Friday, 15 December 2017

চিকিৎসালয়ৰ ডায়েৰী

২০১৪ চনৰ ডিচেম্বৰ মাহৰ পৰা দেউতাৰ চিকিৎসাজনিত কাৰণত বিভিন্ন চিকিৎসালয়ৰ সৈতে সম্পৰ্ক হৈ আছে বৰ ভালদৰেই... দেউতাৰ শিৰৰ বিসংগতিৰ ফলত হঠাতে ককাঁলৰ তলৰছোৱা বিকল হৈ পৰাৰ ফলত চিকিৎসাৰ কাৰণে বিশেসকৈ অসমৰ কেইবাখনো ব্যক্তিগত চিকিৎসালয়ত বহু ৰাতি কটোৱাৰ অভিজ্ঞতা লাভ কৰিলোঁ... বহু কেইজন চিকিৎসকক লগ পালোঁ ওচৰৰ পৰা (কিন্তু সঁচা অৰ্থত অসমৰ চিকিৎসক সকলৰ দুই চাৰিজনক বাদ দিলে বাকী সকলক ওচৰৰ পৰা পোৱাটো অসম্ভৱ যেনেই লাগে... কিবা এটা যেন দূৰত্বত অৱস্থান গ্ৰহণ কৰে তেওঁলোকে ৰোগী তথা ৰোগীৰ আত্মীয়জনৰ পৰা) ... কিন্তু  নিৰপেক্ষভাৱে কবলৈ গলে অতি আচৰিত ভাবে এই সময়ছোৱাত  দুই এজনক বাদ দি এজনো চিকিৎকৰে সেৱাৰ মনোবৃত্তি প্ৰত্যক্ষ নকৰিলোঁ... বিপৰীতে পদে পদে অনুভৱ হল তেওঁলোকৰ চাকৰিমুখী আৰু ব্যৱসায় সুলভ মনোবৃত্তিৰহে... এই চিকিৎসক সকলৰ চাকৰীমুখী আৰু ব্যৱসায় সুলভ মনোবৃত্তিৰ বিষয়ে হয়টো অনুভৱেই নহল হয় যদিহে অসমৰ বাহিৰলৈ চিকিৎসাৰ বাবে নগলো হয়...

যোৱা বছৰ মে' মাহত বেলেগৰ পৰা খবৰ সংগ্ৰহ কৰি দেউতাৰ উন্নত চিকিৎসাৰ বাবে আগতীয়াকৈ মেইলেৰে বিশেষ চিকিৎসক এজনৰ সৈতে যোগাযোগ কৰি বাঙ্গালোৰৰ ব্যক্তিগত খণ্ডৰ মণিপাল চিকিৎসালয়লৈ যেতিয়া গৈছিলো, তেতিয়াই দৃষ্টিকটু ভাৱে ধৰা পৰিছিল আমাৰ ৰাজ্যখনৰ চিকিৎসকসকলৰ মানসিকতাৰ সৈতে থকা তেওঁলোকৰ মাজৰ বিৰাট ব্যৱধানটো... মেইলেৰে যোগাযোগ কৰি ৰোগৰ চিকিৎসাৰ বাবে চিকিৎসকৰ কাষ চপাটো আমাৰ এই মুলুকত হয়টো বহু যুগলৈকে কল্পনাৰো অগোচৰ হৈ ৰব যদিহে পৰিবেশ আজিৰ দৰেই হৈ থাকে... (যদিও বা আমাৰ ৰাজ্য চৰকাৰে পৰিবেশ ৰোগীৰ অনুকুল কৰাৰ বাবে চেষ্টা কৰিয়েই আছে কাগজে-কলমে)

