Showing posts with label ভোক. Show all posts
Showing posts with label ভোক. Show all posts

Saturday, 11 December 2021

অপ্ৰাসাংগিক

 ক. জীৱন.. সময়... সপোনৰ অগা-ডেৱা...

জীৱনবোৰ গতিশীল বুলি জানিও কিছুমান মুহূৰ্তত চিৰদিনৰ বাবে ৰৈ যোৱাৰ বাসনা জাগে.. মন যায় কিছুমান বিশেষ সময়লৈ ঘূৰি যাবলৈ.. জানো অলীক কল্পনা.. তথাপিচোন বাৰে বাৰে একেই কথা.. একেই হেপাঁহ..

সময়বোৰ ঘূৰাই অনাৰ সময়-যন্ত্ৰটোৰ প্ৰয়োজনীয়তাই লৈ যায় এইছ জি ৱেলছৰ কল্পনাৰ জীৱন্ত উপস্থাপনৰ কাষলৈ.. সময়ৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ সৈতে খোজ মিলাবলৈ গৈ বাৰে বাৰে উজুটি খাই পৰোঁ..

সপোনবোৰে ভুমুকিয়াইহি জীৱনৰ দুৱাৰডলিত সম্ভাৱনীয়তাৰ নতুন দিগন্ত পোহৰাই.. সপোনৰ কলৰোলত উদ্ভাসি উঠে জীৱনৰ এটা নতুন উপত্যকা.. হেপাঁহৰ সেউজীয়াখিনি দিগন্ত প্ৰসাৰিত ব্যাপ্তিৰে বহুৰঙী হোৱাৰ নতুন প্ৰস্তুতি এয়া..

 খ. ভোক... সপোন... ভৱিষ্যত বাৰ্তা...

ভোকৰ সংজ্ঞা আমি যিয়েই নিদিও কিয়.. ভোকে নামানে সম্পদৰ প্ৰাচুৰ্য.. কিম্বা অহংকাৰৰ মিছা অষ্ফালন... ভোকে বিচাৰ নকৰে কেতিয়াও সপোনৰ মাত্ৰাক..

কি আমেৰিকা.. কি ছোমালিয়া.. অসম কিম্বা কোনোবা অচিন পাহাৰৰ নিৰ্জন প্ৰান্তৰ.. সকলোতে কিন্তু ভোকবোৰ সদায় ভোকেই.. স্থান-কাল-পাত্ৰৰ পাৰ্থক্যবোৰে আমাক দেখুৱাই কেৱল ভিন্নতাহে..

প্ৰাচুৰ্যৰ ভোক.. অন্ন-বস্ত্ৰ-বাসস্থানৰ ভোক.. নিৰাপত্তাৰ ভোক.. আত্মীয়তাৰ ভোক..  সম্পত্তিৰ ভোক.. সংস্থাপনৰ ভোক.. কৰ্ম-সন্তুষ্টিৰ ভোক.. আহ!! কিমান যে ভোক আমাৰ.. কিন্তু ভোকবোৰৰ জানো কিবা গূঢ়াৰ্থ থাকেগৈ ছিটাৰ জুইত কিম্বা কবৰ বা কফিনৰ বন্ধ দুৱাৰৰ ভিতৰত..

সপোনবোৰে কঢ়িয়াই আনে নিত্য নতুন বাৰ্তা.. সপোনৰ কোলাত উঠি ভোকৰ সংজ্ঞাবোৰক আওকাণ কৰি জীৱনে নতুন হাঁহিৰে আদৰণি জনায় আমাৰে ভৱিষ্যতক.. ভৱিষ্যতৰ বহুৰঙী সপোনবোৰৰ কোলাতে আকৌ ভোকৰ নীৰৱ নিৰ্জন উপস্থিতি..

 

(২ জুন ২০১৮/ পুৱা ১ বাজি ২৮ মিনিট/ আমোলাপট্টি, নগাঁও)