Saturday, 11 May 2019

অপ্ৰাসংগিক

অপ্ৰাসংগিকঃ

নিৰ্বাচনী ধুমুহা-বতাহ কিবাকৈ শাম কাটিছে অসম মুলুকত। মাজতে অৱশ্যে এজাক প্ৰাকৃতিক ধুমুহাই উৰিষ্যা, নমস্কাৰ পশ্চিমবঙ্গৰ লগতে অসমকো অলপকৈ চুই গল। নিৰ্বাচনী ধুমুহাজাকৰ এটা পৰ্ব দেশত পিছে বাকী আছেগৈ। আচল ঘূৰ্ণী বতাহজাকলৈ মাজত এতিয়াও ১১ দিন বাকী আছেগৈ। তাকে লৈ কিমানৰ যে কিমান দিন টোপনি খতি তাৰ হিচাপ কোনে ৰাখে!! সেয়া যি নহওক ৰাস্তাই-ঘাটে নাচি-বাগি, লৰি ঢাপৰি, যুক্তিৰ কটা-কটিৰ লগে লগে  সন্মুখ সমৰত লিপ্ত হৈ মেলি আজৰি হৈ সাধাৰণ জনতা এতিয়া খন্তেক বিশ্ৰামত। আনফালে নিৰ্বাচনৰ ফলাফলকেন্দ্ৰিক ভৱিষ্যতবাণীৰ বজাৰখন ৰাইজৰ মাজত এৰা ধৰাকৈ চলি থকাৰ বিপৰীতে প্ৰাৰ্থী তথা নেতা-পালিনেতাসকল ভৱিষ্যতৰ হিচাব-নিকাচত বৰ ব্যস্ত।

নিৰ্বাচনৰ লগে ভাগে অহা ৰঙালী বিহুৰ উলাহ পিছে চলিয়েই আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। বিহু কমিটিবোৰৰ মাজৰ প্ৰতিযোগিতাখন জমি আছে সকলোতে। কোনো কোনো কমিটিৰ অতিথি শুশ্ৰূষাৰ ৰাজকীয় খাদ্য তালিকাই চকু কপালত উঠাইছে আমাৰ দৰে সাধাৰণ নৰমনিচৰ। বিহু মেলা বা বহাগী উৎসৱখনৰ খৰছৰ বাজেটখন দেখিলোতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰে উপক্ৰম ঘটে। তথাপি বিহুৰ উদযাপনত ৰাইজে ক্ৰটি বিচ্যুতি ঘটিবলৈ দিয়া নাই কেতিয়াও। ঐতিহ্যপূৰ্ণ বিহুবোৰৰ কথা বাদ দিলেও আজিকালি ২০_৩০ ঘৰ মানুহৰ বসতি থকা অঞ্চলতো ১খন বিহু মেলাই ঠাইখনৰ লগতে মানুহখিনিৰ সন্মানটো কেনেকৈ বচাব! ! গতিকে অতি কমেও দুই-তিনিখনমান বিহু মেলাৰ আয়োজন। এইবোৰত ৰাইজৰো সহযোগিতা তথা দান-বৰঙণি চকুত লগা। তাতে যদি আপুনি বিষয়-বাব পালে তেন্তে আপোনাৰ হাতখন মুক্ত হস্তে দান কৰিবলৈ উদ্বাউল।

দুখজনক বা সুখজনক যিয়ে নোবোলক আপুনি, নিজৰ ঠাইৰ গৌৰৱৰ বাবে তিনি চাৰিখন বিহু উদযাপনৰ বাবেও দেহে কেহে খটা তেনেবোৰ অঞ্চল (যিটো কথা বৰ্তমান সমগ্ৰ অসমতে প্ৰযোজ্য) ৰ সৰহভাগতে এটা ৰাজহুৱা পুথিভঁৰাল বা ৰাজহুৱা উন্নয়নমূলক কামৰ বাবে সামাজিক সংস্থা এটাৰ উপস্থিতি শূণ্যৰ ঘৰত বুলিলে অলপো বঢ়াই কোৱা নহয়। সমাজ,  সভ্যতা ৰসাতলে গলেও আমাৰ বাবে বৰ্তমান সন্মান আৰু গৌৰৱতকৈ সমাজ-সংস্কৃতিৰ ভৱিষ্যতৰ চিন্তা কেতিয়াও দৰকাৰী বিষয় হ'ব নোৱাৰে। তাতে এনেবোৰ অনুষ্ঠান আয়োজনৰ জৰিয়তে ব্যক্তিগত লাভৰ চিন্তা কৰা সকলতো আছেই। ৰাইজৰ কাৰণে কৰা কষ্টৰ প্ৰতিদান নলবলৈ সকলোতো দাতাকৰ্ণ নহয়
গতিকে যাওঁক সমাজ সংস্কৃতি জহন্নামে, তাত আপোনাৰ বা মোৰ কি আহে যায়!! এয়াই আজিৰ অসমীয়া বিহু উদযাপন কমিটিবোৰৰ গৰিষ্ঠ সংখ্যক বিষয়-ববীয়াৰে মনৰ কথা। গণতন্ত্ৰত যিহেতু সংখ্যাগৰিষ্ঠৰে জয় গতিকে দুই চাৰিজনৰ ব্যতিক্ৰমী চিন্তাই ইয়াত থাউনি নাপায় কৰবাত লুকাই পৰে।


