Tuesday, 29 April 2014

প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি – মাধৱ কন্দলীৰ এক চমু পৰিচয়




যিকোনো আধুনিক ভাৰতীয় আঞ্চলিক ভাষাতে সুদূৰ চতুৰ্দশ শতিকাতে বাল্মিকী ৰামায়ণৰ অনুবাদ কৰি সৰ্বভাৰতীয় পৰ্যায়ত এক উল্লেখনীয় কৃতিত্বৰ অধিকাৰী হোৱা মাধৱ কন্দলী অসমীয়া কাব্য সাহিত্যৰ আদি বৈষ্ণৱ যুগৰ প্ৰধান কাণ্ডাৰী। তেখেতৰ হাততে অসমীয়া কবিতাৰ প্ৰবাহে এক সুনিৰ্দিষ্ট তথা স্বকীয় গতিময়তা লাভ কৰে। সেয়েহে অসমীয়া কাব্য সাহিত্যৰ পৰম্পৰাত মাধৱ কন্দলী আৰু তেওৰ ৰামায়ণে সদায় স্মৰণীয় ভূমিকা পালন কৰিছে।
এইজনা কবিৰ জীৱন আৰু কৃতিৰ বিষয়ে বিচাৰ কৰিবলৈ গলেও আমি কোনো তথ্যভিত্তিক সঠিক পৰিচয় আজিকোপতি পোৱা নাই। তেও নিজে ৰামায়ণত এৰি যোৱা ভণিতাৰ বাদে বিতং কোনো সমল পোৱা নাযায়। এটি ভণিতাত তেও কৈছে –
কবিৰাজ কন্দলীযে   আমাকেশে বুলি কয়
        বিৰচিলা পদে ৰাম কথা।
ইয়াৰ পৰা এই কথাও আমি কব পাৰো যে – কবিৰাজ উপাধিটো সম্ভৱতঃ সেই সময়ৰ সমাজৰ পৰা লাভ কৰা।
আকৌ লংকা কাণ্ডৰ শেষত তেও এনেধৰণৰ ভণিতা কৰিছে –
ৰামায়ণ সুপয়াৰ      শ্ৰীমহামাণিক্য যে
       বৰাহ ৰজাৰ অনুৰোধে।
এই ভণিতাত উল্লেখ থকা কন্দলীৰ পৃষ্ঠপোষক এই মহামাণিক্যৰ ইতিহাস সঠিককৈ যুগুতাব পাৰিলেই কন্দলীৰ ইতিহাসো উলাই পৰিব জল্ জল্ পট্ পট্ কৈ। বৰাহী ৰজাৰ শাসনকাল আৰু স্থানৰ সঠিক বিৱৰণে এই ক্ষেত্ৰত প্ৰধান ভূমিকা লব পাৰে যদিও ইয়াক লৈ পণ্ডিতসকলৰ মাজত মতানৈক্য ঘটা দেখা যায়।
শংকৰদেৱে উত্তৰাকাণ্ডত দিয়া ভণিতাৰ পূৰ্ব কবি উদ্ধৃতিৰ পৰা মহামাণিক্য আৰু মাধৱ কন্দলী উভয়কে সন্দেহাতীত ভাৱে চৈধ্য শতিকাৰ যেন অনুমান হয়। কিন্তু আহোমসকলে পৰাভূত কৰা উজনিৰ বৰাহী কছাৰী ৰজাসকলৰ ভিতৰত মহামাণিক্যৰ নামৰ কোনো উল্লেখ নথকালৈ চাই মধ্য অসমৰ ৰজা যেনহে যুক্তি উলায়। লক্ষণীয় যে মাধৱ কন্দলীৰ ভণিতাযুক্ত ৰামায়ণৰ সাঁচিপতীয়া প্ৰতিলিপিৰ কাণ্ডকেইটা মধ্য অসম অঞ্চলত পোৱালৈ চাই মধ্য অসম বুলিয়েই ভাৱিব পাৰি।
কনকলাল বৰুৱাই Early History of Assam - ত মহামাণিক্যক ত্ৰিপুৰাৰ শেষ চতুৰ্দশৰ ৰজা বুলি কৈছে। দেৱেন্দ্ৰনাথ বেজবৰুৱাই আকৌ মহামাণিক্যক নামধাৰী জয়ন্তীয়া ৰজা বুলি কলেও ড ডিম্বেশ্বৰ নেওগে যুক্তি খণ্ডন কৰিছে কাৰণ জয়ন্তীয়া সকল ষোড়শ শতিকাতহে ক্ষমতালৈ আহে। বুৰঞ্জীত উল্লেখিত বাণপুৰ আৰু সোণাপুৰ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিক্ৰমাদিত্যৰ পুত্ৰকে মহামাণিক্য বুলি পোৱা যায় কিন্তু বৰাহ বুলি উল্লেখ নাই।
বৰাহীসকল হল হিন্দুধৰ্মী কছাৰীসকলৰ এটি ঠাল। হেমচন্দ্ৰ গোস্বামীৰ মতে এই বৰাহী কছাৰীসকলে ব্ৰহ্মপুত্ৰৰ দক্ষিণৰ এক বিস্তৃত এলেকাত ৰাজত্ব কৰিছিল। কছাৰী বুৰঞ্জীত পোৱা এই মহামাণিক্যই কন্দলীৰ পৃষ্ঠপোষক নোহোৱাৰ কোনো যুক্তি নাই। মহামণিফৰ বুলি থকা এইজনৰ নাম মহামাণিক্য হোৱাত হয়তো লিপিকাৰৰ অসাৱধানতাৰ পৰিনাম বুলি ড মহেশ্বৰ নেওগে উদ্বেগ প্ৰকাশ কৰিছে।
কবিৰাজ কন্দলী'ৰ কন্দলী উপাধি নহৈ তেখেতৰ পাণ্ডিত্যৰ পৰিচয় জ্ঞাপক বিশেষণো হোৱাৰ যুক্তি নোহোৱা নহয়। কাৰণ অনন্ত কন্দলীয়ে কন্দলী উপাধিটো তৰ্ক-বিদ্যাৰ নৈপুণ্যতাৰ বাবে লাভ কৰা বুলি উল্লেখ কৰিছে। আকৌ কন্দলী উপাধিধাৰী লোক অসমত পোৱা যায় বিশেষকৈ মধ্য অসমত। মধ্য অসমৰ নগাঁৱত কন্দলী নামাকৰণেৰে এটা মৌজাও আছে।
ইতিহাসৰ ইমানবোৰ গুণা-গঁথা, জল্পনা-কল্পনা, অনিশ্চয়তাৰ মাজত ড বাণীকান্ত কাকতিয়ে ভাষাতাত্ত্বিক দৃষ্টিভংগীৰে বিচাৰ কৰি মাধৱ কন্দলী মধ্য অসমৰ আছিল বুলি দৃঢ়ভাৱে কোৱা কথাটোক গুৰুত্ব দি লগতে Assamese Its Formation and Development ত উল্লেখিত – চতুৰ্দশ শতিকাৰ অসমত মাধৱ কন্দলীৰ ভাষা হয় পশ্চিম, নহয় মধ্য অসমৰ হোৱা বুলি ভবাটো অতি যুক্তিযুক্ত কথা। এনেদৰে ভাষাতাত্ত্বিক দৃষ্টিৰে পোৱা সময়ৰ ধাৰণাটোৱেই কন্দলীৰ কাব্য চৰ্চাৰ ইতিহাসৰ ক্ষেত্ৰত পোৱা এট দৃঢ় খোপনি।
অসমৰ জনসমাজত প্ৰচলিত কথ্যভাষাক কাব্য ভাষা হিচাপে প্ৰতিষ্ঠা কৰাত মাধৱ কন্দলীৰ কৃতিত্ব অতুলনীয়। কবিৰ অতুলনীয় কাব্যিক প্ৰতিভাৰ পৰিচয় ৰামায়ণৰ পাতে পাতে পোৱা যায়। কন্দলীৰ কাব্য প্ৰতিভাৰ আলোচনা বেলেগকৈ কৰাৰ প্ৰয়োজনেই নাই কাৰণ অসমীয়া জাতীয় জীৱনৰ অন্যতম পুৰোধা ব্যক্তি তথা সাহিত্য জগতখনো যাক বাদ দি সম্পূৰ্ণ নহয়, সেইজনা ব্যক্তি মহাপুৰুষ শংকৰদেৱে কন্দলীৰ কাব্য প্ৰতিভাক স্বীকৃতি দিছে এইদৰে –
    পূৰ্বকবি অপ্ৰমাদী মাধৱ কন্দলী আদি
       বিৰচিলা পদে ৰাম কথা।
    হস্তীৰ দেখিয়া লাদ    শশা যেন ফাৰে মাৰ্গ
       মোৰ ভৈল তেহ্নয় অৱস্থা।।
কন্দলীৰ কাব্য প্ৰতিভাৰ ৰহণ চৰিত্ৰ চিত্ৰণ, প্ৰকৃতি বৰ্ণন, নগৰৰ বৰ্ণনা, স্থানীয় ৰহণ, অলংকাৰ, ৰস, শব্দ প্ৰয়োগ, চৰিত্ৰৰ মুখৰ ভাষা আদিৰ মাজেদি বিয়পি পৰিছে। কবিৰ দক্ষ হাতৰ পৰশত প্ৰতিটো চৰিত্ৰই – লাগে সেয়া ৰামেই হওক বা হনুমানেই হওক, সীতা, কৈকেয়ী, কুঁজী আদি সকলো কবিৰ লোক ব্যৱহাৰে আদৰ্শৰে প্ৰাণ পাই উঠিছে। মূল ৰাম চৰিত্ৰটোক আদৰ্শবান ৰূপত দেখুৱাবলৈ গৈ কন্দলীয়ে ৰামক দেৱত্বৰ শাৰীত থোৱা নাই, লগতে অন্যান্য চৰিত্ৰসমূহকো লোক সমাজৰ চিনাকী একো একোটা চৰিত্ৰ হিচাপে উপস্থাপন কৰিছে। এই চৰিত্ৰসমূহৰ মুখত ব্যৱহৃত লোক সমাজৰ ভাষা প্ৰয়োগে তেওলোকক আমাৰ একান্তই আপোন কৰি পেলাইছে আৰু ইয়ে কন্দলীৰ কাব্য প্ৰতিভাৰ চানেকী ধৰিবলৈ যথেষ্ট।
