হত্যা-হিংসা আদিৰ পৰা আঁতৰি যুক্তিবাদ আৰু মানৱতাবাদৰ সহাৱস্থানেৰে এখন শান্তিৰ পৃথিৱীৰ বাসিন্দা হোৱাৰ মন
Monday, 18 September 2023
বিশ্বকৰ্মা পূজাৰ অসংলগ্ন ভাৱনা
Thursday, 7 September 2023
ভাৱনাৰ বেবেৰিবাং...
ভাৱনাৰ বেবেৰিবাং
ক+
যাতে এটা অপ্ৰয়োজনীয় বিতৰ্কৰ ওপ পৰাৰ আগতেই আন এটা অযথা বিতৰ্কত
ব্যস্ত থকা সাধাৰণ জনতাই দেশখনৰ প্ৰকৃত সমস্যাবোৰ অনুধাৱন কৰি এইবোৰৰ উপযুক্ত চৰ্চাৰ মাজেৰে শাসক পক্ষৰ অকৰ্মণ্যতা বুজি
পোৱাৰ বাবে সময় আৰু
সুবিধা নাপায়।
খ+
কল্পনাকে
কৰকচোন এবাৰ! আপোনাৰ বা মোৰ একেবাৰে সীমাতে লাগি থকা চুবুৰীয়া ৰাজ্য এখনৰ ভাই-ভনীহঁতৰ মাজৰ ভাতৃঘাতী সংঘাতে
কিমান নিৰীহৰ প্ৰাণ লৈছে তাৰ হিচাব ল'বলৈ সময় নাই
আপোনাৰ-মোৰ বিশ্বগুৰু হ'বলৈ বুলেট ট্ৰেইনৰ গতিৰে আগবাঢ়ি যোৱা দেশখনৰ কাৰ্যপালিকাৰ মূৰব্বীজনৰ। তেখেত কিন্তু ঠিকেই ব্যস্ত বিদেশ ভ্ৰমণত, অন্যান্য দেশৰ সৈতে কূটনৈতিক সম্পৰ্ক উন্নত কৰাৰ বাবে নে অন্য ব্যৱসায়ীক স্বাৰ্থত এই বিদেশ ভ্ৰমণ সেয়া জনাৰো উপায় নাই
আপোনাৰ-মোৰ দৰে সাধাৰণ নৰমনিচৰ!!
কিন্তু সেই একে সময়তে সেই দেশৰ ভনীহঁত বিবস্ত্ৰা হব লগা হৈছে আপোন গৃহতে। কাৰোবাৰ ষড়যন্ত্ৰৰ ফল নে প্ৰশাসন যন্ত্ৰ তথা নিৰ্বাচিত চৰকাৰখনৰ দুৰ্বলতা এয়া – সেয়া জনাৰো উপায় যে সাধাৰণ জনতাৰ নাই। যাৰ খাদ্য-বস্ত্ৰৰ সমস্যাৰ জোৰা-টাপলি মাৰোতেই জীৱন পাত হৈছে, তাক আকৌ ৰাজনীতিৰ ভিতৰুৱা কথাৰ ওৰ কিয় লাগিছে!!
(৭ ছেপ্টেম্বৰ ২০২৩/ সৰভোগ)
**************
Friday, 18 August 2023
মণিপুৰৰ ভাতৃঘাতী সংঘৰ্ষৰ আঁৰৰ পৃষ্ঠভূমি
মণিপুৰৰ ভাতৃঘাতী সংঘৰ্ষৰ আঁৰৰ পৃষ্ঠভূমি
মোৰ চুবুৰীয়া ৰাজ্য মণিপুৰ যোৱা মে’ মাহৰ
পৰা অগ্নিগৰ্ভা হৈ আছে। শৈশৱৰে পৰা চকুৰ চিনাকী মণিপুৰীসকলৰ আৱাসভূমি মণিপুৰ।
যদিওবা আজিলৈকে মণিপুৰত ভৰি থোৱাৰ সৌভাগ্য হোৱা নাই তথাপি মণিপুৰলৈ যোৱাৰ হেঁপাহ
এটাই অনবৰতে মনৰ মাজত ক্ৰিয়া কৰি আছে। বৰ্তমানৰ এই পৰিস্থিতিৰ পিছতো কিন্তু মণিপুৰলৈ যোৱাৰ হেঁপাহটোৰ
অলপো হেৰ-ফেৰ হোৱা নাই। এটা সময় বিদ্যালয়ৰ পাঠ্যপুথিত পঢ়া নেতাজী সুভাষ চন্দ্ৰ
বসুৰ আজাদ হিন্দ ফৌজৰ মণিপুৰ দখল ইতিহাসেও মণিপুৰৰ প্ৰতি থকা আগ্ৰহক নতুন মোৰ
দিছিল।
আনহাতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ঈয়াৰুইঙ্গমৰ পঠনে মণিপুৰৰ আগ্ৰহতো আৰু বঢ়াই তুলিলে। নতুনকৈ জানিছিলোঁ যে মণিপুৰৰ জনসংখ্যাৰ এক বৃহৎ অংশ নগাসকলেও আগুৰি আছে। সেইখন মণিপুৰৰে জনগাঁথনিৰ বিশেষত্বৰ বিষয়ে জনাৰ আগ্ৰহতে কিছু কিতাপৰ পাত লুটিয়াইছিলোঁ। জানিবলৈ সক্ষম হৈছিলো কোনোদিনে নজনা ৰাজ্যখনৰ বহুখিনি ইতিহাস।
মহাকাব্য মহাবভাৰতৰ পৃষ্ঠাইও আমাক মণিপুৰৰ বিষয়ে জানিবলৈ দিয়ে। কাহিনী অনুসৰি
যুধিষ্ঠিৰে আয়োজন কৰা অশ্বমেধ যজ্ঞৰ ঘোঁৰা বান্ধি ৰাখিছিল মণিপুৰৰ যুৱৰাজ
বব্ৰুৱাহনে। সেই বব্ৰুৱাহন আছিল তৃতীয় পাণ্ডৱ অৰ্জুনৰে পুত্ৰ। মণিপুৰী
ৰমণী চিত্ৰাঙ্গদাৰ সৈতে অৰ্জুনৰ প্ৰণয় আৰু বব্ৰুবাহনৰ জন্মৰ কাহিনী সৰুকালতে পঢ়িছিলোঁ। যি নিজৰ দেউতাকৰ সৈতে যুঁজত অৱতীৰ্ণ হোৱাৰ
বিষয়ে মহাভাৰতৰ কাহিনীয়ে আমাক কয়। আৰু আজি সেই চিত্ৰাঙ্গদাৰ দেশ মণিপুৰৰ বুকুত গঢ়
লৈ উঠা ভাতৃঘাতী সংঘৰ্ষই আপোনজনৰ তেজেৰে নিজ দেশৰে বুকু ৰঞ্জিত কৰি
তুলিছে।
আপোনজনৰ মাজত গঢ় লৈ উঠা ভুল বুজা-বুজিতে আজি মণিপুৰৰ
বুকুত মানৱতা ভুলুন্ঠিত হৈছে। একেখন ৰাজ্যত সমিল মিলেৰে বসবাস কৰা খিলঞ্জীয়া দুটা
বিশেষ নৃগোষ্ঠীৰ সাধাৰণ জনতাৰ মাজত গঢ়ি তোলা হৈছে অবিশ্বাস আৰু সংশয়ৰ এখন
দুৰ্ভেদ্য প্ৰাচীৰ। এনে পৰিস্থিতি এদিনতে গঢ় লৈ উঠা নাই যে সেয়া নিশ্চিতভাৱে
সত্য।
কিন্তু ৰজাৰ শাসনৰ দিনৰে পৰা একেলগে বসবাস কৰি অহা অতি
প্ৰাচীন নৃগোষ্ঠী মেইটে আৰু কুকিসকলৰ মাজত ক্ৰমে ক্ৰমে বাঢ়ি অহাৰ দূৰত্বৰ বিষয়ে
কি ইমান দিনে প্ৰশাসন তথা জনতাৰ দ্বাৰা নিৰ্বাচিত চৰকাৰসমূহে একোকে উমান পোৱা
নাছিল নে!!
আনহাতে নিৰ্বাচিত জনপ্ৰতিনিধি কিনা-বেচা কৰি প্ৰতিষ্ঠিত চৰকাৰকে
নিজৰ ইচ্ছা অনুসৰি ভঙা-পতা কৰা তথাকথিত ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতাসকলেও ইয়াৰ ভূ
নাপালেনে একো!!
সময়ৰ গতিময়তাত এদিন মনৰ সকলো দুৰ্ভাৱনা আৰু সংশয় হেৰাই যাব।
কিন্তু নিজৰ চকুৰ আগতে এনেকুৱা অমানৱীয় আৰু জঘন্য কাণ্ড দেখিও আমিবোৰ কিয় মৌন আৰু
মুক-বধিৰ হৈ পৰিছো বাৰু সাম্প্ৰতিক প্ৰেক্ষাপটত!!
কম্পিউটাৰতকৈও দ্ৰুতগতিত কাম কৰিব পৰা মগজু থকা প্ৰাণী হৈও
হিচাপে আমাৰ কৰণীয়খিনি কি আজিৰ প্ৰযুক্তিবিদ্যা নিৰ্ভৰ জীৱনে আমাৰ পৰা কাঢ়ি লৈ
গৈছে সম্পূৰ্ণৰূপে!!
অতিসম্প্ৰতি কেৱল ৰীল, ইনষ্টাগ্ৰাম, ফেচবুক আৰু টুইটাৰত
কেইটামান কমেন্ট, লাইক, শ্বেয়াৰ তথা ভিউৰ ওপৰতে আমাৰ জীৱনচক্ৰ নিৰ্ভৰশীল হৈ পৰিছে নে কি বাৰু!!
(১০ আগষ্ট ২০২৩/সৰভোগ)
************



