Saturday, 30 December 2023

প্ৰসংগান্তৰত বিষ্ণুপ্ৰসাদ ৰাভা

কলাগুৰুৰ আৰু অসমীয়া জাতীয় জীৱনৰ বিষয়ে

বৰ অসমৰ ধাৰণাৰে বৃহত্তৰ অসমীয় জাতিৰ খনিকৰ পৰিচিতি লাভ কৰা বিষ্ণু ৰাভাৰ অসমীয়া জাতি গঠনত থকা অপৰিসীম অৱদান আৰু মৃত্যু পৰ্যন্ত জাতিটোৰ মংগল আৰু একতাৰ হকে যুঁজ দি যোৱা মানসিকতাক আমি আজিৰ সময় তথা সমাজে দকৈ আকৌ এবাৰ ভাবি চাবৰ হ'ল। অসমৰ যুগ যুগ ধৰি শোষিত আৰু প্ৰান্তীয় সমাজৰ অধিবাসী হিচাপে বসবাস কৰা জাতি-জনগোষ্ঠীসমূহৰ মনৰ মাজত জ্বলি থকা ক্ষোভৰ জুই কুৰাৰ উমান পোৱা ৰাভাই লিখিছিল- 

অসমৰ অত্যাচাৰিত আৰু অৱনত জাতিসমূহক আন আন উন্নত জাতিৰ লগত একে আসনতে ঠাই দিবলৈ অসমৰ প্ৰত্যেক ৰাজনীতিক আৰু সমাজনেতাসকলে এতিয়াৰে পৰা চেষ্টা কৰা উচিত। তাকে নকৰিলে অৱনত জাতিসমূহৰ বুকুত বিদ্ৰোহৰ অগনি জ্বলাই  আৰু অসমত এটা গৃহকন্দলৰ বাহ সাজি দিয়া হব। (ইন্দিবৰ দেউৰী, বিষ্ণু ৰাভা আৰু জনজাতীয় উত্থান, বিষ্ণুৰাভাঃ চিন্তা আৰু চেতনা –সম্পাদনা ৰজনীকান্ত দাস, পৃ. ১৩)

ৰাভাৰ স্বকীয়তা আৰু জনতাৰ প্ৰতি থকা টানৰ প্ৰসংগত গোবিন্দ প্ৰসাদ শৰ্মাই এইদৰে উল্লেখ কৰিছে -

হিন্দু ধৰ্মৰ অনেক দেৱ-দেৱীৰ মাজৰ শিৱৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত ৰাভা, শিৱৰ তাণ্ডৱ নৃত্য নৰ্তন কৰি ভালপোৱা ৰাভাই শিৱৰ দৰে জনতাৰ মংগলৰ বাবে হলাহল বিষ পান কৰি নীলকন্ঠ হৈ ওলাই আহিব পাৰিছিল। (বিষ্ণু ৰাভাৰ অসমীয়া জাতি, পৃ.১৫৮)

আমি যিমানেই হিন্দু ধৰ্মৰ ক্ষেত্ৰত উদাৰতা নেদেখুৱাও কিয় বিষ্ণু ৰাভাও হিন্দু ধৰ্মৰ ৰক্ষণশীল পৰম্পৰাৰ সন্মুখীন হ'বলগীয়া হৈছিল বিভিন্ন সময়ত, একমাত্ৰ জনজাতীয় ঘৰত জন্ম লোৱাৰ বাবেই। এই ক্ষেত্ৰত বৰপেটা কীৰ্তনঘৰৰ ভিতৰ প্ৰৱেশৰ বিষয়ে পুৰোষোত্তম দাসৰ প্ৰৱন্ধৰ উল্লেখেৰে বিজনলাল চৌধুৰীয়ে এইদৰে লিখিছে –

কিন্তু তেওঁ কেৱল শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰতিভাত মুগ্ধ হৈ অসমৰ শংকৰী ধৰ্মৰ অনুৰাগী ধৰ্মপ্ৰাণ নেতৃবৃন্দৰ ৰক্ষণশীলতাৰ আঘাতো যে সহ্য কৰিবলগীয়া হোৱা নাছিল তেনে নহয়। প্ৰয়াত সংগীতশিল্পী পুৰুষোত্তম দাসে লিখা এটি প্ৰৱন্ধত উল্লেখ আছে যে বৰপেটাত বিষ্ণু ৰাভায়ো ত্ৰিশৰ দশকত কীৰ্তনঘৰত প্ৰৱেশ অধিকাৰ পোৱা নাছিল। কাৰণ তেওঁ কীৰ্তনঘৰৰ ভিতৰফালে কি কি আছে বা উপাসনা গৃহত গুৰু আসন কিদৰে সজোৱা আছে সেই দৃশ্য চাবৰ বাবে বৰ আকুল হৈ উঠাত পুৰুষোত্তম দাসে তেওঁৰ কেবাজনো সহযোগী লগত লৈ ৰাতি মনে মনে বিষ্ণু ৰাভাক কীৰ্তনঘৰৰ ভিতৰলৈ নিয়াতহে তেওঁ দৃশ্যৰাজি দেখা পাই নয়ন সাৰ্থক কৰিছিল। অৱশ্যে এই ঘটনাই শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি গভীৰ শ্ৰদ্ধাশীল আৰু শিল্পী প্ৰাণ বিষ্ণু ৰাভাৰ মনত কি প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰে সেয়া সহজে অনুমেয়। (বিজনলাল চৌধুৰী, ৰূপান্তৰৰ শিল্পী সৈনিক বিষ্ণুপ্ৰসাদ ৰাভা, সম্পা – ৰজনীকান্ত দাস, পৃ.৩৮)


****************

Friday, 1 December 2023

Historical Assamese Novel written by Padmanath Gohain Baruah and Lakshminath Bezbaroa

Novelist Padmanath Gohain Baruah and Lakshminath Bezbaroa




The journey of Assamese novel was triggered by Bhanumati (written by Padmanath Gohain Baruah) and Padum Konwari (written by Lakshminath Bezbaroa), published in Bijuli and Jonaki respectively in 1891. However, Lahori, published in 1892, is the first Assamese novel printed as a book. Assamese literature had its heyday in the writings of these prolific writers. In due course of time, they opted for other genres of literature; thereby put an end to the writing of novels. It is noteworthy that Gohain Baruah and Bezbaroa heralded a new horizon that inspired many writers to follow their foot-prints to write novels.

Credits go to Padmanath Gohain Baruah, Lakshminath Bezbaroa and their contemporaries like Chandra Kumar Agarwalla, Hem Chandra Goswami and several others, as they helped to trigger the Indian renaissance in Assamese literature through their manifold writings. Nationalistic aspiration in tune with growing movement for the country’s freedom from the British rule came to influence many of the Assamese writers, more in terms of looking back and reading the cultural heritage of Assam along with ushering in new ideas, forms and expressions in Assamese literature. Newer literary forms were experimented by these writers resulting in a literary upsurge in Assamese which included novel writing also. The Romantic movement in Assamese literature, like that in the West was also centred around the revelation of the individual mind of the author including personal emotions, finding expression in different ways. Patriotic fervor also formed a part of such expressions in some of the authors. Bhanumati, the first novel of Gohain Baruah that dwells on the revolt of the Mowamariyas, as an example, captures this romantic vein to a larger extent. Here, the novelist depicts the ideal of a romantic love culminating in self-destruction, like Juliet in the play of Shakespeare. A look into the novel reveals that it is full of social elements more than the historic ones. The story drawn on an imaginary line including the characters, a king without identity has been pulled into the fabric. And King Siva Singha and Queen Phuleswari, the two historical figures although have been taken for granted to be the triggers of the revolt do not seem to play in the expansion of the story. (Barua 1957: 73) However, material of history and the royal influence over the story line cannot be denied. (Sarma 2004: 33)

Lahori, another novel written by Gohain Baruah, depicts the picture of the same love. However, the novelist characterizes it as a family novel. The salient features of these two novels are their use of everyday languages and the delineation of events drawn from social reality. From this perspective, he can be held the trail-blazer of modern Assamese novel.

The same vein and ideal of romanticism, as found in Gohain Baruah, was also expressed in Padum Konwari, the only novel written by Lakshminath Bezbaroa. This novel captures the historical background of the strife called the Danduwa Droh, initiated and headed by Haradutta and Birdutta, during the reign of Ahom King Kandrapesar Singha. However, the central attraction of the story lies in the imaginary love theme between Padum Kunwari, the daughter of Haradutta and his step son Surjyakumar. “The sorrowful events meted out to Padum Kuwari find expressions in the folk songs prevalent in the Kamrupa areas. Perhaps Bezbaroa was inspired by this in creation of this novel.” (Bharali 2012: 31, 32) Credit goes to Bezbaroa as he has splendidly blended the historicity of the events with the romantic note in the story.

Padmanath Gohain Baruah was not instantly inspired to write out novels. He undertook the journey in order to mitigate the dearth in this respect. He was hugely inspired by Walter Scott, the popular British novelist, and Bankimchandra Chattopadhyay, the Bengali novelist, who followed the footprints of Scott. Scott had the rare capacity to pick up characters from history and his influence was just all-encompassing. Gohain Baruah emulated him and endeavored to write out novels on his models. His attempts had popular impact. Following him Lakshminath Bezbaroa and later on Rajanikanta Bordoloi wrote several novels which captured the historical events as their themes.


**************

Thursday, 23 November 2023

বিজ্ঞান নে পৰম্পৰা..

 বিজ্ঞান নে পৰম্পৰাই আমাক জীৱনৰ প্ৰকৃত অৰ্থ অনুধাৱন কৰাত সহায় কৰে!!