কন্দলীৰ কাব্য প্ৰতিভাৰ পৰিচয়ৰ স্বকীয়ত্ব লুকাই আছে চৰিত্ৰৰ মনোভাৱ প্ৰকাশত তেওৰ দক্ষতাৰ ক্ষেত্ৰত। সীতাৰ মনোভাৱৰ বৰ্ণনাত –
    কমন অঙ্গত মোক হীন দেখিলাহা।
    কি কাৰণে প্ৰভূ মোক উপেশিয়া যাহা।।
এনেদৰে চৰিত্ৰৰ মনোভাৱ প্ৰকাশক বৰ্ণনাৰ মাজেদি কবিয়ে উপযুক্ত শব্দ সম্ভাৰৰ বিপুল প্ৰয়োগ কৰিছে। ঘৰুৱা চুটি চুটি বাক্যই ব্যক্ত প্ৰসংগক ৰমণীয় কৰিছে এইদৰে –
    শুষিনী নাগিনী নিকৰুণী সংহাৰিনী।
    নিৰ্দয়িনী ৰাক্ষসনী বাঘিনী দাৰুনী।।
 ঘৰুৱা প্ৰকাশভংগীৰ কাৰণে ফকৰা-যোজনা, পটন্তৰেৰে বৰ্ণনীয় বিষয় প্ৰভাৱশালী, প্ৰসাৰৰ লগত খাপ খুৱাই পৰিস্থিতি অনুসৰি আৰু বক্তা-শ্ৰোতাৰ স্তৰ অনুযায়ী লোক-ব্যৱহাৰৰ ভাষা প্ৰয়োগকে কন্দলীয়ে সুষম ৰূপত প্ৰয়োগ কৰিছে। বৃদ্ধৰ তৰুণী ভাৰ্যা, কৈকেয়ীৰ অষ্টমীৰ ছাগ আদিৰ লগতে তেখেতে ব্যৱহাৰ কৰা লোক ভাষাৰ উদাহৰণ হল –
    বুঢ়া শালিকাৰ যে চক্ষু ভ্ৰৱ কাঢ়া
এনেধৰণৰ প্ৰতিভাৰ বাবেই শংকৰদেৱে তেওক অপ্ৰমাদী আখ্যা দিছে। ড মহেশ্বৰ নেওগে – কন্দলীৰ লেখাত ৰাংঢালী প্ৰকৃতিৰ পৰিচয় পোৱা যায় বুলিছে।
পৰিস্থিতি জ্ঞাপক ভাৱব্যঞ্জনাৰ ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত কবিৰ প্ৰতিভাৰ পৰিচয় তলত স্পষ্ট –
ভাইৰ সন্তাপে ৰাম দশ গুণে চণ্ড।
শৰীৰ মাংসক কৰিলা খণ্ড বিখণ্ড।।
উপযুক্ত ধ্বনি বিন্যাসৰ দ্বাৰা ইয়াত ৰামৰ প্ৰচণ্ড ক্ৰোধ যিদৰে ব্যঞ্জিত হৈছে, সেইদৰে সুকুমাৰত্বও দেখা যায় –
    ৰাজহংস দেখা সীতা তোমাৰ গমন।
    চক্ৰবাক যুগল তোমাৰ দুই তন।।
প্ৰকৃতিৰ বৰ্ণনা, নগৰৰ বৰ্ণনা আদিৰ মাজেদিও আমি তেওৰ বহুমুখী প্ৰতিভাৰ পৰিচয় পাও –
    বসন্ত সময়ে কাম ৰজাৰ পয়ান।
    পুষ্পৰ ধনুত আৰোহিয়া পঞ্চবান।।
প্ৰিয়া আৰু প্ৰকৃতিকো একাকাৰ কৰি তুলিছে এইদৰে –
    জনকৰ জীউ দেখা নদী মন্দাকিনী।
    তোমাৰ সদৃশ সুশোভিত মধ্যক্ষিণী।।
অযোধ্যা নগৰীৰ বৰ্ণনাৰ লগতে ৰাৱণৰ লংকাপুৰীৰো অনুপম ৰূপৰ মনোমোহা বৰ্ণনাৰে পাঠকক মানসিক খোৰাকৰ যোগান ধৰিছে –
    হাসো হাসো কৰি অযোধ্যা সম্প্ৰতি।
    নৃত্য গীত বাদ্য যেন দেখি অম্ৰাৱতী।।
কন্দলীৰ কাব্য প্ৰতিভাৰ মৌলিকত্ব হল অনুবাদৰ মাজত উপযুক্ত ভাৱে দিয়া স্থানীয় ৰহণ। তেও ইয়াৰ মাজত সমসাময়িক অসমীয়া লোকসমাজক প্ৰতিফলিত কৰি এক সৌষ্ঠৱপূৰ্ণ স্বকীয়তা দান কৰিছে। অসমীয়া লোক-সমাজত বৃদ্ধলোকৰ উপদেশ মানি চলা হয় –
    মোহোৰ সমান বৃদ্ধ নাহি নিৰন্তৰ।
আমি কথা কও শুনা যুৱত কালৰ।।
চিত্ৰকূট বনৰ তথা স্বৰ্ণলংকাৰ চৰাই-চিৰিকতি, গছ-গছনিৰ মাজত কবিয়ে অসমৰ চৰাই-চিৰিকতিকে দেখিছে –
    সুৱৰ্ণৰ হংস লড়ু আলি চক্ৰবাক।
    সুৱৰ্ণৰ শৰালি উৰয় জাকে জাক।।
বিভিন্ন বিধ উপমা, ৰূপক, উৎপ্ৰেক্ষা আদি অলংকাৰৰ প্ৰয়োগৰ লগতে প্ৰায় সকলোবিধ ৰসৰ সোৱাদেই আমি কন্দলীৰ ৰামায়ণত পাও। অলংকাৰ প্ৰয়োগত কবি সিদ্ধহস্ত –
    দশৰথ সাগৰ তৰং নদী আই।
অলপতে শুখাই যাইবি জানিলোহো মই।।
এইদৰে স্বকীয় মৌলিকত্বৰে মাধৱ কন্দলীয়ে ৰামায়ণৰ অনুবাদেৰে অসমীয়া ভাষা-সাহিত্যক মহীয়ান কৰি তোলাৰ লগতে নিজকে এগৰাকী অসাধাৰণ প্ৰতিভাধৰ কবি হিচাপেও প্ৰতিষ্ঠা কৰি থৈ গল।
কবি কন্দলীৰ কাব্য প্ৰতিভাৰ বিচাৰত তেওৰ ভণিতাযুক্ত অন্যখন গ্ৰন্থ দেৱজিতৰ কথাও আলোচনা কৰাতো প্ৰয়োজন। দেৱজিতত কন্দলীৰ এনেদৰে ভণিতা আছে –
    মাধৱ কন্দলী ৰচিলন্ত ইটো পদ।
    তাকে শুনি এৰা সবে দুৰ্ঘোৰ আপদ।।
ৰামায়ণৰ তুলনাত ইয়াৰ কাব্যসুলভ গুণ নিম্ন মানৰ হোৱা হেতুকে ইয়াক কন্দলীৰ ৰচনা বুলি মানিবলৈ পণ্ডিতসকল সন্মত নহয়। তথাপি মাধৱ কন্দলীৰ ভণিতা থকালৈ চাই উপযুক্ত তথ্য নোহোৱাকৈ এটা সিদ্ধান্তলৈ অহাটো সমীচীন নহব।
দেৱজিত কাব্যত কৃষ্ণৰ বন্দনাকে মুখ্য কৰি কাহিনীভাগ পল্লৱিত ৰামায়ণৰ ৰাম চৰিত্ৰৰ নিচিনাকৈ। কাব্যখনত যুদ্ধৰ বৰ্ণনাৰ লগতে দ্বাৰকাৰ নিৰ্মাণ আৰু বৈভৱৰ বৰ্ণনা চকুত লগা –
    কৃষ্ণৰ নগৰ জলে হুয়া মহা জৌতি।
    সাখ্যাতে জলয় যেন ইন্দ্ৰ অম্ৰাৱতী।।
    সাগৰ মধ্যত কৃষ্ণ পাতিলন্ত গ্ৰাম।
    সেহিশে কাৰণে ভৈলা দ্বাৰকা জে নাম।।
এই কথা ঠিক যে দেৱজিত কাব্যৰ গুণগত মানদণ্ড ৰামায়ণৰ তুলনাত নিম্ন। কন্দলীৰ ৰামায়ণত থকা শব্দ চয়নৰ নিপুণতা, সাংগিতীক লয়, ছন্দ-অলমকাৰৰ প্ৰাঞ্জল প্ৰকাশতা আৰু ৰসৰ গভীৰ ব্যঞ্জনা দেৱজিত কাব্যত নাই। ফলস্বৰূপে ইয়াক লৈ প্ৰশ্ন উঠাটো স্বাভাৱিক।
মুঠতে মাধৱ কন্দলীৰ কবি পৰিচয় আৰু কাব্য প্ৰতিভাৰ এটি থূলমূল আভাস দাঙি ধৰাৰ চেষ্টাহে ইয়াত কৰা হল। ভৱিষ্যতে তেখেতৰ ৰামায়ণ আৰু দেৱজিত কাব্যৰ বিষয়ে অধিক গৱেষণাৰ জৰিয়তে আৰু ন ন দিশ উন্মোচিত হোৱাৰ যথেষ্ঠ থল আছে।

