Sunday, 2 March 2014

ইয়াৰুইঙ্গম


বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ইয়াৰুইঙ্গমত প্ৰতিফলিত টাংখুল সমাজ জীৱনৰ চিত্ৰ আৰু উপন্যাসখনৰ ঐতিহাসিক সত্যতা

ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত, অৰ্থনৈতিক দিশত পিছপৰা এখন ৰাজ্য অসম। কিন্তু সাহিত্য-সাংস্কৃতিৰ দিশত এই ৰাজ্যখন প্ৰাচীন কালৰে পৰা অতি চহকী। বৈচিত্ৰ্যতাৰ মাজত ঐক্য বিৰাজ কৰা এই ভূমিখণ্ডত অতীজৰে পৰা নানান জাতি-জনজাতিয়ে সমিল-মিলেৰে বসবাস কৰি আহিছে। ৰাজ্যখনৰ সমাজনীতি, অৰ্থনীতি তথা সাহিত্য-সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰলৈ এই জাতি-জনজাতিসমূহে উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। এই জাতি-জনজাতিসমূহৰ নিজা নিজা সামগ্ৰীক জীৱন ধাৰণ পদ্ধতিতো বৈচিত্ৰ্যতাৰ সমাৱেশ মন কৰিব লগীয়া। পুৰণি বৰ অসম বা বৰ্তমানৰ অসম আৰু ইয়াৰ চুবুৰীয়া ৰাজ্য কেইখনত আমি জনজাতীয় লোকৰ বসবাসৰ প্ৰাধান্যতাই (যদিও বৰ্তমান এই ৰাজ্য কেইখনত কম-বেছি পৰিমাণে বহিৰাগত শক্তিৰ প্ৰব্ৰজনেই অধিক) দেখা পাও। কিন্তু এই প্ৰাধান্যতা তথা বৈচিত্ৰ্যতাৰ অনুপাতে জনজাতীয় জীৱন ভিত্তিক সাহিত্যৰ সংখ্যা অসমীয়া সাহিত্যত লক্ষণীয়ভাৱে কম। বৈচিত্ৰ্য তথা সমন্বয়ৰ এক অদৃশ্য সাঁকো সৰ্বদা বিদ্যমান বুলি সততে বিভিন্নজনে আওৰাই থকা এই অঞ্চলটোৰ জনজাতিসমূহৰ বিভিন্নতা আৰু পৰিসংখ্যাৰ অনুপাতে, সাহিত্যৰ অন্যান্য বিভাগলৈ নগৈ উপন্যাসৰ ক্ষেত্ৰত লক্ষ্য কৰিলেই আমাৰ দৃষ্টি গোচৰ হয় যে অসমীয়া সাহিত্যত জনজাতীয় জীৱনভিত্তিক উপন্যাসৰ সংখ্যা আঙুলিৰ মূৰত গণিব পাৰি। তথাপি  ১৮৯৫ চনতে মিৰিজীয়ৰী উপন্যাসৰ মাধ্যমেৰে, ৰজনীকান্ত বৰদলৈৰ কাপেৰে শুভাৰম্ভ হোৱা জনজাতীয় অসমীয়া উপন্যাস ৰচনাৰ ধাৰাটোৱে যোৱা শতিকাকেইটাৰ সৈতে খোজ মিলাই ক্ৰমে ক্ৰমে অসম আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যকেইখনৰ বিভিন্ন জনগোষ্ঠীসমূহক কেন্দ্ৰ কৰি যি বিস্তৃতি লভিছে, তাতো আমি অসম আৰু ইয়াৰ চুবুৰীয়া ৰাজ্য অৰুণাচল, মেঘালয় আৰু নাগালেণ্ডৰ নিৰ্দিষ্ট দুটামান জনজাতিৰ জীৱনৰহে প্ৰতিফলন দেখা পাও। অসমীয়া উপন্যাস সাহিত্যৰ দোকমোকালিতে মিৰিজীয়ৰীৰে আৰম্ভ হোৱা জনজাতীয় জীৱন ভিত্তিক অসমীয়া উপন্যাসৰ ধাৰাটোৰ দ্বিতীয়খন উপন্যাসলৈ আমি প্ৰায় অৰ্ধ-শতিকা সময় অপেক্ষা কৰিব লগীয়া হয়। এই দ্বিতীয় উপন্যাসখন প্ৰকাশ হয় ১৯৪৪ চনত মিচিং সমাজ জীৱনৰ পটভুমিত ৰচিত তৰুণচন্দ্ৰ পামেগামৰ সমাজৰ শেষ সীমাত শিৰোনামেৰে। ইয়াৰ পৰৱৰ্তী সময়ত ক্ৰমে বিষ্ণুপ্ৰসাদ ৰাভা, উমাকান্ত শৰ্মা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, প্ৰফুল্ল দত্ত গোস্বামী, যোগেশ দাস, তৰুণতন্দ্ৰ পামেগাম, ৰাজেন পাম, বিৰজানন্দ চৌধুৰী, অমূল্য বৰুৱা, যাদৱ ফুকন, কৈলাস শৰ্মা, নগেন্দ্ৰনাথ বৰুৱা, স্বৰ্ণ বৰা, ৰংবং তেৰাং, ভবেনচন্দ্ৰ পেগু, লুম্মেৰ দাই, ডিম্বেশ্বৰ বৰা, ইন্দ্ৰেশ্বৰ পেগু, গণেশ পেগু, যতীন মিপুন, য়েছে দৰজে ঠংচি, জয়ন্ত ৰংপি, পৰমানন্দ ৰাজবংশী, ধ্ৰুৱজ্যোতি বৰা, বগাৰাম নাথ, অনিল ফুকন, কেংচাম কেংলাং, ৱাংচাম জংচাম, শাৱন্তী পেগু, ধনদা দেৱী আদি ঔপন্যাসিকৰ হাতত ধৰি জনজাতীয় অসমীয়া উপন্যাসৰ ধাৰাটোৱে বৰ্তমান এক সন্তুষজনক অৱস্থাত উপনীত হৈছেহি। এই ধাৰাটোৰে উপন্যাসসমূহৰ ভিতৰত এখন উল্লেখযোগ্য সৃষ্টি হল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ, সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাস ইয়াৰুইঙ্গম। বৰ্তমানৰ নাগালেণ্ড ৰাজ্যত বসবাস কৰা, উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ বেছি চৰ্চিত তথা আলোচিত জনজাতি নগাসকলৰ বিভিন্ন ফৈদৰ মাজৰে এটা অন্যতম ফৈদ টাংখুল নগাসকলৰ সমাজ জীৱনৰ পটভূমিত ৰচিত ইয়াৰুইঙ্গম প্ৰকাশ হয় ১৯৬০ চনত। উপন্যাসখনৰ আলোচনালৈ যোৱাৰ আগতে আমি ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষয়ে এক চমু আলোচনা কৰা দৰকাৰ।

ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য :

