বিশ্বকৰ্মা পূজাৰ অসংলগ্ন ভাৱনা
আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসম মুলুকতো বিশ্বকৰ্মা পূজাৰ আয়োজন হৈছে। ৰঙীন টিভি বা দুচকীয়া বাহন এখন থকা নদাই ভদাইৰ ঘৰৰপৰা আৰম্ভ কৰি চাৰিচকীয়া সৰু-ডাঙৰ বাহন থকা আঢ্যৱন্তসকলৰ ঘৰলৈকে সকলোতে পূজাৰ আয়োজন চলিছে। সৰুৰেপৰা মোৰ চৌপাশে এনে এটা পৰিৱেশেই নিজ চকুৰে দেখা পাই আহিছো। তদুপৰি বাতৰি কাকতৰ ৰঙীন চিত্ৰৰ বাতৰি আৰু দূৰদৰ্শনৰ দৃশ্যবোৰ আছেই।
আন সকলোবোৰ বাদ দিও ব্যক্তিগতভাৱে আনুষ্ঠানিক শিক্ষা লাভৰ প্ৰাৰম্ভিক পৰ্যায়ৰপৰা বিশ্ববিদ্যালয়লৈকে শিক্ষা ক্ষেত্ৰখনৰ ভিন ভিন পৰ্যায়ত বিশ্বকৰ্মা পূজাৰ আয়োজন দেখিলোঁ। সেই সময়ত কথাবোৰে মন-মগজুক সঠিকভাৱে চুবগৈ পৰা নাছিল। গতানুগতিকভাৱে বন্ধৰ দিন হিচাপে বা পূজাৰ উৎসৱ মুখৰতাৰ মাজেৰে পাৰ হৈ গৈছিল দিনটো। এতিয়া অলপ অচৰ কথাবোৰ নিজাকৈ চিন্তা কৰাত মনলৈ বহু খু-দুৱনি আহে!!
বিশেষকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত বিজ্ঞান শাখাৰ যিকেইটা বিভাগত যন্ত্ৰ-পাতি তথা পৰীক্ষাগাৰৰ ব্যৱহাৰ হয়, সেই বিভাগসমূহত বিশ্বকৰ্মাৰ পূজা আয়োজন কৰা দেখা পাইছিলোঁ। মাজে মধ্যে কেতিয়াবা এনে পূজাৰ মাহ-প্ৰসাদৰ সোৱাদো পাইছিলোঁ।
মনৰ মাজত পূজাৰ অসাৰ্থকতাৰ বিষয়ে বুজন হোৱাৰে পৰা অনুভৱ কৰিছিলোঁ যদিও বৰ দকৈ ভাবি চোৱা নাছিলোঁ কথাবোৰ। এতিয়া প্ৰায়ে মনলৈ আহে যে, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ এই বিজ্ঞানৰ পৰীক্ষাগাৰসমূহত প্ৰকৃততে বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষা চলে নে বাৰু!! ছাত্ৰ-ছাত্ৰীসকলক কেৱল পৰীক্ষা দিয়াৰ বাবে সাজু কৰি তোলা আৰু আনুষ্ঠানিক ডিগ্ৰী এটাৰ প্ৰমাণপত্ৰখন প্ৰদানৰ বাবে নিয়ম মাফিক পৰীক্ষা-নিৰীক্ষাবোৰ কৰোৱাতেই বিজ্ঞানৰ পৰীক্ষাগাৰবোৰৰ কৰ্তব্য শেষ হয় নে কি!! 🤔
দেশ তথা ৰাজ্যত চলা এনেকুৱা ধৰণৰ বিজ্ঞান শিক্ষাৰ জৰিয়তে আমি প্ৰকৃততে ছাত্ৰ-ছাত্ৰীসকলৰ মনত কেনে মানসিকতাৰ বিকাশ সাধন কৰিব বিচাৰিছোঁ!! এনেকৈয়ে পৰম্পৰা আৰু বিশ্বাসৰ গইনা লৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল মনতবৈজ্ঞানিক মানসিকতা গঢডি তোলাৰ সলনি এক ধৰণৰ কাল্পনিক ধাৰণা জাপি দি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিকাশত আমিয়েই অৰিহণা যোগোৱা নাই জানো!! এইটো কিন্তু আমাৰ দেশ তথা ৰাজ্যৰ চৌপাশৰ বিভিন্ন পৰিঘটনাৰ মাজৰ এটা মাত্ৰ উদাহৰণহে।
যিসময়ত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ বিজ্ঞানৰ পৰীক্ষাগাৰত ব্যৱহৃত বহু যন্ত্ৰ-পাতি, আনকি বিভিন্ন ৰাসায়নিক দ্ৰব্যসমূহ ৰাজ্যৰ বাহিৰৰপৰা অনাৰ লগতে বহু সময়ত দেশৰ বাহিৰৰ পৰা আনিব লগাও হয়, সেই সময়ত এনে পৰীক্ষাগাৰবোৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰীবোৰ নিজৰ ৰাজ্য তথা আমাৰ দেশতেই উৎপাদন কৰাৰ প্ৰয়োজনীয় ব্যৱস্থা কৰাৰ সলনি যদি কাল্পনিক সত্তাৰ পূজা-উপাসনাতে আমি ব্যস্ত থাকো তেন্তে আমাৰ প্ৰগতি কিমান হ'ব সেয়া বহলাই কোৱাতো নিষ্প্ৰয়োজন!!🤔
একেবাৰে সাধাৰণভাৱে চকু ফুৰাই চালেই সততে দৃষ্টিগোচৰ হোৱ দুটামান প্ৰশ্ন আমি প্ৰত্যেকেই নিজকে কৰি চোৱাতো ভাল। উদাহৰণস্বৰূপে আজিৰ বিশ্বকৰ্মা পূজা বা ১২ মাহত অনুষ্ঠিত ১৩টা পূজাৰ সময়ত আপুনি-মই যত্নৰে সাজি-কাছি তোলা ফটোবোৰ তুলিবলৈ ব্যৱহাৰ কৰা ম'বাইল ফোন আৰু নামী-দামী বিভিন্ন ব্ৰেণ্ডৰ কেমেৰাবোৰৰ প্ৰস্তুত কৰা কেইটা কোম্পানী আমাৰ দেশত আছে, আমি এবাৰলৈও কেতিয়াবা ভাবি চাবলৈ আহৰি পাইছোনে!!🤔
চুবুৰীয়া দেশ জাপান, চীনৰ বৈদ্যুতিক সামগ্ৰী, নিত্য ব্যৱহাৰ্য্য ম'বাইল, লেপটপ আৰু কেমেৰা আদিৰে আমাৰ দেশ ভৰি পৰিছে। আৰু আমি এনেবোৰ আহিলা-পাতিৰ কুশল মংগল কামনাৰে কেৱল বিশ্বকৰ্মা পূজা পতাত ব্যস্ত আজি!! যি সময়ত দেশে চন্দ্ৰৰ দক্ষিণ মেৰুত পদাপৰ্ণ কৰি ইতিহাস সৃষ্টি কৰিছে সেই একেখিনি সময়তে কিন্তু বিশ্বকৰ্মা পূজাৰ উলহ মালহৰো অলপো হেৰ-ফেৰ হোৱা নাই।
(বি. দ্ৰ. - বিশ্বকৰ্মা পূজাৰ পাছদিনাৰেপৰা অসম মুলুকৰ পথৰ কাষে কাষে থিয়দঙা দি থকা বিশ্বকৰ্মাৰ মূৰ্ত্তিবোৰ প্ৰসংগলৈ বাৰু নাযাওঁ।)