুৰিয়াই পেলায়।
এনে দিন-ডকাইত হ’লে বাঁৰী দুখুনী মানুহ আমি কেনেকৈ তৰিম,
দেউতা।
টেটোন – (কথাৰ
লাচতে) তৰিব নোৱাৰ যদি মৰিবতো পাৰিবি?
ফুকন – (টেটোনৰ
প্ৰতি) তইনো তাইৰ পাচিৰে কল খাই তাইকে বুকুত গুৰিয়ালি কিয়?
কথা সঁচা নে
মিছা?
মিছা?
টেটোন – মিছা নকও
বুলিছো নহয়, দেউতা। বুকুত গোৰ মৰাটো সঁচা। কিন্তু কথামতে চলিলেও
জগৰ ধৰিব পায়নে? আৰু, পইছা দি বস্তু ল’লেও ডকা দিয়া হয়নে, দেউতা-ঈশ্বৰ?
জগৰ ধৰিব পায়নে? আৰু, পইছা দি বস্তু ল’লেও ডকা দিয়া হয়নে, দেউতা-ঈশ্বৰ?
ফুকন – কথামতে
চলিলে জগৰ ধৰিব কিয়? আৰু পইছা দি বস্তু ল’লে
ডকা দিয়া নহয়। হেৰ বেটী,
তোক সি কলৰ পইছা দিছিলেনে?
তোক সি কলৰ পইছা দিছিলেনে?
পোহাৰী – দিছিল,
দেউতা-ঈশ্বৰ!
ফুকন – পিছে,
তেন্তে?
টেটোন – তাৰ
পিছে, দেউতা, ময়ে কও। মই কল কিনিবলৈ দৰ-ভাও কৰাত, তাই ক’লে,
‘বোলে,
পইছাটো পেলাবি, কল আষি লবি, বুকুত গোৰ মাৰি গুচি যাবি।’
তাতকৈ এক ৰতিও বেছি কৰিছো যদি, মই সমুলঞ্চে ঘাটি, দেউতা-ঈশ্বৰ!
পোহাৰী- ইঃ সিনো
বাৰু কথাটোতে লাগি বুকুত গুৰিয়াব পায়নে? ক’ত
দেখিছা, এনে কথা!
টেটোন – হেৰ কথাত
নেলাগি নো লাগে কিহত? বাৰু তয়ে কচোন, তোৰ কথামতেই মই
চলা নাইনে?
তোৰ পাকলগা কথাৰ ধাৰ আকৌ নুবুজোঁ নহয়; আমি পোনপটীয়া মানুহ।
ফুকন – উঃ এইটো
আকৌ লাখটকীয়া কথা দেও! বাৰু সোণামুৱা ডেকাটো হয়!
টেটোন – এইফেৰা
দেউতা-ঈশ্বৰৰ অনুগ্ৰহৰ উপৰি অনুগ্ৰহ। দেউতাৰ অনুগ্ৰহলৈ যথা সময়ত
অৱশ্যে মনত পেলোৱা যাব, এতিয়া গোচৰৰ ৰায় শুনিবলৈ প্ৰাৰ্থনা কৰোঁ।
ৰজা – অপৰাধী এটা
দোষৰৰো দোষী নহয়। এতেকে, তাক কেয়োখন গোচৰৰ পৰা মুক্তি
দিয়া গ’ল।
এতিয়া গোচৰৰ ডোল নিজ নিজ হাতে মোকলাই লৈ, গুচৰীয়াবিলাক ঘৰে ঘৰে যাব লাগে। তাৰ
পাছত, পদকীয়াও যাব পাৰে।
গুচৰীয়াবিলাক –
যি আজ্ঞা, স্বৰ্গদেউ-ঈশ্বৰ!
(টেটোনৰ বান্ধ
সোলকাই লৈ, তিনিওৰে প্ৰস্থান)
টেটোন – যে
হুকুম, স্বৰ্গদেউ-ঈশ্বৰ! ময়ো তেন্তে পিছ লাগো। (পিছে পিছে ভেঙ্গুচালি কৰি)
ব’ল আজি বাপেৰে! বাটত আকৌ এসেকা নিদিম বুলি জানিছনে?
(প্ৰস্থান)
ৰজা – উঃ আজিৰখন
গোচৰ শুনিবলগীয়া দেও!
ফুকন – হৈছে,
স্বৰ্গদেউ! অপৰাধীৰ যুক্তিবোৰ মই অকাট্য পালোঁ।
ৰজা – সচাঁ, সি
বৰ বিচক্ষণ বুদ্ধিৰ ডেকা। তাৰ যুক্তি ময়ো শলাগিছোঁ। বাৰু,
ডাঙৰীয়া, আজিলৈ
আৰু ইমানতে উঠা যাওক, কি বোলে?
আৰু ইমানতে উঠা যাওক, কি বোলে?
ফুকন – ভাল,
স্বৰ্গদেৱ! বিদায়হে এতিয়া। ( দুইৰো দুইফালে প্ৰস্থান)
দ্বিতীয়
পট
গাঁওবাট
(দুটা
হাটৰুৱা)
১ম – উঃ! অতি টান
পালোঁ হয় দেও! মোৰ পৰাই কিনি আকৌ মোকে বেচিবলৈ বিচাৰে! বুপাইঔ!
কিনো টেটোন ওলালেহিঔ!
কিনো টেটোন ওলালেহিঔ!
২য় – হেৰ, কিন্তু
অজলা ককাই! তই কিন্তু কথাতহে টেটোন বুলিছ, সচাঁকৈয়ে হেনো টেটোন এটা
কিন্তু ওলাইছেহি। তই কিন্তু শুনা নাইনে?
কিন্তু ওলাইছেহি। তই কিন্তু শুনা নাইনে?
১ম – ওঁ-হুঁ, মই
একো শুনা নাই বোপাই! অ, আজি মোক পোৱাটোৱেইনে কি? আও! সেইটোৱে
পালে হ’লে জীয়াই জীয়াই বেচি খাব বোপাই ঐ!
পালে হ’লে জীয়াই জীয়াই বেচি খাব বোপাই ঐ!
২য় – সেইটোৱেই কিন্তু
হব পায়। মই কিন্তু চিনি নেপাও, শুনিছোঁহে। আও,
নামে-গাঁৱে কিন্তু
টেটোন হেনো ককাই!
কথাৰে কেৱে কিন্তু বলে নোৱাৰে, মন্ত্ৰীও কিন্তু বিগৰে। সিদিনা কিন্তু তিনিটা কথাৰে
তিনিখন গোচৰ টিলিকিতে উৰাই দিলে।
১ম – বাৰু, কোনেনো
নামে-গাঁৱে টেটোন? কচোন ক, বাৰু শুনিয়েই থও।
২য় – এৰা, কিন্তু
কথাতহে যোজনা দিয়া কিন্তু শুনিছিলো টেটোন বুলি, এতিয়া কিন্তু
সঁচাকৈয়ে টেটোন
নামেৰে কিন্তু চেঙ্গেৰা ডেকা এটা কিন্তু ফুৰিছেহি। ককাইটি ঐ! তাৰ কিন্তু কথা
কিন্তু শুনিয়েই কিন্তু তল যাও।
১ম – কেনেনো,
হেৰ, কচোন। ভাঙ্গি ক’লে কিবা দায় লাগে নেকি? থোৰতে নো থৱ কিয়?
২য় – ক’লে
কিন্তু দায় নাই। কিন্তু নাম লওতেই, ভূতে পোৱাদি কিন্তু পায়হি যেন লাগে কিন্তু।
১ম – বাৰু, কচোন।
আমি এতিয়া দুটা আছো। ভয় নাই; নাইবা মেনে মেনে কৈ যা শুনি থাকো।
২য় – এঃ কিন্তু
তই আকৌ দুটাকৈ কিন্তু গপাইছ। এশটায়ো কিন্তু বলে পৰা নাই। সিদিনা কিন্তু মন্ত্ৰী
ডাঙৰীয়াৰ চকুতে ধুলি মাৰি কিন্তু কাম সাধিলে।
ডাঙৰীয়াৰ চকুতে ধুলি মাৰি কিন্তু কাম সাধিলে।
১ম – ঔ আই! হেৰ,
কেনেকৈ পালে মন্ত্ৰী ডাঙৰীয়াৰ চকুত ধুলিছাতি মাৰিবলৈ।
২য় – এঃ, তই
কিন্তু নিচেই ভোদা মানুহ কিন্তু অ! হেৰ, কিন্তু চকুত ধূলি দিয়া অৰ্থত কিন্তু ভুৱা দিয়া
বুজায়।
বুজায়।
১ম – কেনেকৈ,
কেনেকৈ? কচোন, কেনেকৈ?
২য় – কেনেকৈ
কিন্তু কও শুন। সেই টেটোনটো কিন্তু ডাঙৰীয়াৰ পদূলিৰ আগেদি কিন্তু গৈছিল।
১ম – পিছে পিছে?
২য় – পিছে, সি
কিন্তু গাভৰু-টোলৰ ফালে চাই কিন্তু চকু টিপিয়াইছিল।
১ম – পিছে, উঃ
ইমানটো সাহ! পিছে, পিছে?
২য় – পিছে;
কিন্তু ডাঙৰীয়াই শুনি তাক কিন্তু তেতিয়াই ধৰাই নিয়ালে।
১ম – তাৰ পিছে?
