Wednesday, 23 September 2015

‘ডিকটন’ - এক চমু বিশ্লেষণ



দীপক কুমাৰ বৰকাকতীৰ ডিকটন উপন্যাসত প্ৰতিফলিত মিজো পাহাৰৰ সংঘাত আৰু মিজো সমাজ জীৱনৰ চিত্ৰঃ এক বিশ্লেষণ

ড০ দীপক কুমাৰ বৰকাকতীৰ ডিকটন (১৯৯৮) উপন্যাসখন অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামৰ মিজো সমাজৰ পটভূমিত ৰচিত হৈছে। কালগতভাৱে উপন্যাসখনত চিত্ৰত সময়ছোৱা ভাৰতবৰ্ষৰ স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ সেই সময়ত মিজোৰামত সংগঠিত হোৱা সশস্ত্ৰ বিদ্ৰোহী সংগঠন মিজো নেচনেল ফ্ৰন্ট বা চমুকৈ এম এন এফৰ হিংসাত্মক কাৰ্য-কলাপ আৰু ইয়াৰ জৰিয়তে তেওলোকে সমগ্ৰ মিজো নৃগোষ্ঠীয় লোকক লৈ এখন স্বাধীন ৰাষ্ট্ৰ গঠনৰ যি আন্তৰিক প্ৰয়াস কৰিছিল – এই মূল বিষয়বস্তুকে লৈ উপন্যাসখনৰ কাহিনীটো গঢ় লৈ উঠিছে। নিজৰ নৃগোষ্ঠীয় মানুহখিনিৰ প্ৰতি থকা গভীৰ জাতীয় আত্মচেতনাৰে উদ্বুদ্ধ হৈ স্বজাতিক সকলো দিশৰপৰা উন্নতি দিশত আগুৱাই নিয়াৰ উদ্দেশ্যেৰে চৰকাৰৰ বিৰুদ্ধে মিজো নেচনেল ফ্ৰন্ট গঠন হৈছে। গোষ্ঠীগত বিকাশ, প্ৰতিষ্ঠা তথা সামগ্ৰিকভাৱে সমগ্ৰ মিজো জাতিৰ বিকাশৰ মূলমন্ত্ৰ আওৰাই এই এম এন এফে সশস্ত্ৰ সংগ্ৰামত লিপ্ত হৈছে। উপন্যাসখনত মিজোৰামৰ লোকসকলৰ বিশেষকৈ ডেকাচামৰ স্বজাতিৰ প্ৰতি থকা নিভাঁজ জাতীয় চেতনা আৰু স্বজাতিৰ উৎকৰ্ষ, উন্নতি তথা সমৃদ্ধিৰ বাবে তেওলোকৰ আত্মোসৰ্গৰ মানসিকতাক চিত্ৰণ কৰা হৈছে। আনহাতে চৰকাৰে এই সংগ্ৰাম নিয়ন্ত্ৰণলৈ আনিবৰ কাৰণে মিজোৰামত অতিৰিক্ত সেনা নিয়োগ কৰিছে আৰু সম্পূৰ্ণ দমনমূলক নীতিৰে আকাশ-বতাহ কপাই তুলিছে। শেষত কুৰি বছৰ ধৰি চৰকাৰৰ লগত যুঁজ দি ১৯৮৬ চনৰ ২ আগষ্ট তাৰিখে বিদ্ৰোহী দল এম এন এফে চৰকাৰৰ ওচৰত আত্মসমৰ্পন কৰে। পৰৱৰ্তী সময়ত এই এম এন এফ দলে ৰাজনৈতিক দল গঠন কৰি মিজোৰামত চৰকাৰ গঠন কৰে যদিও নিজৰ সপোনৰ স্বাধীন মিজোৰাম গঠনত বাৰে বাৰে উজুটি খাইছে তাকে ঔপন্যাসিকে কৌশলেৰে ইয়াত অংকন কৰিছে। মিজোৰামত সংঘটিত হোৱা এই গোষ্ঠীগত সংঘাতৰ পৃষ্ঠভূমিতে চিত্ৰিত হোৱা মিজোসকলৰ সংগ্ৰামী চৰিত্ৰ আৰু আতংকময় পৰিৱেশৰ মাজৰ জীৱনযাত্ৰাই উপন্যাসখনৰ কাহিনী।

মিজোৰামত কৰ্ম সূত্ৰে থাকোতে লাভ কৰা অভিজ্ঞতাৰ ভেটিতে লিখি উলিওৱা এই উপন্যাসখন ৰচনাৰ প্ৰসংগত ঔপন্যাসিকৰ বক্তব্য হল –

১৯৮৯ চনৰ ৩০ মে। মোৰ আইজলৰ বাসস্থানত পুৱাৰ খিৰিকী খুলি দেখিলো সহস্ৰ পখিলাৰ জাক। আটাইবোৰ শেৱালি পাহিৰ দৰে শুভ্ৰ। পাহাৰৰ ভাজে ভাজে কোনো এক অদৃশ্য সুৰংগইদি যেন সিহঁত এক অসীমৰপৰা আন এক অসীমলৈ যাত্ৰা কৰিছে। আইজল চহৰৰ উত্তৰ দিশৰপৰা দক্ষিণ দিশলৈ লানি নিছিগা পখিলাৰ এই সোঁত ওৰে দিন চলি থাকিল।... দৃশ্যটোৱে মোৰ সাহিত্যিক অনুভূতিত বহুদিনৰ পিছত কঁপনি তুলি গল। বাৰে বাৰে পৰিঘটনাটো লিপিবদ্ধ কৰাৰ বাসনা মনলৈ আহিল। আউজলৰ তেৰ বছৰৰ অভিজ্ঞতাবোৰ মনৰ মাজত শুভ্ৰ পখিলাজাকৰ দৰে দেও দি উঠিল। প্ৰজাপতিৰ ৰোমাঞ্চে ডিকটন নামৰ সেউজবুলীয়া লতাৰ ৰোমাঞ্চৰ কথা মনত পেলালে। (বৰকাকতী, মে ১১৯৮, দুআষাৰ)

ডিকটন উপন্যাসখনত চিত্ৰিত কৰা হৈছে স্বাধীনতাৰ পৰৱৰ্তী কালছোৱাত মিজোৰামৰ জনগণ কিদৰে চৰকাৰৰ প্ৰতি ক্ষুব্ধ হৈ পৰিছে, চৰকাৰে তেওলোকৰ প্ৰতি কৰা অৱহেলা আৰু অনীহাৰ কাৰণে। এই ক্ষোভৰ প্ৰধান কাৰক কিছুমান ঔপন্যাসিকে কেতবোৰ ঘটনাৰ বৰ্ণনাৰ সহায়ত এইদৰে ব্যক্ত কৰিছে –

ঊন্নৈশ শ ঊনষাঠি ষাঠি চনত আমাৰ ইয়াত মাউতাম হৈছিল। .... ৰেমাৰ মনত পৰিল সেইবছৰ সিহঁতৰ অঞ্চলটোত বাঁহ ফুলিছিল। .... সিহঁতৰ বুঢ়াবিলাকৰ মতে প্ৰতি পঞ্চাশ বছৰৰ মূৰে মূৰে মাউ বাঁহবোৰ ফুলে। বাঁহ ফুলাটো সিহঁতৰ বাবে ভয়ৰ কাৰণ। কাৰণ পিছৰ বছৰতেই আকস্মিকভাৱে হাজাৰ বিজাৰ এন্দুৰৰ জন্ম হয় আৰু খাদ্য-শস্য খাই তহিলং কৰে। দুৰ্ভিক্ষ হয়। ঊন্নৈশ শ ষাঠি চনতো তেনে হৈছিল (পৃ. ৭)