 ***********
গ্ৰন্থপঞ্জী
ফুকন, কবীন – অসমীয়া কবিতাৰ প্ৰৱাহ, ষ্টুডেন্টচ্ ষ্টৰচ্, গুৱাহাটী, প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ১৯৯৫
হাজৰিকা, বিশ্বেশ্বৰ (সম্পা.)- অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ২০০৩
ভট্টাচাৰ্য, বসন্ত কুমাৰ – মাধৱ কন্দলীৰ ৰামায়ণ (সুন্দৰাকাণ্ড) – এটি সমীক্ষা, কিতাপ ঘৰ, নলবাৰী, জানুৱাৰী, ২০০৩

Wednesday, 26 March 2014

অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে বাণীকান্ত কাকতিৰ মত...

৩৩. উপভাষীয়ভাৱে অসমীয়াক পূব অসমীয়া আৰু পশ্চিম অসমীয়া এই দুভাগত ভগাব পাৰি। আটাইতকৈ পূব সীমান্তৰ শদিয়াৰ পৰা গুৱাহাটীলৈকে ভাষাটোৱে কিছু পৰিমাণৰ একৰূপতা দেখুৱায় আৰু আহোম ৰজাসকলৰ ৰাজধানী শিৱসাগৰৰ কথিত উপভাষাৰ পৰা কাচিৎহে চকুত পৰা পাৰ্থক্য দাঙি ধৰে। আৰু সাহিত্যিক উদ্দেশ্যৰে সাধাৰণতে এই উপভাষাটোকে মান্য ভাষা বুলি মনা হয়।

৩৪. পশ্চিমৰ জিলা কামৰূপ আৰু গোৱালপাৰা এই দুখনত ইটোৰ পৰা সিটোৰ মাজত আৰু এইবোৰৰে সৈতে পূব অসমৰ মান্য কথ্যৰ মাজত তীব্ৰ পাৰ্থক্য থকা কেইবাটাও স্থানীয় উপভাষা আছে। গোৱালপাৰা জিলাৰ কথ্য উপভাষাটো - তেওলোকৰ বংশধৰসকলে গোৱালপাৰা আৰু কামৰূপৰ লগালগি এলেকাবোৰত শাসন কৰা কোচবিহাৰৰ ৰজাসকলৰ শাসন কালত বিকশিত হোৱা - ৰাজবংশী উপভাষাৰ সংমিশ্ৰণত অতিকৈ কলুষিত হোৱা যেন লাগে। পূবৰ শিৱসাগৰ জিলাৰ মান্য কথ্য আৰু পশ্চিমৰ গোৱালপাৰাত মিশ্ৰিত উপভাষাৰ মাজত কামৰূপৰ উপভাষাটো প্ৰচলিত হৈ আছে।

৩৫. কামপৰূপ জিলা এখন একৰূপী উপভাষীয় অঞ্চল নহয়। ইয়াৰ বিভিন্ন অঞ্চলত বিভিন্ন উপভাষা আছে।...কামৰূপৰ উপভাষাৰ মাজৰ পাৰ্থক্য বিন্দুবোৰ ঘাইকৈ ধ্বনিতাত্ত্বিক বিস্তৃতিৰ ভিতৰতে সীমিত, ৰূপতত্ত্ব আৰু শব্দসম্ভাৰৰ ক্ষেত্ৰলৈ কেতিয়াবাহে বিয়পিছে। আমহাতে, পূব আৰু পশ্চিম অসমীয়াৰ পাৰ্থক্যবোৰ ব্যাপক, আৰু ধ্বনিতত্ত্ব, ৰূপতত্ত্ব আৰু বিৰলভাৱে শব্দসম্ভাৰ, এই সকলো ক্ষেত্ৰলৈ ব্যাপ্ত হৈছে।

   *পৃষ্ঠা - ১৩

**অসমীয়া ভাষাৰ গঠন আৰু বিকাশ - ড০ বাণীকান্ত কাকতি (অসমীয়া অনুবাদ - বিশ্বেশ্বৰ হাজৰিকা), 
                            বীণা লাইব্ৰেৰী,  গুৱাহাটী, প্ৰথম পুনৰ মুদ্ৰন - ছেপ্টেম্বৰ ২০০২.