তেতিয়াই তাক চাগৈ শালত দিবলৈ হুকুম দিলে। উঃ ইমানটো পিত! হ’ব তো তাৰ
তেনে দশা!
তেনে দশা!
২য় – ইঃ ক’ত
কিন্তু শালত দিয়ে! শুনচোন কিন্তু শুনি ল কিন্তু আগেয়ে। ডাঙৰীয়াৰ চ’ৰালৈ
ধৰি নিওতে কিন্তু
বাটতে কিন্তু সি ঘনাই চকু পিৰিকিবা কিন্তু স্বভাৱৰ মানুহটো কিন্তু হৈ পৰিল। তাৰ
পাছত, কিন্তু ডাঙৰীয়াৰ আগত কিন্তু থিয় কৰালত সি কিন্তু কথাইপতি চকু টিপিয়াবলৈ
কিন্তু ধৰিলে।
১ম – আও, বুপাঐ!
কিনো বুধিঐ! হেৰ, সচাঁকৈয়ে কৈছনে? উঃ থিতাতে ভাল ফাকটিখন তৰিলে!
২য় – সঁচা কিন্তু
আকৌ। তোৰ কিন্তু ল’ৰাটিৰ মূৰ খাবলৈকে কিন্তু সঁচা।
১ম – ঐ, বুপাঐ! মন্ত্ৰী
ডাঙৰীয়াকে ভুৱা দিলে। আমি কোন কুটা তাৰ মানত?
২য় – তোকতো
কিন্তু কৈছো! বোলো, ভাল সাৰিলোহঁক কিন্তু আজি! এতিয়া কিন্তু ভালে
ভালে কিন্তু ঘৰ
সোমাওগৈ ব’ল কিন্তু ককাই! কেনেবাকৈ ইয়াতে কিন্তু পৰুৱাই পোৱাদি পাই
কিন্তু কৰবালৈ উৰুৱাই কিন্তু নিবহি পিছে!
১ম – হয়, বোপাই,
ব’ল ব’ল, দিনে-পোহৰে ঘৰ সোমাওগৈ। ইস্! ইস্!! ইস্!!!
(প্ৰস্থান)
তৃতীয় পট
ৰজাৰ
ভিতৰ চৰা
(ৰজা আৰু
ন্যায়সোধা ফুকন)
ৰজা – ৰাজ্যৰ
কুশল নে ডাঙৰীয়া?সকলো পিনে শান্তি ৰক্ষা পৰিছেনে?
ফুকন – হৈছে স্বৰ্গদেৱ!
মই জনাত, ক’তো কোনো অশান্তিৰ চিন নাই। স্বৰ্গদেৱৰ
নো অবিদিত কি আছে?
ৰজা – নহয়
ডাঙৰীয়া, তোমালোকৰ মুখে ৰাজ্যত শান্তি ৰক্ষা পৰিছে বুলি শুনিলে, মই
বিশেষ শান্তি
উপভোগ কৰোঁ। মোৰ তিনিজনা ডাঙৰীয়া আৰু তোমালোক ডাঙৰ
বিষয়াকেইজনেই ৰাজ্যৰ ঘাই ধৰণী।
ফুৰন – সেইটো
স্বৰ্গদেৱৰ অনুগ্ৰহ। কিন্তু, আমি বিষয়াবিলাক স্বৰ্গদেৱৰ হাতৰ অস্ত্ৰ মাথোন।
স্বৰ্গদেৱৰ নিজ
গুণেই চাৰিওফালো যশস্যা ৰৈ-বৈ গৈছে। চৌদিশে স্বৰ্গদেৱৰ সাধুবাদ শুনা যায়।
ৰজা – কাৰ মুখে
শুনা যায় সাধুবাদ, ডাঙৰীয়া?
ফুকন – সকলোৱে
স্বৰ্গদেৱৰ গুণ গায়। তথাপি, বিশেষকৈ নিজৰ প্ৰজাবৰ্গৰ মুখত সেই গুণ-গান
সততে শুনা যায়।
সততে শুনা যায়।
ৰজা – ময়ো তাকেহে
বাঞ্ছা কৰোঁ ডাঙৰীয়া! প্ৰজাৰ প্ৰশংসাত মোৰ হিয়া আনন্দেৰে উপচি
পৰে। কিন্তু! কি বিষয় লৈনো প্ৰজাই আমাৰ গুণ গায়?
ফুকন –
স্বৰ্গদেউৰ অশেষ গুণ! গতিকে, গুণ-গানৰ বিষয়ে অলেখ। তথাপি, স্বৰ্গদেৱৰ ন্যায় বিচাৰ
মন্ত্ৰীক চলিম সমন্ধে বিশেষকৈ প্ৰশংসা কৰা শুনা যায়। সবাৰে মুখে।
মন্ত্ৰীক চলিম সমন্ধে বিশেষকৈ প্ৰশংসা কৰা শুনা যায়। সবাৰে মুখে।
ৰজা – হ’ব
পাৰে। কিন্তু, ময়ো তাৰ অকল গৰাকী নহয়। তাত তোমাৰো ভাগ আছে।
ফুকন – সেই সেইটো
স্বৰ্গদেৱৰ অনুগ্ৰহ!
ৰজা – অনুগ্ৰহ
নহয়। ভাবি চাবা, ন্যায় সোধাৰ বাব তোমাৰ গাতহে; মই সোধাৰ শেষত
আজ্ঞা দিওতা
মাথোন।
ফুকন –
স্বৰ্গদেৱৰ আগত আৰু বঢ়াই কি ক’ম, মই হ’লে নিজলৈ
টান পৰিলেও ন্যায়ৰ পৰা পিছলি
নাযাও।
নাযাও।
ৰজা – সঁচা, ময়ো
মন কৰিছোঁ।
(দুটা উদং টোমৰ ভাৰ লৈ টেটোনৰ প্ৰৱেশ)
টেটোন – (আঁঠু
লৈ) স্বৰ্গদেৱ-ঈশ্বৰ! আৰু ডাঙৰীয়া দেউতা!
ফুকন – হেৰ, মই
কোন? তোক কোনে ভেটালে?
টেটোন – মই, সেই
মই, দেউতা ঈশ্বৰ! আৰু মোক কোনেও নেভেটিলে। ভেটা হ’লেনো আৰু
এইখিনি পাবহি পাৰোঁনে?
এইখিনি পাবহি পাৰোঁনে?
ফুকন – হেৰ, কোন ‘মই’? কটা, তইনো ইমান বৰ মানুহ নে মই বুলি চিনাকি দিয়!
টেটোন – এ, দেউতা
কিনো ক’ব লাগে পিছে? মই জানো মই নহয়, দেউতা?
ৰজা – অ, তাক মই
চিনিছো। এইটো সিদিনা তিনিখন গোচৰত পৰি মুক্তি পোৱা ডেকাটো।
টেটোন – হৈছে
স্বৰ্গদেৱ-ঈশ্বৰ! হেজাৰো হওক, এখাপ ওখ যি ওখ! স্বৰ্গদেৱে টপ্ কৰে ধৰিলে। সেই
মই!
মই!
ফুকন – হেৰ কটা,
তই ইয়ালৈ কেনেকৈ আহিলি?
টেটোন –
দেউতা-ঈশ্বৰ, মই খোজ কাঢ়ি আহিলো।
ফুকন – কটা, কি
গজমূৰ্খ এইটো! হেৰ, তই নো খোজকাঢ়ি নাহি দোলা-ঘোঁৰাত উঠি ইয়ালৈ অহাৰ
সাধ্য আছেনে?বোলো, কাকো নোসোধা-নেমেলাকৈ তই অকলে এইখিনি কেনেকৈ পালিহি?
সাধ্য আছেনে?বোলো, কাকো নোসোধা-নেমেলাকৈ তই অকলে এইখিনি কেনেকৈ পালিহি?
টেটোন –
(ভোৰভোৰাই) সঁচা, গজমূৰ্খ নহ’লে নো ৰজা কেনেকৈ! (ফুটাই) কিয়, দেউতা,
সিদিনা গোচৰত আহোতে মই বাট চিনি গৈছো নহয়।
ৰজা – (হাঁহি
মাৰি) বাৰু, কেনেকৈ আহিলি সেইটো এৰি দিয়া; কিয় আহিছে তাকে সোধাচোন।
ফুকন – হেৰ কটা,
কিয় আহিছ তই, কচোন; কি লাগে?
টেটোন –
ডাঙৰীয়া-দেউতাকে বিচাৰি বিচাৰি এইখিনি পাইছোঁহি। মোৰো কপাল ভাল,
স্বৰ্গদেৱৰ সৈতে একে লগতে পালোহি।
ৰজা – হেৰ কটা,
তই নো বাৰু ডাঙৰীয়াক ইমানকৈ কিয় বিচাৰিছ? আৰু মোৰ ওচৰত
পোৱাত নো তোৰ কি কপাল ভাল হ’ব। ভাঙ্গি কচোন!
টেটোন –
স্বৰ্গদেৱ-ঈশ্বৰ! ডাঙৰীয়া দেউতাই যে সেইদিনা এশ-এহেজাৰ-এখ লাখ টকা
দিম বুলিছিল,
তাকে নিবলৈ বুলি এই টোম দুটা সাজি লৈ তেখেতক বিচাৰি ফুৰিছোঁ। ঘৰত
নাপাই ইয়ালৈকে আহিছো।
ফুকন – কি! মই?
মই তোক দিম বুলিছিলো অতবোৰ টকা?