অনেক লোকৰ এই দুৰ্ভিক্ষত মৃত্যু হৈছিল। অনেক লৰা-ছোৱালী দুৰ্ভিক্ষ-মহামাৰীৰ ফলত ঘাতমাউৰা হৈছিল। তদুপৰি মানুহবোৰে দুৰ্ভিক্ষ-মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ এঠাইৰপৰা আনঠাইলৈ বসতি সলনি কৰি ফুৰিবলগা হৈছিল। এই আকালত মিজো পাহাৰৰ ৰিয়াং আৰু চাকমা সম্প্ৰদায়ৰ মানুহবোৰে আৰ্মি নামৰ বনৰীয়া ঘাঁহ খাই জীয়াই থাকিবলৈ সংগ্ৰাম (পৃ. ৭) কৰিব লগা হৈছিল।  সেই দুৰ্ভিক্ষ বা মাউতামৰ সময়ত আৰু তাৰ পাছতো চৰকাৰে ভালদৰে সহায় নকৰাৰ কাৰণে মানুহবোৰ চৰকাৰৰ ওপৰত অসন্তুষ্ট হল। আনকি চৰকাৰক এই সম্পৰ্কে ভালদৰে জনোৱাৰ উদ্দেশ্যে শ্বিলঙৰপৰা অহা মিনিষ্টাৰৰ আগত আইজলৰ মানুহে প্ৰচেছন কৰিলে (পৃ. )কিন্তু চৰকাৰে দুৰ্ভিক্ষৰ সময়ত লব লগা প্ৰয়োজনীয় ব্যৱস্থা বিশেষ একোৱে নললে। সেই সময়ত মিজো পাহাৰৰ অন্যান্য অঞ্চলৰ উপৰিও তালাংপুই গাৱকে ধৰি সমগ্ৰ অঞ্চলটোত মিজো নেচনেল ফেমিন ফ্ৰন্ট নামৰ দলটোৰ উদ্যাগতে লমকিমা নামৰ এজন সমাজ সেৱকৰ নেতত্বত সাহাৰ্য প্ৰদান কৰা হৈছিল। তেওলোকে আনকি ব্ৰহ্মদেশত থকা মানুহৰ পৰাও চাউল-পাত গোটাই আনিও গাওবোৰত বিলাইছিল। চৰকাৰৰ এই চৰম অৱহেলাৰ ফলশ্ৰুতিতে মিজোসকলৰ মনত চৰকাৰৰ প্ৰতি বিদ্ৰোহৰ মনোভাৱ গঢ় লৈ উঠিছে। চৰকাৰৰ প্ৰতি গঢ় লৈ উঠা এই বিদ্ৰোহী মনোভাৱেৰে তেওলোকে সংগঠিত হৈ গঠন কৰিছে মিজো নেচনেল ফ্ৰন্ট বা চমুকৈ এম এম এফ নামৰ ৰাজনৈতিক সংগঠনটোএম এম এফ আৰু চৰকাৰী নিপৰত্তা ৰক্ষী - মিলিটাৰী জোৱান, চি আৰ পি এফৰ  মাজত সংঘটিত হোৱা একাধিক হিংসাত্মক সংঘাতে সমগ্ৰ শাসনতন্ত্ৰৰ প্ৰতি তেওলোকৰ মনত গা কৰি উঠা আস্থাহীনতা আৰু বিশ্বাসহীনতাৰ ছবিকে দাঙি ধৰিছে।
স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষৰে অংশ বিশেষ মিজো পাহাৰত সংঘটিত হোৱা এই ভয়াবহ গোষ্ঠী সংঘৰ্ষৰ মূল লক্ষ্য আৰু উদ্দেশ্য আছিল মিজো জাতিৰ কাৰণে এখন স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। যিখন ৰাষ্ট্ৰ মাটি, পানী, আকাশ, বতাহ সকলোতে কেৱল মিজোসকলৰ অধিকাৰ থাকিব। চৰকাৰৰ মিজোৰামৰ জনসাধাৰণৰ প্ৰতি কৰা অৱহেলা আৰু অনীহাৰ ফলতেই মিজো নেচনেল ফ্ৰন্ট গঠিত হৈছে – এখন সাৰ্বভৌম স্বাধীন ৰাষ্ট্ৰ গঠন কৰাৰ কামনাৰে। উপন্যাসত চৰকাৰী বিষয়া ধীৰেণ ভট্টাচাৰ্য (পু-ভট্) আৰু সংগ্ৰামৰ মূল সংগঠক লমকিমাৰ মাজত হোৱা কথোপকথনৰ মাজেৰেই আমি এই সংঘাতৰ স্বৰূপ আৰু মূল লক্ষ্যৰ বিষয়ে জানিব পাৰো –

পু-ভট্ – আপোনালোকে এইবোৰ আৰম্ভ কৰিলে বাৰু বুজিলো। কিন্তু ইয়াৰ শেষ কত
লমকিমা – তাৰ উত্তৰ তেনেই সাধাৰণ। ইয়াৰ শেষ স্বাধীনতাত।
পু-ভট্ – স্বাধীনতা মানে কি! কেনেধৰণৰ স্বাধীনতা আপোনালোকে বিচাৰে!
লমকিমা - ... এই মাটি আমাৰ। এই দেশ আমাৰ। আমি আমাৰ দেশ শাসন কৰিম। আমি আমাৰ দেশৰ উন্নতি কৰিম। যদি বাহিৰৰ কোনোবা আমাৰ ইয়াত থাকেও আমাৰ ইচ্ছাৰ অনুকূলে কাম কৰিব লাগিব। আমি কাৰো বহতীয়া হৈ থাকিব নোখোজো। আমি আমাৰ সৌভাগ্য-দুৰ্ভাগ্যৰ হৰ্তা-কৰ্তা হব বিচাৰো। আমি আমাৰ সাৰ্বভৌমত্ব বিচাৰো। (পৃ ৯৯-১০০)

চৰকাৰৰ প্ৰতি মিজোৰামৰ সাধাৰণ জনতাৰ মনত লুকাই থকা ক্ষোভ আৰু আস্থাহীনতাক ঔপন্যাসিকে লমকিমাই সেই সময়ৰ বি. ডি.অ.ৰ দায়িত্বত থকা ধীৰেণ ভট্টাচাৰ্যক কৰা প্ৰশ্নৰ মাজেৰে এইদৰে তুলি ধৰিছে –
আপুনি জইন কৰাৰ আগলৈকে তিনবছৰ কাল আপোনাৰ পষ্টত কোনো নাছিল। অৰ্থাৎ এই অঞ্চলৰ মানুহৰ চৰকাৰৰ লগত এবচৰ তেনেই যোগাযোগ নাছিল। এবছৰত এনে এটা অঞ্চল যিকোনো প্ৰাকৃতিক কাৰণত নিঃচ্ছিন্ন হৈ যাব পাৰে। কিবা হোৱা হলে কোন দায়ী হলহেতেন। (পৃ.৩৪)
...তাৰ কোনো ব্যাখ্যা আপুনি দিব নোৱাৰে, আপোনাৰ চৰকাৰে দিব নোৱাৰে। কাৰণ আপুনি, আপোনাৰ চৰকাৰে অঞ্চলটোক অএৱহেলা কৰিছে. আপোনালোকে অঞ্চলটোৰ দায়িত্ব পালন কৰা মাই। কিন্তু আমি আমাৰ দায়িত্বখিনি কৰি গৈছো। আপুনি জানেনে গাৱৰ স্কুলঘৰবোৰ আমি নিজে সাজো, নিজেই সমজুৱাভাৱে চাউল-পাত তুলি মাষ্টৰবোৰক দৰমহা দিও, আমি গাৱৰ বাট-পথ নিজেই কাটো, নিজেই চাফ-চিকুণ কৰো? (পৃ.৩৫)

মিজোৰামত গা কৰি উঠা এই বিচ্ছিন্নতাবাদী আন্দোলন আৰু সশস্ত্ৰ বিদ্ৰোহে ইয়াৰ সৰ্বসাধাৰণ লোকৰ জীৱন যাত্ৰাত পেলোৱা আতংকময় আৰু সংশয়পূৰ্ণ পৰিস্থিতিৰ এজন গঞাৰ মুখেৰে চিত্ৰ উপন্যাসত এইদৰে চিত্ৰিত কৰা হৈছে –
আমাৰ ডেকাহতে লুংলে দখল কৰিলে। কিন্তু এসপ্তাহ দহ দিনতে মিলিটাৰীবোৰে লুংলে পালেহি। সিহতৰ কোবত গাৱৰ ডেকা-গাভৰু, লৰা লুৰি থাকিব নোৱাৰা অৱস্থা। হালে হালে সাঙুৰিছে। মানুহ ভাগিবলৈ লৈছে। এতিয়া আমাৰ পাছত আহিছে এম্ এন্ এফবোৰ। সিহতৰ পিছ লৈছে মিলিটাৰীবোৰে। দেশত আৰু একো নহবলৈ বাকী নাই। জুই জ্বলিছে। (পৃ. ৮৮-৮৯)

এইবোৰৰ ফলতে প্ৰতিটো পৰিয়াল শংকা আৰু আতংকত দিন পাৰ কৰিব লগা হৈছে। তদুপৰি গাওবাসীৰ পৰা পথাৰত উৎপাদিত তেওলোকৰ সীমিত পৰিমাণৰ খাদ্য শস্যও এম্ এন্ এফৰ সদস্যই দাবী কৰিবলৈ ধৰিলে। সেয়েহে এনে আশান্তিময় পৰিস্থিতিত অতিষ্ঠ হৈ চাউল-পাত বিচাৰি অহা এম এন এফৰ দলটোৰ আগত তালাঙপুই গাৱৰ যৰামথাঙাই এইদৰে নিজৰ মনৰ কথা ব্যক্ত কৰিছে –
তহতে যি কৰিছ সেয়ে অশান্তি মাতি আনিছে। আমাৰ ডেকাবোৰ, তহতৰ সৈতে মাত্ৰ অনাৱশ্যকভাৱে মৰিছে। লগে লগে গাৱৰ গাভৰু তিৰোতা কিছুমান বিধৱা হৈছে। মাক-বাপেকৰ চিন্তাত টোপনি নোহোৱা হৈছে। ... তহত-তহত এম্ এন্ এফবোৰেই ইয়াৰ বাবে দায়ী। (পৃ. ৯৪)

ৰাজ্যখনৰ সাধাৰণ জনতা এইদৰে অশান্তি আৰু আতংকময় পৰিৱেশৰ মাজত থাকি বিপ্লৱীসকলৰ প্ৰতি আস্থাহীন হোৱাৰ বিপৰীতে এম্ এন্ এফৰ সদস্যসকলৰ মত উপন্যাসখনত এইদৰে চিত্ৰিত হৈছে –
আমি যি কৰিছো সেয়া দেশৰ বাবে, মিজো মানুহৰ স্বাৰ্থৰ বাবে। গতিকে চাউল-পাতৰ যোগান ধৰাটো গাঁৱৰ কৰ্তব্য। তদুপৰি দৰকাৰ হলে আমি ভলন্টিয়াৰো দাবী কৰিম। (পৃ. ৯৪)

