Saturday, 15 March 2014

লোকগীতৰ স্বৰূপ

কোনো এটা জাতিৰ সাহিত্যৰ অভ্যুদয় ঘটে জাতিটোৰ চহা জনসাধাৰণৰ মুখে মুখে চলি অহা মৌখিক সাহিত্য, জন-সাহিত্য বা লোক সাহিত্যৰ সেন্দুৰীয়া আলিৰে। লোক-সাহিত্যৰ ক্ৰমবিকাশৰ প্ৰাথমিক তথা আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটোৱই হ'ল লোকগীত। বিশ্ব সাহিত্যৰ বুৰঞ্জীত দৃষ্টিপাত কৰিলেই আমি দেখা পাওঁ যে পদ্যৰ উদ্ভৱ গদ্যতকৈ আগেয়ে হোৱা – সেয়েহে প্ৰাথমিক স্তৰত মানুহে তেওঁলোকৰ ব্যস্ততাপূৰ্ণ কৰ্মশীল দিনবোৰৰ ফাঁকে ফাঁকে, উৎসৱ – আনন্দৰ উছাহত তথা বিষাদ-গধুৰ হুমুনিয়াহ পেলোৱা সময়বোৰত অন্তৰৰ নিভৃততম কোণৰ পৰা উলোৱা গীত-পদবোৰ মুখে মুখে ৰচনা কৰি গাইছিলগীতবোৰত থকা তেওঁলোকৰ আপোন মনৰ মুক্ত প্ৰকাশ, তাৰ ছন্দ আৰু লয়ে গীতবোৰৰ স্মৃতিৰ স্থায়ীত্ব বজাই ৰখাত সহায় কৰিছিল। চহা জনসমাজৰ মানসিক পৰিমণ্ডলৰ নিভাঁজ প্ৰকাশ এই গীতবোৰকে Folk Song, লোকগীত আদি আখ্যা দিয়া হয়।

বিশ্বৰ বিভিন্ন প্ৰান্তৰত ৰচিত লোকগীতসমূহৰ ছন্দ আৰু লয় নিজ নিজ অঞ্চল ভেদে পৃথক বা অজ্ঞাত ৰচকৰ অনুভৱৰ ওপৰত ভিত্তি কৰি ভিন ভিন হয় যদিও সমূহ লোকগীতত এটা সৰ্বজনগ্ৰাহ্যতা আমি দেখা পাওঁ। মানৱ মনৰ আজন্ম সহচৰ সুখ-দুখ, হৰ্ষ-বিষাদ, আশা-নিৰাশা, ক্ষোভ-বেদনা আদিৰ অনুভূতি সকলোৰে ক্ষেত্ৰত একে হয় যদিও অঞ্চল ভেদে এই অনুভূতি প্ৰকাশৰ ধৰণ পৃথক হয়। প্ৰকাশৰ ধৰণ বেলেগ হলেও গীতবোৰত থকা বিষয়বস্তুত এটা মিল সদায়েই ৰক্ষা হয়। সৰ্বোপৰি এই লোকগীতবোৰত চহা জনসাধাৰণৰ আবেগ-অনুভূতিৰ বৈচিত্ৰ্য, কল্পনাৰ প্ৰাৱল্য, অলংকাৰৰ সৌন্দৰ্য আৰু গীতিমত্তাৰ আধিক্য আমি সততে দেখা পাওঁ। এই লোকগীতবোৰৰ অন্যতম আকৰ্ষণ হ'ল – অজ্ঞাত ৰচকৰ ৰচনা এই লোকগীতবোৰ বিভিন্ন সুৰ আৰু লয়ত গাব পাৰি। আৰু এই গুণটোৱেই লোকগীতক জনসাধাৰণৰ মাজত আদিম চহা দিনৰে পৰা বৰ্তমান পৰ্যন্ত স্বকীয়তাৰে বৰ্তাই ৰাখিছে। আজিৰ লোকগীতত আধুনিকতাৰ সমল বিভিন্ন পথেৰে সোমাইছে যদিও নিৰক্ষৰ চহা জনসাধাৰণৰ মাজত ই আজিও প্ৰৱাহিত হৈ আছে নিজ গুণৰাজিৰে বিৰামবিহীনতাৰে।