বাঙ্গালোৰত গৈ উপস্থিত হোৱাৰ পিছত যি এক শৃংখলিত ব্যৱস্থাৰ মাজেৰে অহাৰ দিনালৈকে মণিপাল চিকিৎসালয়ত চিকিৎসক, প্ৰশাসন আৰু বাকী পৰিচৰ্যাকে আদি কৰি যিখিনি ব্যৱহাৰ পালো, সেয়া আমাৰ ৰাজ্যখনৰ মোৰ অভিজ্ঞতা লাভ হোৱা চিকিৎসালয় কেইখনত অদূৰ ভৱিষ্যতেও যে হব সেয়া মনে নধৰে... বাহিৰত দেখুৱাই বিজ্ঞাপনকে আদি কৰি নিয়ম-নীতিখিনিৰ প্ৰচাৰ ঠিকেই কৰে অসমৰ চিকিৎসালয়বোৰে কিন্তু বাস্তৱ কাৰ্য-ক্ষেত্ৰত তাৰ সম্পূৰ্ণ ওলোটা ছবি এখনহে ভিতৰ চৰাত দেখা পোৱা যায়... আপোনাৰ মোৰ ৰোগৰ চিকিৎসা কৰা নিৰ্দিষ্ট চিকিৎসকজনক লগ পাবলৈ খাপ পিটি থাকিব লগা হয় ৰোগৰ বিষয়ে জানিবলৈ ৰোগীৰ অভিভাৱকসকল... অশেষ কষ্টেৰে কিবাকৈ চিকিৎসকক লগ পোৱাৰ পিছতো ৰোগৰ বিষয়ে ভালদৰে বুজাই কবলৈ তেওঁলোকৰ সময় নাথাকে নে প্ৰকৃত ৰোগটো ধৰিব নোৱাৰি তেওঁলোকে সঠিক তথ্য দিব নোৱাৰে, সেয়াও এক ৰহস্যৰ বিষয় মোৰ বাবে আজিও...

যি সময়ত বাঙ্গালোৰৰ মণিপাল চিকিৎসালয়ত বিশেষ চিকিৎসক এজনে ৰোগীৰ খবৰ কৰিবলৈ পুৱা ৬ বজাত নিয়ম বৰ্হিভূত ভাৱে আহিব পাৰে নিৰ্দিষ্ট সময়খিনিত অহাৰ বাহিৰেও সেই সময়ত অসমৰ চিকিৎসক এজনক লগ পাবলৈ আপুনি মই দৌৰি ফুৰিব লগা হয় প্ৰায় ৯০ শতাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসকৰ ক্ষেত্ৰতে... চৰকাৰী চিকিৎসালয়ৰ পুৰাণখন বাৰু নেমেলাই ভাল... এই বিৰাট বৈসাদৃশ্যৰ আঁৰত কিহৰ ক্ৰিয়া বাৰু...

অসমৰ এখন জকাইচুকৰ অচিন ঠাইৰ পৰা যোৱা ৰোগীৰ এজনৰ প্ৰতি বাঙ্গালোৰৰ চিকিৎসক সকলৰ এই ব্যৱহাৰ নিশ্চয় প্ৰতিজন ৰোগীৰ ক্ষেত্ৰতে একে... চিকিৎসক এজনক ভগৱান লগত তুলনা কৰাৰ সাৰ্থকতা হয়তো এইখিনিতে অনুভৱ কৰিব পাৰোঁ আমি (যদিওবা ভগৱানক লৈ বিতৰ্কৰ অৱকাশ আছে) ... কিন্তু সেই একে ব্যৱহাৰ অসমৰ চিকিৎসক সকলৰ ক্ষেত্ৰত কেতিয়াবা দেখা পোৱা যাব নে বাৰু বাস্তৱ ক্ষেত্ৰত...

আকৌ অসমৰ চিকিৎসক সকলৰ মই বৰ বা অহং ভাৱটোৰ কথা নকলোৱেইবা... নিজৰ সাধ্যৰ ভিতৰৰে ৰোগ এটাৰ সম্পূৰ্ণ বিধান দিবলৈ সক্ষম নহলে চিকিৎসক এজনে অন্য এজন বিজ্ঞ চিকিৎসকৰ সৈতে আলোচনা কৰা বা ৰোগীজনক অন্য চিকিৎসক এজনৰ কাষলৈ পঠোৱাটোত তেওঁলোকে ব্যক্তগত ভাবে নিজৰ সন্মান লাঘৱ হোৱা বুলি ভাৱে যেন বোধ হয়...  চিকিৎসক হিচাপে ৰোগীৰ জীৱন ৰক্ষাৰ মূল লক্ষ্যটোৱেই যেন তেওঁলোকৰ বাবে গৌণ হৈ পৰে আত্ম-সন্মানৰ আগত...

