কিছুমান
অৱচেতন সময়ত মনবোৰ উৰা মাৰে বাধাহীনভাৱে.... উদ্দেশ্যবিহীনতাত অৱগাহন কৰে মনে
অজানিতে.... কত থমকি ৰয় বাৰু ব্যস্ততা ভৰা জীৱনৰ দ্ৰুততাই – ইও যে বোধগম্যতাৰ
বাহিৰতে থাকে.... ষষ্ঠ ইন্দ্ৰিয়ইও যেন নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় লয় নিৰ্বিঘ্নে....
চিন্তাৰ দুৱাৰখন বন্ধ কেনেকৈ হয় বাৰু.... সপোনৰ আৱেশ সনা থাকে নে আমি কল্পনাৰ
পক্ষীৰাজ ঘোৰাত উঠি ধাৱমান হওঁ অনিৰ্দিষ্ট যাত্ৰাত....
নষ্টালজিয়া
- এটা মধুময় শব্দই যে আমাক নষ্টালজিক কৰি তোলে হঠাতে.... শৈশৱ, কৈশোৰ, যৌৱনৰ ভিন
ভিন সময়ৰ ভিন ভিন নষ্টালজিয়াৰ সমাহাৰ ঘটে চৌপাশে.... শৈশৱে আহি যে আমাক কৰি
তোলে মূহুৰ্তে মূহুৰ্তে বিষাদ-গধুৰ... সময়ে-অসময়ে যে কোনো কাৰণ নোহোৱাকৈয়ে ঘৰৰ
মানুহখিনিক আৰু হায়ৰাণ কৰিবলৈ আকৌ নাপাও ওৰে জীৱনত...সন্ধিয়া আইতাৰ সৈতে সুৰ ধৰি
প্ৰাৰ্থনা গোৱাৰ যে কি এক গভীৰ উৎসুকতা...চিঞৰি চিঞৰি কুঁহিপাতৰ পদ্য আৰু নেওতা
আওৰোৱা যি মাদকতা কেতিয়াবা জানো ঘূৰাই পাম আকৌ...বৰশীটোত লাগি পানীৰ পৰা উঠি অহা
মাছটোক দেখি পোৱা আনন্দ আৰু মূহুৰ্ততে পাৰত পৰি ছটফটোৱা মাছটো আকৌ পানীত এৰি দিয়াৰ
যি অনাবিল স্ফূৰ্তি সেয়া যে এতিয়া বিচাৰিলেও ঘুৰাই নাপাও.... কৈশোৰ বাৰু ক'ত
লুকাই পৰে.... নতুনক জনাৰ, নোপোৱাক পাবলৈ যে হাবিয়াহ, জীৱনৰ নতুন নতুন সত্যৰ সতে
প্ৰথম মুখা মুখি হোৱাৰ সময় এয়া - পিছে তাতেই জানো স্থবিৰ হয় কৈশোৰ....মনৰ মাজত
অজানিতে গঢ় লোৱা সমাজিক বিপ্লৱৰ আদি-পাঠৰো জানো আৰম্ভনি নহয় ইয়াতে.... যৌৱনৰ
মাদকতাময় ক্ষণবোৰে বাৰুকৈয়ে জোকাৰি যায় প্ৰত্যেকৰে অন্তৰাত্মা...এক ৰোমান্টিক আৱেশ
সনা থাকে চৌপাশে...এখন নিজাকৈ গঢ়া মুকলি আকাশৰ তলত দুপাখি মেলি উৰাৰো যে কি এক
আমেজ...সকলোতে যেন এক সুখ-আনন্দৰে পৰিৱেশ বিৰাজমান...সপোনবোৰেও আহি বাস্তৱত নিচেই
ওচৰতে অৱস্থান গ্ৰহণ কৰেহি...কতো কোনো ভাৱনাৰ অৱকাশ নাই সকলোতে ন ন চিন্তা আৰু তত্ত্ব-গধুৰ