সভ্যতাৰ পাতনিৰে পৰা প্ৰকৃতিৰ সৈতে থকা মানুহৰ আত্মীয়তা তথা প্ৰকৃতিৰ বিভিন্ন ঋতু পৰিৱৰ্তনৰ সময়ত মানৱ মনত অনুভূত হোৱা ভাৱৰাজিক সাৰ্থকভাৱে আমি প্ৰকাশিত হোৱা দেখা পাওঁ বিভিন্ন লোকগীতৰ মাজত। লোকগীতবোৰৰ মাজত আমি দেখা পাওঁ চহা গাঁৱলীয়া সমাজৰ ৰীতি-নীতি, গাঁৱলীয়া জীৱনৰ লগত সংশ্লিষ্ট খেতি-পথাৰৰ দৃশ্য, তেওঁলোকে সদায় দেখি থকা চৰাই-চিৰিকটি আৰু গছ-লতিকাৰ সৌন্দৰ্য। মুঠতে প্ৰকৃতিৰ সৈতে থকা চহা সমাজৰ ঘনিষ্ঠ সম্পৰ্কৰ আওঁতাতে তেওঁলোকৰ গীত-পদবোৰত প্ৰকৃতিয়ে স্থান পাইছিল সহজাত গাম্ভীৰ্যতাৰে।

লোক-গীতৰ ৰচকৰ ক্ষেত্ৰত সততে ব্যৱহৃত এটা বাক্য হ'ল – এইবোৰ গীত অখ্যাত কবিৰ বিখ্যাত ৰচনা। এই ক্ষেত্ৰত আমি দেখা পাওঁ যে কোনো এটা গীত ব্যক্তি বিশেষৰ দ্বাৰা ৰচিত হলেও সৰ্বাসাধাৰণে তাক নিজৰ ৰুচি অনুযায়ী বা আৱশ্যক মতে নতুন বোল দি নিজৰ কৰি লৈছিল। যি আদিম সমাজত তেওঁলোকে গীত ৰচনা কৰিছিল সেই সমাজে ব্যক্তিৰ দাবী মানি নলৈ সমষ্টিৰ দাবীক মানি লোৱাৰ বাবেই যেন লোক-গীতসমূহত প্ৰতিফলিত হোৱা সামাজিক চিন্তাধাৰাৰ প্ৰতিভূ হৈ পৰিছিল জন-কবি। জন-কবিৰ ৰচনাই সমাজখনৰ ৰচনা হৈ পৰিছিল। লোকগীতসমূহৰ মূল স্ৰষ্টা যেয়েই নহওক লাগে, সমাজৰ ৰুচি আৰু অনুকূল ভাৱধাৰাৰ ওপৰত নিৰ্ভৰ কৰিহে এই গীতবোৰ ৰচিত হৈছিল, কিয়নো জনসাধাৰণৰ প্ৰয়োজন বিবৰ্জিত আৰু মানসিক খোৰাক যোগাব নোৱাৰা সাহিত্য বেছি দিন স্থায়ী নহয়।

লোক-গীতৰ গঠন ৰীতিৰ ক্ষেত্ৰত আমি ইয়াকো ক'ব পাৰো যে, চহা জনজীৱনৰ সমূহ ভাৱানুভূতিৰ সূক্ষ্ম তথা সাৱলীল প্ৰকাশ এই গীতবোৰৰ গঠন-ৰীতি একেবাৰেই সহজ-সৰল। সৰহ সংখ্যক গীত চাৰি শাৰী বা একোটি স্তৱকৰ মাজত সম্পূৰ্ণ হয়। ভাৱৰ সামঞ্জস্য থাকিলেও আখ্যানমূলক গীতৰ বাহিৰে বাকীবোৰ গীতৰ প্ৰতিটো স্তৱকতে স্বতন্ত্ৰতা লক্ষ্য কৰা যায়। গীতবোৰত সংলাপৰ ব্যৱহাৰ থকাত গীতবোৰে নাট্যগুণ সম্পন্ন আৰু আকৰ্ষণীয়তা লাভ কৰিছে। আবৃত্তিৰ সুবিধাৰ বাবে গীতবোৰ ঠায়ে ঠায়ে পুনৰুক্তও হৈছে।

