Saturday, 9 May 2020

সাময়িকী -১

তিহাসে এটা কথা আমাক সদায় কৈ আহিছে যে, আজিৰ অসমীয়া সমাজখন গঢ়ি উঠাত মূখ্য ভূমিকা লৈছিল এসময়ত অষ্ট্ৰিক, দ্ৰাবিড় আৰু মংগোলীয় জাতিৰ লোকসকলে। এইসকল লোক যাক আমি খিলঞ্জীয়া বাসিন্দা বুলি অভিহিত কৰি আহিছো, তেওঁলোকৰ সমন্বয় আৰু সংঘাতৰ মাজেৰেই গঢ় লৈ উঠিছিল এটা উমৈহতীয়া ভাষা আৰু এখন উমৈহতীয়া সমাজ। যাক আজি অসমীয়া নামেৰে জগতে জানিবলৈ সক্ষম হৈছে। কিন্তু সময় আগবঢ়াৰ লগে লগে ক্ৰমান্বয়ে প্ৰব্ৰজিত হোৱা কলিতা-ব্ৰাহ্মণ-মুছলমানসকলে নিজা নিজা ধৰ্মীয়-সাংস্কৃতিক-সামাজিক বিশ্বাসেৰে এই সমাজত মিলিবলৈ চেষ্টা কৰিছিল বা কৰিবলৈ বাধ্য হৈছিল। তাৰ মাজতে ‘আৰ্যসকল শ্ৰেষ্ঠ’ এই ধাৰণা প্ৰতিষ্ঠা কৰিবলৈ গৈয়েই ক্ৰমে ক্ৰমে গঢ় লৈ উঠা সমন্বয়ৰ সমাজখনত সংঘাত সৃষ্টি কৰা হল। এই সংঘাত সৃষ্টি কিন্তু নিজ স্বাৰ্থ সিদ্ধিৰ বাবে জানি-বুজিয়েই কৰা হৈছিল যে তাত বৰ্তমান কাৰো দ্বিমত নাই।

লাহে লাহে এই সমাজখনলৈ কৰ্ম-সংস্থাপন তথা ব্যৱসায়ীক সূত্ৰেও প্ৰব্ৰজিত হ'ল বিভিন্ন সময়ত বিভিন্ন জাতি, বৰ্ণ আৰু ধৰ্মৰ লোকৰ। যিসকলে এটা সময়ত সমাজখনৰ সৈতে সংপিক্ত হবলৈ আৰম্ভ কৰিও যেন এইখন সমাজৰ অভিন্ন অংগ হবলৈ অস্বীকাৰ কৰিলে। অসমীয়া সমাজতে লালিত-পালিত হৈও এইসকল লোকৰ যিসকলে কেইবাপুৰুষৰপৰা ইয়াতে স্থায়ীভাৱে বসবাস কৰি আহিছে – তেওঁলোকো কিন্তু সমাজখনৰ সৈতে এক হৈ যাব নোৱাৰিলে আজিকোপতি। এওঁলোকৰ মাজৰে আঙুলিৰ মূৰত গণিব পৰা দুই-চাৰিজনৰ বাদে বাকীসকলে অসমীয়া সমাজ-সংস্কৃতিক নিজৰ কৰি লবলৈ সন্মত নহ'ল। তেওঁলোকো যেন অসমীয়া সমাজৰ সমন্বয়ত ভাঙোন অনাৰ পৰোক্ষভাৱে সহায়ক হৈ উঠিল!!

সময় আগবাঢ়িল... কিন্তু এই সামাজিক সমন্বয় বাঢ়ক চাৰি সংঘাতহে বাঢ়িবলৈ ধৰিলে সকলোফালে। অসমীয়া সামাজিক-সাংস্কৃতিক জীৱনত আৰম্ভ হোৱা আন্দোলনমুখীতাই যেন এই সংঘাতক অন্যফালে গতি কৰালে.. আজিৰ সময়ত থিয় দি সমন্বয়ৰ অৰ্থ কেৱল যেন অভিধান, বিভিন্নজনৰ বক্তৃতা কিম্বা কিতাপৰ লেখনিৰ মাজতহে আমি বিচাৰি পাওঁ।