স্বাধীন আৰু সাৰ্বভৌম মিজোৰাম গঠনৰ উদ্দেশ্যে এম্ এন্ এফে আৰম্ভ কৰা বিদ্ৰোহৰ ফলস্বৰূপে সমাজৰ সৰ্বত্ৰতে সৃষ্টি হোৱা সন্ত্ৰাসজৰ্জৰ পৰিস্থিতিৰ ফলত বেছিকৈ কষ্ট ভোগ কৰিছে সাধাৰণ গাওবাসীয়ে। পথাৰৰ কামত একাত্ম হৈ মনোনিৱেশ কৰাৰ সলনি দূৰৰ পাহাৰবোৰলৈ চাই কৰবাত ধোৱা আৰু গুলীৰ শব্দ শুনি নেকি তাকেহে মন কৰিবলৈ ধৰিছে। আনহাতে নিজৰ অঞ্চলতো স্বাধীনভাৱে স্বইচ্ছাই তেওলোকে ঘুৰি ফুৰিব নোৱাৰা হৈছে। ডিঙিত আইডেন্টিটি কাৰ্ড ওলোমাইহে তেওলোকে বাটে-পথে ওলোৱাৰ লগতে নিজৰ প্ৰয়োজনীয় কাৰ্য সম্পন্ন কৰিব লগা হৈছে
মিজোসকলৰ সকলোধৰণৰ আশা আকাংক্ষা পূৰণ কৰিব পৰা সবাতোকৈ শক্তিশালী সংগঠন হিচাপে সমগ্ৰ ডেকা সমাজে এম এন এফত যোগ দিছে। সমগ্ৰ মিজো নৃগোষ্ঠীৰ সৰ্বাংগীন স্বাৰ্থ সামৰি সিহতৰ পণ –
আমি আমাৰ স্বাধীনতা আনিম। আমি তহতক সকলো স্বাধীনতা দিম। আমি মিজো, সেই চাৰিওফালে দেখা নীলা পাহাৰৰ সীমালৈকে আমি মিজোবোৰে মুকলিভাৱে অতীজৰ দৰে বিচৰণ কৰিম... আমি বন্দুক-বাৰুদ গোটাই যুঁজ দিম। স্বাধীনতা আনিম। (পৃ.৬০)

ঔপন্যাসিকে এম্ এন্ এফ্ আৰু চৰকাৰী পক্ষৰ মাজৰ পৰস্পৰ বিৰোধী সংঘাতৰ প্ৰতিচ্ছবিখন অতি নিৰ্মোহভাৱে অংকন কৰিছে ইয়াত –
আইজলৰ বজাৰ আৰু চাৰিওপাশৰ ঘৰ-দুৱাৰ কিছুমানত জুই লাগিলসেইদিনা আধাপোৰা ঘৰবোৰৰ জুই দূৰৰ পৰাই দেখা গল।... অইজল চহৰখন নিজম পৰিল। বাটে পথে মানুহ দেখিবলৈ নোহোৱা হল। মিজো নেচনেল আৰ্মিৰ ভলন্টিয়াৰবোৰে আইজলৰ পৰা দূৰৰ জংঘললৈ আতৰি গল। খালি আসাম ৰাইফলচৰ মুখ্য কেম্পটোত সবুজ উইনিফৰ্ম পিন্ধা মিলিটাৰীবোৰে জুয়ে পোৰা বিভিন্ন বস্তুৰ গন্ধৰ মাজত অত তত সিচৰতি হৈ পৰি থকা ইটো সিটো সামৰিবলৈ ধৰিলে। লগতে মৃতদেহবোৰো। (পৃ.৮৩)

এফালে এম্ এন্ এফৰ বিচ্ছিন্নতাবাদী সশস্ত্ৰ বিদ্ৰোহ আৰু আনফালে চৰকাৰী পক্ষৰ এই পৰিস্থিতি নিবাৰণৰ প্ৰচণ্ড হেঁচা – এই পৰস্পৰবিৰোধী সংঘাত তথা সংঘৰ্ষত সমগ্ৰ মিজোৰামৰ সামাজিক জীৱনচৰ্যা অশান্ত হৈ পৰিছে। ফলস্বৰূপে ১৯৬২ চনৰ ভাৰতীয় প্ৰতিৰক্ষাৰ ধাৰামতে এম্ এন্ এফক নিষিদ্ধ অবৈধ সংগঠন হিচাপে চৰকাৰে ঘোষণা কৰা কাগজ ছপা হৈ ওলায়। সেই অনুসৰি যিয়েই এই সংগঠনটো পৰিচালনাত অংশগ্ৰহণ কৰিছে আৰু সংগঠনটোত যোগ দিবলৈ মানুহক উচটাইছে সেয়ে সাত বছৰৰ কাৰাবাস আৰু জৰিমনাৰ ভাগী হব (পৃ.৮৭) বুলি চৰকাৰে ঘোষণা কৰে।
মিজোৰামক ভাৰতৰপৰা স্বাধীন কৰাৰ মানসেৰে লমকিমাই তেওলোকৰ অতীত গৌৰৱক সুৱৰি মিজো জনসাধাৰণৰ জাতীয় চেতনাক চুই যোৱাকৈ উদাত্ত কন্ঠেৰে, স্পষ্ট ভাষাৰে জনসাধাৰণক উদ্বুদ্ধ কৰাৰ প্ৰয়াসেৰে কৈছে –
বৃটিছে ভাৰতক স্বাধীনতা দি যোৱাৰ সময়ত আমাৰ মিজো নেতা কিছুমানে কৈছিল – মিজোপাহাৰক বৃটিছবোৰে নিজৰ তললৈ নিছিল। তাৰ আগতে আমি কাৰো তলতীয়া নাছিলো। আমি আছিলো স্বাধীন। বৃটিছবোৰ যিহেতু যাব খুজিছে, আমি পুনৰ স্বাধীন হোৱা উচিত। কাৰণ ভাৰতৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। কিন্তু আমাৰ কিছুমান নেতাৰ স্বাৰ্থ পূৰণৰ বাবেই আমি ভাৰতৰ অংগ হিচাপে থাকিব লগা হল। আমাৰ আন কিছুমান নেতাই ভাৰতৰ লগত দহ বছৰ থকাৰ প্ৰস্তাৱ উত্থাপন কৰিছিল। এতিয়া আমাৰ কুৰি বছৰেই হলহি। আমি যথেষ্ট সহ্য কৰিলো। আমাৰ সম্পূৰ্ণ সন্মান হেৰুওৱাৰ আগতে এয়ে হয়তো ঠিক সময় যে আমি ভাৰতৰ পৰা আতৰি আহো – আমি স্বাধীন হও। (পৃ. ৪২)

লমকিমাৰ এনে বক্তব্যত আকৰ্ষিত হৈও মিজোসকলৰ বহুলোকে তেওলোকৰ গোষ্ঠীগত পৰিচয় ৰক্ষাৰ বাবে, সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে, তেওলোকৰ সন্মান ৰক্ষাৰ বাবে, অতীজৰে পৰা উপভোগ কৰি অহা স্বাধীনতাৰ বাবে যুজ দিবলৈ মনেৰে আগবাঢ়ি আহিছে। লমকিমাৰ আহ্বান –
আমাৰ মাজতে বিশ্বযিদ্ধত দক্ষভাৱে যুঁজ দিয়া লোক আছে। তেওলোক আগুৱাই আহিব লাগিব। অলপ সহায় কৰিব লাগিব। আনহাতে আমাৰ মানুহেৰেই গঠিত আসাম ৰেজিমেন্টটো বাতিল কৰি দিয়া হৈছে। আমাৰ শ শ মানুহৰ ভৱিষ্যত নিমিষতে অন্ধকাৰৰ মুখলৈ ঠেলি দিছে। এই শ শ মানুহৰ লগত হাজাৰ হাজাৰ মানুহৰ ভাত-কাপোৰ জড়িত হৈ আছে। সেইবোৰ মানুহৰ কি হব.. কোনে ভাত-কাপোৰ, সংস্থান আৰু নিৰ্ভয় দান কৰিব.. সেয়া আমিয়েই কৰিব লাগিব। সেয়েহে আসাম ৰেজিমেন্টত থকা প্ৰাক্তন সৈনিকসকল! আপোনালোকে আমাৰ লগ দিয়ক। (পৃ.৪৩)

কিন্তু সেই লমকিমা আৰু তেওৰ দৰে বহু নেতাই যি মিজো পাহাৰৰ স্বাধীনতা বিচাৰি এই বিদ্ৰোহত নিস্বাৰ্থ ভাৱে যোগদান দিছিল, তেওলোকে যেতিয়া এম এন এফৰ শীৰ্ষ নেতাসকলে জনসাধাৰণৰ স্বাৰ্থতকৈ তেওলোক আশ্ৰয় লৈ থকা বিদেশী শক্তিৰ স্বাৰ্থতে মিজো পাহাৰত বিভিন্ন কুটাঘাতমূলক কাৰ্যৰে বিচ্ছিন্নতাবাদী আন্দোলন ব্যাপক কৰাত গৰুত্ব দিয়া দেখা পালে তেতিয়া লাহে লহে তেওলোকৰ এম এন এফৰ ওপৰত আগৰদৰে বিশ্বাস নোহোৱা হল। তাৰোপৰি খাদ্যৰ অভাৱত পৰি আৰু চাৰিওফালে মিলিটাৰী আৰু চৰকাৰী সুৰক্ষা বাহিনীৰ বঢ়ি অহা প্ৰভাৱতে চৰকাৰৰ ওচৰত তেওলোকে আত্মসমৰ্পণ কৰিবলৈ ধৰিলৈ। সেইদৰে ঔপন্যাসখনত উল্লেখ কৰা ১৯৭১ চনৰ ডিচেম্বৰ মাহত হোৱা পূব পাকিস্তানৰ স্বাধীনতা লাভ আৰু বাংলাদেশ নামেৰে নতুন ৰাষ্ট্ৰ গঠনেও তাত আশ্ৰয় লৈ থকা এম এন এফৰ বহু সদস্য, অসামৰিক বিভাগৰ লোককো আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰালে, যিটো ঐতিহাসিক ভাৱেও সত্য। বহু নেতাই তাৰপৰা পলাই গৈ ব্ৰহ্মদেশত আশ্ৰয় লোৱাটোও এক বাস্তৱ সত্য। আকৌ সেইদৰে ১৯৭২ চনৰ ২১ জানুৱাৰীত মিজো পাহাৰকো অসমৰ পৰা পৃথক কৰি কেন্দ্ৰীয় শাসিত অঞ্চললৈ উন্নিত কৰা হৈছে।

