Thursday, 24 September 2020

ফিয়োদৰ দষ্টয়ভস্কি

       ফিয়োদৰ দষ্টয়ভস্কি (Fyodor Dostoevsky) ৰুচ দেশৰ এজন অন্যতম শ্ৰেষ্ঠ ঔপন্যাসিক। তেওঁৰ জন্ম হয় ১৮২১ চনত। পিতৃ আছিল মস্কোৰ পৌৰ চিকিৎসালয়ৰ এজন চিকিৎসক। চিকিৎসক যদিও তেখেত অসৎ চৰিত্ৰৰ লোক হোৱা বাবে গাঁৱৰ প্ৰায় সকলো মানুহৰ লগতে দষ্টয়ভস্কিয়ে নিজেও দেউতাকৰ মৃত্যু কামনা কৰিছিল। অৱশেষত গাঁৱৰ খেতিয়কসকলে তেওঁৰ পিতাকক হত্যা কৰিছিল। এই হত্যাই দষ্টয়ভস্কিৰ মনত এক পাপবোধৰ জন্ম দিলে।

       ১৯৪৩ চনত তেওঁ ইঞ্জিনিয়াৰিং পৰীক্ষাত উত্তীৰ্ণ হৈ কামত যোগ দিয়ে। কিন্তু কিছুদিনৰ পাছত লিখক হিচাপে নিজকে গঢ়ি তোলাৰ সংকল্প লৈ চাকৰিৰ পৰা ইস্তাফা দিয়ে। চাকৰি এৰাৰ বাবে আৰ্থিক অনাটনত তেওঁ জুৰুলা হৈছিল আৰু এই অভিজ্ঞতাই তেওঁৰ উপন্যাসত এটা সঁচা কাহিনীৰ ৰূপ পাইছিল। নিজৰ জীৱনৰ এই অভাৱ আৰু দুখ-কষ্ট তেওঁৰ Crime and Punishment শীৰ্ষক উপন্যাসত প্ৰকাশ পাইছিল

    প্ৰথমা পত্নীৰ মৃত্যুৰ পাছত দষ্টয়ভস্কিয়ে প্ৰেমৰ এক খেয়ালি জীৱন যাপন কৰে। নাৰীৰ প্ৰেম আৰু জুৱাৰ আড্ডাত মত্ত হৈ তেওঁ নিঃসম্বল হৈ পৰিছিল। ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ লগতে সাহিত্য অধ্যয়নৰ অভিজ্ঞতাই তেওঁৰ সাহিত্যিক জীৱনৰ ভেঁটি সুদৃঢ় কৰি তুলিছিল। তেওঁৰ বিশ্ববিখ্যাত উপন্যাস Crime and Punishment ত নিপীড়িত মানৱাত্মাৰ এক চিৰন্তন ৰূপ ফুটি উলাইছে। আৰ্থিক অৱস্থা আৰু অপৰাধবোধৰ মানসিকতা সমন্ধে লাভ কৰা অভিজ্ঞতাৰ ভেঁটিতেই তেওঁ লিখি উলিয়াইছিল এই অমৰ উপন্যাসখন। ইয়াৰ উপৰিও The Gambler, The Ediot আদি উপন্যাসসমূহেও কাহিনীৰ বিচিত্ৰতাৰ বাবে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। নিপীড়িণ আৰু বাহ্যিক দুখ-বেদনা আৰু কেতিয়াবা অন্তঃদ্বন্দই তেওঁৰ চৰিত্ৰবোৰক এক সুকীয়া ক্ষেত্ৰ প্ৰদান কৰিছিল। কিন্তু তেওঁৰ লিখাৰ সাৰ্থকতা ইয়াতেই যে তেওঁৰ উপন্যাসৰ চৰিত্ৰৰ দুখ-বেদনাই সাৰ্বজনীন আবেদন লৈ সকলো মানুহৰ সন্মুখত উপস্থিত হয়। সেয়ে তেওঁৰ ৰচনাৱলীক সময়ৰ আচোঁৰে মলিন কৰিব পৰা নাই। বৃহৎ নগৰৰ মদৰ আড্ডা, কফিন সদৃশ কমদামী হোটেলৰ কোঠাৰ পৰা আৰম্ভ কৰি নগৰৰ সকলো শ্ৰেণীৰ মানুহ, যেনে – দোকানী, কেৰাণী, ছাত্ৰ, বেশ্যা, মগনীয়াৰ, বলীয়া -এই সকলোবোৰৰ বাস্তৱ চিত্ৰ তেওঁ অংকন কৰিছে

