Showing posts with label Youth Dormatory. Show all posts
Showing posts with label Youth Dormatory. Show all posts

Tuesday, 27 November 2018

জনজাতীয় জীৱন আৰু ডেকা চাং


নজাতীয় জীৱনৰ বিভিন্ন স্বকীয় বৈশিষ্ট্যৰ ভিতৰত এটি উল্লেখযোগ্য বৈশিষ্ট্য হল – ডেকা চাং। যাৰ উপস্থিতি পৃথিৱীৰ অন্যান্য স্থানৰ দৰে অসমৰ জনজাতীয় জীৱনটো বৈচিত্ৰ্যপূৰ্ণ ৰূপত দেখা পোৱা যায়। সাংসাৰিক শিক্ষাৰ কঠিয়াতলী এই ডেকা চাঙবোৰে ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা থকা জনজাতিসকলৰ আধুনিক মনটোৰ পৰিচয় বহন কৰে। জনজাতি এটাৰ মাজত প্ৰচলিত অলিখিত নিজস্ব ৰীতি-নীতি তথা নিয়ম-কানুনবোৰ উঠি অহা প্ৰজন্মক শিকোৱাটোৱেই ডেকা চাঙৰ মূল উদ্দেশ্য। এই ডেকা চাঙবোৰৰ নাম জনজাতি ভেদে ভিন্ন হোৱাৰ লগতে নিৰ্মাণ শৈলী কিছু ভিন্ন হয় যদিও মূল বৈশিষ্ট্যসমূহত মিল দেখা পোৱাটো এক মন কৰিবলগীয়া দিশ জনজাতীয় ডেকা চাঙবোৰলৈ লক্ষ্য কৰিলে আমি নিম্নোলিখিত ধৰণৰ বৈশিষ্ট্যসমূহ দেখা পাওঁ –

* কিছুমান জনজাতিৰ ক্ষেত্ৰত ল'ৰা আৰু ছোৱালীৰ কাৰণে সুকীয়া গৃহৰ ব্যৱস্থা থকা দেখা যায়। কিন্তু বেছিভাগ ক্ষেত্ৰতে লৰা-ছোৱালীৰ কাৰণে যুটীয়া ভাৱে এটা গৃহৰে ব্যৱস্থা থাকে। উদাহৰণস্বৰূপে, 
টাংখুল নগাসকল আৰু জেলিয়াংসকলৰ লগতে অৰুণাচল প্ৰদেশৰ টাংছা জনজাতিৰ মাজত লৰা আৰু ছোৱালীৰ কাৰণে সুকীয়া ডেকা চাং আৰু গাভৰু চাঙৰ ব্যৱস্থা আছে।

* সাধাৰণতে ডেকা চাঙবোৰ গাঁৱৰ সীমামূৰীয়া ঠাইত বা মুকলি ঠাইত স্থাপন কৰা দেখা যায়। কিছুমান জনজাতিৰ ক্ষেত্ৰত আকৌ গাঁৱৰ কেন্দ্ৰ স্থলত, খেতি পথাৰৰ সমীপত আৰু গাঁৱৰ সীমামূৰীয়া বনাঞ্চলৰ কাষত থকাও দেখা যায়। গাঁৱৰ প্ৰতিৰক্ষাকেই ইয়াৰ মূল কাৰক হিচাপে আমি নিৰ্ধাৰণ কৰিব পাৰোঁ

* ডেকা চাঙৰ জীৱন নিৰ্বাহত কোনো ধৰণৰ বিভিন্নতা নোহোৱাকৈ পৰম্পাৰগত নিয়ম-নীতিসমূহ মানি চলা দেখা যায়। এই দৃষ্টিৰে ডেকা চাঙবোৰ জনজাতিসকলৰ পৰম্পৰা বৰ্তাই ৰখাৰো এক উপযুক্ত মাধ্যম।

*ডেকা চাঙৰ সদস্য ভৰ্তিৰ বয়সৰ সীমা জনজাতি ভেদে ভিন্ন হোৱা দেখা যায়। সাধাৰণতে চাৰিৰ পৰা পাঁচ বছৰৰ বয়সৰ লৰা-ছোৱালীক সদস্য হিচাপে মানি লোৱা হয়। এই সদস্য ভৰ্তিৰ ক্ষেত্ৰত আনুষ্ঠানিকভাৱে নাম লিখোৱাৰ কোনো নিয়ম নাই। কিন্তু গাওঁ এখন বা জনজাতি এটাৰ বয়স উপযোগী লৰা-ছোৱালীবোৰক আপোনা আপুনি ডেকাচাঙৰ সদস্য হিচাপে মানি লোৱা হয় তেওঁলোকৰ মাজত চলি অহা নিয়ম মানি লৈয়ে।