(ঘৰমুৱা নৈশবাছ যাত্ৰাত/ ১০ মে' ২০১৯)

Sunday, 17 March 2019

আৰ্ণেষ্ট হেমিংৱে

আৰ্ণেষ্ট হেমিংৱে

বিংশ শতিকাত যিসকল সাহিত্যিকে বিশ্বজুৰি নিজৰ প্ৰতিভাৰে জগতবাসীক আপ্লুত কৰিব পাৰিছিল সেইসকলৰ ভিতৰত আৰ্ণেষ্ট হেমিংৱে অন্যতম। আমেৰিকাৰ ইলিনই প্ৰদেশৰ ৱাৰ্কত ১৮৯৯ চনৰ জুলাই মাহৰ ২১ তাৰিখে হেমিংৱেৰ জন্ম হয়। তেওঁৰ দেউতাক পেছাত এজন চিকিৎসক আছিল। শৈশৱ কালছোৱাত হেমিংৱে অধিক সময় কান্ধত বন্দুকটো লৈ হাবিয়ে বননিয়ে আৰু কেতিয়াবা ডাঙৰ মাছ বিছাৰি হ্ৰদ এটাত নাওঁ বায় কটাইছিল। মাথোন ১৬ বছৰ বয়সতে তেওঁ গল্প লিখিবলৈ আৰম্ভ কৰিছিল। ডিপ্লমা লোৱাৰ আগতেই তেওঁ সেনাবাহিনীত যোগ দিব বিচাৰিছিল। কিন্তু বাওঁ চকুটো বেয়া হোৱা বাবে তেওঁক সেনাবাহিনীত ভৰ্তি হবলৈ দিয়া নহল। কিন্তু পৰৱৰ্তী সময়ত এজন সাংবাদিক বন্ধুৰ সহায়ত তেওঁ সেনাবাহিনীত সোমায়।

১৯২৩ চনত হেমিংৱেৰ প্ৰথম গ্ৰন্থ ‘The stories and terms poem’ প্ৰকাশিত হয়। প্ৰথম অৱস্থাত হেমিংৱে গল্প লিখি আলোচনীলৈ পঠিয়ালেও সেইবোৰ প্ৰকাশ হোৱা নাছিল। পৰৱৰ্তী সময়ত এইজন লিখকেই ১৯৫২ চনত বিশ্ব সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাস ‘The Old man and the Sea’ ৰচনা কৰি উলিয়াই। এইখনে উপন্যাসে লাভ কৰা বিশ্বজুৰা জনপ্ৰিয়তাৰ কথা নকৈ কোৱাৰ প্ৰয়োজন নাই। ১৯৫৪ চনত এই উপন্যাসখনৰ বাবেই তেখেতে লাভ কৰে সাহিত্যৰ নোঁবেল বটা।

সমালোচকসকলৰ মতে ‘The Old man and the Sea’ উপন্যাসখন গদ্যত লিখা এখন কাব্যিক উপন্যাস। হেমিংৱেৰ জীৱনৰ সমগ্ৰ অভিজ্ঞতা আৰু জীৱন দৰ্শন এই উপন্যাসখনত পৰিস্ফুট হৈছে। হেমিংৱে তেখেতৰ বৰ্ণাধ্য সাহিত্যিক জীৱনত অন্যান্য সাহিত্য কৰ্মৰ লগতে মুঠতে ১০ খন উপন্যাস, ১৯ খন চুটিগল্পৰ সংকলন ৰচনা কৰি থৈ গৈছে। নোঁৱেল বটা পোৱাৰ পিছৰ সাত বছৰ হেমিংৱে নানা ধৰণৰ শাৰীৰিক অসুখ-অশান্তিয়ে আৱৰি ধৰে। এনেদৰেই থাকিয়েই ১৯৬১ চনৰ ২ জুলাইৰ ৰাতিপুৱা তেখেতে নিজকে গুলী কৰি দিয়ে। লগে লগে বিশ্ব সাহিত্যৰ মহান সাহিত্যক গৰাকীৰ জীৱন নাটৰ অৱসান ঘটে।

Friday, 14 December 2018

অসমীয়াৰ ৰাজনৈতিক সচেতনতা নে নিৰ্বাচনী উৎসৱ!!