মুঠতে অনুভূতিৰ তীব্ৰতা, প্ৰকাশভংগীৰ সাৱলীলতা, সমাজৰ ৰুচিবোধ তথা ব্যক্তি মনৰ তাগিদাত সৃষ্ট – ছন্দ, লয় আৰু ৰূপক আদি অলংকাৰৰ প্ৰয়োগৰ বিশিষ্টতাৰে লোকগীতৰ যি মৰ্যাদা – সি সাহিত্যৰ বুৰঞ্জী আলোচনাৰ বৰ্তমান সময়ৰ এটা সোণালী অধ্যায় বুলি কলেওঁ হয়তো একো অত্যুক্তি কৰা নহ'ব। বৰ্তমানৰ সাহিত্য আলোচনা তথা চৰ্চাত আমি লোকগীতক তাৰ স্বকীয়তাৰে এখন বিশিষ্ট আসন দি সুৰক্ষিত কৰা নিতান্তই প্ৰয়োজনীয়।

*******


Thursday, 6 March 2014

অসমীয়া উপন্যাসৰ আৰম্ভণিৰ পৰা ১৯৫০ চনলৈ এক সংক্ষিপ্ত তালিকা

অসমীয়া উপন্যাসৰ আৰম্ভণিৰ পৰা ১৯৫০ চনলৈ এক সংক্ষিপ্ত তালিকা-

বাস্তৱ জীৱনৰ কলা সন্মত প্ৰকাশ উপন্যাস, আধুনিক সাহিত্যৰ এক অন্যতম জনপ্ৰিয় ভাগ। স্পেইনৰ মিগুৱেল্ ডি চাৰভেন্টিজৰ ডন্ কুইকছট (Don Quixote) ৰে পাশ্চাত্য সাহিত্যত আৰম্ভ হোৱা উপন্যাসৰ পাতনিয়ে ইংৰাজী সাহিত্যত প্ৰৱেশ কৰে ডেনিয়েল ডিফোৰ ৰবিনছন ক্ৰুছো (Robinson Crusoe) ৰ জৰিয়তে। অসমীয়া সাহিত্যত উপন্যাসৰ উকমুকনিলৈ আমি বাট চাব লগা হয় ১৮৪৮ চনলৈ। অসমীয়া সাহিত্যত ইয়াৰ আৰম্ভণি হয় অৰুণোদইৰ পাতত প্ৰকাশিত জন বুনিয়নৰ পিলগ্ৰিমছ প্ৰগ্ৰেছ (Pilgrim’s Progress) ৰ নাথান ব্ৰাউনে কৰা অসমীয়া অনুবাদ জাত্ৰিকৰ জাত্ৰা (যাত্ৰিকৰ যাত্ৰা) ৰ জৰিয়তেহে। তাৰ পৰৱৰ্তী ১৯৫০ চনলৈকে প্ৰকাশিত অসমীয়া উপন্যাসৰ এখন সংক্ষিপ্ত তালিকা তলত দিয়া হল –