    যোৰহাটৰ ঢেকীয়াখোৱা গাঁৱৰ নিবাসী শশীধৰ ভট্টাচাৰ্যৰ কৰ্মক্ষেত্ৰ শিৱসাগৰৰ চাফ্ৰাই চাহ বাগানত ১৯২৪ চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম হয়। পাঠশালা নিম্ন শ্ৰেণীত মহাপুৰুষ শংকৰদেৱৰ বিষয়ক কবিতাৰে আৰম্ভ কৰা সাহিত্যিক জীৱনত আমি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কলমৰ পৰা গল্প, উপন্যাস, কবিতা, অনাতাঁৰ নাট, জীৱনী গ্ৰন্থ, ভ্ৰমণ কাহিনী, সাহিত্য-সংস্কৃতি বিষয়ক, অনূদিত তথা সম্পাদিত গ্ৰন্থৰ উপৰিও বাঁহী, দৈনিক অসমীয়া, ৰামধেনু, সাদিনীয়া নৱযুগ আদি আলোচনীৰ পাতত লিখা সম্পাদকীয় আৰু সাহিত্য, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, ধৰ্ম আদি বিভিন্ন বিষয়ক প্ৰবন্ধ পঢ়িবলৈ পাওঁ। যিয়ে অসমীয়া সাহিত্যৰ ভড়াঁল চহকী কৰাত এক উল্লেখযোগ্য অৱদান আগবঢ়াইছে।


অন্যান্য সাহিত্যৰাজিক বাদ দিলেও ঔপন্যাসিক হিচাপে আমি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কলমৰ পৰা উলোৱা ১৯খন উপন্যাস পঢ়িবলৈ পাওঁ। এই উপন্যাসসমূহৰ প্ৰায়বোৰ উপন্যাসতেই ৰাজনৈতিক চেতনা স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে। যিকেইখনত ৰাজনৈতিক চেতনা দেখা পোৱা নাযায় তাতো সামাজিক চেতনা স্পষ্ট ৰূপত প্ৰতিভাত হোৱা আমি দেখা পাও। তেওৰ উপন্যাসসমূহ মূলতঃ সমসাময়িক ঘটনাৰ পটভূমিত ৰচিত হৈছে। উপন্যাসসমূহৰ কাহিনী বিশ্লেষণ কৰিলে দেখা পাও যে -১৯৪২ চনৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ৰূপ, নগাসকলৰ ৰাজনৈতিক জাগৰণ তথা আৰ্থ-সামাজিক অৱস্থাৰ ছবি, তৈল নগৰী ডিগবৈৰ বনুৱা ধৰ্মঘট, অসমৰ চাহ বাগানৰ বনুৱাৰ অৱস্থা, অসমৰ গাও অঞ্চলৰ ধ্বংসমুখী ৰূপ, বাংলাদেশৰ মুক্তিযুদ্ধ,চীন-ভাৰতৰ যুদ্ধ, ভাৰত-পাকিস্তানৰ যুদ্ধ, অসমৰ ভাষা আন্দোলন আদিক কেন্দ্ৰ কৰি তেখেতৰ উপন্যাসসমূহ ৰচিত হৈছে। আনহাতে উপন্যাসসমূহৰ কাহিনীৰ বিশ্লেষণত আমি দেখা পাও যে ঔপন্যাসিক ভট্টাচাৰ্যৰ মনত ক্ৰিয়া কৰা বিভিন্ন কাৰকে উপন্যাসবোৰৰ কাহিনীতো ক্ৰিয়া কৰিছে। বহু ক্ষেত্ৰত ঔপন্যাসিকৰ জীৱন দৰ্শনে উপন্যাসৰ কাহিনীত প্ৰভাৱ বিস্তাৰ কৰিছে। তেখেতৰ উপন্যাসকেইখন ৰচনাৰ ক্ৰম অনুসৰি হল –
১. ৰাজপথে ৰিঙিয়াই (১৯৫৫), ২. আই (১৯৬০), ৩. ইয়াৰুইঙ্গম (১৯৬০), ৪. শতঘ্নী (১৯৬৫), ৫. নষ্ট চন্দ্ৰ (১৯৬৮), ৬. শৰতকোঁৱৰ (পোহৰ, ১৯৬৯), ৭. মৃত্যুঞ্জয় (১৯৭০), ৮. প্ৰতিপদ (১৯৭০), ৯. চিনাকি সুঁতি (১৯৭১), ১০. অগ্নিগড় (আমাৰ প্ৰতিনিধি, ১৯৭১), ১১. কবৰ আৰু ফুল (১৯৭২), ১২. বল্লৰী (১৯৭৩), ১৩. ৰঙামেঘ (১৯৭৬), ১৪. ডাইনী (১৯৭৬), ১৫ ফুলকোঁৱৰৰ পখী ঘোঁৰা (প্ৰকাশ, ১৯৭৮), ১৬. মুনিচুনিৰ পোহৰ (১৯৭৯), ১৭. কালৰ হুমুনিয়াহ (১৯৮২), ১৮. চতুৰঙ্গ (ভাৰতী, টব আৰু ইডা, পৰিব্ৰাজক আৰু এটি নিশা – এই চাৰিখন উপন্যাসিকাৰ সংকলন, ১৯৮৭), ১৯. প্ৰেম আৰু মৃত্যু (১৯৯২)।  
