হত্যা-হিংসা আদিৰ পৰা আঁতৰি যুক্তিবাদ আৰু মানৱতাবাদৰ সহাৱস্থানেৰে এখন শান্তিৰ পৃথিৱীৰ বাসিন্দা হোৱাৰ মন
Wednesday, 27 April 2022
অপ্ৰাসংগিক
Tuesday, 8 February 2022
অপ্ৰাসংগিক :অসমীয়া ভাষা বিষয়ক কিছু ব্যক্তিগত ভাৱনা
Saturday, 18 December 2021
বিষ্ণুপ্ৰসাদ ৰাভাৰ গদ্যৰ এক চমু আভাস
একেধাৰে গায়ক, চিত্ৰশিল্পী, অভিনেতা, বিপ্লৱী, সু-বক্তা, খেলুৱৈ, ব্যৱসায়ী ৰাজনীতিক আৰু সাহিত্যিক আছিল বিষ্ণুপ্ৰসাদ ৰাভা। এনে বহুধা বিভক্ত প্ৰতিভা অসমৰ সমাজ জীৱনত বিষ্ণপ্ৰসাদ ৰাভাৰ পৰৱৰ্তী সময়ত কোনো এজন ব্যক্তিৰ মাজত আমি আজি পৰ্যন্ত বিচাৰি পোৱা নাই। এইজন বিষ্ণুপ্ৰসাদ ৰাভাৰৰ ৰচনাৰাজিৰ ভাষাৰ বিষয়ে যোগেশ দাসে সঠিকভাৱেই মন্তব্য কৰিছে –
তেওঁ
(বিষ্ণুপ্ৰসাদ ৰাভা) ৰ অসমীয়া লিখাৰ এটা বিশেষ শৈলী আছিল, কঠিন সংস্কৃতীয়া ভাষা
যেনেকৈ প্ৰয়োগ কৰিছিল তেনেকৈ ঘৰুৱা মাত-কথা প্ৰয়োগ কৰিও ভাল পাইছিল, অসমীয়া
গাঁৱলীয়া মানুহৰ মুখৰ ভাষা তেওঁ দক্ষতাৰে ব্যৱহাৰ কৰিছিল। শব্দ লৈ খেলা কৰিবলৈ
তেওঁ বৰ ভাল পাইছিল, বহু সময়ত শব্দৰ ময়াজালত তেওঁ বন্দী হৈ ক'ৰবালৈ গৈ থাকিবলৈ ভাল
পাইছিল। ভাষাৰ যাদুকৰী শক্তিৰে একোটা গ্ৰাম্য বা পৌৰাণিক পৰিৱেশ ফুটাই তোলাৰ
দক্ষতা তেওঁৰ আছিল। (বিষ্ণুপ্ৰসাদ ৰাভা
ৰচনা সম্ভাৰ –প্ৰথম খণ্ড)
ৰাভাৰ ৰচনাৰ মাজেৰে প্ৰকাশ পোৱা গদ্যত আছিল ভাব আৰু অনুভূতিৰ স্পষ্টতা। যাৰ বাবে তেখেতে ৰচনাত বিভিন্ন অলংকাৰ, যোজনা, পটন্তৰ, খণ্ডবাক্য, জতুৱা ঠাঁচ, প্ৰতীক, চিত্ৰকলাৰ আদিৰ সফল প্ৰয়োগ কৰিছিল। ইয়াৰোপৰি তেখেতে গদ্যৰ বিষয়বস্তু বিভিন্ন যুক্তিৰ জৰিয়তে আৰু তথ্যসমূহৰ বিশ্লেষণ কৰিহে প্ৰতিষ্ঠা কৰাত গুৰুত্ব দিছিল। বিষ্ণপ্ৰসাদ ৰাভাৰ গদ্যৰ নিদৰ্শন হিচাপে তেখেতে তেজপুৰ সাহিত্য সভাত দিয়া ভাষণৰপৰা এটা অংশ তলত উদ্ধৃ কৰা হ'ল –
মানুহে মোক
শিল্পী বুলি কয়। যদি মই শিল্পী হওঁ বিধাতাৰ আৰ্শীবাদত মই শিল্পী হোৱা নাই –ৰাইজৰ
আশিসতহে মই শিল্পী হৈছোঁ। ৰাইজৰ হিয়া-কোঁহৰপৰা এটুপি এটুপি সুন্দৰৰ ৰহ বুটলি আনি
মই মোৰ মন কোঁহত ভৰাই লওঁ। সেই মন-কোঁহকে ৰহ-ঘৰা মউ-কোঁহ ৰচি ভৰাই তাৰপৰা টোপাল
টোপাল ৰহ নিভাৰি নিগৰি নিগৰি উলিয়াই ৰাইজক বিলাই দিওঁ। (বিষ্ণুপ্ৰসাদ ৰভা ৰচনা
সম্ভাৰ - ২য় খণ্ড)
তেখেতৰ ব্যক্তিত্বত নিহিত হৈ থকা
বিপ্লৱী সত্তাৰ আভাস থকা গদ্যৰ উদাহৰণ –
ধনন্ত্ৰবাদ –আইনৰ সহায় লৈ হাজাৰজনৰ ল'ৰা-ছোৱালীৰ মুখৰ ভাত কাঢ়ি আনি এজনৰ ল'ৰা-ছোৱালীৰ মুখৰ ভাত ভৰোৱা, হাজাৰজনৰ ল'ৰা-ছোৱালীৰ গাৰ কাপোৰ-কানি খহাই এজনৰ ল'ৰা-ছোৱালীক পিন্ধোৱা, হাজাৰজনৰ ঘৰ-বাৰী ভাঙি আনি এজনৰ ঘৰ-বাৰী সজোৱা, হাজাৰজনৰ আলিৰ সীমা ঠেলি নিজৰ সম্পত্তি বঢ়োৱা, হাজাৰজনক ফাকি দি (ঠগাই) নিজৰ ধন বেছি কৰা, বেছি ধনেৰে কাৰখানা পাতি কম দৰমহাত কুলি-কুলিয়নীক খটোৱা, কাৰখানাত বনোৱা বস্তু বেছি দামত বিক্ৰী কৰি বহু লাভ পোৱা এইবোৰ কৰা কয়দা-কৌশলৰ নীতিক ধনতন্ত্ৰবাদ বোলে। ধনীৰ হাততে চৰকাৰ, পুলিচ, মিলিটাৰী, আইন-আদালত, বজাৰ, কল-কাৰখানা আৰু সমাজ থাকে। (বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ –দ্বিতীয় খণ্ড)