(১৫ ডিচেম্বৰ ২০১৮/ ধেমাজি)

Tuesday, 21 November 2017

চিন্তাত শূণ্য মন-মগজু

কি কৰিম... কোনফালে যাম... দেউতাৰ চিন্তাতে একোটেই মন বহা নাই... তেওঁৰ বেমাৰটো আৰোগ্য হোৱাৰ লক্ষণ আছেনে নাই মই কব নোৱাৰো... যিমানখিনি পাৰো চেষ্টা কৰিছো চিকিৎসাৰ জৰিয়তে... কিন্তু চিকিৎসা বিজ্ঞানৰ ইমান অগ্ৰগতিটো আমিবোৰ আজিও নিৰাপদ নহয় কিয় বাৰু... নতুন নতুন বেমাৰ-আজাৰবোৰ নিয়ন্ত্ৰণ কৰিবলৈ কিয় আজিৰ আধুনিক চিকিৎসকসকল সমৰ্থ হোৱা নাই... এনে কিয় হয় বাৰু মানুহৰ জীৱনত... জীৱনটো আগুৱাই নিয়াৰ নামত পোৱা কষ্টখিনিৰ বাহিৰেও আকৌ বেমাৰ বুলি বেলেগকৈ কষ্টখিনি কিয় পাই থাকে বাৰু... তাতোতকৈচোন আগৰ ৰজা-মহাৰজাৰ দিনৰ মৃত্যুদণ্ডবোৰেই বেছি ভাল আছিল, বেমাৰৰ নামত জীয়াতু ভূগিব লগীয়া হোৱাতকৈ...

তথাপি জীৱনৰ প্ৰতি সকলোৰে আছে এক অচিনা মমতা... মৃত্যু সমাগত বুলি জানিও যেন আমি জীয়াব বিচাৰো জীৱনৰ আটাইতকৈ সুখৰ মূহুৰ্তবোৰ শেষ সময়খিনিতহে... আত্মীয়জনক যেন হেৰুৱাব নিবিচাৰো মৃত্যুৰ সময়খিনিতে বেছিকৈ... যিমানেই আমাৰ মাজত মত বিৰোধ নাথাকক কিয় শেষ সময়খিনিত তেওঁ হৈ পৰে বুকুৰ নিভৃত কোণত একান্তই আপোন সুহৃদ... সময়ক আমি হাতৰ মুঠিত ধৰি থব বিচাৰো যাতে জীৱনৰ ভাল সময়বোৰ পাৰ হৈ নাযায় আমাৰ মাজৰ পৰা...

আমি যে জীৱন যুঁজৰ একো একোজন অকালন্ত সৈনিক... জীৱনৰ সৈতে সংপিক্ত প্ৰতিজন আত্মীয়ক যে জীৱনতকৈও ভাল পাওঁ মই... হেৰুৱাব নিবিচাৰো তেওঁলোকৰ সাহচৰ্যৰ মধুময় ক্ষণবোৰৰ উমাল মৰম তথা আত্মীয়তাৰ আব্দাৰ... জীৱনৰ যে মইওঁ এজন দূৰন্ত প্ৰেমিক মই নিজে নজনাকৈয়ে...

(২১ নবেম্বৰ ২০১৭/ আমোলাপট্টি, নগাওঁ)

Monday, 23 October 2017

বিক্ষিপ্ত ভাৱনা

দীপাৱলীৰ দিনৰ চিন্তা

চৌপাশে পোহৰৰ আৱেশ... পিছে আতচবাজীৰ জোৱাৰত পোহৰৰ উৎসৱৰ মাদকতা যেন কৰবাত হেৰাল... মাটিৰ চাকি গছিৰ পোহৰে উজলাই তোলা আমাৰ চৌপাশে এতিয়া নানা ৰঙী তিৰ্ বিৰ্ বিজুলীবাটিৰ চমকনি... কোনোবাখিনিত বিলীন হৈ গল মাটিৰ চাকিৰ পোহৰত উজলি উঠা আমাৰ পাৰিপাৰ্শ্বিকতাৰ মাজত লুকাই থকা স্বকীয়তাখিনিও...