 


ক অন্ধকাৰ ভৱিষ্যতৰ দিশে গৈ থকা নাইনে আমিবোৰ! নে নতুন পোহৰৰ সন্ধান কৰা সকলৰ সফলতালৈ আমি অপেক্ষাৰত!! উত্তৰ কোনে কাক দিব তাৰো কোনো নিশ্চিত উত্তৰ পাবলৈ নাই।

ভাৰতবৰ্ষত এদিন যদি জীৱন্ত অভিযন্তাসকলৰ দিৱস! আন এটা দিনত এচাম সুবিধাবাদী ভণ্ডই বিশ্বকৰ্মা নাম দিয়া এজন কাল্পনিক অভিযন্তাৰ পূজাত দেশ মচগুল। চৰকাৰী বা ব্যক্তিগত যিয়েও নহওক কিয় গৃহ এটা নিৰ্মাণৰ বাবে অভিযন্তাৰ সহায়ত নক্সা বনোৱাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ গৃহ সজাৰ আৰম্ভণিৰ দিনটোৰ বাবে শুভ দিন বাৰ চোৱাৰ লগতে ভূমি পূজন নামৰ নতুন বিশেষণীয় বিশেষণ এবিধৰ উদয় হৈছে সম্প্ৰতি ভাৰত বৰিষত। তাৰ পিছতো আমি বিশ্বৰ ভিতৰতে শক্তিশালী দেশ হিচাপে নিজকে প্ৰতিষ্ঠাৰ বাবে কাম কৰি থকা বোলাতো গছত গৰু উঠাৰ কথাৰ লেখীয়া হৈ পৰে।

আজিৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ সহায় লৈ যেতিয়া দেশৰ প্ৰাচীন কিছু অযুক্তিকৰ হাস্যস্পদ বতৰা সামাজিক মাধ্যমৰ জৰিয়তে বিলাই দিয়া হয়, তেতিয়া বাৰু এবাৰো নিজৰ গাত চিকুটি চোৱাৰ প্ৰয়োজনবোধ নকৰোঁ কিয় আমিবোৰে। আমাৰ দেশৰ ঐতিহ্যপূৰ্ণ প্ৰাচীন পৰম্পৰাই বিজ্ঞানৰ অগ্ৰগতিত শূণ্যটো দিয়াৰ বাহিৰে পৰৱৰ্তী দীৰ্ঘ সময়ত আজিকোপতি এটা বিৰাট শূণ্যতাৰ বাদে একোকে বুটলিবলৈ সক্ষম হোৱা নোহোৱা কথাষাৰ মানি লোৱাৰ সলনি সকলোতে হাস্যৰস সৃষ্টি কৰাৰ প্ৰয়োজন কিয়! ইতিমধ্যেই আমাৰ সাহিত্যৰাজিত হাস্যৰস ভৰপূৰ হৈ আছে।

আনহাতে বিজ্ঞানৰ যুক্তিপূৰ্ণ সত্যতাক মানি লোৱাৰ সলনি আমি যে ব্যস্ত প্ৰাচীন ঐতিহ্যৰ সন্ধানৰ নামত অযুক্তিকৰ পৰম্পৰাৰ জয় গান গোৱাত। এইক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ দায়িত্বও কিমান আৰু কত সেয়া বিচাৰ কৰাতো বৰ্তমান পৰ্বতত কাছৰ কণী বিচৰা লেখীয়া হৈ পৰিছে।

ইমানৰ পিছতো আমাক যেতিয়া ধৰ্মৰ বেপাৰী আৰু নিজকে স্বয়ম্ভূ বিজ্ঞানী বোলোৱা ঠগ-প্ৰবঞ্চকে বেমাৰ পথ্য হিচাপে গৰুৰ গোবৰ কিম্বা গৰুৰ মূত গ্ৰহণ কৰিবলৈ কয় আৰু  এইদৰে কোৱাসকলক চৰকাৰী পৃষ্ঠপোষকতা দিয়া হয়, তাতেই স্পষ্টকৈ প্ৰকট হৈ পৰে দেশৰ ৰাজনৈতিক-প্ৰশাসনিক তথা সমাজিক জীৱনৰ পঁয়া লগা অৱস্থাটো। দেশৰ সাধাৰণ জনতাৰ গৰিষ্ঠ সংখ্যকৰে কৰ্ম তথা চিন্তা-ভাৱনাৰ গঢ়-গতিয়েও স্পষ্ট কৰি তোলে দেশৰ পূতৌলগা শিক্ষা ব্যৱস্থাৰ ছবিখন। প্ৰতি বছৰে চৰকাৰী তথ্যত গঢ় স্বাক্ষৰতাৰ হাৰ বাঢ়িলেও যে দেশত প্ৰকৃত স্বাক্ষৰ লোক কিমান সেয়া নকলেও সকলোৰে নখ দৰ্পণত

তাৰ পিছটো কেৱল কাগজে-কলম আৰু ভাষণবাজীৰে বিশ্বগুৰু হবলৈ যোৱা ভাৰতবৰ্ষৰ বাসিন্দা হিচাপে নিজকে যেতিয়া চুবুৰীয়া থাইলেণ্ড কিম্বা ছিংগাপুৰৰ সাধাৰণ জনতাৰ সৈতে তুলনা কৰি চাবলৈ যাওঁ আপোনা আপুনি হাঁহি উঠে নিজৰ ওপৰতে।

 

 (১৮ ছেপ্টম্বৰ ২০২১)

*************

Sunday, 19 November 2023

ইজৰাইল-পেলেষ্টাইনৰ সংঘাত, তৃতীয় বিশ্বযুদ্ধ ইত্যাদি

ইজৰাইল-পেলেষ্টাইন সংঘাতৰ প্ৰেক্ষাপটত তৃতীয় বিশ্বযুদ্ধৰ প্ৰাসংগিকতা

 



নিজৰ বাসভূমিক চেৰাই মঙ্গল গ্ৰহত মানুহৰ বসতি স্থাপনৰ চেষ্টা যি সময়ত বিকশিত হ'ম চেপিয়েন্সৰ মাজৰ কেৱল এজন ব্যক্তিয়ে কৰিবলৈ সক্ষম হৈছে, সেই সময়তে হ'ম চেপিয়েন্সৰ আদিম প্ৰবৃত্তিয়ে যেন পুনৰ এবাৰ দ্ৰুত ৰূপত প্ৰসাৰ লাভ কৰিছে।

সভ্যতাৰ বিকশিত ৰূপে মানৱক মহাকাশত বিচৰণৰ সুযোগ দিলেও ক্ষমতাৰ খঁক আৰু জোৰ যাৰ মুলুক তাৰ নীতিৰে নিজৰ মাজৰে আন এজনৰ ওপৰত প্ৰভূত্ব খটোৱাৰ পৰম্পৰাতো যেন বন্য জীৱন প্ৰণালীৰ পৰা আমি অতি নিষ্ঠাৰে বহন কৰি আছো। আজিৰ সময়ত এই পৰম্পৰা যেন বেছিকৈহে আত্মস্থ কৰাৰ পৰিণতিতেই ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ সংঘাতৰ ওৰ নৌপাৰোতেই ইজৰাইল-পেলেষ্টাইনৰ সংঘাতে নকৈ মূৰ দাঙি উঠিছে।

এই সংঘাতবোৰৰ আঁৰত ৰাজনৈতিক, অৰ্থনৈতিক, কূটনৈতিক বা অন্য যি কাৰকেই নাথাকক কিয় ইয়াৰ ফলত নিচিহ্ন হৈছে সাধাৰণ জনতাৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি আৰু মৃত্যুৰ মুখত পৰিছে হাজাৰ হাজাৰ নিৰীহ জনতাৰ। আনকি কণ কণ শিশুও ইয়াৰ পৰা হাত সাৰি যোৱা নাই। কাৰণ বোমা আৰু বন্দুকৰ গুলীয়ে মানুহৰ বয়স চিনি পোৱাৰ সক্ষমতা অৰ্জন আজিও কৰা নাই।

আনহাতে সাধাৰণ জনতাৰ ক্ষেত্ৰত সপোন, আশা-আকাংক্ষা, অধিকাৰ, ব্যক্তি স্বাধীনতাৰ দৰে শব্দ আৰু বিষয়ৰ মূল্যহীনতাক লৈ সময় নষ্ট কৰিবলৈ যে কাৰোৰে সময় নাই বৰ্তমান সময়ত!!

এইবোৰৰ মাজত যুদ্ধই প্ৰাণ কাঢ়ি লোৱা পোহনীয়া বা বন্য জীৱ-জন্তুৰ হিচাব ল'বলৈ জীৱশ্ৰেষ্ঠৰ সময়েই বা ক'ত!!

দুখনকৈ বিশ্বযুদ্ধই জুৰুলা কৰা মানৱ সভ্যতাৰ এসময়ত ধাৰণা দৃঢ় হৈছিল যে যুদ্ধৰ ভয়াবহতাৰ পৰা পৃথিৱীখনে প্ৰায় মুক্তি পালে। পাৰমাণৱিক বোমাৰ ভয়বহতাই হিৰোচিমা আৰু নাগাচাকিত সৃষ্টি কৰা অমানৱীয়তা আৰু মৃত্যুৰ কিৰিলিৰ পৰৱৰ্তী সময়ত নিজৰ সুৰক্ষাৰ স্বাৰ্থত বিশ্বৰ বিভিন্ন দেশে মুক্তভাৱে আৰু গোপনে কৰা পাৰমাণৱিক বোমাৰ পৰীক্ষণেও যুদ্ধৰ ভয়াবহতাক তল পেলোৱা বুলি বিশ্বাস জন্মাইছিল। কিন্তু সেই সকলোবোৰ ধাৰণা আৰু বিশ্বাসক মষিমূৰ কৰি যুদ্ধৰ দামামা আকৌ এবাৰ বাজি উঠিল এইখন পৃথিৱীতে।

আনকি মাজতে ইজৰাইলৰ এগৰাকী মন্ত্ৰীয়ে গাজাত হামাছৰ সদস্যসকলক পৰাস্ত কৰাৰ স্বাৰ্থতে পৰমাণু বোমাৰে আক্ৰমণ কৰাৰ বিষয়ে দিয়া মন্তব্যইও বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। সৰ্বোপৰি যুদ্ধ বন্ধ কৰাৰ সলনি  বিশ্বৰ অন্যতম মহাশক্তিধৰ দেশ আমেৰিকাই ইজৰাইলক যুদ্ধত ব্যৱহাৰ কৰাৰ বাবে আগতকৈ কম শক্তিশালী বোমা যোগান ধৰা বিষয়টোও বৰ্তমান আলোচনাৰ বিষয় হৈ পৰিছে। অতি শেহতীয়াকৈ ইজৰাইলী সামৰিক বাহিনীয়ে গাজাৰ আটাইতকৈ ডাঙৰ চিকিৎসালয় AL SHIFAত হামাছৰ গোপন ঠিকনা বিচৰাৰ নামত চলোৱা তাণ্ডৱে বিশ্বৰ গৰিষ্ঠসংখ্যক জনগণৰ চকু কপালত তুলিছে। ইমানৰ পাছতো কিন্তু ৰাষ্ট্ৰসংঘৰ দৰে অনুষ্ঠানেও ইজৰালৰ চৰকাৰ তথা প্ৰশাসনক নাকী লগাব নোৱাৰা বিষয়টোও বহুতো প্ৰশ্নৰ উদয় ঘটাইছে সাধাৰণ জনতাৰ মনত।

আৰু আমিবোৰেই এই সময়ত থিয় দি আকৌ এবাৰ তৃতীয় বিশ্বযুদ্ধ এখনৰ আশংকা কৰিছোঁ। ইতিমধ্যে ইতিহাসৰ পাতত পঢ়িবলৈ পোৱা ১ম আৰু ২য় বিশ্বযুদ্ধৰ ভয়াবহতা নিজ চকুৰে নেদেখা প্ৰজন্মই ৩য় বিশ্বযুদ্ধৰ আশংকা কৰা বিষয়টোৱেই গণ্ডগোলীয়া নহয় নে বাৰু!!