টেটোন – হৈছে,
দেউতা-ঈশ্বৰ! পিছে, অতবোৰ টকা এই দুটা টোমত নধৰিব হ’বলা?
আৰু ধৰিলেও মই
বলে পৰাটো টান দেখিছো। সেই দেখি, দেউতা-ঈশ্বৰে টকাকৈ নিদি মোহৰকৈ দিয়ে। এয়ে গোহাৰি।
ফুকন – হেৰ কটা,
বলিয়া হৈছ নেকি? মই তোক কেতিয়া টকা দিম বুলিছিলো?
টেটোন – সঁচা,
দেউতা, দুখীয়া-নিছলা দেখি মোক আটায়ে বলিয়াহে পাতে। সিদিনা বলিয়া
পাতি অনা
গোচৰকেইখন দেউতায়ে সুধিছিল নহয়! ডঙৰীয়া ডাঙৰ লোক, ডাঙৰ ডাঙৰ কথাত থাকে, এইবোৰ সৰু
কথালৈ পাহৰিছে হব পায় এতিয়া। কিন্তু, সেইদিনা এয়াতে, স্বৰ্গদেৱৰ সাক্ষাততে
ডাঙৰীয়া-দেউতাই নিজ মুখে সেই টকাৰ কথা বেকত কৰে!
ৰজা – হেৰ কটা,
মোৰ সাক্ষাতে?
টেটোন – হৈছে, স্বৰ্গদেৱ-ঈশ্বৰ!
ৰজা – কতা! মোৰ দেখোন মনত নপৰে!
টেটোন – (গহীনাই) এৰা, স্বৰ্গদেৱ আকৌ ডাঙৰীয়াতকৈও এখাপৰ
ডাঙৰ, সেই দেখি অলপ
ডাঙৰকৈ পাহৰিছে। নেপাহৰিবলৈ, এখন বাজ্যৰ কথা মূৰত; এই সামান্য কথালৈনো স্বৰ্গদেৱৰ হঠাতে কেনেকৈ
মনত পৰিব?
স্বৰ্গদেৱ-ঈশ্বৰ! সেইদিনা – সেই গোচৰ সুধিবৰ দিনা – ডাঙৰীয়া-দেউতাই নিজ মুখে
স্বীকাৰ পাইছিল, প্ৰথমখন গোচৰৰ বাবে এশ, দ্বিতীয়খনৰ বাবে এহেজাৰ আৰু তৃতীয়খনৰ বাবে
এক লাখ টকীয়া কথা বুলি। এতিয়া স্বৰ্গদেৱৰ মনত পৰিব পায়?
ফুকন – হেৰ কটা, সেইটো মুখৰ কথাহে?
টেটোন – সঁচা, দেউতা, কথা বুলিলেই সি মুখৰহে। তাতে আকৌ
দেউতাৰ লাখ টকীয়া সোণ-ৰূপৰ
মুখৰ কথা।
মুখৰ কথা।
ফুকন – (চিন্তাযুক্ত হৈ) উঃ কটা! কথাতে
এতিয়া অতবোৰ টকা ভৰিবগৈ লাগিব নেকি!
ৰজা – কথাটো কিন্তু মিছা নহয় ডাঙৰীয়া।
যুক্তিমতে ই টকা পাবগৈ পাৰে হয়।
টেটোন – ধইন্ ধইন্ স্বৰ্গদেৱ-ঈশ্বৰ! হয়তো,
যুক্তিমতেহে চুক্তি। চুক্তি এৰাবলৈ হ’লে
আগতে যুক্তি ভাঙ্গিব লাগিব।
ৰজা – পিছে, ডাঙৰীয়া কি কোৱা এতিয়া?
টেটোন – ক’ব কি আৰু
স্বৰ্গদেৱ! ন্যায়সোধাত ডাঙৰীয়া এজন জগতে জনা লোক। প্ৰাণ
গ’লেও কথা নেৰে
নহয়। এনেজন পুৰুষ নহ’ব আৰু!
ফুকন – (হুমুনিয়াহ কাঢ়ি) জানো স্বৰ্গদেৱে
কি উপদেশ দিয়ে। মই হ’লে –
ৰজা – মই হ’লে আন উপায়
নেদেখো। নিজৰ গালৈ টান পৰিলেও ন্যায়ৰ পৰা পিছলিব
নালাগে। সেইটো দেখোন তোমাৰেই মত।
ফুকন – (মূৰ খজুৱাই) এৰা, গৈ-থৈ এতিয়া দিব
লগাতহে পৰিলোগৈ যেন পাইছো অতবোৰ
টকা!
টেটোন – হয়তো, সজলোকৰ সজ কথা। নিদিব নো
কেলেই, ডাঙৰীয়া হেন ডাঙৰ লোক
এজনৰ মুখখনতকৈ এক লাখ টকা নো কি
ডাঙৰ বস্তু!
ফুকন – বাৰু, দিব লগা হ’ল যদি, বল দিওগৈ!
টেটোন – ভাল দেউতা-ঈশ্বৰ! কিন্তু টকাকৈ
বলে পৰা নহ’ব। ৰূপৰ সলনি সোণৰ মোহৰ
দিবলৈ গাত লওক দেউতা-ঈশ্বৰ!
ৰজা – বাৰু, দিব যা। ৰূপ হ’লেও, সোণ হ’লেও সেই একেই। তাৰ মূল্য লৈহে কথা।
ফুকন – এতিয়া বিদায়হে স্বৰ্গদেৱ! উঃ কটা,
কি কুক্ষণত ওলাইছিলো আজি।
টেটোন – আজি নহয়, ডাঙৰীয়া-দেউতা, সেই
দিনাহে।
ৰজা – বাৰু, যোৱাহঁক এতিয়া। আশা কৰো মিলা-প্ৰীতিৰে
আৰু যুক্তিসঙ্গতকৈ বিষয়টোৰ মীমাংসা
হ’ব।
হ’ব।
(প্ৰস্থান)
তৃতীয় অঙ্কপাত
চতুৰ্থ অঙ্ক
প্ৰথম পট
ফুকনৰ গাভৰু-টোল
(চম্পাৱতীয়ে ফুলনিত ফুল তুলি ফুৰে)
চম্পা – দেহি
ঐ! এনেকৈ ফুলি আছে ফুলকেপাহি। তুলিবৰে সত্ যোৱা নাই – ছিঙ্গোতেই ই
যেন কোমল
ঠাৰিটিয়ে দুখ পায়! তুলি লওতেই যেন কেনেবাকৈ পাহি সৰি মাটিত পৰে! আই ঐ দেহি! সৌ ক’লীয়া ভোমোৰাটিলৈ
চোৱা। গোলাপ পাহিক চুমা এটা দিবলৈ গুণগুণাই কেনেকৈ কাবৌ কৰি ফুৰিছে! দেহি, চিকুণ ক’লীয়াটিৰ প্ৰেমালাপত ফুলকেপাহি কেনেকৈ পমি যোৱাদি গৈছে! ব্ৰজৰ পোপিনীয়েহে
যেন ক’লীয়া কানাইৰ বাঁহীৰ সুৰত আপোন-পাহৰা হৈছে।
(ৰংদৈৰ প্ৰৱেশ)
ৰংদৈ – এ
আই! আইদেৱে আজি অকলে অকলে ফুল তুলি ফুৰিছেহি! আন ছাৰি আজি মোকো
নিবিচাৰিলে।
নিবিচাৰিলে।
চম্পা – অ’ ৰংদৈ?আহিছ?
ৰংদৈ – হয়,
আইদেউ আহিছো। কিয়
আহিছো তাকো
সোধক তেহে আকৌ অহাৰ ওৰটো ওলায়।
চম্পা – কিয়,
তইতো মোৰ কাষলৈ আহিবিয়েই। কিয় আহ, কেতিয়াবা সোধো জানো?
ৰংদৈ –
নোসোধে আইদেউ। পিছে আজি নমতাকৈয়ে ওলালোহি, সেইহে।
চম্পা –
আনকাল নমতাকৈ তই জানো মোৰ ওচৰলৈ কেতিয়াও নাহ?
ৰংদৈ – আহো,
আইদেউ!
চম্পা –
পিছে?
এইবোৰনো কি বলকিছ! কিবা ক’ব লগা আছে যদি কৈ নেপেলাব নো কিয়?
ৰংদৈ – বাৰু,
কও আইদেউ! এনেকৈ ডাঙৰ কথা, এনেকৈ নিচেই সৰু কথা।
চম্পা – তোৰ
এবেগেতীয়া পাতনিখন মেলিব নেলাগেচোন বাৰু। কচোন, কিনো ডাঙৰ কথা,
কিনো সৰু কথা।
ৰংদৈ –
আইদেউ, বাটৰুৱা চেঙ্গেৰা ডেকা এটাই দুটোম সোণৰ মোহৰ ভাৰ বান্ধি লৈ
ফুৰিছে। ভাৰত হেনো একলাখ এশ সোণৰ মোহৰ আছে।
চম্পা –
পিছে?
আমাৰ হ’ল কি?
ৰংদৈ –
পিছে, আইদেউ, তাক হেনো আজি যেয়ে মনৰ জোখায় ভাত এসাঁজ খুৱাব তাকে
মোহৰখিনি দি যাব।
চম্পা –
(হাঁহি মাৰি) বেটী পাগলী! হেৰ, বাটৰুৱা ডেকা এটাই অতবোৰ সোণৰ মোহৰ ক’ত
পাব! আৰু
জানিবা পালেই এসাঁজ ভাতত এক লাখ সোণৰ মোহৰ দিবলৈ ওলোৱা বলিয়া কোন আছে?