আমি আজিৰ প্ৰেক্ষাপটতে হওঁক বা চুকাফাৰ সময়ৰ খণ্ডিক অসমৰ প্ৰসংগলৈকে নাযাওঁ কিয়, এটা কথা দেখা পাওঁ যে সমাজ কাৰো ব্যক্তিগত অধিকাৰৰ অহিলা নহয়। এই সত্য অনুধাৱনেৰে আমি ‘আজিৰ অসমীয়া সমাজখন’ত বাচি থকাসকলে একগোট হৈ সমাজখনক সংঘাত নহয় সমন্বয়ৰ আদৰ্শেৰে ধৰি ৰখাৰ উপযুক্ত পথৰ সন্ধান কৰাহে সময়োপযোগী হিচাপে বিবেচিত হ’ব যেন মনে ধৰে।

(৯ মে' ২০১৯/নগাঁও)

Wednesday, 6 May 2020

শ্ৰমিক দিৱসৰ ভাৱনা

ন যায় দেশৰ আৰ্তজনৰ দুখৰ সমভাগী হ'বলৈ..
পাৰিলে এমুঠি অন্নৰে যোগান ধৰিবলৈ সকলোকে..

মাৰ্ক্সে কোৱা সৰ্বহাৰাৰ মুক্তি আজিও কিয় সম্ভৱ হোৱা নাই.. যদিওবা পুঁজিবাদী বিশ্বত মাৰ্ক্সক অপ্ৰাসংগিক কৰাৰ প্ৰচেষ্টা সদায় বৰ্তমান..

কিয় মাৰ্ক্স, লেনিন, মাও জে দং কিম্বা ফিডেল কাষ্ট্ৰ'ৰ প্ৰাসংগিকতাই বাৰে বাৰে ভীৰ কৰেহি আধুনিক বিশ্বৰ জনমানসত..

কিয় আজিৰ সময়তো মে' দিৱস বা শ্ৰমিক দিৱসৰ দৰে দিনবোৰৰ তাৎপর্য কেৱল কেলেণ্ডাৰত ৰঙীণ হৈ থকা এটা তাৰিখতে সীমাবদ্ধ হৈ ৰৈ গৈছে আজিও!!

আধুনিক বিশ্বত শ্ৰমিকৰ সুবিধা-অসুবিধাৰ স্বাৰ্থতে হোৱা অসংখ্য আইন-কানুনৰ নিয়মেও কিয় শ্ৰমিকক আজিও সমাজৰ একেবাৰে নিম্ন পৰ্যায়ত ৰাখিছে..

সেয়েহে মন যায় বিপ্লৱৰ পথ ল'বলৈ..
সমাজত সমতা আনিবলৈ..
সৰ্বহাৰা, পুঁজিবাদ আদিৰ সংজ্ঞা নোহোৱা কৰি এখন সমতাৰ ভিত্তিত বৰ্তি থকা সমাজ গঢ়িবলৈ..
কোনো ৰোমান্টিক কল্পনাৰ মাজত বিচৰণ কৰা বিপ্লৱলৈ মোৰ আকৰ্ষণ নাই..
বিপ্লৱ হ'ব লাগে মোৰ আপোন ঘৰখনৰ পৰা..
মোৰ চুবুৰীটোৰ পৰা নতুবা আপোন গাঁওখনৰ পৰা..

পিছে সাম্প্ৰতিক পৰিস্থিতিলৈ চকু দিলে নিজৰেচোন অৱস্থা কাহিল হ'বলৈ বেছি পৰ নাই.. তাৰ পিছতনো কেনেকৈ আওৰাম মাৰ্ক্সৰ দৰ্শন কিম্বা মাৰ্ক্সৰ ভবিষ্যৎ সম্পৰ্কীয় সত্য আৰু শুদ্ধ সিদ্ধান্তবোৰ..

বেমেজালিৰ আৰম্ভণি নিজৰ পৰাই হয় সদায়.. কিন্তু দোষ আমি সদায় আনলৈহে ঠেলি দিয়াৰ চিৰন্তন অভ্যাসটোনো কেনেকৈ এৰো হঠাতে!!

(১ মে' ২০২০/গোলাঘাট) 