বৰ্তমান চলি থকা যুদ্ধ দুখনৰ বাহিৰেও ২য় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত হোৱা বিভিন্ন ৰাষ্ট্ৰৰ মাজৰ সংঘাতবোৰে সৃষ্টি কৰা ধ্বংসাত্মক পৰিস্থিতিবোৰক আমি বিশ্বযুদ্ধৰ সৈতে তুলনা কৰিব নোৱাৰাৰ কি কাৰণ থাকিব পাৰে!! সভ্যতাৰ বিকশিত ৰূপত ৰাষ্ট্ৰৰ মাজত হোৱা সংঘাতৰ পৰিণতিত হোৱা যুদ্ধৰ ধ্বংসলীলাৰ পৰা হাত সৰাৰ কি একো উপায় নাই আমাৰ হাতত!!

 

*******

Friday, 17 November 2023

এজাক মানুহ এখন অৰণ্যৰ কাহিনী আৰু পটভূমি

এজাক মানুহ এখন অৰণ্য উপন্যাসৰ কাহিনী আৰু পটভূমিঃ

মাৰ আলোচ্য এজাক মানুহ এখন অৰণ্য উপন্যাসখনক উমাকান্ত শৰ্মাৰ সাহিত্যিক জীৱনৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যকৰ্ম হিচাপে আমি উল্লেখ কৰিব পাৰোঁ। অসমৰ চাহবাগিচাৰ জীৱনধাৰাক অতি জীৱন্ত ৰূপত চিত্ৰিত কৰা এই উপন্যাসখনৰ বিষয়ে উপেন্দ্ৰ নাথ শৰ্মাদেৱে সঠিকভাৱেই এইদৰেই কৈছে –

উপন্যাসখনৰ অবিস্মৰণীয় প্ৰথম অধ্যায়কেইটা পঢ়িলে ষ্টাইনবেকৰ গ্ৰেপচ্ অব ৰথ (The Graps of Wrath) উপন্যাসখনলৈ মনত পৰাটো সুনিশ্চিত। দুটা অতুলনীয় পৰিস্থিতিত দেশৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ বনুৱাসকলে প্ৰব্ৰজন কৰিছে। কি আমেৰিকা, কি ভাৰতবৰ্ষ সকলোতে একে কাহিনী। প্ৰলোভনত ভোল যোৱা বনুৱাসকল বাৰে বাৰে লাঞ্ছিত আৰু প্ৰৱঞ্চিত হৈছে। (ঠাকুৰ-সম্পা., ২০০০, পৃ.৪৮০-৪৮১)

এজাক মানুহ এখন অৰণ্যত বৰ্ণিত হৈছে, কিদৰে নিজৰ ঠাইত শোষিত আৰু বঞ্চিত হৈ থকা মাটিহীন দৰিদ্ৰ মানুহ এচামক মিছা প্ৰতিশ্ৰুতিৰে নিজ জন্মভূমি অৰ্থাৎ ভাৰতৰ ভিন ভিন প্ৰান্তৰৰ পৰা ৰেল আৰু জাহাজাৰে অস্বাস্থ্যকৰ পৰিৱেশ আৰু অবৰ্ণীয় অৱস্থাত অসমলৈ অনা হৈছিল। সোণৰ অসমত শান্তিৰে কাম কৰি খাই-বৈ থকাৰ আশাত নিজ জন্মভূমি এৰি অহা এই মানুহজাকে অসমলৈ আহি কিদৰে চাহবাগিচাত কাম কৰিব লগীয়া হৈছিল আৰু এই মানুহখিনিৰ চাহবাগিচাৰ জীৱন যাত্ৰাকে জীৱন্ত ৰূপত অংকন কৰা হৈছে এই উপন্যাসখনত। মূলতঃ বৃটিছ শাসনকালীন অসমলৈ চাহ বাগান প্ৰতিষ্ঠাৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰপৰা মানুহ অনা আৰু তেওঁলোক অসমলৈ আহি সন্মুখীন হোৱা নতুন পৰিৱেশ-পৰিস্থিতি তথা নতুনকৈ আকোঁৱালি লবলৈ বাধ্য হোৱা বনুৱা বা চাহবাগানৰ তথাকথিত কুলি জীৱনৰ ঐতিহাসিক সত্যটোৰ আধাৰতে উপন্যাসখনৰ কাহিনীটো গঢ় লৈ উঠিছে।

পন্যাসখনৰ কাহিনীটোত বৰ্ণিত হৈছে ১৮৮৬ চনৰ ১২ জুনৰপৰা ভাৰতবৰ্ষই বৃটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ আগৰ এছোৱা সময় চাহবাগিচাৰ ধূলি-বালিৰ পৰশেৰে প্ৰাণৱন্ত কিছুমান চৰিত্ৰৰ সমাহাৰেৰে এজাক মানুহ এখন অৰণ্য উপন্যাসখনে লাভ কৰিছে এক জীৱন্ত ৰূপ। ৱানহাৰ নামৰ চৰিত্ৰটোৰ পৰিয়ালক কেন্দ্ৰ কৰি আৱৰ্তিত হোৱা উপন্যাসখনৰ কাহিনীত অসমৰ ৰূপহীজান চাহাবাগিচাত কাম কৰা বনুৱা বা তথাকথিত কুলী সমাজৰ তিনিটা প্ৰজন্মক চিত্ৰিত কৰা হৈছে। এই তিনিটা প্ৰজন্মৰ মাজেদি ঔপন্যাসিকে চাহ বাগিচাত কাম কৰিবলৈ নিজৰ জন্মভূমি এৰি অসমলৈ অহাৰ কষ্টকৰ যাত্ৰা, চৰ্দাৰ আৰু দালালৰ শাসন আৰু শোষণ, বাগিচাৰ মালিক অৰ্থাৎ বৃটিছ বিষয়াসকলৰ বঞ্চনা আৰু প্ৰতাৰণা, আগতে অহা পোৱাসকলৰ কুলীসকলৰ সৈতে নতুনকৈ আহি পোৱা কুলীসকল মিলিত হোৱা, তেওঁলোকৰ সমাজৰ পৰা কিছু নিলগত থকা অসমীয়া সমাজৰ লগত হোৱা আন্তৰিক সম্পৰ্ক আৰু সংঘাত, চাহ বাগিচাৰ বনুৱাসকলৰ সংঘ স্থাপন, চাহ বাগিচাত স্কুল-হস্পিতেল আদি স্থাপনৰ জৰিয়তে অহা পৰিৱৰ্তন, লগতে চাহ বাগিচাৰ বনুৱাসকলৰ মানসিক আৰু সমাজিক উত্তৰণ আদি বিষয়সমূহ বাস্তৱসন্মত ৰূপত ঔপন্যাসিকে অংকন কৰিছে

উপন্যাসখনৰ আৰম্ভণিতে চিত্ৰিত হৈছে চৰ্দাৰসকলে কিদৰে নিজৰ ঠাইত শোষিত আৰু বঞ্চিত হৈ দুৰ্বিসহ জীৱন কটোৱা মাটিহীন এচাম মানুহক ভাৰতৰ বিভিন্ন ঠাইৰপৰা মিছা প্ৰতিশ্ৰুতিৰে ফুচুলাই ৰেলেৰে আনি গোৱালেণ্ড নামৰ ঠাইত কিছুদিন ৰাখিছিল। গোৱালেণ্ডলৈ ৰেলেৰে কিদৰে এই দৰিদ্ৰ মানুহখিনিক ৰেলৰ সৰু সৰু ডবাত মাল-বস্তু ভৰাই অনাৰ দৰে আনিছিল আৰু ৰেলৰ ডবাত এই সংখ্যাধিক মানুহৰ ঘাম আৰু মল-মূত্ৰৰ গোন্ধত যাত্ৰা কিদৰে অসহ্যকৰ হৈছিল তাৰ বৰ্ণনা ঔপন্যাসিকে এইদৰে দিছে –

কান্ধৰপৰা উৰুলৈকে ৰঙা ফিটা ওলোমাই লোৱা দফাদাৰজনে বিকট চিঞৰ আৰু অসভ্য গালি-গালাজ কৰি, হাতৰ লাঠীৰে দই-এটা কোব সোধাই বিভিন্ন ষ্টেছনত শ শ মানুহক ঠেলি গটিয়াই দবাৰ ভিতৰলৈ সোমাই দিছিল...এদিনৰ পাছতে দবাটোৰ ভিতৰত ভেকেটা গন্ধ এটা ওলাইছিল, আৰু ক্ৰমে গোন্ধটো উৎকট আৰু অসহ্য হৈ উঠিছিল। ইমানবোৰ মানুহৰ বাবে মাত্ৰ এটা শৌচাগাৰ নিৰৰ্থক কথা। কিন্তু সেই একেটা মাত্ৰ শৌচাগাৰৰ ভিৰতৰতো মানুহ সোমাই তাক সিহঁতে দখল কৰি লৈছিল। (শৰ্মা, ২০১৬, পৃ.৫)

গোৱালেণ্ড নামৰ ঠাইখনৰপাৰ অসমলৈ ৰেল যোগাযোগ নথকাত সিহঁতক জাহাজাৰে অসমলৈ অনাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু সময়মতে জাহাজৰ ব্যৱস্থা নোহোৱাত জাহাজৰ বাবেও সিহঁতে তাত দীঘলীয়া সময় অপেক্ষা কৰিব লগীয়া হৈছিল অবৰ্ণনীয় দুখ-কষ্টৰ মাজত। গোৱালেণ্ডৰ পাৰৰ টিনৰ চালি আৰু ফুটা টিনৰ বেৰৰ মাজত বোকা আৰু মলিৰে পৰিপূৰ্ণ গৰুৰ গোহালিতকৈও নিকৃষ্ট কুলী ডিপোত সিহঁতক ৰখা হৈছিল, খাবলৈ নামমাত্ৰ চাউল আৰু নিমখৰ যোগান ধৰি। এনে এক পৰিস্থিতিতো ৰক্ষকেই ভক্ষক হৈ সিহঁতক বিচাৰি অনা চৰ্দাৰবোৰে ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ বাহিৰলৈ উলোৱা কুলী গাভৰু আৰু বিয়া হোৱা তিৰোতাকো ওপৰৱালা আৰু অৱস্থাসম্পন্নজনৰ ওচৰত ভেঁটিছেগৈ। সেইবাবেই গোৱালেণ্ডৰপৰা অসমলৈ যাবলৈ জাহাজত উঠাৰ আগতেই ৱানহাৰ ডাঙৰজনী জীয়েক আৰু মাঘোৰ নিচেই কমবয়সীয়া ঘৈণীয়েকৰ শুংসূত্ৰ নোলাল। মাঘোৱে নিজৰ ঘৈণীয়েকক বিচাৰি গৈ ওলোটাই হোটেলৰ মেনেজাৰ, চাকৰ-বাকৰৰ মাৰহে খাইছে। ইমানৰ পিছত যেতিয়া সিহঁতক জাহাজেৰে অসমলৈ নিবলৈ লোৱা হল তেতিয়াও কিন্তু গোটেইখিনি মানুহক দুখন জাহাজত নোজোৰে। কিন্তু সময়ত দুখন জাহাজৰ সলনি এখন সৰু জাহাজহে পোৱা গল আৰু যিখনত কেৱল দুশ মানুহহে কোনোমতে যাব পাৰেকিন্তু তাতে লৰা-ছোৱালী, কেঁচুৱাসহ মুঠ ছশ বিৰাশীজন মানুহ ঠেলি-হেঁচি জোৰ কৰি সোমোৱাই দিয়া হল। এই গোৱালেণ্ডৰ কুলী ডিপোতেই ইতিমধ্যে অসমলৈ নিবলৈ বুলি আনি গোটোৱা মুঠ সাতশ চৌৱন্নজন মানুহৰ মাজৰে ৫০ জনৰ বিভিন্ন কাৰণত মৃত্যু হৈছিল আৰু বাকী সকলৰ কিছু পলাইছিল, কিছু চৰ্দাৰসকলে বিক্ৰী কৰি দিছিলএইদৰে যাত্ৰাৰ আৰম্ভণিতেই সুখ-শান্তিৰ সন্ধানত আপোন মাতৃভূমি এৰি থৈ অসমত কাম কৰিবলৈ বুলি ওলোৱা নিঃকিন মানুহখিনিৰ জীৱনলৈ নতুনকৈ অহা সংঘাত আৰু সংঘৰ্ষক ঔপন্যাসিকে অতি দক্ষতাৰে অংকন কৰিছে।