ৰংদৈ – এ
আই! আইদেৱে মিছা যেন ভাবিছে। সৌটো নহয়, ভাৰে সৈতে বাট-চ’ৰাতে বহি
আছে। লাগিলে, এতিয়াই মাতি আনিবগৈ পাৰোঁ।
চম্পা –
(আচৰিত হৈ মনতে) কিনো কথা বোলে! ইনো ক’ৰ বাটৰ বলিয়া ওলালহি!
(ফুটাই) বাৰু, চাওৱেইচোন আন মাতি বুলনিলৈকে। ময়ো গৈছো তালৈকে।
ৰংদৈ – ভাল
আইদেউ! মই এতিয়া আনোগৈ মাতি। আপুনি বুলনিতে বহকগৈ।
(দুইৰো দুফালে প্ৰস্থান)
দ্বিতীয় পট
(চম্পাৱতীৰ বুলনি ঘৰ)
চম্পা – (প্ৰৱেশ)
কিনো কথা ঐ! ক’ৰনো ডেকা ওলালেহি এইটো? অতবোৰ সোণৰ মোহৰ
সি পাব ক’ত? মিছা বুলিবলৈকো, ৰংদৈৰ মুখৰ কথা। তাই কেতিয়াও মোৰ আগত মিছা কথা নকয় আৰু
তাই তেনে চতৰ-বতৰ তিৰোতা নহয়। (টলকা মাৰি ৰৈ) বাৰু, সঁচাই-যেনিবা; মতাইছো নো কিয়? সামান্য মানুহৰ দৰে আমিতো আৰু
বাটৰুৱা এটাক ভাত এসাঁজ খুৱাই ধন লব নোৱাৰো। লোকে
শুনিলে কি বুলিব! নাক-কাণ কটা কথা!
(টেটোনৰ
সৈতে ৰংদৈৰ প্ৰৱেশ)
ৰংদৈ – এইটো,
আইদেউ, চাওক, মিছা ভাবিছিলে।
টেটোন –
(কানৰ পৰা ধনৰ ভাৰখন পেলাইছে) উঃ! হৰি গুৰু বান্ধৱ কৃষ্ণ গোৱিন্দা মোৰ
স্বৱামী!
ৰাম, ৰাম, ৰাম! এ, এই ঘৰত বহিবৰো দিহা নাই! (ওচৰতে তুলি থোৱা বৰপীৰাখন নিজে পাৰি
লৈ বহে।)
চম্পা –
(সামান্য মানুহ টেটোনক বৰপীৰাত বহা দেখি লাজ পাই আতৰি যাব খোজে) হৈছে
আৰু, দেখিলো। ৰংদৈ, তাক যাবলৈ ক।
টেটোন – ই
এ! ‘যাবলৈ
ক’ আকৌ কি! ভাত এসাঁজ খুৱাই ধনখিনি ল’বলৈ
মাতিছে বুলি
মাতি আনিছে।
এতিয়া আকৌ টাং-বাংখন কিহৰ? মানুহক এইদৰে লাঞ্ছনা কৰাটো জানো ভাল মানুহৰ দস্তুৰ? নেলাগে যদি অইন এঘৰত দিমগৈ, কি আছে! এক লাখ সোণৰ মোহৰ দিনো ভাত এসাঁজ
নেপাম বুলি জানিছানে? তথাপি, বাটৰুৱা মানুহক এইদৰে লঘু
কৰিবহি নালাগে। মই হ’লে এই কথা ঘৰে ঘৰে বিকাই ফুৰিম!
চম্পা –
(মনতে) ঔ আই! ইয়াৰ মুখখন দেখোন লাওপাত-কচুপাত! ই বিকাব লাগিলে মোৰ
নাক-কাণ
নাথাকে আৰু! তাতকৈ দেউতাই শুনিব লাগিলেহে মৰিলো! (ফুটাই) বাৰু, ৰংদৈ, সোধচোন, সিনো
কত পালে ইমানখিনি ধন।
টেটোন – ‘ই’ ‘সি’ কৰাটো ভাল নেদেখায়! লাখ
টকীয়া ভাত এসাঁজ খোৱা মানুহ এজনৰ
মান-মৰ্যাদালৈ
চাব লাগে। এই ধনেৰে কোনে মান ধৰিছে
জানিছানে? ন্যায়সোধা ফুকন ডাঙৰীয়াই।
ৰংদৈ – ঔ
আই! আইদেউ, ঘৰৰে ধন দেখোন।
চম্পা –
(ৰংদৈৰ প্ৰতি) বাৰু, তই থাক মনে মনে! (টেটোনৰ প্ৰতি) ডাঙৰীয়াইনো অতখিনি
ধন দি কিয় মান ধৰিলে? ন্যায়সোধা ফুকনৰ মান খোৱা মানুহ আজিহে দেখিলো।
টেটোন –
(হাঁহি মাৰি) হুঁ, ইমানতে আচৰিত হ’ব নালাগে। ডাঙৰীয়াই ইয়াতকৈও ডাঙৰ মান
আমালৈ থৈছে হ’বলা।
ৰংদৈ –
বাৰু, থেৱা সেইবোৰ কথা। তুমি এতিয়া ইমানবোৰ ধনেৰে কৰিবা কি?
টেটোন –
কৈছো নহয়, বোলো যেয়ে আজি মোক মনৰ জোখাই ভাত এসাঁজ খুৱাব, তাকে
ধনভাৰ দি যাম।
ৰংদৈ –
আইদেউ! ঘৰৰে ধনখিনি! অলপ কথাতে যায় এতিয়া!
চম্পা –
এইজনী পাগলী হ’ল নেকি? ঘৰৰ ধন হলে বুলি এতিয়া বাটৰুৱা এটাক ভাত
এসাঁজ খুৱাই
ল’ব
পাৰিনে? তাৰ মুখেই কাইলৈ গোটেইখনত ফাটি-ফুটি নোলাবনে?
টেটোন – সন্তোষ
মনেৰে যাচি দিয়া হয় যদি, বাটৰুৱাৰ ধন ল’লে নো কি দায় আছে?
আৰু, এইটো বিকাবলগীয়া কথা নহয়। ভাতসাঁজ মনোমত হয় যদি বিকাম কিয়?
ৰংদৈ – এৰা,
আইদেউ, কোনেনো জানিব? তেওঁ ভাৰ লৈ ভিতৰলৈ অহা কোনেও দেখা নাই!
টেটোন –
আৰু, এই ভাৰখনত ধনেই হৈছে নে বস্তুৱেই আছে, মই কাকো ক’বলৈকে পোৱা
নাই নহয়।
পোনাই ওলাই আহিয়েই তোকেহে দেখা পাইছিলোহি বাই! ভাতসাঁজ আৰু ধনগালৰ কথা ইয়াতেহে যি
ওলাল, আনক ক’বলৈ নো কি দৰকাৰ পৰিছে?
চম্পা – (মনতে)
আন কেৱে নাজানিলে ৰাখিব পাৰি হবলা ধনখিনি। (ফুটাই) বাৰু, দে দিহা
লগাই খাওক এসাঁজ।
ৰংদৈ –
বাৰু, কওগৈ তেনেহ’লে চাংমাইক ভাত দিবলৈ।
টেটোন – ঔ
ৰাম! পোনেই ভাত বুলিয়েই ভাতনে? এইফালে মানুহৰ গা-পা ধোৱাৰ দস্তুৰ নাই
হ’বলা?
হ’বলা?
চম্পা –
ৰংদৈ, পানী দে বাৰু, গা ধুই লওক।
ৰংদৈ – সৌৱা
নহয় পানী। চোতালৰ আগত দিয়াই আছে। ধুলেগৈয়ে হয়।
টেটোন –
ধুলেই হয় নুবুলি, ধুৱালেই হয় বুলিলেহে আছিল ভাল। লাখটকীয়া ভাতৰ পাতত
বহিবলৈ আকৌ নিজে গা ধুব লাগিবনে?
ৰংদৈ – অ,
মই ধুৱাই দিব লাগে?
টেটোন –
বাৰু, তয়ে লাখ টকীয়া আইদেউ হ’ব পাৰ যদি, দেহি ধোৱাই একো কথা নাই।
ৰংদৈ – এ,
আমি কেনেকৈ হম আইদেউ! আমাৰ ইমানটো ভাইখ্ কাহানি হ’ব! পিছে
আইদেউ! কি
বোলে এতিয়া! মোৰ মনেৰে দিয়কগৈ পানীকলহ ঢালি, কোনেনো দেখিবলৈ আহিছে? (টেটোনক) ভকত!
যোৱা বহাগৈ সৌ গা-ধোৱা পীৰাতে। মই যাও, ভাত আনিবলৈ কওগৈ।
(ৰংদৈৰ প্ৰস্থান, টেটোন গাৰ কাপোৰ-কানি থৈ গা ধুবলৈ ভিতৰ সোমাই বহেগৈ)
চম্পা –
(নেপথ্যত, চম্পাই ইফালে সিফালে চাই লৰালৰিকৈ গৈ পানী ঢালি দি আহি লাজত
তলমূৰকৈ এফলীয়া হৈ ৰয়)
তলমূৰকৈ এফলীয়া হৈ ৰয়)
টেটোন –
(নেপথ্যত) অহ! আজিহে শুচি হ’লো! আজি মোৰ শিৰত শান্তিপানী পৰিল।
(ডাঙৰকৈ)
এইখন দেশত তিতা-তিয়নীৰেই থাকে হ’বলা মানুহ? (ৰংদৈ আৰু চাংমাইৰ প্ৰৱেশ। ভাত
সজাই থৈ চাংমাইৰ প্ৰস্থান)
ৰংদৈ –
(বাহিৰৰ পৰা) কি হৈছে, কি হৈছে?