    এই উপন্যাস কেইখনৰ বিশ্লেষণত দেখা যায় যে – ভট্টাচাৰ্যৰ প্ৰথম উপন্যাস ৰাজপথে ৰিঙিয়াইত উপন্যাসৰ নায়ক মোহনে ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ প্ৰথম দিনটোতে অনুভৱ কৰিছে যে এই স্বাধীনতা প্ৰকৃত স্বাধীনতা নহয় এয়া এমুঠি মানুহৰহে স্বাধীনতা। সেয়েহে এই ঐতিহাসিক দিনটো উদযাপনৰ বাবে পতা ৰাজহুৱা সভাত স্বাধীন অসমৰ মন্ত্ৰীয়ে দিব লগা ভাষণৰ ঠাইত মোহনে এই স্বাধীনতাৰ বিৰুদ্ধে বিপ্লৱী বক্তৃতা আৰম্ভ কৰিছে। নায়ক মোহনৰ দেশৰ দলিত-পীড়িত তথা শোষিতসকল আৰু বনুৱাৰ প্ৰতি যি সহানুভূতিৰ আদৰ্শ ঔপন্যাসিকে অংকন কৰিছে তাত আমি মাৰ্ক্সবাদী আদৰ্শৰ প্ৰতিৰূপ দেখা পাও। ঔপন্যাসিকৰ মাৰ্ক্সবাদৰ প্ৰতি থকা আনুগত্যই নায়ক মোহনৰ জৰিয়তে উপন্যাসখনত প্ৰতিফলিত হোৱা যেন বোধ হয়। ভট্টাচাৰ্যৰ মাৰ্ক্সবাদৰ প্ৰতি থকা এই আস্থা বা আনুগত্য আমি দেখা পাও তেখেতৰ ১৮৩৮-৩৯ৰ ডিগবৈৰ তেল কোম্পানীৰ বনুৱা ধৰ্মঘটক কেন্দ্ৰ কৰি ৰচনা কৰা প্ৰতিপদ উপন্যাসত। ডিগবৈৰ তেল শোধনাগাৰৰ যি ঐতিহাসিক ধৰ্মঘট তাৰে বাস্তৱ ৰূপ উপন্যাসখনত চিত্ৰিত কৰাৰ প্ৰয়াস কৰিছে। উপন্যাসখনত অংকন কৰা ধৰ্মঘটৰ এজন সৎ, নিষ্ঠাবান কৰ্মী চেটাৰ্জী চৰিত্ৰটোৰ প্ৰতি লক্ষ্য কৰিলে ধাৰণা হয় চেটাৰ্জীৰ আদৰ্শই যেন ঔপন্যাসিকৰ আদৰ্শ। কিন্তু এই মাৰ্ক্সবাদী আদৰ্শৰ প্ৰভাৱ, ইয়াৰ প্ৰতি আস্থা আমি ভট্টাচাৰ্যৰ পৰৱৰ্তী উপন্যাসসমূহত দেখা নাপাও। ভট্টাচাৰ্যৰ তৃতীয় উপন্যাস ইয়াৰুইঙ্গমত ঔপন্যাসিকৰ গান্ধীবাদী অহিংস দৰ্শন আৰু সুভাষ বসু নেতৃত্বাধীন হিংসাত্মক দৰ্শনৰ প্ৰতি থকা সমৰ্থনৰ চিত্ৰ প্ৰতিফলিত হৈছে। সেই একে চিত্ৰ দেখা পাও আমি মৃত্যুঞ্জয় উপন্যাসতো। গোবিন্দ প্ৰসাদ শৰ্মাৰ ভাষাৰে – ইয়াৰুইঙ্গম যেনেকৈ নগাপাহাৰৰ তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰ হিংসাত্মক তথা অহিংস আন্দোলনৰ বাহ্যিক সংঘাত আৰু সংঘৰ্ষক লৈ ৰচিত তেনেকৈ মৃত্যুঞ্জয় অসম তথা ভাৰতৰ স্বাধীনতা আন্দোলনৰ হিংসাত্মক আৰু অহিংস আন্দোলনে অন্তৰ্জগতত সৃষ্টি কৰা সংঘাতক লৈ ৰচিত। (ঠাকুৰ, ২০০০, পৃ. ৪৩১-৪৩২)
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসত প্ৰতিফলিত অন্যটো দিশ সামাজিক চেতনা আই, নষ্টচন্দ্ৰ, মুনিচুনি পোহৰ আদি উপন্যাসসমূহত পোৱা যায়। আনহাতে তেখেতৰ চিনাকি সুঁতি আৰু ডাইনী উপন্যাস দুখনত নাৰী চৰিত্ৰৰ প্ৰাধান্য স্পষ্ট। ফুলকোঁৱৰৰ পখী ঘোঁৰা উপন্যাসত ভাৰতৰ স্বাধীনতা লাভৰ আগমুহূৰ্তৰ গুৱাহাটী মহানগৰীৰ সমাজ-জীৱনৰ বাস্তৱ চিত্ৰ চিত্ৰিত হৈছে। বাংলাদেশৰ মুক্তিসংগ্ৰামৰ পৰিপ্ৰেক্ষিতত ৰচিত কবৰ আৰু ফুল উপন্যাসত যুদ্ধই নিৰীহ জনসাধাৰণৰ জীৱনলৈ মাতি অনা কৰুণ অৱস্থাৰ বৰ্ণনা পোৱা যায়। ভট্টাচাৰ্যৰ ৰঙা মেঘ উপন্যাসত সমাজৰ আওকলীয়া ৰীতি-নীতি আৰু অৰ্থনৈতিক ব্যৱস্থাৰ বিৰুদ্ধে জনসাধাৰণৰ সংগ্ৰাম আমি দেখা পাও। কালৰ হুমুনিয়াহ উপন্যাসত চিত্ৰিত হৈছে উজনি অসমৰ চাহ বাগিচাৰ শ্বেতাঙ্গ শাসকৰ শাসন আৰু শোষণৰ বিৰুদ্ধে কৰা বনুৱাসকলৰ বিদ্ৰোহ। ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ সময়ত অসমত সৃষ্টি হোৱা ভয়-ভীতিজনক পৰিৱেশৰ পটভূমিত ৰচিত হৈছে শতঘ্নী উপন্যাসখন। এইদৰেই আমি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসসমূহত সমসাময়িক বিভিন্ন ঘটনা প্ৰৱাহৰ মাজেৰে এহাতেদি ৰাজনৈতিক চেতনা আৰু আনহাতেদি সামাজিক চেতনাৰ প্ৰকাশ দেখা পাও।