*জনজাতীয় ডেকা চাঙবোৰৰ সদস্যসমূহৰ ক্ষেত্ৰত দেখা পোৱা এটা অলিখিত নিয়ম হল – ডেকা চাং বা গাভৰু চাঙবোৰৰ লৰা-ছোৱালীবোৰৰ বিবাহৰ লগে লগে তেওঁলোকৰ সদস্য পদ নিজে নিজে খাৰিজ হয়।

*এই ডেকা চাঙবোৰৰ আন এটা অন্যতম প্ৰধান বৈশিষ্ট্য হল – এই ডেকা চাঙবোৰতে লৰা-ছোৱালী নিৰ্বিশেষে তেওঁলোকৰ নিজৰ নিজৰ পচন্দৰ সংগী বাছনি কৰাৰ সুযোগ দিয়া হয়। যিটো আধুনিক জীৱন যাত্ৰাত এতিয়াও পৃথিৱীৰ উন্নত দেশ কিছুমানক বাদ দি অন্যান্য দেশসমূহত বিৰল। যিমানেই আমি উন্নত জীৱন চৰ্যা, ব্যক্তি স্বাধীনতা আদি বিষয়বোৰক লৈ আলোচনা, বিতৰ্ক নকৰোঁ কিয় এটা মুকলিমুৰীয়া স্বতন্ত্ৰ জীৱন যাপনৰ বাবে আমি আজিও হামৰাও কাঢ়িব লগা হৈছে, আজিৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰে তথাকথিত উন্নত সভ্যাতাৰ যুগটো। যিটোৰ পূৰ্ণ ৰূপ এটা আমি জনজাতীয় ডেকাচাঙবোৰৰ মাজেৰে তেওঁলোকৰ মাজত প্ৰচলিত হৈ অহা দেখা পাওঁ অতীজৰে পৰা।

*জনজাতীয় ডেকাচাঙৰ নিয়ম অনুসৰি কোনো বিধবা মহিলাই যদি পুনৰ বিবাহত নবহে তেন্তে তেওঁ পুনৰ ডেকাচাং বা গাভৰু চাঙৰ সদস্য হিচাপে বিবেচিত হয়। যাৰ ফলত বিধবা মহিলা এগৰাকীয়ে স্বামীৰ মৃত্যুৰ পিছত সমাজ বা ঘৰখনৰ পৰা পাব পৰা সাম্ভাৱ্য দুখবোৰৰ পৰা অতি সহজেই পৰিত্ৰাণ পাইছিল সমাজৰ প্ৰচেষ্টাতে। ইয়াক আমি মহিলা সৱলীকৰণৰ ক্ষেত্ৰত জনজাতীয় সমাজে লোৱা এটা সৱল খোজ হিচাপে আমি চিহ্নিত কৰিব পাৰোঁ।

*সন্ধিয়া ঘৰত আহাৰ গ্ৰহণৰ কৰাৰ পিছত সকলো সদস্য ডেকা চাঙত একগোট হৈ একুৰা জুইৰ চাৰিওফালে বহি বিভিন্ন আলোচনা –বিলোচনা, সাধু কোৱাৰ লগতে নাচ-গান আদিত ভাগ লাছিল। তাৰ উপৰিও বিভিন্ন খেল-ধেমালিত ভাগ লৈ ডেকাচাঙৰ সদস্যসকলে ৰাতিটো তাতে কটায় ইয়ে তেওঁলোকৰ মাজত সামাজিক যোগ-যোগৰ মাধ্যম হিচাপে কাম কৰিছিল। কাৰণ জুইৰ গুৰিত বহি কৰা আলোচনাবোৰৰ পৰা সমাজখনৰ চৌপাশে ঘটি থকা ঘটনা-পৰিঘটনাসমূহৰ বিষয়ে তেওঁলোক সজাগ আৰু সতৰ্ক হবলৈ সুবিধা পাইছিল। সাধু কোৱা, নাচ-গান আদিৰ মাজেৰে ডেকা চাঙবোৰে সংস্কৃতি চৰ্চাৰ পৰিৱেশ এটা ৰচনা কৰাৰ লগতে সাংস্কৃতিক ৰংগমঞ্চৰ প্ৰয়োজনীয়তাও পূৰণ কৰিছিল।

