Tuesday, 27 November 2018

জামবিলী আথন


কাৰবি পৰম্পৰাত প্ৰচলিত এক অপৰিহাৰ্য সম্পদ আৰু প্ৰতীক হল জামবিলী আথন। জামবিলী আথনৰ বুৎপত্তিগত অৰ্থ হৈছে – জামবিলী মানে জোলোঙা বা মোনা আৰু আথন মানে ৰখা ঠাই। অৰ্থাৎ জোলোঙা ৰখা ঠাই। কিন্তু এই জোলোঙা ৰখা ঠাইটোৱেই জামবিলী আথনৰ প্ৰকৃত অৰ্থ নহয়। ইয়াত নিহিত হৈ আছে এক ব্যাপক অৰ্থ।

কাৰ্বি ডেকাচাঙ জিৰছংৰ ডেকা-গাঙৰুহঁতে জুমতলীত আনুষ্ঠানিকভাৱে কৃষিকৰ্ম কৰাৰ সময়ত তামোল-পাণৰ জোলোঙা ওলোমাই ৰাখিবলৈ কাঠেৰে সজা সজুঁলিটো জুমতলীৰ কাষত পুতি থৈছিল। এই জোলোঙা ওলোমাই ৰখাৰ পৰাই ইয়াৰ নাম মোনা ৰখা সজুঁলি বা জামবিলী আথন হল। কিন্তু বৰ্তমান ই কেৱল জোলোঙা বা মোনা ৰখা নুবজায় এক ব্যাপক অৰ্থ পৰিগ্ৰহ কৰিছে। জামবিলী আথনে কাবৰিসকলৰ মনত এক মহান জাতীয় গৌৰৱৰ ঐতিহ্যমণ্ডিত প্ৰতীক হিচাপে স্বীকৃতি লাভ কৰিছে। লগতে ইয়াৰ সাংস্কৃতিক মূল্যও যে অপৰিসীম সেয়া ক্ৰমে পৰিস্ফূট হৈ উঠিছে।
কাৰবি সমাজ-সাংস্কৃতিক জীৱনৰ সৈতে বৰ্তমানে অঙ্গা-অঙ্গীভাৱে সম্পৰ্কিত হৈ পৰা জামবিলী আথনৰ ৰূপটোনো এতিয়া কি প্ৰকৃততে? জামবিলী আথন প্ৰতীকদণ্ডডাল সাধাৰণতে ৰঙা ফুল ধৰা বেংৱই বা কলমতুলা গছৰ কাঠৰে তৈয়াৰ কৰা হয়। যিবোৰ অঞ্চলত ৰঙা ফুলৰ কলমতুলা গছ দুষ্প্ৰাপ্য তাত বগা ফুলৰ কলমতুলা গছৰ কাঠ ব্যৱহাৰ কৰা হয়।

গছা আকৃতিৰ এই প্ৰতীকৰ দণ্ডডালৰ উচ্চতা প্ৰায় পাঁচ হাত। ইয়াৰ চাৰিটা ডাল ৰখা হয়। দণ্ডডালৰ শীৰ্ষত ভীমৰাজ (ৱজাৰু) চৰাইৰ কাঠৰ প্ৰতিকৃতি ৰখা হয়। ডালবোৰত ফেঁচু চৰাই (ৱৰালি) আৰু দণ্ডডালৰ গাত বাঢ়ৈটোকা (ৱলেং) চৰাইৰ প্ৰতিকৃতিৰে সজাই তোলা হয়। গোটেই প্ৰতীক দণ্ডটোক ছিবু নামৰ বনজ পাতৰ ৰসেৰে কলা ৰং দিয়া হয়। কাঠৰ চৰাইবোৰৰ ডিঙিৰ কড়িৰ মালা, মণিৰ গলপতা, ৰূপৰ মুদ্ৰা আদিৰে জামবিলী আথনটোক আটক ধুনীয়াকৈ সজাই ৰখা হয়।