১. জাত্ৰিকৰ জাত্ৰা (যাত্ৰিকৰ যাত্ৰা) (১৮৪৮-১৮৫৭)
২. বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী – হেমচন্দ্ৰ বৰুৱা(১৮৭৬)
৩. ফুলমণি আৰু কৰুণা – শ্ৰীমতী গাৰ্ণি(১৮৭৭)
৪. এলোকেশী বেশ্যাৰ কাহিনী – এ. কে গাৰ্ণি (১৮৭৭)
৫. কামিনীকান্ত – এ.কে. গাৰ্ণি (১৮৭৭)
৬. কানি বেহেৰুৱাৰ বিষয় – এ.কে. গাৰ্ণী (১৮৭৮)
৭. ৰুথ আৰু জোছেফৰ বিৱৰণ – এ.কে গাৰ্ণি (১৮৮০)
৮. সুধৰ্মাৰ উপাখ্যান – পদ্মাৱতী দেৱী ফুকননী (১৮৮৪)
৯. প্ৰমীলা – কৰুণাভিৰাম বৰুৱা (১৮৮৫, আসাম বন্ধু)
১০. ভানুমতী – পদ্মনাথ গোহাঞিবৰুৱা (১৮৯১)
১১. পদুম কুৱৰী –লক্ষ্মীনাথ বেজবৰুৱা (১৮৯১)
১২. লাহৰী -পদ্মনাথ গোহাঞিবৰুৱা (১৮৯২)
১৩. মেম  – নীলকন্ঠ বৰুৱা (১৮৯২)
১৪. মিৰি জীয়ৰী – ৰজনীকান্ত বৰদলৈ (১৮৯৪)
১৫. হৰিদেউ কানীয়াৰ কথা – মহীৰাম দাস (১৮৯৮)
১৬. কুসুম কুমাৰী – হৰেশ্বৰ শৰ্মাবৰুৱা (১৮৯৮)

১৯০১
মনোমতী (১৯০১)

১৯০৫
কুসুম কুমাৰী – হৰেশ্বৰ শৰ্মা (১৯০৫)

১৯০৮
চন্দ্ৰপ্ৰভা – নবীনচন্দ্ৰ ভট্টাচাৰ্য
ফুল – দণ্ডিনাথ কলিতা

১৯১৪
মালিতা - হিতেশ্বৰ বৰবৰুৱা

১৯২১
সংসাৰ-চিত্ৰ – চিন্তাহৰণ পাটগিৰি

১৯২২
চপলা – দণ্ডীধৰ সোণোৱাল
ধুঁৱলী-কুঁৱলী – দৈৱচন্দ্ৰ তালুকদাৰ

১৯২৩
যুগলমূৰ্তি – দণ্ডীধৰ সোণোৱাল

১৯২৪
লীলা – পণ্ডিত ভৱদেব ভাগৱতী
আগ্নেয়গিৰি – দৈৱচন্দ্ৰ তালুকদাৰ

১৯২৫
নিৰ্মল ভকত ৰজনীকান্ত বৰদলৈ


১৯২৬
তাম্ৰেশ্বৰী মন্দিৰ - ৰজনীকান্ত বৰদলৈ
বীণা –স্নেহলতা বৰুৱা

১৯২৮
দন্দুৱা দ্ৰোহ - ৰজনীকান্ত বৰদলৈ
সাধনা – দণ্ডিনাথ কলিতা


১৯৩০
ৰহদৈ লিগিৰী - ৰজনীকান্ত বৰদলৈ

১৯৩১
চিত্ৰদৰ্শন – হৰিনাৰায়ণ দত্তবৰুৱা
অপূৰ্ণ - দৈৱচন্দ্ৰ তালুকদাৰ (১৯৩১-১৯৩২)

১৯৩২
খাম্বা থুইৰী - ৰজনীকান্ত বৰদলৈ

১৯৩৪
বেমেজালি- স্নেহলতা বৰুৱা

১৯৩৭
পিতৃভিঠা – চন্দ্ৰপ্ৰভা শইকীয়ানী


১৯৩৮
চিন্তা – বিষু.কিংকৰ কলিতা (পত্ৰোপন্যাস)