কি হৈছে আচলতে ৰাজ্যখনত!

ৰাজ্যত শাসনাধিস্থ যিখন চৰকাৰৰ বিৰুদ্ধে দল সংগঠন নিৰ্বিশেষে সকলো একত্ৰিত হৈ গৰজি উঠিছে আকৌ সেইখন চৰকাৰৰ থকা দলটোকে প্ৰথম পছন্দ কৰিছে সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত! সাধাৰণ জনতাৰ কথা আৰু কামৰ মাজৰ এই ব্যৱধানৰ আঁৰৰ ৰহস্য কি!! নে চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ পথ লবলৈ জনতাক এইক্ষেত্ৰত প্ৰতিবাৰেই বাধ্য কৰা হয় কিছু প্ৰলোভন আৰু সস্তীয়া আৱেগৰ সহায় লৈ৷ হয় মই অসম মুলুকত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰসংগতে মনলৈ অহা প্ৰথম প্ৰশ্নটো নিজকে কৰি চাইছো৷

পিছে ঠিকেইটো আছে সকলো! মইহে কিবা নকৰিবলগীয়া প্ৰশ্ন এটাত সোমাই আছো নেকি? সকলোফালেচোন চৰকাৰৰ উন্নয়নৰ ঢাক-ঢোল কোবোৱা প্ৰচাৰবোৰক বাদ দিলেও ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ ভিতৰুৱা ৰাস্তা-ঘাটবোৰৰ চেহেৰা বহুখিনি সলনি হৈছে৷ যদিওবা এই সলনিখিনি সময়ৰ দাবী তথা কেন্দ্ৰীয় চৰকাৰৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ ভিতৰুৱা অংশ!! হ'লে কি হ'ব সৰ্বসাধাৰণ জনতাৰ বুজনসংখ্যকৰ বাবে এয়াতো ৰাজ্য চৰকাৰখনৰে মহৎ প্ৰচেষ্টা৷ ৷

এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ সময়তে মনলৈ অহা আনটো প্ৰশ্ন হ'ল যে সংসদীয় বা বিধানসভাৰ নিৰ্বাচনতকৈও জাক জমককৈ অনুষ্ঠিত হোৱা এই নিৰ্বাচনটোৰ সমুদায় খৰচৰ বৃহৎ অংশ এটা ৰাজনৈতিক দলসমূহেই বহন কৰা নাই জানো? নিৰ্দলীয় প্ৰাৰ্থীসকলৰ ব্যক্তিগত খৰচৰ হিচাবটো বাদ দিও যদি এই সৰু-ডাঙৰ ৰাজনৈতিক দলসমূহৰ খৰচটোলৈ চকু দিও তেন্তে মোৰ দৰে সাধাৰণ জনতাৰ দৃষ্টিলৈ অহা বিষয়টো হ'ল - এইটো নিৰ্বাচনত ব্যাপক হাৰত খৰচ কৰা জনসাধাৰণৰে পুঁজিবোৰতো, তেওঁলোক দাতা কৰ্ণ নহয় যে দান হিচাপে দি হাত সাৱটি বহি থাকিব!! তেন্তে এইখিনি খৰচ মিলাবলৈ গাঁৱৰ উন্নয়নৰ নামত বিভিন্ন শিতানত অহা চৰকাৰী আঁচনিবোৰৰ পুঁজি নিজৰ নিজৰ দলৰ শিতানলৈ দিয়াটো দিনৰ পোহৰৰ দৰে উজ্জ্বল৷ তেনেহ'লে কথাটো এনেকুৱা নহয় জানো যে, বৰ্তমান কেন্দ্ৰীয় চৰকাৰে গাঁৱ পঞ্চায়তসমূহলৈ যোগান ধৰা পুঁজিৰ মাত্ৰধিক্যলৈ চকু দিয়েই পঞ্চায়ত নিৰ্বাচনত সকলোৱেই ৰাং কুকুৰৰ জাকৰ দৰে জপিয়াই পৰিছে!!