টেটোন –
(নেপথ্যৰ পৰা) বোলো, তিতা-তিয়নীৰেই ভাতৰ পাতত বহিবলৈ লাগিবনে?
চম্পা –
ৰংদৈ. তাৰ চুৰিয়াখন আনি দে।
ৰংদৈ –
(চুৰিয়া নি নেপথ্যত দাঙি ধৰি) সলোৱা এইখন।
টেটোন –
(নেপথ্যত) ইঃ! লাখটকীয়া ভাতৰ পাতত বহিবলৈ মই এতিয়া নিজেহে তিয়নী সলাই যাম?
ৰংদৈ –
(নেপথ্যত) অ, মই সলাই দিবগৈ লাগে?
টেটোন – লাখ
টকীয়া আইদেউ হ’বলৈ তোৰ ভাইগ্ নাই বুলিছ, নহয়?
ৰংদৈ –
(নেপথ্যত) আইদেউ! শুনিছেই নহয়? গা ধুৱাই দিলেহি; দিয়কহি চুৰিয়াখনো
সলাই,
কোনেনো দেখিবলৈ আহিছে? (চম্পাই চুচুক-চামাককৈ কাষ চাপি গৈ চকু-আঁখি মুদি তিয়নী সলাই
দি আহি লাজত মুছকাঁছ যায় আৰু পট দাঙ্গি দিয়া হয়)
ৰংদৈ –
সৌৱা, বহাগৈ এতিয়া ভাতৰ পাতত। (টেটোনে পলম কৰা দেখি) যোৱা আকৌ, কি
গুণিছা? এতিয়া ধনলৈ মোহ লাগিছে হ’বলা?
টেটোন –
বহোগৈ বাৰু। ধনৰ মোহ নাই আৰু, মোহ বাঢ়িছে ধনৰ গৰাকীয়নীলৈহে। (লাহে
লাহে গৈ ভাতৰ পাতত বহি ৰৈ থাকে)
ৰংদৈ – খোৱা
আকৌ, ৰৈ আছা কেলেই? তোমাৰ আল-পৈচান ধৰি আৰু আমনি লাগিছেহি
দেও।
টেটোন –
ইমানতে আমনি! এক লাখ টকাৰ ভাতগাল আগত পাইছো, তাকো এতিয়া মই
নিজেই খাব লাগে?
ৰংদৈ – কিনো
বিলায়ে পালে! আইদেউ, কি কৰে এতিয়া? গোটকড়াই গোটে গোটে চোবাই
গুৰি কড়াইত
দাঁত ভাঙ্গে নে এতিয়া? দিয়কগৈ খুৱাই এগৰ্হা, কোনেনো দেখিবহি?
চম্পা –
(আপোনা-আপুনি) আজি মোৰ গ্ৰহ মন্দ। (অগত্যা এখুজি-দুখুজিকৈ গৈ ভাত এগৰ্হা
কটিয়াই দি আঁতৰি আহে)
টেটোন –
(বাকী ভাত ভাত নিজে খাই উঠি তিনিটা ফুটাই উগাৰ মাৰি, তামুলী পীৰাখন পাৰি
বহেগৈ) উঃ
ৰাম। খুৱালে ভাতসাঁজ যি খুৱাব লাগে। আজিহে মোৰ আত্মা তুষ্ট হ’ল। এক লাখ টকাতকৈও
লাখগুণে দৰৰ ভাতসাঁজ পোৱা গ’ল।
ৰংদৈ –
(বটালৈ আঙ্গুলিয়াই) সেয়া তাৰে এখন খোৱা। যাবাগৈহে এতিয়া দেই।
টেটোন – এৰা,
গৰু-চোৰ হ’বলৈ ভাল হ’ল, পঘা ধৰিবলৈ লাজ লাগিছে? ভাত খুৱাই দি
তামোলখন
খুৱাবলৈ টান পাব নালাগে। নহ’লে এফেৰি মানতে এতিয়া ভাতসাঁজ মোৰ মনৰ জোখাই নহ’ব পিছে।
ৰংদৈ –
আইদেউ! তেনে হ’লেতো সোপাই গ’ল। দিয়কহি খুৱাই নেদেখে কোনেও।
চম্পা –
(চকু-আঁখি মুদি তামোল এখন টেটোনৰ মুখত গুজি দি আঁতৰি ভিতৰলৈ লৰ মাৰে)
ৰংদৈ – এৰা,
আইদেউ গ’লেই। ময়ো যাও, খং কৰিব দেও! তুমি যাবাগৈহে এতিয়া ভকত!
টেটোন –
বাৰু, ময়ো যাও, আকৌ আহিম। সেই ধনৰ টোম দুটা সুমুৱাই থ’বলৈ ক’বি আইদেৱৰাক? (প্ৰস্থান)
ৰংদৈ – ঔ
আই! এতিয়াহে মৰিলো! আকৌ আহিব হেনো!
(চম্পাৰ পুনঃ প্ৰৱেশ)
(চম্পাৰ পুনঃ প্ৰৱেশ)
চম্পা – হেৰ
ৰংদৈ, গ’লনে? গ’লনে? সেই আপদটো গ’লনো?
ৰংদৈ –
আইদেউ। আপদ বেগাই নেৰাইছে এথোন। আকৌ আহিব বুলিহে কৈ গৈছে।
চম্পা –
বাৰু, আহকগৈ, এইবাৰ সি বাটচ’ৰাৰে পৰা গতা খাব।
ৰংদৈ – এৰা,
কিনো আপদটো চাপিছিলহি জানো। খাবলৈ পাই তাৰ নটা লাগিল।
চম্পা –
বাৰু, থ এইবোৰ কথা। চুৱা ধুই ঠাইখন সাৰি-পুছি চফা কৰ। চাও ধনখিনি মই থৈ
দিওগৈ। ইয়াৰ
বাবেই আজি অত লাঞ্ছনা। (টোম এটা দাঙ্গি চাই) আও লৰাবই নোৱাৰি। (কেঁকো-জেকোকৈ ধনৰ
টোম দুটা দুবেলি ভিতৰলৈ চোঁচৰাই লৈ যায়।)
ৰংদৈ –
(চুৱা ধুই, ঠাই সাৰি, বাটি-কাঁহী, ঢৰা-পীৰা এটা এটাকৈ ভিতৰলৈ নি ভোৰ-
ভোৰায়) ভাল
জানিবা বেলি-দুপৰলৈকে পেটু-নাড়ী ছিঙ্গি মৰিবলৈ কণা-বিধাতাই লেখিলে! নেওচা-কেওচা
দিবলৈ বহি, মৰিও নেযাও।
(প্ৰস্থান)
তৃতীয় পট
ৰজাৰ বিচাৰ-চৰা
(ৰজা আৰু ন্যায়সোধা ফুকন)
ৰজা –
ডাঙৰীয়া, আজি কেইদিনমানৰ পৰা তোমাক বৰ চিন্তাযুক্ত দেখিছো দেখোন?
ফুকন – সঁচা
স্বৰ্গদেও! আজি কিছুমান দিনৰপৰা মোৰ গ্ৰহ মন্দ হোৱা যেন পাইছো। আৰু
কেইদিনমানৰ
পৰা তাৰ অশুভ ফল ফলিয়াবলৈ ধৰিছে। সেই কাৰণে, আজিকালি মোক গা-মন ভাল পোৱা নাই।
ৰজা – হওতে
হয়, দিন চাৰেকৰপৰা তোমাক ম্লান পৰি অহা দেখিছো। কিয়নো গা-মন বেয়া
ভাল নাথাকে তাৰ কাৰণ বুজিব পৰা নাইনে?
ফুকন – কিয়
নুবুজিম স্বৰ্গদেৱ। দেখিছেই নহয়, সিদিনা অবাবত সিমানখিনি ধন ভৰণি হ’ল।
ৰজা – অ,
নহয়, সেইবাবে তুমি খেদ নকৰিবা। তুমি অবাবত ভৰণি বুলিছা, নহয় কিন্তু তাৰ
কিবা এফেৰি
মহৎ উদ্দেশ্য আছে। ‘যি কৰে ঈশ্বৰে, মানুহৰ ভাললৈহে।’ এই কথাৰ ওপৰত
বিশ্বাস ৰাখি চলিবা, অৱশ্যে গা-মন ভাল পাবা।
ফুকন –
স্বৰ্গদেৱৰ বুজনি অতিশয় সাৰুৱা। কিন্তু মনে যে নামানে।
ৰজা – মানিব
লাগিব মনে। তুমি বেছিকৈ বুজিবা, ডাঙৰীয়া সকলো অভ্যাসৰ তল।
ফুকন – ভাল,
স্বৰ্গদেৱৰ উপদেশ শিৰেধাৰ্য।
ৰজা – তোমাৰ
সংকল্প যেন সফল হয়।
(টেটোনৰ প্ৰৱেশ)
টেটোন – (আঁঠু
লৈ) স্বৰ্গদেৱ-ঈশ্বৰ! আৰু ডাঙৰীয়া-দেউতা!
