ইজৰাইল-পেলেষ্টাইন সংঘাতৰ প্ৰেক্ষাপটত তৃতীয় বিশ্বযুদ্ধৰ প্ৰাসংগিকতা
নিজৰ
বাসভূমিক চেৰাই মঙ্গল গ্ৰহত মানুহৰ বসতি স্থাপনৰ চেষ্টা যি সময়ত বিকশিত হ'ম চেপিয়েন্সৰ মাজৰ কেৱল এজন ব্যক্তিয়ে কৰিবলৈ সক্ষম হৈছে, সেই সময়তে হ'ম
চেপিয়েন্সৰ আদিম প্ৰবৃত্তিয়ে যেন পুনৰ এবাৰ দ্ৰুত ৰূপত প্ৰসাৰ লাভ কৰিছে।
সভ্যতাৰ
বিকশিত ৰূপে মানৱক মহাকাশত বিচৰণৰ সুযোগ দিলেও ক্ষমতাৰ খঁক আৰু জোৰ যাৰ মুলুক তাৰ
নীতিৰে নিজৰ মাজৰে আন এজনৰ ওপৰত প্ৰভূত্ব খটোৱাৰ পৰম্পৰাতো যেন বন্য জীৱন প্ৰণালীৰ
পৰা আমি অতি নিষ্ঠাৰে বহন কৰি আছো। আজিৰ সময়ত এই পৰম্পৰা যেন বেছিকৈহে আত্মস্থ
কৰাৰ পৰিণতিতেই ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ সংঘাতৰ ওৰ নৌপাৰোতেই ইজৰাইল-পেলেষ্টাইনৰ
সংঘাতে নকৈ মূৰ দাঙি উঠিছে।
এই
সংঘাতবোৰৰ আঁৰত ৰাজনৈতিক, অৰ্থনৈতিক, কূটনৈতিক বা অন্য যি কাৰকেই নাথাকক কিয় ইয়াৰ ফলত নিচিহ্ন
হৈছে সাধাৰণ জনতাৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি আৰু
মৃত্যুৰ মুখত পৰিছে হাজাৰ হাজাৰ নিৰীহ জনতাৰ। আনকি কণ কণ শিশুও ইয়াৰ পৰা হাত সাৰি
যোৱা নাই। কাৰণ বোমা আৰু বন্দুকৰ গুলীয়ে মানুহৰ বয়স চিনি পোৱাৰ সক্ষমতা অৰ্জন আজিও
কৰা নাই।
আনহাতে
সাধাৰণ জনতাৰ ক্ষেত্ৰত সপোন, আশা-আকাংক্ষা, অধিকাৰ, ব্যক্তি স্বাধীনতাৰ
দৰে শব্দ আৰু বিষয়ৰ মূল্যহীনতাক লৈ সময় নষ্ট কৰিবলৈ যে কাৰোৰে সময় নাই বৰ্তমান
সময়ত!!
এইবোৰৰ মাজত
যুদ্ধই প্ৰাণ কাঢ়ি লোৱা পোহনীয়া বা বন্য জীৱ-জন্তুৰ হিচাব ল'বলৈ জীৱশ্ৰেষ্ঠৰ সময়েই বা ক'ত!!
দুখনকৈ বিশ্বযুদ্ধই জুৰুলা কৰা মানৱ সভ্যতাৰ এসময়ত ধাৰণা দৃঢ় হৈছিল যে যুদ্ধৰ ভয়াবহতাৰ পৰা পৃথিৱীখনে প্ৰায় মুক্তি পালে। পাৰমাণৱিক বোমাৰ ভয়বহতাই হিৰোচিমা আৰু নাগাচাকিত সৃষ্টি কৰা অমানৱীয়তা আৰু মৃত্যুৰ কিৰিলিৰ পৰৱৰ্তী সময়ত নিজৰ সুৰক্ষাৰ স্বাৰ্থত বিশ্বৰ বিভিন্ন দেশে মুক্তভাৱে আৰু গোপনে কৰা পাৰমাণৱিক বোমাৰ পৰীক্ষণেও যুদ্ধৰ ভয়াবহতাক তল পেলোৱা বুলি বিশ্বাস জন্মাইছিল। কিন্তু সেই সকলোবোৰ ধাৰণা আৰু বিশ্বাসক মষিমূৰ কৰি যুদ্ধৰ দামামা আকৌ এবাৰ বাজি উঠিল এইখন পৃথিৱীতে।
আনকি মাজতে
ইজৰাইলৰ এগৰাকী মন্ত্ৰীয়ে গাজাত হামাছৰ সদস্যসকলক পৰাস্ত কৰাৰ স্বাৰ্থতে পৰমাণু
বোমাৰে আক্ৰমণ কৰাৰ বিষয়ে দিয়া মন্তব্যইও বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। সৰ্বোপৰি
যুদ্ধ বন্ধ কৰাৰ সলনি বিশ্বৰ অন্যতম
মহাশক্তিধৰ দেশ আমেৰিকাই ইজৰাইলক যুদ্ধত ব্যৱহাৰ কৰাৰ বাবে আগতকৈ কম শক্তিশালী
বোমা যোগান ধৰা বিষয়টোও বৰ্তমান আলোচনাৰ বিষয় হৈ পৰিছে। অতি শেহতীয়াকৈ ইজৰাইলী
সামৰিক বাহিনীয়ে গাজাৰ আটাইতকৈ ডাঙৰ চিকিৎসালয় AL SHIFAত হামাছৰ গোপন ঠিকনা বিচৰাৰ নামত চলোৱা তাণ্ডৱে বিশ্বৰ গৰিষ্ঠসংখ্যক জনগণৰ চকু
কপালত তুলিছে। ইমানৰ পাছতো কিন্তু ৰাষ্ট্ৰসংঘৰ দৰে অনুষ্ঠানেও ইজৰালৰ চৰকাৰ তথা প্ৰশাসনক নাকী লগাব
নোৱাৰা বিষয়টোও বহুতো প্ৰশ্নৰ উদয় ঘটাইছে সাধাৰণ জনতাৰ মনত।
আৰু
আমিবোৰেই এই সময়ত থিয় দি আকৌ এবাৰ তৃতীয় বিশ্বযুদ্ধ এখনৰ আশংকা কৰিছোঁ। ইতিমধ্যে ইতিহাসৰ
পাতত পঢ়িবলৈ পোৱা ১ম আৰু ২য় বিশ্বযুদ্ধৰ ভয়াবহতা নিজ চকুৰে নেদেখা প্ৰজন্মই ৩য়
বিশ্বযুদ্ধৰ আশংকা কৰা বিষয়টোৱেই গণ্ডগোলীয়া নহয় নে বাৰু!!
বৰ্তমান চলি
থকা যুদ্ধ দুখনৰ বাহিৰেও ২য় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত হোৱা বিভিন্ন ৰাষ্ট্ৰৰ মাজৰ
সংঘাতবোৰে সৃষ্টি কৰা ধ্বংসাত্মক পৰিস্থিতিবোৰক আমি বিশ্বযুদ্ধৰ সৈতে তুলনা কৰিব
নোৱাৰাৰ কি কাৰণ থাকিব পাৰে!! সভ্যতাৰ বিকশিত ৰূপত ৰাষ্ট্ৰৰ মাজত হোৱা সংঘাতৰ
পৰিণতিত হোৱা যুদ্ধৰ ধ্বংসলীলাৰ পৰা হাত সৰাৰ কি একো উপায় নাই আমাৰ হাতত!!
*******
