অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি আৰু আমাৰ ভাৱনা
কিন্তু এই
গৌৰৱ আৰু সুখেই আমাৰ ভাষাটোক ভৱিষ্যতলৈ সুৰক্ষিত কৰি ৰাখিব বুলি আমি নিজকে নিজে
নিশ্চিতি দিব নোৱাৰো। সেই বাবেই আমি নিজৰ ভাষাৰ এই গৌৰৱৰ ক্ষণ আৰু সুখৰ সময়তে এটা
কথা অন্তঃকৰণেৰে উপলব্ধি কৰাতো দৰকাৰ যে নিজৰ ভাষাটোৰ প্ৰয়োগত আমি সদা সচেতন হ'ব লাগে আৰু সমান্তৰালভাৱে নিজৰ ভাষাটোৰ প্ৰতি সৰ্বদা
শ্ৰদ্ধাশীল হোৱাতোও অত্যন্ত জৰুৰী।
ভাৰতবৰ্ষত ভাষা
এটাৰ ধ্ৰুপদী মৰ্যদাই চৰকাৰীভাৱে ভাষাটোৰ গৱেষণা, ভাষাৰ ঐতিহাসিক, সাংস্কৃতিক তথা
ৰাজনৈতিক-সামাজিক সমলসমূহ সংৰক্ষণৰ ক্ষেত্ৰত আমাক সহায় কৰে। সমান্তৰালভাৱে ধ্ৰুপদী
ভাষাটোৰ বিকাশ, সমৃদ্ধি আৰু প্ৰসাৰৰ বাবে চৰকাৰী
পৃষ্ঠপোষকতাত আৰ্থিক সাহাৰ্য্য লাভ কৰাৰ নিশ্চিতি, দেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত ধ্ৰুপদী ভাষাটোৰ এখন আসন প্ৰতিষ্ঠা কৰাৰ
বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে অনুৰোধ জনাব আৰু ধ্ৰুপদী ভাষাটোৰ বাবে
আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ ব্যৱস্থাও চৰকাৰে কৰিব। ইমানখিনি
চৰকাৰী পৃষ্ঠপোষকতাত ভাৰতবৰ্ষত ধ্ৰুপদী ভাষাৰ ক্ষেত্ৰত ল’ব লগা বা লোৱা
ব্যৱস্থা। কিন্তু এই ব্যৱস্থাবোৰে ভাষা এটাক সুৰক্ষিত কৰিব বুলি আমি নিশ্চিত হ'ব পাৰোনে? নিশ্চয়কৈ নোৱাৰো। কাৰণ ইতিমধ্যে ২০০৫ চনতে ভাৰতবৰ্ষৰ কেন্দ্ৰ চৰকাৰে ধ্ৰুপদী
মৰ্যাদা প্ৰদান কৰা সংস্কৃত ভাষা আজি বিলুপ্তিৰ গৰাহত। নামমাত্ৰ জনসংখ্যাৰ মাজতহে
বৰ্তমান ভাৰতবৰ্ষত সংস্কৃত ভাষাৰ প্ৰচলন আছে। আনকি যোৱা ৩ অক্টোবৰত অসমীয়া ভাষাৰ
লগতে ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়া পালি আৰু প্ৰাকৃত ভাষা বৰ্তমান ভাৰতবৰ্ষত
সম্পূৰ্ণ বিলুপ্ত বুলিয়েই আমি ক'ব পাৰোঁ।
সেয়েহে আমি
একেষাৰতে ক'ব পাৰো যে বৰ্তমানৰ এটা জীৱন্ত ভাষা 'অসমীয়া ভাষা'ক পৃথিৱীৰ
পৰা ক্ৰমান্বয়ে বিলুপ্ত হৈ যোৱা ভাষাসমূহৰ দৰে বিলুপ্তিৰ পৰা ৰক্ষা কৰিবলৈ হ’লে চৰকাৰে
দিয়া ধ্ৰুপদী স্বীকৃতিয়ে বৰ এটা বিশেষ সহায় নকৰে, যদিহে আমি অসমীয়া ভাষী
প্ৰত্যেকেই নিজে ভাষাটোৰ প্ৰতি শ্ৰদ্ধাশীল আৰু
সচেতন নহওঁ।
বৰ্তমান
প্ৰচলিত অসমীয়া ভাষাটোৰ ভৱিষ্যতক লৈ ভাষাটোৰ প্ৰতি সচেতন প্ৰতিজন ব্যক্তিয়ে শংকাত
ভুগিছে। যি সময়ত প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব উন্নতি তথা সৰ্বসাধাৰণৰ মাজত ইয়াৰ প্ৰসাৰে
অসমীয়া ভাষাটোৰ ব্যাপক ব্যৱহাৰ সামাজিক মাধ্যমত হোৱাতো সহজ কৰি তুলিছে। যিটো যিকোনো
এটা ভাষাৰ বাবেই অতি উৎসাহব্যঞ্জক খবৰ। সেই সময়তে কিন্তু সমান্তৰালভাৱে ভাষাটোৰ
প্ৰতি ই দুঃখবোৰ কঢ়িয়াই আনিছে। কাৰণ সামাজিক মাধ্যমত ব্যৱহৃত ভাষাৰ ব্যাপক ভুল
ব্যৱহাৰে দিনক দিনে ভাষাটোলৈ অশনি সংকেত কঢ়িয়াই আনিছে। ভাষাটোৰ শুদ্ধ ৰূপবোৰৰ ব্যৱহাৰ
ক্ৰমান্বয়ে আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। কাৰণ ইংৰাজী ভাষাৰ অগ্ৰাসানে যিদৰে
পৃথিৱীৰ বহু ভাষাক মানৱ সমাজৰ পৰা বিলুপ্ত কৰি দিছে সেইদৰে ইয়াৰ ব্যাপক ব্যৱহাৰে
অসমীয়া ভাষাৰ বৰ্তমান ৰূপটোক লিখিত সাহিত্যক বৰ বেছিকৈ গ্ৰাস কৰিব নোৱাৰিলেও সমাজিক
মাধ্যমত ই ব্যাপক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। এনে এক প্ৰেক্ষাপটত ভাষাটোলৈ অহা বিশেষ
স্বীকৃতিৰ গইনা লৈয়ে আমি প্ৰতিজন অসমীয়া তথা অসমীয়া ভাষীয়ে নিজৰ ভাষাটোৰ স্বকীয়তাৰ
প্ৰতি সচেতন দৃষ্টি ৰাখি ইয়াক সৰ্বদা অক্ষত ৰখাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰাৰ
বাবে পণ লোৱাৰ প্ৰয়োজন। লগতে ইংৰাজী তথা হিন্দী ভাষাৰ প্ৰভাৱৰ পৰা ইয়াক কেনেদৰে
মুক্ত কৰি ৰাখিব পাৰি তাৰ বাবেও এক বিশদ তথা ফলপ্ৰসু পৰিকল্পনা যুগুত কৰাতোওঁ
বৰ্তমান সময়ত অত্যন্ত প্ৰাসংগিক।
(৭ নবেম্বৰ ২০২৪, সৰভোগ)
************