ফুকন – (চক্
খাই উঠি, মনে মনে) পালেহি আকৌ আপদটোৱে! আজি বা আছে কপালত
কি, ঈশ্বৰহে জানে। (ফুটাই) হেৰ, কোন তই? কিয় আহিছ?
টেটোন –
(মনতে) ঔ ৰাম! আজিচোন একেটা উশাহতে দুটা প্ৰশ্ন। (ফুটাই) ডাঙৰীয়া-
দেউতাই
ওপৰলৈ উধাইছে মানে তললৈ নমনা হৈহে গৈছে! দেউতাই মোক চিন
ধৰিব পৰা নাইনে? মই সেই যে মই। এইবাৰৰ সৈতে তিনিবাৰে নিবাৰ
কৰোগৈ বুলি আহিছো।
ধৰিব পৰা নাইনে? মই সেই যে মই। এইবাৰৰ সৈতে তিনিবাৰে নিবাৰ
কৰোগৈ বুলি আহিছো।
ৰজা – অ, মই
চিনিছো তাক। সেই তিনিখনীয়া গোচৰত পৰা টেটোন বোলা ডেকাটো
আৰু, সিদিনা ডাঙৰীয়া তোমাৰ পৰা যে এক লাখ টকা লাভ কৰিছিল, সেই
ডেকাটোৱেই এইটো।
আৰু, সিদিনা ডাঙৰীয়া তোমাৰ পৰা যে এক লাখ টকা লাভ কৰিছিল, সেই
ডেকাটোৱেই এইটো।
টেটোন –
এৰা! স্বৰ্গদেৱ-ঈশ্বৰ হ’লে উধাইছে মানে তললৈ মনা গুণটি চৰিহে আহিছে।
স্বৰ্গদেৱে বন্দীৰ মানটোও মনত ৰাখিছে। মোৰ বৰ ভাগ্য।
ৰজা – হেৰ,
কটা, তোৰ নামেই টেটোন নহয়নে?
টেটোন – হয়,
স্বৰ্গদেৱ-ঈশ্বৰ! আগলৈকো বন্দীৰ নাম নেপাহৰে যেন।
ফুকন –
(মনতে) আজি ই তিনিবাৰে নিবাৰ কৰে নে, মোক নিপাত কৰে বুজিব পৰা নাই।
ই মাত মাতিলেই মোৰ মতি ভ্ৰম হ’বলৈ ধৰে দেখোন। যি হওক, বিপদত ধৈৰ্য
ধৰাহে যুক্তি। (ফুটাই) কটা, তই ঘনাই আহিছ কিয়? তোৰ উদ্দেশ্য কি?
ই মাত মাতিলেই মোৰ মতি ভ্ৰম হ’বলৈ ধৰে দেখোন। যি হওক, বিপদত ধৈৰ্য
ধৰাহে যুক্তি। (ফুটাই) কটা, তই ঘনাই আহিছ কিয়? তোৰ উদ্দেশ্য কি?
টেটোন – এ,
শুনিছো স্বৰ্গদেৱৰ দিনত বোলে প্ৰজাই ‘ৰামৰ ৰাইজ’ পোৱাদি
পাইছে। যাৰ
যি বিচাৰ
কৰাব লাগে, তাক ততালিকে আৰু নিয়াৰিকৈ সুধিবৰ নিয়ম হৈছে বোলে। পিছে, এবাৰতকৈ যে
আৰুবাৰ আহিবৰ নিয়ম নাই, সেইটো মই নেজানো। নিয়ম নাই যদি, এতিয়াও গুচি যাও তেন্তে কি
আছে!
ৰজা – অ,
নহয়। বিচাৰৰ নিমিত্তে মোৰ চ’ৰালৈ কুৰিবাৰ আহিলেও হানি নাই। ডাঙৰীয়া,
সোধা, তাৰ কি ক’বলৈ আছে।
ফুকন –
(আতঙ্ক চিতেৰে) বাৰু, কচোন হেৰ, তোক কি লাগে।
টেটোন –
(মনতে) লাগে ডাঙৰ বস্তুকে। সিবাৰতকৈ লাখ লাখ গুণে ডাঙৰ। (ফুটাই)
খৰ-ধৰ নকৰিব দেউতা, ধীৰে-শাঁতে শুনক। মই গোটাচেৰেক আউল-লগা কথা
মীমাংসা কৰাবলৈ আহিছো।
খৰ-ধৰ নকৰিব দেউতা, ধীৰে-শাঁতে শুনক। মই গোটাচেৰেক আউল-লগা কথা
মীমাংসা কৰাবলৈ আহিছো।
ফুকন –
(অধৈৰ্য আৰু আওকণীয়া হৈ) বাৰু কৈ যা কি ক’ব লগা আছে।
টেটোন – এটা
এটাকৈহে জনাব পৰা হ’ব। বাৰু, এটা এটাকৈহে মীমাংসা কৰিব লাগিব।
ফুকন –
বাৰু, তই কৈ যাচোন।
টেটোন – ভাল
দেউতা-ঈশ্বৰ! পোনেই সোধো কাক কোনে গা-ধুৱাই দিয়ে।
ফুকন –
আপদে-বিপদে বা ৰঙ্গে-ধেমালিয়ে ঘৈণীয়েকে নিজৰ গিৰীয়েকক গা ধুৱাই দিব
পাৰে। কিনো বৰ কথাটো তাকে ৰজাৰ আগত বিচাৰিবলৈ আনিলি?
টেটোন – নহয়
দেউতা, ৰজাৰ আগত কোৱা কথা বুলিলে শিলৰ ৰেখা যেন হয়। সেইহে –
ৰজা – বাৰু
সোধাত বেয়া হোৱা নাই।
ফুকন – আৰু
তাৰ পিছে?
টেটোন – তাৰ
পিছে, দেউতা-ঈশ্বৰ, কোনে কাক তিয়নী সলাই দিয়ে?
ফুকন – (অলপ
হাঁহি) সেইটো আৰু নিজৰ ঘৈণীয়েকত বাজে কোনে কৰিব?
টেটোন – ভাল
দেউতা, আমনি নেপাব, আকৌ সোধো, কাক কোনে ভাত খুৱাই দিয়ে?
ফুকন –
সেইটোও একে লগৰে কথা।
টেটোন – তাৰ
পিছে দেউতা-ঈশ্বৰ! কাক কোনে তামুলী পীৰাত বহুৱাই তামোল খুৱাই দিয়ে?
ফুকন – এঃ
একেবিধ কথাকে কি পাগুলি থাকে এইটোৱে! হেৰ! সেইটো ব্যৱহাৰ
বিষয়ানীয়ে বিষয়াক কৰে।
বিষয়ানীয়ে বিষয়াক কৰে।
টেটোন – আৰু
এটাহে আছেগৈ, দেউতা আমনি নেপাব, বোলে, কাৰ ধন-সোণ কোনে
সামৰি থয়। হ’ল আৰু, দেউতা খতম্।
ফুকন – হেৰ,
সেইটো নিজৰ গৃহিণীৰ কৰ্ম। তাকো সুধিব লাগিছেনে?
টেটোন –
ভাল, এতিয়া সোধো, মোৰ প্ৰতিও ওপৰত কোৱাৰ নিচিনা ব্যৱহাৰ কোনোবাই
কৰে যদি তেওঁ মোৰ কি হ’ব?
ৰজা –
(হাঁহি মাৰি) কটা, ই বৰ ধেমেলীয়া ডেকা! হেৰ, ময়ে কৈছোঁ, তেনেজনী তোৰ ঘৈণী
হ’ব।
টেটোন –
ভাল, স্বৰ্গদেৱৰ কথা যেতিয়া শিলৰ ৰেখা হল। পিছে, মাৰক বা কাটক, এতিয়া
আচল কথা কও, ডাঙৰীয়া- দেউতাৰ লগত বন্দীৰ জোঁৱাই সম্বন্ধ ঘটিছে।
ফুকন –
(জ্বলি উঠি) ঐ কটা, চুৱাখোৱা কুকুৰে চল পাই চুবলৈকে আহ দেখোন!