১৯৪১
ল.সা.গু. – চৈয়দ আব্দুল মালিক

১৯৪২
অপূৰ্ণ – দৈৱচন্দ্ৰ তালুকদাৰ
১৯৪৪
জীৱনৰ বাটত – বীণা বৰুৱা

১৯৪৫
অসীমত যাৰ হেৰাল সীমা – কাঞ্চন বৰুৱা

১৯৪৭
হত্যাকাৰী কোন ? – দণ্ডিনাথ কলিতা

১৯৪৮
গণবিপ্লৱ - দণ্ডিনাথ কলিতা
বিদ্ৰোহী – দৈৱচন্দ্ৰ তালুকদাৰ
প্ৰীতি-উপহাৰ – মহম্মদ পিয়াৰ
সংগ্ৰাম - ঐ
শেষ কত – প্ৰফুল্ল দত্ত গোস্বামী



১৯৪৯
শেষ পথ – গোবিন্দ মহন্ত
অদৃষ্ট - দণ্ডিনাথ কলিতা

১৯৫০
পৰিচয় - দণ্ডিনাথ কলিতা
ৰথৰ চকৰি ঘূৰে – চৈয়দ আব্দুল মালিক

Tuesday, 4 March 2014

নিকা অসমীয়া ভাষাৰ পৰা সংগ্ৰহ কৰা

"নিকা অসমীয়া ভাষা"


"বাস্তৱিকতে, অসমীয়া ভাষাৰ কিমান কি স্বকীয় সৰু-বৰ ব্যশিষ্ট আছে, তাক আমি আওকাণ কৰিয়েই চলিছোঁ! আমাৰ ব্যাকৰণে নাসামৰা এটি সৰু গাঁথনিলৈ এজন পাঠকে মোৰ সৃষ্টি আকৰ্ষণ কৰিছে। সিজনে লিখিছে – (ক) তেওঁ ৰামহে, তেওঁ লক্ষ্মণ নহয় নহয়! (খ) তেওঁলোক কেছত হাৰিল, তেওঁলোকৰ উকীল-বাৰিষ্টাৰ নাছিল নহয় – এই ধৰণৰ বাক্য আমি ভাল অসমীয়াত (chaste Assamese) কওঁ বা ব্যৱহাৰ কৰোঁ। কিন্তু ক্ৰিয়াপদত কিয় দুবাৰ নঞাৰ্থক ব্যৱহাৰ হয় ? সঁচায়, বাক্য দুটা পৰিষ্কাৰ অসমীয়া; কিন্তু এনে বাক্যবিন্যাসৰ ব্যাখ্যা আমাৰ ব্যাকৰণবোৰে দিয়া নাই। দুইটা বাক্যৰ শেহৰ নহয়টো এৰিও বাক্যটো সম্পূৰ্ণ হলহেঁতেন। কিন্তু বিশেষ এটা সুৰত বাক্যান্তত নহয়টো লগাই দি বাক্য দুটাত একোটা শক্তি সংযোগ কৰা হৈছে। এই নহয়ৰ অৰ্থ নঞাৰ্থক নহয়, বৰং জানিলা নহয়, বুজিলা নহয়, ঠিক বুজিছা চাগৈ, এই কথা স্পষ্ট – এনে ধৰণহে। গতিকে এই নহয়ৰ অৰ্থ সাধাৰণ নঞাৰ্থকৰ দৰে ঋণাত্মক নহৈ ধনাত্মকহে হৈছে। তাৰ গাত এক বাক্য বা বাক্যাংশৰ দঢ়াই কোৱা (confirmatory) শক্তি। এই ধনাত্মক নহয় কেৱল এটা নঞাৰ্থকৰ পিছতহে সংযোগ হয়, - এনে নহয়। তোমাৰ কি ভয় ? স্বয়ং সেনাপতি তোমাৰ সহায় আছে নহয়। ৰজাৰ যিহে চালে চকু ৰোৱা ৰাণী এগৰাকী আছিল নহয়। - এই নহয়বোৰৰ অৰ্থ দৃঢ়ভাৱে হয়হে।"

(মহেশ্বৰ নেওগৰ নিকা অসমীয়া ভাষা”, দ্বিতীয় সংস্কৰণ – ২০০৮, লয়াৰ্ছ বুক ষ্টলৰ পৃষ্ঠা ৮২ৰ পৰা সংগ্ৰহ কৰা)