জামবিলী আথনৰ ধাৰণা
জামবিলী আথন প্ৰতীকদণ্ডডালৰ জন্ম হয় ডেকাচাঙৰ মজিয়াতে। এই লোকগাথাসমূহ চালি-জাৰি চাই কব পাৰি যে প্ৰথমতে জামবিলী আথনৰ ওপৰত কোনো ভাববাদী আদৰ্শ আৰোপ নহৈছিল। ই একমাত্ৰ যুৱ সংস্কৃতিৰ অৰ্থাৎ কাৰবি ডেকাচাং জিৰছংৰ একচেটিয়া সম্পদ আছিল। পুৰণি সময়ত জিৰচং অনুষ্ঠানত এই প্ৰতীকৰ ব্যৱহাৰ অপৰিহাৰ্য আছিল। এই প্ৰতীকটো হাবিত তৈয়াৰ কৰাৰ পাছত ডেকাহঁতে পাঁচটা তামোল-পাণৰ টোপোলাৰে মান ধৰি আদৰি অনাৰ পৰম্পৰা আছিল। জামবিলী আথন জিৰছঙৰ মজিয়ালৈ আনাৰ পৰৱৰ্তী সময়ত গাঁৱৰ মুৰব্বীসকলক মাতি আনি পৰম্পাৰাগত মদ বা হৰলাঙেৰে আপ্যায়িত কৰা হৈছিল। আলহীসকলে খাওঁতে জামবিলী আথন প্ৰতীকটোক ছেৰ্ ৰূপ আমেন বুলি নামাকৰণ কৰাৰো এক ৰীতি আছিল। সময়ৰ গতিত এই প্ৰতীক ডেকাচাঙৰ মজিয়াৰ পৰা লুপ্ত হৈ গোষ্ঠীনেতাসকলৰ নিয়ন্ত্ৰণাধীন হৈ পৰে।

মধ্যযুগত কাৰবি ৰজাসকলৰ ৰাজপ্ৰতীক হিচাপে জামবিলী আথন ব্যৱহাৰ হবলৈ ধৰে। ৰজাৰ ছাতিৰ ওপৰত সৰু আকৃতিৰ জামবিলী আথন সংযোগ কৰা হৈছিল। এনে প্ৰতীকক ছাৰকু বোলা হৈছিল। এনে পৰিপ্ৰেক্ষতে জামবিলী আথনৰ প্ৰতীকৰ ভাবাৰ্থৰো অন্য ৰূপ দিয়া হল। সেয়েহে প্ৰতীকপটৰ শীৰ্ষত থকা ভীমৰাজ (ৱজাৰু) চৰাইক চৰাইবিলাকৰ ৰজা হিচাপে মান্য কৰা হয়। গতিকে ভীমৰাজ কাৰবি ৰজাৰ প্ৰতীক হিচাপে চিহ্নিত হল কালক্ৰমত। ফেঁচু চৰাইবোৰ ৰজাৰ অধীনস্থ বিষয়ববীয়া আৰু ৱলেং বা বাঢ়ৈটোকা চৰাইবোৰে যিহেতপ গছ খুটিয়াই পোকজাতীয় আহাৰ সংগ্ৰহ কৰে, সেই অৰ্থত ইয়াক প্ৰজাৰ প্ৰতীকৰূপে ধৰা লোৱা হল।

কাৰবি পৰম্পৰা অনুসৰি ৰজাসকলেই জামবিলী আথনৰ প্ৰতীকৰ ব্যৱহাৰৰ অধিকাৰী। ৰজাৰ প্ৰতিনিধি স্বৰূপে হাবেসকলৰ ভিতৰত হাবেপিক এই প্ৰতীক ব্যৱহাৰৰ অনুমতি দিয়া হয় সামান্য সাল-সলনিৰ জৰিয়তে। এই ক্ষেত্ৰত প্ৰতীকদণ্ডডালৰ শাৰ্ষবিন্দুত হাবেপিএ ভীমৰাজ চৰাইৰ সলনি মইনা চৰাইৰ প্ৰকৃতিহে ব্যৱহাৰ কৰিব পাৰে।