 

(৩০ অক্টোবৰ ২০০৬)

**********

 


Saturday, 12 September 2020

আমাৰ গাঁও (আনন্দ চন্দ্র আগৰৱালা)


শুৱনি আমাৰ ধাননি পথাৰ
ধানেৰে উপচি পৰে;
শুৱনি নদীৰ পানী ভৰা ঘাট,
মুদৈয়ে বেপাৰ কৰে।

চালত কোমোৰা, লাও, জিকা, ভোল,
ভঁৰালত জহা ধান;
গোহালিত গৰু পুখুৰীত মাছ,
বাৰীত তামোল পাণ।

গছৰ ডালত শুৱনি চৰায়ে,
শুৱনি সংগীত গায়;
শাকনিত শাক, ফুলনিত ফুল,
দেখিলে হিয়া জুৰায়।

ঘৰে ঘৰে ৰং ধেমালিৰ হাট
ঘৰে ঘৰে হাঁহি মুখ;
ঘৰে ঘৰে ভাল চেনেহা-চেনেহী,
ঘৰে ঘৰে দেখো সুখ।

ভাওনা সবাহ গীত ভাল পোৱা,
মধুৰ মুৰুলী তান;
দহোটাৰ কাম একেজনে কৰা
চহাৰ সৰল প্ৰাণ।

Thursday, 9 July 2020

ক'ভিড ১৯ আৰু অসমৰ বানপানী প্ৰসংগ

কেলেণ্ডাৰত আৰু এটা নতুন মাহৰ আৰম্ভনি হ'ল কালিৰেপৰা। চকুৰ সন্মুখতে তিনিটাকৈ সম্পূৰ্ণ মাহ কেলেণ্ডাৰৰ পাত লুটিওৱাৰ দৰে হঠাতে পাৰ হৈ গ'ল। বহু ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ বিশ্ব। এটা খালী চকুৰে নেদেখা ভাইৰাছে সমগ্ৰ মানৱ জাতিৰ দৈনন্দিন জীৱন যাত্ৰা স্থবিৰ কৰি তুলিলে। শ্ৰেষ্ঠত্বৰ দাবীৰে মানুহে জীৱ জগতৰ অন্য সকলো প্ৰাণীকে আওকাণ কৰি কেৱল নিজৰ সুখ সুবিধাৰ বিষয়টোতহে যে গুৰুত্ব দিয়ে কথাষাৰ পুনৰাই ক'ভিড_১৯ৰ বিশ্বব্যাপী সংক্ৰমণে প্ৰমাণ কৰিলে।

বিশ্ব প্ৰেক্ষাপটৰ সমান্তৰালভাৱে দেশৰ লগতে অসম মুলুকতো বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী ঘোষণা কৰা ক'ভিড_১৯ৰ সংক্ৰমণে বৰ্তমান ব্যাপক ৰূপ লৈছে। ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰত গণসংক্ৰমণ হোৱাত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীও উদ্বিগ্ন হোৱাৰ খবৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত প্ৰকাশ হৈছে।