এইবাৰ দীঘলীয়া জাহাজৰ যাত্ৰাত এখন মাত্ৰ জাহাজত দুখনতকৈ অধিক জাহাজত আহিব লগা অসংখ্য মানুহ আহিব লগাত আৰম্ভ হৈছে অবৰ্ণনীয় যন্ত্ৰণাৰ। পায়খানাৰ অসুবিধা, দূৰ্গন্ধ আৰু অস্বাস্থ্যকৰ পৰিস্থিতিৰ বাবে সিহঁতৰ মাজত আৰম্ভ হৈছে নানান ধৰণৰ বেমাৰৰ। তদুপৰি অনাহাৰ আৰু অনিদ্ৰাৰ বাবেও বহুলোকে জাহাজতে প্ৰাণ হেৰুৱাইছে। এইদৰে মৰা লোকসকলক পানীত পেলাই দিয়া হৈছে। তদুপৰি কিছুমান গাভৰু-ছোৱালী আৰু বোৱাৰীবোৰক যেতিয়া প্ৰলোভন দেখুৱাই চৰ্দাৰবোৰে নি জাহাজৰ খালাচী, কেপ্টেইন আদিৰ প্ৰমোদৰ বাবে যাচিছেগৈ তেতিয়া কুলীবোৰে প্ৰতিবাদ কৰাত ওলোটাই সিহঁতেহে বগাচাহাবৰ চাবুকৰ কোব খাইছে। এইদৰে জীৱন আৰু জীৱিকাৰ সন্ধানত অহা বনুৱাসকলে যাত্ৰাপথতে অসংখ্য আত্মীয় তথা সহযাত্ৰীক এৰি অবৰ্ণনীয় যন্ত্ৰণাৰ অন্তত নিজৰ গন্তব্যস্থল ৰূপহীজান চাহবাগিচা পাইছেহি

সুখ-স্বাচ্ছন্দ্যৰে জীৱন এটাৰ উদ্দেশ্যে আগতলৈ সোণৰ অসমত কাম কৰিবলৈ আহি গোৱালেণ্ডত গোট খোৱা মানুহখিনিৰ মাজৰে ৱানহা নামৰ মানুহজনৰ পৰিয়ালটোক কেন্দ্ৰ কৰি আগবঢ়া উপন্যাসখনত অংকিত হৈছে ৱানহা, ৱানহাৰ পুত্ৰ তুলসী আৰু ৱানহাৰ নাতি তথা তুলসীৰ পুত্ৰ অৰ্জুন -এই তিনিটা পুৰুষৰ জীৱনৰ কথকতা। চাহ বাগিচাত কাম কৰিবলৈ আহি এই মানুহখিনিয়ে ৰূপহীজান চাহবাগিচাত আশ্ৰয় লৈ নিজৰ নতুন কৰ্ম জীৱন আৰম্ভ কৰিছে। বাগিচাত আগৰেপৰা কাম কৰা পুৰণি বনুৱাখিনিৰ সৈতে সামাজিক একতা স্থাপিত হোৱাৰ সমান্তৰালভাৱে ক্ৰমান্বয়ে স্থানীয় মানুহখিনিৰ সংস্পৰ্শলৈও আহিছে তেওঁলোক। এইদৰেই ক্ৰমে গঢ় লৈ উঠিছে থলুৱা অসমীয়া সমাজ আৰু বাগিচাৰ কুলী সমাজৰ মাজত এক সমন্বয়। ঔপন্যাসিকে ৰতন, চিত্ত, তপোধৰ বৰা হাইস্কুলৰ প্ৰধান শিক্ষক, অংকৰ শিক্ষক, ৰূপহীজান প্ৰাথমিক বিদ্যালয়ৰ একমাত্ৰ শিক্ষকজন, বাগানৰ ডাক্তৰ চক্ৰৱৰ্তী আদি চৰিত্ৰসমূহৰ মাজেৰে এই সমাজিক সমন্বয়ৰ বাৰ্তা অতি বাস্তৱসন্মত ৰূপত চিত্ৰিত কৰিছে। ঔপন্যাসিকে ৰতন আৰু চিত্তৰ মুখেৰে সমন্বয়ৰ বাৰ্তা এইদৰে দিছে –

আমি যেনেকৈ আসামত আছোঁ, তহঁতো তেনেকৈ আসামত আছ। সেইবাবে তহঁতেও জানিব লাগে -ৰতনে কয়আমি বুলিলে তহঁতক লৈ, তহঁতক ধৰি, আমি। আমাৰ দুখ হলে, তহঁতৰো দুখ হব। ...এই দেশৰ যদি বিপদ হয়, তহঁতৰো বিপদ হব। (প্ৰাগুক্ত, পৃ.২০৫)

আকৌ চিত্তৰ মুখেৰে কৈছে –

তহঁতেও দেশৰ বিপদ হলে একো এটা কৰিব নোৱাৰ, কিন্তু জানি থব পাৰ। কাৰণ কোনোবা এদিন তহঁত আৰু আমি ওচৰ চাপি আহিম। (প্ৰাগুক্ত, পৃ. ২০৬)

ঔপন্যাসিকে চিত্ত  মুখৰ কোনোবা এদিন তহঁত আৰু আমি ওচৰ চাপি আহিম বোলা কথাষাৰৰ জৰিয়তে ভৱিষ্যতে গঢ় লৈ উঠিব লগীয়া এখন ঐক্যবদ্ধ আৰু শান্তি-সম্প্ৰীতিৰে সমৃদ্ধ অসমীয়া সমাজৰ বিষয়ে ব্যক্ত কৰিছে। ইয়াৰ উপৰিও উপন্যাসৰ কাহিনীত তুলসীহঁতৰ অসুবিধাবোৰ পূৰণৰ বাবে সংঘ এটা স্থাপনৰ যো-যা চলিছে। এইক্ষেত্ৰত চাহ বাগিচাৰ কৰ্তৃপক্ষৰ ফালৰপৰা আহিব পৰা আপত্তিৰ সত্ত্বেও যে সিহঁতৰ সমূহীয়া স্বাৰ্থ পূৰণৰ বাবে এটা সংঘ অতি প্ৰয়োজন সেই বিষয়ে চিত্তই তুলসী, বিষণীহঁতক এইদৰে বুজাইছে –

...এতিয়া দেখা গল যে, দুশ মানুহৰ এই সংঘটোৰ কথা ৰেলৰ চাহাবসকলে মনোযোগেৰে শুনে। এটা-দুটাকৈ ৰেলৰ বনুৱাৰ সমস্যাবোৰৰ কথা এই সংঘটোৱে চাহাবসকলক কোৱাৰ সুবিধা পালে। লাহে লাহে সংঘটোৰ বল বাঢ়ি আছে। যেতিয়া সংঘটোত আৰু দুশ বনুৱাই যোগ দিয়ে তেতিয়া কি হব? - সংঘটোৰ অসম্ভৱ বল বাঢ়িব। শক্তি বাঢ়িলে তই তোৰ কথাবোৰ শক্তিৰে, জোৰেৰে, সাহসেৰে কব পাৰ! হয়নে নহয়? (প্ৰাগুক্ত, পৃ.২৭৪)

অত্যাচাৰ হব পাৰে, -চিত্তই কয়, হবও কিজানি। কিন্তু ধৰি লওঁ যে আমি গোট-পিট নাখালোঁ,, অৰ্থাৎ নিয়মীয়াকৈ গোট-পিট খাই, কিবা সংঘ বা সংগঠন নকৰিলোঁ; -তেতিয়া আমাৰ ওপৰত অত্যাচাৰ নহয়? আজি এশ বছৰ তহঁতৰ কোনো সংঘ নাই। এই এশ বছৰত তহঁতৰ ওপৰত অত্যাচাৰ হোৱা নাই? –তহঁতে মাৰ খোৱা নাই? –জেললৈ যোৱা নাই? –আনকি কেতিয়াবা হঠাৎ মাৰ খাওঁতে কোনোবা মৰি যোৱা নাই! (প্ৰাগুক্ত, পৃ.২৭৫)

চিত্ত আৰু ৰমেনৰপৰা ৰেল মজদুৰ সংঘৰ কথা শুনি শুনি আৰু নিজেই সন্মুখীন হোৱা সমস্যাবোৰৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি তুলসীয়েও ৰূপহীজান চাহবাগিচাত সিহঁতৰ সংঘ এটা গঠন কৰিবলৈ ইচ্ছা কৰে। সেয়েহে তুলসীয়ে মিটিংৰ বাবে মাটি আনি নিজৰ মানুহখিনিক সংঘৰ প্ৰয়োজনীয়তাৰ বিষয়ে এইদৰে কৈছে –