টেটোন –
দেউতা, খং কৰে কিয়? মই ইয়াৰ আগেয়ে কৈ অহা কথাখিনিৰ সম্ভেদ লৈ
চালেই বুজিব, এই নিছলা ডাঙৰীয়াৰ ঘৰ-জোঁৱাই হও নে নহও। সৰহ নকও,
ডাঙৰীয়াৰ পৰা মই সিদিনা নিয়া এক লাখ এহেজাৰ এশ মূল্যৰ সোণৰ মোহৰ
কাৰ পেৰাত ওলায়, ঘৰলৈ গৈ চালেই হ’ব।
চালেই বুজিব, এই নিছলা ডাঙৰীয়াৰ ঘৰ-জোঁৱাই হও নে নহও। সৰহ নকও,
ডাঙৰীয়াৰ পৰা মই সিদিনা নিয়া এক লাখ এহেজাৰ এশ মূল্যৰ সোণৰ মোহৰ
কাৰ পেৰাত ওলায়, ঘৰলৈ গৈ চালেই হ’ব।
ফুকন –
(উগ্ৰমূৰ্তি) ঔ কটা, তই ইমান পালিহি। ইমান কথা ক’বলৈ তোৰ সাহ। এতিয়াই
যমপুৰীলৈ পঠিয়াম বুলি জনা নাই তই।
যমপুৰীলৈ পঠিয়াম বুলি জনা নাই তই।
(মাৰিবলৈ উঠি যায়)
ৰজা –
ক্ষান্ত হোৱা ডাঙৰীয়া। মোৰ কথা শুনা। সি ভালেই কৈছে। তুমি আগেয়ে কথাবোৰৰ
আচল তত্ত্ব লৈ চোৱা। যদি তাক কথা সত্য হয়, তেন্তে তুমি খং কৰা মিছা।
আচল তত্ত্ব লৈ চোৱা। যদি তাক কথা সত্য হয়, তেন্তে তুমি খং কৰা মিছা।
ফুকন – কিনো
ক’ম
স্বৰ্গদেৱ। এতিয়াহে মোৰ ভাল খ্যাতি আছিল। ইয়াতকৈ মই মৰি
যোৱাই ভাল।
যোৱাই ভাল।
ৰজা –
আক্ষেপ নকৰিবা ডাঙৰীয়া। মই কৈছো নহয়, বোলো, যি কৰে ঈশ্বৰে, মানুহৰ
ভালৰ নিমিত্তেহে। ইয়াৰ পৰা কি জানি তোমাৰ কিবা ভাল হ’বলৈহে আছে।
অধৈৰ্য নহ’বা।
ভালৰ নিমিত্তেহে। ইয়াৰ পৰা কি জানি তোমাৰ কিবা ভাল হ’বলৈহে আছে।
অধৈৰ্য নহ’বা।
ফুকন – (উলপ
শান্তমুৱা হৈ) যি বোলে স্বৰ্গদেৱে। মই নো কি মাতিম আৰু!
ৰজা – আৰু
এটা কথালৈ মন কৰিছানে? ডেকাটিৰ কেনে বিচক্ষণ বুদ্ধি। বুদ্ধিৰ বলত
অসম্ভৱ সম্ভৱ হয়। আৰু, ইয়াৰ নিচিনা অকাট্য যুক্তি কেইটাৰপৰা শুনিবলৈ
পাইছিলা? মোৰ বোধেৰে ই সাধাৰণ মানুহ নহয়। ই নিশ্চয় বকৰাণিত গজা
ভাল আমৰ পুলি। আৰু, ই বুদ্ধিৰ বলত যে তোমাৰ ঘৰত গৈ তামোলী-পীৰা
পালে, সেইবাবে ইয়াক আজিৰপৰা মই ‘তামুলি’ খিতাপ দিলো। এতিয়াৰ
পৰা ইয়াৰ নাম ‘টেটোন-তামুলি’ হ’ল। আশা কৰোঁ, এতিয়া আৰু তোমাৰ
আইদেউক এই ডেকালৈ বিয়া দিয়াত তোমাৰ কোনো আপত্তি নাথাকিব। লোক
নিন্দালৈকো নহ’ব। কিয়নো এইটো ৰাজ উপদেশ হ’ল।
অসম্ভৱ সম্ভৱ হয়। আৰু, ইয়াৰ নিচিনা অকাট্য যুক্তি কেইটাৰপৰা শুনিবলৈ
পাইছিলা? মোৰ বোধেৰে ই সাধাৰণ মানুহ নহয়। ই নিশ্চয় বকৰাণিত গজা
ভাল আমৰ পুলি। আৰু, ই বুদ্ধিৰ বলত যে তোমাৰ ঘৰত গৈ তামোলী-পীৰা
পালে, সেইবাবে ইয়াক আজিৰপৰা মই ‘তামুলি’ খিতাপ দিলো। এতিয়াৰ
পৰা ইয়াৰ নাম ‘টেটোন-তামুলি’ হ’ল। আশা কৰোঁ, এতিয়া আৰু তোমাৰ
আইদেউক এই ডেকালৈ বিয়া দিয়াত তোমাৰ কোনো আপত্তি নাথাকিব। লোক
নিন্দালৈকো নহ’ব। কিয়নো এইটো ৰাজ উপদেশ হ’ল।
ফুকন –
(আনন্দ মনেৰে) ভাল, স্বৰ্গদেৱে ভাল বুলিলে নো আৰু বেয়া বোলোতা
কোন আছে। বোলে, ‘ৰজাই ভাল দেখে যাক, ভেটিও নেলাগে তাক।’ মোৰ
মন এতিয়া মুকলি লাগিছে, স্বৰ্গদেৱ।
কোন আছে। বোলে, ‘ৰজাই ভাল দেখে যাক, ভেটিও নেলাগে তাক।’ মোৰ
মন এতিয়া মুকলি লাগিছে, স্বৰ্গদেৱ।
ৰজা –
ডেকা-তামুলিয়ে এতিয়া ডাঙৰীয়াৰ লগতে তেওঁৰ ঘৰলৈ গৈ, যথাবিধি শুভকাৰ্য
সমাধা কৰিবলৈ ধৰাগৈ।
সমাধা কৰিবলৈ ধৰাগৈ।
টেটোন –
ভাল, স্বৰ্গদেৱ ঈশ্বৰ! আগলৈকো এই অনুগ্ৰহৰ ধাৰ নিছিগে যেন! ডাঙৰীয়া
দেউতা আজিৰ পৰা মোৰ ধৰম পিতৃ-দেৱতা হ’ল।
দেউতা আজিৰ পৰা মোৰ ধৰম পিতৃ-দেৱতা হ’ল।
অঙ্কপাত
পঞ্চম অঙ্ক
প্ৰথম পট
ফুকনৰ পদূলি
(ৰংদৈয়ে পদূলি সাৰি থাকে, এজনী গঞানী প্ৰৱেশ কৰি, পদূলিৰ আগেদি পথাৰলৈ যায়)
গঞানী – অ,
ৰংদৈ বাই! কি কৰিছ?
ৰংদৈ – এ, যি
কৰিব লাগে, তাকে কৰিছোঁ নেদেখিছ?বিয়াৰ পাছত, পদূলিটো অৰণ হৈ
আছিল, তাকে সাৰিছোহি।
আছিল, তাকে সাৰিছোহি।
গঞানী –
এৰা, আইদেউৰ বিয়াখন লাচতে পাৰ হৈ গ’ল, বাই!
ৰংদৈ – এৰা
ডাঙৰীয়া-বিষয়া ঘৰৰ বিয়া বুলিলে এনেকুৱাই,. হ’ব লাগে বোলোতেই
ঘপহকৰে হৈ যায়। ৰজাই ৰ বোলোতেই ৰৈ যায়; বিষয়াই ব বোলোতেই বৈ যায়।
ঘপহকৰে হৈ যায়। ৰজাই ৰ বোলোতেই ৰৈ যায়; বিষয়াই ব বোলোতেই বৈ যায়।
গঞানী –
আইদেউৰ মনটিলৈ চাই হ’লে আগডোখৰত বিয়া নহ’বগৈ বুলিহে ভাবিছেলো।
ৰংদৈ – এৰা,
নাম-গুৰি নোহোৱা বাটৰুৱা বোটলা ডেকা এটাৰে সৈতে মন্ত্ৰী ডাঙৰীয়াৰ
জীয়ৰী আইদেউৰ বিয়া হ’ব বুলিনো কোনে জানিছিল? সেই বিয়াৰ কথন-মথন
শুনি আইদেউ কান্দি-কাটি বাউলীটি হৈছিল!
জীয়ৰী আইদেউৰ বিয়া হ’ব বুলিনো কোনে জানিছিল? সেই বিয়াৰ কথন-মথন
শুনি আইদেউ কান্দি-কাটি বাউলীটি হৈছিল!
গঞানী – কেলে
নহ’ব
আৰু, বিয়া দিলে যেতিয়া পিতলেই সোণ হল। এতিয়া দুইৰো বৰ
মিল, বৰ চেনেহা-চেনেহী।
মিল, বৰ চেনেহা-চেনেহী।
গঞানী –
ডেকাটি হ’লে বেয়া নহয় দেই, বাই। দেখিবলৈকো শুৱনি, আৰু বৰ ৰঙ্গিয়াল।
ৰংদৈ –
ভালতো। এতিয়া যে বিষয়াৰ সাজ-পাৰ পিন্ধি আৰু ভালটি হৈছে? আগেয়ে
টেনোকা সাজেহে ফঁফৰীয়া কৰি থৈছিল, এতিয়া গোটেই ধুনীয়া ডেকীটি!
টেনোকা সাজেহে ফঁফৰীয়া কৰি থৈছিল, এতিয়া গোটেই ধুনীয়া ডেকীটি!
গঞানী – নহ’বনো কিয়; বিধাতাই পতা যোৰা। বোলে কুঁজীলৈ কুঁজা, বান্দীলৈ বন্দী,
কুঁৱৰীলৈ কোঁৱৰ বিধাতাই যোৰা পাতি থৈছেই।
কুঁৱৰীলৈ কোঁৱৰ বিধাতাই যোৰা পাতি থৈছেই।
ৰংদৈ –
মোকেচোন ধৰিব সেই বিধাতা বুলি। মইহে পাতিলো তেওঁ এইটো যোৰা।
গঞানী –
এৰা, নেলাগে ক’ব; সোপাকে শুনিছো। সঁচা তইহে আচল গুৰি। আৰু শুনিছো,
জোঁৱাই-বিষয়া বোলে বৰ বুধিয়ক আৰু কথকী। বোলে ‘নাই পো লনি, নাই পো
ধনী, নাই পো কথকী।’ সেইহে ইমানটো ভাইগ্!