সভ্যতা-সংস্কৃতিৰ বিৱৰ্তনৰ দূৰন্ত গতিয়ে স্বকীয়তাক গ্ৰাস কৰাটো কিমান দূৰ গ্ৰহণযোগ্য আৰু কিমানখিনি সত্য... পৰিৱৰ্তন যিদৰে প্ৰকৃতিৰ নিয়ম - ঠিক সেই অনুৰূপে পৰিৱৰ্তনবোৰ হব লাগে সমাজৰ ভালৰ হকে... কিন্তু তাৰ বিপৰীত ছবি এখনহে আমাৰ সৰ্বত্ৰতে পৰিলক্ষিত হৈছে বৰ্তমান... ইয়াৰ অন্তৰালৰ ৰহস্য কি বাৰু...

প্ৰকৃততে পৰিৱৰ্তনবোৰ সমাজ আৰু সভ্যতাৰ হিতৰ বাবেই হৈ থকা নাইটো... বৰ্তমান সময়ৰ সৈতে নিজকে সংপৃক্ত কৰিব নোৱাৰা বাবেই মই হয়তো সকলোফালে পোহৰৰ তিৰবিৰনিৰ মাজতো অন্ধকাৰ দেখিছো কেৱল... এই অন্ধকাৰ আতৰাবলৈ জ্বলোৱা বিজুলীবাতিৰ সৈতে মোৰ কোনো দিনে শত্ৰুতা নাই সঁচা, সেইবুলি মোৰ দেশ আৰু মাটিৰ সভ্যতা-সংস্কৃতিৰ স্বকীয়তা বহনকাৰী মাটিৰ চাকিবোৰক কিয় হেৰাই যাবলৈ দিম মোৰ সন্মুখতে মোৰ জ্ঞাতসাৰে... বিজ্ঞানৰ চমকপ্ৰদ অগ্ৰগতিৰ সৈতে কিয় ফেৰ মাৰিব নোৱাৰিব দেশৰ সভ্যতা-সংস্কৃতিৰ পৰিচয় বহনকাৰী স্বকীয় অনুষ্ঠান আৰু আচাৰ-নীতিসমূহে...

(২০ অক্টোবৰ ২০১৭)

Friday, 29 September 2017

লোকবিশ্বাস, বিজ্ঞান মানসিকতা ইত্যাদি: নিজা অনুভৱ

লোকবিশ্বাস -

পৰম্পৰাগতভাৱে সমাজত চলি অহা কিছু নীতি নিয়ম আৰু বিশ্বাসৰ মাজেৰেই আমাৰ মাজত বৰ্তি আছে বহু লোকবিশ্বাসৰ... যাৰ গাত ভেঁজা দিয়েই আমাৰ সমাজ জীৱন হৈ উঠিছে ভিন্ন সময়ত ভিন্ন চৰিত্ৰৰে বৰ্ণময়... আমাৰ সমাজখনক শৃংখলাবদ্ধ কৰি তোলাত এই পুৰণি নিয়ম-নীতিবোৰৰ ভূমিকা সদায়েই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে...

কিন্তু এই সকলোবোৰ লোকবিশ্বাসৰ ভেঁটি জানো বৈজ্ঞানিক ভাৱে ইমান সৱল যে যাক আমি বিনা দ্বিধাই মানি চলিম... আমাৰ  পূৰ্বজসকলে দেখুৱাই যোৱা বাটেৰে বাট বুলা আমিবোৰে সময়ৰ সৈতে তাল মিলাই বহু দূৰ আগুৱাই আহিলো... ভদ্ৰ ভাষাত আমি বৰ্তমান সভ্য সমাজৰ একো একোজন ভব্য গব্য বাসিন্দা হৈ পৰিলো... সমাজৰ নিভাঁজ সৰল জীৱন যাপন প্ৰণালীক আমিয়েই কৰি তুলিলো দিনক দিনে জটিলৰ পৰা জটিলতৰ... আমাৰে পূৰ্বজসকলৰ হাতত যিদৰে জিৰণিৰ বাবে পৰ্যাপ্ত সময় আছিল ঠিক সেইদৰে তেওঁলোকৰ সমাজত নাছিল আজিৰ দৰে অভাৱ আৰু আভিজাত্যৰ এখন অভেদ্য প্ৰাচীৰ...