আমি লগ হোৱাটো একো টান কাম নহয় এতিয়া ইয়াত গোট খাইছোঁ, কাইলৈ পৰহিলৈ গোট খাব পাৰিম । কিন্তু সংঘ পতা টান। কাৰণ সংঘ বে-আইনী। সেইবাবে সংঘ পাতিবলৈ কোৱা মানেই শাস্তি। ভাকৰুৱে ঠিকেই ধৰিছে যে আমাৰ দুৰ্গতিৰ সীমা নাইকীয়া হব। আমি আটায়ে যাতনা ভোগ কৰিব লাগিব। আমাৰ দুখ-দুৰ্গতিৰ পিছত কিন্তু আনবিলাকৰ উপকাৰ হব পাৰে। সেই আনবিলাক আমাৰে ল'ৰা-ছোৱালী। তেনেহলে, এতিয়া কি কৰিব? যদি আমি শাস্তিৰ ভয়ত সংঘ নাপাতো, আৰু সদায় গেলা-পচাৰ মাজত থকি সুখ পাওঁ, তেনে বল আমি ঘৰাঘৰি যাওঁ, বা আমাৰ কামলৈ যাওঁ। আমি চিৰদিন কুলী হৈ থাকি যাওঁ বল। মা কুলী, বাবা কুলী, মই কুলী, মোৰ মাইকী কুলী, মোৰ ল'ৰা-ছোৱালী কুলী, তাহাঁতৰ ল'ৰা-ছোৱালীও কুলী। ব, যাওঁগৈ বল। (প্ৰাগুক্ত, পৃ.২৮৮-২৮৯)

তুলসীৰ মুখৰ এই কথাখিনিৰ জৰিয়তে ঔপন্যাসিকে চাহ বাগিচাৰ বনুৱাসকলৰ সমাজখনৰ স্বৰূপ তথা গৰিষ্ঠসংখ্যক বনুৱাৰ মনৰ মাজত ক্ৰিয়া কৰি থকা এক অহেতুক ভয় তথা সংকীৰ্ণতা মানসিকতাকে ব্যক্ত কৰিছে। সেয়েহে তুলসী চৰত্ৰটোক বিপ্লৱী আৰু ভৱিষ্যতৰ বিষয়ে চিন্তা কৰা এজন দূৰদৰ্শী ব্যক্তি হিচাপে অংকণ কৰি ঔপন্যাসিকে বনুৱাসকলৰ জীৱনলৈ ভৱিষ্যতে আহিব লগা পৰিৱৰ্তনৰে ইংগিত দিছে। লগতে বনুৱাসকলৰ মাজত যে নেতৃত্ব দিব পৰা এজন ব্যক্তিৰ প্ৰয়োজন সেই কথাৰো অৱতাৰণা কৰিছে। অৱশেষত তুলসীৰ প্ৰচেষ্টা আৰু মাঘো, বিষণী, কালোন্দী আদিৰ সাহসত ৰূপহীজান চাহবাগিচাত সিহঁতৰ সংঘ স্থাপন হৈছে। কিন্তু তাকে কৰিবলৈ গৈ পুলিচৰ লাঠীৰ কোব খাই তুলসীৰ দুয়োখন ভৰি জীৱনলৈ ঘূণীয়া হৈছে। আনিক সি জেলো খাটিবলগীয়া হৈছে।

চাহ বাগিচাৰ দৈনন্দিন কৰ্মসূচীৰ লগতে তেওঁলোকৰ নানান সমস্যা তথা সুবিধা-অসুবিধাৰ মাজেৰে সময় আগবাঢ়ি যোৱাৰ সমান্তৰালভাৱে বিশেষভাৱে সৰ্বতোপ্ৰকাৰে নিজৰ মানুহখিনিৰ উন্নতি বিচৰা তুলসীৰ লৰা অৰ্জুনে চাহবাগিচাৰ পৰিৱেশৰ পৰাই বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে শিক্ষা সমাপ্ত কৰি ডাক্তৰি পঢ়িবলৈ উলোৱাৰ সময়তে উপন্যাসখনৰ সামৰণি হৈছে এইদৰে অৰ্জুনৰ ব্যক্তিগত উত্তৰণৰ জৰিয়তে ঔপন্যাসিকে তুলসীয়ে নিজৰ সমাজখনৰ উন্নয়নৰ বাবে দেখা সপোন তথা বনুৱাসকলৰ উন্নয়নৰ বাবে নিজৰ সাধ্যৰে কৰা আশাসুধীয়া চেষ্টাই লাহে লাহে বাস্তৱ ৰূপ লাভ কৰাৰে এক ইংগিত দিছে উপন্যাসখনৰ সামৰণিত। উপন্যাসৰ শেষৰ দফাটোৰ জৰিয়তে অসমৰ চাহ বাগিচাসমূহৰ জীৱন পৰিক্ৰমালৈ ক্ৰমে আহিব ধৰা আশাবাদৰে এক সুৰ প্ৰতিধ্বনিত হৈছে –

অৰ্জুনে ৰূমনীৰ হাত এখনত ধৰে। দুয়ো পূবৰ পিনে চাই তেনেকৈ থিয় হৈ থাকে। মেঘৰ মাজেদি, সহস্ৰ ৰশ্মি বিকিৰণ কৰি, পোহৰেৰে গোটেইখন পৃথিৱী উদ্ভাসিত কৰি ওলাই আহে প্ৰভাতৰ সূৰ্য। চাহগছৰ পাতৰপৰা নিয়বোৰ নিগৰি পৰে, পৰি থাকে। (প্ৰাগুক্ত, পৃ.৩৭১)

প্ৰতিনিধিত্বমূলক চৰিত্ৰ হিচাপে লোৱাৰ অৰ্জুনৰ কষ্টকৰ শিক্ষা লাভৰ অন্তত ডাক্তৰ পঢ়িবলৈ পোৱাৰ মাজেৰে ঔপন্যাসিকে বৃটিছে অসমত চাহবাগিচা স্থাপন কৰাৰ পৰা ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়লৈকে উপন্যাসখনত বৰ্ণিত এই সময়ছোৱাত কিদৰে অসমৰ বিভিন্ন চাহ বাগিচাত কাম কৰা বনুৱাসকলৰ বাগিচাৰ কদৰ্যময় পৰিবেশৰ পৰাও এজন দুজনকৈ শিক্ষিত ব্যক্তি উলাইছিল তাৰে এক বাস্তৱ চিত্ৰ অংকণ কৰাৰ প্ৰয়াস কৰা যেন বোধ হয়। যাৰ জৰিয়তে ঔপন্যাসিকে ভৱিষ্যতে চাহ বাগিচাৰ সমাজখনলৈ আহিব লগা ভৱিষ্যতৰ নতুন পোহৰৰ এক ইংগিতময় আভাস দিছে।


গ্ৰন্থপঞ্জীঃ

ঠাকুৰ, নগেন (সম্পা.)। এশ বছৰৰ অসমীয়া উপন্যাস। গুৱাহাটীঃ জ্যোতি প্ৰকাশন। ২০০০। মুদ্ৰিত।

তালুকদাৰ, প্ৰাঞ্জল (সম্পা.)। অসমীয়া সাহিত্যৰ ভিন্ন পৰ্ব। গুৱাহাটীঃ পূৰ্বায়ণ। মাৰ্চ ২০২১। মুদ্ৰিত।

শৰ্মা, উমানকান্ত। এজাক মানুহ এখন অৰণ্য। গুৱাহাটীঃ বাণী প্ৰকাশ মন্দিৰ। দ্বিতীয় প্ৰকাশ, ২০১৬। মুদ্ৰিত।

********


Saturday, 14 October 2023

উত্তৰ-আধুনিক অমৃত-মন্থন

উত্তৰ-আধুনিক অমৃত-মন্থন

 

ক+

'মৃত' ভাৰতীয় মহাকাব্যিক কাল্পনিকতাৰ সৈতে জড়িত এক অভিন্ন সত্তা। যাৰ ব্যৱহাৰেৰে মানুহৰ দৰে শাৰীৰিক দিশত সাদৃশ্য থকা দেৱতা নামৰ আন এক শ্ৰেণীৰ কাল্পনিক সৃষ্ট প্ৰাণীকো অমৰত্ব প্ৰদান কৰে বুলি ভাৰতীয় পৌৰাণিক গ্ৰন্থসমূহে বৰ্ণনা কৰিছে। কাৰণ দেৱতাৰ বাস্তৱিক স্থিতক লৈ কোনো ধৰণৰ তথ্য-প্ৰমাণৰ আধাৰ আজিকোপতি আমি পাব পৰাকৈ নাই। কিন্তু এই অমৃত সৃষ্ট কাল্পিনকতাই ভাৰতীয় জনমানসত এনে প্ৰভূত প্ৰভাৱ বিস্তাৰ কৰিছে যে আমি এই বৃত্তৰ বাহিৰলৈ উলোৱাৰ বাট বিচাৰি নোপোৱাৰ পৰিৱেশ এটা সুদূৰ অতীতে ৰচনা কৰি দিয়া হৈছিল। যাৰ ফলশ্ৰুতিত সেই পৰিৱেশৰ পৰোক্ষ-প্ৰত্যক্ষ প্ৰভাৱৰ ফল আজিও ভাৰতীয় সমাজত বিদ্যমান হৈ থকা দৃষ্টিগোচৰ হয়।

সেই পৰিৱেশৰে সুযোগ লৈ একেই কাল্পনিকতাকৰ সহায় লোৱা হৈছে বৰ্তমান ভাৰতবৰ্ষৰ সাধাৰণ জনতাক পাকে প্ৰকাৰে আভুঁৱা ভাৰি ৰাইজক দিগভ্ৰান্ত কৰিবলৈকে নে!! দেশৰ শাসনাধিষ্ঠ চৰকাৰখনে 'অমৃত' শব্দৰ সংযোগেৰে বিভিন্ন আঁচনি জনতাৰ সৰ্বাঙ্গীণ উন্নয়নৰ জৰিয়তে দেশৰ বিকাশৰ বাবেই গ্ৰহণ কৰিছে, সেয়া আমাৰ দৰে বহু সাধাৰণ নৰ-মনিচৰ বাবে অবুজ সাঁথৰ হৈয়ে ৰৈছে আজিকোপতি। কাৰণ এনে বহুবোৰ আঁচনিৰ ফোঁপোলা স্বৰূপ সাধাৰণ জনতাৰ চকুত সততে দৃষ্টিগোচৰ হোৱাতো বৰ্তমান স্বাভাৱিক পৰিঘটনা হৈ পৰিছে।

 

খ+

সম মুলুকত 'অমৃত বৃক্ষ আন্দোলন' নামেৰে এক বিশ্বাভিলেখ সৃষ্টিকাৰী আঁচনিৰ প্ৰথম পৰ্যায় ৰূপায়ন হৈ গ'ল যোৱা ১৭ ছেপ্টেম্বৰ ২০২৩ তাৰিখে। উদ্দেশ্য বিশ্বত আমি নিজে সৃষ্টি কৰা গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰা হাত সৰাৰ বাবে আমিও সমানে হাত আগবঢ়োৱা কিন্তু সাধাৰণ গছপুলিৰ সলনি ব্যৱসায়ীক ভিত্তিত বিক্ৰী কৰিব পৰা গছপুলি ৰূপণেৰে স্বাৱলম্বী হোৱাতো। কথাবোৰৰ প্ৰসাংগিকতা আৰু কাৰ্যকাৰিতাক লৈ থকা সামাহীন প্ৰশ্নক একাষৰীয়া কৰি ভাদ মহীয়া প্ৰখৰ ৰ'দকো নেওচি ৰাজ্যবাসীয়ে চৰকাৰ বাহাদুৰৰ পৰামৰ্শ মানি সমগ্ৰ ৰাজ্যতে কোটিৰ ঘৰত গছপুলি ৰূপণ কৰিলে।

গছপুলি ৰোঁৱাৰ উপযুক্ত সময় নোহোৱাৰ পাছতো কামটো সম্পূৰ্ণ হৈ গল যেতিয়া এই গছপুলিৰ কিমানটা পূৰ্ণ পৰ্যায়ৰ গছৰ আকাৰ পাব সেয়াহে বৰ্তমান আমাৰ বিচাৰ্যৰ বিষয়। তাতে এনেদৰে ৰুবলৈ চৰকাৰৰ ফালৰপৰা যোগান ধৰা বহু গছপুলিও আকৌ পুলিৰ নামত গছৰ ডাল এটা এনেয়ে কাটি পলিথিনিৰ পেকেটত ভৰাই থোৱা মাটিত গুঁজি থোৱাও দৃষ্টিগোচৰ হৈছে। এয়াই আধুনিক সময়ৰ অসম মুলুকত সংঘটিত অমৃত বৃক্ষ আন্দোলনৰ এক ক্ষুদ্ৰ আৰ্হি!!