জোঁৱাই-বিষয়া বোলে বৰ বুধিয়ক আৰু কথকী। বোলে ‘নাই পো লনি, নাই পো
ধনী, নাই পো কথকী।’ সেইহে ইমানটো ভাইগ্!
ৰংদৈ –
সঁচা, সেই তিনি গুণৰ গুণতহে দিপলিপ গাভৰু আইদেউক তেওঁ কন্যা পালে।
বুধিয়ক আৰু কথকী বুলি ক’ব লাগিছেনে? নহ’লেনো দেউতাৰ ধনেৰে
দেউতাকে বেহাই আৰু ৰজা-ডাঙৰীয়া দুইকো কথাৰ পাকেৰে মেৰাই বান্ধ
খুৱাই এনে হেন মন্ত্ৰীৰ জীয়ৰীক কন্যা পায়নে?
বুধিয়ক আৰু কথকী বুলি ক’ব লাগিছেনে? নহ’লেনো দেউতাৰ ধনেৰে
দেউতাকে বেহাই আৰু ৰজা-ডাঙৰীয়া দুইকো কথাৰ পাকেৰে মেৰাই বান্ধ
খুৱাই এনে হেন মন্ত্ৰীৰ জীয়ৰীক কন্যা পায়নে?
গঞানী – হক,
হক, ‘যি
কৰে ঈশ্বৰে মানুহৰ ভাললৈহে।’ তাত গা-ঘঁহনি খালেও পুইণ
হয়, বাই! তোৰো পুইণ হৈছে, জানিবি।
হয়, বাই! তোৰো পুইণ হৈছে, জানিবি।
ৰংদৈ – পুইণ
হ’লেনো
কি হ’ব। আইদেউৰ নিচিনা ভাইগ্ হ’ব
বুলিছনে?
গঞানী – হ’বও পাৰে। একো টান
কথা নহয়, বাই!
ৰংদৈ – (হাতৰ
শোটাতো মূৰৰ ওপৰলৈ তুলি পাক্ দি দি নাচি-বাগি) উ-উ-উ, এতিয়াহে
‘কুঁজী বাই ষোলে বছৰীয়া’ হ’লো। (গঞানীৰ ডিঙ্গিত ধৰি ছেও থয়)
‘কুঁজী বাই ষোলে বছৰীয়া’ হ’লো। (গঞানীৰ ডিঙ্গিত ধৰি ছেও থয়)
গঞানী –
(উলটি ৰংদৈৰ ডিঙিত ধৰি ছেও থৈ) হ’বি হ’বি, বাই, যাওগৈ যা।
(দুয়োৰে দুফালে প্ৰস্থান)
দ্বিতীয় পট
গাভৰু টোলৰ বিলাস ঘৰ
(টেটোন-তামুলি আৰু চম্পাৱতী)
টেটোন –
প্ৰিয়া! ,সেইদিনাৰ কথা এতিয়া মনত পৰেনে? (অলপ ৰৈ, চম্পাই উত্তৰ নিদিয়া
দেখি) সাদৰী! নামাতা নো কিয়? সদায় আৰু ন-কন্যা ভাৱেই দিন যাবনে?
দেখি) সাদৰী! নামাতা নো কিয়? সদায় আৰু ন-কন্যা ভাৱেই দিন যাবনে?
চম্পা –
কেনে নো ন-কন্যা দেখিছে বা?
টেটোন –
সেয়া দেখোন ওলাল মাত। নামাতা দেখি হেন কন্যা বুলিছিলো, বেয়া নাপাবা দেই।
বোলো, সেই দিনাৰ কথা মনত পৰিলে এতিয়া কেনে লাগে?
বোলো, সেই দিনাৰ কথা মনত পৰিলে এতিয়া কেনে লাগে?
চম্পা – কোন
দিনৰ বা কথা?
টেটোন – সেই
লাখটকীয়া ভাত সাঁজ খুৱাবৰ দিনা যে মোৰ ছায়াকে নসহিছিলা!
চম্পা –
কিবা কথাবোৰ উলিয়াই থাকে! নোৱাৰো ক’ব আমি সেইবোৰ কথা!
টেটোন –
(হাঁহি হাঁহি) নোৱৰা ক’ব? ইমান বেগাই পাহৰিলানে?
চম্পা –
জানো!
টেটোন – অ’ এতিয়া জানৰ পানী
খোৱাতহে পৰিল? জানিছো বাৰু, এতিয়া সেইবোৰ কথা
শুনিবলৈ বেয়া পোৱা; নকও বাৰু, বেয়া নাপাবা দেই।
শুনিবলৈ বেয়া পোৱা; নকও বাৰু, বেয়া নাপাবা দেই।
চম্পা – আমি
একো বেয়া পোৱা নাই।
টেটোন –
বেয়া পোৱা নাই যদি উত্তৰ নাই কিয়?
চম্পা – সুধি
আছেমানে দেখোন কৈয়ে আছো।
টেটোন –
নহয়, সাদৰী খং নকৰিবা। প্ৰশ্ন চাই উত্তৰ হোৱা নাই দেখিহে কৈছো।
চম্পা – খং
কৰা বা দেখিছিলে কেতিয়া? এনে প্ৰশ্নৰ কেনে উত্তৰ হ’ব লাগে আমি ভু
নাপাও।
নাপাও।
টেটোন – নাই
কৰা খং কেতিয়াও। এতিয়াও কথাত খং উঠে বুলিহে কৈছিলো। আমনি
নাপাবা প্ৰাণেশ্বৰী, মই এটা কথাৰে সুধিলে যেন তোমাৰ পৰা দহোটা কথাৰে
উত্তৰ পাম, এনেহে মোৰ প্ৰাণৰ হাবিয়াহ।
নাপাবা প্ৰাণেশ্বৰী, মই এটা কথাৰে সুধিলে যেন তোমাৰ পৰা দহোটা কথাৰে
উত্তৰ পাম, এনেহে মোৰ প্ৰাণৰ হাবিয়াহ।
চম্পা –
আমাৰ পেটত সিমানবোৰ কথা হ’লেহে আকৌ।
টেটোন –
কথাৰ জোলোঙা উদং হয় বুলি ভয় কৰিছা হ’বলা
চম্পা –
জানো কি কয়! আমি নুবুজো সেইবোৰ।
টেটোন –
বুজিবা কালত। বুজি আকৌ বুজাবলৈহে চাবা। পিছে মোৰ পৰা কিনি মোকে
নেবেচিলেহে আছে। একেই মন্ত্ৰীৰ জীয়াৰী।
নেবেচিলেহে আছে। একেই মন্ত্ৰীৰ জীয়াৰী।
চম্পা – আমি
মন্ত্ৰীৰ জীয়াৰী বুলি কাৰো আগত গপ্ কৰা নাই। তামুলি-ফুকন হৈ নিজৰহে গপ্
হৈছে হ’ব পায়।
হৈছে হ’ব পায়।
টেটোন –
(আপোনা-আপুনি) ইয়াত আৰু আমাৰ টেটোনালি নাখাটে! জোঁৰৰ আগত বন্তিৰ
পোহৰ যেনহে হৈ আহিছো। (ফুটাই) ক’তা মইনো কেতিয়া গপ্ কৰিছিলো?
চম্পা – নাই
কৰা গপ্ সেই দেখি, আনকো গপ কৰা বুলি ছাপ মাৰি ধৰিব নালাগে।
টেটোন –
সমুলঞ্চে ঘাটিলো এইবাৰ! প্ৰিয়া, তোমাৰ ওচৰত মোৰ বুদ্ধি-যুক্তিও জঁয় পৰি
আহিছে! (নেপথ্যত লিগিৰীহঁতে গীত গায়)
আহিছে! (নেপথ্যত লিগিৰীহঁতে গীত গায়)
টেটোন –
আহা, প্ৰাণেশ্বৰী! কেনে মধুৰ গীত!
চম্পা –
সঁচা প্ৰাণেশ্বৰ! গীতৰ কথাখিনিত মনৰ ভাবটি কেনেকৈ ফুটি ওলাইছে! আহা,
শুনিহে থাকিম যেন!
শুনিহে থাকিম যেন!
টেটোন –
প্ৰিয়া, ব’লাচোন তালৈকে যাও, চাই চাই শুনোগৈ। নাচিছেও চাগৈ।
(হাতত ধৰা-ধৰিকৈ দুইৰো প্ৰস্থান)
তৃতীয় পট
ফুকনৰ বিলাস ঘৰ
(দুজনী গায়িকা লিগিৰীয়ে নাচি নাচি গীত গাই থাকে)
মিশ্ৰ মুলতান – একতাল
সি সুন্দৰ শোভা ধৰে আজি দেহি অই।
চেনেহা-চেনেহী আহা, যুগল মুৰতি অই।
প্ৰাণে প্ৰাণ প্ৰাণ মিলি
ৰয় কেনে হালি-জালি;
দেখিলে জিৰণি পায় তাপিত পৰাণে অই।
আধা অঙ্গ আধা হিয়া,
হল আজি একেটীয়া;
বাঢ়ে যেন দিনে দিনে বিচ্ছেদ নঘটে আই।।
(টেটোন-চম্পাৱতীৰ
প্ৰৱেশ; বৰগাৰু দি পাৰি থোৱা চামৰ পীৰাত দুয়ো যোৰাপাতি বহি নাচোন চাই গীত শুনে,
লিগিৰীয়ে দোহাৰি দোহাৰি গায় আৰু নাচে)
যৱনিকাপাত