উপন্যাসখনত প্ৰতিফলিত মিজো সমাজ জীৱনৰ চিত্ৰ

উপন্যাসখনত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য পাহাৰীয়া জনজাতিসকলে কৰা দৰে মিজোসকলেও কৰা জুম খেতিৰ বিশদ বিৱৰণ পোৱা যায়। ঔপন্যাসিকে ইয়াত কিদৰে এখন গাৱৰ ডেকা-বুঢ়া, তিৰোতা, গাভৰু সকলোৱে মিলি জুম খেতিৰ পথাৰবোৰত জুই দিয়াৰ দিনটোত ব্যস্ত হৈ পৰে তাৰ বৰ্ণনা দিছে এইদৰে –
জুম খেতিৰ পথাৰবোৰত ফাগুনৰ শেষৰ ফালেই জুই দি থোৱা হৈছে। জুই দিয়া দিনটো আছিল বেছ উত্তেজনাৰ। গাৱৰ লৰা-বুঢ়া-তিৰোতা সকলো নিজৰ নিজৰ দায়িত্ব লৈ ব্যস্ত আছিল। পুৱা ভাত খাই উঠিয়েই গাৱৰ ডেকা আৰু আদহীয়া স্বাস্থ্যবানবোৰ বাহৰ দীঘল দাৰ, গছৰ ঠালৰ লাখুটি আৰু দা লৈ ওলাই গলসিহতে নিজৰ নিজৰ ভাগমতে পাহাৰৰ চাৰিওফালে ৰৈ থাকিল। নকটা গছ-বনবোৰত অযথা জুই লাগি যাতে ক্ষতি সাধন নকৰে তাৰ বাবে সিহতে চোকা পহৰা দিলে। গাৱত সৰু লৰা-ছোৱালীবোৰ গোটাই বুঢ়া-বুঢ়ীবোৰ ৰৈ থাকিল। তিৰোতা, গাভৰু আৰু চেঙেলীয়া ডেকা-ডেকেৰীহত পথাৰৰ পৰা উৰি অহা কুকুহা পৰি যাতে গাৱৰ ঘৰবোৰত জুই নালাগে তাৰ প্ৰতি সজাগ হৈ থাকিল। (পৃ.৪৮)

জুম তলীৰ পথাৰত শস্য সিচাৰ সময় আৰু কৌশলৰ বিষয়েও লিখকে ইয়াত কিয়েনলভাৰ জৰিয়তে ব্যক্ত কৰিছে। জুমখেতিৰ পথাৰবোৰ জেঠ মাহত ছাইৰে সাৰুৱা হৈ থাকোতেই শস্য সিচিলেহে খেতি ভাল হয়। সাধাৰতে তেওলোকে হাতোৱাৰে একোচাব দি খন্দা গাতত ছয়-সাতটা ধান পেলাই দিয়ে এহাত আতৰে আতৰে। গাতটো সিহতে নূপূৰায়, কাৰণ সেইদৰে পূৰালে এডৰা মাটিতে যথেষ্ট সময়ৰ প্ৰয়োজন হয়। তাতে আকৌ যদি বতৰ শুকান হয়, তেন্তে সিচা ধানবোৰ দুদিনতে চৰায়ে নহলে এন্দুৰে খাই শেষ কৰে। আনহাতে বতাহ আহিলেও বিপদ, ধানবোৰ বতাহে উৰাই নি পাহাৰৰ নামনিত পেলায়। সেয়েহে শস্য সিচাৰ লগে লগে যাতে বৰষুণ আহে সেই বিষয়ে খাটাং হলেহে তেওলোকে নিশ্চিত মনেৰে শস্য সিচিব পাৰে। প্ৰকৃতিৰ ওপৰত নিৰ্ভশীল হৈ জুম খেতি কৰা মিজোসকলে যে আকাশলৈ চাই বৰষুণ অহা নহাৰ হিচাপ লয় তাৰ বৰ্ণনাও উপন্যাসখনত পোৱা যায়। শস্য সিচাৰ বাবে বৰষুণৰ অপেক্ষাত থকা কিয়েনলভাই আকাশত কেইবাদিনো ডাৱৰ দেখিছে যদিও ডাৱৰৰ থূপটো দক্ষিণ-পশ্চিম দিশত দেখা পোৱাৰ দিনাহে পথাৰত ধান সিচিবলৈ গৈছে। জুম তলীৰ কাষতে তেওলোকে ধানবোৰ চপাই ৰাখিবলৈ টঙি ঘৰ সাজি লয়। তাৰ পৰা লাহে লাহে সেইবোৰ এমত ভৰাই তেওলোকে ঘৰৰ ভৰাললৈ আনে।

মিজো সমাজ জীৱনত ব্যৱহৃত পুৰুষ-মহিলা উভয়ে পিঠিত লোৱা এমৰ গুৰুত্বৰ কথাও উপন্যাসখনৰ বিভিন্ন বৰ্ণনাৰ মাজেৰে পোৱা যায়। জুম তলিলৈ যাওতে কলপাতত বান্ধি নিয়া ভাত নিবলৈ, টুইখুৰৰ পৰা পানী আনোতে, জুমতলীৰ পৰা ধান অনা, পথাৰৰ পৰা ঘূৰি আহোতে আলু-কচু তথা খৰি-খেৰ অনা আদি বিভিন্ন কামত মিজো সমাজত পিঠিত লোৱা এমৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য। উপন্যাসখনত পাহাৰীয়া লোকসকলৰ বাবে আটাইতকৈ কষ্টকৰ খোৱা পানী বিচৰাৰ কথাৰ উল্লেখ কৰোতে ঔপন্যাসিকে মিজো সমাজে পাহাৰৰ শিলৰ ফাকে ফাকে নিগৰি উলোৱা পানী ধৰি ৰাখিবলৈ কৰা টুইখুৰৰ বৰ্ণনা দিছে। টুইখুৰ হল শিলৰ ফাকে ফাকে নিগৰি উলোৱা পানী ধৰি ৰখা এটা আহল বহল গাত। ইয়াৰ চাৰিওফাল বন্ধা থাকে। দূৰৰ নিজৰাৰ সলনি গাৱৰ মানুহবোৰে ইয়াৰ পৰাই দিনটোৰ প্ৰয়োজনীয় পানীখিনি নিয়েহি। পানী নিবলৈ তেওলোকে বাহৰ চুঙা ব্যৱহাৰ কৰে।

এসময়ৰ তালংপুই অঞ্চলৰ চীফ পু মুৱাকাই ষোল-সোতৰ বছৰীয়া ৰেমাক দেখি নিজে ডেকা বয়সত জলবুকত থকাৰ কথা মনত পৰাৰ মাজৰে ঔপন্যাসিকে জনজাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ ডেকাচাঙৰ প্ৰসংগও ইয়াত দাঙি ধৰিছে। মিজোসকলৰ পৰম্পৰাগত এই ডেকাচাঙৰ নাম হল জলবুক। জলবুকত গাৱৰ অন্য লৰাবোৰ থকাৰ দৰে দহ বছৰমান বয়সৰ পৰা মোৱাকাও আছিল। ডেকা নোহোৱালৈকে সিহতে ডেকাবোৰৰ আল-পৈচান ধৰিব লাগে। তাত দৰকাৰ হোৱা খৰি-পানী আদি কঢ়িওৱা আদি ইটো-সিটো কৰিব লাগে। সন্ধিয়া ডেকাবোৰে বন্ধুৰ সৈতে নিজৰ নিজৰ পছন্দৰ গাভৰুৰ সৈতে মেল মাৰিবলৈ যাওতে গাৱৰ বুঢ়া মখাই আহি জলবুকৰ জুইকুৰাৰ চাৰিওফালে বহি লয়হি। বুঢ়াবোৰে সেই সময়ত সিহতক নানান ধৰণৰ চিকাৰৰ কাহিনী কোৱাৰ লগতে ভানপা, টাইটেচেনা, ছংবলা আদি জাতীয় বীৰবোৰৰ কাহিনী কৈছিল। মোৱাকাই ষোল বছৰ বয়সত থলাংভালৰ শাৰীলৈ উঠাৰ প্ৰমাণ জলবুকৰ মুখীয়াল ডোকাটোক দিয়াৰ প্ৰমান উপন্যাসিকে এইদৰে দিছে –
মোৱাকাই ককালত আঠুৰ ওপৰলৈকে পিন্ধি থকা কাচুতিখনৰ তলত হাত সুমুৱালে। সি গুপ্ত অংগৰ কাষৰ পৰা চুলি এডাল ছিঙি আনিলে আৰু মুখীয়াল ডেকাটোক দিলে। ডেকাটোৱে কাষৰ আন এটা ডেকাই লৈ থকা বাহৰ চুঙাটোৰ চাৰিওফালে মেৰিয়াই চুলিডালৰ মূৰ দুটা লগ লাগেনে নালাগে চালে। লগাৰ লগে লগে ডেকামখাই চিঞৰি উঠিল। মোৱাকা থলাংভাল হল। মোৱাকা থলাংভাল হল। (পৃ.১৪)