ইয়াৰুইঙ্গমত প্ৰতিফলিত টাংখুল নগা সমাজখন :

ভাৰতবৰ্ষৰ স্বাধীনতাৰ ঠিক আগমুহূৰ্তৰ দ্বিতীয় বিশ্বযুদ্ধৰ ঢৌৱে চুই যোৱা নগাভূমিৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক জীৱনধাৰাৰ জীৱন্ত চিত্ৰ অংকিত হোৱা ইয়াৰুইঙ্গম উপন্যাসখনত আমি টাংখুল নগা সমাজৰ ৰীতি-নীতি, ধৰ্মীয় দিশ আদিৰ লগতে তেওলোকৰ দৈহিক ৰূপৰ বৰ্ণনাও পাও। নগা জীৱনৰ পটভূমিত ৰচিত উপন্যাসখনৰ কাহিনীটো সেই সময়ৰ নগা পাহাৰ জিলাৰ মণিপুৰ সীমান্তৱৰ্তী টাংখুল নগা অধ্যুষিত এটা যুদ্ধ বিধস্ত অঞ্চলৰহে, ইয়াক আমি সমগ্ৰ নগাভূমিৰ কাহিনী হিচাপে বিবেচনা কৰিব নোৱাৰো। ঔপন্যাসিকে নাজেকৰ মাজেৰে টাংখুল নগাৰ দৈহিক ৰূপৰ বৰ্ণনা দিছে এইদৰে –
তাৰ চেহেৰাটো দৈত্যৰ দৰে। চুলিকোচা সাইলাখ টাংখুলৰ দৰে কটা। পিচফালৰ টিকনিডাল পৰা, কাণৰ ওপৰলৈ ভালেমান ঠাই চুলি চাটি থোৱা আছে। কাণৰ বিন্ধাৰ পৰা দুটা ডাঙৰ পিতলৰ আঙুঠি ওলমি পৰিছে। চুলিবোৰ ডাঠ, চুটি আৰু ওখ। ডিঙিত এধাৰ মুণ্ডমালা। (ভট্টাচাৰ্য, ২০০৩, পৃ. ৫১-৫২)
হাডচনৰ মতে – এখন ভাল উপন্যাসে এখন সমাজৰ ভল-বেয়া, ৰীতি-নীতি, সংগ্ৰাম-ভাগ্য আদি সকলোখিনি প্ৰতিফলিত কৰে। (Hudson, p.132) হাডচনৰ এই উক্তিষাৰি আমি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ইয়াৰুইঙ্গমত সুন্দৰভাৱে প্ৰতিফলিত হোৱা দেখা পাও। নগা সমাজৰ অৰ্থনৈতিক বুনিয়াদ হৈছে কৃষিভিত্তিক। জীৱন নিৰ্বাহৰ কাৰণে নগাসকলে খেতি পথাৰত কঠোৰ শ্ৰম কৰে। ইয়াৰুইঙ্গমৰ বিভিন্ন ঠাইত আমি টাংখুল নগাসকলৰ কৃষি-কৰ্মৰ বৰ্ণনা পাও। তেওলোকৰ কৃষি তথা মাটিৰ প্ৰতি থকা টানৰ বৰ্ণনা ঔপন্যাসিকৰ ভাষাৰে –
গাৱৰ ছোৱালীবোৰৰ গীত শুনি হঠাতে সেইবাবে তাৰ ( খাটিঙৰ ) মন গল পথাৰলৈ যাবলৈ। তাৰ মনত হল যেন জীৱন আচলতে পথাৰৰ সেই খেতি কৰি থকা মানুহবোৰৰ মাজতে লুকাই আছে। (পৃ. ২৩)
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়বোৰ জনজাতীয় সমাজৰে এক অবিচ্ছেদ্য অংগ হল ডেকা চাং আৰু গাভৰু চাঙৰ ব্যৱস্থা। এই ডেকা চাং আৰু গাভৰু চাঙত ক্ৰমে অবিবাহিতা ডেকা-গাভৰুবিলাক থকাটো জনজাতীয় সমাজৰ এক অলিখিত নিয়ম কিন্তু, কিছু সীমাৱদ্ধতাৰ মাজত ডেকা চাঙলৈ গাভৰু বা গাভৰু চাঙলৈ যুৱকেও আহ্-যাহ্ কৰিব পাৰে। উপন্যাসখনত খুটিংলাহঁত থকা গাভৰু চাঙলৈ ৰিশ্বাং, জীৱন, খাটিঙহঁত অহা-যোৱা কৰাটোৰে ঔপন্যাসিকে তাৰে আভাস দিছে।
টাংখুল সমাজত প্ৰচলিত মৃত্যু আৰু শৱ দেহ সৎকাৰ সম্পৰ্কীয় ৰীতি-নীতি আৰু বিশ্বাসৰ কথা আমি ইয়াৰুইঙ্গমৰ পাতত পাও। তেওলোকে বিশ্বাস কৰে যে ছিৰই পৰ্বতৰ নামনিয়েদি মৃতকৰ ভুতটো গৈ কাজাইৰাম বা স্বৰ্গ পায়গৈ। সাধাৰণতে দেহৰপৰা পখিলা বা মৌমাখিৰ ৰূপত ওলাই যোৱা আত্মাটো কাজাইৰাম পোৱাৰ পাছত এই ধ্বংসমুখী পৃথিৱীৰ কথা পাহৰি চৰম শান্তি লাভ কৰে। মৰাৰ আগে আগে টাংখুল সমাজত মৃতকৰ এজন থিলা কাপো বা আধ্যাত্মিক উত্তৰাধিকাৰী নিৰ্বাচিত কৰা হয়। এই উত্তৰাধিকাৰীয়ে মৃত্যুৰ পিছৰ পূজা-পাতলসমূহত মৃতকৰ প্ৰতিনিধি হিচাপে মৃতকৰ স্বৰ্গ-মুক্তিৰ ব্যৱস্থা কৰে বুলিও তেওলোকৰ বিশ্বাস। এই উত্তৰাধিকাৰীজনক মৃতকৰ পূৰ্বপুৰুষৰ আত্মাই চিনি পোৱাটো প্ৰয়োজনীয় কথা। কাথি কাচাম বা বৰভোজ নোহোৱা পৰ্যন্ত মৃতকৰ ভূতটো গাৱতে থাকে বুলি তেওলোকৰ বিশ্বাস। সেয়েহে মৃতকৰ সৎকাৰৰ পৰা বৰভোজ নোহোৱা পৰ্যন্ত এই কেইদিন কবৰত বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে মদ-মাংস দি থকাটো নিয়ম। উপন্যাসখনত এজন প্ৰকৃত নিষ্ঠাবান নগাৰ ৰূপত অংকন কৰা বুঢ়া নাজেকে মৃত্যু শয্যাত পৰিও তেওৰ দেহ সৎকাৰৰ দিনাৰ পৰা জানুৱাৰী মাহৰ কাথি কাচাম ভোজলৈকে যেনে তেনে কামিঅ দেৱতাৰ পূজা কৰিবৰ বাবে ঙাঠিঙখুইহতক বাৰে বাৰে অনুৰোধ জনাইছে আৰু কৈছে যে –
কাথি কাচাম ভোজৰ দিনলৈকে মই তহতৰ লগত থাকিম। সেই দিনলৈকে যেন মোক তহতে কোনো ধৰণৰ অশান্তি নিদিয়। (ভট্টাচাৰ্য, ২০০৩, পৃ. ৭২)