Monday, 27 April 2020

মহামাৰী আৰু বন্ধৰ অসংলগ্ন ভাৱনা

হঠাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰৰে হ'ম' চেপিয়েন্সৰ সদা ব্যস্ত কৰ্মসূচীলৈ এক অদ্ভুত পৰিৱৰ্তন আহিল.. ২০২০ চনত থিয় হৈ মানৱ জাতিয়ে কল্পনা কৰিব নিবিচৰা এক পৰিৱৰ্তনে জোকাৰি গ'ল সকলোৰে স্থিতিক.. দৈনন্দিন কৰ্মসূচীৰ পৰা খন্তেক বিশ্ৰাম আৰু দীঘলীয়া ছুটী বিচাৰি ফুৰা মানুহৰ গৰিষ্ঠ সংখ্যককে বিশ্ৰাম দিয়াই নহয়, কেৱল ঘৰৰ চাৰিবেৰৰ ভিতৰত বান্ধি ৰাখিব পৰাতো সময়ৰ কম পৰিৱৰ্তন নহয়!! তাতে ভাৰতবৰ্ষৰ দৰে দেশত ঘৰৰ আত্মীয়জনৰ কাষত ২১ দিনকৈ কোনো বিশেষ কামৰ ভাৰ নোহোৱাকৈ থাকিবলৈ পোৱাতো অসমীয়াত ক'বৰ দৰে একেবাৰে "গাখীৰতে ম'হৰ খুটি" বুলিব পাৰি!!

বিশ্বব্যাপী দেখা দিয়া কৰ'না ভাইৰাছ - ক'ভিড ১৯ (Coronavirous - COVID 19) ৰ সংহাৰী ৰূপে আমাক সংযত হ'বলৈ বাধ্য কৰাইছে.. বিশ্বৰ উন্নত দেশবোৰত ইয়াৰ সংহাৰী ৰূপে এই মুহূৰ্তলৈকে বিজ্ঞানৰ খন্তেকীয়া পৰাজয় নিশ্চিত কৰি তুলিছে.. সকলো দেখিও আমি একো কৰিব পৰা নাই এতিয়ালৈকে.. ভাইৰাছৰ উৎপত্তি বিষয়ক বিভিন্ন ৰাজনৈতিক বাক্-বিতণ্ডা চলিছে বিশ্বৰ সকলো প্ৰান্তত.. কিন্তু কোনেও ভাইৰাছটোৰ বিৰুদ্ধে সৱল প্ৰতিৰোধ গঢ়ি তুলিব পৰা নাই..

চিকিৎসা বিজ্ঞানৰ বাবে অচিনাকী এই নতুন ভাইৰাছটোৰ, শাৰীৰিক সংস্পৰ্শত মানুহৰ পৰা মানুহলৈ সোঁচৰা বিশেষ গুণৰ আৰ্শীবাদতে নিজকে সামাজিক প্ৰাণী হিচাপে স্বীকৃতি দিয়া মানুহৰ সামাজিক সম্পৰ্কলৈ আহিছে প্ৰত্যাহ্বান.. মানুহৰ মাজত আহি পৰিছে অৱশ্যাম্ভী সামাজিক ব্যৱধান সৃষ্টিৰ প্ৰয়োজনীয়তা.. কিন্তু বিশ্বৰ প্ৰেক্ষাপটৰ কথা বাদে দিলেও ভাৰতবৰ্ষৰে আমি কিমানজনে সামাজিক ব্যৱধানৰ গুৰুত্বতা বুজি তাক মানিবলৈ আগ্ৰহী!! 

কৰ'না ভাইৰাছক প্ৰতিহত কৰাৰ বাবে ভাৰতবৰ্ষত দেশৰ প্ৰধানমন্ত্ৰীয়ে হঠাতে যোৱা ২৪ মাৰ্চৰ নিশা ৮ বজাত ঘোষণা কৰা, সেইদিনা নিশা ১২ বজাৰ পৰা  ১৪ এপ্ৰিল ২০২০ৰ নিশা ১২ বজাবলৈ কাৰ্যকৰী হোৱাকৈ অহা ২১ দিনৰ দীঘলীয়া বিশ্ৰাম আন দেশবাসীৰ দৰে আমাৰ অসমবাসীৰ বাবেও আৰ্শীবাদ হিচাপে আহি নিজৰ ঘৰৰ ভিতৰতে থকাৰ পৰিৱেশ এটা গঢ়ি তুলিছে.. পিছে তাৰ সুযোগ আমি নিজা ধৰণেৰে ঘৰৰ চৌহদৰ ভিতৰত লোৱাৰ সলনি আমাৰ "আনৰ পদূলি শুঙি ফুৰাৰ' স্বভাৱটো এই দিনকেইটাত এৰিব লাগিব..