Monday, 24 March 2014

অসমলৈ নৃগোষ্ঠীয় প্ৰব্ৰজন – এক চমু আলোকপাত

তীতৰে পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চল মানৱ প্ৰব্ৰজনৰ এক সুগম পথ হিচাপে ব্যৱহৃত হৈ অহাৰ ফলত এই ভূমি খণ্ডত বিভিন্ন নৃগোষ্ঠীয় গোটৰ প্ৰবেশ ঘটিছিল। ইয়াৰ মাজেৰে বহু গোষ্ঠী এই অঞ্চল হৈ ভাৰতবৰ্ষ তথা বিশ্বৰ অন্য প্ৰান্তলৈ প্ৰব্ৰজন কৰিছিল। নৃতাত্ত্বিক গৱেষণাৰ জৰিয়তে এই গোষ্ঠীসমূহৰ কিছুমান উৎসৰ সন্ধান পোৱা গৈছে আৰু ইয়ে এই গোষ্ঠীসমূহৰ উত্তৰ-পূৰ্বাঞ্চল তথা অসমত প্ৰবেশৰ সত্যতাকে দাঙি ধৰে। ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত .....অক্ষাংশ আৰু ....দ্ৰাঘিমাংশত অৱস্থিত এই ভূখণ্ডলৈ পূবফালৰ প্ৰশান্ত মহাসাগৰীয় নৃগোষ্ঠী, পশ্চিমফালৰ ভূমধ্য সাগৰীয় নৃগোষ্ঠীসমূহৰ উপৰিও ভাৰতবৰ্ষৰ মূল ভূখণ্ড আৰু দক্ষিণ-পূব এছিয়াৰ মূল ভূখণ্ড তথা উত্তৰৰ বিভিন্ন অঞ্চলৰ পৰা মানুহৰ সোঁত বৈ আছে। বৰ্তমান সময়ত বিশ্ববিশ্ৰুত নৃতাত্ত্বিকসকলে তেওলোকৰ গভীৰ অধ্যয়নৰ যোগেদি এটা খবৰ দিব পাৰিছে যে আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ শ্লং বা আজি যাক শ্বিলং বুলি কোৱা হয়, উত্তৰ কাছাৰ জিলাৰ কোৰ্বাককুট বা গুমাইগুজু, গুইলং বা হাফলং অঞ্চল, তদুপৰি প্ৰচাদান্তিক লাইচং আদি অঞ্চলত সু-প্ৰাচীল কালৰে পৰা গুহা মানৱে বসবাস কৰিছিল। সেয়ে হয়তো পৰৱৰ্তীকালত আমাৰ আৰ্য সাহিত্যত আৰ্য ভাষাত যি ধৰ্ম পুথি ৰচনা হৈছিল, তাতে আমাৰ অঞ্চলৰ ৰাইজক কিৰাটবাসী বা কিৰান্তিক বুলি কোৱা হৈছিল। এই কিৰান্তিক শব্দয়ো গুহাবাসী কথাটোকে সূচায়। এনে এক পৰিৱেশ-পৰিস্থিতিতে আমাৰ অঞ্চলত ১.১৬ মিলিয়ন বছৰৰ পূৰ্বে জনবসতি আৰম্ভ হৈছিল বুলি নৃতাত্ত্বিকসকলে ঠাৱৰ কৰিছে। (ফুকন,২০০৯, পৃ.২০) যদিও এই গুহামানৱসকলৰ বসবাসক আমি পূৰ্ণ মানৱৰ বসবাস বুলি কব নোৱাৰো তথাপি শ্বিলংৰ লাইটকৰ বা নাগালেণ্ডৰ লাংটক অঞ্চলত আৱাহমান কালৰে পৰা বসবাস কৰা মানুহৰ চিত্ৰলিপি, তেওলোকে এৰি থৈ যোৱা নৃতাত্ত্বিক আৰু মানৱ সম্পৰ্কীয় সা-সজুলি তথা অন্যান্য উপাদানসমূহৰ অধ্যয়ন পৰা উত্তৰ-পূব ভাৰত ১.২ মিলিয়ন বছৰৰ পূৰ্বৰে পৰা মানুহৰ বসতিৰ উপযোগী বুলি প্ৰমাণিত হৈছে। গোদাবৰী উপত্যকাৰ হ চেপিয়েন্সসকল বা চোটনাগপুৰৰ হ চেপিয়েন্সসকল, পিকিং মানৱ হ চেপিয়েন্স বা জাভা, সুমাত্ৰা, বৰ্ণিঅঅঞ্চলৰ হ চেপিয়েন্সসকলৰ লগত উত্তৰ-পূব ভাৰতৰ এক গভীৰ সম্পৰ্ক প্ৰাচীন কালৰে পৰা চলি অহা বুলি নৃতাত্ত্বিকসকলে নিশ্চিত কৰিছে। এইদৰে প্ৰাচীন গুহা মানৱৰ পৰা ক্ৰমে সময়ৰ গতিত পৰৱৰ্তী কালত ভিন ভিন জনগোষ্ঠীসমূহে এই ভূ-খণ্ডত প্ৰৱেশ কৰে। কোনোটো জনগোষ্ঠীয়ে এই ভূমিখণ্ডকে খামুচি ধৰিছে যদিও কোনোবাটোৱে আকৌ ভাৰতবৰ্ষ তথা পৃথিৱীৰ অন্য প্ৰান্তলৈ প্ৰব্ৰজন কৰিছে, আনহাতে কোনোবাটো জনগোষ্ঠী এই ভূ-খণ্ডতে বৃহৎ জনগোষ্ঠীৰ কবলত পৰি অস্তিত্বহীন হৈ পৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ নৃতাত্ত্বিক সমলৰ বিষয়ে অধ্যয়ন কৰা নৃতত্ত্ববিদ ৰিচলে, হাটন, ডেলটন, হান্টাৰ, ইনলে আদিৰ মতে উত্তৰ-পূৰ্বাঞ্চলত অতি কমেও ১১৫টা জনগোষ্ঠীয়ে প্ৰাচীন কালৰে পৰা বসবাস কৰি আহিছে। খ্ৰীষ্টপূৰ্ব তিনি-চাৰি হাজাৰ বছৰৰ পূৰ্বেই উত্তৰ-পূৰ্বাঞ্চলত প্ৰবেশ কৰা এই জনগোষ্ঠীসমূহ হল মূলতঃ মংগোলীয়, ফিলিপাইনিক জাভা মূলৰ, অষ্ট্ৰলয়দ বা অষ্ট্ৰ এছিয়াটিক বা কেতিয়াবা পশ্চিমৰ দুৱাৰেদি প্ৰবেশ কৰা জাতি ভেদ্দিত (ভেদ্দা)আৰু এই ভেদ্দিত জাতিয়েই নহয়, আলপাইন আৰ্যসকল অহাৰ পূৰ্বেও আমাৰ এই ভূখণ্ডলৈ আৰ্যৰ আৰু এটা সোঁত প্ৰবাহিত হৈছিল। এইধৰণে প্ৰবেশ কৰা বা প্ৰব্ৰজন কৰা এই জাতি-জনগোষ্ঠী তথা নৃগোষ্ঠীসমূহৰ সংমিশ্ৰণত এই ভূ-খণ্ড এক মিলনভূমি হৈ পৰিছিল। সেইবাবে প্ৰাচীন কালৰ মানৱ প্ৰব্ৰজনৰ নৃতাত্ত্বিক অধ্যয়ন কৰা নৃতত্ত্ববিদসকলে কৈছে অসম সদায়েই পশ্চিমৰ আৰু পূবৰ তদুপৰি উত্তৰ-দক্ষিণৰ কৰিডৰ হিচাপে বিবেচিত হৈ আহিছে আৰু লৌহিত্য(ব্ৰহ্মপুত্ৰ) নদীখনেই সেই মানৱ প্ৰৱাহৰ ধাৰক আৰু বাহক হৈ আহিছে। (ফুকন,২০০৯, পৃ.২১)

বিভিন্নজন নৃতাত্ত্বিকে ভাৰতীয় মানুহৰ মাজত প্ৰজাতীয় উপাদানৰ বিশ্লেষণত মানৱগোষ্ঠীৰ মাজত পোৱা চাৰিওটা মুখ্য প্ৰজাতি ক্ৰমে –ককেছীয়, মংগোলীয়, নিগ্ৰো আৰু অষ্ট্ৰেলীয়ৰ উপাদানৰ উপস্থিতি দেখা পাইছে। কোনো কোনো নৃতাত্ত্বিকে অষ্ট্ৰেলীয়ক বেলেগ প্ৰজাতি নুবুলি প্ৰত্ন-ককেছীয় নাম দি ককেছীয়ৰে এটা ভাগ বুলি কব খোজে। আনহাতে অসমৰ পটভূমিত আমি মংগোলীয়, ককেছীয় আৰু অষ্ট্ৰেলীয় প্ৰজাতীয় উপাদানহে দেখা পাও। বুভিন্নজন নৃতাত্ত্বিকৰ ভিতৰত নৃতাত্ত্বিক হেডনে তেখেতৰ পূৰ্বৱৰ্তী নৃতাত্ত্বিক ৱাডেল, ব্ৰাউন, কেম্প, হাটন আৰু ডিক্সনে সংগ্ৰহ কৰা সমলসমূহৰ বিশ্লেষণেৰে অসমৰ মানুহৰ মাজত নিম্নলিখিত প্ৰজাতি কেইটাৰ উপস্থিতিৰ বিষয়ে সুকীয়াকৈ উল্লেখ কৰিছে – 

ক. দীৰ্ঘমস্তকী প্ৰশস্তনাসিকী (প্ৰাক্ - দ্ৰাবিড়) – এইটো অতি প্ৰাচীন উপাদান। খাছীয়া, কুকী, কছাৰী, মণিপুৰী আদি লোকৰ মাজত এইটো উপাদানৰ প্ৰাধান্য বেছি। নগাৰ মাজত কম।
খ. দীৰ্ঘমস্তকী মধ্যনাসিকী (নেছীয়ট) – নগা আৰু অন্যান্য পাহাৰী জনজাতিৰ মাজত ইয়াৰ প্ৰাবল্য পৰিলক্ষিত হয়।
গ. মধ্যমস্তকী প্ৰশস্তনাসিকী – খাছীয়াসকলৰ মাজত এই উপাদান দেখা যায়। এনেঘৰণৰ উপাদান চোটনাগপুৰ, ব্ৰহ্মদেশ, চীন আদি ঠাইৰ মানুহৰ মাজতো আছে।
ঘ. মধ্যমস্তকী মধ্যনাসিকী – এই প্ৰকাৰটো ভাৰতৰ অন্য ঠাইটো দেখা যায়। বিশেষকৈ বংগদেশৰ কিছুমান জাতি, বিহাৰৰ কুৰ্মী, দোসাধ, লেপচা, মুৰ্মীৰ মাজতো এই উপাদান আছে।
ঙ. প্ৰশস্তমস্তকী দীৰ্ঘনাসিকী – এই উপাদানটো উত্তৰ দিশৰপৰা অহা। ইউৰেছিয়াটিক গোটৰ মানুহৰ লগত ইয়াৰ সম্বন্ধ আছে।
চ. প্ৰশস্তমস্তকী প্ৰশস্তনাসিকী – ইয়াক পেৰিওৱান প্ৰৰকাৰ বুলি কব পাৰি। ইয়াৰ উৎস ব্ৰহ্মদেশ।
ছ. দীৰ্ঘমস্তকী দীৰ্ঘনাসিকী – ভাৰতৰ উত্তৰ পশ্চিম দিশৰপৰা এই উপাদানটো অসমৰ মানুহৰ মাজত প্ৰৱেশ ঘটিছে।