এইখিনিতে মনলৈ অহা দুটামান প্ৰশ্নই বৰকৈ আমনি কৰিছে। ক'ভিড_১৯ৰ পৰিপ্ৰেক্ষিতত যোৱা ৯৯ টা দিনৰ তলাবন্ধত সমগ্ৰ দেশৰ লগতে ৰাজ্যখনৰ জনতাৰ দৈনন্দিন জীৱনলৈও বহু পৰিৱৰ্তন আহিল। দেশৰ সমান্তৰালভাৱে আমাৰ ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু স্বাস্থ্য মন্ত্ৰীয়ে নিজৰ সামৰ্থৰ ভিতৰত যিমানখিনি পাৰে সংক্ৰমণ ৰোধ কৰা বাবে ৰাইজক সজাগ সচেষ্ট কৰাৰ বাবে লোৱা প্ৰচেষ্টা তথা সংক্ৰমিত ৰোগীক চিকিৎসালয়ত চিকিৎসা কৰাৰ ক্ষেত্ৰত কৃপণালি নাই কৰা বুলিয়েই আমি সকলোৱে মানি লৈছো। স্বাস্থ্য বিভাগৰ প্ৰচেষ্টাতে হওক বা অন্য যি কাৰণতে হওক আমাৰ বাবে স্বস্তিৰ বিষয় এয়ে যে আক্ৰান্ত ৰোগীৰ তুলনাত মৃত্যুৰ হাৰ আমাৰ ৰাজ্যত দেশৰ অন্য ৰাজ্যৰ তুলনাত যথেষ্ঠ কম। ৰাজ্যত এই পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা ১২ জন।

কিন্তু এইখিনিতে মনলৈ অহা প্ৰশ্নটো হ'ল আমাৰ চকুৰ সন্মুখতে যোৱা ১টা মাহতকৈও কম সময়ত ৩০জনতকৈ অধিক লোকৰ প্ৰাণ কাঢ়ি লোৱা ঘটনাটোত কিমানজন সচাঁ অৰ্থত উদ্বিগ্ন হৈছে আজিলৈকে। প্ৰতি বছৰে ৰাজ্যৰ নতুন নতুন ঠাইত বানপানীৰ সংহাৰৰ খবৰবোৰ ঠিকেই প্ৰকাশ হয় কিন্তু ল'ব লগা ব্যৱস্থাসমূহহে কেতিয়াও বাস্তৱত হৈ নুঠেগৈ। মহামাৰী হোৱা বাবে ক'ভিড_১৯ক লৈ সীমাহীন ব্যস্ততা আৰু প্ৰতি বছৰে ৰাজ্যৰ হাজাৰ হাজাৰ লোকক গৃহহীন কৰা, বহুতৰে জীৱনৰ একমাত্ৰ সম্বল খেতিৰ মাটিখিনি নদীৰ বুকুত জাহ যোৱাৰ পিছতো বানপানীৰ প্ৰতি আওকণীয়া দৃষ্টি কিয়! প্ৰতি বছৰে নিৰ্দিষ্ট এটা সময়ত ৰাজ্যবাসীক জুৰুলা কৰা বানপানী সমস্যাটোক লৈ আজিকোপতি কোন এখন চৰকাৰ তথা প্ৰশাসনে যথোচিত গুৰুত্ব নিদিয়াৰ আঁৰৰ ৰহস্য কি! নে বানপানীয়ে চহৰতকৈ গ্ৰামাঞ্চতহে বেছি প্ৰভাৱ পেলোৱাৰ বাবেই প্ৰতি বছৰে হোৱা প্ৰাকৃতিক দুৰ্যোগটোত ৰাজ্যৰ নিৰ্দিষ্ট বিভাগটো তথা বিভাগীয় মন্ত্ৰীয়ে কাৰ্যকৰী পদক্ষেপ লোৱাৰ পৰা আঁতৰি থাকে!! নে বানপানীৰ আঁৰত লুকাই থাকে সততে শুনাৰ দৰে গোপন হৈও সকলোৰে জ্ঞাত বহু হিচাব-নিকাচৰ নিমিলা অংকটো!! সাধাৰণ জনতাৰ বাবে এনে বহু প্ৰশ্নই সদায় কিয় ৰঙা ফিটাৰ মেৰপাকত সোমাই নোহোৱা হৈ যায়!!
(মাছখোৱা,ধেমাজি/ ২ জুলাই ২০২০)