যুক্তি-তৰ্কৰ প্ৰাচুৰ্যতা...নিজে গঢ়া পৃথিৱীৰ আমি হৈ পৰো একো একোজন দুৰ্ধৰ্ষ
গেৰিলা...আমি হৈ উঠো হোষ্টেলৰ আড্ডাত একো একোজন কাৰ্ল মাৰ্ক্স, মাও চে ডং, লেনিন
তথা পৰিস্থিতি সাপেক্ষে হিটলাৰ, মুছোলিনি, নেপোলিয়ন হৈ বিশ্ব জয়ৰ বাৰ্তা কঢ়িয়াও
আমিয়েই... ভূপেনদা, জয়ন্তদাৰ গানৰ কলিৰে মুখৰিত হৈ উঠে দোভাগ নিশাৰ হোষ্টেলৰ
কৰিডৰবোৰ... আড্ডাত আহি ৰাজনীতি, সমাজনীতি আৰু যৌনতা একাকাৰ হৈ পৰে...ক্লাছ ৰুমৰ
ছোৱালী কেইজনীৰ নীলা-সেউজীয়া চেলৱাৰৰ সৌন্দৰ্যৰ পৰা অৰ্থনীতিৰ ক্লাছ লোৱা মেমজনীৰ
সৌন্দৰ্যৰ প্ৰশংসাও বাদ নপৰে...অন্ত নপৰে ৰাজনীতিৰ মেৰপেচত আৱদ্ধ আমাৰ সমাজখনৰ
অৱক্ষয়ৰ কাৰণ বিশ্লেষণ কৰাক লৈ হোৱা তৰ্ক-বিতৰ্কৰ... বিষ্ণুৰাভা-জ্যোতি প্ৰসাদ বা
ভূপেন হাজৰিকা-জয়ন্ত হাজৰিকাৰ শ্ৰেষ্ঠতাক লৈ পুৱালৈকে চলে সংগীতৰ মহাসমৰ...আহি পৰে
বব মাৰ্লি, মেডোনা, মাইকেল জেকচনৰ প্ৰসংগও... ব্ৰেডমেন, শচীন, লাৰাৰ পৰা পেলে,
মাৰাডোনাৰ শ্ৰেষ্ঠতাৰ প্ৰশ্নৰ পৰা কাৰ্ল লিৱিচ, উইজেন বল্ট, ৰজাৰ ফেডাৰাৰ, ৰাফেল
নাডাল, ষ্টেফি গ্ৰাফ, মাৰিয়া চাৰাপভাইও অধিকাৰ কৰে আড্ডাৰ সিংহ ভাগ....– প্ৰেমৰ
প্ৰস্তাৱ দি বাৰে বাৰে প্ৰত্যাখিত হোৱাজন (হোষ্টেলীয়া ভাষাত দেৱদাস) আৰু প্ৰেমিকাৰ
প্ৰেমেৰে বিশ্বজয়ৰ সপোন বুকুত সাৱটি লোৱাজনৰো মদৰ ৰাগীত নিগৰা কবিতাৰ পংক্তিত
মোহাচন্ন হয় হোষ্টেলৰ বতাহজাক... প্ৰেমিকাই বাদাম খাই ভাল পোৱা বাবেই বাদামৰ
বাকলিত বিচাৰে কোনোবাজনে আকৌ জীৱনৰ ঠিকনা - কলেজৰ সপ্তাহত প্ৰেক্ষাগৃহত নাটকৰ সংলাপৰ
মাধ্যমেৰে প্ৰতিধ্বনিত হয় - হৃদয়ৰ অনন্য প্ৰকাশ....
বাস্তৱ আৰু সপোনৰ দোমোজাত ৰৈ
আমিবোৰ হৈ পৰো একো একোটা ফিনিক্স পক্ষী.... ৰুঢ় বাস্তৱৰ সৈতে মুখামুখি হৈ আমি
অধিক সচেতন হৈ পৰো নিজক লৈ –নিজৰ সপোনক লৈ....পিছলৈ ঘূৰি চোৱাৰ যে সময় নাই কাৰোৰে
হাতত....আগবাঢ়ি যোৱাৰ এখন যুদ্ধৰ আমি একোজন সৈনিক....জয় নে পৰাজয়.... ক'ত শেষ হব এই
যাত্ৰাৰ - ভাবি চাম নে বাৰু আমি কেতিয়াবা!!
*****