আনহাতে এই আন্দোলন সমাপণৰ পাছদিনাই বহু গছপুলি গৰু, ছাগলী আদি তৃণভোজী প্ৰাণীৰ আহাৰ হোৱাৰ বাতৰিও বিভিন্ন মাধ্যমেৰে প্ৰচাৰিত হৈছে। কিন্তু এইবোৰলৈ কাণষাৰ দিবলৈ সময় আৰু আহৰিয়েই বা কাৰ হাতত আছে!! চৰকাৰ তথা প্ৰশাসন আৰু বৰমূৰীয়াসকলক সন্তুষ্ট কৰাৰ উদ্দেশ্যেৰে নোৱাৰাত পৰি কৰা কামটো কৰি উঠিয়েই প্ৰায় সকলোৱেই পিঠি দিয়াতো অসম মুলুকৰ এক এৰাব নোৱাৰা বিশেষ বৈশিষ্ট্য। তাতে এই গুণটো বেছিকৈ স্পষ্ট হৈ উঠে ৰাজহুৱা তথা সমাজিক কাম-কাজবোৰৰ ক্ষেত্ৰত। ব্যক্তিগত কৰ্মৰ ক্ষেত্ৰত একা কথাটো সম্পূৰ্ণ বিপৰীত হোৱাতোও কিন্তু বিশ্লেষণযোগ্য!!


(সৰভোগ/৫ অক্টোবৰ ২০২৩)

***************

Monday, 18 September 2023

বিশ্বকৰ্মা পূজাৰ অসংলগ্ন ভাৱনা

বিশ্বকৰ্মা পূজাৰ অসংলগ্ন ভাৱনা

আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসম মুলুকতো বিশ্বকৰ্মা পূজাৰ আয়োজন হৈছে। ৰঙীন টিভি বা দুচকীয়া বাহন এখন থকা নদাই ভদাইৰ ঘৰৰপৰা আৰম্ভ কৰি চাৰিচকীয়া সৰু-ডাঙৰ বাহন থকা আঢ্যৱন্তসকলৰ ঘৰলৈকে সকলোতে পূজাৰ আয়োজন চলিছে। সৰুৰেপৰা মোৰ চৌপাশে এনে এটা পৰিৱেশেই নিজ চকুৰে দেখা পাই আহিছো। তদুপৰি বাতৰি কাকতৰ ৰঙীন চিত্ৰৰ বাতৰি আৰু দূৰদৰ্শনৰ দৃশ্যবোৰ আছেই। 

আন সকলোবোৰ বাদ দিও ব্যক্তিগতভাৱে আনুষ্ঠানিক শিক্ষা লাভৰ প্ৰাৰম্ভিক পৰ্যায়ৰপৰা বিশ্ববিদ্যালয়লৈকে শিক্ষা ক্ষেত্ৰখনৰ ভিন ভিন পৰ্যায়ত বিশ্বকৰ্মা পূজাৰ আয়োজন দেখিলোঁ। সেই সময়ত কথাবোৰে মন-মগজুক ‌সঠিকভাৱে চুবগৈ পৰা নাছিল। গতানুগতিকভাৱে বন্ধৰ দিন হিচাপে বা পূজাৰ উৎসৱ মুখৰতাৰ মাজেৰে পাৰ হৈ গৈছিল দিনটো। এতিয়া অলপ অচৰ কথাবোৰ নিজাকৈ চিন্তা কৰাত মনলৈ বহু খু-দুৱনি আহে!!

বিশেষকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত বিজ্ঞান শাখাৰ যিকেইটা বিভাগত যন্ত্ৰ-পাতি তথা পৰীক্ষাগাৰৰ ব্যৱহাৰ হয়, সেই বিভাগসমূহত বিশ্বকৰ্মাৰ পূজা আয়োজন কৰা দেখা পাইছিলোঁ। মাজে মধ্যে কেতিয়াবা এনে পূজাৰ মাহ-প্ৰসাদৰ সোৱাদো পাইছিলোঁ।

মনৰ মাজত পূজাৰ অসাৰ্থকতাৰ বিষয়ে বুজন হোৱাৰে পৰা অনুভৱ কৰিছিলোঁ যদিও বৰ দকৈ ভাবি চোৱা নাছিলোঁ কথাবোৰ। এতিয়া প্ৰায়ে মনলৈ আহে  যে, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ এই বিজ্ঞানৰ পৰীক্ষাগাৰসমূহত প্ৰকৃততে বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষা চলে নে বাৰু!! ছাত্ৰ-ছাত্ৰীসকলক কেৱল পৰীক্ষা দিয়াৰ বাবে সাজু কৰি তোলা আৰু আনুষ্ঠানিক ডিগ্ৰী এটাৰ প্ৰমাণপত্ৰখন প্ৰদানৰ বাবে নিয়ম মাফিক পৰীক্ষা-নিৰীক্ষাবোৰ কৰোৱাতেই বিজ্ঞানৰ পৰীক্ষাগাৰবোৰৰ কৰ্তব্য শেষ হয় নে কি!! 🤔 

দেশ তথা ৰাজ্যত চলা এনেকুৱা ধৰণৰ বিজ্ঞান শিক্ষাৰ জৰিয়তে আমি প্ৰকৃততে ছাত্ৰ-ছাত্ৰীসকলৰ মনত কেনে মানসিকতাৰ বিকাশ সাধন কৰিব বিচাৰিছোঁ!! এনেকৈয়ে পৰম্পৰা আৰু বিশ্বাসৰ গইনা লৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল মনতবৈজ্ঞানিক মানসিকতা গঢডি তোলাৰ সলনি এক ধৰণৰ কাল্পনিক ধাৰণা জাপি দি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিকাশত আমিয়েই অৰিহণা যোগোৱা নাই জানো!! এইটো কিন্তু আমাৰ দেশ তথা ৰাজ্যৰ চৌপাশৰ বিভিন্ন পৰিঘটনাৰ মাজৰ এটা মাত্ৰ উদাহৰণহে। 

যিসময়ত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ বিজ্ঞানৰ পৰীক্ষাগাৰত ব্যৱহৃত বহু যন্ত্ৰ-পাতি, আনকি বিভিন্ন ৰাসায়নিক দ্ৰব্যসমূহ ৰাজ্যৰ বাহিৰৰপৰা অনাৰ লগতে বহু সময়ত দেশৰ বাহিৰৰ পৰা আনিব লগাও হয়, সেই সময়ত এনে পৰীক্ষাগাৰবোৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰীবোৰ নিজৰ ৰাজ্য তথা আমাৰ দেশতেই উৎপাদন কৰাৰ প্ৰয়োজনীয় ব্যৱস্থা কৰাৰ সলনি যদি কাল্পনিক সত্তাৰ পূজা-উপাসনাতে আমি ব্যস্ত থাকো তেন্তে আমাৰ প্ৰগতি কিমান হ'ব সেয়া বহলাই কোৱাতো নিষ্প্ৰয়োজন!!🤔 

একেবাৰে সাধাৰণভাৱে চকু ফুৰাই চালেই সততে দৃষ্টিগোচৰ হোৱ দুটামান প্ৰশ্ন আমি প্ৰত্যেকেই নিজকে কৰি চোৱাতো ভাল। উদাহৰণস্বৰূপে আজিৰ বিশ্বকৰ্মা পূজা বা ১২ মাহত অনুষ্ঠিত ১৩টা পূজাৰ সময়ত আপুনি-মই যত্নৰে সাজি-কাছি তোলা ফটোবোৰ তুলিবলৈ ব্যৱহাৰ কৰা ম'বাইল ফোন আৰু নামী-দামী বিভিন্ন ব্ৰেণ্ডৰ কেমেৰাবোৰৰ প্ৰস্তুত কৰা কেইটা কোম্পানী আমাৰ দেশত আছে, আমি এবাৰলৈও কেতিয়াবা ভাবি চাবলৈ আহৰি পাইছোনে!!🤔

চুবুৰীয়া দেশ জাপান, চীনৰ বৈদ্যুতিক সামগ্ৰী, নিত্য ব্যৱহাৰ্য্য ম'বাইল, লেপটপ আৰু কেমেৰা আদিৰে আমাৰ দেশ ভৰি পৰিছে। আৰু আমি এনেবোৰ আহিলা-পাতিৰ কুশল মংগল কামনাৰে কেৱল বিশ্বকৰ্মা পূজা পতাত ব্যস্ত আজি!! যি সময়ত দেশে চন্দ্ৰৰ দক্ষিণ মেৰুত পদাপৰ্ণ কৰি ইতিহাস সৃষ্টি কৰিছে সেই একেখিনি সময়তে কিন্তু বিশ্বকৰ্মা পূজাৰ উলহ মালহৰো অলপো হেৰ-ফেৰ হোৱা নাই। 

(বি. দ্ৰ. - বিশ্বকৰ্মা পূজাৰ পাছদিনাৰেপৰা অসম মুলুকৰ পথৰ কাষে কাষে থিয়দঙা দি থকা বিশ্বকৰ্মাৰ মূৰ্ত্তিবোৰ প্ৰসংগলৈ বাৰু নাযাওঁ।)

Thursday, 7 September 2023

ভাৱনাৰ বেবেৰিবাং...