আমাৰ লোকবিশ্বাসসমূহৰ বুনিয়াদ গঢ়ি উঠা সেই সময়ৰ সমাজ তথা সভ্যতাৰ বৰ্তমানৰ প্ৰতিনিধি আমিবোৰে সচাঁই জানো আজিৰ সময়ত সেই লোকবিশ্বাসবোৰ কেৱল সমাজৰ মংগলৰ বাবেই গ্ৰহণ কৰিছো... নে ইয়াৰ গাত ভেঁজা দিয়ে নিত্য নতুন সমাজৰ ক্ষতিকাৰক বিশ্বাসবোৰে মূৰ দাঙি উঠিছে আধুনিক শিক্ষাৰে শিক্ষিত আজিৰ সমাজ জীৱনৰে চুকে কোণে... ডাইনী হত্যা, কন্যা ভ্ৰুণ হত্যা, জৰা-ফুকা, বেজ-বেজালি, বলি-বিধানৰ পয়োভৰচোন দিনক দিনে বাঢ়িবহে লাগিছে আজিৰ সময়ত... কোন দায়ী ইয়াৰ বাবে... নে এয়া উত্তৰ আধুনিক জীৱন শৈলীৰে এক স্বাভাৱিক প্ৰক্ৰিয়া...

বিজ্ঞান মানসিকতা -

মধ্যাহ্ন ভোজনৰ সোৱাদ নোপোৱা আমিবোৰে প্ৰাথমিক বিদ্যালয়ৰ পৰাই বিজ্ঞান বিষয়টো পাঠ্যক্ৰমত অধ্যয়ন কৰি আহিছিলো উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ দেওনা পাৰ হোৱালৈকে বাধ্যতামূলক হিচাপে... আজিও প্ৰায় একে ধৰণৰ পাঠ্যক্ৰমেই চলি আছে আমাৰ বিদ্যালয়সমূহত... (পাৰ্থক্য মাথো চেকনিৰ আগত থকা বুলি বিশ্বাস কৰা অতীতৰ শিক্ষা ব্যৱস্থা এতিয়া সৰ্বশিক্ষাৰ কৰাল গ্ৰাসত পৰি উৱাদিহ নোহোৱা কৈ মাথো কাম চলাই নিছে) তাৰ মাজতো আমাৰ আধুনিক সমাজখনক বিভিন্ন নীতি-নিয়ম আৰু বিশ্বাসৰ নামত কিছুমান যুক্তিহীন আৱেগে আজিও বান্ধি ৰাখিবলৈ সক্ষম হৈছে... কিহৰ পাৰ্শ্বক্ৰিয়া বাৰু এইবোৰ... নে জীৱন যাত্ৰাৰ স্বাভাৱিক শৈলী হৈ পৰিছে আমাৰ অজানিতেই সমাজৰ ক্ষতিকাৰক এনে বহু উপাদান...

বিদ্যালয়ত নিউটনৰ গতি সূত্ৰ, প্ৰটন - নিউটন কণা, পোহৰৰ গতি সূত্ৰ আওঁৰাই আহি ঘৰত যেতিয়া পেটৰ বিষত ককা-আইতা বা চুবুৰীয়া কোনো দদাইদেউ-খুড়ীদেউৱে দিয়া মুখলগা জ্বৰা পানী খাওঁ, তেতিয়াই বিজ্ঞানে কলমটিয়াই খুন্দা মাৰেহি আমাৰ মনৰ চাৰিবেৰত... মনৰ ইচ্ছা পূৰণৰ বাবে, সন্তানৰ মংগলৰ কাৰণে যেতিয়া আমি কাৰোবাৰ বিধান মানি নিজৰ লগতে সন্তানৰো ককাঁল, হাত, ভৰি আদি শৰীৰ ভিন্ন স্থানত বান্ধি দিও ভিন্ন ৰঙী তাবিজ আৰু হাত-ভৰিৰ আঙুলিত পিন্ধাও বিভিন্ন বাখৰ বা ৰত্ন যুক্ত আঙুঠি - ঠিক তেতিয়া বিজ্ঞান মানসিকতাই কক্ বকাই ঠাওনি নোপোৱা পাৰিপাৰ্শ্বিকতাৰ মেৰপেচত পৰি...