অৱশ্যে হাটন, মিলছ, গুহ, ডিক্সন, সুনীতি কুমাৰ চেটাৰ্জী আদিয়ে অসমৰ কোনো কোনো পাহাৰীয়া জনগোষ্ঠীৰ মাজত নিগ্ৰোসকলৰ প্ৰভাৱৰ কথা কৈছে যদিও অলিভিয়েৰ, সুৰী, ভুবন মোহন দাস আদি নৃতাত্ত্বিকে জৈৱিক চৰিত্ৰৰ বিশ্লেষণেৰে এই কথা নুই কৰিছে। নৃতাত্ত্বিক ভুবন মোহন দাসে উল্লেখ কৰিছে যে ডিক্সনে নিগ্ৰ প্ৰকাৰকে অসমৰ আদিম অধিবাসী বুলি কৈছে যদিও ধাৰণা হয় তেও নিগ্ৰ আৰু প্ৰায়-অষ্ট্ৰেলীয়ৰ মাজত থকা প্ৰভেদ ভালদৰে অনুধাৱন কৰিব পৰা নাছিল।(দাস, ২০০৩, পৃ. ৩১) সেয়েহে আমি কব পাৰো যে অতীজৰে পৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া মূলতঃ ককেছীয়, মংগোলীয় আৰু অষ্ট্ৰেলীয় – এই তিনিটা প্ৰজাতিৰ সংমিশ্ৰণতে হৈ আছে, যি প্ৰক্ৰিয়া বৰ্তমানেও অব্যাহত আছেএই প্ৰজাতীয় উপাদানসমূহ অসমৰ মানুহৰ মাজত প্ৰবেশ কৰাৰ কাৰণ, সময় আদিৰ আলোচনাৰ আগতে প্ৰথমে আমি এই নৃগোষ্ঠীসমূহৰ প্ৰব্ৰজনৰ পথবোৰৰ বিষয়ৰ আলোচনালৈ আগবাঢ়ো।

প্ৰাকৃতিকভাৱে অতি বৈচিত্ৰ্যপূৰ্ণ পৰিৱেশত অৱস্থিত অসম নামৰ এই ভূ-খণ্ডলৈ পুৰণি কালৰেপৰা বিভিন্ন দিশৰপৰা প্ৰব্ৰজন হৈ আছে – সেয়া লাগিলে সীমামূৰীয়া গিৰিপথবোৰেও হওক বা ব্ৰহ্মপুত্ৰ-গংগা উপত্যকাৰ প্ৰশস্ত পথ বা এসময়ৰ সাগৰীয় পথেই নহওক কিয়উত্তৰ-পূব দিশত থকা পাটকাই পৰ্বতৰ মাজৰ গিৰিপথবোৰেৰে টাই-ভাষী মংগোলীয় লোকসকলে প্ৰবেশ কৰিছিল বুলি আমি ইতিহাসৰ বিভিন্ন স্থানত পাও বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ভাষা পৰিয়াল চীন-তিব্বতীয়ৰ অন্তৰ্গত অসমত বাস কৰা মংগোলীয় লোকসকলক ভাষাৰ ভিত্তিত আমি তিব্বত-বৰ্মীভাষী আৰু শ্যাম-চীনীয় বা টাই-ভাষী এই দুটা প্ৰধান ভাগত ভগাব পাৰো। তিব্বত-বৰ্মীভাষী লোকসকলৰ আদি বাসস্থান আছিল চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ ইয়াংচিকিয়াং আৰু হোৱাংহো নদীৰ উজনিভাগ। তেওলোকৰ এটা দলে এসময়ত দক্ষিণলৈ গতি কৰি ম্যানমাৰৰ উত্তৰ-পূব অঞ্চলত উপস্থিত হৈ তাতে দুটা ভাগত ভাগ হয়। তাৰে এটা ভাগে দক্ষিণলৈ গৈ থাকি দক্ষিণ-পূব এছিয়াত উপনীত হয়। যাত্ৰা পথত কোনো কোনোৱে দিশ পৰিৱৰ্তন কৰি পশ্চিমলৈ খোজ লৈ উত্তৰ-পূব ভাৰতত প্ৰৱেশ কৰে। বিভিন্নজনৰ মতে এওলোকেই উত্তৰ-পূৰ্বাঞ্চলৰ নগা, কুকি, মিজো আদি জনসমষ্টিৰ পূৰ্বপুৰুষ বা আদি পুৰুষ আছিল। আনটো ভাগে হিমালয়ৰ পাদদেশেৰে পশ্চিমলৈ গতি কৰি নেপাল, ভূটান, তিব্বত আদি আঞ্চলত বাস কৰিবলৈ লয়। ইতিমধ্যে তিব্বত, নেপাল, ভূটান আদিত বিস্তাৰিত হৈ পৰা এই ভাগটোৰ পৰাও কোনো কোনো অংশৰ আকৌ অসমলৈ প্ৰব্ৰজন ঘটিছিল। তাৰ পৰা দক্ষিণ দিশলৈ প্ৰব্ৰজন কৰি তেওলোকে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু তাৰ আশে পাশে থকা পাহাৰবোৰত থিতাপি লয়। কিছুমানে আকৌ দক্ষিণফালে আৰু বেছি দূৰলৈ গৈ বৰাক উপত্যকা, ত্ৰিপুৰা আদিত বাস কৰিবলৈ লয়। ভুবন মোহন দাসে তৃতীয় সৰু দল এটাৰ অসমত প্ৰৱেশৰ সম্ভাৱনাৰ কথা কৈছে –এই তৃতীয় দলটোৰ অসমলৈ আগমন হয় উত্তৰ-পূব কোণেৰে ব্ৰহ্মপুত্ৰ নদীৰ গতিপথেৰে। (দাস, ২০০৩, পৃ.৬৯) উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য বিভিন্ন জনসমষ্টিৰ মাজত প্ৰচলিত কিম্বদন্তীৰ দৰে গাৰোসকলৰ মাজত প্ৰচলিত কিম্বদন্তীয়েও তেওলোকৰ আদি বাসস্থান তিব্বত বুলিয়েই সাক্ষ্য দিয়ে। অন্য কিছুমান জনসমষ্টিৰ মাজতো অনুৰূপ কিম্বদন্তীৰ প্ৰচলন আছে, যাৰপৰা কব পাৰি যে উত্তৰ দিশত থকা গিৰিপথবোৰেৰে বিভিন্ন সময়ত নানাবিধ মংগোলীয় লোকে চামে চামে অসমলৈ আহে। (অসম সাহিত্য সভা, ১৯৯৬, পৃ.১৯) এইদৰেই এই মংগোলীয় লোকসকল বিভিন্ন সময়ত বিভিন্ন পথেৰে উত্তৰ-পূব ভাৰতলৈ আহি নানান ঠাইত সিঁচৰতি হৈ পৰিছিল। সুনীতি কুমাৰ চেটাৰ্জীয়ে উল্লেখ কৰা মতে সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ১০০০ বছৰৰ আগতে প্ৰাচীন তিব্বত-বৰ্মীভাষী লোক হিমালয়ৰ দক্ষিণ পাদদেশৰ পৰা অসম অথবা তিব্বতৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে। কিন্তু এওলোকৰ অসমলৈ বা ভাৰতবৰ্ষলৈ অহাৰ সঠিক সময় নিৰ্ধাৰণ কৰিবলৈ আজিকোপতি উপযুক্ত ঐতিহাসিক প্ৰমাণৰ অভাৱ। যজুৰ্বেদ আৰু অথৰ্ববেদত কিৰাতৰ উল্লেখ থকাটোৱেই তিব্বত-বৰ্মী মংগোলীয় লোকসকলে প্ৰাক-বৈদিক কালতে এই ভূ-খণ্ডৰে প্ৰব্ৰজন কৰাৰ প্ৰমাণ দিয়ে। কাৰণ বৈদিক আৰু সংস্কৃত সাহিত্যত মংগোলীয় গোষ্ঠীৰ লোকসকলক কিৰাত নামেৰে উল্লেখ কৰা হৈছে। এই কিৰাত নামটোৰ প্ৰথম উল্লেখ যজুৰ্বেদত পোৱা যায়। পুৰুষমেধ যজ্ঞ সম্পাদনৰ বাবে প্ৰয়োজনীয় সম্ভাৰৰ তালিকাত গুহাৰ বাবে বাবে গুহাবাসী কিৰাত শব্দটোও আছে। আনহাতে মহাভাৰতৰ বিভিন্ন ঘটনা, খ্ৰীষ্টীয় দশম শতিকাত ৰচিত কালিকা-পুৰাণৰ বৰ্ণনা, যজুৰ্বেদ, অথৰ্ববেদ, বিষ্ণুপুৰাণ, মাৰ্কণ্ডেয় পুৰাণ তথা হৰিবংশত থকা কিৰাতৰ বিভিন্ন উল্লেখ পৰা কিৰাতসকল মংগোলীয় গোষ্ঠীৰ বুলি আমি নিশ্চিত হোৱাৰ লগতে অতি প্ৰাচীন কালৰে পৰা তেওলোকে ভাৰতবৰ্ষৰ উত্তৰ আৰু উত্তৰ-পূৰ্বাঞ্চল তথা প্ৰাগজ্যোতিষ বা কামৰূপত বসবাসৰ কৰা বুলি আমি কব পাৰো। অৰ্থাৎ প্ৰাক-বৈদিক কালৰেপৰা তিব্বত-বৰ্মীভাষী মংগোলীয় লোকসকলে অসমত বসবাস কৰি আছে। নবীন চন্দ্ৰ শৰ্মাই উল্লেখ কৰিছে যে চীন-তিব্বত ভাষা-ভাষী যিসকল মংগোলীয় গোষ্ঠীৰ লোক ভাৰতবৰ্ষলৈ প্ৰব্ৰজিত হৈ ভাৰতীয় সংস্কৃতিৰ স্ৰোতধাৰাত মিলি গৈছিল তেওলোকেই কিৰাত আৰু এই কিৰাত পদৰ পৰিসৰে ভাৰতবৰ্ষত স্থায়ীভাবে বাস কৰা মংগোলীয় গোষ্ঠীৰ বিভিন্ন গোষ্ঠী আৰু ঠাল-ঠেঙুলিক সামৰে।(শৰ্মা, ২০০৩, পৃ. ২৮) সুনীতি কুমাৰ চেটাৰ্জীৰ মতে ভাৰতবৰ্ষলৈ প্ৰব্ৰজিত হোৱা এই মংগোলীয় লোকসকলক আৰ্য ভাষা-ভাষীসকলেই কিৰাত নাম দিছিল। আনহাতে বিভিন্নজন ভাৰতীয় পণ্ডিতৰ মতে আকৌ সংস্কৃত কিৰাত পদটোৱে উত্তৰ-পূব ভাৰতৰ বিভিন্ন পৰ্বত-পাহাৰত বাস কৰা অনা-আৰ্যলোকসকলক সূচায়। এওলোক কিন্তু মংগোলীয় গোষ্ঠীসম্ভূত। 