ৰোগীৰ আৰোগ্য বাবে কামিঅপূজা কৰা, গাৱৰ উৎসৱ-পাৰ্বণ, মহামাৰী আদিত গেনা পালন কৰা, ভূত-প্ৰেত আদিয়ে মৃত্যৰ আগজাননী দিয়া, মৃতকৰ শ্ৰাদ্ধত মহ বলি দিয়া আদি বিভিন্ন ধৰ্মীয় বিশ্বাসৰ চিত্ৰও উপন্যাসখনত সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। নগা সমাজত এসময়ত প্ৰচলিত মূৰ কটা প্ৰথাৰ আভাসো উপন্যাসখনত এইদৰে পোৱা যায় –
সি (ভিডেচেলীয়ে) লাহে লাহে মন কৰিলে, কাষৰ নাজেকৰ ঘৰটোৰ মুখৰ বেৰখনত কিছুমান মৰা মানুহৰ মূৰ জিলিকি আছে। মনে মনে মূৰ কেইটা গণি সি মুখেৰে অস্ফুট ভাৱেৰে কলে, বাইশটা।’”
আকৌ আনহাতে ৰিশ্বাঙে কলিকতাত থকা সময়ছোৱাত লগ পোৱা চঞ্চল আৰু শ্যামলী উপকাহিনীটোৰ মাজেৰে ভাৰতবৰ্ষৰ অন্য প্ৰান্তত এসময়ত নগা মাত্ৰেই মানুহৰ মূৰ কটাত অভ্যস্ত বুলি যি ভুল ধাৰণা আছিল সেয়া স্পষ্ট কৰি দেখুৱাইছে এইদৰে –
“‘আপুনি তেনেহলে মূৰ কটা নগাৰ বংশধৰ– আতঙ্কত শ্যামলীয়ে সুধিলে।
ৰিশ্বাঙৰ খং উঠিল, ভয় নাই, তোমালোকৰ নেকাটো।
.....শ্যামলীয়ে কলে, আমাৰ মাজত এটা ভুল ধাৰণা আছে যে নগা মাত্ৰেই মূৰ কটাত অভ্যস্ত।’” (ভট্টাচাৰ্য, ২০০৩, পৃ. ১৫৫)
ভাগ্যবাদী দৃষ্টিভংগীৰ লগতে পাপ-পূণ্যৰ সামাজিক সংস্কাৰো নগা সমাজত আছে। বেমাৰ হলে ডাক্তৰৰ ওচৰলৈ যোৱাতকৈ জৰা-ফুকা আৰু পূজা-পাতলতহে তেওলোকে অধিক গুৰুত্ব দিয়ে। সেয়েহে ওচৰৰ গাৱবোৰত বৰ আই ওলাওতে যেতিয়া ফানিটফাঙহতৰ চোতালত ৰাইজে মেল পাতি মিশ্যনেৰীয়ে দিয়া ছিটা বা প্ৰতিষেধক লবলৈ ৰিশ্বাঙৰ পৰমৰ্শ লৈছে তেতিয়া ঔপন্যাসিকৰ ভাষাৰে নাজেকে আকৌ সাত পুৰুষত নোহোৱা কথা এটা গ্ৰহণ কৰিবলৈ ৰাজী হোৱা নাই। গাৱৰ খুলকপা বা গাও বুঢ়া ঙাঠিঙখুয়ে যেতিয়া ছিটা লোৱাৰ সপক্ষে ৰায় দিছে তেতিয়াও নাজেকে অসন্তুষ্ট হৈ সুধিছে তয়ো ছিটা লবলৈ কৈছ! (ভট্টাচাৰ্য, ২০০৩, পৃ. ৩৮) আকৌ সেই নাজেকেই ফানিটফাঙৰ মাকৰ জ্বৰত খুটিংলাই ড0 ব্ৰুকক মাতি আনি দেখুওৱা বুলি শুনি চকুৰ গাথি থোপা কৰিছে খঙতে আৰু দুখেৰে অনুভৱ কৰিছে যে পুৰণি ৰীতি-নীতি অথবা চিকিৎসাৰ প্ৰতি গাওখনৰ মানুহৰ শ্ৰদ্ধা নোহোৱা হল।
নগা পৰম্পৰাবাদী সমাজ ব্যৱস্থাৰ প্ৰতিনিধি নাজেকৰ আশা আৰু কল্পনাৰ ৰক্ষণশীল পুৰণি সমাজখন আধুনিক শিক্ষা আৰু খ্ৰীষ্টান ধৰ্মই ক্ৰমাৎ সলনি কৰি আনিছে। দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱেও এই সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনত এক বিশেষ গতি প্ৰদান কৰাৰ চিত্ৰ উপন্যাসখনৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ মাজেৰে তুলি ধৰা হৈছে। এইবিলাকৰ ফলশ্ৰুতিতে ৰিশ্বাঙহতে সিহতৰ গাৱত প্ৰথম হাইস্কুল পতাৰ পৰিকল্পনা কৰিছে আৰু সেয়া ভৈয়ামৰ জীৱন মাষ্টৰৰ জৰিয়তে বাস্তৱায়িত হৈছে, চাৰেংলাই হাস্পতালৰ নাৰ্চ হোৱাৰ কল্পনা কৰিছে, খুটিংলাই উইভিং শিকিবলৈ গুৱাহাটী পাইছেগৈ, মিশ্যনেৰীৰ সহায়ত ৰিশ্বাঙে উচ্চ শিক্ষাৰ বাবে কলিকতা মহানগৰীলৈ ঢাপলি মেলিছে ইত্যাদি। সময়ৰ গতিময়তাত নগা সমাজত আধুনিক শিক্ষাৰ বিস্তাৰ হোৱাৰ লগে লগে খ্ৰীষ্টান ধৰ্মইও প্ৰসাৰতা লাভ কৰিছে। কিন্তু খ্ৰীষ্টান ধৰ্মই এই সমাজখনলৈ মাতি অনা অহৈতুক বিভেদৰ ছবিখনো ৰিশ্বাঙৰ দেউতাক ইয়েংমাচ আৰু খুটিংলাৰ দেউতাক ঙাঠিঙখুইৰ মাজত গীৰ্জ্জা ঘৰ বনোৱা মাটি টুকুৰাক লৈ হোৱা বিবাদৰ মাজেৰে সুন্দৰকৈ ফুটাই তুলিছে। এই বিবাদৰ ফলস্বৰূপেই ৰিশ্বাং আৰু খুটিংলাৰ মাজত গঢ় লৈ উঠা প্ৰণয় আৰু বিয়াৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি হৈছে। ৰিশ্বাঙে এই সকলোবোৰ দেখি-শুনিয়ে ডাঃ ব্ৰুকে দেউতাক ঢুকুৱাৰ পাছত আহি যেতিয়া গীৰ্জ্জাটো সজাৰ কথা কৈছে তেতিয়া একে আষাৰে নুই কৰি কৈছে-
যি গীৰ্জ্জাই গাৱত বিভেদৰ গুটি সিঁচে, তাত যীশু থাকিব নোৱাৰে। .....মোৰ বাবে প্ৰেমেই ধৰ্ম, গীৰ্জ্জা নহয়। (ভট্টাচাৰ্য, ২০০৩, পৃ. ১৮২)
 এইদৰেই আমি ইয়াৰুইঙ্গম উপন্যাসখনত প্ৰতিফলিত টাংখুল নগা সমাজখনৰ ৰীতি-নীতি, শিক্ষাৰ প্ৰসাৰ, খ্ৰীষ্টান ধৰ্মৰ প্ৰভাৱ, টাংখুল নগাৰ দৈহিক ৰূপৰ বৰ্ণনা আদি কম-বেছি পৰিমানে লক্ষ্য কৰো।