থলাংভালৰ শাৰীলৈ উঠা মানে ডেকা হোৱাটোকে বুজায়। ইয়াৰ লগে লগে এতিয়া সিহতে ইমান দিনে কৰি অহা কামবোৰৰ বাবে গাৱৰ চেঙেলীয়া বোৰক লগাব পাৰে। তাৰোপৰি এতিয়া জলবুকত থকা ডেকাবোৰৰ লগত চিকাৰলৈ যাব পৰা হল আৰু মালযুজ লাগিব পাৰিব। সন্ধিয়া আন ডেকাবোৰৰ লগত গাৱৰ গাভৰুবোৰৰ লগত মুখ চুপতি মাৰিবলৈকো যাব পাৰিব। মোৱাকাই – জলবুক আৰু নাই। আজিকালি লৰাবোৰে স্কুলতে যি শিকে –বুলি দুখ প্ৰকাশ কৰাৰ মাজেৰে সময়ৰ সোতত ক্ৰমে হেৰাই যোৱা তেওলোকৰ জলবুককে আদি কৰি পৰম্পৰাগত জীৱন শৈলীলৈ অহা পৰিৱৰ্তনৰ চিত্ৰকে ঔপন্যাসিকে দাঙি ধৰিছে।

সমগ্ৰ মিজোৰামতে খ্ৰীষ্টান ধৰ্মৰ ব্যাপক প্ৰসাৰৰ চিত্ৰ উপন্যাসখনৰ বৰ্ণনাৰ বিভিন্ন স্থানত পোৱা যায়। প্ৰধানতঃ তেওলোকৰ পোৱা শিক্ষাৰ সুবিধা আৰু স্বাস্থ্যৰ যতনৰ বাবে পোৱা উন্নত আধুনিক চিকিৎসা আদিৰ ফলতে পাহাৰৰ দূৰ্গম অঞ্চলত বসবাস কৰা এই লোকসকল সহজেই খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষিত হল। কিন্তু তাৰ মাজতো পুৰণি চামৰ মাজত পৰম্পৰাগত ৰীতি-নীতি, বিশ্বাস আদিবোৰ যে একেবাৰে নোহোৱা হৈ যোৱা নাই সেয়া ৰুগীয়া বৃদ্ধ মোৱাকাৰ মনৰ মাজেৰে লিখকে চিত্ৰিত কৰিছে। ৰেমা আৰু ঘৰত থকা গাভৰু তলুংৱাঙীৰ কান্ধত ধৰি ভিতৰলৈ গৈ থাকোতে মোৱাকাই ভগৱানে সিহতৰ কুশল, মংগল কৰক বুলি ভগৱানৰ ছবি এখন মনলৈ আনোতে যীশুখ্ৰীষ্টৰ ছবি মনলৈ আহিছে যদিও আন কিছুমান ছবিয়েও তেওক বাৰে বাৰে আমনি কৰিছে। পাথিয়ান, খোৱাভেঙ। দয়াৰ দেৱতা। পাছমূহূৰ্ততে তাৰ মনটো জিকাৰ খাই উঠিল। চয়তান ৰামওৱাই। তাক নিশ্চয় কোনোবা ৰামওৱায়ে পাইছে। নহলে এই কষ্ট আৰু গাৰ জোকাৰণি হব কেলেই?” (পৃ.১৫)
 
তাৰোপৰি খ্ৰীষ্টান ধৰ্মৰ বিবিধ ধৰ্মীয় অনুষ্ঠানত কাম কৰা বিভিন্ন মানুহেৰে আইজল চহৰৰ ওচৰতে গঢ় লৈ উঠা  অভিজাত মিছনভেঙ গাওখনৰ উল্লেখেৰে ঔপন্যাসিকে মিজোপাহাৰত পৰা খ্ৰীষ্ট ধৰ্মৰ প্ৰভাৱৰ কথাই ইয়াত চিত্ৰিত কৰিছে। এই গাওখনৰ কাষতে থকা এটা ৰাস্তাৰে সিপাৰে টিলাটোত থকা গীৰ্জাটোৰ কাষৰ টিলাটোৱেই মিছনৰ প্ৰকৃত কম্পাউণ্ড। আৰু এই মিছন কম্পাউণ্ড থকা ঠাইতে ১৮৯৪ চনৰ জানুৱাৰী মাহত আহি খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ বাবে আহি আছিলহি ৰেভাৰেণ্ড লৰেইন আৰু ছেভীজড। ইয়াতে তেওলোকে মিজো ভাষাৰ অভিধান আৰু ব্যাকৰণ ৰচনা কৰিছিল। তাৰোপৰি নিউ টেষ্টামেন্টখনো মিজো ভাষালৈ ভাঙনি কৰিছিল। তেওলোকে শিক্ষাৰ বাবে প্ৰাথমিক স্কুল এখন খুলিছিল যদিও বেছিদিন চলাব নোৱাৰিলে নিজৰ ব্যস্তাৰ বাবে। এই স্কুলখন পুনৰ কাৰ্যক্ষম কৰে ১৮৯৮ চনত ৰেভাৰেণ্ড জনচয়ে। উপন্যাসখনত এইদৰে মিজো পাহাৰৰ কিছু ইতিহাসৰো চিত্ৰ ঔপন্যাসিকে অংকন কৰিছে। তাৰোপৰি ১৯০৫ চনত প্ৰথম ছোৱালী স্কুল খোলা, তাৰ দুবছৰ আৰু তিন বছৰৰ পাছত ক্ৰমে থিয়লজিকেল স্কুল আৰু মিছন হস্পিটেল স্থাপন হোৱা, ১৯১১ চনত প্ৰথম প্ৰেছ স্থাপন হোৱা আৰু তাৰ পৰা প্ৰকাশ পোৱা খ্ৰীষ্টান টলাঙাওৰ বিষয়ে ইয়াত উল্লেখ পোৱা যায়। ঔপন্যাসিকে ৰেভাৰেণ্ড যাইৰেমাৰ জৰিয়তে খ্ৰীষ্টান মিছনে মিজো পাহাৰত শান্তি স্থাপনৰ উদ্দেশ্যে ভাৰত চৰকাৰ আৰু এম এন এফৰ নেতাৰ মাজত আলোচনা কৰোৱাৰ বাবে কৰা চেষ্টাৰ বিষয়ে বৰ্ণনা কৰিছে। আকৌ খ্ৰীষ্টান ধৰ্মত থকা কেথলিক, বেপটিষ্ট, প্ৰেছবিটাৰিয়ান আদি ভিন ভিন ভাগৰ বিষয়েও ইয়াত উল্লেখ পোৱা যায়।

জনজাতীয় মহিলাৰ কষ্টকৰ দৈনন্দিন জীৱন যাত্ৰাৰ চিত্ৰও উপন্যাসখনৰ বিভিন্ন বৰ্ণনাত পোৱা যায়। তেওলোকৰ সমাজত মহিলাসকলে কেচুৱা পিঠিত বান্ধিয়েই উৰলত ধান বানি চাউল উলিওৱা, গাহৰিক দানা দিয়া, কপাহ বছা, নেওথা, ধূনা, কটা-বোৱা আদি কৰা, এমত খৰি বোজা বৈ অনা আদি কামবোৰ কৰে। পথাৰৰ কামবোৰত পুৰুষসকলে সহায়ৰ হাত আগবঢ়ায় যদিও মহিলাসকলেই বেছি ভাগ কামৰ দায়িত্ব লব লগা হয়। এয়া সকলো জনজাতীয় সমাজতে দেখা যায়।

উপন্যাসখনত মিজোসকলৰ পৰম্পৰাগত পুৰণি শাসন ব্যৱস্থাৰ চিত্ৰও অংকিত হৈছে। ১৯৫৪ চনত চৰকাৰে চীফ ব্যৱস্থা উঠাই দিয়াৰ আগলৈকে একো একোটা অঞ্চল চীফৰ অধীনত আছিল। চীফবোৰক অঞ্চলবোৰ চলোৱাত সহায় কৰিবৰ বাবে আছিল পুইথিয়াম, ছাদঅট্, টলাঙাও, ৰামওৱাল, থিৰডেং, এপা আৰু খছিয়াবোৰ। পুইথিয়াম আছিল প্ৰাৰ্থনা কৰা পুৰোহিত, ছাদঅট্ বোৰ আছিল চীফৰ নিজা পুৰোহিত। টলাঙাওবোৰ আছিল ঘোষক, ৰামওৱালবোৰ আছিল খেতি-বাতিৰ সম্পৰ্কত পটু লোকষ থিৰডেঙবোৰ আছিল কমাৰষ ওপাবোৰ আছিল গাৱৰ জেষ্ঠ্য জ্ঞানীলোক আৰু খছিয়াবোৰ আছিল খা-খৰছৰ হিচাব ৰখা আৰু চৰকাৰৰ লগত চিঠি-পত্ৰৰ আদান-প্ৰদানৰ দায়িত্বত থকা লোক।