এসময়ত জিৰচংৰ অপৰিহাৰ্য অংগ হিচাপে থাকি ৰাজকীয় প্ৰতীকৰ মৰ্যাদা লাভ কৰা জামবিলী আথন পৰৱৰ্তীকালত আহি কাৰবিসকলৰ পৰলৌকিক কাৰ্যৰ অপৰিহাৰ্য অংগলৈ পৰিগণিত হৈ পৰিছে। কিছুমান ভাববাদী লোকগাথাৰ আখ্যানৰ প্ৰভাৱত এই প্ৰতীক দাৰ্শনিকভিত্তিক হৈ পৰে। ফলশ্ৰুতিত জামবিলী আথন ইহলোক আৰু পৰলোকৰ যোগসূত্ৰ স্থাপনৰ মাধ্যম বুলি লোকবিশ্বাস গঢ় লৈ উঠে।

কাৰবিসকলৰ মাজত প্ৰচলিত এটি আখ্যানৰ মতে থিৰেংৱাংৰেঙে স্বৰ্গৰ পৰা নামি আহি লখন নামৰ ডেকা এজনক দহাৰ সকামৰ বাবে জামবিলী আথন তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিয়ে। লখনে থিৰেংৱাৰেঙৰ নিৰ্দেশক্ৰমে হাবিলৈ গৈ বেংৱই গছৰ কাঠেৰে এই প্ৰতীকদণ্ডডাল সাজি উলিয়ায়। কিন্তু হাবিৰ পৰা সেই প্ৰতীকদণ্ডডালক আদৰি আনিব কোনে? ডেকাদলৰ দলপতিক দায়িত্ব দিয়া হল আৰু তেওঁ সেই মৰ্মে সজাই আনিবলৈ সূতা, কড়ি, মণিৰ মালা, ছিবুৰ পাতৰ ৰসেৰে কলা ৰং লৈ হাবিলৈ গল। থিৰেংৱাংৰেঙে যমপুৰীত দেখি অহা জামবিলী আথনৰ আৰ্হিৰেই এই প্ৰতীকদণ্ডডাল হুবহু সাজি উলিওৱা হৈছিল বুলি কাৰবি সমাজত বিশ্বাস কৰা হয়।


(৫ ছেপ্টম্বৰ ২০১৮/ নগাওঁ)

মানসিক বিভ্ৰান্তি নে উত্তৰ আধুনিকতাৰ চৰম সত্যতা

মনে মিলা কাৰোবাৰ সৈতে পতা সংসাৰখনো আজিৰ সময়ত এক চুক্তিলৈ পৰ্যবসিত হৈছেনে কি... নে মইহে আধুনিক সময়ৰ সৈতে তাল মিলাব পৰা নাই... মোৰ মতে কথা-কামবোৰ নোহোৱাত মই দিক্ বিদিক্ হেৰুৱাই উন্মাদ হৈ পৰিছো নেকি বাৰু...

নিজে পতা সংসাৰখনত সদস্যৰ সংখ্যা বাঢ়িল যেন নামতহে... কতোৱেইচোন মোৰ বিশেষ প্ৰয়োজনীয়তা নাই... মোৰ মতে বা তোৰ-মোৰ বা আমাৰ মতে একোৱেই নহয়গৈচোন... সকলোতে বেলেগ কোনোবা এজনৰ মতেহে যেন সকলো হব...

মই মোৰ মাজতে থাকিও যেন তোৰ মাজত ব্যাপ্ত হবগৈ পৰা নাই... এনে লাগে মাজে মাজে যেন ইমানদিনৰ সম্পৰ্কবোৰে আমাক পৰস্পৰক চিনিবলৈ সুবিধাই নিদিলে... নে মইহে তোক চিনিব নোৱাৰিলো নে তইহে মোক তিনিবলৈ সক্ষম নহলি... এটা অত্যন্ত জটিল প্ৰশ্নৰ চাকনৈয়াত পৰি দিকভ্ৰান্ত হৈ পৰিছো... কেওদিশে যে মোৰ বাবে এতিয়া কেৱল সংশয় আৰু অনিশ্চয়তাৰ মেটমৰা বোজা...

বুজি বুজিও অবুজন মনৰ আব্দাৰত দিশহাৰা হৈ পৰোঁ মই... বুজন পৰিমাণৰ বিশ্বাস বুকুত বান্ধি আগুৱাইছো নতুন দিনৰ নতুন বতৰা লবলৈ বুলি...