অসমত বাস কৰা মংগোলীয়ৰ আনটো ভাগ শ্যাম-চীনীয় বা টাই-ভাষীলোকসকল ইতিহাসে ঢুকি পোৱা কালতহে অসমলৈ আহে। টাই-ভাষী বুলি কলেই প্ৰথমে আমাৰ মনলৈ আহোমসকলৰ কথাই আহে যদিও তেওলোকৰ অন্যান্য জনগোটৰ বসবাসো অসমত দৃষ্টিগোচৰ হয়। উত্তৰ ম্যানমাৰৰপৰা উত্তৰ-পূব কোণত থকা পথেৰে পাটকাই পৰ্বত অতিক্ৰমি আহোমসকলে ১২২৮ খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত অসমত প্ৰৱেশ কৰে। আহোমসকলৰ অসমত প্ৰৱেশৰ পিছৰেপৰা অসমৰ ৰাজনৈতিক, সাংস্কৃতিক তথা সামগ্ৰিক জীৱনচৰ্যাত এক নতুন বিপ্লৱৰ সূচনা হয়। এই বিপ্লৱ পিছে ৰাজ্যখনৰ উন্নয়ন তথা হিতৰ বাবেহে সূচনা হৈছিল। আহোমসকলে ইয়াত উপস্থিত হৈয়ে উজনি অসমত ৰাজ্য স্থাপন কৰি ক্ৰমে পশ্চিমলৈ ৰাজ্য বিস্তাৰ কৰে। তেওলোকে স্থানীয় লোকৰ লগত বৈবাহিক সম্বন্ধ স্থাপনেৰে নিজৰ দূৰদৰ্শিতাৰ পৰিচয় দিয়াৰ লগতে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেয়েহে অসমীয়াৰ নৃ-বৈজ্ঞানিক পৰিচয়ৰ বিচাৰ আহোমসকলক বাদ কল্পনাই কৰিব নোৱাৰি। টাই-ভাষী অন্যান্য জনসমষ্টিৰ ভিতৰত আমি উজনি অসম তথা অৰুণাচলৰ বিভিন্ন স্থানত বসবাস কৰা আইটন, টাই ফাকে বা ফাকিয়াল, খাময়াং, খামতি, টুৰুং, দোৱনীয়া আদিৰ কথা উল্লেখ কৰিব পাৰো। এওলোকেও বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সদায় এক লেখত লবলগীয়া ভূমিকা পালন কৰি আহিছে।

সেইদৰে দক্ষিণ-পূবৰ গিৰিপথবোৰে ব্ৰহ্মদেশ আৰু দক্ষিণ-পূব এছিয়াৰ লগত অসমক সংযোগ কৰিছে। আকৌ পশ্চিমে ব্ৰহ্মপুত্ৰ আৰু গংগা উপত্যকাৰ প্ৰশস্ত পথেৰে ককেছীয় লোকসকলে সময়ে সময়ে অসমত প্ৰবেশ কৰি আহিছে। উত্তৰ দিশত পশ্চিম কোণেৰে তিব্বত, নেপাল আৰু ভূটানৰপৰা থকা গিৰিপথবোৰেৰেও একপ্ৰকাৰ মংগোলীয় লোক অসমলৈ আহিছিল। আনহাতে মহাভাৰতত উল্লিখিত সাগৰৰ পাৰলৈকে বিস্তৃত প্ৰাগজ্যোতিষপুৰৰ সীমান্তৱৰ্তী সাগৰীয় পথেদিও বিভিন্ন সময়ত বিভিন্নলোকে অসমত প্ৰবেশ কৰি স্থায়ীভাৱে বসবাস কৰাৰ  উপৰিও আন এচামে অসমৰ মাজেৰে বিশ্বৰ বিভিন্ন প্ৰান্ত লৈ পাৰ হৈ যোৱাৰ কথাও আমি কব পাৰো
 