উপন্যাসখনৰ ঐতিহাসিক সত্যতাত এভুমুকি :

ভাৰতবৰ্ষৰ স্বাধীনতাৰ কিছু সময়ৰ আগৰ পৰা স্বাধীনতাৰ কিছু সময়ৰ পিছলৈকে ব্যাপ্ত হৈ থকা ইয়াৰুইঙ্গম উপন্যাসখনৰ কাহিনীটোৰ লগত বাস্তৱ নাগালেণ্ড ৰাজ্যৰ ইতিহাসৰ সম্পৰ্কৰ বিষয়ে বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰা দেখা যায়। এই ক্ষেত্ৰত উপন্যাসখনৰ প্ৰধান চৰিত্ৰ ৰিশ্বাঙেই যে মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰিশ্বাং কেইচিং এই বিষয়ত কাৰো দ্বিমত নাই। কাৰণ তেখেত আছিল ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ এজন ভাল বন্ধু। সেইদৰে উপন্যাসখনত বৰ্ণিত কলিকতাৰ সাম্প্ৰদায়িক সংঘৰ্ষত নিহত হোৱা ৰিশ্বাঙৰ কবি বন্ধু অমূল্যও কম বয়সতে আমাৰ মাজত পৰা হেৰাই যোৱা অসমীয়া কবি অমূল্য বৰুৱাই। এইবোৰ বৰ্ণনাই উপন্যাসখনৰ কাহিনীটোক বাস্তৱিকতাৰ বেছি ওচৰ চপাই আনে। সেয়ে গোবিন্দ প্ৰসাদ শৰ্মাই কৈছে –
ৰিশ্বাঙৰ প্ৰতি ভট্টাচাৰ্যৰ সহানুভূতি কেৱল স্ৰষ্টা শিল্পীৰ আপোন চৰিত্ৰৰ প্ৰতি নহয়, ই ভট্টাচাৰ্যৰ আপোন জীৱনৰ সহৃদয় বন্ধুৰ প্ৰতি থকা বাস্তৱ সহানুভূতি।(ঠাকুৰ (সম্পা.), ২০০০, পৃ.৪৩১)
তেও আকৌ উল্লেখ কৰিছে যে –
ভাৰতীয় জাতীয়তাবাদী আৰু গান্ধীবাদী স্বাধীনতা যোদ্ধা ৰিশ্বাঙৰ আদি ৰূপ যেনেকৈ ৰিশ্বাং কেইচিং, ঠিক তেনেকৈ সুভাষ বসুৰ যুদ্ধপন্থী নগাপাহাৰৰ স্বাধীনতা যোদ্ধা ভিডেশ্যেলীৰ আদি ৰূপ বাস্তৱৰ নগাপাহাৰৰ ফিজো।(ঠাকুৰ (সম্পা.), ২০০০, পৃ.৪৩১)
কিন্তু মৃণাল তালুকদাৰে তেখেতৰ মৌতমত উল্লেখ কৰা মতে –
গান্ধীৰ সন্মুখত থিয় হৈছিল ফিজো, ভিডে শ্বেলী, চাখ্ৰে আৰু নজন। ......  মণিপুৰৰ উখ্ৰুল জিলাৰ টাংখুল নগা ভিডে শ্বেলী। স্বভাৱত উগ্ৰ। (তালুকদাৰ, ২০১১, পৃ. ৭৪)
মৃণাল তাসুকদাৰৰ এই কথাখিনিয়ে কিন্তু গোবিন্দ প্ৰসাদ শৰ্মাৰ ভিডেচেলীৰ বাস্তৱিকতাক নুই কৰে। কাৰণ মৃণাল তালুকদাৰৰ তথ্য মতে ফিজো আৰু ভিডেচেলী দুজন সুকীয়া ব্যক্তি। কিন্তু নাগালেণ্ডৰ হিংসাত্মক বিপ্লৱ বা আন্দোলনৰ নাম ললেই প্ৰথমে সকলোৰে মনলৈ আহে  ফিজোৰ নামহে। সেয়েহে ঔপন্যাসিকৰ অবৰ্তমানত এয়া বিচাৰ কৰা দুৰূহ যে উপন্যাসৰ ভিডেচেলী প্ৰকৃততে ঐতিহাসিক ফিজো নে অন্য ব্যক্তি।
উপন্যাসখনত নগাভূমিৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতি তথা হিংসাত্মক আন্দোলনৰ যি জাগ্ৰত ৰূপ বৰ্ণিত হৈছে সেয়া বাস্তৱ নাগা পাহাৰৰ চিৰশাশ্বত সত্যৰে অন্য ৰূপ। আনহাতে উপন্যাসখনত অংকিত ভিডেচেলীৰ নেতৃত্বত আৰম্ভ হোৱা হিংসাত্মক পন্থাৰ আন্দোলনৰ দৰেই বাস্তৱ ক্ষেত্ৰতো ফিজোৰ নেতৃত্বত গা কৰি উঠা হিংসাত্মক আন্দোলনৰ বিকাশৰ ফলশ্ৰুতিতে ১৯৬১ চনত ভাৰত চৰকাৰে নগা পাহাৰক সুকীয়া ৰাজ্যৰ মৰ্যাদা দিয়াৰ কথা ঘোষণা কৰে। এইসমূহ কাৰকৰ প্ৰভাৱতে ১৯৬৩ চনৰ ডিচেম্বৰ মাহৰ ১ তাৰিখে অসমৰ পৰা আতৰি গৈ নগা পাহাৰ জিলাই নাগালেণ্ড নামেৰে সুকীয়া ৰাজ্য হিচাপে পৰিচিতি লাভ কৰে। অৱশ্যে নগা পাহাৰত সেই তেতিয়াই আৰম্ভ হোৱা ভাৰতবৰ্ষৰ পৰা আতৰি গৈ সুকীয়াকৈ স্বাধীন নাগালেণ্ড ৰাজ্য গঠনৰ সশষ্ট্ৰ হিংসাত্মক আন্দোলনৰ দাৱানল আজিও নগালেণ্ডত কম-বেছি পৰিমানে বিদ্যমান। 

সামৰণি :
অসমীয়া সাহিত্যত প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ইয়াৰুইঙ্গম উপন্যাসৰ স্থান অসমীয়া সাহিত্যত সদায়েই স্মৰণীয় হৈ ৰব। ১৯৫০ চনত সেই সময়ৰ নগা পাহাৰ জিলালৈ উখ্ৰুল হাইস্কুলৰ শিক্ষকতাৰ বাবে গৈ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ডেৰ বছৰে যি বিচিত্ৰ অভিজ্ঞতা আৰ্জিছিল তাৰে সমল লৈ সৃষ্টি কৰিছিল ইয়াৰুইঙ্গম উপন্যাসখনৰ। ইয়াৰুইঙ্গম এটা টাংখুল শব্দ যাৰ অসমীয়া অৰ্থ ৰাইজৰ শাসন। উপন্যাসৰ নায়ক ৰিশ্বাঙে সামৰণিত খুটিংলাৰ গৰ্ভত থকা নিজ সন্তানৰ জৰিয়তে যি ৰাইজৰ শাসনৰ সপোন দেখিছে সেয়া ঔপন্যাসিকৰ অৰ্ন্তজগতত ক্ৰিয়া কৰি থকা সপোনৰে প্ৰতিফলন। যি সময়ত পুৰণি অসমৰ ভৌগোলিক সমন্বয়ত কেৰোণে দেখা দিছিল আৰু বিভিন্ন কাৰক তথা দাবী-আন্দোলনৰ মাজেৰে সুকীয়া ৰাজ্য গঠনৰ যো-জা চলিছিল সেই সময়তে ৰচিত ভট্টাচাৰ্যৰ ইয়াৰুইঙ্গমে পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ বাণী কঢ়িয়াইছিল। উপন্যাসখনৰ এটি অন্যতম চৰিত্ৰ জীৱন মাষ্টৰেই যেন এই পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ সাঁকোডাল গঢ়িছে –
মই পৰ্ব্বত-ভৈয়ামৰ মিলনৰ কথা অনুভৱ কৰো, সিহঁতে নকৰে। মই তহঁতৰ লগতে থাকি এইদৰে মৰিব খোজো। (ভট্টাচাৰ্য, ২০০৩, পৃ. ২০২)
ভিডেচেলী চৰিত্ৰৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ হিংসাত্মক পন্থাৰে দেশৰ স্বাধীনতা অনা আদৰ্শৰ প্ৰতি আস্থা ৰাখিও ঔপন্যাসিকে শেষত ৰিশ্বাঙৰ মাজেৰে গান্ধীজীৰ অহিংস আদৰ্শেৰে সমাজ পৰিৱৰ্তনৰ সপোন দেখিছে। মূলতঃ নগা পাহাৰৰ টাংখুল নগা অধ্যুষিত অঞ্চল এটাৰ ৰাজনৈতিক আলোড়নৰ পটভূমিত ৰচিত হোৱা বাবেই আমি ইয়াৰুইঙ্গমৰ পাতত তেওলোকৰ সমাজ জীৱনৰ অন্যান্য বিভিন্ন দিশ তথা সাংস্কৃতিক দিশ, উৎসৱ-অনুষ্ঠান আদিৰ বিশদ বৰ্ণনা পোৱাৰ পৰা বঞ্চিত হৈ ৰলো। ইমানৰ পাছতো আমি ইয়াৰুইঙ্গমক দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনে পৰশি যোৱা নগা পাহাৰৰ তথ্যসমৃদ্ধ এখন সফল উপন্যাস হিচাপে অভিহিত কৰিব পাৰো।
-----------------------