ভাৱনাৰ বেবেৰিবাং

ক+

ৰ্থনীতিৰ অবুজ অজান সূত্ৰত যেতিয়া সাধাৰণ নাগৰিকৰ নাজল-নাথল অৱস্থা, নিবনুৱা সমস্যাৰ ভয়াবহতা, সামাজিক অৰাজকতাত হত্যা-ধৰ্ষণ আদি এশ-এবুৰি সমস্যাৰ মাজত ককবকাই থকা দেশ এখনৰ এক অৰ্থত 'বলৈ গলে মহম্মদ বিন টোগলকৰ নতুন ভাৰ্ছন অৰ্থাৎ জ্ঞানী-মূৰ্খ শাসক পক্ষ ব্যস্ত দেশখনৰ ইংৰাজী নামটো বদলোৱাৰ বাৰেভচহু তৰ্কত ৰাইজক ব্যস্ত ৰখাত।

যাতে এটা অপ্ৰয়োজনীয় বিতৰ্কৰ ওপ পৰাৰ আগতেই আন এটা অযথা বিতৰ্কত ব্যস্ত থকা সাধাৰণ জনতাই দেশখনৰ প্ৰকৃত সমস্যাবোৰ অনুধাৱন কৰি এইবোৰৰ উপযুক্ত চৰ্চাৰ মাজেৰে শাসক পক্ষৰ অকৰ্মণ্যতা বুজি পোৱাৰ বাবে সময় আৰু সুবিধা নাপায়

 

খ+

ল্পনাকে কৰকচোন এবাৰ! আপোনাৰ বা মোৰ একেবাৰে সীমাতে লাগি থকা চুবুৰীয়া ৰাজ্য এখনৰ ভাই-ভনীহঁতৰ মাজৰ ভাতৃঘাতী সংঘাতে কিমান নিৰীহৰ প্ৰাণ লৈছে তাৰ হিচাব ল'বলৈ সময় নাই আপোনাৰ-মোৰ বিশ্বগুৰু হ'বলৈ বুলেট ট্ৰেইনৰ গতিৰে আগবাঢ়ি যোৱা দেশখনৰ কাৰ্যপালিকাৰ মূৰব্বীজনৰ। তেখেত কিন্তু ঠিকেই ব্যস্ত বিদেশ ভ্ৰমণত, অন্যান্য দেশৰ সৈতে কূটনৈতিক সম্পৰ্ক উন্নত কৰাৰ বাবে নে অন্য ব্যৱসায়ীক স্বাৰ্থত এই বিদেশ ভ্ৰমণ সেয়া জনাৰো উপায় নাই আপোনাৰ-মোৰ দৰে সাধাৰণ নৰমনিচৰ!!

কিন্তু সেই একে সময়তে সেই দেশৰ ভনীহঁত বিবস্ত্ৰা হব লগা হৈছে আপোন গৃহতে। কাৰোবাৰ ষড়যন্ত্ৰৰ ফল নে প্ৰশাসন যন্ত্ৰ তথা নিৰ্বাচিত চৰকাৰখনৰ দুৰ্বলতা এয়া – সেয়া জনাৰো উপায় যে সাধাৰণ জনতাৰ নাই। যাৰ খাদ্য-বস্ত্ৰৰ সমস্যাৰ জোৰা-টাপলি মাৰোতেই জীৱন পাত হৈছে, তাক আকৌ ৰাজনীতিৰ ভিতৰুৱা কথাৰ ওৰ কিয় লাগিছে!!


 গ+

ৰা হওক এখন বিশেষ ঠাইৰ অপৰাধীয়েই যেতিয়া অপৰাধীৰ পৰা সধাৰণ জনতাক সুৰক্ষা দিয়াৰ বাবে চৰকাৰে নিয়োগ কৰা আৰু অপৰাধ তথা অপৰাধীক নাকি লগোৱাৰ বাবে সদা সচেষ্ট আৰক্ষীৰ বিৰুদ্ধেও আইনৰ সহায় ল'ব লগা পৰিস্থিতিৰ উদ্ভৱ হয় আৰু সময়ত প্ৰাপ্ত উপযুক্ত তথ্য-প্ৰমাণে আৰক্ষীকে ৰঙাঘৰৰ আলহী কৰে.. এতিয়া আপুনি নিজে কল্পনা কৰক সেই ঠাইখনৰ আইন-শৃংখলা পৰিস্থিতিৰ প্ৰকৃত স্বৰূপটো!!

 

(৭ ছেপ্টেম্বৰ ২০২৩/ সৰভোগ)

**************

Friday, 18 August 2023

মণিপুৰৰ ভাতৃঘাতী সংঘৰ্ষৰ আঁৰৰ পৃষ্ঠভূমি

মণিপুৰৰ ভাতৃঘাতী সংঘৰ্ষৰ আঁৰৰ পৃষ্ঠভূমি

মোৰ চুবুৰীয়া ৰাজ্য মণিপুৰ যোৱা মে মাহৰ পৰা অগ্নিগৰ্ভা হৈ আছে। শৈশৱৰে পৰা চকুৰ চিনাকী মণিপুৰীসকলৰ আৱাসভূমি মণিপুৰ। যদিওবা আজিলৈকে মণিপুৰত ভৰি থোৱাৰ সৌভাগ্য হোৱা নাই তথাপি মণিপুৰলৈ যোৱাৰ হেঁপাহ এটাই অনবৰতে মনৰ মাজত ক্ৰিয়া কৰি আছে। বৰ্তমানৰ এই  পৰিস্থিতিৰ পিছতো কিন্তু মণিপুৰলৈ যোৱাৰ হেঁপাহটোৰ অলপো হেৰ-ফেৰ হোৱা নাই। এটা সময় বিদ্যালয়ৰ পাঠ্যপুথিত পঢ়া নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজৰ মণিপুৰ দখল ইতিহাসেও মণিপুৰৰ প্ৰতি থকা আগ্ৰহক নতুন মোৰ দিছিল।

আনহাতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ঈয়াৰুইঙ্গমৰ পঠনে মণিপুৰৰ আগ্ৰহতো আৰু বঢ়াই তুলিলে। নতুনকৈ জানিছিলোঁ যে মণিপুৰৰ জনসংখ্যাৰ এক বৃহৎ অংশ নগাসকলেও আগুৰি আছে সেইখন মণিপুৰৰে জনগাঁথনিৰ বিশেষত্বৰ বিষয়ে জনাৰ আগ্ৰহতে কিছু কিতাপৰ পাত লুটিয়াইছিলোঁ। জানিবলৈ সক্ষম হৈছিলো কোনোদিনে নজনা ৰাজ্যখনৰ বহুখিনি ইতিহাস।

মহাকাব্য মহাবভাৰতৰ পৃষ্ঠাইও আমাক মণিপুৰৰ বিষয়ে জানিবলৈ দিয়ে। কাহিনী অনুসৰি যুধিষ্ঠিৰে আয়োজন কৰা অশ্বমেধ যজ্ঞৰ ঘোঁৰা বান্ধি ৰাখিছিল মণিপুৰৰ যুৱৰাজ বব্ৰুৱাহনে। সেই বব্ৰুৱাহন আছিল তৃতীয় পাণ্ডৱ অৰ্জুনৰে পুত্ৰ। মণিপুৰী ৰমণী চিত্ৰাঙ্গদাৰ সৈতে অৰ্জুনৰ প্ৰণয় আৰু বব্ৰুবাহনৰ জন্মৰ কাহিনী সৰুকালতে পঢ়িছিলোঁ। যি নিজৰ দেউতাকৰ সৈতে যুঁজত অৱতীৰ্ণ হোৱাৰ বিষয়ে মহাভাৰতৰ কাহিনীয়ে আমাক কয়। আৰু আজি সেই চিত্ৰাঙ্গদাৰ দেশ মণিপুৰৰ বুকুত গঢ় লৈ উঠা ভাতৃঘাতী সংঘৰ্ষই আপোনজনৰ তেজেৰে নিজ দেশৰে বুকু ৰঞ্জিত কৰি তুলিছে।

আপোনজনৰ মাজত গঢ় লৈ উঠা ভুল বুজা-বুজিতে আজি মণিপুৰৰ বুকুত মানৱতা ভুলুন্ঠিত হৈছে। একেখন ৰাজ্যত সমিল মিলেৰে বসবাস কৰা খিলঞ্জীয়া দুটা বিশেষ নৃগোষ্ঠীৰ সাধাৰণ জনতাৰ মাজত গঢ়ি তোলা হৈছে অবিশ্বাস আৰু সংশয়ৰ এখন দুৰ্ভেদ্য প্ৰাচীৰ। এনে পৰিস্থিতি এদিনতে গঢ় লৈ উঠা নাই যে সেয়া নিশ্চিতভাৱে সত্য।

কিন্তু ৰজাৰ শাসনৰ দিনৰে পৰা একেলগে বসবাস কৰি অহা অতি প্ৰাচীন নৃগোষ্ঠী মেইটে আৰু কুকিসকলৰ মাজত ক্ৰমে ক্ৰমে বাঢ়ি অহাৰ দূৰত্বৰ বিষয়ে কি ইমান দিনে প্ৰশাসন তথা জনতাৰ দ্বাৰা নিৰ্বাচিত চৰকাৰসমূহে একোকে উমান পোৱা নাছিল নে!!

আনহাতে নিৰ্বাচিত জনপ্ৰতিনিধি কিনা-বেচা কৰি প্ৰতিষ্ঠিত চৰকাৰকে নিজৰ ইচ্ছা অনুসৰি ভঙা-পতা কৰা তথাকথিত ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতাসকলেও ইয়াৰ ভূ নাপালেনে একো!!

সময়ৰ গতিময়তাত এদিন মনৰ সকলো দুৰ্ভাৱনা আৰু সংশয় হেৰাই যাব। কিন্তু নিজৰ চকুৰ আগতে এনেকুৱা অমানৱীয় আৰু জঘন্য কাণ্ড দেখিও আমিবোৰ কিয় মৌন আৰু মুক-বধিৰ হৈ পৰিছো বাৰু সাম্প্ৰতিক প্ৰেক্ষাপটত!!

কম্পিউটাৰতকৈও দ্ৰুতগতিত কাম কৰিব পৰা মগজু থকা প্ৰাণী হৈও হিচাপে আমাৰ কৰণীয়খিনি কি আজিৰ প্ৰযুক্তিবিদ্যা নিৰ্ভৰ জীৱনে আমাৰ পৰা কাঢ়ি লৈ গৈছে সম্পূৰ্ণৰূপে!!

অতিসম্প্ৰতি কেৱল ৰীল, ইনষ্টাগ্ৰাম, ফেচবুক আৰু টুইটাৰত কেইটামান কমেন্ট, লাইক, শ্বেয়াৰ তথা ভিউৰ ওপৰতে আমাৰ জীৱনচক্ৰ নিৰ্ভৰশীল হৈ পৰিছে নে কি বাৰু!!