অসমৰ চাহ বাগানত কাম কৰিবলৈ বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আদি ৰাজ্যৰপৰা অহা বহুতো কৰ্মী অষ্ট্ৰেলীয় প্ৰজাতিৰ লোক। এওলোক আধুনিক যুগত অহা যদিও অসমীয়া মানুহৰ মাজত এওলোকৰ পৰাও অষ্ট্ৰেলীয় প্ৰজাতীয় উপাদান প্ৰৱেশ কৰাৰ সম্ভাৱনা নথকা নহয়।  সাম্প্ৰতিক কালত অসমত কোনো অষ্ট্ৰেলীয় জনসমষ্টি নাই বুলি কোৱা হৈছে যদিও চাহ বাগিচাৰ কেতবোৰ জনসমষ্টি অষ্ট্ৰেলীয় প্ৰজাতিৰ ভিতৰত পৰে।(দাস,২০০৩, পৃ.৪২) কোনো কোনো পণ্ডিতে উল্লেখ কৰা অষ্ট্ৰিক ভাষা আৰু অষ্ট্ৰেলীয় প্ৰজাতিৰ মাজত থকা সম্বন্ধলৈ লক্ষ্য ৰাখি আমি মেঘালয়ৰ খাছীয়াসকলৰ কথা উনুকিয়াব পাৰো। অষ্ট্ৰিক ভাষা কোৱা খাছীয়াসকলৰ মাজত মংগোলীয় জৈৱিক লক্ষণ স্পষ্ট ৰূপত বিদ্যমান। চাৰিওফালে তিব্বত-বৰ্মী ভাষী মংগোলীয়সকলৰদ্বাৰা পৰিৱেষ্টিত হৈও তেওলোকে নিজৰ মাজত অষ্ট্ৰিক ভাষা জীয়াই ৰখাতো সচাই মন কৰিবলগীয়া বৈশিষ্ট্যশাৰীৰিক লক্ষণত আকৌ খাছীয়া আৰু তিব্বত-বৰ্মীভাষী লোকসকলৰ মাজত যথেষ্ট সাদৃশ্য পৰিলক্ষিত হয়। ইয়াৰ ব্যাখ্যা সুনীতি কুমাৰ চেটাৰ্জীয়ে এইদৰে দিছে – মংগলীয় খাছীয়া লোকসকল উত্তৰ-পূব কোণেৰে অসমত প্ৰৱেশ কৰে। তেওলোকৰ আগমনৰ পূৰ্বে এই ঠাইত অষ্ট্ৰেলীয় লোক বাস কৰিছিল। অষ্ট্ৰেলীয় লোকৰ ভাষা আছিল অষ্ট্ৰিক। খাছীয়াসকলে ইয়ালৈ আহি এই অষ্ট্ৰিক ভাষাকে গ্ৰহণ কৰিছিল। হয়তো এনেকোৱাও হব পাৰে অসমলৈ প্ৰব্ৰজনৰ পথত তেওলোকে ম্যানমাৰত (তেতিয়াৰ ব্ৰহ্মদেশত) অষ্ট্ৰিক ভাষা শিকিলে আৰু অসমলৈ আহি বড়ো ভাষা-ভাষীসকলৰ মাজত বস-বাস কৰিও নিজৰ ভাষাটো সংৰক্ষণ কৰি ৰাখিবলৈ সক্ষম হল। ভুবন মোহন দাসৰ মতে – খাছীয়াসকল দৰাচলতে অষ্ট্ৰেলীয়। তেওলোকৰ নিজৰ ভাষা অষ্ট্ৰিক। পিছত অহা মংগলীয় লোকৰ লগত তেওলোক এনেভাৱে সংমিশ্ৰিত হৈ গল যে তেওলোকে স্বকীয় অষ্ট্ৰেলীয় জৈৱিক বৈশিষ্ট্য হেৰুৱাই মংগলীয় প্ৰজাতীয় লক্ষণ ধাৰণ কৰিলে। কিন্তু ভাষাৰ পৰিৱৰ্তন নহল।পুৰণি অষ্ট্ৰিক ভাষা তেওলোকৰ মাতৃভাষা হৈ থাকিল।(দাস, ২০০৩, পৃ.৪৫) এইদৰে আন কিছুমান জনসমষ্টিৰ মাজতো অষ্ট্ৰেলীয় লক্ষণ দেখা যায়। উদাহৰণস্বৰূপে অৰুণাচলৰ ৱাঞ্চুসকলৰ মাজত অষ্ট্ৰো-এছীয় ভাষাৰ শব্দৰ ব্যৱহাৰ দেখা যায়

অষ্ট্ৰেলীয়সকলৰ পিছতে ভাৰতবৰ্ষলৈ ভূমধ্যসাগৰীয় লোকসকল আহে। এওলোক ককেছীয়ৰ এটা প্ৰকাৰ। তেওলোকৰ আদি বাসস্থান ভূমধ্য সাগৰ অঞ্চলৰ ক্ৰীট দ্বীপ, লিছিয় প্ৰভৃতি এছিয়া মাইনৰৰ দক্ষিণ বা দক্ষিণ-পশ্চিম অঞ্চলত আছিল বুলি অনুমান কৰা হয়। এটা সময়ত ভূমধ্যসাগৰীয় লোক তেওলোকৰ আদি বাসস্থানৰপৰা ভাৰতৰ মাজেৰে দক্ষিণ-পূব এছিয়ালৈ বিয়পি পৰিছিল বুলি মানি লোৱাৰ যুক্তি আছে। ভাৰতৰ বিভিন্ন ঠাইৰপৰা উদ্ধাৰ হোৱা নৰকংকালৰ অৱশেষবোৰেও একালত ভূমধ্যসাগৰীয় লোক প্ৰায় সমগ্ৰ ভাৰতবৰ্ষতে সিঁচৰতি হৈ থকাৰে সাক্ষী দিয়ে। বিভিন্নজন পণ্ডিতে হৰপ্পা আৰু মহেঞ্জোডাৰত উদ্ধাৰ হোৱা অৱশেষবোৰতো ভূমধ্যসাগৰীয় উপাদানৰ উপস্থিতি লক্ষ্য কৰিছে। নৃতাত্ত্বিক হেডনে নগালোকৰ মাজত নেছিয়ট নামৰ উপাদানৰ উপস্থিতি ধৰা পেলোৱালৈ চাই আৰু ইয়াৰ ভূমধ্যসাগৰীয়ৰ উপাদানৰ লগত থকা মিললৈ চাই অতি প্ৰাচীন কালতে অসমত এনে ভূমধ্যসাগৰীয় জৈৱিক উপাদানৰ প্ৰৱেশৰ সম্ভাৱনাক আনি নুই কৰিব নোৱাৰো। পৌৰাণিক কাহিনীৰ দৃষ্টিৰে লক্ষ্য কৰিলে আমি দেখা পাও যে প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰক বিদেহৰ ৰজাই তুলি-তালি ডাঙৰ-দীঘল কৰিছিল আৰু তেওৰ সহায়তে নৰকাসুৰে কিৰাতসকলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। নৰকাসুৰে ৰাজপাটত বহি বিদেহৰ ৰজাৰ কন্যা মায়াৰ পাণি গ্ৰহণ কৰে। বিদেহৰ ৰজাক ভূমধ্যসাগৰীয় বুলি ধৰা হয়। বিদেহৰ ৰাজ্যত সকলো নহলেও কিছু পৰিমাণে নিজৰ প্ৰজাতিৰ প্ৰজাৰ বসবাস স্বাভাৱিক কথা। আনকি নৰকাসুৰ নিজে ভূমধ্যসাগৰীয় লোকো হব পাৰে। সেয়েহে আমি কব পাৰো নৰকাসুৰৰ সময়ত উত্তৰ-পূব ভাৰতত ভূমধ্যসাগৰীয় লোকৰ বিস্তৃতি আছিল। কনকলাল বৰুৱাৰ মতে আকৌ প্ৰাগজ্যোতিষ পূৰ্বৰেপৰা ভূমধ্যসাগৰীয় ৰাজ্য আছিল। (Baruah,1936) ভূমধ্যসাগৰীয় লোকৰ আৱয়বিক চৰিত্ৰলৈ লক্ষ্য কৰিলেও আমি কোনো কোনো অসমীয়া জাতিগোটৰ মাজত ভূমধ্যসাগৰীয় লক্ষণ দেখা পাওঁ।