গ্ৰন্থপঞ্জী :
খাওন্দ, মলয়া – ড0 বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু তেওৰ উপন্যাস, সাহিত্য প্ৰকাশ, ট্ৰিবিউন বিল্ডিংছ,
গুৱাহাটী, প্ৰথম প্ৰকাশ – ছেপ্টেম্বৰ, ১৯৯৬
তালুকদাৰ, মৃণাল – মৌতম, নন্দ তালুকদাৰ ফাউণ্ডেচন্, গুৱাহাটী, প্ৰথম প্ৰকাশ – অক্টোবৰ, ২০১১
ভট্টাচাৰ্য, বীৰেন্দ্ৰ কুমাৰ – ইয়াৰুইঙ্গম, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, সপ্তম প্ৰকাশ – ২০০৩
বৰগোহাঞি, হোমেন (সম্পা.) – অসমীয়া সাহিত্যৰ বুৰঞ্জী (ষষ্ঠ খণ্ড), আনন্দৰাম বৰুৱা ভাষা-কলা-
সংস্কৃতি সংস্থা, অম্বিকাগিৰি নগৰ, গুৱাহাটী-২৪, ১ম প্ৰকাশ, ১৯৯৩
বৰপূজাৰী, জিতাঞ্জলি – অসমীয়া উপন্যাসত জনজাতীয় জীৱন, চন্দ্ৰ প্ৰকাশ, পানবজাৰ, গুৱাহাটী-১, ১ম
প্ৰকাশ, ১৯৯৯
বৰা, দিলীপ – এশ বছৰৰ অসমীয়া উপন্যাসত জনজাতীয় জীৱনৰ প্ৰতিফলন, এশ বছৰৰ অসমীয়া
উপন্যাস, নগেন ঠাকুৰ (সম্পা.), জ্যোতি প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ – নবেম্বৰ, ২০০০
শইকীয়া, অজিৎ - জনজাতীয় জীৱনভিত্তিক অসমীয়া উপন্যাস, সাৰদা প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ –
জুলাই, ২০০৫
শৰ্মা, গোবিন্দপ্ৰসাদ – বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস, এশ বছৰৰ অসমীয়া উপন্যাস, নগেন ঠাকুৰ
(সম্পা.), জ্যোতি প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ – নবেম্বৰ, ২০০০
                   উপন্যাস আৰু অসমীয়া উপন্যাস, ষ্টুড্ন্টচ্ ষ্টৰচ্, গুৱাহাটী, দ্বিতীয় (সংশোধিত
আৰু পৰিবৰ্ধিত) সংস্কৰণ – মে ২০০৯
******************

Friday, 28 February 2014

গঁড় হত্যা ৰোধ হবনে...

.....আজি আকৌ এটা গঁড় নিধন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত... এটা যদি বন কৰ্মীৰ উপযুক্ত চিকিৎসা সেৱা আৰু প্ৰয়োজনীয় সা-সুবিধাৰ তথা সময়োচিত ব্যৱস্থাৰ অভাৱত মৃত্যু হয় তেম্তে আনটোক হত্যা কৰে চোৰাং-চিকাৰীয়ে...তাকো এটা দিনৰ অন্তৰালতে ৩টাকৈ গঁড়ৰ মৃত্যু...

এনেকৈ আৰু কিমান দিনলৈ বাছি থাকিব অসম গৌৰৱ এশিঙীয়া গঁড়... বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনতে ক্ৰমাৎ এইদৰে বাঢ়ি অহা গঁড় হত্যাৰ বাবে প্ৰকৃততে দায়ী কোন... ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত আৰু সীমান্তত ক্ৰমে নকৈ গঢ় লৈ উঠা বাসগৃহসমূহে কি ৰাষ্ট্ৰীয় উদ্যানখনৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই অনা নাই নে... সকলো দেখিও বন বিভাগ আৰু চৰকাৰী কৰ্তৃপক্ষ নিমাতে থকাৰ অন্তৰালৰ ৰহস্য সৰ্বদা ৰহস্য হৈয়ে ৰব...লগতে বে-চৰকাৰী অনুষ্ঠানসমূহেও বৰ এটা চকুত লগা পদক্ষেপ লোৱা আজিকোপতি দেখা পোৱা নাযায়... ৰাজ্যখনত থকা বিভিন্ন বন্য-প্ৰাণী আৰু বন সুৰক্ষা সংস্থাসমূহৰ কৰণীয় কি একোৱেই নাই এই ক্ষেত্ৰত....

জখলাবন্ধাৰ পৰা বোকাখাটলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা মাত্ৰাধিক (দুবাৰ মান গৈছো যদিও হিচাপ কৰা হোৱা নাই আজিলৈকে) গতিৰোধকসমূহেও গঁড় নিধন ৰোধ কৰিব নোৱাৰাতোহে অতি পৰিতাপৰ কথা হৈ পৰিছে...

কাজিৰঙা যোৱা দুটা বছৰত অবাধ গতিত চলা গঁড় হত্যাই মনলৈ আনিছে দুটা মান প্ৰশ্ন...

১. আমি আজিৰ একবিংশ শতিকাৰ পৃথিৱীত বাস কৰিও কেৱল মাত্ৰ অন্ধ বিশ্বাসৰ বশৱৰ্তী হৈয়েই এই নিৰীহ প্ৰাণীটোৰ হত্যাত হাত উজান দিয়া নাইনে...

২. বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে বিবেচিত হোৱাৰ পাছতো কাজিৰঙাৰ ৰক্ষণা-বেক্ষণৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা নলৈ বাৰু নালাগে কিন্তু এটা নিৰ্দিষ্ট বিভাগ থকাৰ পিছতো কিয় ইয়াতে গঁড় হত্যা হয় ইমান কম সময়ৰ ব্যৱধানত...

৩. প্ৰতি বছৰে বিদেশৰপৰা অহা এক বুজন সংখ্যক পৰ্যটকৰ পৰা পোৱা ধন ৰাশি উদ্যানখনৰ ৰক্ষণা-বেক্ষণৰ কামত খৰচ কৰিব নোৱাৰিনি...

৪. বে-চৰকাৰী সংস্থা তথা বন্য প্ৰাণী আৰু বন সুৰক্ষা সংস্থাসমূহে মাজে মাজে ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ, অৱস্থান ধৰ্মঘট, স্মাকৰ পত্ৰ প্ৰদান কৰা আদি কাম কিছুমান গঁড় হত্যাৰ পিছতে কৰা দেখা যায়... কিন্তু এইবোৰ সংগঠনৰো এইক্ষেত্ৰত প্ৰকৃততে সততা আৰু নিষ্ঠা কিমান সেয়াহে পৰিষ্কাৰ নহয় আজি পৰ্যন্ত...
৫. অসমত এক নিজস্ব পৰিচয় আৰু মজবুত স্থিতি থকা বিভিন্ন ছাত্ৰ সংগঠনবোৰেও একগোট হৈ এই ক্ষেত্ৰত নিজাকৈ কিবা এক কৰ্মসূচী হাতত লব নোৱাৰেনে.... যদিও চকুত পৰাকৈ কোনেও একো কাম হাতত লোৱা নাই আজিলৈকে...

Wednesday, 22 January 2014

নষ্টালজিয়া নে বাৰু....

কিছুমান অৱচেতন সময়ত মনবোৰ উৰা মাৰে বাধাহীনভাৱে.... উদ্দেশ্যবিহীনতাত অৱগাহন কৰে মনে অজানিতে.... কত থমকি ৰয় বাৰু ব্যস্ততা ভৰা জীৱনৰ দ্ৰুততাই – ইও যে বোধগম্যতাৰ বাহিৰতে থাকে.... ষষ্ঠ ইন্দ্ৰিয়ইও যেন নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় লয় নিৰ্বিঘ্নে.... চিন্তাৰ দুৱাৰখন বন্ধ কেনেকৈ হয় বাৰু.... সপোনৰ আৱেশ সনা থাকে নে আমি কল্পনাৰ পক্ষীৰাজ ঘোৰাত উঠি ধাৱমান হওঁ অনিৰ্দিষ্ট যাত্ৰাত....