 

(১০ আগষ্ট ২০২৩/সৰভোগ)

************

Wednesday, 28 June 2023

শ্ৰীৰঘূপতি দৰ্শনৰ অভিজ্ঞতা

সামাজিক মাধ্যমৰ জৰিয়তে হোৱা বিভিন্নজনৰ পৰ্যালোচনাবাতৰি কাকতৰ সাম্প্ৰতিক খবৰবোৰ আৰু চিনাকী দুই এজনৰ মুখৰপৰা শুনি অৱশেষত শ্ৰীৰঘূপতি চিনেমাখন আজি ভাইটি জানমণি আৰু তেওঁৰ সহধৰ্মিনীৰ সৈতে উপভোগ কৰিলোঁগৈ। বৰপেটা জিলাত এটা আধুনিক সা-সুবিধা থকা ভাল চিত্ৰগৃহৰ অভাৱ বুলি মই নকৈ বৰপেটাত বসবাস কৰা ব্যক্ত এজনক কোৱাৰ প্ৰয়োজন নাই নিশ্চয়। সেয়েহে বৰ্তমান কৰ্মসূত্ৰে বৰপেটা জিলাৰ সৰভোগ অঞ্চলৰ বাসিন্দা হোৱাত নিচেই কাষৰীয়া জিলা বঙ্গাইগাঁৱৰ জিলা সদৰত অৱস্থিতি ইউনিভাৰ্চেল চিত্ৰগৃহত চিনেমাখন উপভোগ কৰিবলগীয়া হ'ল।

একাষাৰতে ক'বলৈ হলে বিনোদনধৰ্মী অসমীয়া চিনেমা হিচাপে শ্ৰীৰঘূপতি পৰিয়াল এটাৰ সকলোৱে মিলি একেলগে উপভোগ কৰিব পৰা এখন চিনেমা। বিদূৰ ভাই শীৰ্ষক ৱেব চিৰিজৰ পৰিচালনাৰে অসমবাসীৰ অতিকে চিনাকী হৈ পৰা সুব্ৰত কাকতীয়ে প্ৰথম পৰিচালনা কৰা এই চিনেমাখনৰ ক্ষেত্ৰত নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। চিত্ৰগ্ৰহণ, সংলাপ, ডাবিং আৰু অভিনয়ৰ দিশত সততে অসমীয়া বিনোদন চিনেমাৰ ক্ষেত্ৰত দেখা দিয়া দূৰ্বলতাসমূহ ইয়াত সতকাই চকুত নপৰে। অসমীয়া চিনেমা উদ্যোগৰ দুজনমান চিনাকী প্ৰবীণ অভিনেতা-অভিনেত্ৰী আৰু বৰ্তমান সম্প্ৰচাৰিত হৈ থকা অসমীয়া ধাৰাবাহিকসমূহত কৰা অভিনয়ৰ জৰিয়তে নিজৰ দক্ষতাৰ পৰিচয় দিয়া দুগৰাকীমান অভিনেতা-অভিনেত্ৰীৰ সমাহাৰেৰে শ্ৰীৰঘূপতি অভিনয়ৰ দিশত বহু পৰিমাণে সফল বুলিব পাৰি। চিনেমাখনৰ চৰিত্ৰসমূহৰ বাবে অভিনেতা-অভিনেত্ৰীৰ নিৰ্বাচনো সঠিক হোৱা বুলিয়েই আমি ক'ব পাৰোঁ।

চিনেমাখনৰ মূল নায়ক ৰবি শৰ্মাৰ অভিনয়ৰ সম্পূৰ্ণতাক একাষৰীয়া কৰিও বিশেষভাৱে সকলোৱে আলোচনা কৰি থকা বিষয়টো হ'ল প্ৰবীণ অভিনেতা অৰুণ নাথৰ চৰিত্ৰৰ নতুনত্বটো। এই বয়সতো অগতানুগতিক তথা তেখেতে এতিয়ালৈকে অভিনয় কৰা চৰিত্ৰসমূহৰ লেখেৰে ইয়াত চিত্ৰায়িত কৰা সম্পূৰ্ণ নতুন ধৰণৰ এই চৰিত্ৰটোৰ অভিনয় সচাঁই প্ৰশংসনীয়। অভিনয়ৰ ক্ষেত্ৰত বয়স যে প্ৰতিবন্ধকতা হ'ব নোৱাৰে সেয়া অৰুণ নাথৰ অভিনয়ে প্ৰমাণ কৰি দেখুৱাইছে। ইয়াৰোপৰি সাজ-পোছাকৰ পৰা আৰম্ভ কৰি চৰিত্ৰটোৰ সৈতে সংপৃক্ত ধৰণ-কৰণত থকা নতুনত্বই তেখেতৰ আগৰ চিৰিয়া অভিনয়ত অভ্যস্ত দৰ্শক মাত্ৰৰ বাবেই অভিনয়ৰ এক নতুন খোৰাক যোগাইছে। আনহাতে 'বেহাৰবাৰী আউটপষ্ট' শীৰ্ষক জনপ্ৰিয় অসমীয়া ধাৰাবাহিকখনৰ এক শক্তিশালী আৰু এৰাব নোৱাৰা চৰিত্ৰ 'কেকে'ৰ জৰিয়তে অসমবাসীৰ মাজত চিনাকী হৈ পৰা অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ অভিনয়েও চিনেমাখন এক বিশেষ মাত্ৰা দিছে। চিনেমা এখনৰ কাহিনীত ব্যংগাত্মক অভিনয় কৰি থকা অভিনেতা এজনে হঠাতে দৰ্শকৰ চকুলৈ চকুপানী আনি দিব পৰাৰ সক্ষমতা সকলো অভিনেতাৰে নাথাকে। যিটো সিদ্ধাৰ্থ শৰ্মাই নিজৰ চৰিত্ৰটোৰ বাবে নিৰ্দিষ্ট খুব কম পৰিসৰতে নিজৰ অভিনয় দক্ষতাৰে এই চিনেমাখনত কৰি দেখুৱাবলৈ সক্ষম হৈছে।

সৰ্বোপৰি চিনেমাখনৰ এটা শক্তিশালী দিশ হ'ল সংলাপ। চৰিত্ৰবোৰৰ মুখত দিয়া উপযুক্ত আৰু সময়োপযোগী সংলাপে দৰ্শকক চৰিত্ৰটোৰ সৈতে একাত্ম হৈ যোৱাৰ লগতে দৰ্শক মাত্ৰৰে মন-মগজুত এবাৰলৈ হলেও চিন্তাৰ লহৰ নোতোলাকৈ যে নাথাকে সেয়া খাটাং। মোৰ দৃষ্টিত আন সংলাপবোৰলৈ নগলেও, বিশেষকৈ জনপ্ৰতিনিধি এজন আৰু তেওঁৰ সৈতে হাত মিলাই দুষ্কাৰ্যত পৰোক্ষভাৱে সহায় কৰা উচ্চ বিষয়াসকলৰ বিৰুদ্ধে নায়কে কৰা প্ৰতিবাদৰ সময়ত তেখেতৰ মুখত দিয়া সংলাপ আৰু নায়কৰ ভনীয়েকক ধৰ্ষণ কৰি হত্যা কৰাৰ পাছত নাৰী এগৰাকীৰ ধৰ্ষণৰ দৰে গুৰুতৰ বিষয় এটাৰ সম্পৰ্কে পৃষ্ঠভূমিত দিয়া সময়োপযোগী তথা প্ৰাসংগিক সংলাপে মানবীয় আৱেগ-অনুভূতি থকা দৰ্শক মাত্ৰৰে মন-মগজুক খন্তেকলৈ হলেও চিন্তাৰ খোৰাক যোগাবলৈ সক্ষম হ'ব যে সেয়া নিশ্চিত।

সামগ্ৰিকভাৱে বৰ্তমান আমাৰ ভাৰতীয় সমাজত ব্যৱস্থাত তথাকথিত জনপ্ৰতিনিধি তথা ৰাজনৈতিক নেতাসকলৰ নিজকে ৰাইজৰ ৰজা বুলি দাবী কৰাৰ যি এক নতুন প্ৰৱণতা ক্ৰমে গাঢ়ৰ পৰা গাঢ়তৰ হৈ গৈ আছে তাৰ ক্ষুদ্ৰ ছবি এখন দেখুওৱাৰ সমান্তৰালভাৱে দক্ষ তথা সাহসী চৰকাৰী বিষয়া এজনেও যে সমগ্ৰ ব্যৱস্থাটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব পাৰে তাৰো প্ৰতিচ্ছবি এখন দাঙি ধৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস চিনেমাখনত দেখা পোৱা গৈছে।

চিনেমাখনৰ শক্তিশালী দিশসমূহৰ লগতে দুটামান দুৰ্বলতাও দৃষ্টিগোচৰ নোহোৱাকৈ নাথাকিল। বিশেষকৈ আৰম্ভণিতে নায়িকাৰ উপস্থিতিক দৰ্শকৰ আগত দাঙি ধৰিবলৈ সংযোজন কৰা গানটোৰ প্ৰাসংগিকতা অনুধাৱন কৰিবলৈ মোৰ দৰে সাধাৰণ দৰ্শক সক্ষম নহ'লোঁ। বিনোদন চিনেমা মানেই যে নায়ক-নায়িকাৰ মাজৰ ৰোমান্টিকতা দেখুৱাবলৈ সংগীত আৰু নৃত্যৰ প্ৰয়োজন, সেয়া বৰ্তমান সলনি কৰাৰ সময় হৈছে। আৰু সেই অনুৰূপে বৰ্তমান বহু ভাৰতীয় চিনেমা ৰোমান্টিক সংগীত নোহোৱাকৈয়ে দৰ্শকে আকোঁৱালি লৈছে। মূল চিনেমাখনত থকা বাকী কেইটা গীত প্ৰসংগৰ সৈতে বৰ সুন্দৰকৈ মিলি গৈছে। কিন্তু শ্ৰী ৰঘূপতিৰ আৰম্ভণিৰ এই গানটোহে অপ্ৰয়োজনীয়ভাৱে সংযোগ কৰাৰ দৰে হ'ল।

দ্বিতীয়তে চিনেখনৰ গতিময়তাইও পৰম্পৰাগত অসমীয়া চিনেমাৰ লেহেমীয়া গতিক যে বহু দূৰলৈ ঠেলি পঠিয়াছে সেয়া নিশ্চিত। কিন্তু চিনেমাখনৰ কাহিনীটোত ঘটনাৰ পাকচক্ৰত পৰি নায়িকাৰ সৈতে হোৱা নায়কৰ বিচ্ছেদৰ পাছত সংযোগবশতঃ পুনৰ দুয়োৰে মিলনৰ দৃশ্যাংশত এই গতিময়তা বহুখিনি ব্যাহত হৈছে। মোৰ দৃষ্টিত এই পৰিৱৰ্তিত গতি ননাকৈও চিনেমাখনৰ কাহিনীয়ে পূৰ্ণতা পালেহেঁতেন


(২৫ মাৰ্চ ২০২৩/ সৰভোগ)

********