সুনীতি কুমাৰ চেটাৰ্জীৰ কিৰাত-জন-কীৰ্তি গ্ৰন্থত উল্লেখ থকা মতে অন্ততঃ খ্ৰীষ্ট পূৰ্ব ৭০০ বছৰৰ আগতে ইণ্ড-আৰ্য লোক বিহাৰত উপস্থিত হয়। তাৰপৰা তেওলোকে পূবলৈ প্ৰব্ৰজন আৰম্ভ কৰি অসমত উপনীত হয়। অসমলৈ কিন্তু তেওলোক একেলগে একেটা দলতে অহাৰ সলনি ভিন ভিন সময়ত বেলেগ বেলেগ দল হিচাপেহে প্ৰৱেশ কৰিছিল। কিন্তু তেওলোকে কোন সময়ত বা কোনখিনি সময়ৰ ভিতৰত অসমত প্ৰৱেশ কৰে সেয়া সঠিককৈ কবলৈ কোনো ঐতিহাসিক প্ৰমাণ আমাৰ হাতত নাই। কামৰূপৰ ৰজা ভাস্কৰবৰ্মাৰ সময়ৰ অৰ্থাৎ সপ্তম শতিকাৰ ডুবী আৰু নিদানপুৰ তাম্ৰলিপিৰপৰা সেই সময়ত এই ৰাজ্যত ইণ্ড-আৰ্য লোকে বাস কৰাৰ বিষয়ে জনা যায়। তেওৰ সময়তে কামৰূপলৈ অহা চীনা পৰিব্ৰাজক হিউৱেনচাঙৰ টোকাতো সেই সময়ত এই ৰাজ্যত ব্ৰাহ্মণ আৰু কায়স্থ লোকে বাস কৰাৰ উল্লেখ পোৱা যায়। আনহাতে পৌৰাণিক কাহিনীতো আমি শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ আৰু বাণৰ জীয়াৰী উষাৰ প্ৰণয় আৰু বিবাহ, শ্ৰীকৃষ্ণই কুণ্ডিল নগৰ অৰ্থাৎ শদিয়াৰপৰা ৰুক্মিণীক হৰণ কৰি নিয়া, তৃতীয় পাণ্ডৱ অৰ্জুনে মণিপুৰৰ ৰাজকন্যা চিত্ৰাংগদাৰ লগত বিবাহপাশত আৱদ্ধ হোৱা, ভীমে হিড়িম্বাক পত্নী ৰূপে গ্ৰহণ কৰা আদি উদাহৰণবোৰৰ মাজেৰে ইণ্ড-আৰ্যৰ লগত উত্তৰ-পূৰ্বাঞ্চল বা অসমৰ মানুহৰ সম্বন্ধ হোৱা দেখা পাও। এইদৰে বিভিন্ন প্ৰকাৰৰ ককেছীয় লোক একমাত্ৰ উত্তৰ-পশ্চিম দিশৰপৰাই ভাৰতবৰ্ষত প্ৰৱেশ কৰে আৰু তাৰে কিছুমান সময়ত পূব দিশলৈ গতি অগ্ৰসৰ হৈ শেষত অসমত সোমায়(দাস, ২০০৩, পৃ.৬২) এইক্ষেত্ৰত পণ্ডিতসকল একমত যদিও ব্যতিক্ৰম হিচাপে উত্তৰ-পূব দিশৰপৰাও ভাৰতলৈ ককেছীয়ৰ আগমনৰ সম্ভাৱনাৰ কথা কৈছে কীনে। তেওৰ মতে ককেছীয়ৰ আদিম বাসস্থানৰ এদল ককেছীয় লোকে মংগোলীয়াৰ মাজেৰে চীন দেশ আৰু জাপানলৈ প্ৰব্ৰজন কৰিছিল বুলি ভাবিবলৈ যুক্তিসংগত কাৰণ নথকা নহয়। সময়ত মংগোলীয় লোকৰ অভ্যুত্থান আৰু সম্প্ৰসাৰণৰ ফলত সেই ককেছীয়সকল প্ৰায় সম্পূৰ্ণৰূপে নিঃশেষ হৈ গল যদিও জাপানৰ আইনু নামৰ জনগোট এটাৰ মাজত ইয়াৰ অৱশেষ ৰৈ গল। এই ককেছীয়সকলৰে এটা সৰু গোটে দক্ষিণলৈ আগবাঢ়ি কালক্ৰমত উত্তৰ-পূব দিশেৰে অসমত প্ৰৱেশ কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰাচীন আলপাইন সকলেও এই পথেৰেই অসমত প্ৰৱেশ কৰা বুলি কোনো কোনোৱে কব খোজে। কনকলাল বৰুৱাৰ মতে আকৌ পূব ভাৰতলৈ বৈদিক আৰ্যৰ আগমন হোৱাৰ পূৰ্বেই আলপাইন প্ৰজাতিৰ লোকে ইয়াৰ সভ্যতা-সংস্কৃতি গঢ় দিয়াত আৰু বিকাশত প্ৰভূত অৰিহণা যোগাইছে। পিছত বৈদিক আৰ্যৰ আগমনৰ ফলত তেওলোকৰ সংস্কৃতিয়ে পূৰ্বৰ আলপাইনীয় সংস্কৃতি অস্পষ্ট কৰি পেলায়। পিছে নৃতাত্ত্বিক দৃষ্টিৰে অসমীয়া মানুহৰ মাজত আলপাইন-আৰ্মেনীয় প্ৰজাতিৰ জৈৱিক উপাদানৰ উপস্থিতিৰ কথা কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে।

সামৰণি –

উপৰোক্ত থূলমূল আলোচনাৰ পৰা আমি দেখা পাও যে ইতিহাসে ঢুকি নোপোৱা সময়ৰ পৰা ইতিহাসৰ পাতত লিপিবদ্ধ সময়লৈকে (আনকি এই ভূ-খণ্ডত মংগোলীয় প্ৰজাতিৰ আহোম সকলেই প্ৰথম বুৰঞ্জী লিখাৰ পৰম্পৰা আৰম্ভ কৰে) বিভিন্ন সময়ত ভিন ভিন পথেৰে নানান সৰু-বৰ গোটে এই ভূ-খণ্ডলৈ প্ৰব্ৰজন কৰিছিল, কোনোৱে আকৌ এই ভূ-খণ্ডৰ মাজেৰে বিশ্বৰ অন্য প্ৰান্তলৈও প্ৰব্ৰজন কৰিছিল – এৰি থৈ গৈছিল তেওলোকৰ জৈৱিক আৰু সাংস্কৃতিক উপাদান। এই ক্ষেত্ৰত ভিন ভিন নৃগোষ্ঠীয় লোকসকলে মূলতঃ নদী পথ, এসময়ৰ সীমান্তৱৰ্তী সাগৰীয় পথ তথা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক চৌদিশে আৱৰি থকা পাহাৰীয়া পথ বা গিৰিপথসমূহকে প্ৰব্ৰজনৰ পথ হিচাপে ব্যৱহাৰ কৰিছিল। উপযুক্ত ঐতিহাসিক প্ৰমাণৰ অভাৱত আমি ইতিহাসত লিপিবদ্ধখিনিৰ বাদে বাকীখিনি প্ৰব্ৰজনৰ বিষয়ে সৰ্বশেষ উত্তৰ দিবলৈ আজিকোপতি সক্ষম হোৱা নাই। কিন্তু এই প্ৰব্ৰজনসমূহে এই ভূ-খণ্ডৰ সভ্যতা-সংস্কৃতিক এক অনন্য গতি প্ৰদান কৰিছিল। ক্ৰমে ক্ৰমে গঢ়ি উঠিছিল এই বৈচিত্ৰ্যপূৰ্ণ ভূমি খণ্ডত নানান আলৈ-আহুকাল, বিদ্ৰোহ-বিপ্লৱৰ মাজতো এডাল একতাৰ অদৃশ্য এনাজৰী। কিন্তু আজি আমি উত্তৰ-আধুনিক পৃথিৱীৰ মানুহ হৈ যেন ছিঙি পেলাইছো একতাৰ সেই এনাজৰীডাল। আজি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চৌদিশ জ্বলি উঠিছে, সকলোতে বিদ্ৰোহ আৰু বিপ্লৱে নিতৌ কাঢ়ি নিছে প্ৰত্যেকৰে আত্মীয়ক। এইসমূহৰপৰা নিস্তাৰ পোৱাৰ কাৰণে বাৰু আমি নিজে কিবা কৰিছোনে...একতাৰ মন্ত্ৰ জানো দুনাই আমি আওৰাইছো!!

সহায়ক গ্ৰন্থপঞ্জী-

দাস, ভুবন মোহন – অসমীয়া মানুহৰ নৃবৈজ্ঞানিক পৰিচয়, অসম বিজ্ঞান সমিতি, গুৱাহাটী, প্ৰথম                 প্ৰকাশ – মে' ২০০৩
দাস, ভুবন মোহন – অসমীয়া জাতি-গঠন প্ৰক্ৰিয়া :এক নৃতাত্ত্বিক বিশ্লেষণ, অসমীয়া জাতি                             আৰু সংস্কৃতি, পৰমানন্দ ৰাজবংশী (সম্পাদক), অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়,                  গুৱাহাটী – ৯, প্ৰথম প্ৰকাশ – ২২ অক্টোবৰ ২০০৩
শৰ্মা, নবীন চন্দ্ৰ – কিৰাত সংস্কৃতি আৰু অসম, অসমীয়া জাতি আৰু সংস্কৃতি, পৰমানন্দ                                 ৰাজবংশী (সম্পাদক), অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, গুৱাহাটী – ৯, প্ৰথম প্ৰকাশ –             ২২ অক্টোবৰ, ২০০৩
বৰগোহাঞি, যতীন্দ্ৰ কুমাৰ, অসুৰ সভ্যতাৰ পৰা গোলকীয় দুস্কৃতিলৈ, অসম পাব্লিচিং কোম্পানী,                         গুৱাহাটী, প্ৰথম প্ৰকাশ – ২০১৩
অসম সাহিত্য সভা – অসমীয়া জাতিৰ ইতিবৃত্ত, অসম সাহিত্য সভাৰ হৈ বনলতা, ডিব্ৰুগড়, দ্বিতীয়                         প্ৰকাশ – অক্টোবৰ, ১৯৯৬
ফুকন, শৰৎ কুমাৰ – অসমৰ নৃগোষ্ঠীয় প্ৰবাহ (আদিস্তৰ), জনজাতি সৌৰভ, পেইম থি গোহাই (সম্পা.),
জনজাতি গৱেষণা বিভাগ, সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ, মাৰ্চ, ২০০৯
Barua, KL – Alpines in Eastern India, IC Vol. III, No. 1, 1936
***************