চুবুৰীয়া দেশ চীনক বাদ দিলেও এই মুহূর্তত বিশ্বৰ প্ৰতিজন ব্যক্তিৰে জ্ঞাত যে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালী, স্পেইন, ইংলেণ্ডৰ দৰে উন্নত দেশত এতিয়া মৃত্যুৰ কিৰীলি.. আনকি চিকিৎসালয়সমূহত ৰোগী ৰাখিবলৈ ঠাই নোহোৱা অৱস্থা ইটালী, স্পেইনত.. এই দেশসমূহৰ চিকিৎসা সেৱা বিশ্বৰ ভিতৰতে উন্নত হোৱাৰ পিছতো প্ৰতিখন দেশতে জনসাধাৰণৰ মৃত্যুৰ পৰিসংখ্যা দিনক দিনে বাঢ়ি গৈছে.. চিকিৎসা সেৱাৰ সৈতে জড়িত ব্যক্তিসকলে অসহায় হৈ মাত্ৰ দেশৰ জনতাক যথাসম্ভব সম্পূৰ্ণৰূপে ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনাইছে.. এইসমূহ দেশত চিকিৎসা সেৱাৰ উন্নত হোৱাৰ সুবাদতে জনসংখ্যা অনুপাতে চিকিৎসক আৰু চিকিৎসালয়ো পৰ্যাপ্ত পৰিমাণেৱথকাৰ পিছতো আজিৰ এই অৱস্থাৰ সৈতে তেওঁলোকে মোকাবিলা কৰিব পৰা নাই.. 

তাৰ তুলনাত আমাৰ দেশ ভাৰতবৰ্ষৰ অৱস্থা কৰ'নাৰ আক্ৰমণৰ পৰিসংখ্যাৰ দিশৰ পৰা এতিয়াও বহুখিনি ভাল.. তাৰ মানে এইটো নহয় যে সদায় ভাল হৈয়ে থাকিব.. দিন যোৱাৰ লগে লগে আমাৰ দেশৰ তথ্যবোৰো বেয়াৰ ফালে ঢাল খাইছে.. গতিকে আমাৰ দৰে উন্নয়নশীল দেশত ইটালী, স্পেইনৰ দৰে অৱস্থা হলে কি হ'বলৈ ভাবিবলৈকে ভয় লাগিছে মোৰ..

বৰ্তমান পৰিস্থিতিত দেশৰ তথা ৰাজ্যৰ প্ৰশাসনে নিজৰ ফালৰ পৰা কৰিব পৰাখিনি কৰাৰ চেষ্টাত ত্ৰুটি কৰা নাই.. পিছে সেইখিনি যে পৰ্যাপ্ত নহয় সেয়া প্ৰতিজন প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ পৰা নিম্ন পৰ্যায়ৰ বিষয়া তথা সজাগ জনতা মাত্ৰৰে জ্ঞাত.. গতিকে তেওঁলোকে জনতাক সজাগ আৰু সতৰ্ক হৈ থাকি মানিবলগা সাৱধানতাসমূৰ বিষয়ে ব্যাপক প্ৰচাৰ কৰিছে..

কিন্তু সাধাৰণ জনতাৰ গৰিষ্ঠ সংখ্যকৰে যেন এই বিশেষ সমস্যাটোলৈ কাণসাৰেই নাই.. সকলোৱে যেন ভাবি আছে আমাৰ ইয়াত এতিয়ালৈকে হোৱা নাই যেতিয়া নহয় আৰু.. প্লেগ, কলেৰাই যে এসময়ত অসমৰ একো একোখন গাঁও দিনটোৰ ভিতৰতে উছন কৰি পেলাইছিল, সেই কাহিনীবোৰ ককাক আইতাৰ পৰা শুনা মানুহ আমাৰ ৰাজ্যখনত এতিয়াও জীৱিত হৈ আছে.. সেই একেই দশা হ'ব আমাৰ, এবাৰ যদি কেনেবাকৈ আপোনাৰ মোৰ গাঁৱত সোঁচৰিবলৈ পাই কৰ'না ভাইৰাছ..

গতিকে জৰুৰীকালীন সেৱাত নিয়োজিতসকলক বাদ দি বাকী আমি সকলোৱে নিজৰ প্ৰাণৰ মমতাত হ'লেও সামাজিক যোগাযোগ নোহোৱাকৈ অলপ কষ্ট কৰি নিজৰ ঘৰৰ চৌহদতে থাকো আহকচোন অনাগত  দিনকেইটাত..

কি ঠিক জানোচা একমাত্ৰ আপোনাৰ বা মোৰ ঘৰখনেই বাচি থাকেগৈ আপোনাৰ বা মোৰ গাঁৱৰ ভিতৰতে!! 

(গোলাঘাট/২৮ মাৰ্চ ২০২০)