তাৰোপৰি বিপদৰ সময়ত ওচৰৰ এখন গাৱে আনখন গাৱক সহায় কৰাৰ যি পাৰস্পৰিক সহযোগিতাৰ পৰম্পৰা মিজোসকলৰ মাজত প্ৰচলিত তাৰ  বৰ্ণনাও উপন্যাসখনত আছে। উপন্যাসখনত ১৯৫৫ চনত বি ডি অ ভট্টাচাৰ্যই প্ৰথম চাকৰিত যোগদান কৰি মিজোৰামৰ গাৱে গাৱে অভাৱ-অভিযোগৰ খবৰ লৈ ফুৰোতে এদিন ৰাতি পাহাৰৰ ওপৰত এখন গাও বনজুয়ে পুৰা দেখা পায়। পিছদিনা সেই বনজুয়ে পুৰা তালাংপুই গাৱলৈ কুৰিটামান মানুহৰ পিঠিত চাউল আৰু নিমখ বোজাই দি সহায়ৰ বাবে যাওতে দেখিছিল যে গাৱৰ মনুহবোৰ ভাগে ভাগে নিজা নিজা কামত ব্যস্ত। তিৰোতাবোৰে জুইৰ পৰা বচা বস্তুবোৰ সামৰিছে, ডেকাবোৰে আধাপোৰা থিয় বাহৰ খুটা আৰু পথালি মাৰলিবোৰ এৰোৱাইছে, এচাম ডেকাই ছাইৰ দমবোৰ আতৰাইছে। দুবছৰমান আগতে এই অঞ্চলবোৰৰ পৰা চীফ ব্যৱস্থা চৰকাৰে আতৰালেও গাৱৰ ৰাইজ তেতিয়াও সেই পুৰণি নিয়মতে অভ্যস্ত। সেই অঞ্চলৰ চীফ পু-মোৱাকাৰ অনুমোদন নহলে তেওলোকে কোনো কামেই কৰা নাছিল। ভট্টাচাৰ্যই সাহায্য নিয়া দেখি চীফ পু-মোৱাকাই হাহিছিল আৰু সাহায্য নালাগে বুলিছিল। কাৰণ তেওলোকৰ পৰম্পৰা মতে গাৱত কিবা বিনষ্ট হলে ওচৰৰ গাৱে সহায় কৰাতো নিয়ম। চৰকাৰী সাহায্য ললে কাষৰ গাৱৰ মানুহে তেওলোকক সহায় কৰা কমাই দিব আৰু যদি তাৰ পিছত চৰকাৰী সাহায্য সময়ত নাপায় কি পৰিস্থিতি হব তেওলোকৰ। কাষৰ গাও মোৱালচেঙৰ ওপৰত সেয়ে তেওৰ অটল বিশ্বাস। ভট্টাচাৰ্যই নিজে দেখিছিল কিছু সময় পাছতে পাহাৰৰ লুঙলুঙীয়া বাটেৰে অহা মোৱালচেঙৰ ডেকা-গাভৰুৰ এটা বিশাল দল। গাভৰুবোৰে পিঠিৰ এমবোৰত লৈ আহিছিল সিজোৱা তপত ভাত, এজেবামানকৈ নিমখ আৰু ৰঙা জলকীয়া। ডেকাবোৰে লগত লৈ আহিছিল বাটতে পোৱা একোটাকৈ বাহ। গাভৰুবোৰে লগত লৈ অনা ভাত খাই-বৈ দুইখন গাৱৰ ডেকাবোৰে জুইত পোৰা ঘৰবোৰ পুনৰ বনোৱাত হাতে-কামে লাগি গৈছিল। এইদৰে মিজো পাহাৰৰ উপৰিও অন্যান্য পাহাৰৰ বাট-পথৰ সুচৱ ব্যৱস্থা নথকা দূৰ্গম অঞ্চলত বসবাস কৰা জনজাতীয় লোকসকলে বিপদৰ সময়ত কিদৰে পৰস্পৰে পৰস্পৰৰ সহায়ৰ ওপৰত নিৰ্ভৰশীল সেয়া ঔপন্যাসিকে সুন্দৰকৈ দেখুৱাইছে। তেওলোকে যে এসময়ত চৰকাৰৰ খন্তেকীয়া সহায়-সুবিধাতকৈ নিজৰ পৰম্পৰাগত ভাৱে মানি অহা নিয়ম-নীতিকহে বেছি প্ৰাধান্য দিছিল তাকো ইয়াৰ মাজৰে দাঙি ধৰা হৈছে।

তদুপৰি খ্ৰীষ্টান ধৰ্ম লোৱাৰ আগতে তেওলোকে মানুহৰ মৃত্যু হলে মনা বিধি-বিধানৰো কিছু আভাস উপন্যাসখনত পোৱা যায়। পু-মোৱাকাৰ মৃত্যুৰ দিনাই বি ডি অ ভট্টাচাৰ্য তেওলোকৰ তালৈ যোৱাত, তেওৰ আগমনৰ উপলক্ষ্যে ভোজ-ভাতৰ আয়োজন কৰাত ভট্টাচাৰ্যই আচৰিত হোৱাত যৰামথাঙাই কৈছে-
আমি খ্ৰীষ্টান হোৱাৰ আগতে কোনোবা মানুহ ঢুকালে কিবা নহয় কিবা জন্তু বধ কৰি বৰাখানা পাতিব লাগিছিল। ধনীবোৰে যিমান পাৰে সিমান জন্তু মাৰিছিল। মাত্ৰ কেচুৱাৰ ক্ষেত্ৰত নালাগিছিল। বীৰ চিকাৰী আৰু কুমাৰীৰ ক্ষেত্ৰত কণী এটাই আছিল যথেষ্ট। (পৃ.২৯)

তালাংপুই গাৱত বৰদিনৰ কাৰণে চলা আখৰাৰো বৰ্ণনা উপন্যাসখনত পোৱা যায়। ইয়াৰ মাজেৰে ঔপন্যাসিকে মিজো পাহাৰত খ্ৰীষ্টান ধৰ্মৰ প্ৰভাৱৰ কথাও ব্যক্ত কৰিছে। আঘোণ মাহৰ পৰাই মানুহবোৰে বৰদিনৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰে। বৰদিনৰ খা-খৰছৰ বাবে পইচা গোটায়। দিনটোৰ কাম-বনৰ পৰা আজৰি হৈ গিৰ্জাত সন্ধিয়া গাৱৰ ডেকা-গাভৰুৱে মিলি বৰদিনৰ কেৰলৰ আখৰা কৰে। গিৰ্জাত কেৰল গোৱাৰ সমবেত সুৰে সমগ্ৰ গাওখনতহত চুই কাষৰ পাহাৰত প্ৰতিধ্বনিত হয়।

মিজোসকলৰ মাজত প্ৰচলিত বিবাহ প্ৰথাৰো কিছু নীতি-নিয়মৰ বৰ্ণনা উপন্যাখনত আছে। মিজোসকলৰ পৰম্পৰাগত বিধি মতে বিয়া হৈ যোৱাৰ পিছত ডেকাবোৰৰ ক্ষেত্ৰত ঘৰৰ একেবাৰে সৰু লৰাটোৰ বাদে বাকীবোৰে দেউতাকৰ পুৰণি ঘৰ এৰি নিজে নতুনকৈ ঘৰ বনাই থকাৰ নিয়ম। মাক-দেউতাক একেবাৰে নুমলীয়াটোৰ লগত থাকে। সেইদৰে তেওলোকৰ সমাজে বিয়াৰ আগতে নিজৰ মনৰ পছন্দৰ ডেকা-গাভৰুৱে মিলা-মিছা কৰাটোত কোনো বাধা প্ৰদান নকৰে। আনকি বিয়াৰ আগতেই কোনো ছোৱালী গৰ্ভৱতী হোৱাটোকো অপৰাধ হিচাপে গণ্য নকৰিছিলএই ক্ষেত্ৰত বিয়াৰ বাবে ছোৱালীৰ বাপেকৰ সন্মতি লব লাগিছিল। অতীজতে এনেদৰে বিয়াৰ বাবে সন্মতি লোৱাটোক তেওলোকে পালাই বুলিছিল। পালাইবোৰে বিয়াৰ সন্মতি লোৱাই নহয় গা-ধনো ঠিক কৰিছিল। লগতে বিয়াৰ দিন-বাৰো আৰু যদি ছোৱালীৰ দেউতাকে সন্মতি নিদিয়ে তেন্তে লৰা-ছোৱালীয়ে জোৰ কৰি বিয়া পাতিব পাৰিছিল এইদৰে বিবাহ আদিৰ বিষয়ত এই পুৰণি ৰীতি-নীতিবোৰ তেওলোকে মানি আহিছিল যদিও খ্ৰীষ্টান ধৰ্মত দীক্ষিত মিজোসকলৰ বিয়াৰ দিন কিন্তু তেওলোকে গীৰ্জাতহে ঘোষণা কৰিছিল। বিবাহ কাৰ্য গীৰ্জাতে পাষ্টৰে বাইবেল পাঠেৰে খ্ৰীষ্টান পৰম্পৰাৰে সম্পন্ন কৰিছিল। উপন্যাসখনত তালঙপুই গাৱৰ ওপা ৰাছিয়ামৰ জীয়েক ৰেমী আৰু কিয়েনলভাৰ পুতেক মোৱানাৰ মাজত গঢ় লৈ উঠা প্ৰেম আৰু ৰেমী বিয়াৰ আগতেই গৰ্ভৱতী হোৱা আৰু পৰৱৰ্তী সময়ত দুয়ো ঘৰৰ সন্মতিত সিহতৰ বিয়া হোৱাৰ মাজেৰে মিজো সমাজৰ এই পৰম্পৰাগত ৰীতি-নীতিৰ চিত্ৰ দাঙি ধৰিছে।