ইমানৰ পিছত গ্ৰামাঞ্চলৰ প্ৰকৃত উন্নয়ন কোন দিশে বাৰু! কাৰ্যকালৰ শেষত কিবা নহয় কিবা অলপ কাম হয়তো হ'বগৈ! কিন্তু যিখিনি হ'বগৈ সেয়া নহ'লেই নোহোৱাখিনি বুলি আমি মানি নললেও উপায় নাই আমাৰ হাতত৷ কাৰণ তাতকৈ বেছি দাবী কৰাৰ বা আশা কৰাৰ সামৰ্থই নাই আমাৰ! তাৰ মাজতে দুই চাৰিজন যে ব্যতিক্ৰমী নাথাকিব সেয়াও আমি নুই কৰিব নোৱাৰোঁ৷ কিন্তু সেয়াও অৰণ্যৰোদনৰ নামান্তৰহে হয়গৈ সদায়৷

উন্নয়নৰ প্ৰসংগ তথা ভৱিষ্যতৰ প্ৰসংগক বৰ্তমানে নিলগাই থলো বাৰু৷ ভৱিষ্যত সদায় আমাৰ বাবে যিদৰে প্ৰাসংগিক টিক সেইদৰে অনিশ্চিতও৷

কিন্তু যোৱা ৫ আৰু ৯ ডিচেম্বৰ ২০১৮ তাৰিখে দুটা পৰ্যায়ত ৰাজ্যখনত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ নামত ১২, ১৩ আৰু ১৪ ডিচেম্বৰ তাৰিখে তিনিটাকা দিন জনতাৰ যি সমাগম বা উৎসাহ দেখা পাইও মনলৈ প্ৰশ্ন দুটামান আহিল৷ (মনটো বৰ বেয়া বস্তুহে, কিবা এটা দেখিলেই বিভিন্ন প্ৰশ্নই জুমুৰি দি ধৰেহি অনবৰতে৷ মানৱিক প্ৰবৃত্তি নে নিজৰে সমস্যা নিজে বঢ়াই লোৱাৰহে উপায়, নিজে বুজি নাপাওঁ বহু সময়ত)

প্ৰথম কথা, নিৰ্বাচনৰ সৰু-ডাঙৰ নাই কথাটো প্ৰমাণ কৰিবলৈকে যেন পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ল'বলৈও অসমৰ জনসাধাৰণ হিল দ'ল ভাঙি উলাই আহিল ৰাজ্যৰ সকলো প্ৰান্তৰতে৷ আনকি ফলাফল ল'বলৈকে প্ৰাৰ্থীসকলৰ লগতে বৃহৎ অংশৰ উগ্ৰসমৰ্থসকলো দুটাকৈ উজাগৰী ৰাতি কটাই দিলে ভোট গণনা কেন্দ্ৰৰ বাহিৰতে৷ মনৰ মাজতে ভাবিলোঁ, এই যে প্ৰাৰ্থীসকলৰ সৈতে উজাগৰী ৰাতি কটোৱা এলেকৰ-পেলেক উগ্ৰসমৰ্থকসকলৰ ইমানটো দৰদৰ আঁৰৰ ৰহস্যটো বাৰু জয়ী হ'লে পাব পৰা সাম্ভাৱ্য লাভৰ অংকটোৱেই মূল নহয় জানো!!

তদুপৰি ফলাফলকলৈ জনসাধাৰণৰ অভূতপূৰ্ব উৎসাহে এনেকুৱা এটা পৰিৱেশৰ সূচনা কৰিলে, যেন অসমৰ গ্ৰামাঞ্চলত এক, হয় কোনো ধৰণৰ সমস্যা নাই নতুবা দুই, গাঁও পঞ্চায়তসমূহৰ কাম-কাজে গ্ৰামাঞ্চলৰ ৰাইজৰ সকলো স্তৰকে সম্পূৰ্ণ সন্তুষ্ট কৰিবলৈ সক্ষম হৈছে৷

প্ৰশ্নবোৰৰ উত্তৰ জনসাধাৰণৰ হাততে আছে৷ ইমানৰ পিছতো আশা কৰিবলৈ মন যায়, এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকলে জনসাধাৰণৰ প্ৰত্যাশা পূৰণত সফল হ'ব৷ পূৰ্বৱৰ্তী পঞ্চায়ত প্ৰতিনিধিসকলৰ নামত থকা দুৰ্নীতি-স্বজনপ্ৰীতি আদি বদনামবোৰৰপৰা আঁতৰি নতুনতকৈ নিয়োজিত হ'ব লগা জনপ্ৰতিনিধিসকলে সম্পূৰ্ণ নিজস্বতাৰে জনতাৰ কামসমূহ সম্পূৰ্ণ কৰাত বিশেষ পাৰদৰ্শীতা দেখুৱাই জনসাধাৰণৰ হেৰুৱা আস্থা ঘূৰাই আনিবলৈ সক্ষম হ'ব৷

(১৫ ডিচেম্বৰ ২০১৮/ সীতাজখলাৰ বনভোজস্থলীত)