Thursday, 23 November 2023

বিজ্ঞান নে পৰম্পৰা..

 বিজ্ঞান নে পৰম্পৰাই আমাক জীৱনৰ প্ৰকৃত অৰ্থ অনুধাৱন কৰাত সহায় কৰে!!

 


ক অন্ধকাৰ ভৱিষ্যতৰ দিশে গৈ থকা নাইনে আমিবোৰ! নে নতুন পোহৰৰ সন্ধান কৰা সকলৰ সফলতালৈ আমি অপেক্ষাৰত!! উত্তৰ কোনে কাক দিব তাৰো কোনো নিশ্চিত উত্তৰ পাবলৈ নাই।

ভাৰতবৰ্ষত এদিন যদি জীৱন্ত অভিযন্তাসকলৰ দিৱস! আন এটা দিনত এচাম সুবিধাবাদী ভণ্ডই বিশ্বকৰ্মা নাম দিয়া এজন কাল্পনিক অভিযন্তাৰ পূজাত দেশ মচগুল। চৰকাৰী বা ব্যক্তিগত যিয়েও নহওক কিয় গৃহ এটা নিৰ্মাণৰ বাবে অভিযন্তাৰ সহায়ত নক্সা বনোৱাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ গৃহ সজাৰ আৰম্ভণিৰ দিনটোৰ বাবে শুভ দিন বাৰ চোৱাৰ লগতে ভূমি পূজন নামৰ নতুন বিশেষণীয় বিশেষণ এবিধৰ উদয় হৈছে সম্প্ৰতি ভাৰত বৰিষত। তাৰ পিছতো আমি বিশ্বৰ ভিতৰতে শক্তিশালী দেশ হিচাপে নিজকে প্ৰতিষ্ঠাৰ বাবে কাম কৰি থকা বোলাতো গছত গৰু উঠাৰ কথাৰ লেখীয়া হৈ পৰে।

আজিৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ সহায় লৈ যেতিয়া দেশৰ প্ৰাচীন কিছু অযুক্তিকৰ হাস্যস্পদ বতৰা সামাজিক মাধ্যমৰ জৰিয়তে বিলাই দিয়া হয়, তেতিয়া বাৰু এবাৰো নিজৰ গাত চিকুটি চোৱাৰ প্ৰয়োজনবোধ নকৰোঁ কিয় আমিবোৰে। আমাৰ দেশৰ ঐতিহ্যপূৰ্ণ প্ৰাচীন পৰম্পৰাই বিজ্ঞানৰ অগ্ৰগতিত শূণ্যটো দিয়াৰ বাহিৰে পৰৱৰ্তী দীৰ্ঘ সময়ত আজিকোপতি এটা বিৰাট শূণ্যতাৰ বাদে একোকে বুটলিবলৈ সক্ষম হোৱা নোহোৱা কথাষাৰ মানি লোৱাৰ সলনি সকলোতে হাস্যৰস সৃষ্টি কৰাৰ প্ৰয়োজন কিয়! ইতিমধ্যেই আমাৰ সাহিত্যৰাজিত হাস্যৰস ভৰপূৰ হৈ আছে।

আনহাতে বিজ্ঞানৰ যুক্তিপূৰ্ণ সত্যতাক মানি লোৱাৰ সলনি আমি যে ব্যস্ত প্ৰাচীন ঐতিহ্যৰ সন্ধানৰ নামত অযুক্তিকৰ পৰম্পৰাৰ জয় গান গোৱাত। এইক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ দায়িত্বও কিমান আৰু কত সেয়া বিচাৰ কৰাতো বৰ্তমান পৰ্বতত কাছৰ কণী বিচৰা লেখীয়া হৈ পৰিছে।

ইমানৰ পিছতো আমাক যেতিয়া ধৰ্মৰ বেপাৰী আৰু নিজকে স্বয়ম্ভূ বিজ্ঞানী বোলোৱা ঠগ-প্ৰবঞ্চকে বেমাৰ পথ্য হিচাপে গৰুৰ গোবৰ কিম্বা গৰুৰ মূত গ্ৰহণ কৰিবলৈ কয় আৰু  এইদৰে কোৱাসকলক চৰকাৰী পৃষ্ঠপোষকতা দিয়া হয়, তাতেই স্পষ্টকৈ প্ৰকট হৈ পৰে দেশৰ ৰাজনৈতিক-প্ৰশাসনিক তথা সমাজিক জীৱনৰ পঁয়া লগা অৱস্থাটো। দেশৰ সাধাৰণ জনতাৰ গৰিষ্ঠ সংখ্যকৰে কৰ্ম তথা চিন্তা-ভাৱনাৰ গঢ়-গতিয়েও স্পষ্ট কৰি তোলে দেশৰ পূতৌলগা শিক্ষা ব্যৱস্থাৰ ছবিখন। প্ৰতি বছৰে চৰকাৰী তথ্যত গঢ় স্বাক্ষৰতাৰ হাৰ বাঢ়িলেও যে দেশত প্ৰকৃত স্বাক্ষৰ লোক কিমান সেয়া নকলেও সকলোৰে নখ দৰ্পণত

তাৰ পিছটো কেৱল কাগজে-কলম আৰু ভাষণবাজীৰে বিশ্বগুৰু হবলৈ যোৱা ভাৰতবৰ্ষৰ বাসিন্দা হিচাপে নিজকে যেতিয়া চুবুৰীয়া থাইলেণ্ড কিম্বা ছিংগাপুৰৰ সাধাৰণ জনতাৰ সৈতে তুলনা কৰি চাবলৈ যাওঁ আপোনা আপুনি হাঁহি উঠে নিজৰ ওপৰতে।

 

 (১৮ ছেপ্টম্বৰ ২০২১)

*************

No comments:

Post a Comment