ঐতিহাসিক দৃষ্টিকোণৰ পৰা ভাৰতৰ্ষৰ স্বাধীনতাৰ পৰৱৰ্তী সময়ত সেই সময়ৰ অসমৰ লুচাই পাহাৰ জিলা আৰু বৰ্তমানৰ মিজোৰাম ৰাজ্যত গা কৰি উঠা বিচ্ছিন্নতাবাদী কাৰ্য-কলাপৰ এখন সজীৱ চিত্ৰ আমি ডিকটন উপন্যাসখনত পাও। সমগ্ৰ মিজো নৃগোষ্ঠীৰ লোকক লৈ এখন স্বাধীন মিজো ৰাষ্ট্ৰ গঠনৰ উদ্দেশ্যে এদল লোকে আৰম্ভ কৰা এই সশস্ত্ৰ সংগ্ৰামৰ ফলত কিদৰে এটা দশকতকৈও অধিক কাল এই অঞ্চলৰ সাধাৰণ লোকৰ জীৱন যাত্ৰা অসহনীয় হৈ পৰিছিল তাৰ এক সাৰ্থক প্ৰকাশ উপন্যাসখনত পোৱা যায়। চৰকাৰ আৰু বিচ্ছিন্নতাবাদী এম এন এফৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সমগ্ৰ মিজোৰামতে মিলিটাৰী নিয়োগ কৰা হৈছিল। ফলত এম এন এফৰ লোকক বিচাৰি অহা মিলিটাৰীৰ অত্যাচাৰ সন্মুখীন হব লগা হৈছিল গাৱৰ সাধাৰণ জনতা। ঔপন্যাসিকে লুংলেৰ ওচৰৰ তালাঙপুই গাৱক পটভূমি হিচাপে লৈ এই উপন্যাসখনৰ কাহিনীটো বৰ্ণনা কৰিছে। কিন্তু ইয়াৰ মাজেৰে তেও সমগ্ৰ মিজোৰামৰে চিত্ৰ অংকন কৰিবলৈ প্ৰয়াস কৰিছে। পাহাৰত বসবাস কৰা মিজোসকলৰ জীৱন যাত্ৰাৰো চিত্ৰ অংকন কৰিবলৈ যাওতে তেওলোকৰ পৰম্পৰাগত ৰীতি-নীতি, বিশ্বাস আদিৰ চিত্ৰও ইয়াত ফুটি উঠিছে।

ঔপন্যাসিকে লমকিমাই তালাঙপুই গাৱৰ ৰাইজৰ আগত এম এন এফৰ প্ৰতি আকৰ্ষিত কৰিবলৈ কোৱা কথাৰ মাজৰে এম এন এফ দলটোৰ সৃষ্টিৰ আৰৰ বাস্তৱ তথ্যও ইয়াত উল্লেখ কৰিছে। এম এন এফৰ ইতিহাসলৈ লক্ষ্য কৰিলে আমি দেখা পাও যে - ১৯৫৯ চনত সেই সময়ৰ লুচাই পাহাৰ জিলাত হোৱা মৌতম বা দুৰ্ভিক্ষত অসম চৰকাৰৰ পৰা পৰ্যাপ্ত সাহাৰ্য আৰু সহায়-সহযোগিতা নাপায় ১৯৫৫ চনত কিছু সংখ্যক লোকে গঠন কৰা মিজো কালচাৰেল চছাইটি নামৰ সংগঠনটোক মৌতম ফ্ৰন্ট নামলৈ সলনি কৰে। এই দলটোৱে দুৰ্ভিক্ষৰ সময়ত চৰকাৰৰ ওচৰত সাহাৰ্য দাবী কৰা আৰু সমাজৰ সকলো স্তৰৰ লোকক ইয়াৰ প্ৰতি আকৰ্ষিত কৰাত এক বিশেষ ভূমিকা লৈছিল। তদুপৰি এওলোকে আনকি দুৰ্ভিক্ষৰ সময়ত চুবুৰীয়া ব্ৰহ্মদেশৰ পৰাও খাদ্য যোগাৰ কৰি আনি দুৰ্ভিক্ষ হোৱা বিভিন্ন ঠাইত যোগান ধৰিছিল। এই সংগঠনটোকেই ১৯৬০ চনৰ চেপ্টেম্বৰ মাহত মিজো নেচনেল ফেমিন ফ্ৰন্ট নামেৰে নামাকৰণ কৰা হয়। দুৰ্ভিক্ষৰ সময়ত তেওলোকে কৰা সহায় আৰু তেওলোকৰ লক্ষ্য-উদ্দেশ্যৰ প্ৰতি আকৰ্ষিত হৈও সেই সময়ত বহুতো য়ুৱকে ইয়াত যোগদান কৰিছিল। এই মিজো মেচনেল ফেমিন ফ্ৰন্টেই ১৯৬১ চনৰ ২২ অক্টোবৰত এতিয়াৰ মিজো নেচনেল ফ্ৰন্টৰ নাম লয়। এই মিজো নেচনেল ফ্ৰন্টেই পৰৱৰ্তী সময়ত স্বাধীন মিজো ৰাষ্ট্ৰ গঠনৰ দাবীৰে সশস্ত্ৰ আন্দোলনেৰে সমগ্ৰ মিজোৰাম অশান্ত কৰি তুলিছিল।

উপন্যাসখনত মিজো নেচনেল ফ্ৰন্টে মিজোৰাম দখল কৰি এখন স্বাধীন ৰাষ্ট্ৰ গঠনৰ বাবে চলোৱা পৰিকল্পিত অভিযান অপাৰেচন জেৰিকোৰ বিষয়েও উল্লেখ আছে ঔপন্যাসিকে লমকিমা আৰু তেওৰ সহযোগী এম এন এফৰ সদস্যবোৰে লুংলে চহৰ দখল কৰা আৰু আইজলতো এম এন এফৰ দলে চহৰ দখলৰ বাবে কৰা সশস্ত্ৰ বিদ্ৰোহৰ চিত্ৰ ইয়াত অংকন কৰিছে। আইজল চহৰৰ জিলা সদৰৰ ট্ৰেজাৰী লুট কৰা, আইজলৰ জিলা কাৰাগাৰৰ পৰা কয়দীক মুকলি কৰি দিয়া, কলাছিব-ছামফাই আদি টাউনবোৰ এন এন এফৰ দখলৈ অহা আদিৰ যি বৰ্ণনা উপন্যাসখনত দিয়া হৈছে সেয়া ১৯৬৬ চনৰ ২৮ ফেব্ৰুৱাৰী মাজনিশাৰ পৰা ৫ মাৰ্চলৈকে চলা এম এন এফৰ প্ৰকৃত অভিযান অপাৰেচন জেৰিকোৰে চিত্ৰ ১৯৬৬ চনৰ ৫ মাৰ্চৰ দিনা ভাৰতীয় এয়াৰ ফৰ্চৰ বোমাৰু বিমান আহি আইজলৰ চাৰিওফালে বোমা পেলোৱা, আইজলৰ বজাৰ আৰু ঘৰ-দুৱাৰত জুই লগাও সেইদৰে এক সত্য ঘটনা। স্বাধীন ভাৰতবৰ্ষৰ চৰকাৰী বিমান বাহিনীয়ে এইদৰে নিজ ভূ-খণ্ডতে বোমাৰু বিমানেৰে আক্ৰমণ কৰাৰ এয়াই একমাত্ৰ ঘটনা ।

ঔপন্যাসিকে নিজে উপন্যাসখনৰ দুআষাৰত কৈছে যে তেখেতে মিজোৰামত তেৰ বছৰ কাম কৰাৰ অভিজ্ঞতাৰে মিজো সমাজৰ বিভিন্ন পৰিঘটনাবোৰ লিপিবদ্ধ কৰাৰ মানসেৰে ডিকটন উপন্যাসখন লিখি উলিয়াইছে। তেখেতে মূল পটভূমি হিচাপে বাছি লোৱা তালাঙপুই গাৱৰ স্বাভাৱিক জীৱন যাত্ৰাৰ মাজেৰে মিজো সমাজ জীৱনৰ বিভিন্ন চিত্ৰৰ লগতে কিছু ঐতিহাসিক সত্য ঘটনাৰ সংযোগো উপন্যাসখনত কৰিছে। যিয়ে উপন্যাসখনৰ গুৰুত্ব বঢ়াই তোলাৰ লগতে সময়ৰ এক নিৰ্দিষ্ট অংশক সাহিত্যৰ মাধ্যমেদি পঢ়ুৱৈৰ ওচৰলৈ লৈ অনাত সহায় কৰিছে।

*******



সহায়ক গ্ৰন্থ
বৰকাকতী, দীপক কুমাৰ – ডিকটন, গুৱাহাটী, সাহিত্য প্ৰকাশ, ট্ৰিবিউন বিল্ডিংছ, গুৱাহাটী-৩, প্ৰথম
প্ৰকাশ – মে, ১৯৯৮.

*******

(২৩ ছেপ্টেম্বৰ ২০১৫, তেজপুৰ)

Tuesday, 22 September 2015

জীৱন.. ঋতু পৰিৱৰ্তন ইত্যাদি...

***জীৱনৰ বিচিত্ৰতা...

জীৱনটো কেৱল স্থবিৰতাৰেই যেন সমাহাৰ এনে ভাৱনাই ক্ৰিয়া কৰে মনত... বিপৰীতে সময়বোৰৰ গতি যেন মনতকৈও দূৰন্ত... আজি থাকক, কাইলৈ কৰিম বুলি এৰা মানেই সেই সময়কখিনিক আৰু ঢুকি নাপাও বুলি আমি জানো... কিন্তু তাৰ পিছতো বাৰে বাৰে একেই ঘটনাৰে পুনৰাবৃত্তি.. আমি ৰৈ থাকো কিবা এটা হব  বুলি অকল্পনীয়, নিজে নিজে... আমাক লাগে, কম সময়ত বিনা পৰিশ্ৰমেৰে আনতকৈ বেছি কিবা এটা... কি বিচাৰো প্ৰকৃততে আমি জীৱনৰ পৰা সঠিককৈ জানোনে বাৰু ???

তাৰ মাজতে নিজাকৈ সময়ৰ সদ ব্যৱহাৰেৰে জীৱনক বুজি-জানি উঠা সকলৰ সাফল্য দেখি আমিও কিবা এটা কৰাৰ সপোন দেখো... খন্তেকতে উৎসাহ - উদ্দীপনাৰে উজ্জ্বীৱীত হৈ উঠে আমাৰ দেহ-মন... নিজৰ বাবে নহলেও দেশ আৰু দহৰ ভালৰ কাৰণে কাম কৰি যাবলৈ মনে মনে সংকল্পবদ্ধ হৈ উঠো আমিয়েই... পিছে সময়ৰ পাখি লগা গতিত সকলোবোৰ ফুটুকাৰ ফেনত পৰিনত হয়...