Thursday, 14 September 2017

আড্ডাৰ মাজেৰে কিছু সময়ৰ আমেজ...

পুৱা বিশ্ববিদ্যালয়ত ১১ বজাৰ পৰা ১.৩০ বজালৈকে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী অনুষ্ঠান উদযাপন কৰি সহকৰ্মী বন্ধু কেইজনৰ সৈতে একেলগে এসাঁজ খোৱাৰ পৰিকল্পনা কৰিলো... কথা মতেই কাম... মোৰ কোঠাতে খোৱাৰ আয়োজন হল... জীৱন বৃত্তৰ ভিতৰুৱা ৰসাল আৰু ৰহস্যঘন বিভিন্ন কথাৰে জমি উঠিল আমাৰ আড্ডা... বিষয়ৰ পৰা বিষয়ান্তৰলৈ গতি কৰাইটো আড্ডাৰ আচল প্ৰকৃতি... সেই মতেই শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষ্যে স্বতঃস্ফূত ভাৱে আহি উলোৱা শ্ৰীকৃষ্ণৰ বাস্তৱিকতাৰ পৰা আৰম্ভ কৰি আধুনিক পৃথিৱীৰ ব্যস্ত মানুহৰ মাজত ধৰ্মৰ প্ৰাসংগিকতালৈ... ৰামায়ণ - মহাভাৰতৰ মহাকাব্যিকতাত নিহিত হৈ থকা জীৱন বাস্তৱতা আৰু অলৌকিকতা... ইলিয়াড - ওডিছি, বাইবেল - কোৰাণৰ সত্যতাৰ মাজৰ ছায়াময় বাস্তৱিকতাইও আহি স্বাভাৱিকভাৱেই ভুমুকি মাৰিলেহি আড্ডাৰ পৃষ্ঠভূমিত... দ্যা ভিন্সি কোডৰ জনপ্ৰিয়তাৰ আঁৰৰ নতুনত্ব সন্ধানী সম্পৰীক্ষাৰ প্ৰসংগইও আহি ভীৰ কৰিলেহি আড্ডাৰ চৰাঘৰ...


ধৰ্মীয় গোড়ামিৰ মাজেৰে আহি পৰা সমাজৰ বিচ্ছিন্নতাবাদ - সাম্প্ৰদায়িক বিভেদৰ নিত্য-নতুন সম্পৰীক্ষা... এই সকলোবোৰ জানো জীৱশ্ৰেষ্ঠ মানুহৰ নিজা সম্পদ নহয়.... বিভেদকামী শক্তিৰ সন্মুখত প্ৰতিক্ষণ শিৰ নত্ কৰা আধুনিক পৃথিৱীৰ জীৱ শ্ৰেষ্ঠৰ সন্মুখত আজি স্বয়ং সৃষ্টিকৰ্তা আহিলেও যেন অসহায় হৈ পৰিব, তেওঁলোকক সঠিক পথৰ সন্ধান দিয়াত... ইমান জটিলৰ পৰা জটিলতৰ হৈ পৰিছে নে বাৰু আমাৰ পাৰিপাৰ্শ্বিকতা... যত মুকলি মনেৰে এটা মিঠা পুৱাৰ আমেজ লোৱাটোও হৈ পৰিছে এক দুঃসাহসী কাৰ্য...

আধুনিক পৃথিৱীৰ সদা ব্যস্ত মানুহৰ সন্মুখত যেন কেৱল এতিয়া প্ৰতিযোগিতামুখৰ এক নিগনি দৌৰৰহে আয়োজন সকলোতে... কেৱল গতিৰ সমাহাৰ সকলো ফালে... কি জীৱনৰ দৈনন্দিন ব্যস্ততাতেই হওক বা জীৱনৰ স্বাভাৱিক গতি পথৰ বিভিন্ন খলা-বমাবোৰতে হওক...

(১৩ ছেপ্টেম্বৰ ২০১৭ - আমোলাপট্টি, নগাওঁ)