নষ্টালজিয়া - এটা মধুময় শব্দই যে আমাক নষ্টালজিক কৰি তোলে হঠাতে.... শৈশৱ, কৈশোৰ, যৌৱনৰ ভিন ভিন সময়ৰ ভিন ভিন নষ্টালজিয়াৰ সমাহাৰ ঘটে চৌপাশে.... শৈশৱে আহি যে আমাক কৰি তোলে মূহুৰ্তে মূহুৰ্তে বিষাদ-গধুৰ... সময়ে-অসময়ে যে কোনো কাৰণ নোহোৱাকৈয়ে ঘৰৰ মানুহখিনিক আৰু হায়ৰাণ কৰিবলৈ আকৌ নাপাও ওৰে জীৱনত...সন্ধিয়া আইতাৰ সৈতে সুৰ ধৰি প্ৰাৰ্থনা গোৱাৰ যে কি এক গভীৰ উৎসুকতা...চিঞৰি চিঞৰি কুঁহিপাতৰ পদ্য আৰু নেওতা আওৰোৱা যি মাদকতা কেতিয়াবা জানো ঘূৰাই পাম আকৌ...বৰশীটোত লাগি পানীৰ পৰা উঠি অহা মাছটোক দেখি পোৱা আনন্দ আৰু মূহুৰ্ততে পাৰত পৰি ছটফটোৱা মাছটো আকৌ পানীত এৰি দিয়াৰ যি অনাবিল স্ফূৰ্তি সেয়া যে এতিয়া বিচাৰিলেও ঘুৰাই নাপাও.... কৈশোৰ বাৰু ক'ত লুকাই পৰে.... নতুনক জনাৰ, নোপোৱাক পাবলৈ যে হাবিয়াহ, জীৱনৰ নতুন নতুন সত্যৰ সতে প্ৰথম মুখা মুখি হোৱাৰ সময় এয়া - পিছে তাতেই জানো স্থবিৰ হয় কৈশোৰ....মনৰ মাজত অজানিতে গঢ় লোৱা সমাজিক বিপ্লৱৰ আদি-পাঠৰো জানো আৰম্ভনি নহয় ইয়াতে.... যৌৱনৰ মাদকতাময় ক্ষণবোৰে বাৰুকৈয়ে জোকাৰি যায় প্ৰত্যেকৰে অন্তৰাত্মা...এক ৰোমান্টিক আৱেশ সনা থাকে চৌপাশে...এখন নিজাকৈ গঢ়া মুকলি আকাশৰ তলত দুপাখি মেলি উৰাৰো যে কি এক আমেজ...সকলোতে যেন এক সুখ-আনন্দৰে পৰিৱেশ বিৰাজমান...সপোনবোৰেও আহি বাস্তৱত নিচেই ওচৰতে অৱস্থান গ্ৰহণ কৰেহি...কতো কোনো ভাৱনাৰ অৱকাশ নাই সকলোতে ন ন চিন্তা আৰু তত্ত্ব-গধুৰ যুক্তি-তৰ্কৰ প্ৰাচুৰ্যতা...নিজে গঢ়া পৃথিৱীৰ আমি হৈ পৰো একো একোজন দুৰ্ধৰ্ষ গেৰিলা...আমি হৈ উঠো হোষ্টেলৰ আড্ডাত একো একোজন কাৰ্ল মাৰ্ক্স, মাও চে ডং, লেনিন তথা পৰিস্থিতি সাপেক্ষে হিটলাৰ, মুছোলিনি, নেপোলিয়ন হৈ বিশ্ব জয়ৰ বাৰ্তা কঢ়িয়াও আমিয়েই... ভূপেনদা, জয়ন্তদাৰ গানৰ কলিৰে মুখৰিত হৈ উঠে দোভাগ নিশাৰ হোষ্টেলৰ কৰিডৰবোৰ... আড্ডাত আহি ৰাজনীতি, সমাজনীতি আৰু যৌনতা একাকাৰ হৈ পৰে...ক্লাছ ৰুমৰ ছোৱালী কেইজনীৰ নীলা-সেউজীয়া চেলৱাৰৰ সৌন্দৰ্যৰ পৰা অৰ্থনীতিৰ ক্লাছ লোৱা মেমজনীৰ সৌন্দৰ্যৰ প্ৰশংসাও বাদ নপৰে...অন্ত নপৰে ৰাজনীতিৰ মেৰপেচত আৱদ্ধ আমাৰ সমাজখনৰ অৱক্ষয়ৰ কাৰণ বিশ্লেষণ কৰাক লৈ হোৱা তৰ্ক-বিতৰ্কৰ... বিষ্ণুৰাভা-জ্যোতি প্ৰসাদ বা ভূপেন হাজৰিকা-জয়ন্ত হাজৰিকাৰ শ্ৰেষ্ঠতাক লৈ পুৱালৈকে চলে সংগীতৰ মহাসমৰ...আহি পৰে বব মাৰ্লি, মেডোনা, মাইকেল জেকচনৰ প্ৰসংগও... ব্ৰেডমেন, শচীন, লাৰাৰ পৰা পেলে, মাৰাডোনাৰ শ্ৰেষ্ঠতাৰ প্ৰশ্নৰ পৰা কাৰ্ল লিৱিচ, উইজেন বল্ট, ৰজাৰ ফেডাৰাৰ, ৰাফেল নাডাল, ষ্টেফি গ্ৰাফ, মাৰিয়া চাৰাপভাইও অধিকাৰ কৰে আড্ডাৰ সিংহ ভাগ....– প্ৰেমৰ প্ৰস্তাৱ দি বাৰে বাৰে প্ৰত্যাখিত হোৱাজন (হোষ্টেলীয়া ভাষাত দেৱদাস) আৰু প্ৰেমিকাৰ প্ৰেমেৰে বিশ্বজয়ৰ সপোন বুকুত সাৱটি লোৱাজনৰো মদৰ ৰাগীত নিগৰা কবিতাৰ পংক্তিত মোহাচন্ন হয় হোষ্টেলৰ বতাহজাক... প্ৰেমিকাই বাদাম খাই ভাল পোৱা বাবেই বাদামৰ বাকলিত বিচাৰে কোনোবাজনে আকৌ জীৱনৰ ঠিকনা - কলেজৰ সপ্তাহত প্ৰেক্ষাগৃহত নাটকৰ সংলাপৰ মাধ্যমেৰে প্ৰতিধ্বনিত হয় - হৃদয়ৰ অনন্য প্ৰকাশ....

বাস্তৱ আৰু সপোনৰ দোমোজাত ৰৈ আমিবোৰ হৈ পৰো একো একোটা ফিনিক্স পক্ষী.... ৰুঢ় বাস্তৱৰ সৈতে মুখামুখি হৈ আমি অধিক সচেতন হৈ পৰো নিজক লৈ –নিজৰ সপোনক লৈ....পিছলৈ ঘূৰি চোৱাৰ যে সময় নাই কাৰোৰে হাতত....আগবাঢ়ি যোৱাৰ এখন যুদ্ধৰ আমি একোজন সৈনিক....জয় নে পৰাজয়.... ক'ত শেষ হব এই যাত্ৰাৰ - ভাবি চাম নে বাৰু আমি কেতিয়াবা!!

*****