*কনিষ্ঠ আৰু জেষ্ঠ্যতাৰ আধাৰত দুটা ভাগত ভাগ কৰা হয় ডেকা চাঙৰ সদস্যসকলক। দলপতিজন জেষ্ঠ্যসকলৰ মাজৰ পৰাই বাছি উলিওৱা হয়। দলপতিজনে সকলোৰে সদস্যৰ ওপৰত চকু ৰাখি তেওঁলোকৰ মাজত শৃংখলাবদ্ধতা বজায় ৰাখে। কনিষ্ঠসকলে জেষ্ঠ্যসকলৰ সকলো আদেশ মানি চলাটো ডেকাচাঙৰ অলিখিত নিয়ম। লগতে জেষ্ঠ্য সদস্যসকলৰ উপৰিও সন্ধিয়া ডেকাচাঙৰ জুইৰ কাষৰ আলোচনাত ভাগ লোৱা বয়োজেষ্ঠ্যসকলৰ পৰাও তেওঁলোকে জীৱনৰ নানান দিশৰ শিক্ষা লাভ কৰে। জনজাতীয় সমাজত প্ৰচলিত পৰম্পৰাগত গণতান্ত্ৰিক পদ্ধতিৰ নিদৰ্শন আমি এই ডেকা চাঙবোৰৰ পৰাও দেখা পাওঁ।

*ডেকা চাঙৰ ভিতৰুৱা কথা-বাৰ্তাবোৰ নিজৰ মাজতে গোপনে ৰখাটো সদস্যসকলৰ এক অলিখিত নিয়ম তথা তেওঁলোকৰ কৰ্তব্যও। ইয়াৰ মাজেদি ডেকা চাঙৰ সদস্যসকলক কৰ্তব্য সম্পাদন আৰু কৰ্তব্যনিষ্ঠাৰ প্ৰাথমিক শিক্ষা দিয়াটো দৃষ্টিগোচৰ হয়।

* ডেকা চাঙৰ সদস্যসকলে একগোট হৈ গাঁৱৰ সৰ্বসাধাৰণ ৰাইজৰ বিভিন্ন কামত সহায়ৰ হাত আগবঢ়ায়। যেনে – কাৰোবাৰ বিবাহ অনুষ্ঠান, ঘৰ-দুৱাৰ বনোৱা বা মেৰামতি কৰা, খেতি-বাতি চপোৱা আদি বিভিন্ন কামত। তদুপৰি জনজাতিসকলৰ মাজত প্ৰচলিত পৰম্পৰাগত ঝুম খেতি, চিকাৰ কৰা আদিৰ শিক্ষাও ডেকাচাঙৰ পৰাই পাইছিল। জনজাতিসকলৰ সামাজিক কৰ্মত  সমবায় পদ্ধতিৰে অংশগ্ৰহণৰ এয়া উৎকৃষ্ট উদাহৰণ।

গাঁৱৰ বয়োজেষ্ঠ্যসকলে দিনৰ ভাগত ডেকাচাঙৰ কনিষ্ঠ সদস্যসকলক জনজাতীয় সামাজিক জীৱনৰ প্ৰয়োজনীয় বিভিন্ন বিষয়বোৰৰ উপৰিও পৰম্পৰাগত হস্ত-শিল্প, বয়ন-শিল্প আদিৰ বিষয়ে শিক্ষাদান কৰে। অনানুষ্ঠানিক শিক্ষাৰ যোগেদি জনজাতীয় লোকসকলে এইদৰে জীৱন যাপনৰ কাৰণে দৰকাৰী বিভিন্ন শিক্ষাৰ লগতে বৃত্তিমুখী শিক্ষাও ডেকা চাঙতে লাভ কৰিছিল।

* জনজাতিবোৰৰ মাজত হোৱা পুৰণি কালত সঘনে হৈ থকা বিভিন্ন ধৰণৰ সংঘাত নিৰাময়ৰ প্ৰয়োজনীয়তাতে তেওঁলোকৰ মাজত ডেকাচাঙবোৰৰ গুৰুত্ব বৃদ্ধি পাইছিল।


(১২ ডিচেম্বৰ ২০১৭- নগাওঁ)
******