বুলন ককাইদেউৰ মৃত্যুত সামাজিক মাধ্যমত হোৱা পাৰ্শ্বক্ৰিয়া আৰু ব্যক্তিগত ভাৱনা
এজন মানুহৰ মৃত্যুতো সাধাৰণ জনতা ইমান শোকাভিভূত হ’ব পাৰে - যিটো বৰ্তমান সময়ত কল্পনা কৰিব নোৱাৰি। যি সময়ত বাতৰি-কাকত, বৈদ্যুতিন
মাধ্যম আনকি চকুৰ সন্মুখতে কত মানুহৰ মৃত্যু দেখিও আমি সাধাৰণ ঘটনা হিচাপে মানি ল’বলৈ শিকিছোঁ, সেই সময়তে অসমৰ এখন অখ্যাত ঠাইৰ এজন প্ৰায় সাধাৰণ মানুহৰ মৃত্যুত আজিৰ দিনটোত বিশেষভাৱে সামাজিক
মাধ্যমত মানুহৰ প্ৰতিক্ৰিয়া দেখি আচৰিত নহৈ নোৱাৰিলোঁ। আজিৰ দিনটোতে আকাশবাণীৰ
বাতৰিৰ পৰা আৰম্ভ কৰি সংবাদ-পত্ৰৰ ইলেকট্ৰনিক সংস্কৰণ, বৈদ্যুতিন সংবাদ মাধ্যম আদিৰ সংবাদতো
প্ৰত্যক্ষ কৰিলোঁ - একেজন মানুহৰ বিষয়ে বিভিন্নজনৰ শোকবিহ্বল চিন্ত-ভাৱনাবোৰ। যিজন
মানুহ কোনো মন্ত্ৰী, বিধায়ক, ৰাজনৈতিক নেতা কিম্বা সমাজৰ তথাকথিত বিয়াগোম
বুদ্ধিজীৱী নতুবা সমাজক জ্ঞান প্ৰদানেৰে মানৱ সম্পদ গঢ়া তথাকথিত প্ৰখ্যাত শিক্ষকো
নাছিল; আনকি বহুতৰ
দৰে সভা-সমিতিয়ে শিৰ ফুলাই নিজে সমাজিক কাম-কাজত বিশেষ অৱদান আগবঢ়োৱা বুলিও জাহিৰ
কৰি ফুৰা নাছিল। সেয়েহে এইখিনিতে প্ৰশ্ন হয় - এই প্ৰায় সাধাৰণ মানুহজনৰ মৃত্যুত
অসমৰ এচাম জনতা ইমান আৱেগিক কিয়!!
সাধাৰণভাৱে চাবলৈ গ’লে তেখেত মোৰ কোনো
আত্মীয় অথবা কোনোবা ভাল বন্ধুও নাছিল। গতিকে তেখেতৰ মৃত্যুত মই বৰ বিশেষ দুখ কৰিব
লগা বা মনটো অস্থিৰ হ’ব লগা বিশেষ একো নাই। কিন্তু সামাজিক মাধ্যমত তেখেতৰ চিন্তা উদ্ৰেককাৰী লেখাসমূহ
তথা ব্যঙ্গাত্মক কথাবোৰৰ মাজেৰে আমাৰ সমস্যাবোৰৰ বিষয়ে আমাকে সচেতন কৰাৰ প্ৰয়াসবোৰে
নজনা-নুবুজাকৈয়ে তেখেতৰ সৈতে এক আত্মিক বান্ধোনৰ সৃষ্টি কৰিছিল। এনে এক অদৃশ্য আৰু
অজানা আপোন বান্ধোনৰ মাজত সোমাই পৰা এজন ব্যক্তিৰ কায়িক মৃত্যুৱে মনলৈ দুখবোধ তথা
এক বুজাব নোৱাৰা পৰিস্থিতি অনাত অস্বাভাৱিকতা নিশ্চয় একো নাই।
এতিয়া মনতে জুকিয়াই চাওঁতে দেখা পাইছোঁ যে তেখেতে সামাজিক
মাধ্যমৰ লেখনিৰ জৰিয়তে যিবোৰ চিন্তা আৰু সমালোচনা ৰাইজলৈ আগবঢ়াই দিছিল সেইখিনিয়ে মোৰ
দৰে বহুতৰে অন্তৰত দাগ কাটি গৈছিল। অসম আৰু অসমীয়াক অন্তঃকৰণেৰে ভালপোৱা বুলনদাৰ লেখনিৰ
মাজত নিহিত হৈ থকা তীব্ৰ বাক্যবাণ, শাণিত ব্যংগ আৰু তথ্যৰ চমকপ্ৰদ উপস্থাপনে
সকলোকে কথাবোৰ নকৈ ভাবিবলৈ আৰু চিন্তা কৰি চাবলৈ বাধ্য কৰাইছিল। হাতত কলম তুলি লৈয়ে জাতিটোৰ আৰু ৰাজ্যখনৰ সাম্প্ৰতিক সমস্যাবোৰ সমাধানৰ প্ৰতি তেখেতে নিজৰ সাধ্যানুসৰি কৰা কামবোৰৰ মাজেৰে নিজৰ জাতীয় দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিছিল সকলোৰে সন্মুখত। যাৰ ফলশ্ৰুতিত এনে এজন সৎ সাহসী আৰু নিজৰ আজানিত সমাজৰ সাধাৰণজনৰ বলিষ্ঠ কন্ঠ হ’বলৈ ধৰা এজন ব্যক্তিৰ আকস্মিক
মৃত্যুৰ বাতৰিটোৱে তেখেতক জনা-নজনা প্ৰায় সকলো স্তৰৰ লোককে ব্যথিত কৰি তুলিছে। তেখেতৰ
মৃত্যুৰ পিছতে সামাজিক মাধ্যমত নিজৰ মত ব্যক্ত কৰা বিভিন্নজনৰ চিন্তা-ভাৱনাবোৰ
দেখি আৰু সংবাদ মাধ্যমৰ বাতৰি তথা বিভিন্ন দল-সংগঠনৰ মতামতবোৰ শুনি ভাবিবলৈ মন
গৈছে যে সমাজত সততা আৰু ন্যায়ৰ পক্ষত থকা মানুহৰ সংখ্যাতো এতিয়া আগৰ দৰে গৰিষ্ঠ
হৈয়ে আছে। সেয়েহে হয়তো তেখেতৰ সাহসী
স্থিতি আৰু স্পষ্টবাদিতাৰ বাবে প্ৰায়ে ৰাইজৰ আগত বিপাঙত পৰিবলগীয়া হোৱা শাসক-বিৰোধী
উভয় পক্ষৰে বহু ৰাজনৈতিক নেতা-মন্ত্ৰীয়েও তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
বুলনদাৰ অকাল মৃত্যুত সচাঁ অৰ্থতে
অসম আৰু অসমীয়াই এজন ভাল মানুহ সোনকালে হেৰুৱালে। জাতিটোৰ আজিৰ জটিল
সন্ধিক্ষণত যাৰ কৰিবলগীয়া বহু কামেই আধৰুৱা হৈ থাকি গ’ল। বুলনদা আপোনাৰ চিন্তা
আৰু কৰ্মৰ নমুনা সদায় আমাৰ দৰে বহু সাধাৰণ মানুহৰ মন-মগজুত চিৰদিন থাকি যাব।
(২৮ নবেম্বৰ, ২০২৪/সৰভোগ)
***********

