Saturday, 30 December 2023

প্ৰসংগান্তৰত বিষ্ণুপ্ৰসাদ ৰাভা

কলাগুৰুৰ আৰু অসমীয়া জাতীয় জীৱনৰ বিষয়ে

বৰ অসমৰ ধাৰণাৰে বৃহত্তৰ অসমীয় জাতিৰ খনিকৰ পৰিচিতি লাভ কৰা বিষ্ণু ৰাভাৰ অসমীয়া জাতি গঠনত থকা অপৰিসীম অৱদান আৰু মৃত্যু পৰ্যন্ত জাতিটোৰ মংগল আৰু একতাৰ হকে যুঁজ দি যোৱা মানসিকতাক আমি আজিৰ সময় তথা সমাজে দকৈ আকৌ এবাৰ ভাবি চাবৰ হ'ল। অসমৰ যুগ যুগ ধৰি শোষিত আৰু প্ৰান্তীয় সমাজৰ অধিবাসী হিচাপে বসবাস কৰা জাতি-জনগোষ্ঠীসমূহৰ মনৰ মাজত জ্বলি থকা ক্ষোভৰ জুই কুৰাৰ উমান পোৱা ৰাভাই লিখিছিল- 

অসমৰ অত্যাচাৰিত আৰু অৱনত জাতিসমূহক আন আন উন্নত জাতিৰ লগত একে আসনতে ঠাই দিবলৈ অসমৰ প্ৰত্যেক ৰাজনীতিক আৰু সমাজনেতাসকলে এতিয়াৰে পৰা চেষ্টা কৰা উচিত। তাকে নকৰিলে অৱনত জাতিসমূহৰ বুকুত বিদ্ৰোহৰ অগনি জ্বলাই  আৰু অসমত এটা গৃহকন্দলৰ বাহ সাজি দিয়া হব। (ইন্দিবৰ দেউৰী, বিষ্ণু ৰাভা আৰু জনজাতীয় উত্থান, বিষ্ণুৰাভাঃ চিন্তা আৰু চেতনা –সম্পাদনা ৰজনীকান্ত দাস, পৃ. ১৩)

ৰাভাৰ স্বকীয়তা আৰু জনতাৰ প্ৰতি থকা টানৰ প্ৰসংগত গোবিন্দ প্ৰসাদ শৰ্মাই এইদৰে উল্লেখ কৰিছে -

হিন্দু ধৰ্মৰ অনেক দেৱ-দেৱীৰ মাজৰ শিৱৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত ৰাভা, শিৱৰ তাণ্ডৱ নৃত্য নৰ্তন কৰি ভালপোৱা ৰাভাই শিৱৰ দৰে জনতাৰ মংগলৰ বাবে হলাহল বিষ পান কৰি নীলকন্ঠ হৈ ওলাই আহিব পাৰিছিল। (বিষ্ণু ৰাভাৰ অসমীয়া জাতি, পৃ.১৫৮)

আমি যিমানেই হিন্দু ধৰ্মৰ ক্ষেত্ৰত উদাৰতা নেদেখুৱাও কিয় বিষ্ণু ৰাভাও হিন্দু ধৰ্মৰ ৰক্ষণশীল পৰম্পৰাৰ সন্মুখীন হ'বলগীয়া হৈছিল বিভিন্ন সময়ত, একমাত্ৰ জনজাতীয় ঘৰত জন্ম লোৱাৰ বাবেই। এই ক্ষেত্ৰত বৰপেটা কীৰ্তনঘৰৰ ভিতৰ প্ৰৱেশৰ বিষয়ে পুৰোষোত্তম দাসৰ প্ৰৱন্ধৰ উল্লেখেৰে বিজনলাল চৌধুৰীয়ে এইদৰে লিখিছে –

কিন্তু তেওঁ কেৱল শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰতিভাত মুগ্ধ হৈ অসমৰ শংকৰী ধৰ্মৰ অনুৰাগী ধৰ্মপ্ৰাণ নেতৃবৃন্দৰ ৰক্ষণশীলতাৰ আঘাতো যে সহ্য কৰিবলগীয়া হোৱা নাছিল তেনে নহয়। প্ৰয়াত সংগীতশিল্পী পুৰুষোত্তম দাসে লিখা এটি প্ৰৱন্ধত উল্লেখ আছে যে বৰপেটাত বিষ্ণু ৰাভায়ো ত্ৰিশৰ দশকত কীৰ্তনঘৰত প্ৰৱেশ অধিকাৰ পোৱা নাছিল। কাৰণ তেওঁ কীৰ্তনঘৰৰ ভিতৰফালে কি কি আছে বা উপাসনা গৃহত গুৰু আসন কিদৰে সজোৱা আছে সেই দৃশ্য চাবৰ বাবে বৰ আকুল হৈ উঠাত পুৰুষোত্তম দাসে তেওঁৰ কেবাজনো সহযোগী লগত লৈ ৰাতি মনে মনে বিষ্ণু ৰাভাক কীৰ্তনঘৰৰ ভিতৰলৈ নিয়াতহে তেওঁ দৃশ্যৰাজি দেখা পাই নয়ন সাৰ্থক কৰিছিল। অৱশ্যে এই ঘটনাই শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি গভীৰ শ্ৰদ্ধাশীল আৰু শিল্পী প্ৰাণ বিষ্ণু ৰাভাৰ মনত কি প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰে সেয়া সহজে অনুমেয়। (বিজনলাল চৌধুৰী, ৰূপান্তৰৰ শিল্পী সৈনিক বিষ্ণুপ্ৰসাদ ৰাভা, সম্পা – ৰজনীকান্ত দাস, পৃ.৩৮)


****************

No comments:

Post a Comment