Wednesday, 24 October 2018

বেবেৰিবাং চিন্তা

চুবুৰীয়া মাওৰ দেশ ৰঙা চীনৰ ভুল-ক্ৰটিৰ যিমানেই আমি আলোচনা নকৰোঁ কিয়!! তলৰ লিংকটোত দিয়া ধৰণৰ কাম-কাজৰ প্ৰতিও আমি সচেতনভাৱে চকু দিয়াটো নিশ্চয় প্ৰয়োজনীয়..
https://www.bbc.com/news/world-asia-china-45937924

১৯৮৫ চনৰ এখন বিশেষ চুক্তি অনুসৰি এখন কংক্ৰিটৰ ক্ষুদ্ৰ দলং ভাৰতবৰ্ষ নামৰ এই মুলুকৰ এখন ৰাজ্যৰ ৰাইজক উপহাৰ দিয়া হয়, তাকো এটা আন্দোলনৰ পৰিসমাপ্তিতহে.. সেয়াও ৰঙা ফিটাৰ মেৰপাকত পৰি আজি এজনে কাইলৈ এজনে কৰি গা এৰা দিয়া মনোভাৱেৰে পূৰ্ণৰূপত আৰম্ভ হবলৈ অপেক্ষা কৰিব লগা হয় ১৭টাকৈ বছৰ.. শেষ হয়গৈ মানে কিমান সময়ৰ প্ৰয়োজন হ'ব সেয়া সৰ্বসাধাৰণ জনতাৰো জ্ঞাত হৈ পৰে আৰম্ভণিতেই.. অৱশেষত সূদীৰ্ঘ অপেক্ষাৰ অন্তত এই বিশেষ দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হল ঠিকেই.. পিছে ১৬ বছৰৰ পিছতো কাম সমাপ্ত নহয়হে নহয়!! বৰ্তমানো দলংখনৰ অন্তিম পৰ্যায়ৰ নিৰ্মাণ কাৰ্য চলিয়েই আছে..

এয়াই বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ কৰ্ম-সংস্কৃতিৰ নমুনা!! বিশ্বৰ শক্তিশালী দেশসমূহৰ সৈতে ফেৰ মাৰিবলৈ কঁকালত টঙালি বন্ধা মোৰেই আপোন দেশখনে, এইদৰে ফোপোলা স্বৰূপ এটা লৈ আৰু কিমান দূৰ আগুৱাব সেয়া বৰ্তমান সময়ত এটা ডাঙৰ প্ৰশ্নবোধক..

কিন্তু ভাৰতবৰ্ষৰ উপৰোক্ত দলংখনতকৈ ১১ গুণ দীঘল দলং এখন মাত্ৰ ৯ বছৰৰ ব্যৱধানত নিৰ্মাণ শেষ কৰি ৰাইজৰ যাতায়তৰ বাবে মুকলি কৰি দিয়া হৈছে আমাৰে চুবুৰীয়া দেশ চীনত.. যিখন দেশত ৫ কিলোমিটাৰ দীঘল দলং এখন নিৰ্মাণত দুটাকৈ দশকৰ প্ৰয়োজন হয়, সেইখন দেশত আমি কি নতুনত্ব আশা কৰিব পাৰোঁ.. ভাৰতবৰ্ষৰ গণতন্ত্ৰ জানো আজি ৰাজতন্ত্ৰ-আমোলাতন্ত্ৰলৈ পৰ্যবসিত হোৱা নাই..

(# মাজে মধ্যে এনে ভাব হয়, ১৯৬২ চনত চীনা সৈন্যই বিজয় অভিযান সামৰি অৰুণাচলৰপৰা ঘূৰি যোৱাতকৈ দেশৰ প্ৰধানমন্ত্ৰীৰ অনাতাঁৰ বক্তব্যৰ আঁত ধৰি ইয়াতে নিগাজিকৈ থাকি যোৱা হলেও হয়তো আমাৰ যাতায়ত, যোগাযোগ আদি ব্যৱস্থাৰ আওপুৰণি  দিশবোৰত আমি ইমান পিছপৰি নাথাকিলো হয় আজিলৈকে)
(নগাঁও, ২৪ অক্টোবৰ ২০১৮)