সপোনৰ পিছত দৌৰোতে জীৱেনেই যেন লগ এৰা দিছে আমাক... মৰিছীকা খেদিবলৈতো মৰুভূমিৰ ওচৰ চপা নাই মই কেতিয়াও... জীৱনৰ দৌৰতো নিজক ফাঁকি দিয়াৰ চেষ্টা কৰা নাই... তেও যেন কিবা এটাৰ অভাৱ খেদি ফুৰিছে মোক চৌপাশৰ পৰা... সকলো দেখি চকু মুদা কুলিৰ ভাও দিবলৈ যে মই নাৰাজ... হাতত কিবা তুলি লবলৈ কোনো সু-নিশ্চিত পৰিকল্পনা নাই... মাৰ্ক্স, লেনিন বা মাওৰ পথ লবলৈকোচোন পথ নিৰ্দেশনাৰ অভাৱ... নিজ নিজ ভাৱে আদৰ্শত বিশ্বাসী সকলো নিজৰ মাজতে খোৱা-কামোৰাত ব্যস্ত... তেওলোকৰ আদৰ্শবাদৰ নায়ক সমাজ, ৰাইজ আৰু সাধাৰণ জনতালৈ চকু দিবলৈ কিন্তু আহৰি কাৰোৰে নাই - আনকি তেওলোকৰো...



***ঋতু পৰিৱৰ্তনৰ কথাৰে...

ঋতু পৰিৱৰ্তনৰ সমান্তৰালভাৱে মনবোৰেও যে এক নতুন পৰিকল্পনাত মচগুল হৈ পৰে... প্ৰকৃতিৰ বুকুত উঠা বিচিত্ৰ ভাৱনাৰ হাঁহি আৰু আনন্দৰ ভাগ লবলৈ উচপিচ কৰি উঠে আমাৰ মনে... গ্ৰীষ্মৰ এজাক বৰষুণত তিতাৰ মাদকতা লবলৈ আমাৰ সকলোৰে হাবিয়াহ জাগে... কুলি-কেতেকীৰ সুললিত ধ্বনিত গছৰ কুঁহিপাতত দৃষ্টি নিৱন্ধ কৰি আপোন পাহৰা হোৱা অসমীয়া মনবোৰে বসন্তৰ বতৰতে যেন নিজৰ ঐতিহ্যক বিচাৰি হাবাথুৰি খাই ফুৰে...

কিন্তু সেই একেটা মন লৈয়ে আমি দিনে দিনে ধ্বংস কৰি গৈ আছো আমাৰ বিনন্দীয়া প্ৰকৃতিক... এবাৰলৈ ঘূৰি চাবলৈ সময় নাই আমাৰ ভৱিষ্যতৰ কথা ভাবি... আৰু এই গতিৰে ধাৱমান হলে  ঋতু পৰিৱৰ্তনৰ বিবিধতা, আমাৰ মাজৰ পৰা নোহোৱা হবলৈ বৰ বেছি দিনলৈ আমি বাট চাই ৰব লগীয়া নহব...

ঋতু আহিছে যিদৰে সেইদৰে গৈছেও... দুই এজনে ঋতু পৰিৱৰ্তনে অনা প্ৰকৃতিৰ আমেজ লৈছে... কোনোৱে সাহিত্য ৰচনাত ব্যস্ত হৈ পৰিছে... পৰিৱেশৰ সৈতে খাপ খোৱাই চৰাইবোৰে দেশ-বিদেশ পৰিভ্ৰমণেৰে নিজা কৰ্মত লাগি পৰিছে... ভ্ৰমকাৰীসকলে ভ্ৰমণৰ আনন্দ লৈছে, দেশ-বিদেশৰ সংস্কৃতিৰ সংস্পৰ্শত জীপাল হৈ উঠিছে বিশ্ব... কিন্তু এইবোৰৰ মাদকত আৰু কিমান দিনলৈ বৰ্তি থাকিবগৈ ???


(২২ ছেপ্টেম্বৰ ২০১৫, নিশা ১১ বাজি ২০ মিনিট, তেজপুৰ বিশ্বিদ্যালয়)

Friday, 18 September 2015

অসমৰ জনগোষ্ঠীসমূহৰ বসতিস্থল




অসমত বসবাস কৰা মুখ্য জনগোষ্ঠীসমূহৰ বসতিস্থল জিলা অনুসৰি
 

অসমৰ বিভিন্ন প্ৰান্তত ভিন ভিন জনগোষ্ঠীৰ লোকসকল বিস্তৃত হৈ থকা দেখা পোৱা যায়। তাৰে ভিতৰত কিছু সংখ্যক জনগোষ্ঠীৰ পৰিসংখ্যাই ৰাজ্যখনৰ মূল জনবসতিত এক বিশেষ প্ৰভাৱ পেলাইছে। ৰাজ্যখনৰ শিক্ষা, সাহিত্য-সংস্কৃতি তথা অৰ্থনৈতিক ক্ষেত্ৰখনৰ সকলো দিশতে এই সকলো জনগোষ্ঠীৰ উল্লেখযোগ্য প্ৰভাৱ বিদ্যমান। ৰাজ্যখনৰ ভিন ভিন জিলাত বাস কৰা মুখ্য জনগোষ্ঠীসমূহৰ এখন তালিকা তলত প্ৰস্তুত কৰি দেখুওৱা হল –


  • আইতনকাৰবি আংলং, গোলাঘাট
  •  
  • কাৰবিকাৰবি আংলং, উত্তৰ কাছাৰ, কামৰূপ, শোণিতপুৰ, নগাও, মৰিগাও, গোলাঘাট
  • কুকিকাৰবি আংলং, উত্তৰ কাছাৰ
  •  
  • খামতিলখিমপুৰ, তিনিচুকীয়া 
  •  
  • খাময়াং শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া 
  •  
  • গাৰোকাৰবি আংলং, উত্তৰ কাছাৰ
  •  
  • চাকমা - কাৰবি আংলং, উত্তৰ কাছাৰ
  •  
  • চংলৈ - উত্তৰ কাছাৰ
  •  
  • চাংচান - উত্তৰ কাছাৰ
  •  
  • চিনটেং (জয়ন্তীয়া) - কাৰবি আংলং, উত্তৰ কাছাৰ, কাছাৰ
  •  
  • চিংফৌচিনিচুকীয়া, শিৱসাগৰ
  •  
  • ছেমাতিনিচুকীয়া
  •  
  • জেমিউত্তৰ কাছাৰ
  •  
  • টাংচা তিনিচুকীয়া
  • তিৱামৰিগাও, কাৰবি আংলং, নগাও
  • ঠেঙাল কছাৰী যোৰহাট, গোলাঘাট
  • ডিমাছা - উত্তৰ কাছাৰ, কাৰবি আংলং
  • ডুংগল - উত্তৰ কাছাৰ
  • তুৰুং কাৰবি আংলং, গোলাঘাট, যোৰহাট
  • দেউৰীলখিমপুৰ, ধেমাজী, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়
  • পাৱি কাৰবি আংলং, উত্তৰ কাছাৰ
  • নাৰ - উত্তৰ কাছাৰ
  • ফাকে ডিব্ৰুগড়, তিনিচুকীয়া
  • বড়ো – কোকৰাঝাৰ, নলবাৰী, বৰপেটা, বাক্সা, ওদালগুৰি, চিৰাং, শোণিতপুৰ, বঙাইগাও, কামৰূপ, ধেমাজি, গোলাঘাট, গোৱালপাৰা, দৰং, ধুবুৰী
  • বেইটে - উত্তৰ কাছাৰ
  • বৰ্মন কাছাৰ
  • বিষ্ণুপ্ৰিয়া মণিপুৰী বৰাক উপত্যাকা
  • ভাইফে - উত্তৰ কাছাৰ
  • ভল - উত্তৰ কাছাৰ
  • মটক ডিব্ৰুগড়
  • মৰাণ তিনিচুকীয়া
  • মাৰ - উত্তৰ কাছাৰ, কাৰবি আংলং
  • মেচ ডিব্ৰুগড়, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া
  • মিচিংধেমাজি, লখিমপুৰ, যোৰহাট, গোলাঘাট, শোণিতপুৰ, তিনিচুকীয়া,            ডিব্ৰুগড়
  • ৰংমাই - উত্তৰ কাছাৰ, বৰাক উপত্যকা
  • ৰাংখল - উত্তৰ কাছাৰ, কাছাৰ
  • ৰেংমা কাৰবি আংলং
  • ৰাভাগোৱালপাৰা, কামৰূপ, দৰং, নলবাৰী, কোকৰাঝাৰ, ধুবুৰী, বঙাইগাও, শোণিতপুৰ, ধেমাজি
  • লিনজেম - উত্তৰ কাছাৰ
  • ৱাৰ - উত্তৰ কাছাৰ
  • শৰণীয়া কছাৰী নলবাৰী, কামৰূপ
  • সোণোৱাল কছাৰী ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, যোৰহাট, গোলাঘাটলখিমপুৰ, শিৱসাগৰ
  • হাজং - উত্তৰ কাছাৰ, কাৰবি আংলং, তিনিচুকীয়া, ধেমাজি
  • হানেং - উত্তৰ কাছাৰ
  • হাকিপ - উত্তৰ কাছাৰ
  • হাওলাল - উত্তৰ কাছাৰ
  • হাংচাং - উত্তৰ কাছাৰ
  • হোজাই কৰিমগঞ্জ, নগাও
 
 
*******